সমললৈ যাওক

নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/সিংহ আৰু শহাৰ উপাখ্যান

ৱিকিউৎসৰ পৰা

সিংহ আৰু শহাৰ উপাখ্যান।

 কোনো এখন বনত ভাসুৰক নামে এটা সিংহ বাস কৰিছিল। সি সদাই বহুত পশু বিনাশ কৰে। পাছে এদিন বনৰ সকলো পশু একত্ৰিত হৈ সেই সিংহৰ ওচৰলৈ গৈ কলে। “মহাৰাজ! আপুনি ইমান পশু বিনাশ কৰাৰ ফল কি, এটা পশু হলেই আপোনাৰ যথেষ্ট হয়। এতেকে আপুনি আমাৰে এই কথা বান্ধি লক আমি সদাই আপোনাৰ ভোজনৰ নিমিত্তে এটী পশু পঠাই থাকিম। তাত আপোনাৰো উপকাৰ হব আমাৰো একো অপকাৰ নহয়।” তাতে ভাসুৰকে সম্মত হৈ কল “যদি কোনো দিনা মোৰ ভোজনৰ সময়ত পশু নাপাঁও তেন্তে নিশ্চয় জানিবা মই সেই দিনাই অৰণ্যৰ সমুদায় পশু বিনাশ কৰিম।” ইয়াতে “তথাস্তু” বুলি সকলোৱে নিজ নিজ ঘৰলৈ আহিল।

 তাৰ ভোজনৰ নিমিত্তে সদাই, বুঢ়া, শোকাকুল, বৈৰাগ্যযুক্ত, নতুবা পুত্ৰ কন্যাৰ মৃত্যুৰ ভয়ত আকুল এনে এটী এটী পশু ভোজনৰ সময়ত উপস্থিত হয়। এদিন এটা পহুৰ পাল পড়ি ছিল। তাৰ যাবৰ ইচ্ছা নাছিল তথাপি সকলো জন্তুয়ে বলেৰে পঠাই ছিল। সি ভয়ত ব্যাকুল হৈও সিংহক মাৰিব এটা উপায় চিন্তা কৰি কৰি লাহে লাহে গৈ আছে। ইফালে সিংহৰ ভোজনৰ পৰ অতীত হোৱা দেখি খঙ্গত জ্বলিব লাগিছে আৰু গৰ্জিব লাগিছে। সি কব লাগিছে কালিলৈ পুৱাই অৰণ্যত পশু শূন্য কৰিম। এনে সময়ত সেই পহুটী তাৰ ওচৰ পাই তাক প্ৰণাম কৰি আগত থিয় হল। সিংহই তাক এনেই পলম কৈ অহা তাতে তাক কিছু ক্ষীণ দেখি আৰু খঙ্গ উঠিল। তাক অনেক তিৰষ্কাৰ কৰি কলে, “অই শশকাধম! তই এনেই ক্ষুদ্ৰাকাৰ তাতে আকৌ ইমান পলমকৈ আহিছ।এতেকে তোৰ অপৰাধত তোক আগে মাৰি খাই পুৱালৈ সমুদায় বন প্ৰাণীশূন্য কৰিম।”

 সিংহৰ কথা শুনি শহাটোয়ে বিনয়ভাৱে কলে “প্ৰভু এই বিষয়ত মোৰ দোষ নাই আৰু অন্য জন্তু বিলাকৰো দোষ নাই, তাৰ কাৰণ শুনক। আজি সকলো জন্তুয়ে মোৰ পাল জানি মোক পঠাই দিছিল আৰু মোৰ শৰীৰ ক্ষীণ দেখি আৰু চাইটা পহু মোৰ লগত পঠাইছিল। আমি পাঁচোটা আহোতে বাটত এটা সিংহক লগ পালোঁ। সি সুধিলে “তোমালোক কলৈ যোৱা। তাতে আমি কলো, “অৰণ্যাধিপতি ভাসুৰক, সিংহৰ আহাৰ নিমিত্তে যাও”। তাতে সি কলে বোলে “এই বনৰ ৰজা মই সি ভাসুৰক চোৰ। সি যদি এই বনৰ অধিকাৰী হয়, তেন্তে তহঁতৰ চাইটা ইয়াতে থাওক এটাইগৈ তাক মাতি আন। আমি দুটাৰ ভিতৰত যিটোয়েই বলত জিকো সেইটোয়েই এই অৰণ্যৰ ৰজা হব আৰু এই পশু বিলাককে৷ খাব।” তাতে মই আপোনাক জনাবলৈ আহিছোঁ। ভাসুৰকে এই কথা শুনি তাক কলে “যদি এই এই হয় তেন্তে বল মোক সেই সিংহক দেখুৱাই দেগৈ। মই পশু বিলাকৰ ওপৰত যি খঙ্গ কৰিছিলো সেই খঙ্গ তাৰ ওপৰেতে মাৰ নিয়াম।” শহাই কলে “প্ৰভো আহক। এই বুলি সিংহক আগত লৈ গৈ বনৰ মাজৰ এটা নাদ দেখুৱাই দিলে। আৰু কলে “প্ৰভো, আপোনাৰ পৰাক্ৰম কোনে সহিব পাৰে। সেই চোৰ সিংহই আপোনাক দূৰৈত দেখি তাৰ নিজৰ গাঁতত সোমাল, আহক চোন মই দেখুৱাই দিওঁ।” পাছে সেই নিৰ্ব্বোধ সিংহে কূপৰ তললৈ চাই তাৰ নিজৰ প্ৰতিবিম্বটোকে দেখি অন্য সিংহ হেন ভাবি গৰ্জ্জিবলৈ ধৰিলে। আৰু কূপৰ পৰা সেই গৰ্জ্জন শব্দৰ প্ৰতিধ্বনি হোৱাত অন্য সিংহই গৰ্জন কৰিছে বুলি জানি সি সেই কূপত জাপ মাৰি পৰিল ও তাতে প্ৰাণত্যাগ কৰিলে। তেতিয়াৰে পৰা সকলো পশু নিশ্চিন্ত মনে বাস কৰিবলৈ ধৰিলে।