নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/জাতি গুণ
জাতি গুণ।
কোনো এখন বনত এটা সিংহ আৰু সিংহিনী বাস কৰিছিল। এদিন সিংহিনীৰ দুটী পোৱালী প্ৰসব হল। সিংহে সদাই পশু মাৰি আনি সিংহিনীক দিয়েহি। এদিন একো আহাৰ বিচাৰি নাপাই গধুলি পৰত সিংহ উভতি আহোঁতে বাটত এটী শিয়ালৰ পোৱালী লগ পাই, পোৱালীটি সৰু দেখি বধ নকৰি জীয়াই জীয়াই কামোৰ মাৰি আনি সিংহিনীক দিলেহি। সিংহিনীয়ে সেই পোৱালীটি দেখি সিংহক কলে,“স্বামি, তুমি মোৰ নিমিত্তে আজি কি আহাৰ আনিছা?” সিংহে কলে, “প্ৰিয়ে, আজি এই শিয়াল পোৱালীটিত বাজে আন একো আহাৰ বিচাৰি নাপালোঁ। পোৱালীটি সৰু দেখি মই ইয়াক মৰমতে মৰা নাই। এতিয়া তুমি ইয়াকে থোৱা। ৰাতি পুৱা আকৌ মই আন আহাৰ আনি দিম।” সিংহিনীয়ে কলে, “স্বামি, তুমি ইয়াক সৰু পোৱালী বুলি মৰা নাই। মইনো কেনেকৈ মাৰি খাম; ই মোৰ নুমলিয়া পো হক। এই বুলি কৈ পিয়াহ খুৱাই নিজৰ পেটৰ পোৱালীৰ নিচিনাকৈ ডাঙ্গৰ দীঘল কৰিলে।
এদিন তিনিওটী পুত্ৰই কথা বাৰ্ত্তা হৈ আছে । এনে সময়তে এটী হাতী তাত ওলাল হি। আগৰ দুটা পোৱালীৰ এটাৰ খং উঠি হাতীক আক্ৰমণ কৰিলে। তাকে দেখি শিয়াল পোৱালীটীয়ে কলে, “এই গজটী তোমালোকৰ কুলৰ শত্ৰু ইয়াৰ আগলৈ যোৱা উচিত নহয়।” এই কথা কৈ সি ঘৰলৈ গুছি গল। সিহতে ভায়েক পলোৱাত নিৰুৎসাহ হৈ ঘৰলৈ আহি মাকৰ আগত ভায়েকৰ কথা কলেহি। এওঁ হাতী দেখি আমাক তাতে এৰি পলাই গুছি আহিল। সি সেই কথা শুনি জুইত ঘিউ দিলে যেনেকৈ জ্বলে সেইদৰে খঙ্গত জ্বলি উঠি সিহতক অনেক তিৰস্কাৰ কৰিবলৈ ধৰিলে। মাকে অলপ সময়ৰ পাছত তাক নিৰলা ঠাইলৈ নি বুজাই কলে, “বাপা,তুমি আৰু কেতিয়াও এনেকুৱা কথা নকবা। সিহঁত তোমাৰ ককায়েৰা নহয়।” এই কথা শুনি শিয়াল পোৱালীয়ে খঙ্গেৰে সিংহীক কলে, “মই কি কাৰণে সিহঁততকৈ বলে, বুদ্ধিয়ে,কৌশলে কম যে ইহঁতে মোক উপহাস কৰে; বাৰু, তেনেহলে মই সিহতক অবশ্যে নাশ কৰিম। এই কথা শুনি সিংহীনীয়ে মনে মনে হাঁহি হাঁহি কলে, “বাপা, তুমি ৰূপে গুণে বলে বুদ্ধিয়ে সিহঁততকৈ পাৰ্গত হয়, কিন্তু তুমি সেই কুলত জন্মা নাই,তোমাৰ শিয়াল কুলত জন্ম। তোমাক মই দয়া কৰি ইমান দিন পুহি পালি ডাঙ্গৰ দীঘল কৰিলোঁ। মোৰ লৰাহঁতে শিয়ালীৰ সন্তান বুলি নাজানোতেই তুমি স্বজাতি বিলাকৰ লগ লোৱা। নহলে ইহতে জানিব পাৰিলে তোমাক বিনাশ কৰিব। সি সেই কথা শুনি বধৰ আশঙ্কা কৰি তাৰ জ্ঞাতি শিয়ালৰ সঙ্গ ললে।