সমললৈ যাওক

নিৰ্ম্মল ভকত/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা

চতুৰ্থ অধ্যায়

 বুঢ়া লোকে কয়, প্ৰকৃত প্ৰণয়ৰ বাটত হেনো ভালেমান কাঁইট। ফুলি থকা গোলাপ ফুলটি ছিঙিবলৈ গ'লে হেনো কাঁইটে বিন্ধে। মোৰ নিচিনা অৱস্থাত আন মানুহৰ কি হয় কব নোৱাৰোঁ; কিন্তু মোৰ গাত হলে এইফাঁকি বচন সম্পূৰ্ণ খাটিল। ৰূপহী মোৰ একে জাত-কুলৰ হলেও বোপায়ে তাইক মোলৈ যোৰ হেন নাভাবিলে। ৰূপহীহঁত আমাৰ এচৰ-চুবুৰীয়া। ওচৰ-চুবুৰীয়া বস্তু দেখিবলৈ ভাল হলেও, অনেক সজ গুণেৰে বিভূষিত হলেও ভাল নেলাগে, চকুত নপৰে। দূৰৰ বস্তুটো বেয়া হলেও ভাল। এইবিলাকৰ উপৰিও ৰূপহীৰ মাক-বাপেক দুখীয়া, বোপাইৰ দৰে বৰমেধিৰ ঘৰৰ নহয়। এইবিলাক কাৰণেই মই ৰূপহীক চেনেহ কৰা কথা অলপ-অচৰপ গম পালেও বোপায়ে নিজৰ বংশ-গৌৰৱ ৰক্ষা কৰিবলৈ আন এখন গাঁৱৰ এজন মেধিৰ ঘৰৰ ছোৱালী এজনীলৈ জোৰণ পেলালে। মই এই কথাৰ গম পাই বৰ বেজাৰ পালোঁ। কিন্তু বেজাৰ পালেনো কি হ'ব? দেউতাক মুখ ফুটাই কোনো কথাকে সাহ কৰি ক'ব নোৱাৰিছিলোঁ। তিনি দিন ভাবি-চিন্তি থিৰ কৰিলোঁ যে ৰূপহীক মই মনে মনে এইবিলাক কথা কৈ তাইৰ নো মোলৈ প্ৰকৃত মৰম আছেনে বুজোঁ। যদি তাইৰ মোলৈ মৰম নাই তেন্তে বোপায়ে যি কৰে কৰক আৰু তাইহে যদি মোক ভাল পায় তেন্তে বোপাইৰ কথা নুশুনো। মনত যি আছে কৰিম।