নাৰী-ৰত্ন/নংবল্কা গাভৰু
৪। নংবক্লা গাভৰু।
স্বৰ্গদেৱ চুখাম্ ফা বা খোৰা ৰজাই ১৫৫২—১৬০৩ খৃষ্টাব্দলৈকে ৫১ বছৰ ৰাজপাট খাইছিল। তেওঁ হাতীৰ পৰা পৰি খোৰা হৈছিল। সেই কাৰণে তেওঁক খোৰা-ৰজা নামেও জনা যায়।
এওঁৰ ৰাজত্ব কালত কোঁচৰজা মহাৰাজ নৰ-নাৰায়ণৰা সেনাপতি বীৰ চিলাৰায়ে ১৫৬২ আৰু ১৫৬৩ খৃষ্টাব্দত আহোমৰাজ্য দুবাৰো আক্ৰমণ কৰিছিল। আগৰ বাৰত আহোম সেনাপতিয়ে শত্ৰুক ছল কৰি খেদিবৰ বুধিৰে যেই সেই কিছুমান মানুহক লগুণ পিন্ধাই কপিলা গৰুৰ পিঠিত তুলি ৰণ কৰিবলৈ পঠিয়াইছিল। বীৰ চিলাৰায় বৰ নৈষ্ঠিক হিন্দু আছিল। তেওঁ দেখিলে যুঁজ কৰিলে ওপৰে ব্ৰহ্মবধ আৰু তলে গোবধ হয়। সেই কাৰণে তেওঁ ৰণ নিদি উভতি যায়।
পাচত তেওঁ জানিব পাৰিলে যে, আহোম ৰজাই তেওঁক ভুৱা দিহে খেদিলে। সেই খঙতে পিচৰ বছৰত তেওঁ পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিলে। এইবাৰ চিলাৰায় অহা শুনি স্বৰ্গদেৱ পাত্ৰ-মন্ত্ৰীৰে সৈতে পলাই পৰ্ব্বতত উঠিলেগৈ। আহোম সেনা যুঁজত হাবিল। পিচে চিলাৰায়ৰ প্ৰস্তাৱ মতে তেওঁলোক পৰ্ব্বতৰ পৰা নামি আহি সন্ধি কৰিবলৈ মান্তি হল। সেই সন্ধিমতে এইটো ঠিক হল যে, কোঁচ ৰজাই নাৰায়ণপুৰত এটা কোঠ সজাই কিছুমান সৈন্য ৰাখিব আৰু সেই কথাত আহোম ৰজাৰ সন্মতি থকাৰ জামীন স্বৰূপে আহোম ৰজাই পাঁচ জন ডাঙৰীয়াৰ ল'ৰা কোঁচ ৰজাৰ ৰাজধানী কোঁচবেহাৰত থব লাগিব ৷
স্বৰ্গদেৱে তাত সন্মতি জনাই বেহাৰলৈ পঠাবৰ কাৰণে পাঁচ জন ভাঙৰীয়াৰ ল'ৰা ঠিক কৰিলে। তেওঁলোকক ৰাজসভা'লৈ অনা হল। সেই পাঁচ জনৰ এজনৰ নাম আছিল তাওপেট। তেওঁ মন্ত্রী তনখাম বৰগোঁহাইৰ লৰা ৷ তেওঁৰ মাক স্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ ভনীয়েক নংবক্লা গাভৰু।
গাভৰুৱে পুতেকক বেহাৰলৈ পঠাবলৈ ঠিক কৰা শুনি পোনছাটেই ৰাজসভালৈ লৰি আহিল আৰু ৰজা-ডাঙৰীয়া সকলোকে শুনাই কলে— “মোৰ ল'ৰাটোক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি অনাইছা কিয়? তাক বেহাৰলৈ পঠিয়াবলৈ মই কিয় দিম? তোমালোকে যুদ্ধ নকৰি হাৰিছা আৰু পলাই নিজৰ প্ৰাণ ৰাখিছা। স্বৰ্গদেউ! মই তোমাৰ দৰে ভয়াতুৰ ৰজা দেখা নাই, শুনা নাই। তুমি বীৰ্য্যবলেৰে শত্ৰুক পৰাজয় কৰাৰ চেষ্টা নকৰিলা; তাৰ পাচত এনে ঘিণ লগা সন্ধি কৰি তুমি চিৰকাললৈ দুৰ্ণাম কিনিছা ।”
তাৰ পাচত গিৰিয়েক মন্ত্ৰী ডাঙৰীয়ালৈ চাই কলে— “তুমিয়েবা ৰাজ্যৰ কেনেকুৱা মন্ত্ৰী? ৰণলৈ যাবলৈ তোমালোকৰ ইমান ভয় কিয়? প্ৰাণৰ মায়া ইমান অধিক কিয়? দিয়া মোক তোমালোকৰ ঢাল-তৰোৱাল দিয়া। মই ৰণলৈ যাম। তেতিয়া বুজিবা মই মতা নে তিৰোতা।”
এইদৰে কৈ সেই তেজস্বিনী মহিলাই পুতেকক হাতত ধৰি ৰাজসভাৰ পৰা লৈ আহিল আৰু পুনৰ সকলোকে শুনাই কৈ গল— “মোৰ ল'ৰাক কোনে কোঁচবেহাৰলৈ পঠিয়ায়, চাম। যদি কোনোবাই দিখৌ নদীৰ সোঁত ওভোটাই বোৱাব পাৰে, সিহে মোৰ লৰাক বিদেশত জামীন থব পাৰিব।” . ৰজা আৰু ডাঙৰীয়া সকলোৱে এই তেজস্বিনী নাৰীৰ কথা শুনি মুখ সিকটালে আৰু তথা লাগি তেওঁৰ ফালে চাই থাকিল।
আজিৰ অসমীয়া জাতি এই বীৰ নাৰী সকলৰ সতি-সন্ততি নহয় নে কি? তেওঁলোকৰ তেজৰ সোঁত অসমীয়াৰ সিৰত বই থকা নাই জানো? যদি আছে, তেন্তে তেওঁলোকৰ তেজ পানী হল কিয়?
★ ৰাণী চাঙচিং আৰু নংবক্লা গাভৰু এই চিত্ৰ দুটাৰ সমল ৰায় বাহাদুৰ ডাক্তৰ শ্ৰীসূৰ্য্যকুমাৰ ভূঞাদেৱৰ An Assamese Nur Jahan নামৰ কিতাপৰ পৰা লোৱা হৈছে।