নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/মিচা কথা ধেমালীতো কৰা
মিচা কথা ধেমালীতো কৰা
ভাল নহয়
এটা গৰখীয়াই এখান পথাৰত গৰু চৰাই আছিল। এই পথাৰৰ ওচৰতে অৰণ্যত বাঘ বাস কৰি আছিল। গৰখীয়াই ধেমালিৰ নিমিত্তে মাজে মাজে বাঘ আহিছে বুলি উচ্চৈঃস্বৰে চিঁয়ৰি থাকে। গাঁওৰ মানুহবিলাকে বাঘ আহিছে শুনি অত্যন্ত ব্যস্ত হৈ তাক সহায় কৰিবৰ নিমিত্তে পথাৰত উপস্থিত হয়। তেতিয়া গৰখীয়া লৰাটীয়ে খিল খিল কৰি হাঁহে। পাছে গাঁওৰ মানুহবিলাকে মিচা বুলি ঘৰলৈ গুছি আহে।
এইৰূপে কেইবা বাৰো মিচা কৈ থাকোঁতে এদিন বাঘ সঁচাকৈ আহি তাৰ জাঁকৰ গৰু আক্ৰমণ কৰিলেহি। তেতিয়া গৰখীয়া লৰাটীয়ে ভয়ত ব্যাকুল হৈ “বাঘ আহিছে” বুলি চিয়ঁৰি মাতিলে কিন্তু সেই দিনা এজন মানুহো তাৰ সহায়তাৰ নিমিত্তে উপস্থিত নহল। সকলোয়েই ভাবিলে ধূৰ্ত্ত লৰাই সদাই বাঘ আহিছে বুলি মিচাই চিঁয়ৰে। বাঘে ইচ্ছামতে জাঁকৰ গৰু বধ কৰি অৱশেষত লৰাটীৰ প্ৰাণ সংহাৰ কৰি অৰণ্যলৈ গল। নিৰ্ব্বোধ লৰাই সকলোকে এই উপদেশ দি প্ৰাণত্যাগ কৰিলে যে “মিচলিয়া বিলাকে সত্য কলেও কেঁওয়ে তাক বিশ্বাস নকৰে।”
⸻