নিৰ্ম্মল ভকত/অষ্টাদশ অধ্যায়
অষ্টাদশ অধ্যায়
কেলেইনো কান্দিলো, কেলেইনো নিশা টোপনি নাহিল, সেইবিলাক, ডাঙৰীবা! আপুনি বুজিবই পাৰিছে। ডেৰগাঁৱৰ ফাললৈ কেলেই আহিলোঁ কওঁ শুনক। আজি পন্ধৰ বছৰৰ মূৰত মোৰ প্ৰথম যৌৱনৰ প্ৰণয়িনী, বিবাহিতা তিৰোতা ৰূপহীক, মোৰ পুৰণি কথাবোৰ, সোপায়ে মনত পৰিল। কেনেকৈ সৰুতে উমলিছিলোঁ, কেনেকৈ ৰূপহীৰ সৈতে খেলৰ ধেমালিতে বিয়া পাতিছিলোঁ, পিচত কেনেকৈ তাইক ভাল পাই পলুৱাই নিছিলোঁ, মাহীয়ে কিদৰে আমাক মৰম কৰিছিল, কিদৰেনো মাহীৰ সহায়ত তাইক পিতৃ দেৱতাৰ ইচ্ছাৰ বিৰুদ্ধেও বিয়া কৰাইছিলোঁ, মানেৰে সৈতেই বা দেশৰ নিমিত্তে কি দৰে যুঁজি মানৰ হাতত বন্দী হৈছিলোঁ, মানৰ দেশতনো কিদৰে কাল কটাইছিলোঁ, কেনেকুৱা আশা বুকুত বান্ধি মানৰ দেশৰ পৰা উলটিলোঁ, এই সকলোবিলাক মনত পৰিল। ওৰে নিশা ঢাৰি-পাটিত আকৌ সেই মহাপুৰুষ গুৰুৰ ৰচিত "ক্ষুদ্ৰ সুখে বহু আশা কৰি" এই লেছাৰীটোৰ গুৰু-গীতবিলাক গালোঁ। মই ৰূপহীৰ বিষয়ে ভাবি ইয়াকে পালোঁ যে ৰূপহী সুখেৰে আছে। হিন্দুৰ নিয়ম মতে বাৰ বছৰ মোলৈ বাট চাই থাকি মই মৰিলোঁ বুলি সকলোৱে বুজোৱাত আৰু অনিৰামৰ অকৃত্ৰিম প্ৰেমত আব্দধ হৈ তাই তাক বিয়া সোমাই সুখেৰে ঘৰ গৃহস্থী কৰিছে। সুন্দৰ সন্তান তুলিছে। এনেস্থলত চিনাকি দি সমাজত এখন হুলস্থূল লগাই তাইক আৰু অনিৰামক চিৰকাললৈ অসুখী কৰাটো মই অন্যায় আৰু পাপ বুলি ভাবি ল'লো। মোৰতো ইহ সংসাৰত কোনো নাই। আই, ভাই, বোপাই, মাহী সকলোৱে এৰি গৈছে। মই ওপজা ঠাইডোখৰো অৰণ্যত পৰিণত হৈছে। মৰমৰ ৰূপহী এতিয়া পৰৰ তিৰোতা। যি অসমীয়া ৰজাৰ হকে যুঁজ কৰি বন্দী হৈ মানৰ দেশ পাইছিলোঁ সেই অসমীয়া ৰজাও নাই, ৰাইজো নাই। স্বৰ্গদেৱ ৺চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ উভয়ে বৈকুণ্ঠী। তেওঁলোকৰ পুত্ৰ কেশৱকান্ত যুৱৰাজ, কন্দৰ্পেশ্বৰ সিংহ গুৱাহাটীত নিৰ্ব্বাসিত। অসমীয়া সমাজে মোক মানৰ দেশৰ পৰা উলটি অহা জানিলে জাতিভ্ৰষ্ট মেলেছ বুলি মোক সহজে সতকাই গ্ৰহণ নকৰে। উদ্ধাৰ পৰাচিত হ'বলৈকো হাতত ধন-বিত নাই। উদ্ধাৰ পৰাচিত হৈয়েই বা কি কৰিম।"
ডাঙৰীয়াজনে ক'লে—"কেলেই! আপুনি এবছৰ ৰৈ অলপ ধন-বিত আজি আৰ্জি অলপ খৰচতেই উদ্ধাৰ-পৰাচিত হৈ দেখোন আমাৰ কোনো এঠাইত বসতি কৰি আকৌ বিয়া-বাৰু কৰাই সুখেৰে সংসাৰ কৰি আগৰদৰেই গণ্য-মান্য হৈ থাকিব পাৰিলেহেঁতেন। আপুনি ৰূপহীৰ নিচিনা তিৰোতা এজনীৰ বেজাৰতহে উদাসীন হ'ল। নহয়নে আতৈ?" আতৈয়ে ক'লে—"হওঁতে ডাঙৰীয়া! আপুনি যিটো কৈছে সেইটো সঁচা। মই সেইদৰেও কৰিব পাৰিলোহেঁতেন। কিন্তু ডাঙৰীয়া। মনত কৰিব যে মই সেই সময়ত চল্লিশ বছৰীয়া। ধন ঘটি উদ্ধাৰ পৰাচিত হৈ বিয়া কৰাওঁ মানে প্ৰায় ৪৫ বা ৫০ বছৰীয়া হলোঁহেঁতেন। সেই বয়সত বিয়া কৰাইনো আকৌ সুখী হলোঁহেঁতেন নে?"
ডাঙৰীয়া—"আপুনি দেখোন এতিয়া প্ৰায় এশ বছৰীয়া। সেই সময়তে আপুনি বিয়া কৰোৱা হ'লে এতিয়া নাতিৰ নাতি দেখিলেহেঁতেন।"
আতৈ—"ডাঙৰীয়া! আপুনি কোৱাটো নুই নকৰোঁ কিন্তু ডাঙৰীয়া সংসাৰত থকা হ'লে কিজানি ইমান দিন নিজীলোঁহেঁতেন।" ডাঙৰীয়া—"কিয়! যাৰ যিমান আয়ুস সেইটো পাবই।"
আতৈ—"ডাঙৰীয়া! হওঁতে হয়, আয়ুসৰ গৰাকী ঈশ্বৰেই। কিন্তু তথাপি মই এইটো নকৈ নোৱাৰোঁ যে ব্ৰহ্মচৰ্য্যত আয়ুস বাঢ়ে। আৰু ইবিলাক কথাৰ উপৰি হৈছে প্ৰাক্তন। যাৰ যি ৰকম প্ৰাক্তন বা কৰ্ম্ম সি সেই অনুসাৰেই ফল ভোগ কৰে। কৰ্ম্মফল কেৱে এৰাব নোৱাৰে। মোৰ কপালত আছিল উদাসীন হোৱা। সেইটোৱে হৈছে। বাৰু ইবিলাক কথা এতিয়া এৰা যাওক ডাঙৰীয়া! মই বাকী কথাবিলাক কওঁ শুনক!" ডাঙৰীয়া—"কওক, কওক আতৈ। মই মাজতে এইবিলাক কথা সুধি দিগদাৰি কৰা বাবে যেন বেজাৰ নেপায়।" আতৈ—"ডাঙৰীয়া! মোৰ প্ৰথম যৌৱনৰ অতি মৰমৰ ৰূপহীৰ মনতেই যেতিয়া মই মৰিলোঁ, তেনেস্থলত সেই সময়ত ভাব হৈছিল যে আৰু সংসাৰ কৰাৰ লাভ কি? মোৰনো কোন আপোন আছে? মোকনো কোনে মৰম কৰিব? এইবিলাক কথা ভাবি-চিন্তি স্থিৰ কৰিলোঁ, এই জীৱনৰ গৰাকী যি গুৰু ঈশ্বৰ তেওঁৰে চৰণৰ ওচৰ চাপোঁগৈ। সংসাৰত সকলোৱে এৰিলেও গুৰুৱে দিয়া নাম নেৰে। কৃষ্ণনাম মহাধনে জীয়াই থকা দিনকেইটাত সংসাৰৰ সুখ দৈবাৎ নিদিলেও মৰণ কালত তৰাব, ইয়াকে মনত সাৰোগত কৰিলোঁ। ভাবিলোঁ যি ছদ্ম উদাসীন বেশেৰে ৰূপহীক ধৰা নিদিলো সেই বেশক লৈ সংসাৰক ধৰা নিদিয়াই ভাল। এইবিলাক ভাবি-চিন্তি বোকাখাট এৰি ডেৰগাঁৱৰ ফাললৈ আহিছিলোঁ।"