সমললৈ যাওক

নাৰী-ৰত্ন/নুৰজাহান

ৱিকিউৎসৰ পৰা
 

নুৰজাহান।

 নুৰজাহানৰ বাপেকৰ নাম মিৰ্জা গিয়াছ বেগ। তেওঁ পাৰস্য দেশৰ মানুহ। তেওঁৰ বাপেক পাৰস্যৰ চাহৰ এজন সম্ভ্ৰান্ত বিষয়া আছিল। কালক্ৰমত মিৰ্জা গিয়াছ বৰ দুখত পৰে। তেওঁ নিজৰ দেশত লাজ মান ৰাখি পৰিয়াল পোহপাল দিব নোৱাৰি দেশত্যাগ কৰাকে স্থিৰ কৰে।

 তেতিয়া পাৰস্থৰ সাউদবোৰে আফগানিস্থানৰ মাজেৰে আহি ভাৰতত বেহা-বেপাৰ কৰিছিল। তেওঁলোকে উটৰ পিঠিত মাল-বস্তু বোজা দি আনিছিল। একোজন সদাগৰৰ কেবাটাও উট আছিল আৰু কেবা জনো সদাগৰ একেলগে অহা-যোৱা কৰিছিল। তেনে এজন সাউদে মিৰ্জা গিয়াছক সপৰিয়ালে ভাৰতলৈ লৈ আহে। তেওঁ, তেওঁৰ পৰিবাৰ আৰু তেওঁলোকৰ দুটি লৰা—এয়ে তেওঁৰ পৰিয়াল আছিল।

 তেওঁৰ পৰিবাৰ সগৰ্ভা আছিল। বাটত কান্দাহাৰত তেওঁৰ পৰিবাৰে এটি ছোৱালী প্ৰসৱ কৰে। এই ঘটনাত মিৰ্জা গিয়াছ শিল-পৰা-কপৌ যেন হয়। কিয়নো তেওঁ পোঁৱাতিক লৈ আহিবও নোৱাৰে, এৰি আহিবও নোৱাৰে তেনে অৱস্থাত পৰে। বাপেকৰ দুভাগ্যৰ প্ৰতিমূৰ্ত্তি এই ছোৱালীজনীয়ে কালত নুৰজাহান নাম লৈ ভাৰতৰ ভাগ্য নিৰূপণ কৰিছিল। জন্মৰ পিচ দিনা সাউদ সকলৰ উট বাহিনী ভাৰতলৈ যাত্ৰা কৰাত ভাৰতৰ ভবিষ্যত সম্ৰাজ্ঞী আলিৰ দাঁতিত পৰি থাকিবলগীয়া হৈছিল।  অবশ্যে দয়ালু সদাগৰে এই অনাথ পৰিয়ালক আদ্‌বাটতে এৰি অহা নাছিল। তেওঁ কোনো গতিকে তেওঁলোকক ভাৰতলৈ লৈ আহিছিল আৰু বাপেক-পুতেকক নিজৰ ব্যৱসায়ৰ কামত খটুৱাই কিছুদিনলৈ পোহপাল যোৱাৰে৷ উপায় কৰি দিছিল।

 সেই সাউদজনৰ সম্ৰাট আকবৰৰ লগত বন্ধু ভাৱ আছিল। তেওঁ এই হতভগীয়া পৰিয়ালৰ দুখৰ কথা সম্ৰাটক জনায়। সম্ৰাটে মিৰ্জা গিয়াছ আৰু তেওঁৰ পুতেক আচফ আলিক দৰবাৰৰ কেৰাণী কামত সুমাই লয়।

 মিৰ্জা গিয়াছে ছোৱালীজনীৰ নাম ৰাখিছিল মেহেৰুন্নিচা। বাদচাহৰ দৰবাৰত বাপেক আৰু ককায়েকৰ পদোন্নতি হোৱাৰ লগে মেহেৰুন্নিচায়ো গাভৰু কাল পালে। ছোৱালীজনীৰ অসামান্য ৰূপ আৰু অসাধাৰণ মোহিনী শক্তি আছিল।

 বাদচাহৰ হাৰেমত বছৰি ‘খোচৰোজ' নামে এটা উৎসৱ হৈছিল। তালৈ অভিজাত বংশৰ মহিলা সকল আহিছিল। সম্ৰাট আৰু চাহাজাদাৰ বাহিৰে আন মতা মানুহ সেই মহিলা সমাজলৈ যাব নোৱাৰিছিল।

 এবাৰ সেই উৎসৱত মেহেৰুন্নিচাই ফল-মূলৰ দোকান দিছিল। সেই আনন্দৰ দিনৰ বিতোপন সন্ধ্যা সময়ত হঠাতে চাহাজাদা তেওঁৰ দোকানৰ আগত থিয় হৈ ৰৈ যায়। মেহেৰুন্নিচাৰ শৰীৰৰ কমনীয় কান্তি, মনোহৰ সাজ আৰু অপূৰ্ব্ব মোহিনী শক্তিয়ে তেওঁক মুগ্ধ কৰে। তেওঁ দোকানলৈ সোমাই যায়। তেতিয়া মেহেৰুন্নিচাৰ ফল-মূল সকলো বিক্ৰী হৈ অন্ত হৈছিল। কেৱল এডোখৰ মিছিৰীছে তেওঁৰ দোকানত আছিল। যুবৰাজে তাকেই অসম্ভৱ দাম দি কিনে আৰু তেওঁৰ মুখলৈ চাই ৰৈ থাকে। তেতিয়া মহিলা সকল প্ৰায়েই ঘৰাঘৰি গৈছিল, উৎসৱৰ অন্ত! মানুহ সেৰেঙ্গা। দোকানী-পোহাৰীয়ে দোকানৰ বয়-বস্তু সামৰিব ধৰিছে।

 চাহাজাদাই মেহেৰুন্নিচাৰ লগত কথা পাতি তেওঁৰ পৰিচয় ললে আৰু চকু-মুখৰ ভাৱ-ভঙ্গীৰে মেহেৰুন্নিচাক প্ৰণয়ৰ প্ৰথম সম্ভাষণ জনাই গুচি গল। তেওঁ মেহেৰক বিয়া কৰাবলৈ উদ্বাউল হল। সম্ৰাটে যুবৰাজৰ মনৰ ভাৱৰ গম পালে; কিন্তু কালৰ সোঁতত উটি অহা এটা নিঠৰুৱা পৰিয়ালৰ ছোৱালী এজনীক সম্ৰাটে বোৱাৰী কৰিবলৈ মন নকৰিলে। বুদ্ধিমান সম্ৰাটে ছোৱালীজনী ৰাজধানীত থকা নিৰাপদ নহয় জানি তেওঁ নিজে উপযাচি মেহেৰৰ বিয়াৰ বন্দবস্ত কৰিলে। দিনদিয়েকৰ পাচতে মিৰ্জা গিয়াছক সন্মত কৰাই মেহেৰুন্নিচাক স্যেৰ আফগান নামে এজন উচ্চবংশৰ সাহসী ডেকালৈ বিয়া দিয়ালে আৰু বঙ্গদেশত তেওঁলোকক ভাল মানুহৰ দৰে খাই-লৈ থাকিব পৰাৰ জোখাৰে জায়গীৰ দি তালৈ পঠিয়ালে। কিয়নো বাদচাহৰ দিনত বঙ্গদেশ মোগল সাম্ৰাজ্যৰ কলিয়াপানী আছিল। ই ৰাজধানীৰ পৰা সাত শ মাইল দূৰ।

 ইয়াৰ বছৰেক পাচতে আকবৰ বাদচাহৰ মৃত্যু হয়। চাহাজাদা চেলিমে জাহাঙ্গীৰ নাম লৈ দিল্লিৰ সিংহাসনত উঠে। মেহেৰুন্নিচাৰ বাবে তেওঁৰ মনৰ খেদ তেতিয়াও মাৰ যোৱা নাছিল। এতিয়া তেওঁ স্বাধীন হৈ সেই হেপাহ পূৰণৰ যত্ন কৰে। সেই উদ্দেশ্যে তেওঁ কুতবুদ্দিন নামেৰে সঙ্গী এজনক বঙ্গদেশৰ শাসনকৰ্ত্তা কৰি পঠিয়ায়।

 কুতবুদ্দিনৰ বাপেকৰ নাম চেলিম চিস্তি। তেওঁ এজন সাধু পুৰুষ আছিল। আকবৰ বাদচাহে তেওঁক বৰ শ্ৰদ্ধা কৰিছিল। কথিত আছে যে, চিস্তিয়ে ২৪ বাৰ হজ্‌ কৰিছিল। আকবৰ বাদচাহৰ মাজ বয়সলৈ সতি-সন্তান একো হোৱা নাছিল। এই সাধুজনৰ দোৱাতে বাদচাহে পুতেকক পোৱা বুলি ভাবি পুতেকৰ নাম তেওঁৰ লগত মিল ৰাখি চেলিম থৈছিল।

 কিন্তু সংসাৰত সাধুৰ লৰাও অসৎ হোৱা দেখা যায়। কুতবুদ্দিনে বন্ধু সম্ৰাটৰ অভিলাষ পূৰ্ণ কাৰণে স্যেৰ আফগানক নানা প্ৰকাৰে ফুচুলায়। কিন্তু শাসনকৰ্ত্তাৰ ফুচুলনিত ভোল নোযোৱা দেখি বলেৰে কাৰ্য্য সিদ্ধিৰ উপায় কৰে। তেওঁ স্যেৰ আফগানক মাতি পঠিয়ায়। স্যেৰ আফগান আহে। কুতবে তেওঁক বন্দী কৰিবলৈ প্ৰহৰীবোৰক আদেশ দিয়ে। শাসনকৰ্ত্তাৰ মুখৰ পৰা সেই আদেশ ওলোৱা মাত্ৰকে স্যেৰ আফগানে সিংহৰ দৰে গৰজি একে জাপেই কুতবৰ ওপৰত জাপ দি পৰি বুকুত ছুৰী মাৰি বধ কৰে। অবশ্যে শাসনকৰ্ত্তাৰ গা-চোৱা সৈন্যবোৰে তেওঁকে৷ তেতিয়াই হত্যা কৰে।

 স্বামীৰ শোচনীয় মৰণ কাহিনী শুনি মেহেৰুন্নিচা শোক আৰু ভবিষ্যৎ চিন্তাৰ অকূল সাগৰত পৰে। তেওঁৰ ৰূপ-যৌবনলৈ ঘৃণা জন্মে। গাৰ অলঙ্কাৰ দলিয়াই পেলায় আৰু মূৰৰ চুলি আজুৰি ছিঙে। এনে শোকাতুৰ অৱস্থাতে ৰাজকীয় সেনাই তেওঁক বন্দী কৰি দিল্লিলৈ লৈ যায়। সম্ৰাটে তেওঁক তেতিয়াই বিয়া কৰাবলৈ মন কৰিছিল; কিন্তু তেজস্বিনী মেহেৰুন্নিচাই সম্ৰাটক পতি-বৈৰী বুলি ঘৃণা কৰে। জাহাঙ্গীৰে তেতিয়াহে বুজিব পাৰে যে, সম্ৰাটৰ শক্তিয়ে ৰাজ্য জয় কৰিব পাৰে, শত্ৰু নাশ কৰিব পাৰে, কিন্তু ৰূপহীৰ অভিমান ভাঙ্গিব নোৱাৰে। গতিকে তেওঁৰ ওপৰত বল প্ৰয়োগ নকৰি মাকৰ লগত স্বাধীন ভাৱে থাকিবলৈ দিয়ে আৰু আৱশ্যকৰ অতিৰিক্ত আহিলা যোগাই তেওঁৰ মন জয় কৰিবৰ চেষ্টা কৰে।

 এই ভাবেই ছবছৰ কটায়। তাৰ পাচত মেহেৰুন্নিচাই সম্ৰাটৰ দুৰ্বল মনৰ ওপৰত প্ৰভুত্ব কৰি নিজক প্ৰতিষ্ঠা কৰাই ভাল বুলি ভাবি সম্ৰাটক পতি বৰণ কৰে। তেতিয়াৰ পৰা তেওঁ নুৰজাহান বা পৃথিবীৰ দীপ্তি নাম পায়।

 বিয়াৰ পাচৰ পৰাই তেওঁৰ প্ৰতিভা প্ৰকাশ পাবলৈ ধৰে। কালত তেওঁ পৃথিবীৰ এগৰাকী শ্ৰেষ্ঠ মহিলা ৰূপে পৰিগণিত হয়। তেতিয়াৰ পৰা জাহাঙ্গীৰ নামতহে সম্ৰাট। নুৰজাহানেই আছিল মোগল সাম্ৰাজ্যৰ হৰ্ত্তা-কৰ্ত্তা বিধাতা। তেওঁ সম্ৰাটৰ সকলো ক্ষমতা হাতৰ মুঠিত লৈ মহানুভৱ আকবৰ বাদচাহে পতা বিশাল মোগল সাম্ৰাজ্য একেলালিয়ে কুৰি বছৰ শাসন কৰিছিল। এই কাৰ্য্য তেওঁ এনে সুন্দৰ ভাৱে কৰিছিল যে, তেওঁৰ শাসন সম্ৰাটৰ শাসনতকৈ বহু গুণে ভাল আছিল। তেওঁ নিজক জগতৰ এগৰাকী সূক্ষ্ম ৰাজনীতিৰ জ্ঞান থকা স্থিৰ বুদ্ধিৰ প্ৰতিভাশালী মহিলা বুলি প্ৰমাণিত কৰে। তেওঁৰ বিষয় বুদ্ধি আৰু ব্যক্তিত্বৰ জগতত তুলনা নাই। তেওঁ পিতৃ- পৰিয়ালৰ কাৰণেও কম কৰা নাছিল। তেওঁ বাপেক মিৰ্জ্জা গিয়াচক ইট্‌মদ্দৌল্ল৷ উপাধি দি সাম্ৰাজ্যৰ আটাইতকৈ মানী লোক কৰি তুলিছিল আৰু ককায়েক আচফ-খাঁক মোগল সাম্ৰাজ্যৰ প্ৰধান উজিৰ পাতিছিল।

 নুৰজাহানে নিজৰ চৰিত্ৰৰ প্ৰভাৱেৰে জাহাঙ্গীৰৰ চৰিত্ৰও সংশোধন কৰিছিল। আগডোখৰত বাদচাহে ফটিকাৰ ৰাগীত আন কি দৰবাৰতো থিৰেৰে বহিব নোৱাৰিছিল। নুৰজাহানক বিয়া কৰোৱাৰ পাচত তেওঁ নিৰূপিত সময়তহে ফটিকা খাব পাৰিছিল। জাহাঙ্গীৰে তেওঁক যথেষ্ট সন্মান, সমাদৰ আৰু ভয় কৰিছিল। তেওঁ যাৰে তাৰে আগত খোলাখুলিকৈ কৈছিল যে, ৰাজ্যশাসন কাৰ্য্যত ৰাণীৰ বুদ্ধি তেওঁতকৈ এশ গুণে ভাল।

 নুৰজাহানে সাহিত্য আৰু শিল্প-কলাৰ সমাদৰ কৰিছিল। তেওঁৰ পাৰ্চী ভাষাত গভীৰ জ্ঞান আছিল আৰু এগৰাকী ওখ খাপৰ মহিলা কবি ৰূপে সন্মানিত হৈছিল। কথিত আছে যে, তেওঁ কোৱা কথাকে কবিতাৰ ৰূপ দিব পাৰিছিল।

 সম্ৰাজ্ঞী নুৰজাহানৰ ৰুচিও অতি উন্নত আছিল। তেওঁৰ ৰুচি মতে মোগল সম্ৰাটৰ ৰাজ দৰবাৰ ইন্দ্ৰৰ অমৰাৱতীৰ দৰে জাক্‌-জমককৈ সজোৱা হৈছিল। তেওঁৰ যত্নত কাৰেঙৰ মহিলা সকলৰ সাজ-পাৰ আৰু ৰীতি-নীতি উন্নত আৰু ভদ্ৰ হৈছিল। কথিত আছে যে, তেৱেই গোলাপী আতৰৰ প্ৰথম আবিষ্কৰ্ত্ৰী।

 সম্ৰাট জাহাঙ্গীৰ এজন খাম্‌-খেয়ালী লোক আছিল। সেই কাৰণে তেওঁক অতি দয়ালু বুলিবও পাৰি আৰু অতি নিষ্ঠুৰ বুলিবও পাৰি। তেওঁ দেউতাৰ বিশিষ্ট বন্ধু সেই কালৰ বিখ্যাত পণ্ডিত আবুল-ফজলক জীয়াই জীয়াই ছাল ছেলাই হত্য৷ কৰাইছিল আৰু হাতীশালৰ হাতীবোৰে জাৰকালি দুখ পায় বুলি তপত পানীৰে গা ধোৱাইছিল। তেওঁ ইষ্ট-ইণ্ডিয়া-কোম্পানীৰ চুৰাট আৰু আহম্মদাবাদৰ কুঠী ভাঙ্গি লণ্ডভণ্ড কৰিছিল। এই খবৰ পাই বিলাতত থকা কোম্পানীৰ ডাইৰেক্তৰসকলে ‘চাৰ টমাচ ৰো' নামে সেই সময়ৰ বিলাতৰ এজন বিচক্ষণ ৰাজনীতিজ্ঞ লোকক সম্ৰাটৰ কাৰণে অনেক মূল্যবান বস্তু উপহাৰ লগত দি ভাৰতলৈ পঠিয়াইছিল। কোম্পানীৰ কটকী বুলি উপেক্ষা কৰে বুলি ভয় কৰি তেওঁলোকে সেই সময়ৰ ইংলণ্ডৰ ৰজা প্ৰথম জেমচৰ পৰা সম্ৰাটলৈ এখন চিঠিও সংগ্ৰহ কৰি আনি তেওঁক দিছিল। ১৬১৬ খৃষ্টাব্দৰ ১০ জুন তাৰিখে ‘ৰো’ ৱে সম্ৰাটক দেখা কৰে।

 মোগল ৰাজ দৰবাৰৰ জাক-জমক্ দেখি ৰোৱে আচৰিত মানিছিল। তেওঁ উপহাৰৰ বস্তুবোৰ পৰিপাটিকৈ শৰাইত সজাই সোণৰ সফুৰাত ৰাজ-লিপি ভৰাই সভয়ে আৰু সসম্মানে সম্ৰাটক যাচে। সম্ৰাটে কয়—“ৰাণীয়েহে ৰাজ্যৰ গৰাকী। এই সম্পৰ্কে তেওঁক হে দেখা কৰিব লাগে।”  শেষ বয়সত এটা ভুলৰ কাৰণে ৰাণীৰ সকলো ক্ষমতা লোপ পায়। কুমাৰ খচৰু সম্ৰাট আৰু সম্ৰাজ্ঞীৰ অতি মৰমৰ আছিল। তেওঁৰ বীৰত্বৰ খ্যাতিও সাম্ৰাজ্যৰ ভিতৰত সকলোৰে জনাজাত আছিল। তেওঁৰ বীৰত্বতে মোগলৰ প্ৰবল প্ৰতিদ্বন্দী চিতোৰৰ ৰাণা অমৰসিংহই বশ্যতা স্বীকাৰ কৰে। সম্ৰাজ্ঞী নুৰজাহানেই এই বীৰ পুৰুষৰ গাত ভবিষ্যত সম্ৰাটৰ উপযোগী সকলো লক্ষণ দেখি ককায়েকৰ জীয়েক মমতাজবেগমক তেওঁলৈ বিয়া দিয়ায়। গতিকে জাহাঙ্গীৰ পাচত খচৰু বাদচাহ হব— এইটো থিৰাং কথা।

 কিন্তু স্বাৰ্থত অন্ধ হৈ শেষ বয়সত ৰাণীয়ে সেই মত পৰিবৰ্ত্তন কৰে। তেওঁৰ স্যেৰ আফগানৰ ফালৰ এজনী ছোৱালী আছিল। সেই ছোৱালী জনী সম্ৰাটৰ নুমলীয়া পুতেক চাহৰিয়াৰলৈ বিয়া দিছিল। তেওঁ জোঁৱায়েক চাহৰিয়াৰক ৰাজ-সিংহাসনত বহুৱাবলৈ তলে তলে যড়যন্ত্ৰ কৰিছিল। খচৰুৱে এই কথা জানিব পাৰি জ্বলি-পকি উঠে।

 জাহাঙ্গীৰ বাদচাহ মৰাৰ আগতে কিছুদিন উদ্‌ফাই বেমাৰ ভুগি বিচনাত পৰি আছিল। এই সময়তে কুমাৰ খচৰু আৰু নুৰজাহানৰ সিংহাসন লৈ যুদ্ধ হয়। নুৰজাহানে ধনু-কাঁড় লৈ নিজে ৰণলৈ গৈছিল। কিন্তু বীৰ খচৰুৱে ৰাণীক যুদ্ধত হৰুৱাই ৰাণীৰ সকলো অভিসন্ধি ভেদ কৰি শহুৰেকৰ সহায়ত সিংহাসন লাভ কৰে। জাহাঙ্গীৰ ঢুকোৱাত তেওঁ চাহজাহান নাম লৈ দিল্লীৰ সিংহাসনত উঠে আৰু ৰাণীৰ সকলো ক্ষমতা কাঢ়ি লৈ নজৰ বন্দী কৰি ৰাখে।  জাহাঙ্গীৰৰ মৃত্যুৰ পাচতো নুৰজাহান ত্ৰিশ বছৰ জীয়াই আছিল। কিন্তু তেতিয়া তেওঁ পিজঁৰাত থোৱা সিংহী সদৃশ। তেওঁক ৰাজকীয় প্ৰাপ্য ক্ষমতাৰ পৰাও বঞ্চিত কৰি ৰখা হৈছিল। তেওঁ ৰাজভঁৰালৰ পৰা বছৰি তিনি লাখ টকা বৃত্তি পাইছিল।