সমললৈ যাওক

নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/ভ্ৰাতৃস্নেহ

ৱিকিউৎসৰ পৰা

নীতি কথা।

ভ্ৰাতৃস্নেহ।

 ইউৰোপৰ মাজত সুইটজৰ্লাণ্ড নামে এখান দেশ আছে। ইয়াৰ সকলো ফালে পৰ্ব্বত। এই পৰ্ব্বত বিলাক প্ৰায় বৰফেৰে ঢকা। এই নিমিত্তে সেই দেশত শীতৰ প্ৰাদুৰ্ভাব অধিক। এদিন সেই দেশৰ দুটা লৰাই বৰফৰ ওপৰত লৰি ধাপৰি ৰং ধেমালি কৰি আছিল। সেই লৰা দুটী সহোদৰ ভাই। বৰটীৰ বয়স ৯ বছৰ ও সৰুটীৰ ৫ বছৰ। সিহতে ধেমালি কৰি থাকোঁতে থাকোঁতে ওচৰৰ হাবি এডোখৰত প্ৰবেশ কৰি বাট হেৰুৱাই ওলাব নোৱাৰা হল। ই পিনেও বেলি মাৰ যাব লগিয়া হোৱা দেখি সিহতে ভয়ত বৰ ব্যাকুল হৈ পথৰ অনুসন্ধান কৰিবলৈ ধৰিলে কিন্তু পথৰ একো নিৰ্ণয় কৰিব নোৱাৰি উচ্চৈঃস্বৰে কান্দিবলৈ আৰম্ভ কৰিলে।

 বৰ লৰাটীৰ বয়স যদিও কম তত্ৰাপি তাৰ বুদ্ধি বিবেচনা কিছু অধিক আছিল। সি বিবেচনা কৰিলে, যিমান চেষ্টা কৰোঁ এই হাবিৰ পৰা কেতিয়াও আমি ওলাব নোৱাৰিম। মিচাই চেষ্টা কৰা উচিত নহয়। এই হাবিতে ৰাতিটো কটাব লাগিব। কিন্তু বৰফৰ ওপৰত শয়ন কৰিলে দুইওটীৰে প্ৰাণ যাব। এতিয়া যি ঠাইত বৰফ নাই, এনে ঠাই এফেৰি বিচাৰ কৰিব লাগিল। এই বুদ্ধি মনত স্থিৰ কৰি বৰফ নোহোৱা ঠাই বিচাৰিবলৈ ধৰিলে। এনে সময়তে চন্দ্ৰ উদয় হল। চন্দ্ৰৰ পোহৰত পৰ্ব্বতৰ গুৰিত এটা ‘গহ্বৰ দেখা পাই লৰাটীয়ে তাৰ মাজত সোমাই চালে, তাত সমুলি বৰফ নাই। তেতিয়া সি কিছুমান গছৰ পাত গোটাই এক প্ৰকাৰ শয্যা প্ৰস্তুত কৰিলে। পাছে ভায়েকৰ হাতত ধৰি কলে। ভাই! তুমি আৰু নাকান্দিবা, তোমাৰ এতিয়া আৰু একো ভয় নাই। আহাঁ ইয়াতে শোৱাহি। এইদৰে তাক অনেক প্ৰবোধ দি শুৱালে ও সি নিজেও শুলে।

 পাছে সৰুটীয়ে বাৰম্বাৰ বৰটীক কবলৈ ধৰিলে, ককাই, মোৰ জাৰ লাগিছে। ককায়েকে ভায়েকক বৰ মৰম কৰে। তাৰ দুখ দেখিব নোৱাৰি, কি উপায়েৰে ভায়েকৰ জাৰ গুছাব মনত গুণিবলৈ ধৰিলে। অৱশেষত একো উপায় নাপাই নিজৰ গাৰ এটাই খিনি কাপোৰ তাৰ গাত জাপি দিলে, তথাপি তাৰ জাব নুগুছিল। শেষত ককায়েকে তাৰ গাৰ কাষত শোৱাত তাৰ তাপতে জাৰ গুছিল। তেতিয়া সি বৰ আনন্দ পালে। সি আনন্দ পোৱা দেখি ককায়েকৰো মন সন্তোষ হল। নিজে সুদাগাই থকাত তাৰ যে ভয়ঙ্কৰ কষ্ট হৈছিল তাক কষ্ট বুলি নাভাবিলে। সিহঁতে এই ভাবে অধিক সময় থকা হেতেন আগেয়ে ডাঙ্গৰটীৰ পাছত সৰুটীৰ সেই কষ্টত অবশ্য মৰণ হল হেতেন। কিন্তু সৌভাগ্যক্ৰমে তেনে হবলৈ নাপালে। সন্ধ্যাৰ পাছত কিছুমান পৰলৈকে সিহঁত ঘৰলৈ নোযোৱ৷ দেখি সিহতৰ ঘৰৰ মানুহ এজনে সিহ তক বিচাৰিবলৈ ওলাল। ইফালে সিফালে অনেক ঠাইত বিচাৰি নাপাই অৱশেষত সেই গহ্বৰত দেখিলে। সিহতে তাতে শুই আছে। তেওঁ সিহতৰ নিমিত্তে বৰ চিন্তা কৰিছিল। সিহঁতক দেখা পাই অতি আনন্দিত হৈ সিহঁতৰ ওচৰলৈ চাপি গল। কিছু সময়ৰ পাছত তেঁও সিহতক সেই পত্ৰ শয্যাৰ পৰা তুলি অনেক তিৰস্কাৰ কৰিলে। কিন্তু পাছে ককায়েকে ভায়েকৰ কেনেকৈ কষ্ট নিবাৰণ কৰিলে তাক জানি তেঁও বৰ সন্তোষিত হল। আৰু ভায়েকৰ প্ৰতি যে ইমান মৰম আছে এই বিষয়তো বৰ আনন্দ পাই তাক সেই বাবে প্ৰশংসা কৰি তিনিও জন ঘৰলৈ গুছি গল।