সমললৈ যাওক

নাৰী-ৰত্ন/ৰাণী ভবানী

ৱিকিউৎসৰ পৰা
 

ৰাণী ভবানী।

 বঙ্গদেশৰ বগুৰা জিলাত ছাতিম নামেৰে এখন গাওঁ আছে। সেই গাওঁৰ এজন দুখীয়া অথচ মানী বামুণৰ ঘৰত ভবানীৰ জন্ম হয়। তেওঁৰ বাপেকৰ নাম আত্মাৰাম চৌধুৰী আৰু মাকৰ নাম কস্তুৰী দেৱী। সৰুতে মাকৰ ঘৰত তেওঁক জয়দুর্গা বুলি মাতিছিল।

 জয়দুর্গাৰ মাক এগৰাকী সাদৰী আৰু সাধু চৰিত্ৰৰ তিৰোতা আছিল। তেওঁ জীয়েকক সৰুৰে পৰা সেৱা-সদাচাৰ আৰু দেৱ-দ্বিজক ভক্তি কৰিবলৈ শিকাইছিল। বাপেকে তেওঁক লিখা-পঢ়া শিকাইছিল আৰু সাংসাৰিক জ্ঞানৰ শিক্ষা দিছিল। তেওঁৰ শৰীৰ সুঠাম আৰু সুশ্ৰী আছিল ।

 ছাতিম গাওঁৰে দয়াৰাম নামে এজন মানুহে নাটোৰৰ ৰজাঘৰত কাম কৰিছিল । তেওঁ কৈ-মিলি নাটোৰৰ ৰজা ৰামজীৱনৰ পুতেক ৰমাকান্তৰ লগত ভবানীৰ বিয়াৰ বন্দবস্ত কৰে৷

 দুখীয়াৰ ছোৱালী ভাগ্যগুণে ৰজাৰ বোৱাৰী হল। কিন্তু অৱস্থাৰ এই পৰিবৰ্ত্তনে ভবানীৰ চৰিত্ৰৰ একো পৰিবৰ্ত্তন ঘটাব নোৱাৰিলে। নম্র স্বভাৱ আৰু গৃহস্থালিৰ সকলো কামতে নিপুণতাৰ কাৰণে অলপ দিনৰ ভিতৰতে তেওঁক ৰজাঘৰতো সকলোৱে সমাদৰ কৰিব ধৰিলে। তেওঁৰ মাত- কথাত বেটী- লগুৱাই কামত উলাহ পালে, তেওঁৰ সেৱা-যত্নত গুৰুজন সকল মোহিত হল। এইদৰে সকলোৰে অন্তৰ জিনি তেওঁ ৰজাঘৰত মনৰ আনন্দেৰে কাল কটাই আছিল।

 কিন্তু বিধতাই সৰহ দিন তেওঁক এই সংসাৰ-সুখ ভোগ কৰিবলৈ নিদিলে। বিয়াৰ অলপ দিনৰ পাচতে তেওঁৰ স্বামীয়ে এজনী মুঠে ছোৱালী এৰি ১৭৪৬ খৃষ্টাব্দত পৰলোকলৈ গতি কৰিলে। গাভৰু ৰাণীয়ে বিধবাৰ ব্ৰত পালন কৰি কাল কটাব ধৰিলে।

 তেতিয়া বঙ্গদেশত নাটোৰৰ জমিদাৰী বৰ ডাঙৰ আছিল। নাটোৰৰ ৰজা প্ৰায় বঙ্গদেশৰ আধাখিনিৰ মালিক আছিল। জমিদাৰীৰ বাৰ্ষিক আয় আছিল প্ৰায় দেৰ কোটি টকা। এই টকাৰ সত্তৰ লাখ মুৰ্চিদাবাদৰ নবাবক দিব লাগিছিল।

 ৰাণীয়ে গাভৰু কালতে এই বিপুল সম্পত্তি চলোৱাৰ ভাৰ পালে। তেওঁ এই কাৰ্য্য অতি দক্ষতাৰে চলাইছিল।

 ৰাণীৰ শাসন আৰু শৃঙ্খলাৰ পটুতা দেখি সকলোৱে বিস্ময় মানিছিল।

 সেই সময়ত বঙ্গদেশ বৰ্গীৰ উৎপাতত জুৰুলা। অশ্বাৰোহী মাৰাঠা সৈন্যবোৰক বঙ্গালীবোৰে বৰ্গী বুলিছিল। এই সৈন্যবোৰে প্ৰজাৰ ধন-বস্তু লুটি নিছিল। এই অত্যাচাৰী সৈন্যবোৰক বঙ্গালীবোৰে ইমান ভয় কৰিছিল যে, কান্দুৰা লৰায়ো বৰ্গীৰ নাম শুনিলে চুপ্‌ মাৰি শুই পৰিছিল। নবাব আলিবৰ্দ্দি খাই বৰ্গীবোৰৰ গতিৰোধ কৰিবলৈ অহো-পুৰুষাৰ্থ কৰিছিল। ৰাণী ভবানীয়ে ধন-জন দি নবাবক এই কাৰ্য্যত সহায় কৰিছিল।  ৰাণী ভবানীৰ ছোৱালী জনীৰ নাম আছিল তাৰা সুন্দৰী দেৱী। দুখৰ বিষয় তাৰা বালিকা কালতে বিধবা হয়। তেওঁ মাকৰ ঘৰতে জীৱন কটায়। মুৰ্চিদাবাদৰ বৰনগৰত গঙ্গাৰ পাৰত নাটোৰৰ ৰজাৰ প্ৰবসুৱা ঘৰ আছিল। ৰাজকীয় কাৰ্য্যৰ কাৰণে ৰাণীয়ে মাজে মাজে তাত কিছুদিন থাকিব লগীয়া হৈছিল। এদিন নাৱেৰে ফুৰোঁতে নবাবৰ নাতিয়েক চিৰাজুদৌল্লাই তাবাক দেখিলে। তাৰা তেতিয়া সুন্দৰী গাভৰু। তেওঁক দেখি চিৰাজুদ্দৌল্লা মুগ্ধ হল। ৰাণী ভবানীয়ে এই কথা জানি নদীৰ পাৰত চিতা জ্বলাই ৰাতিৰ ভিতৰতে তাৰা জহনী বেমাৰত মৰিল বুলি ঘোষণা কৰাই তাৰাক পলুৱাই নাটোৰলৈ পঠায়। ৰাণীৰ এনে উপস্থিত বুদ্ধিৰ কাৰণেহে ক্ষমতাশালী নবাবৰ প্ৰশ্ৰয় পোৱা চিৰাজুদ্দৌলাৰ পাপ- প্ৰলোভনৰ পৰা তাৰা সুন্দৰীৰ সতী-ধৰ্ম্ম ৰক্ষা পৰে।

 ৰাণী ভবানীৰ দীঘলীয়া জীৱন দান আৰু ধৰ্ম্মৰ কাহিনী মাত্ৰ। তেওঁ ৰাজ-ভঁৰালৰ ধন লোকহিতৰ কাৰণে খৰচ কৰি ৰাহি হোৱা টকা দান আৰু পুণ্যকাৰ্য্যত খৰচ কৰিছিল।

 সম্ৰাট আওৰঙ্গজেৱে কাশীধামৰ আটাইবোৰ হিন্দু মন্দিৰ ভাঙি চূড়ামাৰ কৰিছিল। ৰাণী ভবানীয়ে সেইবোৰ সংস্কাৰ কৰায়। তেওঁ সেই উপলক্ষে তাত অনেক দিন বাস কৰিছিল। তাৰ বাহিৰেও ৰাণীৰ দানৰ টকাৰে সজা বাট, ঘাট, ধৰ্মশালা তাত অনেক আছে।  কথিত আছে যে, ৰাণীয়ে গোটেই জীৱনত প্ৰায় পঞ্চাশ কোটি টকা পুণ্যকাৰ্য্যৰ কাৰণে দান কৰিছিল। ১৭৭০ খৃষ্টাব্দত বঙ্গদেশত এটা বৰ ডাঙৰ আকাল হয়। সেই আকালত বঙ্গদেশৰ প্ৰায় তিনি ভাগৰ এভাগ মানুহ মৰে। তেতিয়া বাঙ্গালা ১১৭৬ চন। সেই দুৰ্দ্দিনক বঙ্গালীবোৰে এতিয়াও ‘ছিয়াত্তৰেৰ মন্বন্তৰ' বোলে। সেই আকালত ৰাণীয়ে ৰাজ-ভঁৰালৰ তলি-উদং কৰি আতুৰৰ সেৱা কৰিছিল। তেওঁ নিতৌ এহেজাৰ মানুহক খুওৱাৰ ব্যৱস্থা কৰিছিল। ৰাণীৰ কৰুণাত মুগ্ধ হৈ ভোকাতুৰ প্ৰজাবোৰে তেওঁক ‘অন্নপূর্ণা' নাম দিছিল ।

 এই আকাল শাম কটাৰ অলপ দিনৰ পাচতে ৰাণী ঢুকায়। অতুল ঐশ্বৰ্য্যৰ মালিক ৰাণী ভবানীৰ শৰাধত খৰচ কৰিবলৈ ৰাজ-ভঁৰালত টকা নাছিল। তেওঁৰ গাৰ অলঙ্কাৰ বিক্ৰী কৰিছে শৰাধ কৰিছিল।

 ৰাণীৰ কৰুণা ইতৰ জন্তুলৈকে বিয়পি পৰিছিল। তেওঁ পশু-পক্ষী, কীট-পতঙ্গৰ খাদ্যৰ কাৰণেও নিতৌ বহু ধন ভগন কৰিছিল।

 মৃত্যুকালত ৰাণীৰ ৭৯ বছৰ বয়স হৈছিল। তেওঁৰ দীঘলীয়া জীৱনেও নিয়ম-সংযমত থকাকেই প্রমাণ কৰে।