নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান
ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান।
কোনো এখন নগৰত হৰিদত্ত নামে এটী ব্ৰাহ্মণ বাস কৰিছিল। সদাই তাৰ ক্ষেতি নিষ্ফল হয়। কিছু দিনৰ পাছত সি ৰদত আহি এজোপা গছৰ তলত শুলে। ওচৰৰ উঁই টিলাৰ ওপৰত এটা ভয়ানক সৰ্প দেখা পাই সি ভাবিবলৈ ধৰিলে, “ই নিশ্চয় ক্ষেত্ৰ দেবতা, মই কেতিয়াও ইয়াৰ পূজা কৰা নাই, সেই কাৰণেই মোৰ ক্ষেতি নিস্ফল হয়। এতৈকে আজি মই ইয়াৰ পূজা কৰিম।” এই মনত নিশ্চয় কৰি, কিছুমান গাখীৰ আনি বল্মীকৰ ওচৰলৈ গৈ কলে, “হে প্ৰভো! ক্ষেত্ৰ ৰক্ষক, মই ইমান দিনে জনা নাই যে তুমি ইয়াত থাকা, সেই কাৰণে পূজা কৰা নাই এতেকে মোৰ অপৰাধ ক্ষমা কৰা!” এই বুলি নিবেদন কৰি দুগ্ধ খিনি দি গুছি আহিল! পাছ দিনা ৰাতি পুৱাই আহি দেখিলে পাত্ৰটীত এটা সোণৰ মোহৰ আছে। এই দৰে সদাই আহি সৰ্পক দুগ্ধ দি এটী এটী সোণৰ মোহৰ লৈ যায়। পাছত এদিন দুগ্ধ আনিবৰ নিমিত্তে পুতেকক নিযুক্ত কৰি ব্ৰাহ্মণ গাঁওৰ আঁতৰলৈ গৈছিল। পুত্ৰটীয়ে দুগ্ধ লৈ সেই ঠাইত থৈ পুনৰ ঘৰলৈ আহিল। পাছ দিনা সেই ঠাইত পাত্ৰত এটী সোণৰ টকা দেখা পাই গ্ৰহণ কৰি চিন্তা কৰিলে, “নিশ্চয় এই উঁই টিলা টকাৰে পৰিপূৰ্ণ হৈ আছে। এই সাপক মাৰিলে সকলো সোণৰ মোহৰ লব পাৰিম।” এই ৰূপে স্থিৰ কৰি পাছ দিনা ব্ৰাহ্মণৰ পুতেকে দুগ্ধলৈ গৈ সাপৰ মুৰত প্ৰহাৰ কৰিলে। সাপ দৈববশতঃ প্ৰাণত্যাগ নকৰি ক্ৰোধে তীক্ষ্ণ বিষ ঘাঁতেৰে ব্ৰাহ্মণ পুত্ৰক এনে দংশন কৰিলে যে সি তেতিয়াই মৰি গল। পাছত ব্ৰাহ্মণ পুনৰায় ৰাতি পুৱাই দুগ্ধলৈ সেই ঠাইত উপস্থিত হৈ উচ্চৈঃস্বৰে সাপক স্তব কৰিবলৈ ধৰিলে। তেতিয়া সাপে বল্মীকত লুকাই প্ৰত্যুত্তৰ দিলে, “তুমি লোভত পুত্ৰশোক ত্যাগ কৰি পুনৰ ইয়ালৈ আহিলা। এতিয়া তোমাৰে মোৰে মিলাৰ উচিত নহয়। তোমাৰ যৌবনমত্ত পুত্ৰই মোক প্ৰহাৰ কৰিছিল, মই তাক উপযুক্ত দণ্ড দিলোঁ। মই সেই গুৰুতৰ প্ৰহাৰ কেনেকৈ পাহৰিম, আৰু তুমিয়েই বা কেনেকৈ সেই পুত্ৰ শোক পাহৰিবা।” এই বুলি বহুমুল্য হীৰকাদি কিছুমান তাক দি কলে, তুমি আকৌ ইয়ালৈ নাহিবা, এই বুলি গাঁতত প্ৰবেশ কৰিলে। ব্ৰাহ্মণে, মণি লৈ পুত্ৰৰ বুদ্ধি নিন্দা কৰি নিজৰ ঘৰলৈ গুছি গল।