নাৰী-ৰত্ন/মহাৰাণী চেটু লক্ষ্মীবাঈ
মহাৰাণী চেটু লক্ষ্মীবাঈ।
যি ঠাইত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পানী মিলিছে, ভাৰত উপদ্বীপৰ সেই জোঙা অংশত ত্ৰিবাঙ্কুৰ ৰাজ্য। তাৰ অধিপতি এজন হিন্দু ৰজা; ত্ৰিবাঙ্কুৰ ৰাজ্য বিৰাট হিন্দুস্থানৰ এটা বিতোপন অংশ। হিন্দুস্থানৰ শিক্ষা, সংস্কৃতি আৰু সভ্যতা এই ৰাজ্যতো বিস্তাৰ কৰিছে। পশ্চিমঘাট পৰ্ববতৰ নামনি অঞ্চলত চাহ, কফি, ৰবাৰ আৰু নানাবিধ মচলাৰ খেতি আৰু সাগৰৰ পানীয়ে ধুৱাই থকা অঞ্চলত ধান আৰু নাৰিকল খেতিয়ে তাৰ ষাঠি লাখ অধিবাসীৰ শৰীৰ আৰু মনৰ পুষ্টিসাধন কৰিছে।
ত্ৰিবাঙ্কুৰ ৰাজ্যৰ বৰ্ত্তমান মহাৰজাই ১৯২৪ চনত সিংহাসন লাভ কৰে। তেতিয়া তেওঁৰ বয়স বাৰ বছৰ। তেওঁ সাবালক নোহোৱালৈকে তেওঁৰ খুৰীয়েক মহাৰাণী চেটু লক্ষ্মীবাঈয়ে ৰাজ্যশাসনৰ ভাৰ পায়। ৰাজ্যশাসনত তেওঁৰ উদাৰতা আৰু কাৰ্য্যক্ষমতা অতি প্ৰশংসনীয়। ১৯৩১ খৃষ্টাব্দত ৰাণীয়ে বৰ্ত্তমান মহাৰজাক ৰাজ্য-ভাৰ শোধায়। তেওঁ সাত বছৰ ত্ৰিবাঙ্কুৰ ৰাজ্যশাসন কৰিছিল।
ৰাণীৰ শাসনকালত সমাজৰ বহুতো কু-সংস্কাৰ দূৰ হয় আৰু প্ৰজাবোৰে উন্নতিৰ বাটত বহুতো আগ বাঢ়ে। ত্ৰিবাঙ্কুৰ ৰাজ্যৰ প্ৰাচীন ৰীতিমতে ৰজাৰ সম্মান বহুত ওপৰত। দৰবাৰত ৰজাৰ বাহিৰে আন কেও বহিব নোৱাৰিছিল; আনকি ৰাণীও ৰজাৰ মটৰত ফুৰিব নোৱাৰিছিল। ৰাণীয়ে সেই ৰীতি পালন নকৰিছিল। তেওঁ গিৰিয়েকৰ লগত দৰবাৰত বহিছিল; একে মটৰতে ফুৰিছিল। ৰাণীৰ আন আন ৰাজকীয় কাৰ্য্যত প্ৰজা ইমান মুগ্ধ হৈছিল যে, ৰাণীৰ এইবোৰ ৰীতি-বিৰুদ্ধ কামৰ কেৱে একো প্ৰতিবাদ নকৰিছিল বৰং ক্ৰমে শ্ৰদ্ধাৰ চুকুৰেহে চাইছিল।
দক্ষিণ ভাৰতত ‘অন্ত্যজ' বুলি কিছুমান লোকক ওপৰ খাপৰ হিন্দুবোৰে বৰ ঘিণ কৰিছিল। সিহঁতক, সামাজিক আৰু ৰাজনৈতিক সকলো সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছিল। বিচাৰালয়তো সিহঁতৰ বাবে সুকীয়া আইন আছিল। ৰাণীয়ে এইবোৰ বৈষম্য বহুতো কমায় আৰু সকলো প্ৰজাই জাতি-ধৰ্ম্ম নিৰ্বিশেষে শাসন আৰু বিচাৰৰ সমান সুবিধা পোৱাৰ ব্যৱস্থা কৰে।
ত্ৰিবাঙ্কুৰ ৰাজ্যত বহুতো ইহুদী আছে। তেওঁলোকে হিব্ৰু ভাষাৰে কথা কয়। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু ধৰ্ম্ম-বিশ্বাস সুকীয়া। পৃথিবীৰ আন আন ঠাইৰ ইহুদীবোৰৰ দৰে তেওঁলোকো সমাজ দেহত জীৰ্ণ নোযোৱা মানুহ। বেপাৰ কৰিবলৈ আহি বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা তেওঁলোকে ত্ৰিবাঙ্কুৰত বসতি কৰিছে। ৰাণীৰ শাসনকালৰ আগলৈকে তেওঁলোক ৰাজ্য- শাসনৰ সকলো সুবিধাৰ পৰা বঞ্চিত আছিল। ৰাণীয়ে আন আন প্ৰজাৰ দৰে তেওঁলোককো সমান সুবিধা দিয়ে। ত্ৰিবাঙ্কুৰৰ প্ৰায় তিনি ভাগৰ এভাগ প্ৰজা খৃষ্টান ধৰ্ম্মাবলম্বী। এই প্ৰাচীন ৰাজ্যৰ সোঁ-মাজতে পোন্ধৰ শতিকাতে পৰ্তুগীজ- সকলে গিৰ্জ্জা সাজে। সেই গিৰ্জ্জা এতিয়াও জিলিকি আছে। মহাৰাণীয়ে তেওঁৰ হিন্দু, খৃষ্টান, ইহুদী, মছলমান সকলো প্ৰজাকে সমান চকুৰে চাইছিল আৰু সকলো ধৰ্ম্মৰে, সকলো জাতিৰে বুদ্ধিমান লোকসকলক ৰাজকাৰ্য্যত নিযুক্ত কৰি শাসনৰ বান্ধ কট্টীয়৷ কৰিছিল। তেওঁ সকলো জাতিৰে অনেক ডেকাক ৰাজ-ভৰাঁলৰ পৰা বৃত্তি দি উচ্চ শিক্ষ৷ লাভৰ কাৰণে মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ পঠিয়াইছিল।
ৰাণীৰ শাসনকালত ত্ৰিবাঙ্কুৰ ৰাজ্যত তিৰোতাৰ অধিকাৰ আৰ স্ত্ৰী-শিক্ষাৰ বহুতো উন্নতি হয়। তেওঁ সৰু লৰা-ছোৱালীবোৰক শিকাবৰ কাৰণে শিক্ষক নিযুক্ত নকৰি শিক্ষয়িত্ৰী নিযুক্ত কৰিছিল। ৰাজধানী ত্ৰিবান্দ্ৰমত শিক্ষয়িত্ৰী সকলৰ কাৰণে এখন ট্ৰেইনিং কলেজ পাতিছিল আৰু এগৰাকী বিদুষী মহিলাক তাৰ অধ্যক্ষ নিয়োগ কৰিছিল। এনে সুন্দৰ ব্যৱস্থা হোৱাত ত্ৰিবাঙ্কুৰ ৰাজ্যত শিক্ষিত লোকৰ সংখ্যা ভাৰতৰ আন আন ৰাজ্য আৰু প্ৰদেশতকৈ বহু গুণে বেচি হৈছিল। ১৯৪১ খৃষ্টাব্দৰ লোক গণনাৰ হিচাব মতে বৃটিছ ভাৰতৰ লোকসংখ্যাৰ শতকৰা ১২.৫ জন মতা আৰু ২.৫ জনী তিৰোতাইহে লিখিব- পঢ়িব পাৰিছিল। কিন্তু ত্ৰিবাঙ্কুৰ ৰাজ্যৰ লোকসংখ্যাৰ শতকৰা ৬৭ জন মতা আৰু ৪২ জনী তিৰোতাই লিখিব-পঢ়িব পাৰিছিল। ভাৰতৰ ভিতৰত বৰোদা ৰাজ্যৰ বাহিৰে কোনো দেশেই জনশিক্ষাত ত্রিবাঙ্কুৰৰ দৰে ইমান আগবাঢ়িব পৰা নাছিল। ত্রিবাঙ্কুৰ ৰাজ্যৰ চিকিৎসা বিভাগৰ মুখ্য কৰ্ম্মচাৰী গৰাকীৰ নাম ডাক্তাৰ লুকোচ (Dr. Lukose ) । তেওঁ এগৰাকী নাম থকা বিদুষী মহিলা ।
আৰু বহু বিষয়তে ৰাণীৰ দূৰদৰ্শিতা প্ৰমাণিত হৈছিল। তেওঁ ৰাজ্যত ডাঙৰ-সৰুৰ ভেদ কমাই গণতন্ত্রৰ ভেটি প্রতিষ্ঠা কৰিছিল। তেওঁৰ কাৰ্য্যপ্ৰণালী আনবোৰ ৰাজ্যৰো অনুকৰণীয় হৈ উঠিছিল ।
বৰ্ত্তমান মহাৰাজেও ৰাণীৰ নীতিকে মানি চলিছে। তাৰ ফলত ত্রিবাঙ্কুৰ ৰাজ্যৰ উদাৰতাই ভাৰতৰ সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। ১৯৩৬ খৃষ্টাব্দত ৰজাৰ হাউলিত থকা বহুকলীয়া হিন্দুমন্দিৰত যুগ-যুগান্তৰৰ পৰা চলি অহা ৰীতি- নীতিক উলাই কৰি ৰজাই সকলো হিন্দুকে প্রবেশাধিকাৰ দিছে। ৰজাৰ এই কাৰ্য্যই ভাৰতৰ সকলো শিক্ষিত হিন্দুৰে শ্ৰদ্ধা আকৰ্ষণ কৰিছে। বিশাল হিন্দু-ভাৰতৰ ঐক্যৰ কাৰণে এই নীতিৰ মূল্য কিমান, তাক বহলাই কোৱাৰ আৱশ্যক নকৰে । ৰজাৰ এই উদাৰতাও ৰাণীৰ চৰিত্ৰ-প্ৰভাৱৰ প্ৰতিবিম্ব মাত্ৰ ৷
আজি কিছুদিনৰ আগতে মহাৰজাই কুণ্ডেল উপত্যকাত জল-শক্তি উৎপাদনৰ এটা বিৰাট কাৰখানা পাতিছে । সি ঘৰে- দুৱাৰে, মানুহে-দুনুহে এখন সৰু নগৰ। ৰাণীৰ নামেৰে সেই নগৰৰ নাম ৰাখিছে চেটু-লক্ষ্মী-পূৰম্। এই কাৰ্য্যয়ো ৰাণীৰ জনপ্রিয়তাৰ আৰু ৰজাৰ ৰাণীলৈ ভক্তিৰ পৰিচয় দিয়ে।