নিৰ্ম্মল ভকত/ঊনবিংশ অধ্যায়
ঊনবিংশ অধ্যায়
দুদিনে বোকাখাটৰপৰা ডেৰগাঁও পালোহি। ডেৰগাঁৱেদি মাজুলিলৈ পাৰ হৈ তিনি চাৰি দিনে হাবিৰ মাজে মাজে খোজ কাঢ়ি মাগি খুজি খাই এই সত্ৰ পালোঁহি। সত্ৰ পাই প্ৰথমে বাহিৰ কৰাপাটতে বহি আছিলোঁ। সত্ৰৰ দুই চাৰিজনে ভকতে মই ক'ৰ মানুহ, ক'লৈ আহিছোঁ, কিয় আহিছোঁ এইবিলাক নানা কথা সুধিলে। মই মোৰ কেৱল পিতৃৰ নামটো নকৈ মোৰ আঁতি-গুৰি বৃত্তান্ত কৈছিলোঁ। আতৈসকলেও মোক মানৰ দেশৰ নানা কথা-বতৰা সুধি হায়ৰাণ কৰিছিল। কিন্তু শেহত গধূলি হ'লত ক'লে যে "ম'ই জাতকুল ভ্ৰষ্ট মেলেছ, উদ্ধৰা পৰাচিত নোহোৱাকৈ সত্ৰৰ ভিতৰলৈ যাব নোৱাৰোঁ।" তেওঁবিলাকৰ এনেকুৱা কথা শুনি মোৰ হৃদয়ত এপাট শেল বাজিছিল। ভাব হৈছিল—হৰি হৰি কপাল। দেশৰ হকে প্ৰাণটো আগ কৰি, মানৰ লগত যুঁজি, মানৰ হাতত বন্দী হৈ, মান দেশত থকা বাবেই মোৰ আই-বোপাই, ভাই, আন কি বিবাহিতা তিৰোতা পৰ্য্যন্ত হেৰুৱালোঁ। যি অসমীয়া ৰাইজৰ হকে যুঁজি মোৰ এই দশা হ'ল, "জাতিভ্ৰষ্ট মেলেছ" বুলি সমাজত তো নলয়েই, লেই-লেই ছেই-ছেই কৰিবলৈকো নেৰে। মনৰ বেজাৰত এই জীৱনৰ গৰাকী গুৰু-ঘৰলৈ আহিলোঁ। আৰু ইয়াতো এনেকুৱা! বৈকুণ্ঠতো জাতিবিচাৰ! ইয়াত মই অস্পৃশ্য! মোৰ দোষ কি? মইতো নিজ ইচ্ছাত মানৰ দেশলৈ যোৱা নাছিলোঁ। যুঁজত বন্দী হৈ গৈছিলোঁ, তথাপি মোৰ এই বিলাই! ধন্য মোৰ দেশ! ধন্য মোৰ হিন্দুধৰ্ম্ম! ধন্য মোৰ দেশী ভাইসকল! ধন্য মোৰ বৈকুণ্ঠখনো! মোৰ মনত এনেকুৱা ভাব হৈছিল যে সংসাৰ গোটেইখন ঝুঠা। হাঁয়! কেলেই মই মানৰ দেশ এৰি নিজৰ দেশলৈ ইমান হেঁপাহ কৰি আহিলোঁ। কেলেই মই মানৰ দেশত নিজক নিজে বঞ্চি আহিলোঁ। আন আন অসমীয়া মানুহৰ দৰে তাতে দেখোন মই, হয় ইয়াৰ পৰা ধৰি নিয়া যেই সেই অসমীয়া ছোৱালী এজনী, অথবা এজনী মান-গাভৰুকে ৰাখি সুখেৰে থাকিব পাৰিলোঁহেঁতেন। যিসকলে কপাল সাৰোগত কৰি তাতে ঘৰ-গৃহস্থী কৰি ৰৈছে সেইসকল দেখোন সুখেৰেই ৰ'ল। মইনো কেলেই তাত থকা অসমীয়া বন্ধু-বান্ধৱৰ কথা নুশুনিলোঁ। মোকতো সকলোৱে কৈছিল যে "ভাই তইনো এইদৰে কেলেই থাক? তইও এজনী গাভৰু ৰাখি আমাৰ দৰে সুখেৰে থাক।" মইনো কেলেই সেইবিলাক কথা নুশুনিলোঁ। দেশলৈ মৰম আৰু ৰূপহীলৈ অকৃত্ৰিম প্ৰেমৰ ফলেৰেই আজি মোৰ এই দুৰ্দ্দশা! হাঁয় মোৰ দেশ! হায় ৰূপহী! তহঁতেই মোৰ এই গতি কৰিলো! ডাঙৰীয়া এনেকুৱাবিলাক কথা মোৰ মনলৈ আহি মোৰ চকুত ধাৰাসাৰে লো ব'লে। মই নিজৰ দেহটোক আৰু প্ৰাণটোক সেই মুহূৰ্ত্তৰে পৰা আকৌ কৃষ্ণত সমৰ্পন কৰি সেই নিশা বাহিৰ কৰাপাটতে বাঘ-ঘোঙ্ একোলৈকে ভয় নকৰি পৰি থাকিলোঁ। অৱশ্যে মই দিনে পোহৰেই ওচৰৰ গাঁৱত গৈ আশ্ৰয় ল'ব পাৰিলোহেঁতেন। কিন্তু শেষত ভাব হ'ল যে এই দেহটো থকা যি নথকাও সেই! যদি প্ৰাণ যাবলগীয়া আছে তেন্তে এই কৰাপাটতে যাওঁক।