নিন্দা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নিন্দা

নাৰায়ণ হেন ইটো         শৱদ আছয়ে মুখে

বশৱৰ্ত্তী বচন আছয় |

তথাপি অদ্ভুত কিনো         ঘোৰ নৰকত মজি

মল-মতি মনুষ্য মৰয় ||৪২

তৰ্ক-শাস্ত্ৰ মহাব্যাঘ্ৰী         তাহান নিপুণ পতি

তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় |

সংসাৰ বনত পশি         পতি-পুত্ৰ সমন্বিতে

উপনিষত্‍-ধেনু ধৰি খায় ||৪৩

সৰ্ব্ব-শ্ৰুতি-শিৰোৰত্ন         ভগৱত-বন-মাজে

হৰি-নাম-সিংহ প্ৰকাশয় |

তাৰ মহাধ্বনি শুনি         নিজ পৰিয়াৰ সমে

তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ||৪৪

স্মৰহু গোবিন্দ মূঢ়         বোলহু গোবিন্দ মূঢ়

ভজহু গোবিন্দ সৰ্ব্বক্ষণে |

মৰণ সন্নিতে পাইলে         গোবিন্দেসে ৰাখিবন্ত

নৰাখিবে ’ডুকৃঞ কৰণে’ ||৪৫

ঈশ্বৰ কৃষ্ণক যিটো         অন্য দেৱতাৰ সম

বোলয় অধম মূঢ়-মতি |

চৌৰাশী নৰক ভুঞ্জি         পাপৰ যোনিত সিটো

অৱশ্যে হুইবেক উত্প&ত্তি ||৪৬

মায়া আদি কৰি যত         সমস্তে জগতে জড়

কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ |

চৈতন্য কৃষ্ণক এড়ি         জড়ক ভজিয়া মৰে

কিনো লোক অধম মুগুধ ||৪৭

তপ জপ তীৰ্থ ব্ৰত         যাগ যোগ যজ্ঞ দান

কাকো নুসুমৰে মৃত্যু-বেলা |

মৰন্তাজনক বেঢ়ি         বোলে সৱে ৰাম বোলা

হেন নাম এতিখণে হেলা ||৪৮

পৰলোক-সময়ৰ         বান্ধৱ হৰিৰ নাম

সৱ এড়ি যিহেতু সুমৰে |

এতিখণেকি কাৰণে         হেনেয় হৰিৰ নাম

মল-মতি নৰে নুসুমৰে ||৪৯

দুৰ্ঘোৰ সংসাৰ ইটো         ব্যাধিৰ ঔষধ মহা

তেজি হৰি-নামক সম্প্ৰতি |

কমন উপায়ে আন         পণ্ডিতসকলে আৱে

লভিবেক আপুন মুকুতি ||৫০

লভিয়া মনুষ্য-তনু         যিসৱ পণ্ডিত নৰে

নসাধিলে গতি আপুনাৰ |

কৌটি জনমক লাগি         সংসাৰ-সাগৰে মজি

ফুৰিবেক ভুঞ্জিয়া নিকাৰ ||৫১

গোৱিন্দক নৰাধিয়া         কোন কালে কদাচিত

সুখী হুয়া আছে কোনজন |

হেন শিক্ষা মনে ধৰি         ডাউকে বোলয় সদা

’কোবা কোবা’ কুবাক্য-বচন ||৫২

শঙ্কৰেসে শুদ্ধমত         ঈশ্বৰ ভক্তিৰ তত্ত্ব

প্ৰচাৰিলা শাস্ত্ৰ-সাৰ জানি |

তাহাঙ্ক নজানি মূঢ়ে         জীৱিকাৰ অৰ্থে ফুৰে

আপুনাৰ মহত্ত্ব বখানি ||৫৩

শঙ্কৰে সংশয় ছেদি         শাস্ত্ৰৰ তত্ত্বক ভেদি

প্ৰচাৰিলা কৃষ্ণৰ ভকতি |

তাঙ্ক এৰি কি কাৰণে         আনক বোলয় গুৰু

কিনো লোক মহামূঢ়-মতি ||৫৪

নজানে শাস্ত্ৰৰ নয়         যেন আসে তাকে কয়

ছেদিবাক নপাৰে সংশয় |

গুৰু বোলাই তথাপিতো         ফুৰয় লোকৰ মাজে

মান্য-সতকাৰ খুজি লয় ||৫৫

বচনে কেৱসে মাত্ৰ         হৰিত শৰণ লয়

চিত্তে আন দেৱক ভজয় |

জানিবাহা কদাচিতো         সিদ্ধি সিটো নলভয়

হৰি তাৰ সন্তোষ নহয় ||৫৬

আগম নিগম তৰ্ক         পুৰাণ ভাৰত যত

ইতিহাস তন্ত্ৰ-মন্ত্ৰচয় |

হে হৰি তোমাতেসে         খেলাৱে কেৱলে বাদ

তোহ্মাৰ তত্ত্বক নজানয় ||৫৭

ঐশ্বৰ্য্য ভোগৰ মদে         মত্ত হুয়া ঈশ্বৰত

পৰাঙ্মুখ ভৈলা যিটোজন |

যেন জীৰ্ণ গাই সিটো         দুৰ্ঘোৰ সংসাৰ-মহা-

পঙ্কে পৰি হোৱয় গমন ||৫৮

হৰি-নাম ধ্বজ কৰি         বেদ-পথ পৰিহৰি

ফুৰে আতি পাষণ্ডসকল |

ইহ-পৰলোকে ভ্ৰষ্ট         হুয়া পেট পুষি মাত্ৰ

ফুৰে আতি পৰম নিষখল ||৫৯