সমললৈ যাওক

নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/অন্যৰ শক্তি দেখি তাক পাবলৈ

ৱিকিউৎসৰ পৰা

অন্যৰ শক্তি দেখি তাক পাবলৈ

আশা কৰা টান।

 পক্ষীবিলাকে অনায়াসে আকাশত উৰি ফুৰে। তাক দেখি কাছই অত্যন্ত দুঃখিত হৈ মনে মনে বিবেচনা কৰিলে, “যদি এবাৰ কোনো উপায়েৰে আকাশত উঠিব পাৰো তেনেহলে ময়ো স্বচ্ছন্দে উৰি ফুৰিব পাৰিম।” এই স্থিৰ কৰি এটা চিলাৰ ওচৰলৈ গৈ কলে,“যদি তুমি মোক অনুগ্ৰহ কৰি এবাৰ আকাশত তুলি দিয়া তেনেহলে মই সমুদ্ৰৰ গৰ্ভত থকা সমুদায় ৰত্ন তুলি তোমাক দিম। মোৰ আকাশত উৰি ফুৰিবলৈ বড় ইচ্ছা হৈছে।”

 চিলাই এই উপহাসজনক কথা শুনি কলে, “তুমি যি মন কৰিছা সি সিদ্ধি হোৱা অসম্ভব। ভূচৰ জন্তুয়ে কেতিয়াও খেচৰৰ নিচিনাকৈ আকাশত উৰিব নোৱাৰে। তুমি এই আশা পৰিত্যাগ কৰা। মগ্ন যদি তোমাক আকাশত তুলি এৰি দিওঁ, তুমি তৎক্ষণাৎ পৰি প্ৰাণত্যাগ কৰিবা।” কাছই তাৰ কথা শুনি বেজাৰ কৰিলে। তেতিয়া চিলাই হাঁহি হাঁহি কাছক লৈ ওখ স্থানত উঠিল। “তুমি এতিয়া উৰিবলৈ আৰম্ভ কৰা”, এই বুলি তাক এৰি দিলে। এৰি দিয়া মাত্ৰেই কাছ এটা শিলৰ ওপৰত পৰি তাৰ সৰ্ব্ব শৰীৰ চূৰ্ণাকৃত হৈ গল।