সমললৈ যাওক

নিৰ্ম্মল ভকত/দশম অধ্যায়

ৱিকিউৎসৰ পৰা

দশম অধ্যায়

 যেতিয়া বৰফুকনে এই পোন্ধৰ হেজাৰ সৈন্য লৈ জয়পুৰ পালেহি তেতিয়াহে সেই খবৰ আমাৰ ৰজা আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই পালে। বুঢ়াগোহাঁয়ে নেভাবিছিল যে নাশ্ৰুত-নাভূত এনেকুৱা বিধৰ শত্ৰু আহি অসম ৰাজ্যত সোমাব। ৰজাঘৰৰ সৈন্য-সামন্ত একো সাজু নাছিল। ডাঙৰীয়াসকলে একো উপায় নেপাই ৰংপুৰতে যি পায় সৈন্য-সামন্ত গোটাবলৈ স্থিৰ কৰি চাৰিওফালে কটকী পঠালে। সাত আঠদিনৰ ভিতৰতে আমাৰ অসমীয়াৰ দহ-বাৰ হেজাৰ সৈন্য গোট খালে। বুঢ়াগোহাঁইৰ পুতেক চন্দ্ৰ গোহাঁইদেৱ, ৰুচিনাথ গোহাঁইদেৱ এই দুজনে সেই দহ-বাৰ হেজাৰ সৈন্য লৈ নাজিৰাৰ পৰা প্ৰায় এবেলাৰ বাট আগবাঢ়ি আহি মানেৰে সৈতে ৰণ পাতিলে। অসমীয়া ৰণুৱাৰ হাতত ধেনু-কাঁড়, হিলৈ, মানৰো প্ৰায় সেয়ে অস্ত্ৰ আৰু তাৰ লগতে তৰোৱাল। উভয় দলৰে প্ৰায় তিনিদিন তিনি ৰাতি ৰণ হ'ল। মানো নিজিকে, আমিও নিজিকোঁ। চতুৰ্থ দিনৰ যুঁজত আমাৰ সেনাপতি চন্দ্ৰ গোহাঁইদেৱ পৰিল। তেওঁৰ লগতে আন আন দুই চাৰিজন বীৰ পৰাত আমাৰ বল ক্ষীণ হ'ল। মানহঁতে তৰোৱাল লৈ খেদি আহি আমাৰ সৈন্যেৰে সৈতে হতাহতি যুঁজ কৰি আমাৰ অসমীয়াক ঘটুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল।