নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
নিন্দা

শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা         গোৱিন্দৰ গুণ-নাম-যশ

জগতৰ লোকে পৰম আনন্দে গাৱে |

হেনয় শঙ্কৰ গুৰু বিনে         কমন কাৰণে আন জনে

লোকৰ মাজত আপুনি গুৰু বোলাৱে ||৬২৫

বিষ্ণুৰ সহস্ৰ-নাম সদা         আছন্তো জিহ্বায়ে তাক এড়ি

সদায় বিৰোধ-বচন মাত্ৰ ৰটয় |

বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি         অসন্ত বস্তুত ৰতি কৰি

যেন বেশ্যা জাৰ-পতিত মাত্ৰ ৰময় ||৬২৬

সমস্তৰে আদি নৰ-তনু         উদ্যম কোটিয়ো নপায় পুনু

কোনো ভাগ্যোদয়ে পায়া নাৱ দৃঢ় আতি |

গুৰু ভৈলা তাত কৰ্ণধাৰ         কৃষ্ণে ভৈলা অনুকুল বায়ু

তথাপি সংসাৰ নতৰয় আত্মঘাতী ||৬২৭

মাধৱে বোলন্ত শ্ৰুতি স্মৃতি         মোৰ আঞ্জা বাণী জানা নিষ্ঠি

যিটোজনে আকে উলঙ্ঘিয়া প্ৰৱৰ্ত্তয় |

ভৈল সিটো মোৰ আজ্ঞা-ছেদী         মোক দ্বেষ কৰিলেক আতি

মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহায় ||৬২৮

যত উগ্ৰ তপ জ্ঞান গুণ         যাগ যোগ যজ্ঞ দান পুণ্য

কিবা প্ৰয়োজন সাধিবেক তাসম্বাৰ |

কৃষ্ণ জগতৰ আত্মা নিজ         মোক্ষ-সুখ-প্ৰদ দেৱ ইষ্ট

তাহান চৰণে ভকতি নাহিকে যাৰ ||৬২৯

শিশুৰ বিষয়-আশা আগ         যুৱা সেৱা কৰে পায়া লাগ

বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক |

হৰি-ভকতক পৰিহৰি         বৃদ্ধে বিষয়ক টেৰ কৰি

পুনু পালটিয়া নিৰেখি আছে কিসক ||৬৩০

বালকে কৰোক বহুমান         যুৱায়ে সেৱোক পাৰেমান

বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল |

ভোগ কৰিবাক নপাৰয়         তথাপিতো আশা নছাড়য়

হৰি হৰি হৰি কিনো বিপৰীত ভৈল ||৬৩১

বৃদ্ধসৱে জানা বিষয়ক         ভোগ কৰিবাক নপাৰয়

ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ নয় |

দশন-বিহীন কুত্তা যেন         হাড় চোবাইবাক নপাৰয়

জিহ্বা লড়বড় কৰি মাত্ৰ চেলেকয় ||৬৩২

বৈষ্ণৱ-নিন্দক সূচকক         বিষ্ঠা লুটা গ্ৰাম্য শুকৰক

নিধাতায়ে দুইকো স্ৰজিলন্ত দায়াতৰে |

সূচকে জানিবা নিৰন্তৰে         সাধুসকলক শুদ্ধি কৰে

যিমতে গ্ৰামক শূকৰে শোধন কৰে ||৬৩৩

মৃগ মীন মহাসাধু নৰে         মনৰ সন্তোষে তৃণ জলে

হিংসা-শূণ্য হুয়া থাকয় জীৱন ধৰি |

তথাপিত্প ইটো ত্ৰিতয়ৰ         কৈৱৰ্ত্ত পিশুন ব্যাধসৱে

ইটো জগতত তিনি অকাৰণ-বৈৰী ||৬৩৪

সমস্তৰে আত্মা নাৰায়ণ         আত্মা-সুখে ৰতি সৰ্ব্বক্ষণ

এহি হেতু হৰি সমস্তে প্ৰাণীতে সম |

তাঙ্ক যিটো ভজে সুখে তৰে         নভজি সংসাৰে মজি মাৰে

কৃষ্ণক বিশঃঅম বোলয় কোন অধম ||৬৩৫


আত্ম-নিন্দা

হৰিসে কেৱলে সঞ্চা মাত্ৰ         ৰাম ৰাম ৰাম ৰাম ৰাম

তান্ত বিনে মিছা যত দেখি শুনি মনে |

তাক যিটো মিছা কৰি আশা         ৰাম ৰাম ৰাম ৰাম ৰাম

দুৰাচাৰ মন মৰস কেনে অজ্ঞানে ||৬৩৬


মহিমা

ৰা শবদক উচ্চৰন্তে         ৰাম ৰাম ৰাম ৰাম ৰাম

মুখ হন্তে বাজ হুয়া পলায় পাপমনে |

পুণ্যমানে হোৱে অভ্যন্তৰে         ৰাম ৰাম ৰাম ৰাম ৰাম

ম বুলি আতি কপাট মাৰয় টানে ||৬৩৭

কৃষ্ণ প্ৰিয়তম আত্ম নিজ         ৰাম ৰাম ৰাম ৰাম ৰাম

যাত হন্তে অণুমাত্ৰকো ভয় নুশুনি |

আক যিটো জানে সেহিজন         ৰাম ৰাম ৰাম ৰাম ৰাম

বিদ্যাৱন্ত গুৰু সেহিসে হৰি আপুনি ||৬৩৮

অনন্ত-শকতি তুমি ৰাম         লক্ষ্মণ সুগ্ৰীৱ বিভীষণ

হনুমন্ত আদি মহা মহা বীৰগণে |

আনি তৰু লতা পৰ্ব্বতক         কতেক যোজন সমুদ্ৰক

সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে ||৬৩৯

হে প্ৰাণ-প্ৰভু ৰঘুপতি         ৰাম ৰাম ৰাম ৰাম ৰাম

তোমাত কৰিয়া তযু গুণ-নাম চাৰ |

বিনা সেতু-বন্ধ কৰি নৰে         ৰাম ৰাম ৰাম ৰাম ৰাম

অপাৰ সংসাৰ-সমুদ্ৰৰ হোৱে পাৰ ||৬৪০

কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো         অন্তকালে নিজ প্ৰাণ তেজে

আদ্যৰ শবদে মুকুতি তাঙ্ক দিৱয় |

আৰ আক কিবা দিৱো বুলি         আউৰ দুই পদে লজ্জা হুয়া

ঋণী ভৈলো বুলি নামাইয়া মাথা থাকয় ||৬৪১

হে কৃষ্ণ তযু পদ-মূলে         একান্ত শৰণ লৱে যিটো

কোন লাভ ইটো এড়াইবা কালৰ ভয় |

তযু ভকতৰ সঙ্গগোটে         সৰ্ব্ব পুৰুষাৰ্থ-ৰাশি শিৰে

চড়িয়া কৌতুকে অত্যন্ত নৃত্য কৰয় ||৬৪২

পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব         তাৰ জ্ঞান-অৰ্থে হৰি যত

লীলা-অৱতাৰ ধৰা তুমি কৃপাময় |

তাহান চৰিত্ৰ-সুধা-সিন্ধু         তাতে ক্ৰীড়া কৰি দীন-বন্ধু

চাৰি-পুৰুষাৰ্থ তৃণৰ সম কৰয় ||৬৪৩

উৰুক্ৰম-পদ-ৰেণু সেৱি         ছয় উৰ্ম্মি জিনিলেক যিটো

সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই |

আকেসে আশ্চৰ্য্য বুলি ধৰি         যাৰ নাম একবাৰ স্মৰি

চাণ্ডালো সম্প্ৰতি সংসাৰ-বন্ধ এড়ায় ||৬৪৪

কৃষ্ণক বোলন্ত ধনঞ্জয়         তোহ্মাৰ কীৰ্ত্তনে কৃপাময়

আতি অনুৰাগে জগতে কৰে হৰিষ |

তোহ্মাৰ কীৰ্ত্তন-অগনিৰ         শিখায়ে দগধ হুয়া আতি

ৰাক্ষস পিশাচ পলাই যায় দশো দিশ ||৬৪৫

ভক্তি-সৰোবৰে কৃষ্ণ-পদ-         পঙ্কজত পড়ি নিৰন্তৰে

পৰম আনন্দে ভকত-ভ্ৰমৰা-জাকে |

কৃষ্ণ-যশ-ৰস-মধু-পানে         মত্ত হুয়া আতি সাৱধানে

ৰাম-নাম-ৰাজহংস-ৰাৱ শুনি থাকে ||৬৪৬

ঐকান্তিক মহামুনি যত         নিৱৰ্ত্তিয়া বিধি-নিষেধত

নিৰ্গুণ ভাৱত থিতি হুয়া নিৰন্তৰে |

জানি পুৰুষাৰ্থ সাৰ-তত্ত্ব         কৃষ্ণ-কথামৃত-সাগৰত

কথনে-মথনে সদায়ে ৰমণ কৰে ||৬৪৭

হৰিৰ গুণৰ দেখা বল         লভিলেক যিটো মোক্ষ-ফল

তাহাৰাসৱৰো চিত্তক আনয় টানি |

এতেকে নিপুণ যিটোজন         কৃষ্ণৰ চৰণে দিয়া মন

হৰিৰ গুণক নছাড়িবা সাৰ জানি ||৬৪৮

শুক নিগদতি পৰীক্ষিত         যদি আমি নিৰ্গুণত থিত

তথাপি উত্তম-শ্লোকৰ মহিমা-গুণে |

কৰিলেক মোক বশ্য চিত         ভাগৱত-গ্ৰন্থ বিপৰীত

পৰম আনন্দে পঢ়িলো আমি আপুনে ||৬৪৯

তোমাত কহিবো সেহি শাস্ত্ৰ         তুমি আক শুনিবাৰ পাত্ৰ

মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি |

ই শাস্ত্ৰক শ্ৰদ্ধা-মাত্ৰকত         মুকুন্দৰ পাদ পঙ্কজত

আতি শ্ৰীঘ্ৰে তাৰ হুইবে জানা সতী মতি ||৬৫০

সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতু         অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি

কৰা যিটো তাক গাৱে শুনে প্ৰশংসেয় |

অপৱৰ্গ-দাতা ভগৱন্ত         তাহান চৰণ-পঙ্কজত

তিনিৰো নিছয় উত্তম ভক্তি হোৱয় ||৬৫১


নাম-মহিমা

হৰি-কীৰ্ত্তনৰ তাপ লাগি         পলায় পাপ দশো দিশে ভাগি

হেৰা পাইলে বুলি ভয়ত ভিড়ি লৱড়ে |

ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই         আউৰ ব্ৰহ্মাণ্ডক পলাই যায়

নামে খেদি নেন্তে ব্ৰহ্মাণ্ডোপৰি বাগৰে ||৬৫২

পাছে পাছে হৰি-নামে খেদে         একো ব্ৰহ্মাণ্ডত থান নেদে

মহা মহা পাতেকৰ গৰ্ব্ব ভৈল দূৰ |

এৱে কৈক যাইবো বুলি ডৰি         কাম্পে সৱে পাপ তৰতৰি

হৰি-নামে পাই দহি দৰিলেক চুৰ ||৬৫৩

নামে পুৰুষক শুদ্ধ কৰি         ৰৈল নাম তাতে ভৰি-পূৰি

ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভকত |

হৰিৰ কৰুণা ভৈলা তাম         উচ্চ কৰি দিয়া হৰি-ডাক

পৰম সন্তোষে নাচে আতি আনন্দত ||৬৫৪

শুদ্ধে বা অশুদ্ধে এক নাম         বোলে বা শুনে বা মনে স্মৰে

অপৰাধ-হীন পুৰুষক সদ্যে তৰে |

দেহ-ধন-জন-অৰ্থ-লোভে         পাষণ্ড বুদ্ধিয়ে যিটো লৱে

সেহি হৰি-নামে তাৰিতে শীঘ্ৰে নপাৰে ||৬৫৫


তুতি

বসুদেৱ নিগদতি হাসি         সাক্ষাতে বিদিত ভৈলা আতি

তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ |

সমস্তে জীৱৰ বুদ্ধি-সাখী         কেৱল-আনন্দ অনুভৱ

স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ ||৬৫৬

হে কৃষ্ণ যত জীৱ নিত্য         তিনি তাপে হুয়া সন্তাপিত

দুৰ্ঘোৰ সংসাৰ-তাপত পৰি আছয় |

তযু পস-শ্বেত-ছত্ৰ-প্ৰায়         অমৃত বৰিষে সৰ্ব্বদায়

আৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয় ||৬৫৭

বলি নিগদতি যদুপতি         ৰাম ৰাম ৰাম ৰাম ৰাম

কিনো কৃপা মোক কৰিলাহা নাৰায়ণ |

দেৱৰো দুৰ্ল্লভ আতিশয়         ৰাম ৰাম ৰাম ৰাম ৰাম

গৃহতে থাকিয়া দেখিলো তযু চৰণ ||৬৫৮