নিৰ্ম্মল ভকত/নৱম অধ্যায়
নৱম অধ্যায়
এইদৰে সকলো বাধা-বিঘিনিৰ হাত সাৰি ৰূপহীক বিয়া কৰাই মই পৰম সুখী হলোঁ। সংসাৰ মোৰ পক্ষে স্বৰ্গতুল্য বোধ হৈছিল। মই সংসাৰত সকলো বস্তুকেই উজ্জ্বল দেখিবলৈ ধৰিলো। ভবা নাছিলো যে এই সুখৰ দিনৰ ওৰ পৰিল। নেজানিছিলো যে সংসাৰত সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চকৰিত ঘুৰাৰ দৰে ঘূৰি থাকে। নেজানিছিলো যে জগত অনিত্য। কিন্তু ডাঙৰীয়া শুনক, ৰূপহীক বিয়া কৰাই বছেৰেকলৈকে মই স্বৰ্গসুখত আছিলো; কিন্তু ঠিক এবছৰৰ মূৰে পৰা মোৰ ভাগ্য চকৰি ঘূৰিব ধৰিলে। প্ৰথমে বিয়া কৰোৱাৰ এবছৰৰ মূৰতে বোপাই গ্ৰহণী ৰোগত পৰি বৈকুণ্ঠী হ'ল। গোটেই ঘৰৰ ভাল মোৰ মূৰৰ ওপৰত পৰিল। খেতি-বাতিৰ দিহা, হাল, গৰু ৰখা ইত্যদি সকলো কাম মোৰ মূৰত। তাৰ লগে লগে ভাই দুটাক বিয়া-বাৰু কৰাই দিবলগীয়া চিন্তাও হব ধৰিলে। আইহঁতৰ আৰু ৰূপহীৰ সহায়ত, আইৰ দিহাত কোনোৰকমে পিতৃ-কলীয়া গৃহস্থীখন ৰাখিলো। বোপাই ঢুকোৱাত সত্ৰৰ পৰা নিৰ্ম্মালি দি মোকে মেধিও পাতিলে।
মানুহৈ কয় বিপদ হেনো অকলে নাহে। যেতিয়া এবাৰ এটা বিপদ হয়, তাৰ লগে লগে আন বিপদো আহে। বোপাই ঢুকোৱাৰ ছমাহ পিছতে আয়ো বৈকুণ্ঠী হ'ল। এতিয়া সমস্ত জঞ্জাল মোৰ মূৰত। সন্দিকৈ গাঁৱৰপৰা মাহীক আনি লগত ৰাখি ঘৰৰ ভিতৰুৱাল দিহা মেলাৰ পৰা অলপ আজৰি পালো হয়; কিন্তু তাৰ আকৌ ছমাহৰ মূৰতে আমাৰ দেশত বৰ হুলস্থুল লাগিল; মানে আহি দ্বিতীয় বাৰ অসম আক্ৰমণ কৰিলে।
ডাঙৰীয়াজনে সুধিলে—"আতৈ! প্ৰথম বাৰনো মান কেলেই আহিছিল? দ্বিতীয়, তৃতীয়বাৰনো কেলেই আহিছিল? আঁতি-গুৰি মাৰি কওকচোন।" নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! আঁতি-গুৰি মাৰি কবলৈ গ'লে ভালেমান কথা। তথাপি মই যিমান দূৰ জানো সংক্ষেপে কওঁ শুনক। ১৭৩০ শকত মোৰ যেতিয়া বয়স ২১ বছৰ তেতিয়া ৺ চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হ'ল। তেওঁৰ তেতিয়া মুঠেই তেৰ বছৰ। সেইদেখি ৰাজ্য চলোৱাৰ ভাৰ ৰাজমাও দেউতা আৰু বুঢ়াগোঁহাই উভয়ৰে গাত পৰিল। প্ৰৱাদ আছে বুঢ়াগোঁহাই ডাঙৰীয়াৰ আৰু ৰাজমাও দেউতাৰ মিল আছিল। মিল হ'বৰে কথা; কিয়নো সেই সময়ৰ দৰাচলতে বুঢ়াগোঁহাই ডাঙৰীয়াই সৰ্ব্বে-সৰ্ব্বা আছিল। বৰগোহাঁই, বৰপাত্ৰগোহাঁই দুয়োজনা বুঢ়াগোহাঁয়ে পতা। ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকো বুঢ়াগোহাঁয়ে ৰজা পাতিছিল। বুঢ়াগোহাঁইৰ ল'ৰা সাতোটা। ধনেজনে সেইকালত বুঢ়াগোহাঁইৰ সমকক্ষ কেৱে নাছিল। বিদ্যা, বুদ্ধি ৰাজনীতি ইত্যাদিতো বুঢ়াগোহাঁই বৰ বিচক্ষণ আছিল ইত্যাদি কাৰণে বুঢ়াগোহাঁইৰে সমস্ত পয়োভৰ আছিল।
ভূত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ সৰু কালৰ ওমলা লগৰীয়া আছিল ৰাজ্যৰ ভাৰ পায়ো স্বৰ্গদেৱে সৎৰামক পাহৰিব নোৱাৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও দেউতা উভয়কে খেচ্খেচাই স্বৰ্গদেৱে সৎৰামক আনি আগৰদৰেই খেলাৰ লগৰী কৰিলে।
ৰজাৰ লগৰীয়া হ'বলৈ পাই হেনো সৎৰাম দিনক দিনে ওফন্দি গঙাটোপটো হ'ল। ৰজাৰ আগত বুঢ়াগোহাঁইৰ বিপক্ষে লগাবলৈ ধৰিলে; বুঢ়াগোহাঁয়েও হেনো তলে তলে সৎৰামৰ ৰেহ-ৰকম চাবলৈ ধৰিলে। সেইবাৰ দুৰ্গাপূজাৰ সময়ত হেন বুঢ়াগোহাঁয়ে নিজ হাতে এটা কিংখাপৰ চোলা তৈয়াৰ কৰি ৰজাক পিন্ধিবলৈ দিছিল। ৰজাই সেই চোলা পিন্ধি ষষ্ঠীৰ দিনা দেৱী-সেৱা কৰিবলৈ যোৱাৰ কথা আছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই তিনিওজনে ৰজাক দৰ্শন পাবৰ অভিলাষে চণ্ডী-মণ্ডপত ৰৈ আছিল। সময় পৰত হেনো ৰজাই সেই চোলা পিন্ধাই সৎৰামক চণ্ডী-মণ্ডপলৈ পঠাই দিলে। ডাঙৰীয়া তিনিওজনে সৎৰামকে ৰজা বুলি আঠু লৈ দেখিলে যে ৰজা নহয় সৎৰামহে। তিনিওজনা ডাঙৰীয়া গোট হৈ, ৰজাৰ চ'ৰাঘৰলৈ আহি মেল পাতি ৰজাক সৎৰামৰে সৈতে সেই মেললৈ আহিবলৈ আদেশ কৰি পঠালে।
ৰজাৰ চ'ৰাত তিনিওজনা ডাঙৰীয়াৰ মেল সেই সময়ত বৰ ডাঙৰ কথা আছিল। সেই মেলত আনকি ৰজাকো ভাঙিব পৰা ক্ষমতা আছিল। ৰজাই শুনি ভয়তে নিজেও নোলাল, সৎৰামকো নপঠালে। ডাঙৰীয়া তিনিজনে হেনো সেই মেলত সৎৰামৰ প্ৰাণদণ্ড বিহি সৎৰামক ধৰি আনিবলৈ আদেশ দিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তিনিজন পুতেকে গৈ সৎৰামক ৰজাৰ ওচৰৰ পৰা টানি আনিলে। ৰজাই ডাঙৰীয়া তিনিজনক সৎৰামক প্ৰাণে নেমাৰিবলৈ বৰকৈ কাকূতি-মিনতি জনাই পঠালে। ৰজাৰ অনুৰোধ এৰাব নোৱাৰি হেনো ডাঙৰীয়াসকলে সৎৰামৰ প্ৰাণদণ্ডৰ ব্যৱস্থা গুচাই, তাক মূৰ খুৰাই ঘোল ঢলাই পৰ্ব্বতৰ ফাললৈ খেদি পঠালে।
প্ৰৱাদ আছিল গুৱাহাটীৰ বৰফুকনৰ হেনো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে পেটে পেটে বৰ অৰিভাব আছিল। সৎৰামক নিৰ্ব্বাসন কৰোঁতে বুঢ়াগোহাঁই ডাঙৰীয়াই জানিলে যে গুৱাহাটীয়া বৰফুকনো সৎৰামৰ লগ। মুঠতে কবলৈ গ'লে গুৱাহাটীৰ বৰফুকন, সৎৰাম, ৰজা এই তিনিজনা এফলীয়া আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও উভয়ে আনফলীয়া। বুঢ়াগোহাঁয়ে চণ্ডী-মণ্ডপৰ সেই অপমানতে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই এই দুজনকে তেওঁৰ অভীষ্ট সিদ্ধিৰ নিমিত্তে লগলগাই লবলৈ বৰ সুবিধা পালে। সৎৰামক নিৰ্ব্বাসন কৰি বুঢ়াগোহাঁয়ে তেওঁৰ বিপক্ষৰ সকলো শত্ৰুকে নিপাত কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছা অনুসৰি তেওঁ গুৱাহাটীৰ বৰফুকনক ধৰাই আনিবলৈ তলে তলে কাৰবাৰ কৰিলে। তেওঁৰ বোৱাৰী পিজৌ গাভৰুৱে বুজ পাই তলে তলে বাপেক বৰফুকনলৈ খবৰ পঠালে। বুঢ়াগোহাঁইৰ ফৈদ গৈ পোৱাৰ আগেয়ে বৰফুকন কলিকতালৈ গৈ সেই সময়ৰ লাট চাহাবক অসমখন ইংৰাজৰ অধীনলৈ আনিবলৈ খাটিলে। লাট চাহাবে হেনো সেই কথাত কৰ্ণপাত নকৰাত বৰফুকনে কলিকতাত থকা মান এটাৰে সৈতে মিতিৰালি পাতি মানৰ দেশলৈ গৈ মান ৰজাক জনালে যে বুঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজাৰ দেশখন ছাৰখাৰ কৰিলে। তেওঁৰ এই কথা বিশ্বাস কৰি মানৰ ৰজাই তেওঁক পোন্ধৰ হেজাৰ মান সৈন্য দি অসম উদ্ধাৰ কৰিবলৈ পঠাই দিলে। তেওঁ শদিয়াৰ বাটেৰে আহি জয়পুৰতে কোঠ মাৰি বহিল।