নাৰী-ৰত্ন/মীৰাবাঈ
৭। মীৰাবাঈ।
পুণ্যভূমি চিতোৰ ভাৰতবাসীৰ তীৰ্থক্ষেত্ৰ। বল-বীৰ্য্য আৰু চৰিত্ৰসম্পদত চিতোৰৰ দৰে চহকী দেশ জগতত নাই। স্বাধীনতা প্ৰিয়তাত এই দেশ জগতত অতুলনীয়। চিতোৰ স্বাধীন তেজৰ জ্বলন্ত মূৰ্ত্তি ৰাণ৷ প্ৰতাপ, জয়মল্ল আৰু পুত্তৰ জন্মস্থান। কৰ্ম্মদেৱী ধাত্ৰী পান্না, দুৰ্গাৱতী প্ৰভৃতি তেজস্বিনী নাৰীৰ মাতৃভূমি, আৰু ভক্তিমতী মীৰাবাঈৰ লীলাক্ষেত্ৰ। ই বীৰ সাধকৰ বীৰত্বৰ বাঞ্ছা পূৰণ কৰিব পাৰে, ত্যাগীৰ মন ত্যাগৰ মহিমাৰে মুহিব পাৰে আৰু ভক্তৰ প্ৰাণৰ পুণ্য-ক্ষুধা পূৰণ কৰিব পাৰে।
পোন্ধৰ শতিকাৰ আগ ভাগত কুম্ভ চিতোৰৰ ৰাণা আছিল। তেওঁ পঞ্চাশ বছৰ চিতোৰ শাসন কৰিছিল। এজন ডাঙৰ বীৰ আৰু দয়ালু পুৰুষ বুলি তেওঁৰ খ্যাতি আছে। তেওঁ মালৱ জয় কৰিছিল আৰু তাৰ অধিপতি মামুদক চিতোৰত বন্দী কৰি ৰাখিছিল। কিন্তু মামুদে বশ্যতা স্বীকাৰ কৰাত তেওঁক মালৱ ৰাজ্য ঘূৰাই দিছিল।
মীৰাবাঈ তেওঁৰ মহিষী আছিল। মীৰাবাঈৰ দেউতাক ৰাঠোৰ বংশৰ ৰাজপুত। তেওঁ মাৰৱাৰৰ ৰজাৰ এজন তলতীয়া ৰজা আছিল।
পোন্ধৰ শতিকাৰ আগ ভাগত মীৰাবাঈ জন্ম হয়। সৰুৰে পৰা তেওঁৰ ভগবানলৈ ভক্তি থকা দেখা গৈছিল। তেওঁ মাত-কথাৰে সকলোকে মুগ্ধ কৰিছিল। তেওঁ গান গাব শিকিছিল। তেওঁৰ সুৱদী মাতৰ সুমধুৰ সুৰৰ ভগবৎ প্রেমৰ গান শুনি সকলোৱে তেওঁক স্বৰ্গৰ পৰা নামি অহা দেৱ-কন্যা বুলি কৈছিল ৷
গাভৰু কালত তেওঁৰ ৰূপ-গুণৰ খ্যাতি গোটেই ৰাজপুতনাতে বিয়পি পৰিছিল। তেওঁৰ গান শুনিবলৈ বহু দূৰ-দূৰান্তৰৰ পৰাও অনেক লোক তেওঁলোকৰ ঘৰলৈ আহিছিল।
ৰাণা কুম্ভ তেতিয়া চফল ডেকা। তেৱোঁ মীৰাৰ গান শুনিবলৈ গৈছিল আৰু তেওঁৰ গান ৰাণাৰ ইমান ভাল লাগিছিল যে, নিজৰ হাতৰ আঙঠি সোলোকাই মীৰাক উপহাৰ দি আহিছিল। এই ঘটনাৰ কিছুদিন পাচতে তেওঁলোকৰ বিয়া হয়।
কিন্তু চিতোৰৰ ৰাজপুৰী মীৰাৰ ভাল নালাগিল । কিয়নো তেওঁলোক আছিল পৰম বৈষ্ণৱ ; কিন্তু ৰাণাৰ ঘৰ আছিল ঘোৰ শাক্ত। বিভিন্ন ধৰ্ম্মমতৰ কাৰণে শাহুৱেকে তেওঁক দেখিব নোৱাৰিছিল ৷ তদুপৰি ৰাজটোলত বিষ্ণু-মন্দিৰ নাছিল। উপাসনাৰ কাৰণে ৰজাহাউলিৰ বাহিৰৰ বিষ্ণু-মন্দিৰলৈ যাবলগীয়া হোৱাত তেওঁক সকলোৱে বেয়া পাইছিল। ধৰ্ম্ম বিশ্বাসৰ এনে প্ৰতিকূল অৱস্থাত পৰি মীৰাৰ ভাৱাবেগ বাঢ়িল। তেওঁ কবিতা লিখি সেই আবেগ কিছু সংযত কৰিছিল। তেওঁৰ মধুৰ ভাৱৰ কবিতাবোৰ পঢ়ি সকলোৱে প্ৰশংসা কৰিছিল। মীৰাবাঈৰ সেই কবিতাবোৰ এতিয়াও বৈষ্ণৱ সাহিত্যৰ অতি অনুপম সামগ্ৰী। তেওঁৰ ‘ৰাগ-গোবিন্দ’ এখন আপুৰুগীয়া কাব্য । তেওঁ বৈষ্ণৱ কবি জয়দেৱৰ গীত গোবিন্দৰ এখন হিন্দী টীকা লিখিছিল। এইবোৰ কিতাপ পঢ়িলেহে মীৰাৰ 'ভক্তিৰ গভীৰতা কিছুদূৰ বুজিব পাৰি ।
বয়স বঢ়াৰ লগে লগে মীৰাৰ ভাৱাবেগ বাঢ়ি গৈছিল। ৰাজপুৰী তেওঁৰ মানত পোঁতা-শাল যেন লগা হল। হৰিনাম বিলাবলৈ তেওঁ উচাটন হৈ উঠিল। ৰাণাই তেওঁৰ ভাৱাবেগ বুজিব পাৰি ৰাজটোলৰ ভিতৰত এটা বিষ্ণু-মন্দিৰ সজাই দিয়ালে । তালৈ কৃষ্ণ-ভক্তসকল আহিবৰ অনুমতি পালে। মীৰাই তাত ভক্তসকলৰ লগ পাই ৰাণীৰ পদ-গৌৰৱলৈ মন নকৰা হল আৰু ভক্তসকলৰ লগত নাম-কীৰ্ত্তনত যোগ দিলে।
পতিয়ে পত্নীৰ সেৱা-যত্ন, স্নেহ-অনুৰাগ পাবলৈ স্বভাৱতে বাঞ্ছা কৰে। পত্নী নামত মজি থকা কাৰণে ৰাণা সেৱা-দুখৰ পৰা বঞ্চিত হল। তেওঁ আন এগৰাকী তিৰোতা বিয়া কৰাবৰ মন কৰিলে। পতিৰ ইচ্ছাৰ কথা জানি মীৰাই উদাৰ মনেৰে সন্মতি দি ৰাণাক এই কাৰ্য্যত উৎসাহ দিলে।
সেই সময়ত ঝালোৱাৰ ৰাজ্যৰ ৰাজকুমাৰীৰ লগত মান্দোৰ ৰাজকুমাৰৰ বিয়াৰ বন্দবস্ত হৈছিল। ৰাণাই এই কথা জানি শুনিও ৰাজকুমাৰীৰ পাণি-প্ৰাৰ্থনা কৰি ৰজালৈ চিঠি দিলে। ঝালোৱাৰৰ ৰজা মহা ঠেকত পৰিল। তেওঁ ৰাণাৰ চিঠিৰ উত্তৰ নিদি লৰালৰিকৈ মান্দোৰ ৰাজকুমাৰৰ লগত জীয়েকৰ বিয়া পাতিলে। এই কাৰণে ৰাণাই খং কৰি বিয়াৰ দিনা কুমাৰীক বল কৰি লৈ আহিল। ক্ষত্ৰিয়-ৰীতি মতে ৰাণাৰ এই কাৰ্য্য হয়তো অশোভন নহয়; কিন্তু দাম্পত্য বিধান মতে এই কাৰ্য্য অত্যন্ত গৰ্হিত হল। কিয়নো ৰাণাই পত্নীৰ মন নাপালে। কুমাৰীয়ে মান্দোৰ ৰাজকুমাৰক মনে-চিতে ভাল পাইছিল। গতিকে ৰাণাৰ সংসাৰ-সুখ নহল। কিজানি বিধাতাই ৰাণাৰ কপালত সংসাৰ-সুখ লিখাই নাছিল।
ইপিনে মান্দোৰ ৰাজকুমাৰৰ অৱস্থা আতিকৈ পুতৌ কৰিব লগীয়া হল। তেওঁ খাব-শুব এৰি শুকাই-খীণাই গল। মনৰ দুখত তেওঁ গেৰুৱা কাপোৰ পিন্ধি বৈষ্ণৱ বেশ ললে আৰু মীৰাৰ ভক্তসকলৰ লগ লাগিল। তেওঁ ৰাজটোলৰ মন্দিৰলৈ অহা-যোৱা কৰিবলৈ ধৰিলে। দিনদিয়েক পাচত এদিন তেওঁ মনৰ দুখৰ সকলো কথা মীৰাবাঈক কলে। মীৰাই সহানুভূতি দেখুৱাত চল পাই তেওঁক এবাৰ মীৰাৰ সতিনীয়েকৰ লগত দেখা কৰাই দিবলৈ খাটিলে। দয়াৱতী মীৰাই ভক্তৰ অনুৰোধ এৰাব নোৱাৰি তেওঁক এদিন অন্তঃপুৰলৈ লৈ গল।
সেই সময়ত ৰাণা অন্তঃপুৰত আছিল। ৰাণাক দেখি মান্দোৰ কুমাৰ মুছ-কঁছ গৈ মাটিত ঢলি পৰিল। অন্তঃপুৰত অচিনাকি ডেকা এজন হঠাতে অজ্ঞান হৈ পৰি যোৱা দেখি ৰাজপুৰীত হুৱাদুৱা লাগিল। কোৰ্হাল শুনি ৰাণা বাহিৰ ওলাই আহিল। তেওঁ যেতিয়া জানিব পাৰিলে যে, সেই ডেকাজন তেওঁৰ প্ৰণয়ৰ প্ৰতিদ্বন্দ্বী মান্দোৰ-ৰাজকুমাৰ, তেতিয়া খঙে তেওঁৰ চুলিৰ আগ পালেগৈ। তেওঁ এই দোষৰ বাবে কুমাৰ আৰু মীৰাক তেতিয়াই ৰাজপুৰীৰ বাহিৰ কৰি দিলে। মীৰা নিৰ্বিকাৰে বাহিৰ হৈ গল। ইয়াত তেওঁৰ একো ভাৱান্তৰ নঘটিল। কিয়নো তেওঁৰ কাৰণে ৰাজপুৰী আৰু মুকলি পথাৰ একে সমান। বৰং মান-সম্ভ্ৰমৰ আঁৰ-বেৰ নাৰাখি স্বাধীনভাৱে চলিবলৈ পাই তেওঁ ভালকে পালে।
কিন্তু মীৰাই চিতোৰ এৰাত চিতোৰবাসীৰ টল্বলনি লাগি পৰিল। জন সাধাৰণৰ ওপৰত মীৰাৰ প্ৰভাৱ বুজিব পাৰি ৰাণ৷ আচৰিত হল আৰু পুনৰ তেওঁক ৰাজপুৰীলৈ মাতি পঠিয়ালে। স্বামীৰ আদেশ সতীৰ শিৰোধাৰ্য্য। গতিকে মীৰাই ৰোহ-ঠেঁহ নাপাতি পুনৰ ৰাজপুৰীলৈ আহিল।
মীৰাই এইবাৰ সৰ্বৰ সাধাৰণৰ মাজত ধৰ্ম্মভাৱ বিলাবলৈ ৰাণাৰ অনুমতি পালে। মীৰাৰ বৰ ভাল লাগিল। তেওঁ মনব আনন্দে সকলোৰে লগত মিলি হৰিনাম-ৰসামৃত পান কৰাবলৈ ধৰিলে। চিতোৰত ধৰ্ম্মভাৱৰ ঢল আহিল। গোটেই ৰাজ্যতে মীৰাৰ গীতৰ ৰোল উঠিল। মীৰাক সকলোৱে সেৱা, ভক্তি আৰু পূজা কৰিবলৈ ধৰিলে। চিতোৰৰ বল-বীৰ্য্য আৰু দেশপ্ৰেমৰ গৌৰীশিখৰত ধৰ্ম্মৰ অৰুণ-জ্যোতি পৰি চিক্মিকাব ধৰিলে।
কিন্তু সংসাৰত নিন্দুকৰ অভাৱ নাই। মীৰাৰ গীতত মুগ্ধ হৈ ৰাজপুতনাৰ এজন ধনী মানুহে তেওঁক এডাল মুক্তাৰ হাৰ উপহাৰ দিছিল। মীৰাই সেই হাৰডাল লৈ মন্দিৰৰ বিগ্ৰহৰ ডিঙিত পিন্ধাই দিছিল। এই সহজ কথাটোকে কিছুমান দুষ্ট মানুহে জটিল কৰি মীৰাৰ চৰিত্ৰ-দোষ ৰটি ফুৰিবলৈ ধৰিলে । ৰাণীৰ চৰিত্ৰ-দোষৰ কথা শুনি ৰাণাৰ হিতাহিত জ্ঞান নাইকিয়া হল; আক টিঙিৰি-তুলাৰ দৰে জ্বলি উঠি মীৰাক জনালে যে, তেওঁ যেন আত্মহত্যা কৰি এই কলঙ্কৰ অন্ত পেলায়।
পতিৰ আদেশ পাই মীৰাই আত্মহত্যা কৰিবলৈ প্ৰস্তুত হল। তেওঁ মৃত্যুৰ আগতে এবাৰ পতিৰ চৰণ দৰ্শনৰ কামনা জনালে । ৰাণাই কলঙ্কিনী মীৰাক দেখা নকৰোঁ বুলি কৈ পঠালে। ৰাণাৰ কথাত মা-মুৱা হৈ মীৰাই নদীত জাপ্ দিলেগৈ। কিন্তু নদীয়ে সতীক গ্ৰহণ নকৰিলে। তেওঁক বহুদূৰ উটাই নি অচেতন অৱস্থাত পানীৰ যুৱলীত তুলি থৈ গল। কিছু সময়ৰ পাচত জ্ঞান পাই মীৰা তাৰ পৰা বৃন্দাবন-ধামলৈ গল। ধৰ্ম্মত তেওঁৰ অচলা মতি; গতিকে ভোক-পিয়াহ, বাটৰ দুখ একোৱেই তেওঁক কাতৰ কৰিব নোৱাৰিলে ।
বৃন্দাবনৰ এখন মনোৰম উপবনৰ ঘাঁহনিত বহি সতীয়ে কাতৰ কণ্ঠেৰে হৰিনাম গাবলৈ আৰম্ভ কৰিলে। ক্ৰমে তেওঁৰ গানত বৃন্দাবনবাসী বলিয়া হল। তেওঁক দেবীৰ দৰে পূজা কৰিবলৈ ধৰিলে। অলপ দিনৰ ভিতৰতে তেওঁ ভক্তসকলৰ এটা সম্প্রদায় গঠিত হল। চিতোৰৰ অনেক ভক্ত গৈ তেওঁৰ সম্প্রদায়ত ভুক্ত হল। তেওঁলোকে চিতোৰত অনেক বিষ্ণু মন্দিৰ প্রতিষ্ঠা কৰিলে ।
মীৰাৰ পুণ্য-প্রতিভাৰ কথা শুনি ৰাণাও বৃন্দাবনলৈ আহিল। তেওঁ মীৰাক অভদ্ৰ আচৰণ কৰা বাবে ক্ষমা খুজিলে। স্বামীৰ তেনে ব্যৱহাৰ দেখি মীৰাই লাজতে মুৰ দোঁৱালে। ৰাণাই মীৰাক চিতোৰলৈ লৈ যাবৰ ইচ্ছা কৰিলে। মীৰা স্বামীৰ লগত চিতোৰলৈ আহিল।
কিন্তু কিছুদিন ৰাজপুৰীত থাকি তেওঁৰ সমূলি ভাল নলগা হল। দেশ-বিদেশৰ মলি উটাই নিবলৈ যি সোঁতৰ জনম, সি এটা কুণ্ডত আবদ্ধ থাকে কেনেকৈ? তেওঁ পুনৰ বৃন্দাবনলৈ আহিল। তেতিয়াৰ পৰা তেওঁ প্ৰায়েই বৃন্দাবনতে বাস কৰিছিল; কেৱল মাজে-সময়ে স্বামীৰ চৰণত সেৱা জনাবলৈহে চিতোৰলৈ আহিছিল ।
জীৱনৰ শেষ ছোৱা কাল তেওঁ উত্তৰ ভাৰতৰ তীৰ্থক্ষেত্রবোৰত ঘূৰি ফুৰিছিল। প্রত্যেক তীর্থক্ষেত্রতে তেওঁ গীত গাই গাই ভাৱাবেগত দেৱতাৰ চৰণত মুছ-কঁছ গৈছিল। তেওঁ যলৈকে গৈছিল, তাতেই হৰিনামৰ ৰোল উঠিছিল।
এই দৰে সমগ্ৰ উত্তৰ ভাৰতৰ মলি ভক্তি-ৰসেৰে ধুই নিকা কৰি মীৰাবায়ে পোন্ধৰ শতিকাৰ শেষ ভাগত ইহ সংসাৰ এৰে ৷ এতিয়াও চিতোৰত বিখ্যাত ৰণছোৰজীৰ মূৰ্ত্তিৰ লগতে মীৰাবাঈৰ মূৰ্ত্তিৰ পূজা হয়। .