সমললৈ যাওক

নিৰ্ম্মল ভকত/ত্ৰয়োদশ অধ্যায়

ৱিকিউৎসৰ পৰা

ত্ৰয়োদশ অধ্যায়

 ডাঙৰীয়াজনে ক'লে,--"আতৈ! মোৰ বোধেৰে আপুনি নিশ্চয় মান-ছোৱালী দেখি ভোল গৈছিল; পিছত আপুনি জানো মান-ছোৱালী নাৰাখাছিল, কওকচোন সঁচা কথা!" আতৈয়ে হাঁহি হাঁহি উত্তৰ দিলে—"ডাঙৰীয়া! ধৈৰ্য্য ধৰক! মই কৈ নিবই ধৰিছোঁ নহয়। মই আপোনাক সকলো কথা অকপট চিত্তেৰে ক'ম।"

 আমি এইদৰে বসতি কৰি থকাৰ দুবছৰৰ ভিতৰতে হেনো আকৌ অসংখ্য মান আমাৰ অসমলৈ আহি অসমখন ছাৰখাৰ কৰিলে। সেই বিষয়ে ডাঙৰীয়া মই বিশেষকৈ একো কব নোৱাৰোঁ। মাথোন শুনিছিলোঁ আনৰ উপদ্ৰৱত হেনো সেইবাৰ অসমীয়া মানুহ বৰকৈ জ্বলা-কলা হৈ আনকি অসম এৰি জাকে জাকে অসমীয়া মানুহে হেনো ত্ৰিপুৰা, জৈন্তিয়া, ময়মনসিং, মণিপুৰ, কাছাৰ, ভোটান, তিব্বত আদি ঠাইলৈকো পলাই গৈছিল। মানৰ উপদ্ৰৱত হেনো অসম শ্মশানত পৰিণত হৈছিল। সেই বিষয়ে মই মানৰ দেশৰ পৰা আহি যি দেখিছিলোঁ আৰু শুনিছিলোঁ তাৰে পৰা বঢ়িয়াকৈ বুজিছিলোঁ, মানে আমাৰ অসম দেশখনক কিৰূপে ধ্বংস কৰিছিল। আমি তাত থাকোঁতে থাকোঁতেই আমাৰ গাঁওখন আৰু আমাৰ ওচৰৰ ঠাইবিলাকো ধৰি নিয়া অসমীয়া মানুহেৰেই ভৰপূৰ হৈ উঠিছিল। আনকি তিনি চাৰিখন গাঁওও হৈছিল। আমাৰ অনেক অসমীয়া মানুহে হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্ম লৈ মানৰ ছোৱালী বিয়া কৰাই অসমীয়া গুচি মান হৈছিল। ইয়াৰ পৰা ধৰি নিয়া জীয়াৰী-বোৱাৰীৰ কেতবিলাক পাষণ্ড মানহঁতৰ ৰক্ষিতা হৈছিল, দুই-চাৰিজনী আমাৰ অসমীয়া মানুহেও বিয়া কৰাই ঘৰ-গিৰিস্থালি পাতিছিল। মোকো লগৰ লগৰীয়াবিলাকে অনেক সময়ত হয় মান ছোৱালীক নহয় অসমীয়াৰে এজনী বিয়া কৰাবলৈ বৰকৈ কৈছিল। মোৰ কিন্তু সেইবিলাক একোলৈকে ইচ্ছা নহ'ল। দিন যেতেকে বেছি হব ধৰিলে তেতেকে মোৰ নিজ দেশলৈ, জননী জন্মভূমিলৈ, মোৰ প্ৰথম যৌৱনৰ প্ৰেমময়ী ৰূপহীৰ মূৰ্ত্তিলৈ ধাউতি বেছি হবলৈ ধৰিলে। মই ৰূপহীক মোৰ নিজৰ জীউটোতকৈও বেছি ভাল পাইছিলোঁ। ৰূপহীৰ প্ৰেমময়ী সুন্দৰ ছবিখানি মোৰ হৃদয়ত ইমান দকৈ আছিল যে সেই মূৰ্ত্তিৰ ঠাই আন কোনো যুৱতীয়েই অধিকাৰ কৰিব নোৱাৰিছিল। মই অনেক সময়তে মানহঁতৰ সেই ধৰ্ম্ম মন্দিৰবিলাক চাই ফুৰিছিলোঁ। স্বচ্ছা সলিলা ইৰাৱতীৰ পাৰত বহি বহি নীৰৱে মোৰ দেশৰ নিমিত্তে, স্নেহময়ী প্ৰিয়তমা ৰূপহীৰ নিমিত্তে দুই এটোপা চকুৰ পানীও টুকিছিলোঁ, আৰু দীঘলৈ হা-হুমুনিয়াহ কাঢ়ি মনতে গাইছিলোঁ—

"মোৰ আশাও নৰ'ল— হেঁপাহো নগ'ল
 সকলো ইচ্ছা মনতে ৰ'ল
নিয়তি চকৰি— এনেকই ঘূৰি
 কৰি কিনো দুৰ্দ্দশা মোৰ
জনমৰ ভূমি— অসম জননী
 ক'তনো মই আহিলোঁ এৰি
সোদৰ ভাতৃ— মৰমৰ পত্নী
 কেতিয়া উলটি দেখিমে গই।"

 ডাঙৰীয়া! মনতে এনেকুৱা বিধৰ গীত দুই এটি আবৃত্তি কৰি ছাটি-ফুটি কৰাত বাজে মোৰ আৰু কোনো উপায় নাছিল। অৱশ্যে এনেবিলাক আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্‌কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষকৈ বাঢ়ৈৰ কাম মই ভালকৈ শিকিছিলোঁ। ডাঙৰীয়া! প্ৰায় বাৰ বছৰ কাম মানৰ দেশতে মোৰ এইদৰে গ'ল। মোক বিয়া-বাউৰ নকৰোৱা দেখি লগৰীয়াবিলাকে অনেক সময়তে ৰূপহীৰ গোলাম, ৰূপহীত পগলা এনেকুৱা পেংলাই নামো দিছিল। কেৱে মোক "কেৱলীয়া আতৈ" বুলিও সম্বোধন কৰিছিল। মানহঁতৰ দুই-চাৰিজন বৌদ্ধ পুৰোহিতে মোক বিয়া-বাৰু নকৰোৱা দেখি সিহঁতৰ লগৰে ফিঙ্গুৱা হবলৈকো কৈছিল। মোৰ কিন্তু ডাঙৰীয়া! একোকে ভাল নালাগিছিল। মোৰ মন-প্ৰাণ সমস্ত জননী জন্মভূমি আৰু বাতৃ, ৰূপহী ইত্যাদিৰ চিন্তাত ডুবি আছিল।