সমললৈ যাওক

নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/সিংহ আৰু শিয়ালৰ কথা

ৱিকিউৎসৰ পৰা

সিংহ আৰু শিয়ালৰ কথা।

 কোনো এখান বনত চণ্ডৰব নামে এটা শিয়াল বাস কৰিছিল। সি এক সময়ত ভোকত এখান নগৰত আহাৰ বিচাৰিবলৈ প্ৰবেশ কৰিলে। সেই নগৰৰ কুকুৰ বিলাকে তাক দেখি কামুৰিবলৈ ধৰিলে। শিয়ালে কামোৰত চেষ্টা নাপাই লৰমাৰি এটা ধোবাৰ ঘৰত সোমাল। তাতে এটা চৰুত নীলৰ পানী এচৰু আছিল। শিয়ালটে৷ তাতে পড়িল। তাৰ পৰা উঠিলত তাৰ গাটো নীলবৰণীয়া হৈ গল। পাছে কুকুৰ বিলাকে তাক দেখি শিয়াল হেন নাভাবি উভতি গুছি গল।

 চণ্ডৰবে সেই অবকাতো, অৰণ্যলৈ প্ৰস্থান কৰিলে। অৰণ্যৰ সিংহ বাঘ ইত্যাদি জন্তু বিলাকে তাক দেখি ভয়ত ব্যাকুল হৈ কবলৈ ধৰিলে; “এই অপূৰ্ব্ব জন্তুটী কৰ পৰা আহিল; এওঁৰ বল বুদ্ধি বা কেনে আমি জানিব পৰা নাই। এতেকে আমি পলেৱা উচিত।” এই বুলি এটাই বিলাক পলাবলৈ ধৰিলে। চণ্ডৰৰে সিহঁতক ভয় খোৱা দেখি কলে, “তোমাকে মোক দেখি পলাইছা; ভয় নাই। আজি ব্ৰহ্মাই মোক মাতি নি কৈছে যে পৃথিবীত পশু বিলাকক মাজত কোনো ৰজা নাই, এতেকে তোমাক আজিৰ পৰা মই সেই পশুবিলাকৰ ৰজা নিযুক্ত কৰিলোঁ, অতএব তুমি যোৱা পশু বিলাকক সুনিয়মে পালন কৰা গৈ। সেইএ মোৰ ইয়ালৈ অহাৰ কাৰণ। সেই কথা শুনি জন্তু বিলাকে আঠুলৈ তেওঁৰ চাৰিও ফালে বহিল।

 পাছে সেই শিয়াল ৰজাই সিংহক মন্ত্ৰী, বাঘক শস্যাধিকাৰ, ভালুকক তামুলী, হাতীক দুৱৰী, বান্দৰক ছত্ৰধাৰী প্ৰভৃতি পদ প্ৰদান কৰিলে। কিন্তু তাৰ স্বজাতীয় বিলাকৰ লগত আলাপ পৰ্য্যন্ত নকৰি সেই সভাৰ পৰা খেদাই দিয়ালে। এইরূপে শিয়ালে ৰাজ কাৰ্য্য কৰি আছে। সিংহাদি জন্তু বিলাকে তাৰ আহাৰৰ নিমিত্তে পহু মাৰি আনি সদাই তাৰ আগত দিয়েহি। সি ৰাজধৰ্ম্ম অনুসাৰে সকলোটীকে বাঁটি কুটি দি খায়।

 এই ৰূপে কিছু দিন অতীত হৈছে। এদিন ৰজা সভাত বহি আছে এনে সময়তে কিছু দূৰৈত শিয়াল বিলাকে কোলাহল কৰি উঠিল। সি সেই কোলাহল শুনি আনন্দত নিজেও সেই শব্দেৰে মাতি উঠিল। তাৰ সেই মাত শুনি সিংহাদি পশু বিলাকে শিয়াল বুলি জানিব পাৰি লাজত তললৈ মুখ কৰিলে। আৰু ইটোয়ে সিটোয়ে কবলৈ ধৰিলে, “এই ক্ষুদ্ৰ শিয়াল এটাই আমাক ইমান দিন চাকৰৰ নিচিনা কাম কৰাইছিল। অতএব ইয়াক বধ কৰা উচিত, এতেকে, ইয়াক মাৰোঁহঁক।" এই কথা শুনি শিয়াল পলাবলৈ উপক্ৰম কৰোঁতেই সিংহই তাক ডোখৰ ডোখৰ কৰি পেলালে।


জাতীয় স্বভাৱ গোপন কৰা বৰ টান।