সমললৈ যাওক

নাৰী-ৰত্ন/কৰ্ম্মদেৱী (১)

ৱিকিউৎসৰ পৰা
 

২। কৰ্ম্মদেৱী।

 দিল্লিৰ পিচতে কনৌজত আফগান পতাকা উৰিল। জয়চন্দ্ৰৰ মৃত্যু হল। তেওঁৰ পো-নাতিয়ে কনৌজ এৰি ৰাজপুতনাৰ মৰুভূমিত থিত ললেগৈ। প্ৰায় সমগ্ৰ উত্তৰ ভাৰত আফগানৰ অধীন হল।

 দিল্লিৰ দক্ষিণে ৰাজস্থান তাত ৰাজপুত জাতিৰ বাস। ৰাজপুত এটা বীৰ্য্যবান জাতি। তেওঁলোকৰ শক্তি নাশ কৰিব নোৱাৰিলে দিল্লিৰ সিংহাসন নিৰাপদ নহয়। গতিকে আফগানবোৰে ৰাজপুত সকলৰ ওপৰতে প্ৰধান দৃষ্টি দিছিল। আফগানৰ লগত ক্ৰমাগত যুদ্ধ কৰি কৰি বীৰভূমি ৰাজস্থান ক্ৰমে নিশকতীয়া হৈ পৰিল। ৰাজস্থানৰ ভিতৰত চিতোৰৰ বল-বীৰ্য্যৰ খ্যাতি অধিক। সেই কাৰণে পাঠান সেনাই চিতোৰ ধ্বংসৰ কাৰণে প্ৰাণপণে যত্ন কৰিছিল। চিতোৰৰ অৱস্থা তেতিয়া গুৰিয়াল নথকা নাৱৰ দৰে। ক্ৰমাগত শত্ৰুৰ আক্ৰমণ, অত্যাচাৰ, হত্যা, লুটপাত আদিৰে চিতোৰ তেতিয়া লালকাল আৰু জুৰুলা। ৰাজ্যৰ গৰাকী সমৰসিংহৰ পুতেক ৰাণা কৰ্ণসিংহ নাবালক। তেনে বিপদতো এগৰাকী বীৰ নাৰীৰ বিক্ৰমত চিতোৰ পাঠানৰ গৰাহৰপৰা ৰক্ষা পৰিছিল।

 তেওঁৰ নাম কৰ্ম্মদেৱী। তেওঁ ৰাণা সমৰসিংহৰ বিধৱা পত্নী। পতিয়ে তেওঁক সতী যাবলৈ মানা কৰি নাবালক পুত্ৰৰ হৈ ৰাজ্য চলাবলৈ কৈ গৈছিল। তেওঁ পতিৰ আদেশ পালন কৰি সতী নগৈ পুতেকৰ হৈ ৰাজ্য শাসন কৰিছিল।

 পাঠান সেনাপতি কুতবুদ্দিনে এয়েই চিতোৰ ধ্বংসৰ সোণালী সুযোগ বুলি ভাবি সসৈন্যে চিতোৰ আক্ৰমণ কৰিলে। কৰ্ম্মদেৱীয়ে মাতৃভূমি ৰক্ষাৰ কাৰণে ঢাল-তৰোৱাল লৈ নিজে ৰণলৈ ওলাল আৰু চিতোৰৰ বীৰবৃন্দক উৎসাহ দি কলে :— “হে চিতোৰৰ বীৰ সন্তান সকল! জননী জন্মভূমিয়ে তোমালোকৰ মুখলৈ অতি কৰুণ চাৱনিৰে চাই আছে। তাকে ভাবি তোমালোকে কেৱে নিজৰ কৰ্ত্তব্যলৈ অলপো হেলা নকৰিবা। তোমালোকৰ পূৰ্ব্ব-পুৰুষ সকলৰ বীৰত্বৰ কথা মনত কৰা। শত্ৰুক ৰণত পৰাজয় কৰিম বুলি প্ৰতিজ্ঞা কৰি ৰণলৈ ওলোৱা। আমাৰ জয় অনিবাৰ্য্য।"


 ৰাণীৰ অভয় বাণীয়ে তেওঁলোকক ৰণোন্মত্ত কৰি তুলিলে। তেওঁলোকে মনৰ আনন্দত নাচি-বাগি ৰণলৈ ওলাল। কৰ্ম্মদেৱীয়ে চুলি মেলি চামুণ্ডাৰ দৰে হাতত তৰোৱাল লৈ তেওঁলোকৰ আগে আগে গল। তেওঁৰ স্বামীয়ে দেশৰ মান ৰক্ষাৰ কাৰণে পবিত্ৰ যুদ্ধত ক্ষত্ৰিয়ৰ ধৰ্ম্ম পালন কৰি প্ৰাণ উচৰ্গা কৰিছিল। তেৱোঁ পতিৰ আদৰ্শকে সাৰোগত কৰি পতিৰ লগ লবলৈ ডাঠকৈ মন বান্ধি ৰণলৈ গল।

 তেওঁৰ এই উদ্যম অথলে যোৱা নাই। তেওঁৰ প্ৰেৰণাত ৰাজপুত বীৰ সকলে চতুৰ্গুণ শক্তি পালে। তেওঁলোকে দেশৰ কাৰণে প্ৰাণ বলি দিবলৈ অলপো কুণ্ঠিত নহৈ শত্ৰুৰ লগত যুঁজিলে। আফগান সেনাপতি কুতবুদ্দিনে ৰাজপুত সেনাৰ আত্ম-ত্যাগ আৰু ৰাজপুত নাৰীৰ বীৰত্ব দেখি বিস্ময় মানিলে। তেওঁৰ বহুতো সেনা ৰণত পৰিল। জীয়াই থকাবোৰৰো মনোবল টুটিল। গতিকে বিষম ঠেকত পৰি তেওঁ হতাশ মনেৰে উভতি গ'ল ।

 এইদৰে মিবাৰৰ বীৰ-নাৰীয়ে প্ৰবল শত্ৰুক দেশৰপৰা উলিয়াই খেদি জগতত অক্ষয় কীৰ্ত্তি ৰাখি গৈছে ৷ ফৰাচী দেশৰ এটি মাত্ৰ জোৱান ডাৰ্কে ইউৰোপৰ বুৰঞ্জী উজ্জ্বল কৰি আছে। স্বাধীন ভাৰতত জোৱান ডাৰ্কৰ লেখ নাই।