নাৰী-ৰত্ন/জাহান-জেৱ-বাণু বা জানীবেগম
জাহান-জেৱ-বানু
বা
জানী বেগম।
জাহান-জেৱ-বানু দাৰাৰ ডাঙৰ জনী ছোৱালীৰ নাম। তেওঁৰ মাকৰ নাম নাদিয়া বেগম।
দাৰা চাহজাহানৰ বৰ পুতেক। সম্রাটে তেওঁক বৰ আদৰ কৰিছিল। আন কি মৰমতে প্রায় চকুৰ আঁতৰ নকৰিছিল। চাহজাহানে তেওঁকেই সিংহাসন দিবলৈ ইচ্ছা কৰিছিল; কিন্তু তেওঁৰ সেই ইচ্ছা পূৰণ নহল।
সাহিত্য, সঙ্গীত প্রভৃতি সুকুমাৰ কলাবিদ্যাত দাৰাৰ বৰ অনুৰাগ আছিল। তেওঁ পৰকালৰ কথা ভাবি বৰ ভাল পাইছিল। কিন্তু যুঁজ-বাগৰ আৰু ৰাজ্যশাসনৰ জঞ্জাল তেওঁ আহুকলীয়া যেন বোধ কৰিছিল। ৰজাৰ লৰাৰ এনে মনোভাৱ উচিত নহয়। যুদ্ধ আৰু শাসনকাৰ্য্য ৰজাৰ লৰাৰ অবশ্য কৰণীয় কাৰ্য্য।
তেওঁৰ এইবোৰ অযোগ্যতা আওকাণ কৰি মৰমতে চাহজাহানে দাৰাক অধিক ৰাজ-সম্মান দিছিল আৰু ক্ষন্তেকলৈকো দূৰলৈ নপঠিয়াইছিল। সম্ৰাটৰ আদৰ পাই তেওঁ ভায়েকবোৰক অৱহেলা আৰু ইতিকিং কৰিছিল। অথচ ভায়েকবোৰ তেওঁতকৈ যুদ্ধ আৰু ৰাজনীতিৰ জ্ঞানত অধিক পটু আছিল। এই কাৰণে ভায়েকবোৰে তেওঁক শ্ৰদ্ধা-ভক্তি সমূলি নকৰিছিল।
তেওঁ প্ৰায়েই কিতাপ পঢ়ি, ধৰ্ম্মৰ কথা পাতি আৰু চুফি দৰ্শনৰ চিন্তা কৰি কাল কটাইহিল। মছলমানৰ চুফি দৰ্শনৰ বহুতো কথা হিন্দুৰ বেদান্ত দৰ্শনৰ লগত মিলে। সেই কাৰণে হিন্দুৰ প্ৰতি তেওঁ সদয় আছিল আৰু হিন্দুধৰ্ম্মৰ পুথিবোৰ তেওঁ বৰ আগ্ৰহেৰে পঢ়িছিল। কিন্তু সেই যুগ হিন্দু-বিদ্বেষৰ যুগ। গতিকে মছলমান সমাজে ভাৰতৰ ভবিষ্যৎ ভাগ্য বিধাতাৰ এনে মতি মাৰাত্মক বুলি ভাবিছিল।
সম্ৰাট তৃতীয় পুত্ৰ আওৰঙ্গজেৱ আছিল গোঁড়া মছলমান, বুদ্ধিত চতুৰ, যুদ্ধ আৰু শাসনকাৰ্য্যত পটু। তেওঁ ককাই-ভাই কেউজনতকৈ আছিল অধিক দূৰদৰ্শী আৰু কষ্ট সহিষ্ণু। গতিকে মছলমান সমাজে তেওঁক ভাল পাইছিল। কিন্তু সম্ৰাটে তেওঁৰ গুণৰ সমাদৰ নকৰিছিল। এই কাৰণে তেওঁ বাপেকক সমুলি ভাল নাপাইছিল আৰু ককায়েক দাৰাক চকুৰ কূট৷ যেন দেখিছিল।
১৬৫৭ খৃষ্টাব্দৰ আগষ্ট মাহত সম্ৰাট চাহজাহানৰ টান নৰিয়া হয় আৰু তেওঁ সেই নৰিয়াতে ঢুকাল বুলি এটা মিছা জনৰৱ উঠে। আওঙ্গজেৱ তেতিয়া দাক্ষিণাত্যৰ শাসনকৰ্ত্তা। এই জনৰৱ শুনি তেওঁ সসৈন্যে দিল্লীলৈ আহে আৰু যুদ্ধত ককায়েক দাৰাক হৰুৱাই বাপেকক বন্দী কৰি আগ্ৰা দুৰ্গত থৈ নিজে সিংহাসন অধিকাৰ কৰে। দাৰা প্ৰাণৰক্ষাৰ কাৰণে পলাই ফুৰিব লগীয়া হয়। এইবিপদ কেতিয়াও অকলে নাহে। এই দৰে পলাই ফুৰোঁতে দাৰাৰ পত্নী ঢুকায়। প্ৰাণৰ ভয় আৰু মনৰ দুখত তেওঁ মাউৰা ছোৱালী দুজনী লৈ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ মালিক জীৱন নামে এজন চৰ্দাৰৰ ঘৰত আশ্ৰয় লয়গৈ। ছোৱালী ডাঙৰ জনী জাহান-জেব তেতিয়া আঠ বছৰীয়া আৰু সৰু জনী চিপৰ শুকো তিনি বছৰীয়া।
মালিক জীৱনৰ ঘৰত আশ্ৰয় লোৱাৰো কাৰণ আছিল। চাহজাহানৰ ৰাজত্ব কালত মালিক জীৱনে এটা অঘাইত অপৰাধ কৰিছিল। সেইবাবে সম্ৰাটে তাক হাতীৰ হতুৱাই গছকাই মাৰিবলৈ আদেশ দিছিল। দাৰাই তাক ক্ষমা কৰাই মাৰিবলৈ নিয়া হাতীটোতে তুলি তাৰ ঘৰলৈ পঠিয়াইছিল। গতিকে উপস্থিত বিপদত তেওঁক অনেকে ফাঁকি দিছিল যদিও চৰ্দ্দাৰে জীৱনদাতাৰ শলাগ পাহৰিব নোৱাৰিব বুলি ভাবি তেওঁৰ আশ্ৰয় লৈছিল। কিন্তু সংসাৰত মানুহ চিনা আটাইতকৈ টান। আওৰঙ্গজেৱে দাৰাক ধৰি দিয়া জনক সাত হাজাৰী মন্চবদাৰ পাতিম বুলি গোটেই সাম্ৰাজ্যতে ঘোষণা কৰিছিল। চৰ্দ্দাৰে ঘৰতে সেই দাৰাক পাই পদবীৰ সপোন দেখিলে। তিমানতো চকুৰ লাজত ঘৰতে জীৱনদাতাক সি বন্দী নকৰিলে। তিনি দিন তাৰ ঘৰত দাৰা নিৰাপদে থাকিল। চৰ্দ্দাৰে অতি সমাদৰেৰে তেওঁক সোধ-পোছ কৰিলে। চতুৰ্থ দিনা ছোৱালী দুজনী লৈ চৰ্দ্দাৰৰ ঘৰ এৰি তেওঁ কান্দাহাৰলৈ যাত্ৰা কৰিলে। সিদিনা ১৬৫৯ খৃষ্টাব্দৰ ৯ মাৰ্চ। চাহাজাদা গৈ বোলান পাচ পাইছিল। তাতে পাষণ্ড চৰ্দ্দাৰে সসৈন্যে চাহাজাদাৰ বাট আগচি ধৰিলেগৈ।সি তেওঁলোকক বন্দী কৰি নি ১৬৫৯ খৃষ্টাব্দত ২৩ মাৰ্চ তাৰিখে সম্ৰাটৰ দৰবাৰত হাজিৰ কৰালেগৈ ৷
বন্দী হোৱা দিনৰ পৰাই দাৰাই মৰণৰ দিন গণি আছিল । এতিয়া মৰণৰ ক্ষণ গণিবলৈ ধৰিলে। সিদিনাই তেওঁক হত্যা কৰা হল; আৰু মূৰটো আগ্রা দুৰ্গত বন্দী কৰি ৰখা বাপেকলৈ উপহাৰ পঠিয়ালে। চাহজাহান আৰু জাহান-আৰাই সেই ভীষণ দৃশ্য দেখি মৰা যেন হল। কিন্তু কালে সকলো দুখকে পাতল কৰে। দিনদিয়েকৰ পাচত তেওঁলোকৰ শোকৰ গভীৰতা কমিল। তেতিয়া তেওঁলোকে দাৰাৰ শেষ স্মৃতি ছোৱালী দুজনী সম্ৰাটক ভিক্ষা খুজিলে। তেওঁলোকে সেই ভিক্ষা পালে। সেই নিৰাশ্ৰয়া ছোৱালী দুজনীয়ে কৰুণাময়ী জাহান-আৰাৰ কোলাত ঠাই পাই বাপেক-মাক আৰু ককায়েকৰ শোক পাহৰিলে ৷
জাহান-জেৱ-বানুৱে মাক-বাপেকৰ পৰা পাইছিল অসামান্য ৰূপ আৰু স্থিৰ বুদ্ধি ৷ তাৰ ওপৰত জাহান-আৰাৰ ধৰ্ম্মৰ জেউতি পৰি তেওঁৰ চৰিত্ৰ জিলিকি উঠিল। তেওঁ গহীন আৰু কৰ্ম্মপটু হৈ বাঢ়িবলৈ ধৰিলে ৷ ১৬৬৮ খৃষ্টাব্দত সম্রাট আওৰঙ্গজেৱৰ তৃতীয় পুত্র চাহাজাদা আজম কোঁৱৰৰ লগত তেওঁৰ বিয়া হয় । শত্রু-কন্যা বুলি সম্রাটে তেওঁক ঘিণ কৰা নাছিল; বৰং বোৱাৰী ৰূপে তেওঁক সমাদৰেই কৰিছিল। বিয়াত সম্রাটে তেওঁক অনেক অলঙ্কাৰ-পাতি উপহাৰ দিছিল। বিয়াৰ পাচত সম্রাটে তেওঁক ‘জানী বেগম' নাম দিয়ে। জানীবেগম পতিৰো বৰ সুৱাগী তিৰোতা আছিল। ঘৰুৱা কাম-বনত তেওঁৰ যোগ্যতা দেখি সকলোৱে তেওঁক শলাগিছিল। আজম কোৱঁৰে ৰাজনৈতিক সকলো কথাতে পত্নীৰ পৰামৰ্শ লৈছিল। তেওঁ সদায় ভাবিছিল যে, বেগমৰ বুদ্ধি মোতকৈ ভাল। তেওঁৰ অলপ কথাতে খং উঠিছিল ; আৰু খঙৰ বেগত নকৰিবলগীয়া কাম কৰি শেষত অনুতাপ কৰিছিল। বেগমৰ চেষ্টাত তেওঁৰ খং কমে আৰু তেনে অনেক বিপদৰ হাত সাৰে। এইবোৰ কাৰণে পাচলৈ তেওঁ সদায় পত্নীৰ নিৰ্দেশ মতেছে চলিছিল ।
বুৰঞ্জীলৈ মন কৰিলে দেখা যাব যে, ভাটি বয়সত বাদচাহ আওঙ্গজেৱৰ ৰাজনৈতিক বিচক্ষণতা ক্রমে কমি গৈ ধৰ্ম্মভাৱ প্ৰবল হৈ উঠিছিল। তেওঁ মালাগুটি জপি অধিক সময় কটাইছিল। ১৬৬৯ খৃষ্টাব্দৰ ৯ এপ্ৰিলত তেওঁ মোগল সাম্ৰাজ্যৰ আটাইবোৰ হিন্দুমন্দিৰ ভাঙ্গি চূৰ্চমৈ কৰিবলৈ আদেশ দিয়ে। ১৬৭৯ খৃষ্টাব্দৰ ২ এপ্ৰিলত তেওঁ সম্রাট আকবৰৰ দিনৰ পৰা এশ বছৰ বন্ধ হৈ থকা ‘জিজিয়া কৰ' আদায় কৰিবলৈ হুকুম জাৰি কৰে, এইদৰে শাসনকাৰ্য্যত তেওঁ উদাৰনীতি এৰি সাম্প্ৰদায়িক ঠেক নীতি লোৱাত স্বধৰ্ম্মানুৰাগী হিন্দুজাতিয়ে তেওঁক বৰ বেয়া পায়। বিশেষকৈ ৰাজপুত আৰু মাৰাঠা জাতিয়ে তেওঁক সমুলি দেখিব নোৱাৰা হয় ৷
চতুৰ আওৰঙ্গজেৱে ৰাজধানীৰ ওচৰৰে ৰাজপুত জাতিক কূট-নীতি, ভেদ-নীতি খটাই আৰু আৱশ্যক কিম্বা সুবিধা বুজি যুদ্ধ বা সন্ধি কৰি দমাই ৰাখিছিল। কিন্তু বিনা যুদ্ধে মাৰাঠা জাতিক দমাবৰ উপায় কৰিব নোৱাৰিলে। সেইকাৰণে ১৬৮১ খৃষ্টাব্দৰ ৮ চেপ্তেম্বৰ তাৰিখে তেওঁ ৰাজধানী এৰি দাক্ষিণাত্যত বাস কৰে। মৰণ কাললৈকে তাত তেওঁ একে লালিয়ে ২৬ বছৰ যুদ্ধৰ জুই জ্বলাইছিল। সেই জুয়ে বিজাপুৰ, গোলকুণ্ডা প্ৰভৃতি ৰাজ্য পুৰি ছাই কৰে। কিন্তু মাৰাঠা ৰাজ্যত সেই জুইৰ তেজ নাইকিয়া হল। তেওঁৰ জুয়ে মাৰাঠাবোৰৰ গাৰ নোমকে পুৰিব নোৱাৰিলে। সেই দুখতে ১৭০৭ খৃষ্টাব্দত তেওঁ নিজকে আহুতি দিয়ে। তেতিয়াহে জুই নুমায়।
ছত্ৰপতি শিৱাজীৰ মৃত্যু হোৱাত আওৰঙ্গজেৱে তেওঁৰ পুতেক শম্ভুজীক বন্দী কৰি মছলমান ধৰ্ম্ম লবলৈ কৈছিল। তেওঁ তাৰ প্ৰতিবাদ কৰাত সম্ৰাটে আগে তেওঁৰ জিভা কটায় আৰু পাচত তেওঁক হত্যা কৰায়। তেওঁৰ সাত বছৰীয়া পুতেক শাহুক বন্দী কৰি দিল্লীলৈ পঠিয়াই দিয়ে। এইবোৰ অত্যাচাৰ কৰি আওঙ্গজেৱে ভাবিছিল যে, মাৰাঠা জাতি সেও হল। সিহঁতে বিষম ভয় খাইছে। সিহঁতে ভবিষ্যতে গা কৰিব নোৱাৰিব। কিন্তু শম্ভুজীৰ মূৰ ছিঙি মাটিত পৰামাত্ৰকতে মাৰাঠা জাতিয়ে কালি-নাগৰ দৰে এহেজাৰ ফেট তুলি মোগলৰ সাম্ৰাজ্য-লক্ষ্মীক খুঁটিবলৈ খেদি গল আৰু খুঁটি খুঁটি তেজৰ সোঁত বোৱালে আৰু তাৰ বিষত সাম্ৰাজ্য-লক্ষ্মীক প্ৰায় মৃতপ্ৰায় কৰিলে। সেইবোৰ কথাই ভাৰত বুৰঞ্জীৰ এটা বিৰাট অধ্যায় জুৰি আছে। তাৰ বৰ্ণনা এই কাহিনীৰ লগত অনাৱশ্যক। দাক্ষিণাত্যৰ এই দীঘলীয়া নাটৰ এটি চুটি দৃশ্য পাঠকৰ চকুৰ আগত ডাঙি ধৰাহে আমাৰ লক্ষ্য। এই দৃশ্যত ত্ৰেতা যুগত লঙ্কাৰ ৰজা ৰাবণে সীতাক হৰণ কৰি শ্ৰীৰামচন্দ্ৰক ঠেকত পেলোৱাৰ দৰে মাৰাঠাবোৰে মোগল সম্ৰাট আওৰঙ্গজেৱৰ বোৱাৰী জানী বেগমক বন্দী কৰি বাদচাহক ঠেকত পেলাব খুজিছিল। তলত তাৰ চমু বিৱৰণ দিয়া গল।
১৬৮২ খৃষ্টাব্দত বাদাহ আওৰঙ্গজেৱে দাক্ষিণাত্যৰ আওৰঙ্গবাদৰ পৰা চাহাজাদা আজম কোঁৱৰক মোগল বাহিনী লৈ ৰাজপুতনাৰ বুঁদী ৰাজ্যৰ ৰজা আৰু তেওঁৰ সৈন্য-সামন্তৰে সৈতে লগলাগি আহি মাৰাঠা ৰাজ্য আক্ৰমণ কৰিবলৈ আদেশ দিয়ে। সেই মতে তেওঁ আহি নীৰা নদীৰ পাৰত ছাউনি পেলায়। তাক ছাউনি নুবুলি এখন নগৰ বুলিলেহে ৰজিতা খায়। কিয়নো অগণন সৈন্য-সামন্ত, অপাৰ সাজ-সৰঞ্জাম, পতাকাৰ ৰচদ-পাতি, চাহাজাদাৰ বেগম, তেওঁৰ বেটী-চাকৰ আৰু অপাৰ বয়-বস্তুৰে সেই ঠাই ঠাহ খাই ভৰি পৰিছিল।
আজম কোঁৱৰ এজন খ্যাতিমন্ত যোদ্ধা আছিল। কিন্তু তেওঁ মাৰাঠা জাতিৰ ফিৰি-ফন্দীৰ আওভাও নাপাইছিল। এদিন কিছুমান অশ্বাৰোহী মাৰাঠা সৈন্য আহি হঠাৎ তেওঁলোকৰ ছাউনিৰ কাষ পালেহি। শত্ৰুৱে শিবিৰ আক্ৰমণ কৰে বুলি ভাবি চাহাজাদা যুদ্ধৰ বাবে প্ৰস্তুত হৈ সসৈন্যে সিহঁতক খেদি গল। মাৰাঠা দলৰ নেতা আছিল আনন্দাৰাও। তেওঁ এবাৰ পলাই, এবাৰ ফেৰ পাতি, এবাৰ গোটেই দলটোকে আলিমুলি কৰি দি মোগল বাহিনীক বহুদূৰলৈ লৈ গল। শ্ৰীৰামচন্দ্ৰই মাৰীচৰ মায়া বুজিব নোৱাৰি মায়৷ মৃগৰ পাচে পাচে খেদি যোৱাৰ দৰে আজম কোঁৱৰে মাৰাঠা সৈন্যৰ তালি-ভুলি বুজিব নোৱাৰি ছাউনি এৰি বহুদূৰলৈ আঁতৰি গল।
ইফালে সেই ছেগতে আন কেইজনমান মাৰাঠা চৰ্দ্দাৰে পোন্ধৰ হাজাৰ সৈন্য লৈ মোগলৰ ছাউনি আক্ৰমণ কৰিলে। সিহঁতে ‘জয় মা ভবানীৰ জয়' ধ্বনিৰে গগণ-পবন মুখৰিত কৰি শিবিৰলৈ লৰি আহিল। তেতিয়া ছাউনিত আছিল কেৱল ষোল বছৰ বয়সীয়া বুঁদিৰ ৰজা ৰাও অনিৰুদ্ধ আৰু তেওঁৰ মুঠে দে হেজাৰ সৈন্য।
বুঁদিৰ ৰজা মহা বিপদত পৰিল। তেওঁ কিং-কৰ্ত্তব্য-বিমূঢ় হল। ছাউনিত থাকোঁতে বেগমক ধৰি নিলেও কলঙ্কৰ কথা আৰু ছাউনি এৰি যুঁজিবলৈকো ইমান কম সৈন্যেৰে জ্বলা-জুইত জাহ দিয়া কথা। প্ৰাণৰ ভয়তকৈও তেওঁৰ বেগমৰ মান ইজ্জৎৰ কাৰণে বেচি ভয় হল। কিয়নো কিবা অঘটন ঘটিব লাগিলে মৰণৰ পিচতো সেই কলঙ্কই তেওঁৰ বংশ গৌৰৱত ছেকা লগাব। কিন্তু হাত সাবটি বহি থাকিলেতো ক্ষত্ৰিয়ৰ ধৰ্ম্ম ৰক্ষা নপৰে। এনে দোধোৰ-মোধোৰত তেওঁৰ পেপুৱা লাগিল।
এনে সময়তে তেওঁক জানী বেগমে মাতি পঠিয়ালে। তেওঁ গল। বেগমে পৰ্দ্দাৰ আঁৰৰ পৰা উপস্থিত বিপদত ৰজাই কি কৰিব খুজিছে— সুধিলে। ৰাও অনিৰুদ্ধই কলে “বেগম চাহেবা! চাহাজাদা ঘূৰি আহি নাপাই মানে আমি ছাউনিতে থাকি শত্ৰুক বাধা দিম বুলি ভাবিছোঁ; আপুনি বা কি কয়।” বেগমে কলে “সেইটো উচিত নহব। তেনে কৰিলে শত্ৰুৱে লাই পাব আৰু সিহঁতৰ সাহস বাঢ়িব। মই কওঁ তুমি মুকলিত যুঁজিবলৈ সৈন্য সজোৱা। মই নিজে ৰণলৈ যাম। তুমি প্ৰস্তুত হোৱাগৈ। মই সাজ সলায়েই গৈছে৷ ” বুঁদীৰ ৰজাই শত্ৰুৰ দহ গুণ সৈন্যৰ লগত মুকলিত যুঁজিবলৈ আপত্তি কৰি কিবা কব খুজিছিল। কিন্তু যাৰ সিৰত টাইমুৰ-আকবৰৰ তেজৰ সোঁত বৈ আছে, তেওঁ পৰ্দ্দাৰ আঁৰত থাকিও কাক কেতিয়া কেনে আদেশ দিব লাগে, তাক জানে। তেওঁ খঙমুৱা হৈ পুনৰ কলে— “অবস্থা অতি ভীষণ; তুমি ৰৈ আছা কিয়? সময় নষ্ট নকৰিবা। মই যি কৈছোঁ, তাকে কৰাগৈ। ”
ৰাও অনিৰুদ্ধে কৰিব খোজা আপত্তি অসঙ্গত বা অশোভন আছিল বুলিব নোৱাৰি। কিয়নো এনে আপদত ছাউনি এৰি মুকলি পথাৰত শত্ৰুৰ দহ গুণ সৈন্যেৰে সৈতে ইয়াৰ আগেয়ে কোনো ৰণ-বীৰে কতো যুঁজ কৰা নাই। বেগমৰ কথা শুনি ৰাজপুত বীৰে একো নামাতি সৈন্য-সামন্ত লৈ মুকলিত বেহু ৰচনা কৰিলেগৈ। এই বীৰ নাৰীৰ দুঃসাহসৰ কথা ভাবিলে তেওঁৰ দেউতাকৰ কথালৈ মনত পৰে। দাৰাই কৈছিল— 'হিন্দুস্থানৰ পুৰুষতকৈ তিৰোতাৰ সাহ বেচি।”
খন্তেক পাচতে জানী বেগমে ঢাল-তৰোৱাল লৈ হাতীত উঠি ৰণক্ষেত্ৰত উপস্থিত হল। ৰাজপুত সেনাই তেওঁক ঘেৰি ধৰিলে। বেগমে ৰাও অনিৰুদ্ধক ওচৰলৈ মতাই আনি পুনৰ কলে— “অনিৰুদ্ধ! আজিৰ পৰা তুমি মোৰ পো৷ ৰাজপুত বীৰে মাকৰ সন্মান বুজে। গতিকে তোমালোকৰ শৰীৰত প্ৰাণ থাকে মানে মোৰ সন্মান ক্ষুণ্ণ নহয় বুলি মই বিশ্বাস কৰিছোঁ৷” তেওঁ অনিৰুদ্ধ আৰু ৰাজপুত চৰ্দ্দাৰসকলক নিজ হাতে একোপতি ষাঠী উপহাৰ দিলে আৰু কলে— “যদি আমি ৰণত জিকোঁ, তেন্তে গৌৰৱৰেই কথা৷ যদি যুদ্ধই অন্য ৰূপো লয়, তথাপি মোৰ কাৰণে তোমালোকে ভয় নকৰিবা। মই হাওদাৰ ভিতৰতে মোৰ কৰ্ত্তব্য কৰিম। মই তাৰ বাবেও সাজু হৈ আহিছেঁ৷”।
বেগমৰ বাবে ভয় আৰু ভাৱনাই তেওঁলোকক উদ্বিগ্ন কৰি তুলিছিল। এতিয়া বেগমৰ এই কথা শুনি তেওঁলোকৰ চিন্তা দূৰ হল। তেওঁলোকে মনত নতুন বল পালে। আৱশ্যক হলে ৰাজপুত নাৰীৰ দৰে বেগমেও নিজে নিজে মৰণক আঁকোৱালি লব পাৰে। এই কথা জানিব পাৰি ৰণত মৰিবলৈ তেওঁলোকৰ ভয় নাইকিয়া হল।
তেওঁলোক দুগুণ উৎসাহেৰে আগবাঢ়ি গল৷ ছাউনি দুমাইল আঁতৰত দুয়ো দলৰ তয়া-ময়া ৰণ হল। মাৰাঠা সৈন্যই তেওঁলোকক ঘেৰি ধৰিলে। অনিৰুদ্ধ অভিমন্যুৰ দৰে বেহুৰ ভিতৰত বন্দী হল। দুয়ো পক্ষৰে দুৰ্জ্জয় পণ। মাৰাঠা সৈন্যই ভাবিলে যে, বেগমক বন্দী কৰিব পাৰিলে সম্রাটে সন্মানজনক সন্ধি কৰিবলৈ বাধ্য হব আৰু ৰাজপুত সেনাই ভাবিলে যে, মাতৃৰ সন্মান ৰক্ষাৰ কাৰণে পুত্ৰৰ মৃত্যু-লীলা আজি জগতবাসীক দেখুৱাম৷ ভয়ঙ্কৰ যুদ্ধ হল। উভয় পক্ষৰে অনেক সেনা ৰণত পৰিল। ৰাজপুত সেনা বেচি ভাগ মৰি অন্ত হল; আৰু জীয়াই থকাবোৰো অস্ত্ৰৰ আঘাতত অবশ হৈ পৰিল। বেগমে বুজিলে যে, তেওঁৰ শেষ মুহূৰ্ত্ত পালেহি। তেতিয়া তেওঁ খোজাৰ হাতত পুনৰ একোখনকৈ ঠুৰিওৱা তামোল ৰাজপুত চৰ্দ্দাৰ সকললৈ উপহাৰ পঠিয়ালে। বেগমৰ উপহাৰে সঞ্জীৱনী মন্ত্ৰৰ দৰে পুনৰ তেওঁলোকক বল যোগালে। পুনৰ তেওঁলোকে মৰি-পৰি ৰণ কৰিলে।
মছলমান বুৰঞ্জী লিখকসকলে ৰাজপুত বীৰৰ গোঁৱাৰ স্বভাৱক বনৰীয়া গাহৰিৰ গোঁৱৰামিৰ লগত তুলনা কৰিছে। তেওঁলোকৰ বিক্ৰমত তুৰ্কী ঘোঁৰাৰ মুলতানী ছোঁৱাৰীও ঠাৱৰিক পৰা নাই৷ গতিকে তেলীয়া ঘোঁৰাৰ কটীয়া আৰোহী মাৰাঠা সৈন্যই ৰাজপুত বীৰৰ বীৰত্ব দেখি বিষম গণিলে। যুদ্ধ জয়ৰ আশা নেদেখিলে ৰাজপুত বীৰে প্ৰাণ দিবলৈ কাতৰ নহয়। কিন্তু মাৰাঠা সৈন্যই যুদ্ধ জয়ৰ আশা নেদেখিলে পলাবলৈহে প্ৰস্তুত। গতিকে বহুতো সৈন্য হানি হোৱা দেখি মাৰাঠা সৈন্য পিচ হুহকি গল। বীৰত্বৰ জয় আৰু সংখ্যা গৰিষ্ঠৰ পৰাজয় ঘটিল।
এই যুদ্ধত ৰাও অনিৰুদ্ধৰ ন শ সেনা হানি হল। বিষম ৰূপে ঘাইল হৈ বাকী ছ শৰো প্ৰাণৰ ঠিকনা নাইকিয়া হল। তিমানতো ৰাজপুত বীৰে মাৰাঠা সৈন্যক বেগমৰ হাওদাৰ ওচৰ চাপিবকে নিদিলে। প্ৰলয় কালত ভগৱানে বৰাহ ৰূপ ধৰি পৃথিবী উদ্ধাৰ কৰাৰ দৰে কলিকালত ৰাজপুত সেনাই মোগল। সম্ৰাটৰ এই মহা প্রলয়ত সম্ৰাটৰ বোৱাৰীক মাৰাঠা সৈন্যৰ হাতৰ পৰা ৰক্ষা কৰি মান ৰাখিলে।
দাৰাই ৰাজপুত জাতিক বৰ শ্ৰদ্ধা কৰিছিল। তেওঁৰ বিপদ কালতো বহুত ৰাজপুতে তেওঁৰ হকে যুঁজি প্রাণ দিছিল। এইবোৰ দেখি-শুনি জানী বেগমেও ৰাজপুত জাতিক বিশ্বাস কৰিছিল। তাতে এই ঘটনাত ৰাজপুত বীৰৰ আত্মত্যাগ দেখি তেওঁ মনৰ আবেগ দমাই ৰাখিব নোৱাৰিলে। তেওঁ ছাউনিতে হাতীৰ পৰা নামিয়েই আহত অনিৰুদ্ধৰ বিচনাৰ কাষলৈ গল। তেওঁক অনেক প্রশংসা কৰিলে আৰু নিজৰ ডিঙিৰ পৰা চল্লিশ হাজাৰ টকা মূল্যৰ মুকুতাৰ হাৰ খহাই জয়মালা ৰূপে নিজ হাতে অনিৰুদ্ধৰ ডিঙিত পিন্ধাই দিলে। তেওঁ চাহাজাদাৰ পত্নী, বাদচাহৰ হাৰেমৰ বেগম, বুঁদীৰ ৰজা পৰপুৰুষ— মনৰ আবেগত এইবোৰ কথা পাহৰি গল। তাৰ পাচত তেওঁ নিজৰ তম্বুলৈ আহিল । তেতিয়াহে তেওঁৰ ভাৱ হল যে, তেওঁৰ কাৰ্য্য আৱশ্যকৰ অতিৰিক্ত হল নে কি? গিৰিয়েক আহি নোপোৱালৈকে এই ভাৱে তেওঁৰ মনটো গধূৰ কৰি ৰাখিছিল । চাহাজাদা আহি পোৱামাত্ৰকে তেওঁ আদিৰ পৰা অন্তলৈকে সকলো কথা ভাঙি-পাতি কলে। চাহাজাদাই তেওঁৰ প্ৰত্যেকটো কাৰ্য্যৰ বাবে অশেষ প্ৰশংসা কৰিলে। তেতিয়াহে তেওঁৰ মনটো ফৰকাল হল।
চাহাজাদাই এই ঘটনাৰ একো কথা বাদ নিদিয়াকৈ সকলো বিবৰণ লিখি সম্রাটক জনালে; আৰু তাত বেগমৰ মান ৰক্ষাৰ কাৰণে ৰাও অনিৰুদ্ধৰ কাৰ্য্যৰ অশেষ প্ৰশংসা কৰিলে । সম্ৰাটো ৰাও অনিৰুদ্ধৰ প্ৰতি বৰ সন্তুষ্ট হল। সম্রাটে তেওঁ লৈ অনেক হাতী-ঘোঁৰা, ধন-সোণ পুৰস্কাৰ পঠিয়ালে; আৰু তেওঁক পাঁচ হাজাৰী মন্চবদাৰ পাতিলে। ইয়াৰ উপৰিও তেওঁৰ নিজা কিবা প্রার্থনা আছে নে কি, সুধি পঠিয়ালে। বুঁদীৰ ৰজা বীৰৰ সন্তান। এই খিতাপ আৰু উপহাৰে তেওঁৰ মনলৈ অলপো অহঙ্কাৰৰ ভাৱ আনিব নোৱাৰিলে। তেওঁ কেৱল সম্রাটক ইয়াকে জনালে যে, “মোৰ কাৰ্য্যই মোৰ পূৰ্ব্ব পুৰুষৰ নামত কলঙ্ক সনা নাই— সেইবাবেহে মই গৌৰৱ অনুভৱ কৰিছোঁ।”
তেওঁৰ দেউতাক ৰাও কৃষ্ণসিংহ এজন নিষ্ঠাৱান হিন্দু আছিল। আওৰঙ্গজেৱে হিন্দুৰ মন্দিৰ ভঙা আদেশৰ তেওঁ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছিল। তাকে অপৰাধ বুলি ধৰি সম্রাটে তেওঁৰ ৰাজ্যৰ কেইখনমান পৰগণা কাঢ়ি লৈছিল। ৰাও অনিৰুদ্ধই সম্রাটক জনালে যে, তেওঁক পিতৃৰাজ্যৰ সেই পৰগণা কেইখন ঘূৰাই পালে পৰম পৰিতোষ লাভ কৰিব। তেওঁৰ প্রার্থনা সম্রাটে ততালিকে মঞ্জুৰ কৰিছিল।