নিৰ্ম্মল ভকত/দ্বাবিংশ অধ্যায়
দ্বাবিংশ অধ্যায়
ভাটীবেলা খাই-বৈউঠি ঈশ্বৰ পুৰুষে পিন্ধি-উৰি মেলচ'ৰাত খাটলাত কিংখাপ পৰা বিছনাত বহিল। প্ৰধান প্ৰধান ভকতসকলে মাটিতে আঁঠু লৈ বহিল। ময়ো গৈ সেইদৰে সেৱা কৰি বহিলোঁ। মোৰ হাতত মানৰ দেশৰ পৰা অনা যি দুই-চাৰিটা পইছা আছিল সমস্ত অৰ্পন কৰিলোঁ। ঈশ্বৰ পুৰুষে নিৰ্ম্মালি দিলে। তাৰ পিছত সৰুকালৰ পৰা কেনেকৈ ডাঙৰ ডাঙৰ হলো, তেনেকে মানেৰে সৈতে যুঁজি বন্দী হৈ মানৰ দেশত আছিলো সমস্তকে ক'লো। ভকতসকলে আৰু মাজে মাজে ঈশ্বৰ পুৰুষে মোক মানৰ দেশৰ স্বভাৱিক সৌন্দৰ্য্য, খেতি-বাতি, আচাৰ-ব্যৱহাৰ আৰু বৌদ্ধ ধৰ্ম্মৰ বিষয়ে নানা কথা সুধিছিল। ময়ো যথাযথ ভাঙি-ছিঙি ক'লো। মানৰ দেশৰ বিষয়ে কওঁতেই সেইদিনা গধূলি হ'ল।
পিছদিনা আকৌ সেইদৰে ঠিক কেনেকুৱা সময়তে ঈশ্বপুৰুষে মোক মতাই নি মোৰ বাকী সমস্ত বৃত্তান্ত সুধিলে। ময়ো কেনেকৈ মানৰ দেশৰ পৰা উলটিলো, উলটি আহি সকলো কেনে শূন্য পালো, কিদৰে মই ৰূপহীক চাই ললো, কিদৰে সত্ৰলৈ আহিলো, কিদৰে কৰাপাটত পৰি আছিলো, কিদৰে নিশা বাঘ আহি আগতে বহি আছিল, সমস্ত অকপট চিত্তে, আন কি স্বপ্ন দৰ্শন বিষয়টোও ক'লো। ঈশ্বৰপুৰুষে কৈছিল—"বাছা নিৰ্ম্মল! তই যে ৰূপহী আৰু অনিৰামক চিনাকি দি সমাজত হুলস্থূল নলগালি এইটোৱেই তোৰ প্ৰধান স্বাৰ্থত্যাগ। যেই সেই মানুহেই এনেকুৱা ত্যাগ কৰিব নোৱাৰে। তই ধন্য! ইমান স্বাৰ্থত্যাগী নহবিয়েই বা কেলেই! তইতো মোৰ সাত পুৰুষীয়া সেৱকৰ ঘৰৰ জনাৰ্দ্দন মেধিৰহে ল'ৰা। যুঁজৰ বীৰেই বা নহ'বি কেলেই? তহঁতৰ ঘৰটো আগৰ ক্ষত্ৰিয়ৰহে সন্তান, যদিও এতিয়া কলিতা নামে অভিহিত হৈছে। বাছা! কথা এটা কওঁ। আমি ব্ৰাহ্মণে বহু সংযম নিয়ম ব্ৰত ইত্যাদি আচৰণ কৰিহে, বহুদিন সাধনাদি কৰিহে যদি এফেৰা সিদ্ধি পাওঁ; কিন্তু ক্ষত্ৰিয় স্ত্ৰী, আন কি শূদ্ৰাদিয়েও আমাৰ পৰা যৎকিঞ্চিৎ এফেৰা বস্তুৰে পৰা সহজে সিদ্ধি পাব পাৰে। সহজে ব্ৰহ্মজ্ঞান পায়। বাছা! তই যি মুহূৰ্ত্তেই নিজৰ বিবাহিতা স্ত্ৰীকো সমাজৰ হিতৰ অৰ্থে ত্যাগ কৰি আহিলি সেই মুহূৰ্ত্তেই তোক সিদ্ধিয়ে লগ দিলে। নহলেনো তই এনেকুৱা সপোনেই বা দেখিবি কেলেই! আমি অত বছৰ ইয়াত পৰি আছোঁ, সংসাৰৰ সকলোকে ত্যাগ কৰি নামগুণ গাই প্ৰৱৰ্ত্তিছোঁ, তথাপি আমাৰ কেইজনে এনেকুৱা সপোন দেখে?" মই কলো—"প্ৰভু জগন্নাথ, দাসৰ কোনো বল, কোনো গুণ, কোনো ত্যাগেই নাই। যি হৈছে যি কৰিছোঁ সকলো এই ৺ যাদৱৰায়ৰ ইচ্ছাতহে—প্ৰভু বনমালী দেৱৰ তেজৰ বলতহে আৰু প্ৰভু জগন্নাথৰ আশীৰ্ব্বাদতহে।" মোৰ এই কথাত প্ৰভু জগন্নাথে হাঁহি হাঁহি কৈছিল—"বাছা! তই ঠিক কথাকে কৈছ। এই ৺যাদৱৰায় পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ দিনৰে মূৰ্ত্তি। আমাৰ পূৰ্ব্বপুৰুষ এই সত্ৰ অধিষ্ঠাতা ৺বনমালী দেৱ এজন সিদ্ধৰো সিদ্ধ যোগী পুৰুষ আছিল। বাৰু যি কি নহওক তোক আজিৰ পৰা সাত দিনৰ মূৰত উদাসীন পন্থত প্ৰৱৰ্ত্তিত কৰাম। ছমাহমানৰ পিছত মালা মন্ত্ৰ দিম।"
ডাঙৰীয়া! কব নেলাগে ঠিক সাত দিনৰ মূৰত মোক প্ৰভু ঈশ্বৰে উদাসীন পন্থত অভিষেক কৰিলে। ছমাহৰ মূৰত মালা মন্ত্ৰ দিলে। সেই কালৰে পৰা আজিলৈকে এই সত্ৰতে পৰি আছোঁ। মোৰ প্ৰভূ বাসুদেৱ ঈশ্বৰ পুৰুষ চলিবৰ আজি বাৰ বছৰ হ'ল। ময়ো ভাবি আছৌঁ এই দেহা কেতিয়া পৰে। ডাঙৰীয়া! আমাক আপোনাসকলে পুতৌ কৰিব, মৰম কৰিব। আমি আন একোৰে ভিখাৰী নহলেও মৰমৰ ভিখাৰী!" ডাঙৰীয়াজনে ক'লে— "আতৈ! আপোনাৰ সমস্ত বৃত্তান্ত শুনিলোঁ; কিন্তু মোৰ তিনি চাৰিটা বিষয় আপোনাক সুধিবলৈ আছে। আজিলৈ বাৰু এৰিলোঁ কিন্তু কাইলৈ আকৌ আমনি কৰিমহি।" আতৈয়ে ক'লে—"বাৰু ডাঙৰীয়া! আপুনি যিহকে সোধে তাকে অকপট চিত্তে ক'ম।"