নীতিমালা তৃতীয় ভাগ
নীতিমালা
তৃতীয় ভাগ
⸻
ম্যাক্মিলান্ এণ্ড কোম্পানি লিমিটেড্
২৯৪ নং বহুবাজাৰ ষ্ট্ৰীট্, কলিকাতা
১৯২৫
PRINTED BY NRISHINGHA PROSAD BOSE,
KOHINOOR PRINTING WORKS,
III/4A, Maniktala Street, Calcutta.
সূচীপত্ৰ
| বিষয় | পিঠি | |||
| শিয়াল আৰু মেকুৰীৰ কথা (The story of a fox and | ||||
| a cat) | ... | ... | ... | ... ১ |
| গুণী পুত্ৰ (Qualified son—Verse) | ... | ... | ... | ... ৪ |
| এটা শিয়াল আৰু এটা ছাগলীৰ কথা (The story of a jackal | ||||
| and a goat) | ... | ... | ... | ... ৪ |
| শপথ খোৱা বেয়া (Do not swear—Verse) | ... | ... | ... | ... ৭ |
| টোকৰা চৰাই আৰু বান্দৰৰ কথা (The story of the | ||||
| weaver birds and the monkeys) | ... | ... | ... | ... ৭ |
| ৰাতি পুৱা (The morning—Verse) | ... | ... | ... | ... ৯ |
| চৰাই আৰু তাৰ বাহ (The bird and its nest) | ... | ... | ... | ... ১০ |
| চৰাই পোৱালি (Young birds) | ... | ... | ... | ... ১২ |
| মাতৃ (The mother—Verse) | ... | ... | ... | ... ১৫ |
| অতি লাভ (A good bargain) | ... | ... | ... | ... ১৬ |
| সিংহ আৰু নিগনিৰ কথা (The story of a lion and a | ||||
| mouse) | ... | ... | ... | ... ১৮ |
| শিয়াল আৰু ঢোলৰ কথা (The story of a jackal and a | ||||
| drum) | ... | ... | ... | ... ২১ |
| কাৰ সুখ নাই (Who are not happy—Verse) | ... | ... | ... | ... ২৩ |
| এজন বামুণ আৰু এটা অসভ্য মানুহ (A Brahmin and a | ||||
| jungleman) | ... | ... | ... | ... ২৪ |
⸻
| বিষয় | পিঠি | |||
| মেকুৰীৰ ডিঙ্গিত টিলিঙা পিন্ধোৱা (To bell the cat) | ... | ... | ... | ... ২৬ |
| কাম আৰু ধেমালি (Work and play) | ... | ... | ... | ... ২৮ |
| ধেমালি (Play—Verse) | ... | ... | ... | ... ৩২ |
| বান্দৰ আৰু কাঠৰশাল (The monkey and the wedge) | ... | ... | ... | ... ৩৩ |
| কাৰ সমান কি নাই (Nothing like the following—Verse) | ... | ... | ... | ... ৩৫ |
| দুজন সাধু পুৰুষ (Two honest men) | ... | ... | ... | ... ৩৭ |
| স্বভাৱ (Character—Verse) | ... | ... | ... | ... ৪০ |
| সিংহ, উট, বাঘ, শিয়াল আৰু কাউৰীৰ কথা (The story of a | ||||
| lion, a camel, a tiger, a jackal and a crow | ... | ... | ... | ... ৪১ |
| নেৰানেপেৰা চেষ্টা (Perseverance—Verse) | ... | ... | ... | ... ৪৫ |
| ৰাম আৰু এটা কেৰ্কেটুৱা (Ram and a squirrel) | ... | ... | ... | ... ৪৫ |
| এজোৰ ৰাজহাঁহ আৰু কাছৰ কথা (The story of a pair | ||||
| of geese and a tortoise) | ... | ... | ... | ... ৪৮ |
| খলিফা ওমৰ আৰু এজনী দুখীয়া মাইকী মানুহ (Umar | ||||
| Khalif and a poor woman) | ... | ... | ... | ... ৫১ |
| সৰু আইটী আৰু সৰু চৰাই (A little girl and a small | ||||
| bird—Verse) | ... | ... | ... | ... ৫৫ |
| এটা সিংহ আৰু এটা বন্দীৰ কথা (The story of a lion and | ||||
| a slave) | ... | ... | ... | ... ৫৭ |
| কাউৰী, কপৌ আৰু নিগনীৰ কথা (The story of a crow, | ||||
| a dove and a mouse) | ... | ... | ... | ... ৬০ |
| শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা (Ram Chandra crying | ||||
| for the moon) | ... | ... | ... | ... ৬৪ |
⸻
| বিষয় | পিঠি | |||
| মাতৃ-স্নেহ (Affection of a mother Verse) | ... | ... | ... | ... ৬৭ |
| ৰজা কেনিউট আৰু বিষয়া সকল (King Canute and his | ||||
| Courtiers) | ... | ... | ... | ... ৬৮ |
| বান্দৰৰ প্ৰতিশোধ (A revengeful monkey) | ... | ... | ... | ... ৭১ |
| শিয়াল, হৰিণা আৰু কাউৰীৰ কথা (The story of a fox, | ||||
| a deer and a crow) | ... | ... | ... | ... ৭৪ |
| আকাশ-বাণী (A voice from above—Verse ) | ... | ... | ... | ... ৮০ |
| সপ্তম এডৱাৰ্ডৰ ৰাজ্যাভিষেক (Coronation of Edward VII) | ... | ... | ... | ... ৮১ |
| এটা এলেহুৱা লৰা (An idle boy) | ... | ... | ... | ... ৮৬ |
| এটা দঁতাল হাতী আৰু শিয়ালৰ কথা (A tusker and a | ||||
| jackal) | ... | ... | ... | ... ৮৯ |
| পুৱা (Morning – Verse) | ... | ... | ... | ... ৯৩ |
| তাজমহল (The Taj Mahal) | ... | ... | ... | ... ৯৫ |
| এটি সঁচাকথীয়া লৰা (A truthful boy) | ... | ... | ... | ... ৯৭ |
| কৃষক (The cultivator – Verse) | ... | ... | ... | ... ১০১ |
| বেমাৰী সদাগৰ আৰু কলা বন্ধু (A sick merchant and his | ||||
| deaf friend) | ... | ... | ... | ... ১০৩ |
⸻
নীতিমালা
তৃতীয় ভাগ
শিয়াল আৰু মেকুৰীৰ কথা
এদিন এখন হাবিৰ মাজত হঠাৎ এটা শিয়ালে মেকুৰী এটাক লগ পালে। মেকুৰীয়ে মনত থিৰ কৰিলে, “শিয়াল মোতকৈ অনেক গুণে জ্ঞানী আৰ চতুৰ, এই কাৰণে তাৰে সৈতে মোৰ পৰিচয় থকা ভাল।” মেকুৰীয়ে ইয়াকে ভাবি অতি নম্ৰভাৱে শিয়ালক সম্বোধন কৰিলে, “বন্ধু! মোৰ আজি অতি সৌভাগ্যৰ দিন, আপোনাৰ নিচিনা মহাত্মা এজনক যে মই এই নিৰ্জ্জন হাবিৰ মাজত সাক্ষাৎ পালোঁ, এইবাৰে মই নিজকে নিজে ধন্যবাদ দিছোঁ। ডাঙ্গৰিয়া! আপোনাৰ গা ভাল নে? আজি কালিনো আপুনি কেনেকৈ চলিছে?”
মেকুৰীৰ কোমল আৰু অতি নম্ৰ সম্ভাষণ শুনি শিয়ালে হাততে স্বৰ্গ ঢুকি পোৱাদি পালে আৰু মনতে ভাবিলে, “মোতেকৈ জ্ঞানী-মানী জন্তু সংসাৰত নাই।” মেকুৰীক কোনো উত্তৰ নিদি অতি গম্ভীৰ ভাৱেৰে সি মেকুৰীৰ ভাৰিৰপৰা মুৰলৈকে কেৰাহিকৈ চাবলৈ ধৰিলে। অৱশেষত শিয়ালে সুধিলে, “হেৰ নিগনি চিকাৰী, তোৰ গাত কিমান গুণ আছে ক?” মেকুৰীয়ে লাহেকৈ উত্তৰ দিলে, “ডাঙ্গৰীয়া, মোৰ এটাতকৈ বেচি গুণ
নাই।” শিয়ালে আকৌ সুধিলে, “সেইটো নো কি কচোন?” “ডাঙ্গৰীয়া, মোক যদি দৈবাৎ কুকুৰে খেদি আহে, মই গছত উঠি মোৰ প্ৰাণ ৰাখিব পাৰোঁ।” মেকুৰীৰ কথা শুনি শিয়ালে পুনৰায় সুধিলে, “তোৰ গাত এইটোৰ বাহিৰে আৰু একোগুণ নাই নে? মোৰ গাত হলে এশ গুণৰ এটাও কম নহয়। মই যে চালাক-চতুৰ তাক বুজ নেপোৱা সংসাৰত কোনৱেই নাই। এতিয়া তোৰ গাত গুণ নাইকিয়া দেখি তোলৈ মোৰ বৰ মৰম লাগিছে, বাৰু তই এতিয়া মোৰ লগত আহ; কেনেকৈ মানুহ আৰু অন্যবিলাক জন্তুক ঠগিব পাৰি, তাকে তোক পৰিপাটিকৈ শিকাওঁ।”
এই দলে দুয়ো কথাপাতি থাকোতেই অকস্মাৎ চিকাৰী এটা কুকুৰ এজাক লগত লৈ সিহঁতৰ ওচৰত উপস্থিত হ’লহি। তৎক্ষণাৎ মেকুৰী লৰ মাৰি গছত উঠি থোপা-পুতা পাতৰ মাজত লুকাল গৈ। শিয়ালে এশ বুদ্ধিৰ মাজৰ কোনটো বুদ্ধি থিৰ কৰিনো চিকাৰীহঁতৰ হাতৰ পৰা সাৰিব পাৰিব, তাক বিচাৰোঁতেই পলাবলৈ সময়কে নাপালে। কুকুৰে আহি শিয়ালৰ ডিঙ্গিত কামোৰ মাৰি ধৰিলেহি। এশ বুদ্ধি থকা শিয়ালৰ বিপদ দেখি মেকুৰীয়ে গছৰ ওপৰৰপৰা মাত লগাই সুধিলে, “শিয়াল ডাঙ্গৰীয়া, আপোনাৰ গুণটি মোক শিকাই যাওক। পিচে চাও কচোন আপোনাৰ এশ গুণৰ পৰা একো উপকাৰ নহল; কিন্তু যদি মোৰ দৰে আপুনি এটা গুণকে ভালকৈ শিকিলেহেঁতেন, তেনেহলে আপুনি এই বিপদৰপৰা নিৰাপদে সাৰিব পাৰিলেহেঁতেন।”
এতেকে বেয়াগুণৰ এশটাতকৈও ভাল গুণৰ এটাই শ্ৰেষ্ঠ; তাৰ বাহিৰেও মানুহে যি কামকে শিকে, তাক পৰিপাটিকৈ শিকি লব লাগে।
⸻
গুণী পুত্ৰ
মূৰ্খ পুত্ৰ হয় যদি এশ বা হাজাৰ,
সিহঁতৰ পৰা নাই একো উপকাৰ।
যেনে শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন,
কৃষকৰ অপকাৰ কৰে অগণন।
যি বংশত শঠ মূৰ্খ বহু পুত্ৰ হয়,
সি বংশৰ মান হয় অৱশ্যে বিলয়।
যথা সৰোবৰে শোভে প্ৰফুল্ল কমল,
গুণী পুত্ৰ গণে কৰে বংশক উজ্জ্বল।
গুণী শিষ্ট পুত্ৰ যদি এটিয়েই হয়,
অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয়।
এক চন্দ্ৰে জগতেৰ অন্ধকাৰ হৰে;
অসংখ্য তৰাই তেনে কদাপি নোৱাৰে।
৺বলদেব মহন্ত
⸻
এটা শিয়াল আৰু এটা ছাগলিৰ কথা
এদিন এটা শিয়াল আৰু এটা ছাগলি ৰদত ফুৰি ফুৰি পিয়াহত থাকিব নোৱাৰি পানী বিচাৰি গল। বহু পৰৰ পাচত এটা গাঁতত অলপ পানী দেখা পাই, পিচৰ বিপদলৈ নাভাবি সেই গাঁতৰ ভিতৰত দুয়ো জাপ মাৰি পৰিল, আৰু হেঁপাহ পলুৱাই পানী খাবলৈ ধৰিলে। গাঁতটোৰ পাৰকেইটা বৰ থিয় আছিল, কেনেকৈ পাৰলৈ উঠিব তাৰ উপায় চিন্তি বিবুদ্ধি হল। সিহঁতে সেই বিপদৰপৰা মুক্ত হবলৈ অনেক চেষ্টা কৰাতো কোনো সুফল নফলিল।
অৱশেষত ধূৰ্ত্ত শিয়ালে ৰং মনেৰে কবলৈ ধৰিলে, “বন্ধু, মই বুদ্ধি এটা বিচাৰি পাইছোঁ। তোমাৰ আগভৰি দুটাৰে গাঁতটোৰ কাণত খোপনি পুতি, পাচ ভৰি দুটা মেলি দিযাঁ; মই তোমাৰ পিঠিয়েদি বগাই মূৰৰ ওপৰলৈকে উঠি পাৰলৈ জাপ মাৰি দিম; আৰু যেতিয়া মই উঠিম, অৱশ্যে তোমাৰ শিঙ্গত ধৰি তোমাক টানি ওপৰলৈ তুলি নিম।” বপুৰা ভোদা ছাগলিটোৱে পাচৰ কথালৈ অকণো ভাবি নাচালে। শিয়ালৰ আলচ মতে সি তাৰ পিঠি পাতি দিলে, আৰু শিয়ালেও তাৰ বুদ্ধিমতে জাপ মাৰি পাৰৰ উপৰলৈ উঠি মহা বিপদৰপৰা পৰিত্ৰাণ পালে।
শিয়ালক বিপদৰপৰা উদ্ধাৰ হোৱা দেখি, ছাগলিটোৱে অনেক কাকুতি মিনতি কৰি কবলৈ ধৰিলে, “হে বন্ধু, এতিয়া মোক নাদৰপৰা তোলাঁ, আৰু তোমাৰ পূৰ্ব্বৰ প্ৰতিজ্ঞা ৰাখাঁ।” ছাগলিৰ কাকুতি শুনি শিয়ালে মাত লগালে, “হেৰ অবোধ ছাগলি, তই মিছাকৈয়ে দাঁড়ি বঢ়াইছ, তোৰ অকণো জ্ঞান নাই নে? তই এইটো ভাবণে যে মই নিজে আকৌ বিপদত পৰি তোক ৰক্ষা কৰিম? যদি তই কেনে বাকৈ, এই মহা বিপদৰ পৰা মুক্তি পাৱ, তেন্তে ভবিষ্যতলৈ আগধৰি উঠাৰ সন্ধি নভবাকৈ কেতিয়াও এনেকুৱা গাঁতত জাপ নামাৰিবি। ইয়াকে ছাগলিক কৈ শিয়ালে আগৰ অহা বাটে খোজেহে ললে, ছাগলিৰ ফালে আৰু উলটিকে নাচালে।
এতকে যি কাম কৰিবলৈ মন কৰিবা, তাৰ ফল আগধৰি ভাবি লবা। “আগৰ খোজ ভালকৈ দিহে পাচৰ ভৰি দাঙ্গিবা, আৰু আগৰ ভৰিকো চাই চিতিহে পেলাবা।” শপথ খোৱা বেয়া
ঘনে ঘনে যিটো লোকে দিব্য কৰি থাকে,
জ্ঞানী জনে মিথ্যাবাদী বুলি কয় তাকে।
প্ৰবঞ্চনা দোষে যাৰ মন কলুষিত,
শপথ খাবলৈ তেওঁ নহয় কুণ্ঠিত।
এটি বাক্য সমাপনে, তিনি দিব্য কৰে,
সংসাৰত শঠ নাই সিজনত পাৰে।
এতেকে হে প্ৰিয় লৰা, উপদেশ লবা,
সঁচা ক’বা, কেতিয়াও দিব্য নকৰিবা।
৺বলদেব মহন্ত
⸻
টোকোৰা চৰাই আৰু বান্দৰৰ কথা
ভাৰতবৰ্ষৰ সোঁমাজে বৈ গৈ আৰব উপসাগৰত পৰা নৰ্ম্মদা নৈৰ পৰা ৰাজপুতনা দেশলৈকে এটা খাল আছিল। সেই খালে দি পানী নি ৰাজপুতনা দেশৰ শুকাই থকা মাটিত খেতি কৰা হয়। সেই খালটোৰ দাঁতিতে এখন হাবিতো এজোপা মজ গছ আছিল। গছজোপাৰ ডালত বহুত টোকোৰা চৰায়ে ধুনীয়া ধুনীয়াকৈ বাহ সাজি কণি পাৰিছিল। সেই হাবিতে বহুত বান্দৰো আছিল।
এদিন এজাক বৰ বৰষুণ আনিলে। বান্দৰবোৰে গছৰ পৰা নামি আহি তলত জুপুকা মাৰি থাকিলহি হয়, কিন্তু তাহাঁতক বৰষুণে জুৰুলি-জুপুৰিকৈ তিয়ালে। সিহঁতে থক্-থক্ কৰি কঁপিবলৈ ধৰিলে। তাকে দেখি টোকোৰা চৰাইবোৰে হাঁহি হাঁহি ঠাট্টা কৰি কলে, “হেৰ বান্দৰ হঁত, চাচোন আমি ঠোঁটেৰেই কেনে পানী সৰকিব নোৱৰা বাহ সাজি লৈছোঁ; তহঁতৰ হাত থাকিও বাহ সাজি লব নোৱাৰি জাৰত থক্ থক্ কৰি কঁপিছ।” বান্দৰবিলাকে মনে মনে ভাবিলে, “জাকত ঠাই নোপৱা টোকোৰা চৰায়েও আমাক হাঁহিলে। বাৰু তাহাঁতে হাঁহক, তাৰ প্ৰতিশোধ দিয়া যাব।” এই বুলি ইপিনে মৰ্ম্মান্তিক, বেদনা অন্তৰত অনুভব কৰি সেই দিনালৈ সিহঁতে একো নোকোৱাকৈ মনে মনে থাকিল। পিচ দিন যেতিয়া চৰাইবোৰ চৰিবলৈ গল, তেতিয়া বান্দৰবোৰে আগদিনীৰ কথাৰ প্ৰতিশোধ লবৰ মনেৰে জাকেই গছত উঠি হাতোৰা সুমাই সুমাই টোকোৰাৰ বাহৰপৰা কণিবোৰ উলিয়াই মাটিলৈ পেলাই দিলে। ঠটা মাটিত পৰি কণিবোৰ ভাঙ্গি চূৰ্চুমৈ হৈ গল। তাৰ পিচত চৰাইবোৰ আহি তাহাঁতৰ কণিবোৰৰ অবস্থা দেখি বেজাৰত চেক্চেকাবলৈ ধৰিলে। অৱশেষত ঠাটা কৰাৰ বাৰে বান্দৰবোৰে সিহঁতৰ কণিবোৰ ভাঙ্গিলে বুলি জানিবলৈ পাই বৰ অনুতাপ কৰিলে।
এতেকে বিপদপৰা দেখিলে অইন কেতিয়াও হাঁহিব নাপায়; বৰং সহায় হে কৰিব পায়। কিয়নো হাঁহাৰ পৰা শত্ৰু বাঢ়ে, আৰু অৱশেষত নিজৰো অনিষ্ট হয়। ৰাতিপুৱা
উঠাঁ হে ভাইটি উঠাঁ, ৰাতিপুৱা হ’ল,
চোবাচোন মনু উঠি পঢ়িবলৈ গ’ল।
পূব পিনে ৰঙা বেলি জিলিকি উঠিছে,
চৰায়ে ডালত পৰি আৰাও কৰিছে।
নিয়ৰত তিতি থকা পাত, ফুল খিনি,
লৰিলেই বৰষুণ পৰা যেন শুনি।
কলি কলি ফুলবোৰ এতিয়া ফুলিছে,
শুৱনী ফুলেৰে গছ উপচি পৰিছে।
চোৱাঁচোন পুখুৰীত পোনা মাছবোৰে,
কমাই কমাই কেনে ৰঙ কৰি ফুৰে।
ওপঙি ওপঙি মাকে মাজত সোমাই,
পোৱালিক খোৱা বস্তু দিয়ে দেখুৱাই।
দোকমোকালিতে চোৱাঁ মাখিমউবোৰে,
গোটায় মউৰ ৰস হৰিষ মনেৰে।
টেঙৰ অকণমান পৰুৱা যিমান,
সাঁচিছে আহাৰ দেহি শ্ৰমেৰে কিমান!
যাৰ যি কৰিব লগা কৰে উলাহেৰে,
ভাল লৰা ছেৱালীয়ে লেখা-পঢ়া কৰে।
মিছাতে কেলেই আছাঁ অতপৰ শুই,
নপঢ়া ভাইটি কিয়, ফলি পুথি লই?
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
চৰাই আৰু তাৰ বাহ
চৰায়ে উমোৱা সকলোৰে দেখিছে। মতা-মাইকী চৰাই হালে সলনা সলনিকৈ কণীৰ ওপৰত পৰি থাকে। এটাই উমাই থাকে আনটো টোপ বিচাৰি যায়, পিচত ইটোৱে কুৰুলিয়ালে সিটোৱে আহি সলনি দিয়ে। কণীবিলাক গাপ দি থকাকে উমোৱা বোলে। চেঁচা পৰিলে কণী ঘোলা হয়; আৰু সেই কণী নজগে। সেই কাৰণে চৰাইবিলাকে কণী চেঁচা পৰিবলৈ নিদিয়ে। উমনিত সৰহ ভাগ মাইকী জনীহে থাকে।
ৰঙ্গাই আহি চৰাইজনীৰ ওছৰ পালত তাই লাহেকৈ উঠি আহি তাক কলেঃ—
বোপা! মই কোন, আৰু কি কৰিছোঁ কব পাৰানে? মই বাৰু তোমাকে কওঁ শুনা।
মই এটি সামান্য চৰাই। মোৰ দুখন পাখি আছে, এই পাখিৰে মই আকাশত বহুত ওপৰলৈকে উৰিব পাৰোঁ।
তোমালোকে হলে নোৱাৰহঁক। বোপা কোৱাঁচোন পাৰানে বাৰু? কিন্তু তোমালোকৰ মোৰ দৰে উৰি ফুৰিবৰ মন নাযায় নে?
এতিয়া মোৰ পাখি দুখন জাপ খাই আছে, আৰু মই গছৰ ডাল এটাতে পৰি আছোঁ। মোৰ কিন্তু এইটি সুন্দৰ গৰম ঘৰ আছে, যাক তোমালোকে বাহ বোলা।
কিছুমান চৰায়ে মাটিত বা দীঘল দীঘল উলু বননীত বাহ সাজে; কিন্তু আমি হলে আমাৰ বাহ গছৰ পাতৰ আঁৰত বহুত ওখত সাজোঁ। সেইবাবে ই সকলো বিঘিনিৰ হাত সাৰি আহে। কিছুমান বাহ মাটিৰেও সজা হয়; কিন্তু মোৰটো বাহ হলে সৰু সৰু গছৰ ডাল-পাতেৰেহে সজা। ভিতৰ ফালে উম থাকিবলৈ নোম আৰু শুকান ঘাঁহ দিয়া আছে।
মোৰ বাহটোৰ ভিতৰত চাৰিটা নীল বৰণীয়া কণী আছে। মই সিহঁতক কালিহে পাৰিছোঁ। তুমি সিহঁতক চকু ফুৰাই চাব পাৰা, কিন্তু ছুবলৈ হলে তোমাক দিব নোৱাৰোঁ।
এই চাৰিটা কণীৰপৰা চাৰিটা অকণি অকণি পোৱালি জগিব; আৰু কেইদিন মানৰ পাচত আহিলে তুমি সিহঁতক দেখা পাবা। মাহ দিয়েক হলে অকণ অকণ পোৱালিবিলাকেই ডাঙ্গৰ হৈ আমাৰ নিচিনা হব; আৰু আমাৰ দৰেই বাহ সাজি থাকিবলৈ শিকিব।
তোমালোকে আমাক হিংসা কৰা কাৰণে আমি তোমালোকলৈ ভয় কৰোঁ। হিংসা নকৰা হলে আমিও ভয় নকৰিলোঁহেঁতেন।
ৰঙ্গায়ে চৰাই জনীৰ কথা শুনি বিচূৰ্ত্তি হল, আৰু সেই দিনাৰপৰা চৰাইবিলাকক হিংসা কৰিবলৈ এৰিলে।
⸻
চৰাই পোৱালি
বোপা! মোৰ কথামতে তুমি আমাৰ বাহ চাবলৈ আকৌ আহিছা? মই তোমাক দেখি বৰ সন্তোষ পালোঁ।
এতিয়া চোৱাঁহি, মোৰ বাহত চাৰিটা নিচেই কেচুৱা পোৱালি আছে। ময়ে সিহঁতৰ মাক, সিহঁত মোৰ সন্তান। সিহঁতলৈ মোৰ বৰ মৰম। যদি তোমাৰ মন গৈছে, তেন্তে বাহৰ ওচৰলৈ আহি চাবহি পাবা।
সিহঁত তোমাক দেখুওৱা সেই নীল বৰণীয়া কণী ফুটি ওলোৱা আজি মাথোন দুদিন হৈছে। সিহঁতে সিহঁতৰ মুখ কেনেকৈ মেলে দেখিছানে? সিহঁতে কেনেকৈ চিঞঁৰিছে শুনিছানে? সিহঁতৰ বৰ ভোক লাগিছে, সেই দেখি খাবলৈ কিবা কিবি বিচাৰি মুখ মেলিছে।
সিহঁতে খাবলৈ মই এইটো পোক ধৰি আনিলোঁ গৈ। দেখিলা নে, মই কেনেকৈ ঠোঁঠত লৈ আহিলোঁ? সেই পোৱালি কেইটাৰ বাপেকো ঠিক মোৰ নিচিনা এটা সৰু চৰাই। তেৱোঁ এই পোৱালি কেইটাৰ নিমিত্তে টোপ বিচাৰি গৈছে।
যদি আমি সিহঁতক ভালকৈ খুৱাওঁ সিহঁত দিনে দিনে ডাঙ্গৰ হৈ আহিব, আৰু এমাহৰ ভিতৰতে সিহঁতৰ সুন্দৰ পাখি গজি পৰিব। তেতিয়া মই সিহঁতক কেনেকৈ উৰি ফুৰিব লাগে, আৰু কেনেকৈ নিজে নিজে টোপ বিচাৰি খাব লাগে, তাক শিকাম। কিন্তু এতিয়া সিহঁত নিচেই পোৱালি হৈ আছে। সেই কাৰণে সিহঁতক মাক বাপেকে পোহ-পাল দি ডাঙ্গৰ-দীঘল কৰিব লাগে। মই গান গোৱা তুমি কেতিয়াবা শুনিছা নে? যদি তোমাৰ শুনিবৰ মন গৈছে, বাৰু তেন্তে গান এটা গাই শুনাম। কিন্তু
মই অলপ সময় হে গান গাব পাৰিম। বেচি বৰ গাই থাকিবলৈ মোৰ সময় নাই। কিয়নো অলপতে মই মোৰ পোৱালি কেইটাক খুৱাবলৈ আকৌ টোপ বিচাৰি যাব লাগিব।
এই বুলি কৈ চৰাইজনীয়ে গান এটা গালে। ৰঙ্গায়ে শুনি বৰ সন্তোষ পালে, আৰু পোৱালি কেইটা চাই ঘৰলৈ গুচি আহিল। মাতৃ
মাতৃ সমান, ভাবি চোৱাঁ আন,
তীৰ্থ নাই জগতৰ;
কোলাত সুমাই, পিয়াহ খুৱাঁই,
কৰে কতনো সাদৰ।
উগুল থুগুল, মন বিয়াকুল,
অসুখ অশাতি হলে;
যাতে যায় দুখ, পায় পুত্ৰে সুখ
তাকে ভাবি তেওঁ চলে।
পঢ়া শুনা হলে, ঘৰলই গলে,
ততালিকে দেখা পাই;
মুখ মৰমেৰে, মছি আচলেৰে
চেনেহতে পমি যায়।
মইনা, সোণাই, বুলি কত কই
ৰঙ পায় স্নেহ কৰি,
খোৱা বস্তু মানে পুত্ৰৰ কাৰণে
আনি দিয়ে লৰালৰি।
আহিলে টোপনি, কোলালই আনি
শুৱায় যতন কৰি;
তিনিও লোকত, পমা চেনেহত
নোপৱাঁ মাতৃক এৰি।
মূৰটি দোঁৱাই, কৰিয়া সদায়
মাতৃক ভকতি ভাই;
পৃথিবী ভিতৰে তেওঁৰ বাহিৰে
স্নেহৰ মূৰতি নাই।
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
⸻
অতি লাভ
আসামৰ ৰাজধানী ছিলং। তাত ৰামড্ডিন আৰু গঙ্গাধৰ নামেৰে দুটি সমান বয়সীয়া লৰা আছিল। ৰামড্ডিন জাতত মছলমান আৰু গঙ্গাধৰ কায়স্থ আছিল। সিহঁত দুয়ে বন্ধু পাতিছিল। এদিন বাটত দুয়ো এ এনে কথা পাতিছিলঃ—
ৰামড্ডিন— “গঙ্গা দুয়ো একেলগে বজাৰলৈ যাও বলা। যদি মোৰ লগত আহাঁ, তেন্তে মোৰ হাতত যি অলপ পইচা আছে, তাৰেই মিঠাই কিনি দুয়ো ভাগ কৰি খামহঁক।”
গঙ্গা— “বাৰু বন্ধু, যাওঁ বলা। পিচে তোমাৰ হাতত নো মিঠাই কিনিবলৈ কিমান পইচা আছে?”
ৰামড্ডিন— “মোৰ হাতত মুঠেই দু অনা পইচা আছে; সেই পইচাৰে মিঠাই কিনিলে তোমাকে মোকে ভালকৈ আঁটিব।”
গঙ্গা— “বন্ধু, তুমিনো দু অনাকৈ পইচা কত পালাঁ?”
ৰামড্ডিন— “আমাৰ স্কুলত পঢ়া মতিক তুমি চিনি পোৱানে?” সি কমাৰৰ লৰা। মই তাক এটা কাগজৰ চিলা বেচি এই পইচা দু অনা পালোঁ।”
গঙ্গা— “তোমাৰ কাগজৰ চিলাটোনো সি কিয় ইমান দাম দি কিনিলে? তুমি জানা নহয় তাৰ দাম দুপইচাতকৈ অলপো বেচি নহয়! অইন কি, সি এক আনা পইচাতে তোমাৰটোতকৈ ভাল নতুনা চিলা এটা কিনিব পাৰিলেহেঁতেন।”
ৰামড্ডিন— “হয় বন্ধু, যি কৈছা সঁচা, কিন্তু সি সৰু লৰা, চিলাৰ আচল দাম নেজানেই। মই চাৰি অনাত কিনি আনি আধা দাম দুঅনাত বেচিম বুলি কোৱাত সি নোপোৱাই পোৱাদি পাই কিনি নিলে।”
গঙ্গা— “তেন্তে তুমি ছপইচা লাভৰ আশাতে এনেটো কাম কৰিল৷! সেই অজলা লৰাটিয়ে তোমাৰ কথাত বিশ্বাস কৰিলে, কিন্তু তুমি হলে মিছা কথা কৈ তাক ঠগিলা; সামান্য লাভৰ নিমিত্তে তুমি এনে কাম কৰিব নালাগিছিল। এতিয়া মই অতি লাভ পাইছোঁ। মিছলীয়া আৰু ঠগী লোকৰ লগত মোৰ বন্ধুতা ভাব ৰাখিবৰ মন নাই। এতিয়া তোমাৰে সৈতে মন মিলা বন্ধু বিচাৰি লোৱাঁ। মোৰ লগত আৰু বন্ধুতা ৰখা তোমাৰ দৰকাৰ নাই। ময়ো আচল কথাটো মতিৰ আগত কৈ দিম। সি আগলৈকে তোমাক বিশ্বাস নকৰে। এবাৰ মিছা কথা কোৱা মানুহে পুনৰায় সঁচা কথা কলেও তাৰ কথা কোনেও নপতিয়ায়।”
ৰামড্ডিন— “হেৰা গঙ্গা! তুমি আৰু মোকে লাজ নিদিবা, মই নিজে মতিক পইচা কেইটা ওভোতাই দিম। মিছা কথা কৈ ময়ো এতিয়া মনত কষ্ট পাইছোঁ।”
গঙ্গা— “সেয়ে হলে মোৰ লগত তোমাৰ সদ্ভাৱ ৰাখিব পাৰিবা। এতিয়াই অজলা মতিৰ আগত সকলো কথা ভঙ্গি কৈ তাৰ পৰা বেচিকৈ লোৱা পইচা কেইটা ওলোটাই দিয়াগৈ। ৰামড্ডিন! কথা এটা কওঁ শুনা—মিছা কথা কৈ ধৰা নপৰিব পাৰা, কিন্তু পৰমেশ্বৰে সকলো বিলাক দেখি আছে, ঈশ্বৰক কোনেও ঠগিব নোৱাৰে। তেওঁ সত্যবাদীক ভাল পায়। অসত্যবাদীক তেৱোঁ বেয়া পায়, আৰু তাক কোনেও বিশ্বাস নকৰে। টেঙ্গা আম এবাৰ মাথোন বেচিব পাৰি। ৰামড্ডিন! তোমাক মই যিবিলাক কথা কৈছোঁ, যদি তুমি সেইমতে চলিবলৈ প্ৰতিজ্ঞা কৰাঁ, তেন্তে মই তোমাৰ বন্ধু হৈ থাকিম।”
ৰামড্ডিন— “বাৰু! আজিৰপৰা তোমাৰ সকলো কথা মনত ৰাখিম, আৰু কেতিয়াও কাকো ঠগ নকৰোঁ।”
এতেকে অলপ লাভৰ নিমিত্তে মিছা কথা কৈ বেচি পাপ কৰা অনুচিত। মিছাৰ ঠেং ছুটি, সঁচাক ঢোকাও নালাগে।
⸻
সিংহ আৰু নিগনিৰ কথা
এদিন জহ কালি হাবিৰ মাজত এজোপা ডিমৰু গছৰ ছাঁত এটা সিংহ নিশ্চিন্ত মনেৰে শুই আছিল। এনেতে সেই গছৰ গুৰিত বাহ লৈ থকা নিগনি এটাই সিংহৰ গাৰ ওপৰেদি অহা যোৱাকৈ ধেমালি কৰি বগাই ফুৰিছিল! সিংহৰ ভাগৰ লাগি টোপনি যোৱাৰ নিমিত্তে সি প্ৰথম বাৰ গাত নিগনি উঠা গম নাপালে; কিন্তু দ্বিতীয় বাৰ নিগনি আকৌ গাত উঠাত হঠাৎ সিংহই সাৰ পাই নিগনিক থাপ মাৰি ধৰি খাওঁ বুলি মুখ মেলিলে। বেচেৰা নিগনিটো আচৰিত হ’ল, আৰু অন্তিম কাল উপস্থিত দেখি সিংহক সকৰুণে কবলৈ ধৰিলে, “মহাৰাজ! মই নিচেই অঙ্গানী আৰু সৰু জীৱ, মোক খালে আপুনি একো তৃপ্তি নাপায়, আৰু মোক মৰা বাবে আপনাৰ একো যশো নাবাঢ়ে। এইবাৰ মোক ক্ষমা কৰক; মই আপোনাৰ মৰম নাপাহৰোঁ, মই নিচেই ক্ষুদ্ৰ জন্তু যদিও আপোনাক এদিন নহয় এদিন সহায় কৰিম।”
সিংহই নিগনিৰ কাকুতি মিনতি শুনি, আৰু নিগনিয়েও যে তেওঁক সহায় কৰিব খোজে, এই কথা ভাবি মিচিকীয়া হাঁহিমাৰি তাক এৰি দিলে। নিগনিয়ে সিংহৰ হাতৰপৰা ৰক্ষা পাই তেওঁৰ শলাগলৈ গুচি গ’ল। কিছুদিনৰ পাচত সেই হাবিৰ মাজত জোনাক নিশা ফুৰি থাকোঁতে সেই ডিমৰু গছ জোপাৰ পৰা অলপ দূৰত পাতি থোৱা, চিকাৰীৰ পহুধৰা কান্দত সিংহ বন্দী হ’ল। সিংহই অনেক চেষ্টা কৰি সাৰিব নোৱাৰি গুঁজৰিবলৈ ধৰিলে, কিন্তু সকলো মিছা হল। চিকাৰীবিলাক সেই জালৰ পৰা অলপ আঁতৰতে এজোপা গছৰ ডালত উঠি থাকি সিংহক জালত পৰা দেখি মনত বৰ আনন্দ কৰিলে। সিহঁতে ঠিৰাং কৈ জানিব পাৰিছিল যে, সিংহ কেতিয়াও জালৰপৰা এৰাই যাব নোৱাৰে। পৰিশ্ৰম কৰি ভাগৰ লগাত সিংহটোৱেও মৰা ভাও জুৰি পৰিল। সিঁহতে তেতিয়া গছৰপৰা নামি আহি কবলৈ ধৰিলে, “আজি আমাৰ বৰ কপাল, যদি আমি এই সিংহক জীয়াই জীয়াই মি আমাৰ ৰজাৰ আগত দিওঁ গৈ, তেনেহলে আমি বহু টাকা পুৰস্কাৰ পামহঁক। বলাহঁক, এতিয়া সিংহক নিবলৈ, এখন গাড়ী আনোগৈ।”
চিকাৰীহঁত গাওঁৰ ফাললৈ গলত নিগনিটোৱে লাহেকৈ গাঁতৰপৰা ওলাই আহি সিংহৰ ওচৰ চাপি কলে,— “মহাৰাজ, আপুনি কিয় ইমান ভয় খায়িছে? আপনাৰ চিৰ-বন্দী মই আগত থকাত আপোনাক বিপদত পৰিবলৈ কেতিয়াও এৰি নিদিওঁ, আৰু বিশেষতঃ আপোনাৰ আগত মই প্ৰতিজ্ঞা কৰি কোৱাই আছে। এতেকে পূৰ্ব্ব প্ৰতিজ্ঞা পালন কৰোঁ। আপুনি মোক বিশ্বাস কৰক, মই ততালিকে আপোনাক মুক্ত কৰিম।” সিংহক সান্ত্বনা কৰি নিজৰ অঙ্গীকাৰ ৰাখিবৰ কাৰণে নিগনিয়ে ফাঁস কুটিবলৈ আৰম্ভ কৰিলে; আৰু এডাল এডালকৈ তৎক্ষণাৎ ফাঁহবিলাক কুটি সিংহক মোকলাই দিলে। সিংহই বিপদৰপৰা ৰক্ষা পাই হাবিৰ ফাললৈ খোজ ললে; আৰু নিগনিয়েও সিংহক প্ৰণাম কৰি গাঁতত সোমালগৈ।
ক্ষুদ্ৰ বস্তু এটায়ো সময়ত ডাঙ্গৰ উপকাৰ দিয়ে। এতেকে কাকো উপ্লুঙা কৰিব নাপায়।
⸻
শিয়াল আৰু ঢোলৰ কথা
শিৱসাগৰৰ শেণচোৱা গাবঁত এদিন ৰাতিপুৱা এটা খকুৱা শিয়াল আহাৰ বিচাৰি ফুৰি ফুৰিছিল। সি মাটি এদৰাত এটা সৰু চৰাই পৰি থকা দেখি ততালিকে তাক জাপ মাৰি ধৰিবলৈ গল।
ঠিক এনে সময়েতে সি ওপৰলৈ চাই দেখে যে তাৰ মূৰৰ ওপৰতে গছ এজোপাত কোনোবাই ঢোল এটা আঁৰি থৈছে। শিয়ালটোৱে আগেয়ে কেতিয়াও ঢোল দেখা নাছিল, সেইগুণে সেইটোনো কি তাক নাজানিছিল। সি মনে মনে ভাবিছিল যে, সেইটো এটা শকত-আবত জন্তু। এই বুলি মাৰি খাবৰ মনেৰে জাপ মাৰি ঢোলটো মাটিলৈ নামাই আনিলে, আৰু কামুৰি কামুৰি ছালখন ছিঙ্গিলে, কিন্তু তাত কোনো সোৱাদ নাপালে।
চৰাইটোৱে ইপিনে শিয়ালটোক ওপৰৰ ঢোলটোলৈ জাপমৰা দেখি বৰকৈ ছেঁ-ছেঁৱাই উৰি গুচি গল। শিয়ালটোৱে সেইদৰে জাপ নমৰ হলে চৰাইটোৱে তাক দেখিবলৈ নাপালেহেঁতেন আৰু শিয়ালটোৱেও তাক মাৰি খাব পাৰিলেহেঁতেন।
তেতিয়া শিয়ালটোৱে কলে, “মই বৰ খকুৱা দেখিহে এনে নিৰাশ হলোঁ। এতিয়া মোৰ খাবলৈ একো নাই। মই এই নিচিনা নজানা ডাঙ্গৰ বস্তুটো ধৰিবলৈ যোৱাতকৈ চিনা-জনা সেই সৰু চৰাইটোকে ধৰি খোৱাহেঁতেন, তেও মোৰ অলপ ভোক গুচিল-হেঁতেন।” এই বুলি খেদ কৰি হাবিলৈ গুচি গল।
এতেকে অচিন কাঠৰ থোৰাকো লগাব নালাগে। কাৰ সুখ নাই
সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ;
অণুমাত্ৰো সুখ নাই চিৰ ৰুগিয়াৰ।
সুখ নাই যিটে সদা গোচৰত ফুৰে;
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।
অহৰ্নিশে যাৰ ঘৰে নুগুছে কন্দল;
তাৰ ঘৰে সুখ ৰূপ নুফুলে কমল।
সকলো সম্পত্তি আছে, পত্নী কিন্তু নাই;
এনেকুৱা সংসাৰীৰ কোনো সুখ নাই।
ধনী বা নিৰ্ধন যদি হয় অপুত্ৰক;
সিবিলাকে দেখে দুখময় সংসাৰক।
সাধুৰ সন্তান যদি দুষ্টমতি হয়;
পিতৃ মাতৃ মনে একো সুখ নাথাকয়।
সুখ নাই যিটো হয় পৰৰ অধীন;
অসুখতে দিন যায় হলে বিদ্যাহীন।
৺বলদেব মহন্ত
এজন বামুণ আৰু এট৷ অসভ্য মানুহ
এদিন বামুণ এখন আতঁৰত থকা হাবিলৈ গৈছিল। তাতে শুকাই থকা খৰিবোৰ দেখি তাৰে একোছা ঘৰলৈ আনিবৰ মন কৰিলে। খৰি লুৰিবৰ নিমিত্তে লগত কটাৰী এখনো নাছিল। সেই কাৰণে বামুণে এডোখৰ মাটিৰে শিল এচটাৰ ওপৰত ঘৈণীয়েকলৈ কটাৰী এখন খুজি আখৰ গোটাদিয়েক লিখিলে, আৰু ওচৰতে ঠিয় হৈ থকা হাবিতলীয়া মানুহ এটাৰ হাতত শিলচটা দি কলে “এই শিলচটা মোৰ ঘৈণীৰ হাতত দে গৈ।” মাৰুহটোৱে সুধিলে, “শিলটো দি মই আৰু কিবা কব লাগিবনে?” বামুণে কলে, “তই আৰু একো কব নালাগে, যি কব লাগে, এই শিলচটাই কব।” মানুহটোৱে তধা লাগি ৰৈ কলে, “শিলেনো কথা কব পাৰেনে?” বামুণে “পাৰে” বুলি কৈ তাক পঠিয়াই দিলে।
সি তেতিয়া উধাতু খাই শিলটো লৈ বামুণীৰ হাতত দিলে গৈ। বামুণীয়ে পঢ়ি চাই ভিতৰলৈ সোমাই গল, আৰু কটাৰী এখন উলিয়াই আনি তাৰ হাতত দিলেহি। সি তেতিয়া বৰ আচৰিত হল, আৰু সুধিলে, “কটাৰীখনকে যে লাগে অইন নালাগে, তাক তুমি কেনেকৈ জানিলা?” বামুণীয়ে হাঁহি হাঁহি উত্তৰ দিলে, “শিলটোৱেই মোক কলে।”
বামুণীৰ কথা শুনি সি আকৌ উধাতু খাই তাৰ গাৱঁলৈ লৰ দিলে, আৰু গাৱঁৰ মানুহবোৰক কলেগৈ, “এই বামুণটো কম মানুহ নহয়, ই শিলকো কথা কোৱাব পাৰে।” এই কথাতে গাৱঁৰ ইৱোৰ মানুহো আচৰিত হল, আৰু বামুণক সেই দিনাৰপৰা পূজা কৰিবলৈ ধৰিলে। তাৰ পাচত বামুণকে সুধিপুছিসিহঁতেও লাহে লাহে গছপাত আদিক কথা কোৱাবলৈ শিকালে।
এতেকে সাধুৰ লগত পৰিলে বেয়া মানুহো ভাল হয়।
⸻
মেকুৰীৰ ডিঙ্গিত টিলিঙ্গা পিন্ধোৱা
নামনি আসামৰ বৰপেটা নগৰত এজন বৰ চহকী সদাগৰ আছিল। তেওঁৰ ঘৰত এজনী বৰ ডাইল মেকুৰী আছিল। ভাইৰ তাপত সদাগৰৰ ঘৰৰ নিগনিৰ বংশ ধ্বংশ হব গলা হলহি। সিহঁতে সেই বিপদৰপৰা ৰক্ষা পাবৰ কাৰণে এটা উপায় উলিয়াবলৈ এদিন এখন সভা পাতিলে।
এটাই যি কথা কয় আন এটাই তাক উৰাই দিৱে। এই দৰেই বহুত সময় গল, অৱশেষত এটা পোৱালি নিগনিয়ে কলে, “কি কৰিব লাগে, নই কওঁ শুনা।” আইনবিলাকে কলে, “বাৰু কোৱাঁ; তোমাৰটো বুধিকে শুনোহঁক।”
পোৱালি নিগনিটোৱে তেতিয়া ক’বলৈ ধৰিলে, “মেকুৰীজনী মনে মনে আহে, তাইভৰিৰে বা মুখেৰ কোন শব্দকে নকৰে। তাই কেতিয়া আহে আমি জানোঁ চাৰি গমকে নাপাওঁ। যদি তাই অহা মাত্ৰকে আমি গম পালোঁহেতেন, তেন্তে আমি লৰ মাৰি গাঁতত সোমালোঁহেঁতেন, আমাক আৰু তাই কত পায়। সেই কাৰণে এতিয়া আমি এটা টিলিঙ্গা আনি তাইৰ ডিঙ্গিত আঁৰি দিওঁহঁক। তেতিয়৷ হলে তাই অহা আমি গম পাম, আৰু ততালিকে লৰি পলাই সাৰিম।”
আটাইবিলাকে কবলৈ ধৰিলে, “হয়, হয়, সেইটোৱেই বৰ ভাল বুধি। ধৰাঁ আমি এতিয়াই তাকে কৰোহঁক।”
তেতিয়া এটা বুঢ়া নিগনীয়ে গহীনাই মাত লগালে, “অৱশ্যে এইটো বৰ সজ বুধি, কিন্তু তোমালোকে কথাটো ভাবি চাইছানে? এতিয়া বাৰু মেকুৰীৰ ডিঙ্গিত টিলিঙ্গা আঁৰি দিয়ে কোনে?
এই কথা শুনা মাত্ৰকে আটাইবোৰ নিগনিয়ে ইটোৰ মুখলৈ সিটোৱে আৰু সিটোৰ মুখলৈ ইটোৱে চাই বিবুদ্ধি হৈ ৰল। আৰু একো উপায় উলিয়াব নোৱাৰি সভা ভাঙ্গি সকলোটি দিহাদিহি গুচি গল।
এতেকে কোনো কাম কৰিবলৈ গলে কেনেকৈ তাক কৰিব পৰা যাব, তাক ভালকৈ ভাবি চিন্তি লব লাগে। কৰিব নোৱাৰা কাম ভাবি লোৱাৰ পৰা একো লাভ নাই। কাম আৰু ধেমালি
আসামৰ গুৱালপাৰা জিলাৰ বগৰিবাৰিত আবদুল্লা আৰু নৰেণ নামেৰে দুটি প্ৰায় সমান বয়সিয়া লৰা আছিল। সিহঁতৰ ঘৰো নিচেই ওচৰা-ওচৰি। আবদুল্লা জাতত মছলমান আৰু বয়সত আট বছৰৰ ভিতর। তাৰ বাপেকে উকীল কাম কৰিছিল। নৰেণ হিন্দু আৰু তাৰো বয়স ন বছৰ মাথোন। তাৰ বাপেকে জজৰ আপিচত কেৰাণীকাম কৰি পৰিয়ালৰ ভৰণ পোষণ ভাৰ চলাইছিল। এই লৰা দুয়োটি নলে গলে লগা বন্ধু আৰু একে স্কুলৰে ছাত্ৰ। এদিন ৰাতিপুৱা দুয়ো স্কুললৈ যাওঁতে বাটত নৰেণে ভাবিলে, আজি স্কুললৈ নাযাওঁ, ধেমালিকে কৰোঁ। এই ভাবি আবদুল্লাকে কলে, “আবদুল, আজ আমি ধেমালিকে কৰোঁহঁক ধৰা; ধেমালি কৰি লৈ আজি বতৰটি বৰ ভাল হৈছে।” নৰেণৰ কথা শুনি বাটতে দুইৰো তলত দিয়া ধৰণেৰে উখনা উখনি লাগিল :⸺
নৰেণ— “আবদুল আহাঁ, আজিনো কি আৰু পঢ়াশালিলৈ যাবা; ধেমালিকে কৰোঁহঁক আহাঁ; বলাঁ, পথাৰলৈ গৈ দুয়ো চেঁচাৰ খানি খাওঁগৈহঁক।
আবদুল্লা— “নহয় নৰেণ, আমি পঢ়াশালিলৈ যোৱা সময়ত এনেকুৱা কাম কৰিলে আমাক সকলোৱে গৰিহণা দিব; এতিয়া ধেমালিৰ সময় নহয়।”
নৰেণ— “আবদুল, তুমি বৰ আচৰিত লৰাহে! ধেমালি কৰিবলৈ ভাল নোপোৱাঁ জানো?”
আবদুল্লা— “যদিও মই ধেমালি কৰিবলৈ ভাল পাওঁ, তত্ৰাচ এইটো তাৰ সময় নহয় বুলি জানোঁ। এতিয়া আমাৰ পঢ়িবৰহে সময়।”
নৰেণ— “এতিয়াহে আমি পঢ়াশালিলৈ নাযাওঁ। এঘণ্টা বা দুঘণ্টামান সময়হে মাথোন ধেমালি কৰিম, তাৰ পাচত যদি ষোবাঁ, তেন্তে পঢ়াশালিলৈ যানহঁক। মই হলে অলপ ধেমালি নকৰাকৈ গোটেই দিনটো পঢ়িব নোৱাৰোঁ দেওহে।”
আবদুল্লা— “মই তোমাৰ কথা কেতিয়াও নুশুনোঁ। তুমি তোমাক নিজকে নিজে ঠগিছা বুলি জানিছানে? অইন কি, ৰাম নিচেই সৰু লৰা। সি পঢ়িবলৈ আহা এতিয়া ও তিনি মাহতকৈ বেচে দিন হোৱা নাই, তথাপি সি তোমাতকৈ বেচি পঢ়িছে। শ্ৰেণীৰ ভিতৰত তুমি হে মাথোন এদিনো পাঠ দিব নোৱাৰা। তুমি বৰ বেয়া হৈ গৈছ।” নৰেণ— “বেয়া লৰা বুলিছা বোলাঁ, মই তালৈ কাণ কৰিম বুলি ভাবিছানে কি? মই পঢ়ি ভাল নাপাওঁ, অইন কি মোৰ কিতাপ চুবৰে মন নাযায়। লিখা পঢ়াই নো কি গুণ দিবহে? বছৰ চেৰেকৰ পাচত ডেকা হৈ নিজৰ কাম মই নিজে কৰি কেনেকৈ খাম চাবাচোন। তাতে দেউতাৰ পইচা আছে, তেওঁ মৰিলে ময়ে সেইবোৰ নাখাম নো কোনে খাব?”
আবদুল্লা— নৰেণ, তুমি ডেকা হলে মানুহ বোলাব পাৰিবানে? ডাঙ্গৰ হলে তুমি পশুতকৈও অধম নহবানে? আৰু তোমাকে মূৰ্খ বুলি সকোলোৱে ছেই ছেই লেই লেই নকৰিবনে? কোনোবাই তোমাক মৰম চেনহ কৰিব বুলি ভাবিছানে?”
নৰেণ— “বাৰু মোক কোনেও আদৰ সাদৰ কৰিব নালাগে, তুমিয়েই সংসাৰৰ মৰম চেনেহ সোপাকে লৰা। এতিয়া মোৰ খুচি মতে মই ধেমালি কৰোঁগৈ। তুমি পঢ়িবলৈ যাব খুজিছা ষোৱাঁ, মোক হকা-বধা নকৰিবা।”
আবদুল্লা— “বাৰু যোৱা, তোমাৰ হেপাহ পলাই ধেমালি কৰাঁ গৈ আমাৰ তাত একো হানি নহয়; আৰু তাৰ লগে লগে জধা মূৰ্খও হোৱাঁগৈ। মই হলে মোৰ পঢ়াত মন দি পিতৃমাতৃ আৰু বন্ধুবৰ্গ সকলোৰে মনত সন্তোয দিবলৈ যথাসাধ্য পুৰুষাৰ্থ কৰিম। হেৰা দুৰ্ভগীয়া নৰেণ, কথা এটা কওঁ শুনা—পঢ়িব নোৱাৰিলে তোমাক কোনেও মৰমন কৰে, আৰু দেউতাৰায়ো বৰ খং কৰিব। যেতিয়া তোমাক সকলোৱে ইতিকিং কৰা দেখিব, তেতিয়া তোমাৰ মাৰাই মনত বৰ কষ্ট পাব। তুমি সুখী হৈ সংসাৰত কেতিয়াও জীবন নিয়াব নোৱাৰিবা, আৰু তোমাৰ পৰা পৃথিবীত কাৰো একো উপকাৰ নহব। তুমি নিজে পোহ যাবলৈকো ধন সম্পত্তি ঘটিব নোৱাৰিবা। এলেহুৱা হৈ তোমাৰ কৰ্ত্তব্য কাম নকৰি দিন নিয়োৱাৰ নিমিত্তে আগলৈ তোমাক কোনেও কেৰাহিকৈয়ে নেচাব। তোমাৰে সৈতে ইমান পৰ তৰ্ক কৰি মই মিছাকৈয়ে সময় নিয়াইছোঁ, মোৰ পঢ়াশালিলৈ যাবলৈ বেলি হব।”
নৰেণ— “বাৰু আবদুল, এতিয়া তোমাৰে সৈতে পঢ়াশালিলৈকে যাওঁ, পঢ়ি শুনি আতাই দুয়ো ধেমালি কৰিম দেইবা।”
আবদুল্লা— “বাৰু নৰেণ, পঢ়াশালি চুটি হোৱাৰ পিচত যদি ভাল বাতহ দিয়ে, ময়ো চিলা এটা আনিম, তুমিও এটা আনিবা, দুয়ো চিলা উৰাম। যদি বতাহ নিদিয়ে তোমাৰ বলটোকে আনিবা, দুয়ো খেলিম।”
এই বন্দোবস্ত কৰি দুয়ো পঢ়াশালিলৈ গল। যাৰ যি পঢ়া মন দি তাক পঢ়িলে গৈ। সেই দিনাৰপৰা নৰেণৰ আগৰ ধেমালি কৰি কাল নিওৱা অভ্যাস গুচিল, আৰু তেওঁ সময়ত ডাঙ্গৰ মানুহ হল গৈ।
এতেকে কুসংসৰ্গ পাৰাঁমানে এৰিবা। কৰ্ত্তব্য কাম কৰি শেষ কৰাৰ পাচতহে ধেমালি কৰিব লাগে। সন্তৰ সঙ্গত সুবাসনা আৰু দুষ্টৰ সঙ্গত দুৰ্বাসনা হয়, এতেকে পাৰাঁমানে সন্তৰ সঙ্গ লবা। ধেমালি
লৰাকাল বুলি, সদায় উমলি,
নিনিয়াবা তুমি কাল;
পঢ়া শুনা হলে, ৰদ মাৰ গলে,
অলপ ওমলা ভাল।
পুৱা বা গধূলি, কৰিবা ধেমালি,
বল যাতে পোৱা গাত;
তাছ, পাশা, কড়ি, যদি থাকাঁ ধৰি
এলাহ বাঢ়িব তাত।
যদি কিছু পৰ কেওঁ একে থৰ,
একেটা কামকে কৰে;
হাত ভৰি তাৰ, তোলা মেলা ভাৰ,
নিজ-জননীয়ে ধৰে।
এতেকতে দেও, নকৰিবা কেওঁ,
আপোনাৰ দেহা ক্ষয়;
শাৰীৰিক শ্ৰম, নকৰিবা কম,
স্বাস্থ্য তেহে ভালে ৰয়।
দুষ্ট লৰাবোৰে, ধেমালিতে ফুৰে,
পঢ়া-শুনা মুঠে নাই;
যেতিয়া এদিন, যায় তাৰ দিন,
তেতিয়া হে শোক পায়।
এতিয়াৰে পৰা এনে বন কৰা,
হবলৈ শেহত ভাল;
নহলে পাচত, কান্দিবা দুখত,
নেপাবা এনেটি কাল।
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
⸻
বান্দৰ আৰু কাঠৰ শাল
বেহাৰ দেশৰ দক্ষিণে এডোখৰ সুন্দৰ সমতল ভূমি আছিল। তাত শুভদত্ত নামে এটা কাঠ-মিস্ত্ৰিক এটা ঘৰ সাজিবলৈ ঠিকা দিয়া হৈছিল। মিস্ত্ৰিটোৱে হাঁতুৰী, বটালী, কৰত ইত্যাদি লৈ কাঠৰ কাম কৰিবলৈ ধৰিলে। কেইবা দিনো কাম কৰাৰ পিচত এদিন এডোখৰ কাঠ কৰতেৰ আধাফলা কৰোঁতেই বেলি পৰিল; লাহে লাহে অন্ধকাৰে গোঠেই জগত ছাটি পেলালে। মিস্ত্ৰিয়ে যিমান দূৰে পাৰে কাঠ ডোখৰ ফালি আতাবলৈ চেষ্টা কৰিছিল, কিয়নো সি ভালকৈ জানিছিল যে, আজি কৰিব পৰা কামটো কালিলৈ পেলাই থোৱা উচিত নহয় বুলি জ্ঞানী লোকে কৈ থৈছে। কিন্তু কি কৰিব, চকুৰে কাঠৰ ফাট মনিব নোৱাৰা হল। তেতিয়া সি ফলা কাঠডালৰ ফাটটোত এটা শাল মাৰি থৈ ঘৰলৈ গুচি গ’ল।
সেই কাঠ ফালিবলৈ লোৱা ঠাই ডোখৰৰ পৰা অলপ দূৰতে এডোখৰ হাবি আছিল। তাত বহুত বন্দাৰৰ বসতি আছিল। ৰাতি হলত বান্দৰবোৰে মুকলি ঠাইত কাকো কতো নেদেখি ধেমালি কৰিবৰ মনেৰে হাবিৰপৰা দল বান্ধি ওলাই আহিল। পোনে পোনেই আহি কিছুমান বান্দৰ সেই মিস্ত্ৰিয়ে কাঠ ফালিবলৈ লোৱা চাংখনত উঠিল, কিছুমানে ইফালে সিফালে জপিয়াই ফুৰিবলৈ ধৰিলে। সিহঁতৰ ভিতৰৰে এটা মৰিবলৈ
আগবাঢ়ি আহাৰ দৰে আহি পোন কোৰেই মিস্ত্ৰিয়ে আধা ফলা কাঠডালৰ ফাটটোতে ভৰি সুমাই বহি ললেহি, আৰু দুই হাতে শালটোত ধৰি জোকাৰিবলৈ ধৰিলে। শালটো টানকৈয়ে মৰা আছিল। কিন্তু ঘঁহি থাকিলে শিলো ক্ষয় যায়। বান্দৰটোৱে কঠোৰ পৰিশ্ৰম কৰি কোনোমতে শালটোৰ খাঁজ লৰালে, আৰু লাহে লাহে তাক উলিয়াই পেলালে। কিন্তু তাৰ নেগুৰডাল আৰু ভৰি এটা কাঠ দুচটাৰ মাজত সোমাই থাকিল। চেপাত দুখ পাই বান্দৰে চিঞঁৰি-বাখৰি ভৰিটো কচালি কচালি উলিয়াবলৈ চেষ্টা কৰোঁতে উলিয়াব নোৱাৰি নিজৰ প্ৰাণকে হেৰুৱালে। আনবিলাক বান্দৰে তাৰ যন্ত্ৰণা কিছু পৰলৈ চাই থাকি পিচত দিহা গুচি গল।
এতেকে যি পৰৰ অপকাৰ কৰিবলৈ বিচাৰে, তাৰ নিজৰহে হানি হয়। নভবা নিচিন্তাকৈ যেয়ে সেয়ে নজনা কামত হাত দিয়া অনুচিত।
⸻
কাৰ সমান কি নাই
সাপৰ সমান খঙ্গ কাৰো নাই নাই;
হিমালয় সম গিৰি পৃথিবীতে নাই।
দ্বীপ মধ্যে অষ্ট্ৰেলিয়া সবাতোকৈ বৰ;
সাগৰৰ বৰ নাই প্ৰশান্তত পৰ।
মিচিচিপি নদী সম নদী বৰ নাই;
মিষ্ট বাক্য সম মিঠা একো বস্তু নাই।
পশু মধ্যে ধূৰ্ত্ত নাই শিয়ালৰ সমান;
নৰৰ অধম নাই খলুৱাৰমান।
মন সম বেগৱন্ত কোনোবা কি আছে?
কালে কি কৰিব কাক কোনেনো বুঝিছে?
নতুন ধনীৰমান নাই অহঙ্কাৰী;
পিতা মাতা সম কোন আছে হিতকাৰী?
সকলো শোকত কৰি পুত্ৰ শোক বৰ;
মনোমত পত্নীশোক অতিগুৰুতৰ।
বিদ্যা সম বন্ধু আৰু কতো নাই নাই;
কঠিন বচন তুল্য, তিতা বস্তু নাই।
দুঃখৰ সহায় বন্ধু পাবলৈ টান;
ধনী নাই তাৰ সম, আছে যাৰ ধান
মাতৃহীন লৰা সম নাই দুৰ্ভগীয়া;
কৃপণ ধনীৰ সম, নাই অসুখীয়া।
ঋণ, ৰোগ, শোক, চিন্তা নাই শৰীৰত;
তাত কৰি আছে কোন্ সুখী সংসাৰত?
ৰোগৰ সমান শত্ৰু আৰু কোনো নাই;
এলেহুৱা লোকতকৈ কাপুৰুষ নাই।
ধৰ্ম্মৰ সদৃশ শুভ কাৰ্য্য একো নাই;
ধৰ্ম্মাশ্ৰয় বিনে নাই তৰণ উপায়। .
নিৰাশ্ৰয় বৃদ্ধা নাৰী অতীব দুখুনী;
তাৰ সম দুখী নাই নহলে সুগুনী।
৺বলদেব মহন্ত
দুজন সাধু পুৰুষ
এতিয়া প্ৰায় দুশ বছৰ হৈগল, ভাৰতত এজন শিষ্টধৰ্ম্ম নামেৰে মানুহ আছিল। তেওঁ অনেক দুখ আৰু পৰিশ্ৰমেৰে কিছু ধন উপাৰ্জ্জন কৰি পৰিশিষ্ট নামেৰে এজন মানুহৰপৰা এডোখৰ মাটি কিনি ললে। মাটি কিনাৰ অলপ দিনৰ পাচত এদিন ৰাতিপুৱা শিষ্টধৰ্ম্মই সেই মাটি ডোখৰতে হালবাই আছিল। অকস্মাৎ তেওঁ সোণ-ধনেৰে ভৰি থকা এটা বৰ ডাঙ্গৰ কলহ পালে। তেওঁ ধন পোৱা সময়ত ওচৰত কোনো মানুহেই নাছিল। ইচ্ছা কৰা হলে সেই সম্পত্তিৰ ভাগ কাকো নিদি তেওঁ নিজে আত্মসাৎ কৰিব পাৰিলেহেঁতেন, আৰু সিমান সম্পত্তিৰ গিৰিহঁত হৈ তেওঁ ধনী আৰু মানী বোলাই সংসাৰত সুখেৰে দিন নিয়াব পাৰিলেহেঁতেন। তেওঁ কিন্তু ধনী আৰু মানী হোৱাৰ আশা এৰিলে। মনে মনে ভাবিলে, “মই মাটি ডোখৰহে উচিত দাম দি পৰিশিষ্টৰপৰা কিনিছিলোঁ, সোণ ধনেৰে ভৰি থকা কলহটো মই কেতিয়াও কিনা নাই। এতেকে এই কলোহটো গিৰিহঁতক শোধাই দিয়া উচিত।”
ইয়াকে মনত থিৰ কৰি আটাই বিলাক সোণ-ধন পৰিশিষ্টক দিবলৈ তেওঁ পিঠিত বোকোচা বান্ধি লৈ গল। ওচৰ পাই কলে, “ডাঙ্গৰীয়া! আপোনাৰ পৰা কিনি লোৱা মাটিত মই হালবাই থাকোঁতে আপুনি পুতি থোৱা এইখিনি ধন-সোণ মাটিৰ তলত পালোঁ; এতিয়া আপোনাৰ সম্পত্তি গ্ৰহণ কৰি মোক বিদায় দিয়ক।” পৰিশিষ্টই তেওঁৰ সুমধুৰ কথা শুনি অতি আনন্দেৰে কলে, “ডাঙ্গৰীয়া! আপুনি কি কৈছে? এই বিলাক সম্পত্তি মোৰ নহয়, নহয়! এই বিলাকত মোৰ কেতিয়াও অধিকাৰ নাই। মই উচিত দাম লৈ আপোনাক মাটি বেচিছোঁ; তাত যি লাভ-লোকচান হয়, সকলো আপোনাৰ; এতেকে সেই সোণ-ধনৰ
আপুনি হে গৰাকী। সি যিহওক আপোনাৰ সজ ব্যৱহাৰত মই বৰ সন্তোষ পাইছোঁ। এতিয়া আপোনাৰ সম্পত্তি লৈ যাওক।”
এইদৰেই দুয়োজনৰ ভিতৰত তৰ্ক বিতৰ্ক হল; কিন্তু কোনেও কাকো ধণ-সোণসোপাৰ গৰাকী পাতিব নোৱাৰিলে। ওচৰ চুবুৰীয়া আটাইবিলাক মানুহেই তেওঁবিলাকৰ উখনাউখনি শুনি লৰালৰিকৈ আহি সকলে বিলাক জানিবলৈ পাই আচৰিত হল, আৰু দুয়োজন সাধু পুৰুষকে ধন্যবাদ ও প্ৰশংসা কৰিবলৈ ধৰিলে। কিন্তু ধন-সোণসোপা কোণে পাব, তাক কোনেও স্থিৰ কৰিব নোৱাৰিলে। অৱশেষত সেই দেশৰ ৰজাৰ ওচৰত মেল কৰিবলৈ গল; কিন্তু কথা শুনি ৰজাও বিবুদ্ধি হ’ল। বহু পৰ ভাবি-চিন্তি একো মীমাংসা কৰিব নোৱাৰি কবলৈ ধৰিলে, “এওঁবিলাক দুয়োজন যথাৰ্থতে সাধু পুৰুষ!” অনেক বেলিৰ পাচত ৰজাই আকৌ সুধিলে, “হেৰা সাধু পুৰুষ দুজন! তোমালোক দুইৰো লৰাছোৱালি আছেনে?” তেওঁবিলাকৰ এজনে উত্তৰ কৰিলে, “মহাৰাজ! মোৰ এটি লৰা আৰু তেওঁৰ এজনী ছোৱালী আছে।” ৰজাই তেওঁৰ মনৰ মতে প্ৰত্যুত্তৰ পাই অতি সন্তোষেৰে কলে, “তোমালোকৰ ধণ-সোণ ভগাই দিয়া বুদ্ধি ওলাইছে। তোমালোক দুয়ো সম্বন্ধ কৰা, এজনৰ লৰাৰে সৈতে আন জনৰ ছোৱালীৰ বিয়া পাতি এই সম্পত্তি সোপাকে সিহঁতক দিয়া।” ৰজাৰ আজ্ঞাত তেওঁবিলাক মান্তি হৈ ঘৰাঘৰি গুচি গল, আৰু সেই ৰকমেই কাম কৰিলে গৈ।
এতেকে বহুত ধন সম্পত্তি পায়ো যিজন সত্য পথৰ পৰা বিচলিত নহয়, তেওঁৱেই প্ৰকৃত সাধু পুৰুষ। স্বভাৱ
স্বভাৱ অমূল্য নিধি ৰাখিবা মনত,
স্বভাৱে লোকক তোলে ওখ আসনত।
স্বভাৱে কৰিব পাৰে সকলোকে জয়,
স্বভাৱ বলতে নৰো দেবতুল্য হয়।
দেহৰ শুৱণী যেনে বসন ভূষণ,
স্বভাৱেও কৰে তেনে জীৱ বিতোপন।
স্বভাৱ লগত নাই একোৰে তুলনা,
হয় নে নহয় চোৱাঁ কৰি বিবেচনা।
বিদ্বানে সম্মান পায় বিদ্বাৰ বলত,
প্ৰশংসাও পায় বহু জ্ঞানী সমাজত।
নিখুঁত স্বভাৱ কিন্তু আছে যি জনৰ,
গোটেই সংসাৰে কৰে তেওঁক আদৰ।
স্বভাৱ গুণতে চোৱাঁ তেনে সাধুজন,
লোকৰ বিশ্বাসী আৰু ভক্তিৰ ভাজন।
সমাজ চানেকি তেওঁ পৃথিবী ভূষণ,
মৰিও অমৰ হই থাকিব অমৰণ।
স্বদেশ বিদেশ সকলোতে মহাসুখী,
এতেকে স্বভাৱ গঢ়া তেনে সাধু দেখি।
কৰিব পাৰিলে সজ তোমাৰ স্বভাৱ,
পৃথিবীত একোটোৰে নেথাকে অভাব।
শ্ৰীদুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
⸻
সিংহ, উট, বাঘ, শিয়াল আৰু কাউৰীৰ কথা
এখন অৰণ্যত এটা সিংহ আছিল। সেই সিংহ সেই অৰণ্যৰ ৰজা আৰু তেওঁৰ অধীনত এটা বাঘ, এটা শিয়াল আৰু এজনী কাউৰী এওঁবিলাকেই প্ৰধান বিষয়া আছিল। সিংহই চিকাৰ কৰি গাহৰী পহু আদি মাৰি আনে, তাৰেই সকলো সভাসদে গোট পিত খাই নিজৰ নিজৰ পেট প্ৰবৰ্ত্তাই থাকে।
এদিন এটা উট মইমতালি কৰি গিৰিহঁতৰ ঘৰৰ পৰা গুচি গৈ সেই হাবিত সোমাল গৈ। সিংহৰ সভাসদ সকলে উটক লগ পাই ৰজাৰ ওচৰলৈ লৈ গল। উটে সিংহক দেখি ভয়তে বিচূৰ্ত্তি হল, আৰু বহুত অনুনয়-বিনয় কৰি নিজৰ সকলো দুখ জনালে। মৰম লাগি সিংহে উটক আশ্বাস দিলে, আৰু তেওঁৰ ৰাজ্যৰ এজন প্ৰধান বিষয়া পাতি তাতে থাকিবলৈ আজ্ঞা কৰিলে। সেই দিনাৰে পৰা উটৰ নাম মেকুৰীকণীয়া হল।
বাৰিষা হল; চাৰিওফালে পানীয়ে দুনিয়ে জপ্জপাই ফুৰাত সিংহৰ জ্বৰ হৈ পৰি থাকিব লগাত পৰিল। লোকৰ ওপৰত চৰি ফুৰা সভাসদ সকলে আহাৰ-পানী নাপাই কল্মলাই
ফুৰিবলৈ ধৰিলে। সিহঁতে গোট-পিত খাই ইয়াকে ঠিৰাং কৰিলে,— “কোটকোৰা কাঁইট, বগৰী জেং খোৱা উটে আমাৰে সৈতে জোৰ মাৰিব পাৰে নে? সিংহক কৈ তাকে বধ কৰি আমাৰ পেট পূৰোৱা যাওক।” কিন্তু সিংহৰ নিচিনা উদাৰ স্বভাৱৰ জন্তুৱে নিজৰ আশ্ৰিতৰ প্ৰাণবধ কৰিবনে, এনে এটা শঙ্কা সিহঁতৰ মনত উদয় হল।
কাউৰীজনীয়ে কলে, “ভোকত পোৱাঁতী মেকুৰীয়ে নিজৰ পোৱালী খায়, সাপে উমনি দি থকা কণি খায়, তেনে স্থলত সিংহই উটটোক না মাৰিব নে? ভোকত চেঙ্গালুটি পাৰি আছে যেতিয়া নিশ্চয় মাৰিব। বাৰু যদিহে নামাৰে তেনেহলে এটা বুধি কৰি আমালোকেই তেওঁৰ দিহা লগাব লাগিব।”
ইয়াকে মীমাংসা কৰি সভাসদ সকলে ৰজাৰ ওচৰলৈ গৈ দণ্ডৱতে প্ৰণাম কৰিলেগৈ। ভোকত পেটে নাড়ীয়ে ছিগি থকা সিংহই সভাসদ সকলক শুদা হাতে যোৱা দেখি গোড়গোড়াবলৈ ধৰিলে আৰু সুধিলে, “খাবলৈ কি আনিছাহঁক?” কাউৰীয়ে মাত লগালে “স্বৰ্গদেউ, বহিৰা একো পোৱা নগল।”
সিংহই খঙত গৰ্জ্জি কলে, “ভোকত মৰিম নেকি?”
কাউৰীয়ে কোমলাই উত্তৰ দিলে, “স্বৰ্গদেউ, মৰিব কিয়? আছে নহয়।”
কাউৰীৰ কথাত সিংহৰ দুগুণ খং উঠিল; “আছে নহয়— ইয়াৰ মানে কি?” বুলি গৰ্জ্জিবলৈ ধৰিলে। সিংহই মনে মনে ভাবিলে, “মই বেমাৰি হৈ পৰি থকা দেখি ইহঁতে মোৰে সৈতে ভেঙ্গুচালি কৰিছেহি।” কাউৰীয়ে সিংহৰ কাণে কাণে কলে, “আজিলৈ উটটোক মৰা যাওক।” সিহঁই ভূমি ছুই কৰ্ণত হাত দি কলে, “তেনে কথা হবই নোৱাৰে। আশ্ৰয় দি এতিয়া ভক্ষক হম নে? এই অপবাদ ফুটি-ফাটি যাব, আৰু সংসাৰ থাকে মানে থাকিব।” কাউৰীয়ে কলে, “স্বৰ্গদেউ, আপুনি জোৰ জবৰ কৰি মাৰিব নালাগে। মই যদি নিজে মৰিও স্বৰ্গদেৱক মোৰ মাংস খুৱাব খোজোঁ, তেন্তে তাত স্বৰ্গদেৱৰ কি আপত্তি থাকিব পাৰে?”
সিংহই উত্তৰ কৰিলে, “মোৰ বৰ ভোক লাগিছে, কি হয় এটা দিহা কৰাঁ।”
এই কথাতে চেলু পাই সভাসদ সকলে মেকুৰীকণীয়াক বিচাৰি গল, আৰু ৰজাই মাতিছে বুলি লৈ আহিলগৈ। সিংহই ইচাটি-বিচাটি কৰিবলৈ ধৰিলে, তেনেতে কাউৰী, বাঘ আৰু শিয়ালে ক্ৰমান্বয়ে নিজকে নিজে সিংহৰ খাদ্য স্বৰূপে উছৰ্গা কৰি দেখুৱালে। সিংহই কাকো মাৰিবলৈ মান্তি নহল। উটটোৱে ভাবিলে, “ৰজাই দেখোন কাকো নামাৰিলে; এওঁবিলাকে আত্মোৎসৰ্গৰ বাবে গাইপতি বঁটা পাব; মইতো কিয় বাদ পৰি থকোঁ?” এই দৰে যুক্তি কৰি, “স্বৰ্গদেৱে আজিলৈ মোৰ মঙ্গহকে খাওক” এই বুলি কোৱামাত্ৰকে সিংহৰ উত্তৰলৈ বাট নাচাই বাঘে তাক ছিৰাছিৰকৈ ফালি পেলালে। পিচত সকলোৱে তাৰ মঙ্গহেৰেই ভোজ পাতি খালে।
এতেকে যাৰ যি কাম, তাক নকৰি যি দুষ্টৰ সঙ্গ লয় গৈ, তাক পদে পদেই বিপদে পায়। নেৰা নেপেৰা চেষ্টা
যেতিয়া কৰিব লগা কাম পোৱা বোপা
কৰা তাক হৰিষ মনেৰে,
পৰ্ব্বত টিঙ্গত যদি উঠিবগৈ খোজা
ফুৰা আগে তলত ততেৰে।
পৰ্ব্বতৰ নামনিত থিয় হৈ যদি
চাই থাকা সুনীল গগন,
নোৱাৰা উঠিব বোপা পৰ্ব্বত টিঙ্গত
কেতিয়াও নকৰি যতন।
যদিওবা খোৱা তুমি উজুটি সঘনে
কেতিয়াও নহবা নৈৰাশ,
চেষ্টা কৰা বাৰ বাৰ মৰমৰ লৰা,
সফল নিশ্চয় হব আশ।
শ্ৰীহৰিনাৰায়ণ বৰুৱা
⸻
ৰাম আৰু এটা কেৰ্কেটুৱা
বনত থাকোঁতে এদিন এটা সোণৰ পহু তেওঁবিলাকৰ ওচৰেদি লৰি গল। তাকে দেখি সীতাই পহুটো ধৰি আনি দিবলৈ কাকুতি মিনতি কৰি ৰামক কবলৈ ধৰিলৈ। ৰামেও সীতাৰ কথা মতে পহুটো ধৰিবলৈ পিচে পিচে খেদি গল, আৰু খেদি যোৱাৰপৰা বহুত পৰৰ পিচলৈকে ৰাম উলটি নাহিল। তেতিয়া লক্ষ্মণেও সীতাক বনত অকলে এৰি থৈ ৰামক বিচাৰি গল।
তেতিয়া লঙ্কা দেশৰ ৰজা ৰাবণ আছিল। তেওঁ বৰ দুষ্ট আৰু পৰাক্ৰমী ৰজা আছিল। তেওঁৰ কুঅভিসন্ধিতে সীতাৰ আগত সোণৰ মায়া পহু ওলাই ছিল হি। তেতিয়া তেওঁ সীতাক সেই দৰে অকলে থকা পাই বন্দী কৰিলেহি, আৰু নিজৰ ৰাজ্য লঙ্কালৈ লৈ গুচি গল। পিচত ৰাম উলটি আহি তেওঁবিলাকৰ বাহৰত সীতাক দেখা নাপাই বৰ দুখ কৰিলে। চৰাই পহুকে আদি কৰি সকলো বন্য জন্তুকে সীতাৰ বাতৰি সুধিলে, আৰু সীতাৰ উদ্ধাৰৰ অৰ্থে সহায় বিচাৰিলে।
ৰামৰ কথা শুনি প্ৰথমতে এটা কেৰ্কেটুৱা আহিল। সেই কালত কেৰ্কেটুৱাৰ চাল চিকমিকীয়া আছিল, আৰু ৰদত সোণৰ নিচিনাকৈ জিলিকিছিল। কিন্তু ইহঁত এতিয়া যেনে ধেমেলীয়া তেতিয়াও তেনে আছিল। এই কেৰ্কেটুৱাটো আহি ৰামৰ তৰোৱালত জাপ মাৰি ধৰিলেহি আৰু কলে, “প্ৰভু, মই আপোনাক সহায় কৰিবলৈ আহিছোঁ।”
ৰামে সেই ধুনীয়া কেৰ্কেটুৱাটোৱে সাহ কৰি তেওঁক সহায় কৰিবলৈ আগ বঢ়া দেখি তাৰ পিঠিত লাহে লাহে হাত ফুৰাই কলে, “বোপা, তুমি মোক সহায় কৰিবলৈ আহিছা হয়, পিচে তুমিনো ডাঙ্গৰ ডাঙ্গৰ ৰাক্ষসেৰে সৈতে কেনেকৈ যুজিবা? তুমি নিচেই ক্ষুদ্ৰ প্ৰাণী, এতেকে তুমি এতিয়াৰ দৰেই বনৰ ফল মূল খাই ধেমালি কৰি ফুৰাগৈ আৰু আনকো তোমাৰ দৰে সুখী হবলৈ শিকোৱাগৈ।”
এই দৰে কোৱাৰ পিচত যেতিয়া তাৰ পিঠিৰপৰা ৰামে হাত দাঙ্গি আনিলে, তেতিয়া তাৰ পিঠিত তেওঁৰ আঙ্গুলিৰ সাঁচ বহি ৰল, আৰু তেতিয়াৰপৰা কেৰ্কেটুৱাৰ পিঠিত আঙ্গুলিৰ নিচিনা সঁচ হল। ওপৰৰ ছবিটোৰ কেৰ্কেটুৱাটোৰ পিঠিত যি সাঁচ দেখিছা, সেইবোৰ ৰামৰ আঙ্গুলিৰ সাঁচহে। এযোৰ ৰাজহাঁহ আৰু কাছৰ কথা
বঙ্গদেশৰ পশ্চিমে থকা বিহাৰ দেশত “পদুম পুখুৰী” নামেৰে অখন বিল আছিল। তাত বহুত মাছ, কাছই অনেক দিনৰপৰা থাকি পোৱালী জগাই বিলখন তল-ওপৰ কৰি আছিল। মাঝৰ কমনি দেখি বাটৰ বাটৰুৱায়ো খন্তেক বৈ চাই নোযোৱাকৈ নোৱাৰিছিল; কিন্তু কালিকা লগা বিল বুলি তাত কোনেও মাছ মাৰিবলৈ সাহ নকৰিছিল। সেই বিলতে “চালনী পঠিয়া” বুলি এটা কাছ আছিল। তাৰ পিঠিটো চলঙ্গে এনেকৈ ঢাকি থৈছিল যে তাৰ নামটো গাৰ গঢ়েৰে সৈতে মিলি পৰিছিল। এযোৰ রাজহাঁহ সদায় সেই বিলতে চৰিবলৈ আহে। চালনী পিঠিয়াৰ হাঁহযোৰেৰ সৈতে ইমান মিল হল যে ইযোৰাই সিযোৰাক সকলো কথা নোকোৱাকৈ নোৱোৰা হল।
সেই বিলখনত মাছ থকাৰ কথা শুনি অলপ দূৰত থকা এখন গাৱঁৰ কিছুমান জালোৱাই জাল পল লৈ আহি বিলৰ পাৰতে খুটি মাৰি ভাত পানী খাবলৈ লাগিলহি। সিহঁতৰ মাজত “কাইলৈ মাছ কাছবোৰ কেনেকৈ ধৰা হব, কি কৰা হব,” এই বিলাক কথা গুণাগঁথা কৰিবলৈ ধৰিলে। বিলত পৰা চাউল পাত খাবলৈ চালনী পিঠিয়াই সেই ঠাইলৈকে আহি সকলো কথা শুনিলে। “কাইলৈ মোক ধৰি নি মাৰিবগৈ” এই কথা ভাবি তাৰ ভয়ত সেই নিশা টোপনি নাহিল।
পিচ দিনা ৰাতিপুৱাই আহি হাঁহযোৰ বিলত পৰিছেহি, এনেতে চালনী পিঠিয়া ওচৰলৈ গৈ কলে, “সখি, আজি জালোৱা এজাকে এই বিলখনত জাল পল বাই মাছ কাছ সোপাকে ধৰিব। পিচে সাৰিবৰ কি উপায় কৰা যায়?” হাঁহে কলে, “সখি,
আমাৰ ভয় নাই, আমি উৰা মাৰি সাৰিব পাৰিম। পিচে ইমান দিন বন্ধু ভাৱে থকাৰ কাৰণে তোমাৰ এটা উপায় কৰিব পৰা হলে ভাল লাগিলহেঁতেন। তুমি আন এখন বিললৈ বগাই যাব নেৱাৰা নে?” কাছই বৰ বেজাৰেৰ উত্তৰ দিলে, “সখি, যাব পৰাহেঁতেন তোমালোকৰ ওচৰত খাটনি ধৰিবলৈ নাহিলোঁ হেঁতেন। বাটত যাওঁতে কোনোবাই মাৰি পেলাব। সখি, তোমালোকৰ লগতে মোকো উৰাই নিব নোৱাৰা নে?” কাছৰ কথাত আচৰিত হৈ হাঁহযোৰে তেনে কথা অসম্ভৱ বুলি একে আষাৰেই কলে। তেতিয়া কাছই দুনাই মাত লগালে, “সখি, মই এটা উপায় পাইছোঁ। মই মাৰি এডাল কামোৰ মাৰি ধৰিম, তোমালোক দুয়োৱে দুফালে ধৰি মোক উৰাই লৈ যাবা।” উত্তৰত হাঁহে কলে, “সেইটো কৰিব পৰা যায় হয়, কিন্তু তাৰ পৰা বৰ দুৰ্ঘটনা হব পাৰে। তুমি বৰ সাৱধানে যাব লাগিব। যদিহে কেনেবাকৈ মুখ মেলি দিয়াঁ, তেনেহলে একেবাৰেই মাটিত পৰিবাহি, আৰু ঠৰ-মৰ খাই তেতিয়াই মৰিবা।” কাছই খপৰাই মাত লগালে, “সখি, মোক ইমান অঁকৰা দেখিছানে, মই আৰু সেইটো কথাও নেজানোঁ নে?” “বাৰু তেন্তে বলা” বুলি এডাল মাৰি আনিলে; কাছই মাজতে কামুৰি ধৰিলে, আৰু হাঁহ যোৰে মূৰ দুটাত কামুৰি ধৰি কাছক উৰাই লৈ গল।
ৰাতিপুৱা এজাক গৰখীয়াই পথাৰত গৰু চৰাবলৈ আনিছিল। ওপৰেদি কাছটো উৰি যোৱা দেখি সিহঁতে হাত চাপাৰ বজাই কবলৈ ধৰিলে, “কাছ উৰিছে হঁক ঔ! কাছ এজনী উৰি গৈছে ওপৰলৈ চাহকচোন। যদিহে কেনেবাকৈ মাটিতে পৰে, ইয়াক পথাৰতে জুইত পূৰি খাম।” দুটামান গৰখীয়াই আকৌ কলে, “নহয়, নহয়, ঘৰলৈ লৈ গৈ কুটি-বাছি ৰান্ধি খামগৈহঁক।” এই দৰে সিহঁতে উখনা-উখনি কৰিবলৈ ধৰিলে। কাছই এনে কথাবোৰ শুনি খঙ্গত জলি-পকি উঠিল। তেতিয়া মনে মনে কলে, “মোক খাৱ! তহঁতে কত মুখ ধুই আহিছ অঁ!” পিচত সিহঁতকো কথাষাৰ শুনাব লাগিল বুলি ফুটাই কবলৈ মুখ মেলা মাত্ৰকে মাৰি ডালৰপৰা এৰাই আহি কাছ মাটিত পৰিগল! গৰখীয়া লৰাবাহে ধৰি আনি মাৰি কুটি-বাছি ৰান্ধি খাই পেলালে।
এতেকে কোনো কাম কৰাৰ আগতে তাৰ ফলাফল ভাবি চাব লাগে। নভবা নিচিন্তাকৈ কাম কৰিলে এই দৰে বিপদত পৰিব লাগে।
⸻
খলিফা ওমৰ আৰু এজনী দুখীয়া
মাইকী মানুহ
এওঁৰ ৰাজত্বৰ সময়ত আৰব দেশত বৰ আকাল হৈছিল, আৰু গোটেই দেশতে হাহাকাৰ লাগিছিল। খলিফাৰ খাব লবলৈ অনেক ধন সম্পত্তি বই-বস্তু থকাতো প্ৰজাৰ দুখত দুখী হৈ
তেওঁ বৰ বেজাৰ মনোৰে ভাবিছিল, “মোৰ প্ৰজাই যেতিয়া খোৱা বস্তুৰ অভাৱত যৎসামান্য খায়েই জীবন ধাৰণ কৰি থাকিব লগাত পৰিছে, ময়ো তেওঁলোকৰ দৰেই অলপ আহাৰ কৰিম।” তেতিয়াৰ পৰা তেওঁ গাখীৰ-মাখন আদি হাতেৰে নুচুইছিল; কেৱল আটা গুৰিৰে তৈয়াৰি দুই চাৰিখন ৰুটী খায়েই দিন কটাইছিল, আৰু নিজৰ টকাৰে দুখীয়াক সহায় কৰিছিল।
তেওঁ প্ৰায়ে প্ৰতিদিন ৰাতি দুখীয়া মানুহৰ সাজ পিন্ধি তেওঁৰ প্ৰজা নো কেনে অৱস্থাত আছে, তাক চাবৰ উদ্দেশ্যৰে কাৰেং ঘৰৰ টোলৰ বাহিৰ হৈ আহি ছদ্ম-বেশ ধৰি নগৰৰ ভিতৰত ফুৰিছিল। এদিন ৰাতি তেওঁ ফুৰি থাকোঁতে এটা ঘৰৰ ভিতৰত কান্দোনৰ শব্দ শুনিবলৈ পাই ভিতৰলৈ সোমাই দেখে যে, এজনী মাইকী মানুহে ভোকত অস্থিৰ হোৱা এটা কেচুৱা লৰাক কোলাত লৈ বেজাৰ মনেৰে মজিয়াতে বহি আছে; আৰু উঠি-লৰি ফুৰিব পৰা এটা লৰাই ওচৰতে বহি মাকৰ মুখলৈ চাহি আছে। মাকে তাহাঁতক আহাৰ দিবলৈ অন্য উপায় নাপাই দুডোখৰমান শুকান হাড় আনি ৰস উলিয়াবৰ মনেৰে পানীত সিজাই আছে।
খলিফাই সিহঁতৰ তেনে অৱস্থা দেখি সুধিলে, “আই! তুমি কি কৰিছা? লৰাকেইটিয়ে কিয় ইমানকৈ কান্দিছে?” মানুহ জনীয়ে কলে, “এৰা বোপাই, মোৰ দুখৰ কথা কলেনো কি হব! এই লৰাকেইটিয়ে আজি দিনৰ দিনটো একোকে খাবলৈ পোৱা নাই। কান্দোনত অস্থিৰ হোৱা দেখি মই একো উপায় নাপাই এই হাড় কেডোখৰকে সিজাইছোঁ; ইয়াৰ ৰসটোপা খায়েই সিহঁতৰ অলপ ভাল লাগি টোপনি যাব পাৰে।” তেতিয়া ছদ্ম-বেশী খলিফাই কলে, “ইমান যে দুখ খাইছা, খলিফাৰ ওচৰলৈ তোমাৰ দুখৰ কথা নোকোৱাগৈ কিয়?” তাই হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে, “আমাৰ নিচিনা দুখীয়া মানুহ খলিফাৰ ওচৰলৈ যোৱা নোযোৱা একেই; তেওঁ হৈছে এজন ৰজা, মই এজনী সাধাৰণ দুখীয়া মানুহ, মোৰ কথালৈ তেওঁ কিয় কাণ কৰিব?”
মানুহজনীৰ অৱস্থা দেখি খলিফা ওমৰৰ বৰ বেজাৰ লাগিল, আৰু “ঈশ্বৰে তোমাৰ মঙ্গল কৰক”—এই বুলি লাহেকৈ ঘৰৰপৰা ওলাই আহিল। ঘৰলৈ উলটি আহি নিজে কিছুমান ভাল ফল, মঙ্গহ, আৰু আটাগুৰি লৈ সেই মানুহজনীক দিলে গৈ। তাই তেতিয়া নথৈ শলাগ লৈ সেই মানুহজনীক কলে, “ঈশ্বৰে তোমাৰ মঙ্গল কৰক; তুমি বৰ দয়ালু, তোমাৰ অনুগ্ৰহতেই আজি মোৰ আৰু মোৰ লৰাকেইটিৰ প্ৰাণ ৰক্ষা পৰিল। তুমিহে আচল খলিফা, যদিও সেই দুখীয়াক পুতৌ নকৰা ওমৰ খলিফা নোহোৱাঁ!” খলিফাই তেতিয়া মনে মনে লাজ পাই তাইক আশীৰ্ব্বাদ কৰি সেই ঠাইৰপৰা গুচি গল; নিজৰ প্ৰশংসা নিজে লোৱা হয় বুলি তেওঁ পৰিচয় নিদিলে।
এতেকে সকলোকে পৰা-পৰিমিতে পুতৌ আৰু সহায় কৰিবা। কিন্তু আত্মশ্লাঘা নকৰিবা। সৰু আইটী আৰু সৰু চৰাই
অ’ সৰু চৰাই অ’ সৰু চৰাই
মোৰ তালৈ যাবি,
পকা জামু পাৰি দিম শাৰী শাৰী
সোণাৰ সজাত খাবি।
ফুটুকা ফুটুকি ফুল দিম আনি
তোক মই কোঁচ ভৰি,
অ’ সৰু চৰাই আহচোঁন তই
দেও দি দি লৰি লৰি।
অ’ সৰু আইটী অ’ সৰু আইটী
বৰ ভাল পাওঁ মই,
বা ৰিব ৰিব বা ৰিব ৰিব
মলয়া বতাহ বয়।
নেলাগে নেলাগে আইটী নেলাগে
সোণৰ সজাটি তোৰ,
গছৰ আগত পাতৰ আঁৰত
বাহ আছে সৰু মোৰ।
অ’ সৰু চৰাই অ’ সৰু চৰাই
কলই যাবি উৰি তই,
এটি দুটি কৰি পাত যাব সৰি
জাৰ কালি আহিলেই।
জাৰে হিমে বৰ দুখ হব তোৰ
বাহত থকা যে টান,
অ’ সৰু চৰাই অ’ সৰু চৰাই
কথালৈ কৰিবি কাণ!
অ’ সৰু আইটী অ’ সৰু আইটী
উৰি গুচি যাম মই,
যি দেশত কুঁহি পাত ফুল আছে
তেনেকুৱা দেশলৈ।
জাৰ হলে অন্ত আহিব বসন্ত
পচোৱা বলিব জুৰ,
তেতিয়া আহিম আকৌ নাচিম
ধৰিম গানৰ সুৰ।
অ’ সৰু চৰাই অ’ সৰু চৰাই
যাবি বাৰু কেনেকৈ,
পৰ্ব্বত সাগৰ কত দেশান্তৰ
অকলৈ পাৰ হৈ।
আজলী পোৱালী অ’ সৰু চৰাই
মোৰ তালৈ তই যাবি।
নহলে নিশ্চয় গই গই তই
সঁচা বাট হেৰুৱাবি।
অ’ সৰু আইটী অ’ সৰু আইটী
মোৰ লগৰীয়া হৰি,
পৰ্ব্বত সাগৰ নদী সৰোবৰ
লই যায় পাৰ কৰি।
ৰ’দৰ পোহৰ সকলো দেশৰ
খাই গুচাবলৈ ভোক,
মূকলি মূৰিয়া সদাই সুখীয়া
তেৱেঁই কৰিলে মোক।
শ্ৰীআনন্দ চন্দ্ৰ আগ্ৰোৱালা
⸻
এটা সিংহ আৰু এটা বন্দীৰ কথা
অতি পুৰুণি কালত ৰোম দেশৰ এজন গন্য মান্য ভদ্ৰলোকৰ কেইবাটাও বন্দী আছিল। ভদ্ৰলোক জনে বন্দীকেইটাৰ হতুৱাই কামহে কৰায়, কিন্তু সিহঁতৰ খোৱা পিন্ধাৰ ফালে অকণো চকু নাৰাখে।
এদিন তাৰে এটা বন্দী পলাই গল। তাৰ দেশ পাবলৈ বাটত সি হাবি, মৰুভূমি আদি জনশূন্য বহুত ঠাই পাৰ হৈ যাব লাগে। বন্দীটোৰ হাতত টকা পইচা নথকাৰ বাবে সি বহুত দূৰ যাব নোৱাৰি, এদিন আবেলি বেলিকা এখন অটব্য হাবিতে পৰি থাকিব লগাত পৰিল। সি যি ঠাইত জিৰাইছিলগৈ, তাৰ অলপ দূৰৰ গহ্বৰ এটাতে এটা সিংহ আছিল। মানুহৰ গম পাই সিংহ ওলাই আহিল। সিংহটো দেখি বন্দীটোৰ মূৰৰ চুলিয়ে জীৱ গল, আৰু সিংহই খাই পেলাব বুলি ঠিৰাং কৰি মৰিবলৈ সাজু হল। এনেতে সিংহই লাহে লাহে পচৰ চাপি আহি মূৰটো অলপকৈ জোকাৰি পিচ ভৰিত ভৰ দি বহি পৰিল, আৰু বন্দীটোৰ গালৈ আগ ভৰি এটা মেলি
দিলে। বন্দীটোৱে মৰা-জীয়ালৈ মন নকৰি সিংহটোৰ ভৰিটো দাঙ্গি ধৰি চাই দেখে যে ভৰিৰ পতাটো উখহি পৰিছে ভালকৈ চকুদি পিটিকি চাই কোটকোৰাৰ কাঁইট এটা ভৰিত সোমাই থকা দেখি গম নোপোৱাকৈ সি কাঁইটো উলিয়াই পেলালে। সিংহই ভৰিৰ বিষ অলপ কম পাই ঠিয় হল, আৰু আঁচুৰি পিচুৰি চাই গম পালে যে তাৰ ভৰিৰপৰা কাঁইটো ওলাল। তেতিয়া সি বন্দীটোৰ গাত গা ঘঁহাই হাবিলৈ গল, আৰু তাক অলপ পহুৰ মঙ্গহ আনি দিলেহি। সেই দিনাৰেপৰা সিংহই তাক সদায় পহুৰ মঙ্গহ আনি দিবলৈ ধৰিলে, আৰু বন্দীটোৱেও সিংহৰ মন বুজি বনৰ ফলমূল আৰু পহুৰ মঙ্গহ খাই তাতে থাকিবলৈ ধৰিলে।
কিছুমান দিনৰ পিচত বন্দীটোক এদল মানুহে গৈ তাতে বিচাৰি পালেগৈ, আৰু তাক ধৰিত ভদ্ৰলোক জনক শোধাই দিলেহি। ভদ্ৰলোক জনে খঙ্গত জলি পকি বন্দীটোক বনৰীয়া জন্তুৰ হতুৱাই খুৱাই মাৰিবলৈ হুকুম দিলে।
হুকুম হল হয়, কিন্তু সেই সময়ত ওচৰত বনৰীয়া জন্তু পাবলৈ নথকাত বন্দীটোক মৰাৰ একো দিহা নহল। তিনি মাহমানৰ পিচত এদল চিকাৰীয়ে ফান্দ পাতি সেই সিংহটোকে ধৰি ৰোম ৰাজধানীলৈ লৈ গল। বনৰীয়া সিংহটো দেখি সেই ভদ্ৰলোকজনে মনত বৰ আনন্দ পালে, আৰু ততালিকে বন্দীটোক আনি ভোকত থকা সিংহটোৰ মুখৰ আগত পেলাই দিবলৈ আদেশ কৰিলে। সিংহৰ মুখত মানুহ এটা পেলাই দিয়া হব, এই কথা বিজুলি সঞ্চাৰে মুখামুখিকৈ গোটেই দেশতে ৰাষ্ট্ৰ হৈ পৰিল, আৰু সিংহই নো কেনেকৈ মানুহ মাৰে তাকে চাবলৈ লৰা বুঢ়া সকলোৱেই সিংহৰ চাৰিওফালে পৰিল গৈ। এজাক মানুহে বন্দীটোক হাতকেৰেয় লগাই সিংহৰ আগলৈ লৈ গল।
মানুহবোৰ দেখি সিংহই গৰ্জ্জিবলৈ ধৰিলে। লোহাৰ ডাঙ্গেৰে গঁড়াল মাৰি সিংহটোক তাৰ ভিতৰত মেলি দিলে, আৰু বন্দীটোকো ধৰিমেলি হেঁছি-ঠেলি গঁড়ালৰ ভিতৰত সুমাই দি কেনিও ওলাব নোৱাৰাকৈ বাট বন্ধ কৰি পেলালে। সিংহটোৰ তৰ্জ্জন গৰ্জ্জন মাৰ গল, আৰু ততালিকে সি বন্দীটোৰ গাত গা ঘঁহাই তাৰ আগতে আঠুকাঢ়ি বহিলহি। মানুহবিলাকে সিংহৰ কাম দেখি বিচুৰ্ত্তি হল।
ভদ্ৰলোকজনে তেতিয়া বন্দীটোক মুকলি কৰি দিলে, আৰু চিকাৰীহঁতক টাকা দি সিংহটো কিনি বন্দীটোক দি দিলে। বন্দীটোৱে সিংহৰ কেশৰত ধৰি গঁড়ালৰ পৰা উলিয়াই আনি হাবিলৈ লৈ গল, আৰু তাত মেলি দিলেগৈ।
এতেক মৰম কৰিলে অইনছাৰি বনৰীয়া জন্তুৱেও মৰম নাপাহৰে। সেই কাৰণে সকলোকে সময় মতে মৰম কৰা উচিত।
⸻
কাউৰী, কপৌ আৰু নিগনিৰ কথা
ব্ৰহ্মপুত্ৰৰ পাৰত এজোপা ডাঙ্গৰ আহঁত গছ আছিল। গধূলি হলে চৰাইবিলাকে খাই মেলি গৈ তাতে জিৰণি লয়। এদিন দোকমোকালি বেলিকা এটা মানুহ হাবিত জপৰ জপৰ কৰি হাতত জাল এখন লৈ সেই গছজোপাৰ ফাললৈ গৈছিল। ভৰিৰ শব্দ শুনি সেই গছত থকা এজনী কাউৰীয়ে সাৰ পালে, আৰু সেই মানুহটোৱে নো কি কৰে তাকে চাবলৈ পাখী নমৰাকৈ মনে মনে তাৰ মূৰৰ ওপৰেদি উৰি যাবলৈ ধৰিলে। মানুহটোৱে গছ জোপাৰপৰা কিছু দূৰ গৈ মাটিত চাউল এপোহা চতিয়াই তাৰ ওপৰত জালখন বহলাই মেলি সৰু গছ এজোপাত
উঠি গা লুকাই থাকিল গৈ। কাউৰীজনীয়েও অইন এজোপা গছত পৰি কি হয় নো তাকে চাবলৈ বাট চাই থাকিল।
এনেতে হিৰণ নামেৰে দলপতিৰে সৈতে এজাত কপৌ উৰি
আহি চাউলবিলাক দেখিলে। এটা কপৌৱে কলে, “বুঢ়া হলোঁহি, হাবিত চাউল পৰি থকা দেখা নাই। চাউল খাবলৈ গলে আমাৰ বিপদ হব; আমি অইন ঠাইতে চৰিবলৈ যাওঁহঁক।” এই কথা শুনি এটা মদ-গৰ্ব্বী ডেকা চৰায়ে মাত লগালে, “আজি কালি বুঢ়াৰ কথালৈ কাণ দিলে নচলে। আগত পাইছোঁ যেতিয়া কোলাৰটো এৰি বোকালৈ কোনে আশা কৰে, বলা যাওঁ হঁক চাউল গাল খাই লওঁগৈ।” লোভত পৰি জাকেই কপৌ চাউল খাবলৈ গল; কিন্তু চাউলত খোত মাৰিবলৈ নৌ পাওঁতেই জালত আগেয়ে বান্ধ খালে। তেতিয়া ইটে-সিটোক দুষিবলৈ ধৰিলে, আৰু তাত কোঢ়াল লাগি পাৰল। চৰাই চিকাৰী ৰঙ্গত পাৰ পাৰ নাইকিয়া হৈ গছৰপৰা নামি আহিল। কাউৰীয়ে ভাবিলে, “জাল খনে সৈতে কপৌ জাক লৈ গলে চাউল গাল পৰি থাকিব, মই অকলই খাই পেট ভৰাব পাৰিম। মোৰ আজি বৰ লাভ।” হিৰণ দলপতিয়ে চিকাৰীক দেখি কপৌবিলাকক সাহ দি কলে, “এতিয়া দন কৰিবৰ সময় নহয়, ধৰা আমালোকে একে বলেই জালখন দাঙ্গি লৈ যাওঁ হঁক।” এই বুলি গোটেই জাক কপৌৱে একেলগে বল দি জালখনে সৈতে উৰি গল। “কিমান পৰলৈ জালে সৈতে উৰিব, সৌৱা অলপতে পৰিবগৈ।” এই বুলি চিকাৰীয়ে পিচে পিচে খেদা দিলে। জেতুলি পকাৰ আঁচোৰ খাই কপৌ লতাৰ মাজেদি চিকাৰী লৰিব নোৱাৰি দীঘল দি পৰিল গৈ। কাউৰীয়েও “চাউল গাল পিচে খামহি, কপৌজাকৰ নো অৱস্থা কিহয় তাকে চাওঁ গৈ।” এই বুলি পিচে পিচে উৰি গল। কপৌজাক এমাইল মান উৰি গৈ হিৰণ দলপতিৰ সখিয়েক নিগনিৰ গাঁতৰ মুখত পৰিল গৈ। শেনে থাপমৰা যেন গম পাই নিগনি কোচ মোচ খাই ভিতৰ সোমাল। হিৰণে কেবাবাৰো মতাত মাতত চিন ধৰি নিগনি ওলাই আহি সখিয়েকৰ তেনে অৱস্থা দেখি বৰ বেজাৰ কৰিলে। ইপিনে চৰাইবিলাকৰ ভৰিত জোত থকাৰ কাৰণে ছট-ফটাই ইকাটি সিকাটি হৈ পৰিবলৈ ধৰিলে। কপৌবিলাকৰ দুখ চকুৰে চাই থাকিব নোৱাৰি হিৰণে কলে, “সখি বিপদত বেজাৰ কৰি থাকিলে একো নহয়, আপুনি আমাক বিপদৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰে, তাৰ উপায় কৰক। আমাক জালখনৰ পৰা মোকোলাই দিয়ক।” নিগনিয়ে কলে, “মোৰ নিগনি দাঁতেৰে ইমানখন জাল কেনেকৈ কুটিম? আপোনাক মোকলাই দিওঁ। বন্ধুক বিপদত পৰি থকা ময়ো চাই থাকিব নোৱাৰোঁ।” হিৰণে উত্তৰ কৰিলে, “মোৰ আশ্ৰিত সকলক মুক্ত হোৱা নেদেখিলে মই থিৰেৰে থাকিব নোৱাৰোঁ। আগেয়ে তেওঁবিলাকক মুক্ত কৰিহে আপুনি মোক মুক্ত কৰিব লাগিব। নহলে সকলোবিলাক বিপদতে পৰি থাকিম।” এই কথা শুনি নিগনিয়ে যিমান খৰকৈ পাৰে জালখন কুটিবলৈ ধৰিলে, আৰু চাই থাকোঁতেই সকলো মুকলি হ'ল। তেতিয়া আটাইৰে মুখলৈ পানী আহিল। আটায়ে নিগনিৰ শলাগ ল'বলৈ ধৰিলে।
কাউৰীয়ে সকলোবিলাক কাম যেতিয়া দেখিলে যে, “মাউথে থাকিলে গুৰি পৰুৱাৰে মৰণ নাই,” তেতিয়া সি গছৰ পৰা নামি আহি কপৌ আৰু নিগনিৰে সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ বিচাৰিলে। প্ৰথমতে নিগনিয়ে অমত যেন দেখুৱাইছিল, কিন্তু পিচত কাউৰীৰ পৰা নিজৰ বিপদ অনুভব কৰি বন্ধু হল। কাউৰীয়েও মনত বৰ ৰং পালে, আৰু সেই দিনাৰে পৰা সকলোবিলাক বন্ধু হৈ থাকিল।
এই কাৰণেই মানুহে কয় যে ওপৰ চকুৱা হৈ ফুৰা ভাল নহয়, কিন্তু জাকৰুৱাৰ নাও বামেও যায়।
⸻
শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা
অযোধ্যাৰ ৰজা দশৰথৰ তিনি জনা ৰাণী আছিল—কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁবিলাকৰ ভিতৰত কৌশল্যাই পাটমাদৈ আছিল। শ্ৰীৰামচন্দ্ৰ তেওঁৰে পুতেক। শ্ৰীৰামচন্দ্ৰৰ লৰা কালতে মাক কৌশল্যা ৰাণীয়ে এদিন গধূলি তেওঁক লৈ বাহিৰত ওমলাই আছিল। সেই দিনা পূৰ্ণিমা। পূৰ্ণিমাৰ জোনে সৈতে উৰিব,”ৰ পৰা উঠি দশোদিশ উজলাই দিলে! লগে পিচে পিচে খেদা দিয়ে ধুনীয়া ঘৰবিলাকো জোনৰ পোহৰত লতাৰ মাজেদি চিকাৰী ধেমালি কৰি থাকোঁতে শ্ৰীৰামচন্দ্ৰেৰ চকু কাউৰীয়েও “চাউল গল; তেওঁ একেথিৰে চাবলৈ ধৰিলে, কিহয় তাকে চাওঁ গৈ।” মেলি জোনটোক ধৰিবলৈ কাওৰাওঁ কৰিলে। লৰা বুলিলেই “কান্দি ৰণ জিকা।” শ্ৰীৰামচন্দ্ৰয়ো কান্দি কান্দি দুই হাতেৰে জোনটোৰ ফালে দেখুৱাবলৈ ধৰিলে কৌশল্যাই কিন্তু প্ৰথমতে কথাটো বুজ পোৱা নাছিল, অৱশেষত শ্ৰীৰামচন্দ্ৰই জোনটোলৈ আঙ্গুলিয়াই এনেদৰে কান্দিবলৈ ধৰিলে যে ঘৰৰ কেইজনীমান লিগিৰীও আহি ওলালহি। কৌশল্যাই লাহে লাহে বুজিব পাৰিলে যে শ্ৰীৰামচন্দ্ৰক
জোনটোহে লাগে। কিন্তু জোনটো কেনেকৈ দিয়ে? কোনো ৰকমে শ্ৰীৰামচন্দ্ৰক অন্যমনস্ক কৰিবলৈ, নাম-গুণ গাই, ভেৰাকুটি ভূৰুকুটি কৰি নিচুকাবলৈ চেষ্টা কৰিলে হয়, কিন্তু শ্ৰীৰামচন্দ্ৰ একোতে সন্তুষ্ট নহল। কৌশল্যাই নিচুকাওতে কলে, “মইনা, সেইটো জোনবাইহে আমাৰ পৰা বৰ ওখত আছে, আমি তাক কেনেকৈ ঢুকি পাম; তাতে আকৌ সেইটো লৰাই ধেমালি কৰা বস্তু নহয়। এতেকে মই তোমাক তাতকৈও জলমলাই থকা মুকুতা গোটাদিয়েককে দিওঁৰবা।” এইবুলি অন্তঃপুৰলৈ গৈ বহুমুলিয়া মুকুতা কেইটামান আনি দিলেহি। কিন্তু শ্ৰীৰামচন্দ্ৰে হাতত লৈ দলিয়াই পেলাই দিলে। তেতিয়া তাত থকা এজনী লিগিৰীয়ে কলে, “লৰাৰ খং উঠিছে হব পায়।” অইন এজনীয়ে কলে, “নহয়, শুব খুজিছে হবলা।” তৃতীয় জনীয়ে কলে, “মইনাকণক কিহবাই পালেই কি জানি।”
কেনো মতে নিচুকাব নোৱাৰি কিহবাই পোৱাটোকে ঠিৰাং কৰি ভুত জৰাবলৈ বেজ অনালে। কিন্তু বেজে একো কৰিব নোৱাৰিলে। কান্দি কান্দি শ্ৰীৰামচন্দ্ৰ লালকাল দিয়াৰ নিচিনা হল। আৰু জোনৰ বাহিৰে আন একোতে মান্তি নহল। গতিকে নিৰুপায় হৈ ৰজালৈ বাতৰি পঠিয়ালে। ৰজাই আহি অনেক বৰাই বুজাই সান্ত্বনা কৰিবলৈ বিচাৰিলে; কিন্তু শ্ৰীৰামচন্দ্ৰ ক্ষান্ত হওক ছাৰি এখোপ চৰিলহে। কি কৰিব, কলৈ যাব, কেনেকৈ পুতেকৰ কান্দোন মার নিয়াব ৰাজাৰো বুদ্ধি হেৰাল। গতিকে পৰামৰ্শৰ নিমিত্তে মন্ত্ৰীক মাতি পঠালে। মন্ত্ৰীয়ে যেতিয়া আহি জানিলে যে শ্ৰীৰামচন্দ্ৰক জোনটো লাগে, তেতিয়া তেওঁ ভাবিচিন্তি এখন আৰ্চী অনালে, আৰু শ্ৰীৰামচন্দ্ৰৰ হাতত দি কলে, “বোপা, চোৱাচোন সৌটো জোনবাই হয়নে নহয়?” আৰ্চীত জোনবাইটো দেখি শ্ৰীৰামচন্দ্ৰে হাততে জোনবাই পোৱা বুলি ভাবিলে, আৰু তেতিয়াই তেওঁৰ কান্দোন মাৰ গল।
মন্ত্ৰীৰ বুদ্ধি শলাগিব লগিয়া। মাতৃ-স্নেহ
দহ মাহ দহ দিন ধৰি গৰভত
আইয়ে কটায় কাল কিমান দুখত।
সহে যে কতনো দুখ,
তিয়াগি নিজৰ সুখ,
সন্তানৰ ছবিটিকে দিনে ৰাতি জপে,
সন্তানৰ হেঁপাহতে মন প্ৰাণ সপে।
প্ৰথমে যেতিয়া দেখে সন্তানৰ মুখ,
সকলো পাহৰি তেওঁ প্ৰসৱৰ দুখ,
ৰঙ্গমনে হাঁহি হাঁহি,
আকোৱালি লয় আহি,
আদৰেৰে শিশুটিক নিজ কোলালই,
তধা লালি থাকে চাই ভোল গই গই।
যেতিয়া দেখিব তেওঁ তনয়ৰ সুখ,
অলপো নেভাবে তেওঁ নিজৰ অসুখ।
লয়লাসে আদৰেৰে
কোলা লয় হেপাহেৰে,
ৰঙ্গত মগন হয় ৰঙ্গতে বিভোল,
অনুপম ঈশ্বৰৰ কিবা বুজি মোল।
দেখিলে অসুখ কিবা গাত সন্তানৰ,
নকৰে অলপো তেওঁ ত্ৰুটি যতনৰ।
বুকুত সাবটি ধৰি,
ইষ্টদেৱ স্মৰি স্মৰি,
ধূপ দীপ উপহাৰ দিয়ে ঘনে ঘন,
সন্তানৰ কুশলাৰ্থে কৰে প্ৰাণপণ।
এনুৱা স্নেহৰ পৰা বঞ্চিত যিজন,
জগতত দুৰ্ভগীয়া ভাবিবা সিজন,
এনুৱা স্নেহেও যাৰ নপশে অন্তৰ,
অশলাগি নীচ তেওঁ পৃথিবী ভিতৰ।
শ্ৰীমতী লক্ষ্মীপ্ৰিয়া দেবী
⸻
ৰজা কেনিউট আৰু বিষয়া সকল
বিলাতৰ চেক্সন ফৈদৰ নাম জলা ৰজা মহাত্মা এল্ফ্ৰেড্ ঢুকুৱাৰ পাচত অনেক ফৈদৰ অনেক ৰজাই বিলাতত ৰাজ্য শাসন কৰিছিল। কিন্তু কোনো জনেই তেওঁৰ নিচিনা সুখ্যাতিৰে ৰাজ্য চলাব পৰা নাছিল। অৱশেষত ডেঞ্চ্ বুলি এজাতি মানুহে গোটেই ইংলণ্ড অধিকাৰ কৰিলে। ইয়াৰ অলপ দিনৰ পাচতে ডেঞ্চ্ চেক্সন আৰু বিলাতৰ আদিম নিবাসী ব্ৰিটঞ্চ্, সকলোটি মিলি জুলি এটা জাতি হৈ পৰিল। ডেঞ্চৰ ৰজাবিলাকৰ ভিতৰত কেনিউটেই সকলোতকৈ ডাঙ্গৰ আৰু প্ৰতাপী ৰজা আছিল। চমুকৈ কবলৈ গলে তেওঁ এজন ভাল ৰজা আৰু জ্ঞানী শাসনকৰ্ত্তা।
তেওঁৰ সভাত ডাঙ্গৰ ডাঙ্গৰ অনেক বিষয়া আছিল; সিবিলাকে তেওঁৰ ভালৰি বোলাবলৈ সততে কৈ আছিল যে
তেৱেঁই হে জগতত এক মাত্ৰ ডাঙ্গৰ আৰু প্ৰতাপী ৰজা কিছুমান দুৰ্ব্বল মনা ৰজাই এনে কথা শুনিবলৈ ভাল পালেহেঁতেন, আৰু তোষামোদকাৰী বিলাকক উচ্চ পদো দিলেহেঁতেন। কিন্তু এনোবোৰ কথা কেনিউটৰ নিচিনা এজন ভাল আৰু জ্ঞানী ৰজাৰ কাণত ভাল নালাগিল। সেই কাৰণে এদিন তেওঁ সেই তোষামোদকাৰী সকলক এসিকনি দিবৰ মন কৰিলে।
এদিন কিছুমান ডাঙ্গৰ ডাঙ্গৰ বিষয়া লৈ কেনিউট ৰজা সাগৰৰ পাৰত ফুৰিবলৈ গল। বিষয়া বিলাকৰ সদায় কোৱা অভ্যাস থকাত তেওঁবিলাকে সেই দিনাও কলে, মহাৰাজ! আপুনি বৰ খিতাপী ৰজা আৰু জল থল উভয়কে শাসন কৰোঁতা।” ৰজাই মাত লগালে, “কোৱাঁচোন, সাগৰেও মোক মান কৰিব নে?” বিষয়া সকলে বন্ধা উত্তৰ দিলে, “হয় স্বৰ্গদেউ! সাগৰে আপোনাৰ আজ্ঞা অৱশ্যে মানিবই মানিব।”
এই কথাত ৰজা কেনিউটে লগুৱা এটাক চকি এখন আনি একেবাৰেই সাগৰৰ দাঁতিত পাৰিবলৈ কলে। চকি পৰা হলত তেওঁ তাত বহি আৰু বিষয়া সকলকো বহুৱাই গম্ভীৰ মাতেৰে সাগৰক আজ্ঞা দি কলে, “মোৰ বিষয়া সকলে কয় যে মই তোমাৰো গৰাকী। হে সাগৰ! সেয়ে যদি হয়, তেন্তে মোৰ আদেশ পালিবা। তুমি ফেনে ফোঠোকাৰে বাঢ়ি আহিছা, মোৰ আজ্ঞা—তুমি আকৌ এই মুহূৰ্ত্ততে আগৰ নিচিনা হোৱা। আন কি, মোৰ ভৰিৰ আঙ্গুলি এটাও নিতিয়াবা।” কিন্তু ঢেউবিলাকে ৰজাৰ কথা শুনকচাৰি ক্ৰম ইটোতকৈ সিটো চৰিহে আহিবলৈ ধৰিলে; আৰু লাহে লাহে আহি বিষয়া সকল আৰু ৰজা কেনিউটক তিয়াই পেলালে।
ইমান পৰ কথাৰ ধাৰ বুজিব নোৱাৰি বিষয়া সকল নিতাল মাৰি আছিল। সিবিলাকে মুখ এফলিয়া কৰি মনে মনে কলে, “ৰজা বলিয়া হৈছে, নহলে নো সাগৰক এনে আদেশ দিয়ে নে?” পিচত ৰজাই তেওঁবিলাকৰ ফাললৈ চাই কলে, “সাগৰে মোক মানিব বুলি কোৱাত মই তোমালোকক পতিয়াইছিলোঁ বুলি তোমালোকে ভাবিছিলা নে? মই যে এজন ৰজা, সঁচা; কিন্তু ৰজাও এজন মানুহ হে। থাক বুলি থকিবলৈ, যা বুলি যাবলৈ কেৱল ঈশ্বৰেহে সাগৰক আদেশ দিব পাৰে।” এই বুলি কৈ তেতিয়াই তেওঁ মুৰৰ পৰা মুকুট খহাই পেলালে, আৰু প্ৰবাদ আছে যে কেনিউটে তেতিয়াৰ পৰা দুনাই মুকুট নিপিন্ধিলে।
বিষয়া সকলে তেতিয়া সকলো গম পাই সেমেনা-সেমেনি কৰিবলৈ ধৰিলে, আৰু সেই দিনাৰ পৰা কেনিউটক তোষামোদ কৰিবলৈ এৰিলে।
⸻
বান্দৰৰ প্ৰতিশোধ
এঘৰ গৃহস্থে ঘৰৰ পৰা অলপ আঁতৰতে প্ৰায় কুৰি হাত মান ওখ বাঁহ এডাল মাটিতে পুতি, তাতে লোৰ শিকলি এডালেৰ বান্ধি এটা বান্দৰ পুহিছিল। তাৰ গাত বৰষুণ নপৰাকৈ ৰাখিবৰ নিমিত্তে বাঁহৰ মূৰত কাঠৰ ডাঙ্গব পেৰা এটা বান্ধি
অৱশেষত খাবলৈ নাপাই বান্দৰ শুকাই ক্ষীণাই যাবলৈ ধৰিলে। দাঁত নিকতাই কাউৰী জাকক সি ভয় দেখুৱাই হয়, কিন্তু কাউৰীবোৰে তাৰ ভাবুকিলৈ ভ্ৰূক্ষেপকে নকৰে। কাউৰী খেদাই সি তাৰ নিজৰ পেট পূৰাবৰ আশা নেদিখি অৱশেষত প্ৰতিশোধ লবৰ নিমিত্তে মনতে এটা উপায় স্থিৰ কৰিলে।
এদিন ৰাতিপুৱা গৃহস্থে বান্দৰক দিবলৈ কিছুমান খোৱা বস্তু নি মাটিতে থৈ গুচি আহিল। এনেতে বান্দৰো ওপৰৰ পৰা নামি আহি চক্ষু মুদি মাটিত মূৰ পেলাই মৰা ভাও জুৰি পৰি থাকিল। কাউৰীবিলাক আহি বান্দৰৰ বেমাৰ হৈছে বুলি জানি বস্তু বিলাকৰ ওচৰত জাকে জাকে পৰি থপিয়া থপিকৈ খাবলৈ ধৰিলে। বান্দৰে চিতলং-পাতলং কৰি বাগৰি বাগৰি কাউৰী জাকৰ মাজ পালত, আটাইবিলাক কাউৰী উৰি গল; কিন্তু এজনী দগা কাউৰীয়ে বান্দৰক অচেতন দেখি ভয় নকৰি বস্তুবিলাক খায় থাকিল। বান্দৰটোৱে পিৰিক পাৰাককৈ কাউৰী জনীৰ ফাললৈ চাই আছিল। কাউৰী জনীয়ে তললৈ মূৰ কৰি বস্তু এটা খোঁট মাৰি ধৰোঁতেই খঙ্গত জ্বলি থকা বান্দৰটোৱে থাপমাৰি তাইৰ ডিঙ্গিত আঁটি ধৰিলে।
কাউৰী জনীক ধৰি সি আনন্দত বিভোল হ’ল। ইপিনে কাউৰী জাকেও বান্দৰৰ মূৰৰ ওপৰত উৰি উৰি কোঢ়াল কৰি ৰমলিয়াবলৈ ধৰিলে। সি কাউৰী জনীক অলপ পৰ ধৰি থাকি, পিচত আঠুৰ মাজত সুমুৱাই লৈ তাইৰ কাঁড়-পাখিবিলাক এটা এটাকৈ উভালি পেলালে। পিচত ডাঙ্গৰ পাখি দুটা আৰু ফানটাৰৰ বাহিৰে আটাইবিলাক পাখি উভালি আতাই কাউৰী জনীক বলেৰে ওপৰলৈ উৰুৱাই দিলে; কিন্তু হতভাগী কাউৰী জনী ওপৰত থাকিব নোৱাৰি ধপ কৰে মাটিত পৰিলহি। ওপৰত উৰি থকা কাউৰীজুমে আহি তাইক বেঢ়ি ধৰিখুঁটি খুঁটি মাৰি পেলালে।
কাউৰী জনীৰ এনে অৱস্থা দেখি বান্দৰৰ মুখত আনন্দৰ চিনে দেখা দিলে, আৰু সি ভোক পিয়াহ সকলো পাহৰি গ’ল। তাৰ পাচত সি বাঁহৰ ওপৰলৈ সোঁ সোঁ কৰি উঠি অতি আনন্দ মনেৰে তাৰ পেৰাত শুই থাকিলে গৈ। তেতিয়াও পৰা সেই বান্দৰৰ বস্তুৰ ওচৰলৈ আৰু এজনীও কাউৰী নহা হল, আৰু সিও সেই দিনাৰ পৰাহে সুখেৰে পেট ভৰাই তাৰ আহাৰ খাবলৈ পালে।
এতেকে যি কাম বলেৰে কৰিব নোৱাৰি তাক চলেৰে কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে।
⸻
শিয়াল, হৰিণা আৰু কাউৰীৰ কথা
ভাৰতবৰ্ষখন মোটা মুটিকৈ দুভাগত বিভক্ত। বিন্ধ্য পৰ্ব্বত বম্বাই দেশৰ পৰা ওলাই এৰা ধৰাকৈ একেবাৰেই ভাৰতৰ এমুৰৰ পৰা ইমূৰ মানদেশলৈকে ব্যাপি আছে। এই পৰ্ব্বতেৰ উত্তৰ ভাগকে আৰ্য্যাবৰ্ত্ত বোলে, আৰু দক্ষিণ ভাগক দাক্ষিণাত্য বোলে।
আসামৰ পৰা বহুত যোজন দূৰ থকা দাক্ষিণাত্য দেশৰ কোনো এখন হাবিত শিষ্টবুদ্ধি নামেৰে এটা হৰিণা পহু আছিল।
এজনী কাউৰীৰ লগত শিষ্টবুদ্ধিয়ে সখি বন্ধাইছিল। আৰু সিহঁতৰ ভিতৰত এনে মৰম আছিল যে ইটোক নেদেখিলে সিটোৰ আহাৰ পানী নোসোমাইছিল, আৰু টোপনি নাহিছিল। কাউৰী জনীক টেঙ্গৰী বাই বুলি সকলো জন্তুৱে মাতিছিল, আৰু সঁচা সঁচিকৈয়ে তাই টেঙ্গৰীয়েই আছিল। টেঙ্গৰী বাই গছৰ ওপৰত থাকে, আৰু শিষ্টবুদ্ধিৰ কোনো শত্ৰু অহা দেখিলে উৰা মাৰি গৈ কৈ দিয়ে; শত্ৰু ওচৰ নৌ পাওঁতেই শিষ্টবুদ্ধি পলাই ফাট মাৰে। এই দৰে শত্ৰুৰ পৰা হাত সাৰি কোনো চিন্তা ভাবনা নোহোৱাকৈ ছৰিবলৈ পোৱাত শিষ্টবুদ্ধি দিনক দিনে নোদোকা হৈ আহিবলৈ ধৰিলে, আৰু তেল ফাটি যাওঁ ফাটি যাওঁ হল।
এদিন অইন এখন হাবিৰ পৰা “হুল চচা” নামেৰে এটা শিয়াল আহি সেই হাবিতে সোমালহি; হৰিণাৰ গাৰ তেল দেখি তাৰ জীবাৰ পৰা পানী পৰিবলৈ ধৰিলে, আৰু মনে মনে ভাবিলে, “হৰিণাটো খাবলৈ বৰ ভাল হৈছে; ইয়াক কোনো উপায়েৰে বধ কৰি খাবৰ বন্দবস্ত কৰা যাওক।” এই বুলি সি শিষ্টবুদ্ধিৰ ওচৰলৈ গৈ দীঘলকৈ চেলাম এটা দিলে গৈ। শিষ্টবুদ্ধিয়ে আগেয়ে কোনো দিনে নেদেখা শিয়ালক দেখি সুধিলে, “তুমি কোন? কৰ পৰা আহিছা? তোমাক কি লাগে? তোমাক আগেয়ে কতো দেখা যেন মনত নপৰে।”
শিয়ালে মাতটি কোমলাই উত্তৰ দিলে, “হয়, আপুনি মোক আগেয়ে দেখা নাই। মই অইন এখন হাবিত আছিলোঁ। মোৰ আপোন বুলিবলৈ কোনো নাই। জ্ঞানী লোকে কয়, যাৰ বন্ধু নাই, তাতকৈ দুৰ্ভগীয়া সংসাৰত কোনো হব নোৱাৰে।” সেইবাবেই এই আদাহীয়া বয়সত বন্ধু বিচাৰি আহিছোঁ। আপোনাকে দেখি বৰ ৰং লাগিছে; মোক পুতৌ কৰি বন্ধু বুলি সামৰি লওক। মই হলে আজিৰ পৰা আপোনাক বন্ধু বলিয়েই ধৰিছোঁ। মোৰ নাম “হুল চচা”।
শিষ্টবুদ্ধিৰ হিয়া পমি গল। তেওঁ শিয়ালৰ কথাত প্ৰত্যয় মানি সেই দিনাৰেপৰা বন্ধুত্ব স্থাপন কৰিলে। লাহে লাহে ৰাতি হৈ আহিল। শিষ্টবুদ্ধিয়ে হুল চচাক লৈ সদাই ৰাতি জিৰণি লোৱা গছ জোপাৰ তললৈ গল। তেনে সময়তে টেঙ্গৰী বায়ো আহি গছৰ ডালত পৰিলহি।
টেঙ্গৰীবায়ে সেই দিনা শিষ্টবুদ্ধিৰ লগত শিয়ালক অহা দেখি আচৰিত হৈ শিষ্টবুদ্ধিক সুধিলে, “বন্ধু, এওঁ কৰ পৰা আহিছে? এওঁৰে সৈতে তোমাৰ চিনা জনা আছেনে কি?” শিষ্টবুঙ্গিয়ে কলে, “বন্ধু, এওঁ এজন বন্ধুহীন; বহুত দূৰৰ পৰা আহি আমাৰ লগত সখি বন্ধাই মিলা প্ৰীতিৰে থাকিব খুজিছে, ময়ো তেওঁক সামৰি লৈছোঁ।” এই কথাত টেঙ্গৰীয়ে মাত লগালে, “তোমাৰ অচিনাকী জনেৰে বন্ধুতা কৰাটো যুক্তিযুক্ত হোৱা নাই। জ্ঞানী লোকে কয়, “অচিন কাঠৰ ঠোৰাও লৰ নালাগে।” শিয়ালে কাউৰীৰ পেট বুজি আগবাঢ়ি কলে, “আপুনি কেলেই সৰহ কথা কৰ লাগিছে। শিষ্টবুদ্ধিৰে আপোনাৰে জানো ওপজাৰে পৰা চিনা জনা আছিল? এতিয়া দেখোন আপোনালোক দুয়ো নলে-গলে লগা বন্ধু হৈ পৰিছে।” শিষ্টবুদ্ধিয়ে কাউৰী আৰু শিয়ালৰ ভিতৰত উখনা উখনি হোৱা দেখি মাত লগালে, “তৰ্কবিতৰ্ক কৰাৰ একো সকাম নাই। সকলোটীয়েই বন্ধু ভাবেৰে মিলা প্ৰীতিৰে থাকোঁ হঁক ধৰা।” কাউৰীয়ে মনত অলপ বেজাৰ পাই কলে, “মোৰ একো আপত্তি নাই। মই খালি জানোঁ অচিনাকী লোকক হঠাতে বিশ্বাস কৰাটো ভাল নহয়। তাৰ উপৰিও তুমি আমি দিনত চৰোঁ, ৰাতি হলে জিৰণি লওঁ। শিয়াল কিন্তু ৰাতি চৰে, দিনত শোৱে। এনে প্ৰাণীৰ ভিতৰত বন্ধুতা হোৱাৰ বৰ ভাল চিন নহয়। বাৰু, তুমি যিহকে ভাল দেখিছা, তাকে কৰাঁ।”
পিচ দিনা ৰাতিপুৱা শিয়ালে আহি হৰিণাক কলে, “বন্ধু, মই এনেহে এদৰা কোমল ঘাঁহনি পাই আহিছোঁ; মোৰ লগত গলে মই এতিয়াই আপোনাক দেখুৱাই দিম গৈ। আপুনি ঘাহ কেউডালি খাই বৰ সুখ পাব।” শিয়ালৰ কথাতে হৰিণা গল, আৰু ঘাঁহ দেখি মনত বৰ ৰং পাই শিয়ালৰ নথৈ শলাগ ললে, আৰু সেই দিনাৰে পৰা নিতৌ ৰাতিপুৱা তাত চৰিবলৈ ধৰিলে।
দৰাচলতে সেই দৰা ঘাঁহনি নহয়, ঠহ-ঠহ কৰে গজি অহা ধাননীহে। সদাই কিহবাই ধানবোৰ গুৰিতে টকালি খাই হোৱা দেখি ধাননীৰ গিৰিহঁতে জন্তুটো ধৰিবলৈ এখন জাল পাতি থলে। জালখন দেখি শিয়ালৰ আনন্দত পাৰ নাই। শিষ্টবুদ্ধি আহি জালত পৰিব, এই কথা ভাবিয়েই সেই ৰাতি নিজৰ আহাৰ বিচাৰি খাবলৈকে পাহৰিলে।
পিচ দিনা ৰাতিপুৱা শিষ্টবুদ্ধি ধানত কামোৰ মাৰিবলৈ নৌ পাওঁতেই জালত বান্ধ খালে। তেওঁ অনেক চেষ্টা কৰিলে, কিন্তু জালৰ পৰা মূকলি হব নোৱাৰিলে। এনেতে তেওঁ শিয়ালক দেখিলে, আৰু আগ্ৰহেৰে মাত লগালে, “বন্ধু, তুমি আহি মোৰ বিপদৰ সময়তে ওলালাহি। আহাঁ, মোৰ জালখন কুটি দিয়াহি।” শিয়ালে উত্তৰ দিলে, “বন্ধু, পৰা হলে মই অন্তৰেৰে সৈতে কৈছোঁ, আপোনাৰ জালখন এতিয়াই কুটি ডোখৰ ডোখৰ কৈ দিলেঁহেঁতেন। কিন্তু বৰ দুখৰ বিষয় আজিহে মোৰ আকৌ ব্ৰতৰ দিনটো পৰিলহি। মই গা ধুই, নাম নোলোকৈ কুটা এডালকে দাঁতেৰে দাঙ্গি ধৰিব নোৱাৰোঁ! একো ভয় নাই, মনে মনে থাকক, নিশাকৈ আহি মই আপোনাক মোকোলাই দিমহি।” এই বুলি কৈ গছ এজোপাৰ তলত খাপ লৈ থাকিল গৈ, আৰু মনে মনে ভাবিলে, “যদিহে ধাননীৰ গিৰিহঁতে পহুটো মাৰি লৈ যায়হি, হাড়খানি তেও পেলাই দিব, তাৰেই মোৰ দিনচেৰেক যাব। যদিহে গিৰিহঁত নাহে, তেনেহলে ৰাতিকৈ ময়ে ডিঙ্গি চিঙ্গি লৈ হৰিণাৰ মঙ্গহেৰে ভোজ পাতিম।”
এনেতে কাউৰী আহি ওলালহি। শিষ্টবুদ্ধিক জালত পৰা দেখি বহুত বেজাৰ কৰিলে। অন্তত এটা উপায় পাঙ্গি কলে “বন্ধু, সৌবা ধাননীৰ গিৰিহঁত হাতত টাঙ্গোন লৈ দেখা দিছেহি। তুমি মৰা ভাও জোৰা, মই তোমাৰ চকুত লোকক দেখুৱাই খুতি থাকোঁ। যেতিয়া গিৰিহঁতে তোমাক মোকোলাই আঁতৰাই থৰ, তেতিয়া মই কা কা কৰিম, তুমি ভিৰাই ধৰি লৰ মাৰিবা।” হৰিণাই তাকে কৰিলে। কাউৰীয়েও চকুত খুতিবলৈ ধৰিলে। গিৰিহঁতে ওচৰ পাই হৰিণাক মৰা যেন দেখি জালৰ পৰা আঁতৰাই নিশঙ্ক মনেৰে থৈ জালখনৰ ফটা ফুটা চাইছে এনেতে কাউৰীয়ে কা কা কৰিবলৈ ধৰিলে, হৰিণা উঠি ভিৰাই ধৰি লৰ মাৰিলে। শিয়ালে কি কাণ্ড হৈছেনো তাকে চাবলৈ গছৰ তলৰ পৰা ওলাই আহিল। গিৰিহঁতে টাঙ্গোন ডাল লৈ হৰিণালৈ ফৰ মুঠি মাৰি পঠিয়ালে। হৰিণাৰ গাত নালাগি শিয়ালৰ গাত লাগিল গৈ, আৰু ততালিকে ঠেং ভৰি আচাৰি শিয়াল মৰি থাকিল।
এতেকে অচিনাকী লোকেৰে হঠাতে বন্ধুতা কৰা ভাল নহয়। কিন্তু লোকলৈ বুলি হুল চাচিলে আপুনিয়েই ফুটী মৰে।
⸻
আকাশ-বাণী
তিৰবিৰ কৰি তৰা অগণন
অনন্ত আকাশ জুৰি;
জিলিকে সঘনে উলাহ মনেৰে
হিংসা দ্বেষ পৰিহৰি।
বিতৰে কিৰণ কৰ্ত্তব্য সুঁৱৰি
চন্দ্ৰদেৱ থাকি তাত;
ঘুৰিছে নৰই পৃথিবী চৌপাশে
নুশুনোঁ যদিও মাত।
জিলিকা আকাশে কয় ঘনে ঘনে
ন কৰা কামত ত্ৰুটী;
গন্তব্য পথত হোৱা আগুৱান
ৰাখাহে বিভুত মতি।
শ্ৰীডিম্বেশ্বৰ শৰ্ম্মা
⸻
সপ্তম এড্ৱাৰ্ডৰ ৰাজ্যাভিষেক
আমাৰ দেশত ৰাজত্ব কৰা সকলো ৰজা-ৰাণী বিলাকৰ ভিতৰত মহাৰাণী ভিক্টৰিয়াই আটাইতকৈ ডাঙ্গৰ। তেওঁৰ সমান কাল ৰাজ্যভোগ কৰিবলৈ আন কোনো এজনে পোৱা নাছিল। বহুতকালসুখে সন্তোষে থাকি নামজলাই ৰাজত্ব কৰি ১৯০১ চনৰ জানুৱাৰী মাহত তেওঁ স্বৰ্গী হয়। তেওঁৰ পিচত প্ৰিন্স্ অব ওৱেল্চ হই থকা তেওঁৰ বৰ পুতেক সপ্তম এড্ৱাৰ্ড নাম লৈ ৰাজপাটত উঠে। কিন্তু ১৯০২ চনলৈকে তেওঁৰ ৰাজ্যাভিষেক হোৱা নাছিল। ৰাজ্যাভিষেকলৈ সকলো যো-যা কৰিবলৈ বহুত সময় লাগে কাৰণে হঠাতে ইয়াক পাতিব নোৱাৰি। ১৯০২ চনৰ জুন মাহত মহাৰাজ এডৱাৰ্ডৰ ৰাজ্যাভিষেকেৰ দিন স্থিৰ কৰা হল। ইয়াৰ কেইদিনমানৰ পূৰ্ব্বেই আবশ্যকীয় সকলো বস্তুৰ যো যা হৈ উঠিল। লণ্ডন মহানগৰৰ বাট-পদুলী জয়ধ্বনিৰে প্ৰতিধ্বনিত হল।
ৰাজ্যাভিষেকৰ দিন পাওঁ পাওঁ হৈছে, ঠিক এনেতে বাতৰি ওলাল যে, মহাৰাজৰ গা অসুখ, কাযে কাযেই তেওঁ নিৰ্দ্ধাৰিত দিনত ৰাজপাটত উঠিব নোৱাৰিব। এই কথা শুনা মাত্ৰকে সকলোৰে অকল যে আনন্দ কাঁহ পৰি জীম গল এনে নহয়,
আনন্দ গুচি সকলোৰে মন বিষাদেৰে পৰিপূৰ্ণ হল। প্ৰজাবিলাকে গিৰ্জ্জা ঘৰত গোটখাই ৰজাৰ আৰোগ্যৰ নিমিত্তে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। মহাৰাজে অলপ দিনৰ ভিতৰতে সম্পূৰ্ণে আৰোগ্য লাভ কৰিলে। তাৰ পিচত আগষ্ট মাহৰ ৯ দিন যোৱাত মহাৰাজ ৭ম এডৱাৰ্ড আৰু মহাৰাণী এলেক্জেন্দ্ৰাৰ ৰাজ্যাভিষেক হব বুলি ঘোষণা কৰা হল, আৰু নিয়মমতে সেই দিনা অতি আনন্দ উৎসৱেৰে অভিষেক কাৰ্য্য সম্পাদিত হল। সেই দিনা বতৰ ফৰকাল হল, আৰু ৰজাৰাণীক চাবলৈ অহা মানুহেৰে কতো বিৰ দি বাট পাবলৈ নাইকিয়া হল। সেই উৎসৱৰ বাবে ভাৰতবৰ্ষৰ পৰাও বহুত ৰজা আৰু সম্ভ্ৰান্তলোক নিমন্ত্ৰিত হৈ গৈছিল।
মহাৰাজ সপ্তম এড্ৱাৰ্ড আৰু মহৰাণী এলেক্জেন্দ্ৰাই এখন ডাঙ্গৰ, আঠোটা বগলা পাখী যেন শুকুলা ঘোৰাই টানি নিয়া বাগীত উঠি বকিংহাম কাৰেঙ্গৰ পৰা অভিষিক্ত হব লগা ঠাইলৈ যাত্ৰা কৰিলে। সিবিলাকৰ পিচে পিচে পৃথিবীৰ সকলো অংশৰে নিমন্ত্ৰিত ৰজা, ৰাণী আৰু সেনাবিলাক যাবলৈ ধৰিলে।
ইংলণ্ডত “ৱেষ্ট মিনিষ্টাৰ এবি” নামে এটা বিখ্যাত গিৰ্জ্জা ঘৰ আছে; তাত পূৰ্ব্বৰে পৰা ৰজা সকলৰ অভিষেক হয়, আৰু ইয়াক আমাৰ দেশীয় নামেৰে শিঙ্গৰিঘৰ বুলিব পাৰি। মহাৰাজ আৰু মহাৰাণী সেই গিৰ্জ্জাঘৰত সোমোৱা মাত্ৰকে ছহেজাৰ মানুহে তাত জুম পাতিলেগৈ। যেতিয়া ৰজা আৰু ৰাণীয়ে সেই শিঙ্গৰিঘৰ প্ৰদক্ষিণ কৰে, তেতিয়া ৱেষ্ট মিনিষ্টাৰ পঢ়াশালিৰ লৰাবিলাকে সভক্তিৰে আৰু আনন্দধ্বনিৰে সিবিলাকক বন্দনা কৰিলে, আৰু একেৰাহে চাই থাকিবলৈ ধৰিলে।
ৰাজ্যাভিষেকত ৰজাক মুকুট পিন্ধোৱা হয়। মুকুট পিন্ধাবলৈ এই দৃশ্যটি দেখিবলৈ বৰ অলৌকিক হৈছিল। যিবিলাক সেই অভিষেকৰ সময়ত তাত উপস্থিত আছিল, তেওঁবিলাকে সেই জল মলাই থকা মুকুট, অতুল সৌন্দৰ্য্যশালী আভৰণ আৰু মধুৰ সঙ্গীতৰ কথা ইহ জন্মত কেতিয়াও পাহৰিব নোৱাৰে।
বিজুলিৰেখাৰ দৰে মহাৰাজ আৰু মহাৰাণীৰ ৰাজ্যাভিষেক বিজুলি ডাকত গোটেই জগতত তেতিয়াই ঘোষণা কৰা হল; আৰু এই শুভ কাৰ্য্য এনে সুন্দৰৰূপে সমাধা হোৱা শুনি মানুহ বিলাকৰ মনত আনন্দে নধৰা হল। এটা এলেহুৱা লৰা
সেই সৰু লৰাটিৰ নাম ৰঙ্গাই। সি কাম কৰিবলৈ এলাহ কৰে, কিন্তু ধেমালি কৰিবলৈ ভাল পায়। সি পঢ়িবলৈ অলপো ভাল নাপায়। তাৰ বাপেক এজন ধনী মানুহ, আৰু তেওঁৰ এটা ডাঙ্গৰ ঘৰ আছে; সেই ঘৰতে ৰঙ্গাইক পঢ়িবলৈ এটা সৰু খোঁটালী কৰি দিয়া আছে।
আজি ৰাতিপুৱা সি বেলিকৈ শুই উঠি তাৰ পঢ়া খোঁটালীলৈ গৈছিল; কিন্তু পঢ়াৰ কথা দূৰত থাওক আনকি কিতাপ এখনো নেমেলিলে। কিতাপবিলাক একতীয়াকৈ থৈ দিলে। তাৰ পাচত তাৰ মাকে ৰঙ্গাইক পঢ়াশালিলৈ যাবলৈ কলে।
ৰঙ্গায়ে কাষলতিৰ তলত কিতাপ লৈ ওলাই গল সঁচা, কিন্তু পঢ়াশালিলৈ নগল, হাবিলৈ হে গল। হাবিত চৰাইবিলাকে তেতিয়া গান গাইছিল। ৰঙ্গায়ে ধেমালি কৰিম বুলি ভাবিছিল হয়, কিন্তু তাত তাৰে সৈতে ধেমালি কৰোঁতা কেওঁ নাছিল। কিয়নো সেই সময়ত আনবিলাক লৰাই পঢ়াশালিত পঢ়িছিল গৈ।
ৰঙ্গায়ে মুখত কুটা এডাল লৈ থকা কাউৰী এজনী দেখিলে সি কাউৰীজনীক কলে, ‘কাউৰী! মোৰে সৈতে ধেমালি কৰিবি নে?’ কাউৰীজনীয়ে কলে, “নোৱাৰোঁ নোৱাৰোঁ, বৰষুণ অনাৰ আগেয়ে মই মোৰবাহটো শেষ কৰিব লাগে।” এই বুলি কৈ কাউৰীজনী উৰি গুচি গ’ল।
তাৰ পাচত ৰঙ্গায়ে কিছুমান মউ গুটি এটা ফুলৰ পৰা আন এটা ফুললৈ উৰি ফুৰা দেখি কলে, “হেৰা, ধুনীয়া মউ গুটিবিলাক! মোৰে সৈতে ধেমালি কৰাহি আহাহঁক।” মউগুটি বিলাকে কলে, “নোৱাৰোঁ যাব, আমি ফুলৰ পৰা মৌ-ৰস গোটাইছোঁ। সোনকালে ফুলবিলাক জঁই পৰি যাব, আৰু তাত মৌ-ৰস নোহোৱা হব। আমাৰে সৈতে কথা নাপাতিবা দেওহে, আমাৰ কামৰ ধুম পৰিছে; আন কি, কথা এষাৰ পাতিবলৈকো আমাৰ সময় নাই।”
পিচত ৰঙ্গায়ে অনাই বনাই ফুৰি থকা কিছুমান পৰুৱা দেখিলে। পৰুৱাবোৰে মুখে মুখে একোটা চাউল লৈ গৈছিল। ৰঙ্গায়ে সিহঁতক কলে, “হেৰা পৰুৱাবিলাক! এখন্তক ৰবাচোন; মোৰে সৈতে ধেমালি কৰিবা নে? পাচতো কাম কৰিব পাৰিবা।” পৰুৱাবিলাকে উত্তৰ দিলে, “নহয়, আহাৰ গোটাবলৈ এয়ে আমাৰ উপযুক্ত সময়; অলপতে ধান-চাউল নোহাৱা হব, ইপিনে বৰষুণো হব। আমি এতিয়া খোৱা বস্তু গোটাইছোঁ, যাতে বাৰিষা হলে আমি আহাৰৰ নাটনিত নপৰোঁ। আমি আনকি এক মুহূৰ্ত্তকো ৰব নোৱাৰাঁ, এতিয়াও তোমাৰে সৈতে কথা পাতি সময় হে নিয়াইছোঁ।” এই বুলি কৈ পৰুৱাবিলাক যিমান পাৰে সিমান সোনকালে তাৰ পৰা গুচি গ’ল।
তাৰ পিচত ৰঙ্গায়ে মনে মনে কলে, “কি! মোৰ বাহিৰে গাৱঁত আৰু এলেহুৱা লৰা নাই নে? চৰাই, মউ গুটি আৰু সৰু সৰু পৰুৱাবোৰো কামত ইমান ব্যস্ত আছেনে যে সিহঁতেও ধেমালি কৰিব নোখোজে? তেনেহলে ময়ো কামত ব্যস্ত থকা উচিত।” ইয়াকৈ ভাবি সি তেতিয়াই পঢ়াশালিলৈ লৰি গ’ল, আৰু ওজাদেও অহাৰ অলপ আগতে পঢ়াশালি পালে গৈ। সেই দিনাৰে পৰা ৰঙ্গায়ে আৰু অবাবত কাল নিনিওৱা হ’ল; আৰু ভালকৈ পঢ়া শুনা কৰি শেহত ডাঙ্গৰ মানুহ হ’ল।
⸻
এটা দঁতাল হাতী আৰু শিয়ালৰ কথা
এসময়ত হাতীধৰা মানুহৰ খেদা খাই নগা পৰ্ব্বতৰ পৰা ভাগি আহি নগাঁওৰ লাপখোৱা হাবিত এটা বৰ ডাঙ্গৰ দঁতাল হাতী সোমালহি। সেই হাবিত আৰু হাতী নাছিল। সেই হাতীটোৱেই হুৰহুৰাই হাবি ভাঙ্গি দন্দমাই ফুৰিছিল। হাবিৰ জন্তুবিলাকে গঢ়-গতি চাই হাতীটোৰ নাম গপৰাজ থৈছিল। গপৰাজ যেনিয়েই যায়, জন্তুবিলাক তেনিয়েই পলাই ফাট মাৰে। গপৰাজ মনৰ সুখেৰে চৰি ফুৰে।
এদিন এজাক শিয়ালে গপৰাজক দেখি মনে মনে ভাবিলে, যদিহে গপৰাজক কেনেবাকৈ মাৰিব পৰা যায়, তেনেহলে ইয়াৰ মঙ্গহেৰে আমি আটাইবোৰে ছমাহ খাব পাৰিম।” কিন্তু কেনেকৈ মৰা যাব তাৰ মীমাংসা কৰিবলৈ আটাইবোৰ শিয়াল গোট খাই এখন বিৰাট মেল পাতিলে। কিছুমানে কলে, “সোপাই ধৰি যুঁজ কৰি মাৰোঁগৈ।” কিছুমানে আকৌ কলে, “গাঁত খানি তাত পেলাই মৰা যাওক।” কিন্তু কাৰো কথা ঠিক নহল। তৰ্কাতৰ্কি কৰি থাকোঁতেই বহুত সময় গল। তেতিয়া এটা খলুৱা শিয়ালে কলে, “বাৰু, মই চেষ্টা কৰি চাওঁচোন, যদিহে মাৰিব পাৰোঁ, তেনেহলে তোমালোকক কমহি যনিহে নোৱাৰোঁ, তেন্তে আকৌ আন এটা বুদ্ধি সাজিব লাগিব।” এটাইবোৰ শিয়ালে খলুৱা শিয়ালেনো কি উপায় পাঙ্গিছে, তাক কবলৈ কোৰাত সি উত্তৰ দিলে, “জ্ঞানী লোকে কয়— যি পহু মাৰিবা, মাৰিবা বনত। যি কথা কৰিবা, ভাবিবা মনত। এতেকে তোমালোকক মোৰ ভাবটো এতিয়া নকওঁ, কাম কৰি আতাইহে কমহি।” তাৰ কথা আটাইবোৰ শিয়ালে উপ্লুঙা কৰি উৰাই দিলে, আৰু তেতিয়াই তাহাঁতৰ মেল ভাগিল।
খলুৱা শিয়ালে সেইদিনাৰে পৰা হাতীক ফান্দত পেলাবলৈ চেলু বিচাৰিবলৈ ধৰিলে। এদিন গপৰাজ ব্ৰহ্মপুত্ৰত পানী খাবলৈ আহিল। পানী খাই উলটি যাওতে খলুৱা শিয়ালে লৰালৰিকৈ গৈ দীঘল হৈ সেৱা এটি কৰিলেগৈ। গপৰাজে বৰ ফুৰ্ত্তিৰে সৈতে সুধিলে, “তই কোন? কৰ পৰা আহিছ? তোক কি লাগে?”
শিয়ালে লাহেকৈ মাত লগালে, “মহাৰাজ, স্বৰ্গদেউ, মই বন্দীয়ে আপোনাৰ শ্ৰীচৰণত এটি কথা নিবেদন কৰিবলৈ আহিছোঁ। কৃপা কৰি যদি মহাৰাজে মোক অভয় দিয়ে, তেন্তে মই সকলো কথা শ্ৰীচৰণত জনাব পাৰোঁ।”
শিয়ালৰ কথাত গপৰাজে ভোল গৈ কলে, “তোৰ কোনো ভয় নাই, মোৰ কথাৰ উত্তৰ দে, আৰু তোৰ কি কব লগা আছে, কৈ যা।”, শিয়ালে তেতিয়া নিৰ্ভয় হৈ আগতকৈ ডাঙ্গৰ মাতেৰে কবলৈ ধৰিলে, “মহাৰাজ, মই সামান্য এটা শিয়াল। হাবিত কেচু কুমটি বিচাৰি খাই কোনো মতে প্ৰাণ ধাৰণ কৰিছোঁ। কিন্তু আজি এটা মহৎ বাতৰি লৈ মহাৰাজৰ ওচৰ চাপিছোঁহি। মহাৰাজ, আজি অনেক কাল গল, কিন্তু আমাৰ এই অৰণ্যত ৰজা পাতিবলৈ কোন উপযুক্ত লোক বিচাৰি পোৱা নগল। অযোগ্য জনক ৰাজ্যৰ ভাৰ দিয়াতকৈ অৰাজক হৈ থকাই ভাল অনুমান কৰি ইমান দিন কটালোঁ। কিন্তু মহাৰাজক দেখা পাই, সকলো বন্য জন্তুৰে এখন ডাঙ্গৰ মেল পাতি মহাৰাজেই ৰাজসিংহাসনৰ উপযুক্ত পাত্ৰ বুলি সিদ্ধান্ত কৰি, মহাৰাজৰ শ্ৰীচৰণত সেই শুভ বাতৰি নিবেদন কৰিবলৈ মোক কটকী স্বৰূপে পঠিয়াই দিছে। মহাৰাজে অনুগ্ৰহ কৰি যদি দাসহঁতৰ মনৰ বাঞ্ছা পুৰ্ণ কৰে তেনেহলে দাসহঁত কৃতাৰ্থ হওঁ, আৰু মহাৰাজৰ ৰাজ্যত সুখেৰে কাল নিয়াব পাৰোঁ।”
গপৰাজে গপত ওফন্দি পৰি গহীনকৈ মাত লগালে, “তহঁতৰ সিংহাসন কত আছে? তহঁতেনো মোক কেনেকৈ ৰজা পাতিবি?” উত্তৰত শিয়ালে নম্ৰভাৱে কলে, “মহাৰাজ, আমি ৰাজসিংহাসন এখন তৈয়াৰ কৰি ইয়াৰ পৰা অলপ দূৰতে থৈছোঁ। মহাৰাজৰ ৰাজ্যাভিষেক পাতিবৰ কাৰণে সকলো বস্তু যো-যা কৰি থোৱা আছে। মহাৰাজ গৈ বহিলেই হল। যাওঁ বুলিলে এতিয়াই মই বাট দেখুৱাই লৈ যাব পাৰোঁ।”
শিয়ালৰ কথাত প্ৰত্যয় মানি গপৰাজে “ৰাৰু, বাট দেখুৱাই এতিয়াই মোক তহঁতৰ সিংহাসনৰ ওচৰলৈ লৈ যা” বুলি কলে। শিয়াল আগে আগে যাবলৈ ধৰিলে, গপৰাজ পাচে পাচে গল। কাতি মহীয়া ব্ৰহ্মপুত্ৰৰ পলস পৰি থকা ঠাই এডোখৰ ওপৰেদি পাতল শিয়াল খপ্ খপ্ কৰে হেলাৰাঙ্গে গল, কিন্তু শকত-আৱত গধুৰ হাতিৰ খোজ দিওঁতেই পলসত ভৰি সোমাই গল।আগভৰিযোৰ বল দি অলপ উলিয়ায় যদি পাচ ভৰিযোৰ দুগুণে সোমায়। শিয়ালে “আহক মহাৰাজ, আহক মহাৰাজ” বুলি চিঞঁৰিবলৈ ধৰিলে। কিন্তু মহাৰাজে আৰু কলৈ লৰচৰ কৰে তেওঁৰ পলসৰ পৰা ওলাবৰ আৰু সাধ্য নহল।
তেতিয়া শিয়াল গৈ তাৰ লগৰীয়াবোৰক খবৰ দিলেগৈ। সিহঁত আটাইবোৰ আহি জীয়াই থাকোঁতেই হাতীক এফালৰ পৰা কামুৰি খাবলৈ ধৰিলে। এতেকে বৰ আশা কৰা ভাল নহয়, আৰু গমি-গপি নাচাই যাৰে তাৰে কথাতে বিশ্বাস কৰিলে নিজৰ প্ৰাণকো হেৰুৱাব লগাত পৰিব পাৰে।
⸻
পুৱা
শেষ হল নিশা, ঊষা দেখা দিলে,
জাগিল সজীব ধৰা,
ঘোৰ অন্ধকাৰ দূৰলৈ গল
শূন্যত লুকাল তৰা।
ফেহু জালি দিলে ফেঁচাই জোকাৰি
“তুঁহু” কৰি কলে মাতি;
“কা” “কা” কৰি কাউৰি আহিল
নেৰানে বিছনা পাটী?
পূব আকাশত হেঙ্গুলী বৰণে
উদিল তৰুণ ৰবি;
তাৰে পোহৰত নিচুকনি পাই,
পদুমে দেখিলে ছবি।
ৰঙ্গা সুৰুযৰ কেচাঁ সোণাৱালী
ৰেখা দুটি মানে আৰু,
আকোৱালী ধৰি প্ৰকৃতি দেবীক
পিন্ধালে ৰূপহি খাৰু।
স্বৰগৰ পৰা শীতল মলয়া
গহীন ভাবেৰে আহি,
ৰিব্ ৰিব্ কৈ শান্তি বৰষিলে
আদৰি ফুলৰ পাহি।
দশো দিক্ জুৰি শুৱলা মাতেৰে
চৰাইয়ে গালে গীত;
শুনি সুমধুৰ সুৰ পঞ্চমৰ
পমিগল মন-চিত।
বনৰ আঁৰত পহু চৰাইয়ে
ৰদৰ কাঁচলি লই;
পোৱলিক লই ৰঙ্গ ধেমালিৰে
বনত সোমাল গই।
এৰি সকলোৱে নিজ ঢাৰি পাটি
এলাহ কাষত থোৱাঁ,
নতুন সাহেৰে নতুন বলেৰে
কৰ্ত্তব্য কামত যোৱাঁ।
শ্ৰীমতী ধৰ্ম্মেশ্বৰী দেবী বৰুৱা
তাজমহল
তাজমহল এটি ভাৰতৰ ভিতৰত আটাইতকৈ শুৱনী পকা ঘৰ। এই পকা ঘৰ যুক্ত-প্ৰদেশেৰ আগ্ৰা নগৰত আছে। ই ভাৰতৰ এজনা মহাৰাণীৰ কবৰ।
পঞ্চম মোগল সম্ৰাটৰ নাম ছাহ্জাহান। তেওঁ বহুত নগৰ, কাৰেং ঘৰ, কবৰ আৰু মচিদ আদি সজাইছিল। ভাৰতৰ
এই শ্ৰেণীৰ আন আন পকা ঘৰবোৰতকৈ এইবোৰ বেচি শুৱনী।
মম্তাজ্মহল নামে এজনা দীপলিপ পাৰ্চি মহিলা তেওঁৰ কুঁৱৰী আছিল। মমতাজ্মহল ৰাণী নুৰজাহানৰ ভাগিনীয়েক। তেওঁ তেওঁৰ গিৰিয়েক ছাহ্জাহানেৰ সৈতে বহুত বছৰ অ মনেৰে একে লগে আছিল। আৰু তেওঁৰ কেইবাটিও লৰা ছোৱালি হৈছিল। তেওঁ ছাহ্জাহানক বৰ ভক্তি কৰিছিল, আৰু ছাহ্জাহানেও তেওঁক বৰ মৰম কৰিছিল।
বিয়াৰ পৰা চৈধ্য বছৰৰ পিচত তেওঁ “বেমাৰ পৰাত ছাহজাহান বৰ দুখিত হল; আৰু তেওঁক চকুৰ আগৰ পৰা ক্ষন্তেকলৈও নেৰা হল। তেওঁৰ অবস্থা দিনে দিনে বেয়ালৈ যাবলৈহে ধৰিলে; আৰু অৱশেষত তেওঁৰ মৰণৰ সময় উপস্থিত হলহি। ছাহ্জাহানে চকুলো টুকি টুকি তেওঁক সুধিলে, “তোমাৰ মৰমৰ চিন স্বৰূপ মই সংসাৰত কি থব পাৰোঁ?” ৰাণীয়ে বৰ বেজাৰ মনেৰে কলে, “যদি মোলৈ আপোনাৰ মৰম আছে, তেনেহলে মই মৰাৰ পাচত আপুনি অইন কাকো বিয়া নকৰাব, মোৰ কথাকে ভাবি থাকিব; ‘আৰু মোৰ মৰিশালিত এটা এনেকুৱা কবৰ সাজিব, যাতে তাৰ দ্বাৰাই মোৰ নাম যাউতিযুগীয়৷ হৈ থাকে।”
ছাজাহানে তেওঁৰ ৰাণীয়ে মৰাৰ সময়ত যি কলে, সেই মতেই কৰিবলৈ প্ৰতিজ্ঞা কৰিলে, আৰু তেওঁৰ কথা ৰাখিলে। তেওঁ আন তিৰোতা আৰু বিয়া নকৰালে। তেওঁৰ মাৰিশালিত চালে-চকুৰোৱা এটি কবৰ সাজালে। এই কবৰকে তেওঁৰ নামৰ মতেই মম্তাজ্ বা মম্তাজ্মহল বুলি লোকে কয়। এতিয়াও যমুনা নৈৰ পাৰত থকা আগ্ৰা চহৰত এই তাজ্মহল আছে। ইয়াক দেখিলে কালি আজিতে সজা যেনহে লাগে। ই বগা মাৰ্ব্বল পাথৰেৰে নিৰ্ম্মিত। ইয়াক সজাওঁতে ডেৰকুৰি বছৰ লাগিছিল, আৰু ডেৰকুৰি লাখ টকাও খৰচ হৈছিল।
⸻
এটি সঁচাকথীয়া লৰা
ভাৰতবৰ্ষৰ পশ্চিম ফালে মহাৰাষ্ট্ৰ বুলি এডোখৰ ঠাই আছে। সেই ৰাজ্যত শিৱাজি আদি ডাঙ্গৰ ডাঙ্গৰ যুজাৰু সকল উপজিছিল। আজি কালিও তাৰ মানুহবিলাক শতক আৰু বলী। সেই দেশত বলোৰাম নামেৰে এজন বৰ দুখীয়া মানুহ আছিল। তেওঁ খেতি-বাতি কৰি খাই ৩২ বছৰ বয়সত কোনমতে নগদ ৰূপ ৫০৲ টকা সাঁচি থৈ মৰিল। মৰিবৰ সময়ত তেওঁৰ ঘৈণীয়েক আৰু একমাত্ৰ ছয় বছৰীয়া লৰা এটি আছিল। বেপাৰ বাণিজ্য কৰিবৰ নিমিত্তে ডাঙ্গৰ হলে লৰাটিক সেই ৰূপ ৫০৲ টকা দিবলৈ তেওঁ ঘৈণীয়েকক কৈ গল। কিন্তু কেনেকৈনো মাকে পুতেক খাব, তাৰ একো দিহা দি নগল।
লৰাটিৰ মাকেও গিৰিয়েকৰ আজ্ঞা মতে ৰূপ কেইটকা টেকেলি এটাত ভৰাই মাটিত পুতি থলে। লোকৰ ধান দাই ভুঁই ৰূই কোনোমতে লৰাটিৰ আৰু নিজৰ পেট প্ৰবৰ্ত্তাবলৈ ধৰিলে। বৰ দুখত পৰাতো সেই ৰূপ কেইটকা কেতিয়াও নাভাঙ্গিলে।
যেতিয়া লৰাটিৰ বয়স ষোল বছৰ হয়, আৰু নিজে দুপইচা আৰ্জ্জিব পৰা হল, তেতিয়া মাটিৰ পৰা সেই ৰূপ ৫০৲ টকা খানি
আনি পুতেকৰ হাতত দি কলে, “বোপাই, তোমাৰ পিতাৰে তোমালৈ এই ৰূপ ৫০৲ টকা সাঁচি থৈ গৈছে। তুমি এই ৰূপেৰে সৰুকৈ দোকান এখন দি কাৰবাৰ কৰাঁগৈ। আমাৰ গাওঁ খন বৰ দুখীয়া, ইয়াত দোকান দিলে মানুহে কালিয়নে বস্তু খায়েই আহৰি কৰিব। এতেকে এই দেশৰ ৰাজধানী পুনা চহৰলৈ গৈ তাতে কাৰবাৰ চলোৱাঁগৈ।”
এই কথাত পুতেক— “আই মই তোমাক এৰি কলৈকো নাযাওঁ, মোক টকা নালাগে”— এই বুলি কান্দিবলৈ ধৰিলে। মাকে তেতিয়া তাক ভালকৈ বঢ়ালে বুজালে আৰু কলে, “মই এতিয়া বুঢ়ী হৈ আহিছোঁ, লাহে লাহে কাম কৰিব নোৱাৰা হম। তুমিয়েই দুপইচা নুলিয়ালেনো, আমি দুটা কেনেকৈ পোহ যাম। তুমি যোৱাঁ, কেৱল এটা কথা মনত ৰাখিবা,— কেতিয়াও মিছা কথা নকবা। প্ৰাণ যাব লগা হলে যাবলৈ দিবা, কিন্তু কোনোকালে মিছাত আশ্ৰয় নলবা। তাকে কৰা শুনিলে মই বৰ আনন্দ পাম।”
লৰাটিয়ে মাকক সেৱা কৰি কঁকালৰ গামোছাত ৰূপ কেইটকা বান্ধি লৈ পুনালৈ যাত্ৰা কৰিলে।
সেই কালত বাটত চোৰ ডকাইত বহুত। সিহঁত বাটৰ দাঁতিত হাবিৰ মাজতে লুকাই থাকে, আৰু অকলশৰীয়াকৈ মানুহ যোৱা দেখিলেই ডকা দি মাৰি কিলাই ধন সম্পত্তি কাঢ়ি লয়। নিদিওঁ, নথওঁ কৰিলে প্ৰাণকো বধ কৰিবলৈ সিহঁত কুণ্ঠিত নহয়। সেই লৰাটিকো বাটত এনে এদল ডকাইতে লগ পালে। লৰাটিৰ কাপোৰ কানিবোৰ বৰ মলিয়ন আৰু ফটাছিটা আছিল। তাকে দেখি ডকাইত জাকে মনতে ভাবিলে, “ইয়াৰ কি আছে? তাৰ কিবা আছে নে বুলি সোধাতে আমাৰহে লাজ।” এটা ডকাইতে কিন্তু ঠাট্টা কৰি লৰাটিক সুধিলে, “হেৰ লৰাটো, তোৰ ধন বস্তু আছেনে? আছে যদি, আমাক দি যা।” লৰাটিয়ে উত্তৰ দিলে, “মোৰ হাতত ৰূপ ৫০৲ টকা আহিছে, মই বেপাৰ কৰিবলৈ আহিছোঁ, তোমালোকক টকা দিব নোৱাৰোঁ।” তাৰ এই কথাত প্ৰত্যয় নগৈ আন এটা ডকাইতে আকৌ সেই প্ৰশ্নকে কৰিলে, আৰু লৰাটিয়েও অবিকল সেই উত্তৰকে দিলে। তেতিয়া ডকাইতহঁতৰ দলপতিয়ে লৰাটোক আকৌ তাকে ঘুৰাই সোধাত লৰাটোৱে ৰূপ কেইটকা উলিয়াই দেখুৱালে। ৰূপ কেইটকা দেখি ডকাইত জাকে লোভ সামৰিব নোৱাৰি লবলৈ হাত মেলোতেই সিহঁতৰ দলপতি জনে লৰাটিক সুধিলে, “বোপা, তোমাৰ সাজপাৰ দেখি তোমাৰ হাতত টকা আছিল বুলি আমাৰ বিশ্বাস নহৈছিল। নাই বোলাহেঁতেনেই দেখোন তোমাক আমি এৰি দিলোঁহেঁতেন। কেলেই তুমি টকা আছে বুলি কলাঁ? আমাক ডকাইত বুলি নাজানিলানেকি?” ইয়াৰ উত্তৰত লৰাটিয়ে কলে, “তোমালোকক ডকাইত বুলি জানোঁ। পিচে মই ঘৰৰ পৰা অহাৰ পূৰ্ব্বেই আয়ে মোক মিছা কথা কবলৈ হাক দি পঠাইছে। সেই বাবে মই কেতিয়াও মিছা কথা কব নোৱাৰোঁ।” দলপতিয়ে লৰাটিৰ কথা শুনি আৰু তাৰ অপূৰ্ব্ব মাতৃভক্তি দেখি তধা লাগিল। পিচত তেওঁ সমলো ডকাইতে শুনাকৈ কলে, “এই দুখীয়া সৰু লৰাটিয়েই মিছা কথা নকলে, আৰু মাকৰ কথা ইমানকৈ ৰাখিলে। মই কিন্তু ভালৰ ঘৰত জন্ম লৈয়ো কত মিছা কথা কৈছোঁ, কত মানুহক মাৰি ধন বস্তু কাঢ়ি লৈছোঁ! মই আজিয়েই শপত খাইছোঁ, আজিৰ পৰা আৰু কেতিয়াও মিছা কথা নকওঁ, আৰু এই ডকাইতিও নকৰোঁ।” এই বুলি তেওঁ ডকাইতৰ দলৰ পৰা আঁতৰ হল, তাতে সকলো ডকাইতে লাজ পাই শপত খাই সেই দিনাৰে পৰা আৰু ডকাইতি কৰিবলৈ এৰিলে। লৰাটিয়েও পুনালৈ গৈ দোকান এখন দি অলপ দিনৰ ভিতৰতে বৰ চহকী হল, আৰু নামজলা হৈ উঠিল। বহুত ধন বস্তু লৈ আহি মাকক সুখেৰে খুৱালে, আৰু টকাখিনি ভাল ভাল খৰচ কৰিলে।
এতেকে যি মানুহে সদাই সঁচা কথা কয়, তেওঁক সকলোৱে বিশ্বাস কৰে, আৰু তেওঁ বেয়া মানুহকো ভাল বাটলৈ আনিব পাৰে। তেওঁ বহুত পুণ্য সাঁচে, আৰু যেতিয়া ঢুকায়, তেতিয়াও তেওঁ স্বৰ্গত গৈ মহাসুখে থাকেগৈ। যুধিষ্ঠিৰ ৰজাই সঁচা কথা কোৱা বাবেই সোঁ-শৰীৰেই স্বৰ্গলৈ গল। সঁচাকথীয়া মানুহক ঈশ্বৰে এই সংসাৰত আৰু পৰকালতো সহায় কৰে।
⸻
কৃষক
জীৱন নাৱৰ গুৰি বঠা ধৰি তুমি
সমাজক ৰাখিছা জীয়াই,
তুমিয়ে পিতৃৰতুল্য গোটেই দেশৰ
অন্নাহাৰ দিছা সৰ্ব্বদায়।
তোমাৰ জহতে লোকে অৰ্জ্জি বিদ্যজ্ঞান
স্বদেশৰ উন্নতি সাধিছে,
তোমাৰে উৎপন্ন লৈ কিনা বেচা কৰি
সদাগৰে লক্ষ্মীক বান্ধিছে।
বাৰিষাৰ এটি মাহো বহি থাকা যদি
দেশত লাগিব হাঁহাঁকাৰ;
সমাজ বান্ধনী কেনি পৰিব উফৰি
উন্নতিও হব ছাৰখাৰ।
তোমাৰ সমান নাই দেশ হিতকৰ
প্ৰাণদাতা সকলো নৰৰ;
তোমাৰ বিহনে হব জগত শ্মশান,
তুমি মাত্ৰ সাৰ সংসাৰৰ!
স্বাধীন কিৰিষি কৰি আপোন ইচ্ছাৰে
তুমিয়েই মুকলি-মূৰীয়া;
নে পাতা কালৈকো হাত নধৰা খাটনি
ৰাখিছা দেশৰ তুমি চিয়া।
শ্ৰীতুলসীচন্দ্ৰ বৰুৱা
বেমাৰী সদাগৰ আৰু কলা বন্ধু
দাক্ষিণাত্যৰ ত্ৰিবাঙ্কুৰ ৰাজ্যৰ ৰাজধানী ত্ৰিবান্দ্ৰম। এই চহৰত এজন সদাগৰ আছিল। এসময়ত তেওঁৰ টান নৰিয়া হয়। তেওঁৰ এগৰাকী ধুম-কলা বন্ধু আছিল। সদাগৰৰ
সদাগৰৰ ঘৰলৈ যাওঁতে বাটত ভাবিলে যে, সেই খিনি পালে প্ৰথমতে তেওঁ কি কব। তেওঁ ভাবিছিল যে, নৰিয়া পৰি দুৰ্ব্বল হৈছে যেতিয়া সদাগৰে পূৰ্ব্বৱতে ভালকৈ কথা কব নোৱাৰিব। গতিকে তেওঁ মনে মনে এনে দৰে কথা পাতিবলৈ থিৰ কৰিলে।
বন্ধুৰ ঘৰ সোমাৱেই মই তেওঁক নমস্কাৰ কৰি বহিম। তাৰ পাচত মই সুধিম, “ডাঙ্গৰীয়া, আজি কেনে পাইছে?” জ্বৰ নেথাকিলে তেওঁ উত্তৰ দিব, “অলপ বাৰু পাইছোঁ।” তাকে উত্তৰত মই কম, “শুনি বৰ ৰং পালোঁ।”
তাৰ পাচত মই তেওঁৰ পথ্যৰ কথা সুধিম। তেওঁ ধুৰুপ কব, “ভাতৰ নিসনি।” মই কম, “ঈশ্বৰে যেন ইমানতে আপোনাক অনুগ্ৰহ কৰে।”
শেহত সুধিম, “আপোনাৰ বেজ কোন?” তেওঁ কোনোবা বেজৰ নাম অৱশ্যে কব। তেতিয়া মই কম, “ঈশ্বৰে কৰিলে তেওঁৰ পৰাই আপোনাৰ ভাল হব।”
নিজৰ মনত এইবোৰ কথা গমি গপি সদাগৰৰ বন্ধুৱেক সদাগৰৰ ঘৰ পালেগৈ। আলচি যোৱাৰ মতেই নমস্কাৰ কৰি বহিল, আৰু গাত হাত দি চাই জ্বৰ নথকা পাই সুধিলে।
“ডাঙ্গৰীয়া, কেনে পাইছে?” নৰিয়াই কোনো প্ৰকাৰে কেকাঁই গেঠাই কলে যে, “তেওঁৰ বৰ ভাল লগা নাই, অলপ আগতে তেওঁৰ বৰ জ্বৰ উঠিছিল।” বন্ধুজনে মনে মনে ভাবিলে যে, অলপ ভাল পাইছোঁ বুলিয়েই এওঁ কৈছে, এই বুলি তেওঁ কলে, “কথাশুনি মই বৰ ৰং পালোঁ। ঈশ্বৰে আপোনাক এনেকৈ ৰাখক।”
তেওঁৰ এই কথাত জ্বৰত ক্ষীণাই খিট খিটিয়া হোৱা সদাগৰৰ খং উঠিল। বন্ধুজনে আকৌ সুধিলে, “আপোনাক কি পথ্য দিছে?” বেমাৰীয়ে খঙত উত্তৰ দিলে, “মাটি।” নুশুনা নুবুজাকৈয়ে বন্ধুজনে কলে, “এই পথ্যৰ পৰাই আপোনাৰ ভাল হউক। ঈশ্বৰে ইমানতে যেন আপোনাক অনুগ্ৰহ কৰে!”
বেমাৰীৰ তেতিয়া আৰু খং উঠিল। বেমাৰীক তলকা মাৰি থকা দেখি অলপ পাচতে বন্ধুজনে তেওঁক সুধিলে, “আপোনাৰ বেজ কোন্?” নৰিয়াই খঙেৰে উত্তৰ দিলে, “স্বয়ং যমেই মোৰ বেজ।” তেওঁ ভাবি যোৱা মতেই কলে, “ঈশ্বৰে কৰিলে তেওঁৰ পৰাই আপোনাৰ ভাল হব।” নৰিয়াৰ তেতিয়া খঙে মূৰৰ চুলি পালেগৈ। তেওঁ দাঁত মুখ কামুৰি বৰ অস্থিৰ হ’ল। পাচে বেমাৰী অস্থিৰ যেন দেখি কলা বন্ধু জনে নিজকে নিজে কলে, “জ্বৰ বৰ বেয়াকৈ উঠিব খুজিছে হবলা। মই আৰু উঠি যোৱাহে ভাল।” ইয়াকে ভাবি নমস্কাৰ কৰি আপোনা আপনি বিদায় হ’ল। তেওঁক যোৱা দেখি নৰিয়াও অলপ সুস্থিৰ হ’ল।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
