নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/পক্ষী, ব্যাধ, ৰজা আৰু অমাত্য
পক্ষী, ব্যাধ, ৰজা আৰু অমাত্য।
কোনো এটা পৰ্ব্বতত এজোপা গছ আছিল। তাতে দিম্ভক নামে এটা পক্ষী বাস কৰিছিল। সেই পক্ষীৰ বিষ্ঠাৰে সোণ হয়। এসময়ত এটা ব্যাধে পক্ষী ছিকাৰলৈ গৈছিল। সেই পক্ষীয়ে ব্যাধৰ ওচৰতে বিষ্ঠা ত্যাগ কৰাত সেই বিষ্ঠা সোণ হোৱা দেখি ব্যাধ আশ্চৰ্য্য হৈ কলে, “ইকি আচৰিত! আজি মই ৮০ বছৰ ব্যাধৰ ব্যবসায় কৰিছোঁ তথাপি এদিনলৈ পক্ষীৰ বিষ্ঠাত সোণ হোৱা দেখা নাই। এই ভাবি সেই বৃক্ষত জাল বান্ধিলে। সেই মূৰ্খ পক্ষীয়ে নিষ্ঠুৰ ব্যাধৰ জালত পৰি ছট ফট ধৰ ফৰ কৰিবলৈ ধৰিলে। ব্যাধে তাক জালৰ পৰা এৰুৱাই সজাত সুমাই লৈ ঘৰলৈ গুছি আহিল। পাছত ব্যাধে ভাবিলে যে “মই এই অমঙ্গলকাৰী পক্ষী নি কি কৰিম; যদি ৰজাই ইয়াৰ গুণৰ কথা শুনিবলৈ পায় তেন্তে নিশ্চয় মোৰ প্ৰাণ সংশয় হব। অতএব এই পক্ষীক নিজেই ৰজাক দিওঁ।” ৰজাই পক্ষী পাই আৰু তাৰ গুণৰ কথা শুনি বৰ সন্তোষ পালে আৰু আদৰেৰে গ্ৰহণ কৰিলে। পাছে মন্ত্ৰীয়ে
কলে, “মহাৰাজ! এই পক্ষীৰে কি উপকাৰ হব? ব্যাধৰ কথা বিশ্বাস কৰা উচিত নহয়। পক্ষীৰ বিষ্ঠাৰে কেতিয়াবা সোণ হয় নে? এতেকে ইয়াক সজাৰ পৰা মুক্ত কৰি দিয়া হক।” মন্ত্ৰীৰ এই কথা শুনি নৃপতিয়ে পক্ষীক মুক্ত কৰি দিলে। পক্ষীয়ে মুক্ত হৈ ওপৰলৈ উঠি এই বুলি এটা শ্লোক কৈ সোণময় বিষ্ঠা পৰিত্যাগ কৰি গল। প্ৰথম মই মূৰ্খ, দ্বিতীয় ব্যাধ মূৰ্খ, তৃতীয় ৰজা মূৰ্খ, চতুৰ্থ মন্ত্ৰী মূৰ্খ, সকলোয়েই মূৰ্খ।
⸻