সমললৈ যাওক

নাৰী-ৰত্ন/মহাৰাণী স্বর্ণময়ী

ৱিকিউৎসৰ পৰা
 

মহাৰাণী স্বৰ্ণময়ী।

 ইংৰাজবোৰ প্ৰথমে ভাৰতলৈ বেপাৰ কৰিবলৈহে আহিছিল। বৰ্ত্তমান কলিকাতাৰ ওচৰৰ কাচিমবজাৰত সিহঁতৰ এটা কুঠি আছিল। সেই কুঠিত আশ্ৰয় লৈয়েই ইংৰাজে ভাৰতত ৰাজ্য পাতে। গতিকে কাচিমবজাৰৰ কুঠিৰ কথা ভাৰত-বুৰঞ্জীত অমৰ হৈ থাকিব।

 কৃষ্ণকান্ত নামেৰে এজন বঙ্গালী মুদৈ কাচিমবজাৰ কুঠিৰ ইংৰাজবোৰৰ দোৱনীয়া আছিল। সিহঁতে তেওঁক ‘কান্তবাবু’ বুলি মাতিছিল। ১৭৫২ খৃষ্টাব্দত ওৱাৰেণ হেষ্টিংচ কাচিমবজাৰ কুঠিৰ অধ্যক্ষ হৈ আছে। তেওঁৰ মইমতালি আৰু কাম কাজ দেখি বঙ্গদেশৰ নবাব চিৰাজুদ্দৌলা কুপিত হয়। ১৭৫৬ খৃষ্টাব্দত তেওঁ ওৱাৰেণ হেষ্টিংচক ধৰি বান্ধি নি মুৰ্চিদাৱাদত বন্দী কৰি থয়। নবাবৰ সৈন্যই কুঠি দখল কৰে। তাত থক৷ ইংৰাজবোৰে প্ৰাণৰ ভয়ত পলাই বঙ্গোপসাগৰৰ দাঁতিত থকা 'পলতা' নামে ঠাইভ লুকাই থাকেগৈ।

 এই ঘটনাত বিবি হেষ্টিংচ অতিশয় আকুল হয়। তেওঁ কান্দি- কাটি মুৰ্চিদাবাদলৈ গৈ স্বামীৰ মুক্তিৰ কাৰণে নবাবৰ মাক আমিনা বেগমৰ হাতে-ভৰিয়ে ধৰেগৈ। বেগমে এজনী নিৰাশ্ৰয়া বিদেশী ৰমণীৰ দুঃখ সহিব নোৱাৰি হেষ্টিংচক মোকোলাই পলুৱাই পঠিয়ায়। নবাবৰ ভয়ত হেষ্টিংচ পলাই আহি কান্ত মুদৈৰ ঘৰত ওলায়হি। মুদৈয়ে হেষ্টিংচক সৰিয়হৰ ডুলিত লুকাই ৰাখে।  পাচলৈ ঘটনাই অন্যৰূপ লোৱাত নবাবৰ পতন হয়। ইংৰাজবোৰেই বঙ্গদেশৰ গৰাকী হয়। নবাবৰ বন্দী হেষ্টিংচেই বৃটিছ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলৰ পদ পায়। সেইবোৰ বুৰঞ্জীৰ কথা। এই প্ৰসঙ্গত অনাৱশ্যক।

 হেষ্টিংচে শাসনকৰ্ত্তাৰ পদ পায়ো কান্ত মুদৈৰ উপকাৰ পাহৰিব পৰা নাছিল। তেওঁ প্ৰাণৰ প্ৰতিদান স্বৰূপে কান্ত মুদৈক ৰংপুৰ, বৰহৰ প্ৰভৃতি কেবাখনো জিলাত বহুতো মাটি-বাৰী দি ৰজা উপাধি দিয়ে। তেতিয়াৰ পৰা কান্ত মুদৈ ৰজা ৰমাকান্ত নন্দী নামে জনাজাত হয়।

 ৰজা ৰমাকান্তৰ নাতিৰ পুতেক কৃষ্ণনাথ নন্দী। তেওঁৰ পত্নীৰ নাম স্বৰ্ণময়ী। এওঁ বৰ্দ্ধমান জিলাৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীয়াৰী। ১৮৩৫ খৃষ্টাব্দত এঘাৰ বছৰ বয়সত্ এওঁৰ কৃষ্ণনাথ নন্দীৰ লগত বিয়া হয়। দুখীয়াৰ ছোৱালী ৰজাঘৰলৈ পৰিল। এইটো সৌভাগ্যৰ কথা। কিন্তু এই সৌভাগ্য তেওঁৰ সৰহদিন নিটিকিল। ১৮৪১ খৃষ্টাব্দত সোতৰ বছৰীয়া ৰাণীক এৰি কৃষ্ণনাথ অকালতে ঢুকায়। তেওঁলোকৰ দুজনী ছোৱালী হৈছিল; সিহঁতো নিচেই কেচুৱা কালতে মৰে।

 গিৰিয়েক ঢুকোৱাত তেওঁৰ বিপুল সম্পত্তি চলোৱাৰ ভাব তেওঁৰ নিঃসন্তান বিধবা পত্নী স্বৰ্ণময়ীৰ ওপৰত পৰে। এই ভাৰ তেওঁ সুদীৰ্ঘ পঞ্চাশ বছৰ বহন কৰিছিল। এই সুদীৰ্ঘ কালত স্বামীৰ সম্পত্তিৰ অতি ক্ষুদ্ৰ অংশও নষ্ট হোৱা নাছিল আৰু সম্পত্তিৰ আয়ৰ পাই এটিও তেওঁৰ ভোগ-সুখৰ কাৰণে খৰচ কৰা নাছিল। সম্পত্তিৰ আয়েৰে প্ৰজাৰ হিত আৰু দান-ধৰ্ম্ম কৰাই তেওঁৰ জীৱনৰ ব্ৰত আছিল । তেওঁৰ এই দুটা গুণত মুগ্ধ হৈ ইংৰাজ চৰকাৰে তেওঁক মহাৰাণী উপাধিৰে ভূষিত কৰিছিল।

 তেওঁৰ দানৰ কথা কৈ অন্ত কৰিব নোৱাৰি। মুঠতে ইয়াকে কলে হব যে, তেওঁৰ সহায় খুজি কোনো কেতিয়াও বিমুখ হোৱা নাই ৷

 ১৮৭৪ খৃষ্টাব্দত বঙ্গদেশত এটা আকাল হয় । ৰাণীয়ে সেই আকালত পৰা মানুহবোৰৰ সহায়ৰ কাৰণে একলাখ দহ হেজাৰ টকা দান কৰে। ১৮৭৬ খৃষ্টাব্দত কলিকাতা আৰু মুৰ্চিদাবাদত মানুহৰ খাদ্যৰ অভাব ঘটে। ৰাণীয়ে কলিকাতাৰ কাৰণে আঠ হেজাৰ আৰু মুৰ্চিদাবাদৰ কাৰণে দহ হেজাৰ টকা দান কৰে । ১৮৭৭ খৃষ্টাব্দত মাদ্রাজ প্রদেশত আকাল হয় ৷ সেই কথা শুনি ৰাণীয়ে তালৈ দহ হেজাৰ টকা পঠিয়ায়। এইৰূপে দৰিদ্ৰ- নাৰায়ণৰ সেৱাত ৰাণীয়ে চাৰি লাখ টকা দান কৰে ৷

 কলিকাতা মেডিকেল কলেজত ছাত্রী সংখ্যা কম কাৰণে চৰকাৰে তেওঁলোকৰ থকা-মেলাৰ একো দিহা কৰা নাছিল। ৰাণীয়ে তেওঁলোকৰ বাবে বোর্ডিং সজাবলৈ এক লাখ টকা দিয়ে ।

 স্বামীৰ সোৱঁৰণি ৰখাৰ ইচ্ছাৰে তেওঁ বহৰমপুৰত ‘কৃষ্ণনাথ’ কলেজ' নাম দি মাটি-বাৰী, ঘৰ-দুৱাৰৰ সকলো খৰচ বহন কৰি এখন কলেজ পাতিছিল ৷ ইংৰাজ চৰকাৰে এই কলেজক বছৰি নিয়মিত সাহায্য দি আছিল। হঠাৎ চৰকাৰে সেই সাহায্য বন্ধ কৰে। কলেজখন প্ৰায় উঠি যাবলগীয়া হয়। তেতিয়া ৰাণীয়ে সাহায্য কৰি সেই অপূৰ্ব্ব অনুষ্ঠান ৰক্ষা কৰে।

 আগেয়ে বহমপুৰত পানী-কল নাছিল। মানুহে বেয়া পানী খাই বিবিধ ৰোগত ভুগিছিল। ৰাণীয়ে তাত পানী-কল বহুৱাবলৈ মন কৰে আৰু তাৰ সমস্ত খৰচ বহন কৰিবলৈ গাত লয়। দুখৰ বিষয় এই কাম হৈ উঠাৰ আগতে ৰাণীৰ মৃত্যু হয়। কিন্তু তেওঁৰ উত্তৰাধিকাৰী মহাৰাজ মনীন্দ্ৰ নন্দীয়ে পাচত আকৌ তিনি লাখ টকা খৰচ কৰি সেই পবিত্ৰ কাম সম্পূৰ্ণ কৰে।

 ইয়াৰ উপৰিও কলিকাতাৰ প্ৰায় আটাইবোৰ দাতব্য চিকিৎসালয়েই ৰাণীৰ দানেৰে পুষ্ট হৈছিল। বঙ্গদেশৰ অনেক স্কুলে ৰাণীৰ পৰা নিয়মিত সাহায্য পাইছিল।

 ১৮৯৭ খৃষ্টাব্দত এই গৰাকী দয়াৱতী ৰাণীৰ মৃত্যু হয়। দানবীৰ মহাৰাজ মনীন্দ্ৰ নন্দী ৰাণীৰ ভাগিণীয়েক।