নাৰী-ৰত্ন/সাবিত্রী বাঈ
সাবিত্ৰী বাঈ।
সোতৰ শতিকাৰ মাজ ভাগত মোগল বাদচাহৰ আকাশ ডেই যোৱা প্ৰভুত্বক তুচ্চ কৰি এজন মাৰাঠা মহাবীৰে এখন স্বাধীন হিন্দু-ৰাজ্য পাতিছিল। সেই মহাবীৰৰ নাম ছত্ৰপতি শিবাজী।
তেতিয়া বিশাল ভাৰতৰ মালিক প্ৰবল প্ৰতাপী আওৰঙ্গজেৱ বাদচাহ। তেওঁ শিবাজীক দমন কৰিবলৈ বহুবাৰ বহু প্ৰকাৰে যত্ন কৰিছিল। বাদচাহৰ কেবাজনো ৰণ-নিপুণ সেনাপতিয়ে একোটা বিৰাট ফৌজ লৈ গৈ মাৰাঠ৷ ৰাজ্য আক্ৰমণ কৰিছিল; কিন্তু চতুৰ শিবাজীয়ে বাদচাহৰ সকলো আক্ৰমণ ব্যৰ্থ কৰি নিজক মাৰাঠা ৰাজ্যৰ স্বাধীন নৰপতি বুলি ঘোষণা কৰিছিল; আৰু সাহ আৰু বুদ্ধিৰ বলেৰে মানুহে অসাধ্য সাধন কৰিব পাৰে— এই সত্য জগতবাসীক শিকাইছিল।
শিবাজীৰ অভিষেক উৎসৱ অতি সমাৰোহেৰে সমধা কৰা হৈছিল। তাৰ কাৰণে খৰচো কৰিছিল বিস্তৰ; প্ৰায় পঞ্চাশ লাখ টকা। অভিষেকৰ অন্তত ৰাজ ভৰাঁলৰ প্ৰায় তলি উদং হৈছিল বুলিব লাগে। পুনৰ ৰাজ-ভঁৰাল টনকিয়াল কৰিবৰ মনেৰে তেওঁ দলেবলে ধন সংগ্ৰহ কৰিবলৈ দাক্ষিণাত্যৰ ফালে গৈছিল। সেই যাত্ৰা তেওঁ তাৰ চহকী দেশ কৰ্ণাট ৰাজ্য লুটি অপাৰ ধন-সোণ আনিছিল। ঘূৰি আহোঁতে বাটত বেলবাৰী নামে এখন সৰু মাৰাঠা ৰাজ্যৰ প্ৰজাৰ পৰা কিছু ৰচদ-পাতি লুটি লৈছিল।
বেলবাৰী দুৰ্গৰ অধিপতি আছিল এগৰাকী মাৰাঠী মহিলা। তেওঁৰ নাম সাবিত্রী বাঈ। তেওঁ শিবাজীৰ এই অন্যায় নসহিলে। তেওঁ গুজৰি গুমৰি কলে— “কি! তিৰোতাৰ ৰাজ্য বুলি শিবাজীয়ে অৱজ্ঞা কৰে নে কি? মোৰ ৰাজ্যৰ মাজেৰে সৈন্য নিবলৈ অনুমতিও নলব আৰু মোৰ প্ৰজাৰ বয়-বস্তুও লুটি নিব। এই অপমান মই সহি নাথাকোঁ।”
তেওঁ এদল সৈন্য লৈ পিচ ফালৰ পৰা অতর্কিতে শিবাজীৰ সৈন্যদলক আক্ৰমণ কৰি ৰচদ বোজাই বলদ কিছুমান কাঢ়ি লৈ আহে ৷
এই কথা শুনি শিবাজীয়ে বৰ লাজ পালে। তেওঁৰ বিজয়ী সেনাবোৰ নাৰীৰ হাতত লাঞ্ছিত হোৱা কাৰণে প্ৰধান সেনাপতি দাদাজী ৰঘুনাথক তেওঁ ভৰ্চ্ছনা কৰিলে আৰু বেলবাৰী দুৰ্গ গুড়ি কৰি গৰুবোৰ উদ্ধাৰ কৰিবলৈ আদেশ দিলে।
সেই আদেশ পাই দাদাজীয়ে বেলবাৰী দুর্গ অবৰোধ কৰিলে । তেওঁ ভাবিছিল যে, তিমানতে ভয় খাই দুর্গবাসী সেও হব। কিন্তু দিনৰ পাচত দিন গল, সপ্তাহৰ পাচত সপ্তাহ গল; দুর্গবাসীয়ে আত্মসমৰ্পণ কৰাৰ একো লক্ষণ প্রকাশ নাপালে। শিবাজীৰ সৈন্যৰ বদনাম চাৰিওফালে ৰৌঢ়ি হৈছিল ।
এমাহৰ পিচত খোৱা পিন্ধাৰ নাটনিত দুর্গবাসীৰ হাঁকাল বিকাল লাগিল । তেতিয়া সাবিত্ৰীবায়ে নাখাই তিল তিলকৈ মৰাতকৈ বীৰৰ দৰে ৰণ কৰি মৰাই ভাল ভাবি দুৰ্গৰ দুৱাৰ মেলি দিলে; আৰু নিজৰ সৈন্যসামন্ত সজাই ৰণৰ সাজেৰে দুৰ্গৰ দুৱাৰ মুখত ফেৰ পাতিলে। বান্ধভঙা বানপানীৰ দৰে শিৰাজীৰ সৈন্য দুৰ্গত সোমাবলৈ হুৰি-মাৰি আগবাঢ়ি গল। সাবিত্ৰী বাঈৰ দলে বাধা দিলে। উভয় পক্ষৰ অনেক সৈন্য হানি হল। কিন্তু অকল বীৰত্বৰ বলেৰে তেওঁলোকে কিমান পৰ দুৰ্গ ৰক্ষা কৰিব! তেওঁলোক সংখ্যাত তেনেই তাকৰ। তাতে সাবিত্ৰীবাঈৰ ঘোঁৰাটো ৰণত পৰিল। অগত্যা বাঘিনী জালত পৰাৰ দৰে সাবিত্ৰী বাঈ মাৰাঠা সৈন্যৰ হাতত বন্দী হল।
তেওঁক বন্দী কৰি মাৰাঠা ৰাজ্যৰ ৰাজধানী কোহলাপুৰ লৈ অনা হল। বাটত সঁখুজী গাঁইকোৱৰ নামে এজন উচ্চবংশৰ মাৰাঠী ডেকাই তেওঁক অকথ্য কথাৰে অপমান কৰিছিল। সেই কাৰণে খঙত তেওঁ পাগলিনীৰ দৰে হৈ আন একোকে কৰিব নোৱাৰি নিজৰ গাৰ মঙহকে কামুৰি আৰু মূৰৰ চুলিকে আঁজুৰি ছিঙ্গিছিল।
কিছুদিনৰ পাচত বিচাৰৰ কাৰণে সাবিত্ৰী বাঈক শিবাজীৰ দৰবাৰত হাজিৰ কৰোৱা হল। সাবিত্ৰীবায়ে শিবাজীক দেখি সিংহীৰ দৰে গৰ্জ্জি কলে— “শিবাজী! তুমি যদি আচলতে বীৰ হোৱা, তেন্তে হাতত অস্ত্ৰ লোৱা আৰু মোকো অস্ত্ৰ দিয়া। মাৰাঠ৷ ৰজা বীৰ নে তেওঁৰ অনুচৰবোৰৰ দৰে লম্পট— আজি তাৰ প্ৰমাণ বুজিম। " ৰাণীৰ কথা শুনি শিবাজীয়ে ধীৰ আৰু কোমল মাতেৰে কলে— “আই! শান্ত হোৱা। পুত্ৰৰ অপৰাধ ক্ষমা কৰা। বেলবাৰী দুৰ্গ তোমাৰ। তুমি প্ৰশান্ত মনেৰে তালৈ গৈ ৰাজ্য শাসন কৰাগৈ।”
সাবিত্ৰীবায়ে কলে—“মহাৰাজ! মই ৰাজ্যৰ ভিখাৰী নহওঁ। মোক অপমানৰ বিচাৰহে লাগে।” ৰাণীয়ে শিবাজীৰ আগত তেওঁৰ অপমানৰ গোচৰ দিলে।
শিবাজীয়ে সঁখুঁজীক মতাই আনি চকু ৰঙা কৰি কলে— “সখুজি! তই অতি হীন কাপুৰুষ। তই নিঃসহায় নাৰীক অপমান কৰিছ। তোৰ বাবে মোৰ ৰাজ্যত পোঁতাশালহে উপযুক্ত ঠাই। তোৰ জীৱন ভৰ ফাটক।”
সঁখুজীক পোঁতাশাললৈ পঠিয়াই সাবিত্ৰী বাঈক সসম্মানে বেলবাৰী দুৰ্গৰ অধিকাৰ দিয়া হল। শিবাজীৰ এনে উদাৰ আৰু কঠোৰ বিধান দেখি সমাজৰ সকলো ৰাইজে হাত ডাঙ্গি উচ্চস্বৰে কলে—
“জয়, মহাৰাজ ছত্ৰপতি শিবাজীৰ জয়।”