সমললৈ যাওক

নিৰ্ম্মল ভকত/সামৰণি

ৱিকিউৎসৰ পৰা

সামৰণি

 তিনি বছৰৰ মূৰত ডাঙৰীয়াজন আকৌ সত্ৰলৈ এবাৰ গৈছিল। তাত গৈ এইবাৰ নিৰ্ম্মল ভকতক নাপাই ভকতৰ কথা সোধোতে ঈশ্বৰ পুৰুষে আৰু ভকতসকলে ক'লে যে "আজি প্ৰায় বছৰেক হ'ল নিৰ্ম্মল আতৈ বৈকুণ্ঠী হৈছে।" ডাঙৰীয়াজনে এই কথা শুনি প্ৰভু শুভদেৱ ঈশ্বৰ পুৰুষক জনালে—"প্ৰভু জগন্নাথ! নিৰ্ম্মল আতৈৰ বৈকুণ্ঠপ্ৰয়াণৰ বিৱৰণটো দাসে জানিব খোজে।" প্ৰভু জগন্নাথে চকু চলচলীয়া কৰি ক'লে—"কি ক'ম মোৰ নিৰ্ম্মল আতৈৰ মহিমা। তেওঁ চলিবৰে পৰা আমাৰ সত্ৰৰ যেন ধৰণী এটাহে গ'ল। তেওঁৰ বয়স এশৰ ওপৰ হ'লেও সদায় সেই নিয়মত গা-ধোৱা, নিয়মমতে প্ৰসঙ্গ কৰা সকলো কামকে কৰিছিল। আন কি বৈকুণ্ঠী হ'বৰ দিনাও পুৱাৰে পৰা মই ভোজন কৰি উঠালৈকে সমস্ত কাম কৰিছিল। পিছত সেইদিনা মই আৰু সমূহ বৈষ্ণৱে ভোজনাদি কৰি জিৰাইছিলোঁ; এনেতে নিৰ্ম্মল আতৈৰ বহাৰ পৰা মোলৈ খবৰ আহিল যে নিৰ্ম্মল আতৈয়ে মোক দেখা কৰিব খোজে। মই ক'লো—"নিৰ্ম্মল আতৈ মোৰ ইয়ালৈকে আহক বাৰু।" ভকতজনে ক'লে—"নহয় প্ৰভু! আতৈয়ে থিয় হ'ব নোৱাৰে বুলি কৈছে। তেওঁ আজি প্ৰসঙ্গ কৰি আহিবৰে পৰা তেওঁৰ বহাৰ আগৰ চোতালত থকা তুলসীৰ গুৰিতে বহি আছে। শ্ৰীচৰণক তাতে দেখা পাব খুজিছে।" এই কথাত মই ল'ৰালৰিকৈ গৈ সুধিলো—"আতৈ! কেলেই মোক মাতিলা?" নিৰ্ম্মলে ক'লে—"প্ৰভু জগন্নাথ! দাসক এফেৰা পাদোদক দিয়ক, দাসৰ যাবৰ হ'ল।" মই ক'লো—"কি! তোমাৰ যাবৰ হ'লনে? ক'তা, তোমাৰ দেখোন বেমাৰ-আজাৰ হোৱা নাছিল।" আতৈয়ে ক'লে—"প্ৰভু! আদেশ হৈছে। সৌৱা মই ৰথ এখন দেখিছোঁ। এফেৰা পাদোদক দিয়ক।" এই কথাত মই মন্দিৰৰ পৰা অনাই ৺যাদৱৰায়ৰ চৰণামৃত দিলোঁ। তাকে খাই মোৰ পাদোদক শিৰত লৈ আতৈয়ে ক্ষীণ কণ্ঠেৰে গালে—

পৰম সুন্দৰ    শ্যাম কলেৱৰ
  ৰূপে কোটী কাম প্ৰায়।
যেন কোটি শশী    আচন্ত প্ৰকাশি
  মধুৰ মূৰ্ত্তি সদায়।।
কিৰীটি মুকুট    চূড়ামণি যত
  শিৰত কৰে প্ৰকাশ।
কপালে অলকা    ৰত্নৰ তিলকা
  মুখে পদ্মচাৰু হাস।।
কমল নয়ন    সুন্দৰ বয়ন
  অধৰ অৰুণ কান্তি।
ভ্ৰূৱ কামচাপ    মধুৰ আলাপ
  কুণ্ড কৰি দন্ত পান্তি।।

 এই শুৱলা গীতটো গায়েই আকৌ গালে—"বৈকুণ্ঠৰে ৰথ নামি আহা ঐ নামি আহা" এই বুলি কৈয়েই আতৈয়ে তৎক্ষণাৎ বহি বহিয়েই প্ৰাণবায়ু তেজিলে। যেনেকৈ বহি আছিল তেনেকৈয়ে ৰ'ল; কেৱল মাথোন মূৰটো সোঁফালে হালি পৰিল। ডাঙৰীয়া! মই আজিলৈকে এনেকুৱা সিদ্ধ ভকত মুক্ত পুৰুষ দেখা নাই।" এইবুলি ঈশ্বৰ পুৰুষ আৰু আন আন ভকতসকলে চকু চলচলীয়া কৰিলে। তাৰ পিছতে ঈশ্বৰ পুৰুষে আমাক ক'লে—"আমি ভকত লগোৱাই অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শৱটো পঠালো, কিন্তু কি আচৰিত! বাটতে সেইদিনা সিফালে বোকাখাটৰ পৰা বুঢ়া-বুঢ়ী অনিৰাম-ৰূপহীও সত্ৰলৈ আহোঁতে শৱটো লগ পাই সবিশেষ তেতিয়াহে ভকতসকলৰ পৰা জানিলে যে সেই শৱটো নিৰ্ম্মল ভকতৰ— ৰূপহীৰ প্ৰথম পক্ষৰ গিৰিয়েকৰ। ৰূপহী আৰু অনিৰামে ভকতসকলে কোৱা বৃত্তান্তৰ পৰা বেছকৈ বুজিলে যে তেওঁবিলাকক সুখী ৰাখিবলৈ বীৰশ্ৰেষ্ঠ নিৰ্ম্মল আতৈয়ে এনেকুৱা ঘোৰ স্বাৰ্থকো ত্যাগ কৰিছিল। জীয়াই থাকিও তেওঁলোকক ধৰা নিদিলে— পৰিচয় নিদিলে। ৰূপহীয়ে বুজিলে তেওঁৰ প্ৰথম পক্ষৰ স্বামী কি প্ৰেমিক! কি উদাস! কি মহান। ৰূপহী-অনিৰাম উভয়ে কান্দিলে। চকুৰ লো টুকি টুকি শ্মশানলৈ গৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়াত যোগ দিছিল চিতাত তোলাৰ আগেয়ে সকলোৱে ভকতৰ মুখখন চালে। মুখত যেন লাৱণ্যহে চৰিছিল, যেন এটা প্ৰগাঢ় প্ৰফুল্লতাহে ফুটি ওলাইছিল। ৰূপহীয়ে আকৌ পাৰেমানে কান্দিলে। অনিৰামেও সমবেদনাত কান্দিলে। পিছত উভয়ে 'কৃষ্ণ, কৃষ্ণ, প্ৰভু যাদৱৰায়, প্ৰভু যাদৱৰায়' ইত্যাদি মাতিহে মন শান্ত কৰিছিল। পিছত আমি সত্ৰৰ পৰা যি হয় খৰচ কৰি শ্ৰাদ্ধবিধি কৰাই নামগুণ ধৰাইছিলোঁ। ৰূপহী আৰু অনিৰামেও হেনো সিহঁতৰ বৰ পুতেকৰ হতুৱাই বৰ আস্তিকেৰে শৰাধ কৰাইছিল। আৰু সিহঁতে হেনো নিজে খৰচ কৰি নামঘৰ সজাই তাৰ ওচৰতে এটা পুখুৰী খনাই আমাৰ ইয়াৰ পৰা ভকত নি সেই নামঘৰ আৰু পুখুৰী প্ৰতিষ্ঠা কৰাই নিৰ্ম্মল আতৈৰ নামে উছৰ্গি দিছিল।" ঈশ্বৰ পুৰুষৰ পৰা এইবিলাক বিৱৰণ শুনি ডাঙৰীয়াজনেও চকুৰ লো টুকি টুকি ক'লে—"ধন্য বীৰ প্ৰৱৰ, স্বদেশ-প্ৰেমিক, বিশ্বপ্ৰেমিক, পৰম ত্যাগী, ধৰ্ম্মাত্মা মহাপুৰুষ নিৰ্ম্মল আতৈ। তুমি অসম মাতৃৰ নিমিত্তে মানৰ লগত যুঁজিছিলা। তুমি নিজে ত্যাগ স্বীকাৰ কৰিও অপৰক সুখী কৰিছিলা। ৰূপহী, অনিৰামৰ কেনেবাকৈ অশান্তি হ'ব ইয়াকে ভাবি নিজকে গোপন কৰিছিলা। ঈশ্বৰ কৃষ্ণত প্ৰাণ সঁপি নিজকো ধন্য কৰিলা। তুমি দৰাচলতে গীতাৰ সেই ত্যাগী পুৰুষ! তুমি মহাপুৰুষ। নিশ্চয় নিশ্চয় তুমি মৃত্যুৰ আগখিনিতে তোমাৰ কৃষ্ণক দেখিছিলা। মৃত্যুৰ পাছতো বৈকুণ্ঠৰ বিমানত উঠি ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ গৈছা! মহাপুৰুষ! তুমি যেন তোমাৰ অসমীয়াৰ প্ৰতি সদায় কৃপালু থাকা! তোমাৰ আৰ্হিয়ে যেন অসমীয়াক ত্যাগৰ বাটেৰে দেশৰ হিত চিন্তিবলৈ, দেশৰ হিত কৰিবলৈ শক্তিসামৰ্থ্য দিয়ে। অসমীয়া হিন্দুৰ প্ৰাণ যেন কৃষ্ণত মগ্ন হয়।