নিন্দা, প্ৰাৰ্থনা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নিন্দা, প্ৰাৰ্থনা
নিন্দা

মহন্তসৱৰ         কেৱলে জীৱন

হৰিৰ নাম মঙ্গল |

হেন হৰি-নাম         নলৈয়া কলিত

কৰিলে জন্ম বিফল ||২৭৫

হৰিৰ পৰম         প্ৰিয়তম নাহি

নিজ ভকতত পৰে |

হেন ভকতক         যিজনে নিন্দয়

হৰিকেসে নিন্দা কৰে ||২৭৬

হৰি-ভকতৰ         দায় নধৰয়

যম কাল আৰ কলি |

ইসৱ কথাক         যিটো নমানয়

তিনিও কৰিয়া বলী ||২৭৭

হৰি-ভকতৰ         ছিদ্ৰক নধৰে

দুষ্ট-শিৰোমণি কলি |

হেন ভকতৰ         কিঞ্চিতো ছিদ্ৰক

সজ্জনে থাকে আকলি ||২৭৮

হৰিৰ চৰণ         সদা আৰাধন্ত

ব্ৰহ্ম হৰ পুৰন্দৰ |

হেন হৰি-পদে         শৰণ নলৱে

কোন বুদ্ধি-হীন নৰ ||২৭৯

মৃত্যুৰ মুখত         সদায়ে পৰিয়া

আছয় যিসৱ নৰে |

সিটো নিদাৰুণে         হৰি-গুণ-নাম

কীৰ্ত্তন কেনে নকৰে ||২৮০

ভৰত ভূমিত         জনম লভিয়া

নভজে হৰি-চৰণে |

সিটো জ্ঞান-শূন্য         পশুতো অধম

জনম লভিল কেনে ||২৮১

মুকুতি-সুখকো         তেজি মহাজনে

সদা ৰাম-নাম ধৰে |

হেন হৰি-নাম         সুখক তেজিয়া

কুমতি মনুষ্য মৰে ||২৮২

মুকুতি-সুখক         তেজি মহাজনে

ৰাম-নামে কৰে আশা |

হেন হৰি-নাম         নলৈয়া কেমনে

মৰে মলমতি নাশা ||২৮৩

মুখ ভৰি ভৰি         বোল ৰাম হৰি

অক্ষয় পুণ্যক সাঞ্চা |

ৰাম নাভাবিয়া         আন আচৰিয়া

কেনে আপুনাক বাঞ্চা ||২৮৪

হৰি-কীৰ্ত্তনৰ         সময়ে যিজনে

থাকে আন কথা পাতি |

অন্তকালে নিয়া         যম-দূতে ধৰি

কৰে তাক উগ্ৰ শাস্তি ||২৮৫

বেদৰ ৰহস্য         হৰিৰ কীৰ্ত্তন

নুশুনিলে সাৱধানে |

যমৰ কিঙ্কৰে         তপত শলাক

বাহাৱে তাহাৰ কাণে ||২৮৬

আনন্দ-সমুদ্ৰ         হৰিৰ-কীৰ্ত্তনে

যিটোজনে নেদে চিত্ত |

সিটো মূঢ়মতি         হৰিৰ দুৰ্ল্লভ

প্ৰসাদে ভৈল বঞ্চিত ||২৮৭

মুকুতসকলো         হৰিৰ কীৰ্ত্তনে

কৰন্ত সদায় ৰতি |

হেন কীৰ্ত্তনত         যিটো চিত্ত নেদে

যাইবে সিটো অধোগতি ||২৮৮

কলিত জনম         লভিয়া হৰিৰ

নামত নকৰে ৰতি |

সিটো মূঢ়মতি         আন কেনমতে

সাধিবে আপুন গতি ||২৮৯

শবদ-ব্ৰহ্মৰ         পাৰ ভৈল যিটো

কৃষ্ণত ভকতি নাই |

তাৰ শাস্ত্ৰ-শ্ৰম         শ্ৰমে মাত্ৰ ফল

যেন ৰাখে বাজী গাই ||২৯০

ৰাজা-প্ৰজা জানি-         লেক ভক্তি-পন্থ

শঙ্কৰৰ মত শুদ্ধ |

সিটো মত লাড়ি         আন আচৰয়

পৰম সিটো মুগুধ ||২৯১

আপুনি পণ্ডিত         নুহি মহন্তক

নুপাসিলে কদাচিত |

তথাপিতো গুৰু         বোলাৱে কৃষ্ণৰ

মায়ায়ে হুয়া মোহিত ||২৯২

নজানে শাস্ত্ৰক         শিষ্যৰ সংশয়

নপাৰে দূৰ কৰিত |

তাৰ উপদেশে         আন নতৰয়

আপুনো ভৈল বঞ্চিত ||২৯৩

শাস্ত্ৰ-মত এৰি         যি কথা কহয়

কেৱলে পাষণ্ড-নয় |

আছোক কৃষ্ণক         পাইবে কদাচিত

নুগুচে সংসাৰ-ভয় ||২৯৪

অন্ন যোনি কিছো         নকৰে বিচাৰ

জাতি-কুল ভৈল ভ্ৰষ্ট |

বৈষ্ণৱৰ বেশ         ধৰিয়া ফুৰয়

বেদ-পন্থ কৰি নষ্ট ||২৯৫

হৰি হৰি হৰি         কিনো ভৈলা আতি

কৃষ্ণৰ মায়াৰ বল |

হৰি-ভকতিৰ         পন্থত কপট

পাতিলেক অমঙ্গল ||২৯৬

শাস্ত্ৰৰ বিচাৰে         নজানে ভকতি

পৰমাৰ্থ মতি-মূঢ় |

হৰি-কথা-ছলে         কৰ্ণত কুমন্ত্ৰ

কহৱে কৰিয়া গূঢ় ||২৯৭

চাৰিও জাতিৰ         নিজ পিতৃ কৃষ্ণ

জানিয়া যিটো নভজে |

এহি পাপে নিজ-         ধৰ্ম্ম-ভ্ৰষ্ট হুয়া

ঘোৰ নৰকত মজে ||২৯৮

হৰিৰ চৰণ         নভজি নকৰে

আপুন দুখ খণ্ডিত |

পৰমাৰ্থ-তত্ত্ব         বিচাৰি কহিয়ো

কেমনে সিটো পণ্ডিত ||২৯৯

আপুন জনম         ভাৰত ভূমিত

লভিলেক যিটো নৰ |

হৰিক নভজি         কৰিলে বিফল

সিটো শোচ্য সমস্তৰ ||৩০০

হৰিৰ চৰণ         নভজি কেৱলে

পোষে পুত্ৰ ভাৰ্য্যা মাত্ৰ |

যম ৰাজা বুলি-         লন্ত সেহিজন

যম-যাতনাৰ পাত্ৰ ||৩০১

হৰিৰ চৰণ         নিচিন্তি চিন্তয়

বিষয়ক দিনে ৰাতি |

শাস্ত্ৰৰ সন্মতে         জানা সেহিজন

ভৈল নিজ আত্মাঘাতী ||৩০২


প্ৰাৰ্থনা

তুমি সৰ্ব্বসাখী         আত্মা হৃষীকেশ

জানাহা মোৰ চিত্তক |

শৰণাগতক         মঞি আতুৰক

উপেক্ষা কৰা কিসক ||৩০৩

হে কৃষ্ণদেৱ         মঞি আতুৰক

চৰণে কৰা উদ্ধাৰ |

তিনি তাপময়         সংসাৰ-নিকাৰ

সহিতে নপাৰো আৰ ||৩০৪

বাহিৰে ভিতৰে         তুমি হৰি গুৰু

আছাহা চৈতন্য-ৰূপে |

দিয়োক সুমতি         তুমি বিনে গতি

নাহিকে কৈলো স্বৰূপে ||৩০৫

হৰি ও হৰি         কৰুণা-সাগৰ

কৰিয়ো কৃপা আহ্মাক |

প্ৰিয়তম আত্মা         সখা ইষ্ট দেৱ

মানিয়া আছো তোহ্মাক ||৩০৬

হে হৰি মোক         দুৰাচাৰ বুলি

নকৰিবা পৰিহাৰ |

তুমি বিনে মহা-         পতিত-পাৱন

কোন দেৱ আছে আৰ ||৩০৭

নমো নমো ৰাম         কৃষ্ণ প্ৰভু দেৱ

তুমি মোৰ নিজ গতি |

হুয়োক সদয়         যিমতে ৰহয়

তোহ্মাত নিৰ্ম্মল ৰতি ||৩০৮

নমো নমো কৃষ্ণ         তোমাৰ ভকতি

মুকুতিতো কৰি বলে |

মোৰ তাকে মন         দিয়োক শৰণ

অৰুণ-চৰণ-তলে ||৩০৯

চৰণত ধৰো         কাতৰ কৰোহো

ইবাৰ নেৰিয়ো হৰি |

পতিত-পাৱন         দেৱ নাৰায়ণ

নাহিকে তোহ্মাৰ সৰি ||৩১০

এ ভৱ-সাগৰে         মজি নাৰায়ণ

আতুৰ ভৈলো আপাৰ |

দীন অনাথক         তুমি কৃপাময়

চৰণে কৰা উদ্ধাৰ ||৩১১

হে হৰি তযু         মায়ায়ে আমাক

ভাণ্ডিছে কৰি কপট |

দূৰ কৰা মায়া         চাপোহো তোহ্মাৰ

চৰণ ছত্ৰ-নিকট ||৩১২

পতিত-পাৱন         ৰাম নাৰায়ণ

চৰণে মোক উদ্ধাৰ |

আমি পতিতৰ         পতিত-পাৱন

নামৰ পৰীক্ষা কৰা ||৩১৩

পতিত-পাৱন         নাম নাৰায়ণ

প্ৰসিদ্ধ সমস্ত জনে |

আমি মহাপাপী         শৰণে পশিলো

ৰাখিয়ো নিজ চৰণে ||৩১৪

হে হৰি মঞি         অনাথক দায়া

কৰা হৰি একবাৰ |

কৃপা-ৰসে তিন্তি         অৰুণ-বৰণ

চৰণ ভৈল তোহ্মাৰ ||৩১৫

কৃপাৰ সাগৰ         দেৱকী-নন্দন

পূৰিয়ো মনৰ কাম |

ভকতৰ সঙ্গ         সদা নুগুচোক

মুখে তুৱা গুণ নাম ||৩১৬

কোটি কোটি ঘোৰ         অপৰাধ নিতে

কৰো আমি দুৰাশয় |

হে হৰি মোক         দাস হেন মানি

ক্ষমিয়োক কৃপাময় ||৩১৭

অনাদি অনন্ত         অচিন্ত্য ঈশ্বৰ

তুমিসে নিত্য নিৰ্ম্মল |

গুচায়ো কুমতি         ভজোহো কেৱলে

তোহ্মাৰ পদ-কমল ||৩১৮

হে ভগৱন্ত         ভজোহো তোহ্মাৰ

অভয় পদ-কমলে |

মঞি অনাথক         ৰাখিয়ো ঈশ্বৰ

অৰুণ-চৰণ-তলে ||৩১৯

হে কৃষ্ণ কৃপা-         ময় প্ৰভু মোক

কৰা কৃপা এহিমান |

তোহ্মাৰ চৰণে         ৰহোক আহ্মাৰ

সদায় নিৰ্ম্মল জ্ঞান ||৩২০

জয় জগবন্ধু         জগত-কাৰণ

নাৰায়ণ নিৰাকাৰ |

কেৱলে তোহ্মাৰ         চৰণ-পঙ্কজে

ৰহোক ৰতি আহ্মাৰ ||৩২১

দীন দয়াশীল         দেৱ দামোদৰ

দীনক নেৰিয়ো মোক |

হেন কৃপা কৰা         তযু পাৱে মোৰ

সহজে ৰতি মিলোক ||৩২২

তোহ্মাৰ চৰণ-         সেৱাৰ গোবিন্দ

নজানো একো উপায় |

যিমতে সেৱাত         ৰহিবো কৰুণা

কৰিতে হৰি যুৱাই ||৩২৩

হে প্ৰাণ-হৰি         দান্তে-তৃণ ধৰি

মাগোহো তোহ্মাৰ পাৱে |

মোৰ মন মজি         তোহ্মাৰ পাৱত

ৰহোক হৰি স্বাভাৱে ||৩২৪

জ্বৰ তাপ পীড়া         মৰণ সময়ে

কৰা হৰি কৃপা মোক |

তযু গুণ-নাম-         শ্ৰবণ স্মৰণ

বচন-গোচৰ হোক ||৩২৫

গোপিনীৰ ধন         ব্ৰজৰ জীৱন

মোহন ৰাম গোবিন্দ |

পৰম সাদৰে         শিৰে তুলি ধৰো

তযু পদ-অৰবিন্দ ||৩২৬