নাৰী-ৰত্ন/নবাব চুলতান চাহজাহান বেগম
(৩) নবাব চুলতান চাহজাহান বেগম।
চিকন্দৰ বেগম ঢুকোৱাত তেওঁৰ জীয়েক চাহজাহান বেগম নবাব পদত অভিষিক্ত হয় আৰু ভূপালৰ সিংহাসনত উঠে। এওঁ তেত্ৰিশ বছৰ ভূপাল ৰাজ্য শাসন কৰিছিল৷ মাকৰ দৰে এৱোঁ এগৰাকী সুদক্ষ শাসনকৰ্ত্ৰী আছিল। এওঁৰ শাসনতো প্ৰজা সন্তুষ্ট হয়; তেওঁলোকৰ সুখ-সমৃদ্ধি বাঢ়ে আৰু শিক্ষা প্ৰসাৰ হয়। এওঁ বিশেষকৈ স্ত্ৰী-শিক্ষা প্ৰসাৰত বেচি উৎসাহ দিছিল। এওঁৰ ৰাজত্বকালতেই ভূপাল ৰাজ্যত প্ৰথমে ৰেল লাইন পতা হয়।
চাহজাহান বেগম এগৰাকী ওখ খাপৰ সাহিত্যিক আৰু বুৰঞ্জীবিদ্ আছিল বুলি খ্যাতি আছে। কেবাটাও ভাষাত তেওঁৰ অধিকাৰ আছিল । তেওঁ ভূপাল ৰাজ্যৰ কেবাখনো বুৰঞ্জী লিখি থৈ গৈছে। সেই বুৰঞ্জী কেইখন বৰ্ত্তমানৰ বুৰঞ্জী জনা লোক- সকলৰ বৰ আদৰৰ বস্তু। তেওঁৰ সহায় আৰু উৎসাহ পাই কেবাজনো সাহিত্যিক আৰু বুৰঞ্জীবিদ লোকে তেওঁৰ দৰবাৰৰ শোভা বঢ়াইছিল।
এওঁৰো গিৰিয়েকৰ লগত ভাল ভাৱ নাছিল। আন কি গিৰিয়েকে এওঁক তালাক দিয়াৰো ভয় দেখুৱাইছিল। এনে মাননীয়া আৰু ৰাজবংশৰ মহিলা এগৰাকীক অপমান কৰে বুলি ভয় কৰি ৰাজ্যৰ ডাঙৰীয়া সকলে মিলি তেওঁৰ স্বামীক বন্দী কৰি ৰাখিছিল। চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ কেইমাহ মানৰ আগতে তেওঁলোকৰ এজনী ছোৱালী হৈছিল। তেৱেঁই বেগমৰ একমাত্ৰ সন্তান । তেওঁৰ নাম ৰাখিছিল জাহান বেগম। তেওঁকে ৰাজ্যৰ উত্তৰাধিকাৰিণী কৰি নবাব চাহজাহান বেগমে মহাৰাণী ভিক্তোৰিয়াৰ মৃত্যুৰ কেইদিনমানৰ আগতে ১৯০১ খৃষ্টাব্দত পৰলোক প্রাপ্ত হয়।