সমললৈ যাওক

নাৰী-ৰত্ন

ৱিকিউৎসৰ পৰা
 

নাৰী-ৰত্ন

(অসমৰ শিক্ষা বিভাগৰ ডাইৰেক্তৰ শ্ৰীযুক্ত উমাকান্ত গোস্বামী এম.এ, বি-এল
দেৱৰ ভূমিকাৰে সৈতে)

 

শ্রীকাশীনাথ বর্ম্মণ
সহকাৰী শিক্ষক
শিৱসাগৰ চৰকাৰী হাই স্কুল

 

চপলা বুক ষ্টল
পুস্তক প্রকাশ আৰু প্ৰচাৰ প্ৰতিষ্ঠান
শ্বিলং

প্ৰকাশক
শ্ৰীবিভুভূষণ চৌধুৰী
লাবান, শ্বিলং

 

মুদ্ৰাকৰ
শ্ৰীযুগল চৰণ দাস
ভাৰত মিহিৰ প্ৰেছ
৮৫নং অপাৰ চাৰকুলাৰ ৰোড,
কলিতা।

 

পৰিবেশক
চপলা বুক ষ্টল
শ্বিলং

 

সংশোধিত আৰু পৰিবৰ্দ্ধিত— তৃতীয় সংস্কৰণ
 ১৯৫১ চন

 
মূল্য ৩॥ ০ টকা
 

উচৰ্গা
প্রতিভা আইদেউ জীয়াই থাকোঁতেই এই পুথি ছপাই
তেওঁৰ নামত উচৰ্গা কৰা হৈছিল, এতিয়|
তেওঁ স্বৰ্গবাসী হৈছে।
বৰ্ত্তমান সেই পুৰণি ফুল কেপাহিৰ লগত নতুন
কেইপাহিমান গোটাই নতুন জৰীৰে এই
মালা গঁথা হল আৰু তাক
তেওঁৰ স্মৃতিৰ উদ্দেশ্যে
উচৰ্গা কৰা হল।


গ্ৰন্থকাৰ 

 

উপহাৰ পিঠি


মোৰ মৰমৰ শ্ৰী ........................................................


প্ৰীতিৰ চিন স্বৰূপে


"নাৰী-ৰত্ন"


উপহাৰ দিয়া হল ।


শ্ৰী ..............................................
...............................................

 

প্ৰথম সংস্কৰণৰ ভুমিকা।

অধ্যাপক শ্ৰীযুক্ত উমাকান্ত গোস্বামী মহাশয়ে লিখা)

 এই কিতাপখনি ভাৰতীয় তিৰোতাৰ সম্বন্ধে লিখা। আমাৰ ভাষাত নাৰী-চৰিত্ৰৰ আলোচনা থকা কিতাপৰ বৰ অভাৱ। অসমীয়া ভাষাত আজি কালিৰ উপযোগী সকলো প্ৰকাৰ কিতাপৰ অভাৱৰ কথা আটায়ে কয়। স্ত্ৰীপাঠ্য কিতাপৰতো কথাই নাই।

 আজিকালি নাৰী জাগৰণৰ দিন। কবিয়ে গাইছে;-

নাজাগিলে সব ভাৰত-ললনা।
এ ভাৰত আৰ জাগেনা জাগেনা॥”

 পৃথিবীৰ সকলোদেশতে নাৰী জাগৰণৰ এটা প্ৰবল আন্দোলন দেখা গৈছে। ভাৰতবৰ্ষয়ো এই আন্দোলনৰ সংক্ৰামকতাৰ হাত সাৰিব পৰা নাই। আশা আছে, ভাৰতৰ এচুকত থকা আমাৰ অসমতো এই আন্দোলনে প্ৰকৃত মঙ্গলৰূপে আহি এদিন দেখা দিব।

 কিছুমান মানুহে পোনতে এই জাগৰণৰ আন্দোলনটো পশ্চিমৰ পচোৱা বতাহৰ এছাটি বুলিহে ধৰি লয় আৰু ইয়াক আমাৰ সমাজৰ স্বাস্থ্যলৈ বেয়া বুলি অলপ সন্দেহৰ চকুৰে চায়। অৱশ্যে সবলৰ অনুকৰণ কৰা দুৰ্ব্বলৰ এটা সাধাৰণ লক্ষণ। আমাৰ নিজৰ দুৰ্ব্বলতাৰ বাবেহে কেতবোৰ আমালৈ অশোভন পাশ্চাত্য ৰীতি-নীতিৰ অনুকৰণ প্ৰবৃত্তি আমাৰ মাজত সোমাইছেহি সেইটো তেনেই মিছাও হয়।

 কিন্তু ভাৰতৰ অতীতলৈ অনুসন্ধান কৰি চালে দেখা যাব যে আমাৰ দেশৰ এই স্ত্ৰী আন্দোলনটোক অকল আন কৰোবাৰ অনুকৰণ বুলি উৰাই নিদি, ইয়াক, আমি যি হেৰুৱাইছোঁ তাক পুনৰ পাবৰ চেষ্টা বুলিও ধৰি লব পাৰি।  যি কোনো বিষয়ে আমাৰ অতীতৰ পিনে গলে বহুত কথা মনত পৰে। আমাৰ অতীত যেন এখন বিৰাট মহাভাৰত। অকল আমাৰ ভালখিনিৰ কথা ভাবি ভেম নকৰি বেয়াখিনিলৈ চোৱা যাওক। প্ৰথমতে আমাৰ নাৰীৰ প্ৰতি অবিচাৰৰ কথাটোকে বিচাৰ কৰা যাওক। আমাৰ দেশত এটা কথা আছে যে “তিৰোতা শিশুকালত পিতৃৰ, যৌবনত স্বামীৰ আৰু বৃদ্ধাৱস্থাত পুত্ৰৰ অধীন হব লাগে।

"পিতা ৰক্ষতি কৌমাৰে, ভৰ্ত্তা ৰক্ষতি যৌবনে
পুত্ৰো ৰক্ষে‍ৎ চ বাৰ্দ্ধক্যে.............।".

 নাৰীৰ স্বাতন্ত্ৰ্যত অধিকাৰ নাই। “ন নাৰী স্বাতন্ত্ৰামৰ্হতি”। সচাঁকৈ ভাবি চালে কি নাৰী, কি পুৰুষ বহুতে "স্বাতন্ত্ৰ্য” বা “স্বৰাজৰ” অনুপযুক্ত হব পাৰে; কিন্তু আমাৰ দেশত অকল নাৰীয়েহে সদায় কাৰোবাৰ গাত ওলমি থাকিব লাগে বুলি বিশেষকৈ কোৱা আছে। নাৰীৰ বেদপাঠতো অধিকাৰ নাই।

 যি হওক ওপৰত কোৱা কথাই নাৰীৰ যি এটা আজীৱন অধীনতা, আজীৱন সেৱাব্ৰত সূচনা কৰিছে তাৰো এটা স্নিগ্ধ-বিমল সৌন্দৰ্য্য আছে। ভাৰতবৰ্ষৰ এই সৌন্দৰ্য্যটোও জগতৰ এটা অপূৰ্ব্ব বস্তু।

 বহুত কাৰণৰ নিমিত্তে পুৰুষে নাৰীক অকল ভাৰততে নহয়, সকলো ঠাইতে নিজৰ অধীন বুলি কবৰ সুবিধা পাইছে। তাৰ ফলত নাৰীৰ ওপৰত অনেক সময়ত নানা প্ৰকাৰ জোৰ-জুলুম চলিছে। পুৰুষৰ ওচৰত নাৰীৰ অধীনতা মানৱ জাতিৰ ইতিহাসৰ এটা বৰ ডাঙৰ বিড়ম্বনা। সম্প্ৰতি পাশ্চাত্যত নাৰীৰ অধিকাৰৰ আন্দোলন খুব ধুমধামে চলিছে। এই আন্দোলন, এটা ডাঙৰ আঘাতৰ প্ৰতিঘাতৰূপে দেখা দিয়া বাবে কিছু ঊচ্ছৃঙ্খলতাও আহি সোমাইছে।  কিন্তু ভাৰতত নাৰীৰ অধিকাৰৰ আলোচনা ইমান অলপ দিনৰ কথা নহয়। ওপৰত উদ্ধৃতকৰা কথাখিনিয়ে নাৰীৰ প্ৰতি ভাৰতীয় ভাবৰ মাথোন এটা দিকহে প্ৰকাশ কৰিছে ৷ নাৰীৰ প্ৰতি ভাৰতীয় ভাৱৰ আন এটা ভাগো আছে। যি ভাৰতত নাৰীৰ অধীনতা একেবাৰে স্বতঃসিদ্ধৰ আকাৰে এসময়ত ধৰি লোৱা যেনে দেখা যায়, সেই ভাৰততে এইটোও কোৱা হৈছিল যে “যত্ৰনাৰ্য্যস্তপূজান্তে, পূজ্যন্তে সর্ব্বদেবতাঃ”— যত নাৰীৰ পূজা হয়, তাতেই সকলে৷ দেৱতাৰ পূজা হয়। ভাৰতৰ অসংখ্য উপাস্য মূৰ্ত্তি নাৰীমূৰ্ত্তি। সংসাৰত সকলো শক্তিৰ তল। সেই শক্তিয়ে ভাৰতীয় ধ্যানত নাৰীৰ আকাৰেহে দেখা দিছে।

 বিলাতত বিবাহিতা তিৰোতাৰ নিজা সম্পত্তিৰ আইন (Married women's Property act) 'পাছ' হবৰ আজি তিনি কুৰি বছৰ মানহে হল। কিন্তু ভাৰতত বহু হাজাৰ বছৰৰ আগেয়ে স্ত্রীধনৰ ব্যৱস্থা হৈছে। তিৰোতাৰ আত্মা আছে নে নাই সেয়ে বহুদিনলৈকে কেতবোৰ পাশ্চাত্য দার্শনিকৰ তৰ্কৰ বিষয় আছিল। অনেক সময়ত ইউৰোপত আইন মতে তিৰোতাক ঘটি-বাটিৰ দৰে এবিধ অস্থাৱৰ সম্পত্তি (chaltel) বুলিও ধৰা হৈছিল। ভাৰতত তিৰোতাৰ অধীনতাই ইমান শোচনীয় আকাৰ কেতিয়াও লোৱা নাই ৷

 তথাপি আমি নিজৰ দোষখিনিলৈ একেবাৰে চকু মুদিলে নহব। আনৰ বেছি দোষ দেখুওৱাৰ পৰা নিজৰ দোষবোৰ পাতল নহয়। ভাৰতত নাৰীৰ প্রতি অনেক ওখ ওখ ভাব থকাতো যে সৰ্ব্বসাধাৰণৰ আগত নাৰীয়ে পুৰুষক সেৱা কৰা ব্ৰতটোহে অতি বেছিকৈ ডাঙি ধৰা হৈছে সেইটে| অস্বীকাৰ কৰিব নোৱাৰি। এটা কথা মনত কৰিবলগীয়া,— সকলো প্রাণীয়ে জীবন- গ্রহণ, আৰু জীৱন আৰম্ভ, আন কি জীৱন-ধাৰণৰ বাবেও তিৰোতাৰ ওচৰতে বেছি ঋণী। মানুহত বাজে অন্যান্য প্ৰাণীৰ ভিতৰত শিশুক তুলি-তালি ডাঙৰ কৰাত পুৰুষৰ প্ৰায় খবৰেই নাই। তথাপি পুৰুষে মাকৰ পিয়াহ খাই অলপ শকত হৈছে নাৰীজাতিক নিজৰ দাসী বুলি ভাবিবলৈ বহুত সময়ত এৰা নাই। এই ভাব ভাৰতীয় ধাৰণাতো নুসুমোৱাকৈ থকা নাই। এইটো এটা পুৰুষৰ স্বাৰ্থপৰতা, নে, ই এটা পুৰুষে সজ্ঞানে কৰা কোনো দোষ নহয়, মাথোন প্ৰকৃতিৰ কিবা বিড়ম্বনাহে?

 এই অঘটনৰ বাবে তিৰোতাই নিজে নিজে পুৰুষতকৈ বল-বুদ্ধি সকলোতে হীন বুলি এটা নিঃকিনতাৰ ভাবত (Inferiority complex) ববলগীয়া হৈছে। নিজক হীন বুলি ভাবি থাকিলে মানুহ সচাকৈয়ে আৰু হীন হয়। পুৰুষেও নিজৰ অনুচিত গৰ্ব্বত কোনো বাধা নাপাই অনেক সময়ত তিৰোতাক স্বাভাবিকে হীন বুলি ভাবিবলৈ ধৰিলে।

 তিৰোতা বাস্তৱিকে স্বভাৱতে হীন আৰু অবলা নে? তিৰোতাৰ অস্ত্ৰ অকল চকুৰ পানীয়েহে নে?— আৰু অন্য বল নাইয়েই নেকি? নিজে নিজে হীন বুলি অনুভৱ কৰাৰ পৰা আৰু তেওঁলোকক তেনেকুৱাকৈ ভাবিবলৈ শিকোৱাৰ পৰা নাৰী-চৰিত্ৰত হবলগীয়া উৎকৰ্ষতাৰ বহুতখিনি নষ্ট হৈছে। এটা কথা— তিৰোতাই ৰূপেৰে মানুহক বশ কৰিব পাৰে; কিন্তু যাৰ ৰূপ- নাই তাৰ কি গতি হব?

 এই হীনতাৰ মহাভাৰ, দাস-মনোবৃত্তি শাৰীৰিক-মানসিক উৎকৰ্ষলাভৰ অসুবিধা, আত্মবিকাশৰ অভাব আৰু দৈনিক জীৱনৰ লেতেৰা কামখিনিৰ অকলশৰীয়া বোজা, এই আটাইবোৰতো তিৰোতাই মষীমূৰ নহৈ যিখিনি প্ৰতিভা দেখুৱাই গৈছে সেইখিনিতে আটায়ে আশ্চৰ্য্য হবলগীয়া। প্ৰাচীন কালৰ সীতা-সাবিত্ৰী, অহল্যা দ্ৰৌপদী, গাৰ্গী-মৈত্ৰেয়ী ইত্যাদিৰ কথা এৰি দিলেও আধুনিক ঐতিহাসিক যুগতে শাসন-বিক্ৰম, পাণ্ডিত্য, ৰাজনীতি, যুদ্ধ, দেশ-প্ৰেম, আত্ম বলিদান ইত্যাদি বিষয়ত ভাৰতীয় তিৰোতাৰ প্ৰতিভাৰ উদাহৰণ বিস্তৰ। ভাৰতীয় তিৰোতাই এপিনে যেনেকৈ সতীত্ব-সহমৰণ সেৱা-ধৰ্ম্ম আদিত জগতৰ শ্ৰেষ্ঠ স্থানীয়া সেইদৰে বুদ্ধি বিক্ৰম কলা-কৌশলতো জগতত শ্ৰেষ্ঠ স্থানীয়া হৈ গৈছে। ভাৰতীয় নাৰী যে কুসুমতকৈও কোমল কিন্তু আৱশ্যক হলে আকৌ বজ্ৰতকৈও কঠোৰ হব পাৰে, তাৰ বহুত উদাহৰণ এই কিতাপখনত আছে। ভাৰতীয় তিৰোতাই যিখিনি প্ৰতিভা দেখুৱাইছে অকল তাৰে পৰাই তেওঁলোকৰ মূল্য বিচাৰ কৰিলে অন্যায় হব। ওপৰত কোৱা অসুবিধাবোৰ নোহোৱা হলে যে আৰু কিমানখিনি কৰিব পাৰিলেহেঁতেন সেইটোহে অনুভব কৰিবলগীয়া।

 ইয়াতে এইটো আপত্তি উঠিব পাৰে যে যাৰ সঁচাকৈ প্ৰতিভা (Genius)- আছে তাক নো সুবিধা লাগে কেলেই? তিৰোতা যদি পুৰুষতকৈ অনেক বিষয়ত তলত আছে তেন্তে সেইটো তিৰোতাৰ স্বভাৱজাত প্ৰকৃতিগত অসমৰ্থতাৰ বাবেহে। সুবিধাৰ অভাবত ডাঙৰ কাম কৰিব নোৱাৰা কথাটোক মিছা আপত্তি (Parrot cry) বোলা মানুহো আছে। কিন্তু প্ৰতিভায়ে বাধা পালেহে ফুটি উঠে সেইটো যিমান সঁচা, সুবিধাৰ সহায়ে যে মানুহ ডাঙৰ হব পাৰে সেইটোও সিমানে সঁচা। পাশ্চাত্যত নাৰী-চৰিত্ৰ আৰু নাৰীৰ মানসিক শক্তি সম্বন্ধে হেভলক্‌ ইলিছ (Havelock Ellis), ডাক্তৰ কেষ্টল (Doctor Castle), অধ্যাপক হেমেন্‌চ, (Professor Heymans), আৰু ডাক্তৰ ভন কেমিটজ্ (Dr. Mathilde Von Kemmitz) প্ৰভৃতি অনেক বৈজ্ঞানিকে গবেষণা কৰিছে।

 প্ৰথমতে নাৰীৰ আত্মাই নাই বুলি ধৰা হৈছিল। হেভলক্‌ ইলিছে- তিৰোতাৰ মন Mind of woman, নামে ৰচনাত লিখিছে— "Most people whether men or women seem to have felt that women had little use of mind. It was their husbands' business to furnish that, their part was to seek knowledge, as they were taught to seek God through men. The sphere of women was generally held to be clothes, cookery and children.— অৰ্থাৎ “তিৰোতাৰ মন বুলি এটা বস্তুৰ কোনো দৰকাৰেই নাই। মানুহে মন প্ৰয়োগ কৰি যিখিনি ভাবিব বা কৰিব লাগে সেইখিনি গিৰীয়েকে দিব। তিৰোতাই কাপোৰ-কাণি বুই, ভাত-পানী বান্ধি আৰু লৰা-ছোৱালী ৰাখি থাকিব লাগে”।

 ইয়াৰ পিচত তিৰোতাৰ মন বা চিন্তা-শক্তি থকা বুলি ধৰি লোৱা হ'ল। কিন্তু সেই শক্তি পুৰুষতকৈ বহুত তলৰ খাপৰ। এতিয়া নাৰী জাগৰণৰ উত্তেজনাত ধৰা হৈছে যে পুৰুষে যি কৰিছে তিৰোতায়ো সুবিধা পালে তাকেই কৰিব পাৰে। সুবিধা পালে তিৰোতাই সকলো বিষয়ে ঠিক পুৰুষৰ দৰে প্ৰভাৱশালী হব পাৰিব নে নোৱাৰে সেইটো বৈজ্ঞানিক অনুসন্ধান আৰু পৰীক্ষা কৰিলেহে জনা যাব।

 বোধ কৰে| শাৰীৰিক গঠনৰ নিমিত্তে সাধাৰণ তিৰোতা আৰু সাধা মানুহৰ যজিত কৰ্ম্মক্ষেত্ৰৰ কেতবোৰ পাৰ্থক্য সদায়ে ৰৈ যাব। এইবোৰ বিষয় বহলাই আলোচনা কৰিবলৈ গলে এখন সুকীয়া কিতাপ হয় গৈ। সম্প্ৰতি আমাৰ দেশৰ তিৰোতাই যে অসুবিধা আৰু অযত্নৰ বাবেহে নিজৰ কৰিব পৰা বহুত উন্নতিৰ পৰা বঞ্চিত হৈছে সেইটোহে বেছিকৈ আলোচনা কৰিবলগীয়া হৈছে। “ ইউৰোপত নাৰী-জাগৰণৰ ফলত পুৰুষৰ বনুৱা সম্প্ৰদায়ৰ মাজত কাম পোৱাৰ অসুবিধা Unemployment problem আহিব বুলিও কেতবোৰ মানুহৰ ভয় হৈছে। কিন্তু ভাৰতৰ তিৰোতা ইমান অযত্নত আছে যে, তেওঁলোকৰ অসুবিধাৰ কথা আমি যিমানেই কওঁ অতিঙ্কিত হবৰ ভয় নাই।

 যুগে যুগে মানুহৰ সাংসাৰিক কৰ্ত্তব্যৰ, সাংসাৰিক জীৱন যাপন প্ৰনালীৰ অনেক লৰ-চৰ হৈ থাকে। তাৰ লগে লগে মানৱ জীৱনৰ কেতবোৰ আদৰ্শৰো অলপ লৰচৰ নহৈ নোৱাৰে। আমাৰ দেশৰ স্ত্ৰী চৰিত্ৰতো যুগধৰ্ম্ম অনুসাৰে কিছু নতুনত্ব আহিব লাগিব। কিন্তু পাশ্চাত্যত আধুনিক তিৰোতা (modern women) বুলিলে বৰ্ত্তমানে যাক বুজায় সেই আদৰ্শৰে সৈতে ভাৰতীয় আদৰ্শৰ অমিল বহুত খিনি। প্ৰকৃত ভাৰতীয় সভ্যতা, ভাৰতীয় প্ৰকৃত শিক্ষা অতি গভীৰ। তাৰ আগত নব্য পাশ্চাত্য তিৰোতাৰ (modern women) ভাবটো কিছু উচ্ছৃঙ্খল আৰু তৰচেঙেলীয়া।

 এইটে| আকৌ মনত ৰাখিব লাগিব যে ইমান গভীৰতা স্বত্বেও যুগোপযোগী কেতবোৰ শিক্ষাৰ বিধান আৰু আহিলা-পাতি নোহোৱা গতিকে আৰু ভাৰতীয় মানুহৰ দাৰিদ্ৰ্যৰ গতিকে ভাৰতীয় নাৰীৰ অৱস্থা আন আন দেশৰ মানুহে দেখি পুতৌ কৰিবলগীয়া হৈছে। জঁয় পৰিযোৱা পদুমকলিয়ে মানুহৰ মনলৈ বৰ দুখ আনে। ভাৰতৰ নাৰী-চৰিত্ৰৰ ভিতৰত যিখিনি ত্যাগৰ গৌৰৱ, যি এটা প্ৰচ্ছন্ন অগ্নি আছে, সেই খিনিত পাশ্চাত্যৰ পৰা আধুনিক যুগৰ উপযোগী কিছু ৰহণ সানি ঘাঁহি- মাজি উলিয়ালে ই জগতৰ এটা অতি শ্ৰেষ্ঠ সম্পদ হৈ পৰিব সন্দেহ নাই। যি মানুহে তিৰোতাৰ ওপৰত অকল টাঙোন জোকাৰিবহে ভাল পায়, নাইবা তিৰোতাক অকল ভিতৰ চোতালতহে দেৱী কৰিবলৈ ভাল পায়, সি এই তিৰোতা-জাগৰণক এটা নতুন উৎপাত বুলি ভাবিব পাৰে। কিন্তু জগতৰ হলে এই জাগৰণৰ পৰা উন্নতিহে হব। ঈশ্বৰে তিৰোতাক অকল পুৰুষৰ সুবিধাৰ নিমিত্তে সৃষ্টি কৰা নাই। যদি তিৰোতাক পুৰুষৰ সুবিধাৰ বাবে সৃষ্টি কৰিছে, পুৰুষকো তিৰোতাৰ সুবিধাৰ বাবে সৃষ্টি কৰিছে। সকলো প্ৰকাৰ কৰ্ম্মক্ষেত্ৰতে তিৰোতাই পুৰুষৰ লগে লগে থাকি সহায় কৰাৰ পৰা হে পাশ্চাত্য জীৱন যাপন প্ৰণালী কিমান সুগম হৈছে, তাক সকলোৱে দেখিছে। যদি পাশ্চাত্য জীৱনত কিবা অসুবিধা আছে সিও স্ত্ৰীৰ পৰা পোৱা উন্নত ধৰণৰ সহায় খিনি নোহোৱা হলে আৰু বেছিহে হলহেঁতেন।

 লিখকে মোক এই কিতাপখনিৰ ভূমিকা এটা লিখিবলৈ কৈছে। ভূমিকা লিখিবলৈ এৰি মই এখন ৰচনাহে লিখিলোঁ হবলা। “ভূমিকা” শব্দটোৰ অভিধানত থকা মানেৰ পৰা তাৰ কেবাটাও অৰ্থ কৰিব পাৰি। যি হওক ইয়াত যি সকল চৰিত্ৰ বৰ্ণনা কৰা হৈছে সেইবোৰ প্ৰায় মানুহৰে জনা। প্রায় মানুহে যে এইবোৰ চৰিত্ৰ জানে এইটো এটা আমাৰ দেশৰ বৰ গৌৰৱৰ কথা আৰু লগে লগে বঙল| ভাষাৰে। গৌৰৱৰ কথা । এই সকল চৰিত্ৰ ইমান জনাজাত দেখি তাৰ আৰু বিতংকৈ আলোচনা নকৰি চৰিত্ৰ আলোচনাৰ যিটো লক্ষ্য তাৰে কিছু কথাকে এই ভূমিকাত লিখিলোঁ। যদি কিবা দোষ ঘটিছেও এইখিনি আশা আছে যে আমাৰ দেশৰ মানুহে কিতাপৰ ভূমিকা আনকি কিতাপকে পঢ়ি নাচায়। কেৱে পঢ়ি নাচালে কটা যাবৰ ভয় নাই।

 এই চৰিত্ৰখিনিৰ প্ৰায় আটাইবোৰে আন আন ভাষাৰ কিতাপৰ পৰা জনা থাকিলেও এইবোৰৰ পুনঃ পুনঃ আলোচনাৰ পৰা ক্ষতি একো নাই। এই শ্রেণীৰ কিতাপে নিশ্চয় আমাৰ দেশৰ স্ত্ৰী-জাগৰণত সহায় কৰিব। কিতাপ খনিৰ লিখাৰ ধৰণ সুন্দৰ হৈছে। যি সকল নাৰীৰ কথা লিখা হৈছে তেওঁলোকৰ চৰিত্ৰৰ মহিমা সুন্দৰ ৰূপে প্ৰকাশ পাইছে। স্ত্রী-চৰিত্ৰৰ অকল এটা দিকৰ কথা ইয়াত লিখা হোৱা নাই ৷ ইয়াত নাৰীৰ নানা বিষয়ৰ প্ৰতিভাৰ কথা পোৱা যায় ৷ এইবাবে চৰিত্ৰৰ বাচনিও প্ৰশংসনীয়।

 কিতাপৰ ভাষা আৰু ব্যাকৰণ সম্পৰ্কীয় দোষগুণ সম্বন্ধে বিচাৰ কৰিবৰ মোৰ সাহস নাই আৰু বৰ ইচ্ছাও নাই । কিতাপখনিত কঠিন শব্দ কিছু পৰিমাণে আছে। সেই শব্দবোৰৰ ব্যৱহাৰৰ পৰা ঐতিহাসিক চৰিত্ৰবোৰৰ গাম্ভীৰ্য ফুটি ওলাইছে বুলিহে মোৰ অনুমান। ভাষা ব্যাকৰণ আদিত অতিপাতকৈ চকু দিয়া মানুহ এজাত আছে ৷ অসমত লোক সংখ্যাৰ পৰিমাণত এই জাত মানুহৰ সংখ্যা বোধ কৰে৷ বৰ বেছি। অসমত অসমীয়া মানুহৰ সংখ্যা নিচেই কম ৷ আৰু অসমীয়া ভাষাৰ আধুনিক ভাবৰ কিতাপৰ সংখ্যা আৰু কম। পুৰণি পুথিৰ বাবে বিদেশী মানুহৰ আগতহে ভেম কৰিব ভাল লাগে, নিজৰ মাজত সেইবোৰ অতবছৰে কোৱাকুই কৰোঁতে আৰু আমনি লগা হল । আশঙ্কা স্বত্ত্বেও যোৰ এটি ক্ষীণ আশা আছে - কিজানি লিখা ধৰণ, অলপীয়া ঠাইতে লিখকৰ চৰিত্ৰ আলোচনাৰ সুন্দৰ ক্ষমতা আৰু অসমত এনে ধৰণৰ কিতাপৰ অভাৱ— এই আটাইকেইট। কথাকে বিবেচনা কৰি দয়ালু অসমীয়া বাইজে এই কিতাপ খনিক অলপ মৰমৰ চকুৰে চাব ৷

শ্রীউমাকান্ত গোস্বামী
চিলেট।
২৪। ১১। (অপঠনীয় )

 

দ্বিতীয় সংস্কৰণৰ ভূমিকা।

 গ্ৰন্থকাৰৰ কিতাপখনিৰ এইটো দ্বিতীয় সংস্কৰণ। অসমীয়া কিতাপৰ দ্বিতীয় সংস্কৰণ নিশ্চয়ে অলপ গৌৰৱৰ কথা। এই সংস্কৰণৰ গ্ৰন্থকাৰে অৰিসিংহৰ পত্নী, চাঁদকুমাৰী, মহাৰাণী স্বৰ্ণকুমাৰী, ৰাণী অভয়েশ্বৰী, ডাক্তাৰ লক্ষ্মীপ্ৰভা আৰু প্ৰতিভা দেৱীৰ চমু জীৱনী যোগ কৰি দি কিতাপখনিৰ মূল্য আৰু বঢ়াইছে।

 প্ৰথম সংস্কৰণৰ ভূমিকাত মই যি কথা লিখিছিলোঁ তাৰ উপৰি আৰু এনেকুৱা, কিতাপ সম্বন্ধে বেছি কথা লিখাৰ আবশ্যক নেদেখোঁ। মুঠতে “নাৰী-ৰত্ন” অসমীয়া ভাষাত এখনি লেখত লবলগীয়া কিতাপ হব বুলি ম‍ই আশা কৰো।

 কিন্তু যি জনাৰ নামে গ্ৰন্থকাৰে এই কিতাপখনি উছৰ্গা কৰিছিল তেওঁ আৰু ইহজগতত নাই। প্ৰথম সংস্কৰণটো গ্ৰন্থকাৰে তেওঁলৈ শ্ৰদ্ধা আৰু স্নেহৰ চিনাকী স্বৰূপে তেওঁৰ হাতত দিব পাৰিছিল; কিন্তু দ্বিতীয় সংস্কৰণটো তেওঁৰ স্মৃতিৰ অৰ্থেহে উচৰ্গা কৰিবলগীয়া হল। যাৰ নামে এই কিতাপখনি উচৰ্গা কৰা হৈছিল তেওঁৰ সুকোমল প্ৰাণ আৰু সকলৰ অন্তঃকৰণৰ পৰিচয় যেয়ে এবাৰ পাইছিল তাক আৰু পাহৰিব নোৱাৰে। বাচি থকা হলে তেওঁ আদৰ্শ গৃহিণী, আদৰ্শ মাতৃ আৰু অসমৰ আদৰ্শ জীয়ৰী বুলি পৰিচয় দি যাব পাৰিলেহেঁতেন।

 আশা কৰে৷ পূৰ্ব্ব সংস্কৰণৰ দৰে এই সংস্কৰণটিকে | ৰাইজে মৰমৰ চকুৱে চাব। ইতি—

শ্ৰীউমাকান্ত গোস্বামী
৭| ১০|৩৮

 

তৃতীয় সংস্কৰণৰ ভূমিকা।

 “নাৰীৰত্ব”ৰ দ্বিতীয় সংস্কৰণ শেষ হৈ যাবৰ আজি কেবা বছৰো হল। যোৱা মহাযুদ্ধৰ মাজত আৰু তাৰ পিছতো ভালেমান দিনলৈকে ছপাৰ অসুবিধা আৰু কাগজৰ অভাবৰ বাবে, ৰাইজে বিচৰাতো গ্ৰন্থকাৰে পুনৰ ছপাই উলিয়াব পৰা নাছিল। তেনেকুৱা অসুবিধা এতিয়ালৈকে বহুত পৰিমাণে থকা স্বত্বেও, কিতাপ খনিৰ এটি নতুন পৰিবৰ্দ্ধিত সংস্কৰণ ছপাবলৈ হাতত লোৱা বাবে, গ্ৰন্থকাৰ আটাইৰে ধন্যবাদৰ পাত্ৰ হৈছে । কিতাপ খনিৰ দ্বিতীয় সংস্কৰণত গ্ৰন্থকাৰে প্ৰথম সংস্কৰণত দিয়াৰ উপৰি ছয় গৰাকী মহিলাৰ জীবনী যোগ দিছিল । বৰ্ত্তমান তৃতীয় সংস্কৰণত ৰমাৰাই, মহাৰাণী চেটুলক্ষ্মীবাই, কস্তুৰীবা গান্ধি, কুমাৰী তৰুদত্ত, সৰোজিনী নাইডু, জাহান জেব বাহু, কুদচিয়া বেগম, নবাব চিকিন্দাৰ বেগম, নবাব চুলতান চাহজাহান বেগম, ৰাণী চাও চিং, নংব্লকা গাভৰু, পদ্মাৱতী দেৱী, নাৰায়ণী সন্দিকৈ আৰু কনকলতা— এই সোতৰ গৰাকী মহিলাৰ জীবনী নতুনকৈ দিয়া হৈছে, আৰু তাৰ ফলত কিতাপ খনিৰ আকাৰ আৰু গুৰুত্ব বহুত পৰিমাণে বাঢ়িছে।

 এই কিতাপ খনিত গ্রন্থকাৰে প্রাচীন যুগৰ যি সকল মহিলাৰ সম্বন্ধে একেবাৰে ঠিৰাং কৈ ঐতিহাসিক তথ্য পোৱা নেযায় সেই সকলৰ বিবৰণ বাদ দিছে। তথাপি ওপৰত উল্লেখ কৰা মহিলা সকলৰ জীবনীবোৰে কিতাপখনি আটাইৰে নথৈ সমাদৰৰ যোগ্য কৰি তুলিছে ৷ মোৰ বিশ্বাস এই কিতাপ খনিয়ে অসমীয়া সাহিত্যত এই শ্ৰেণীৰ কিতাপৰ এটা ডাঙ্গৰ অভাব পূৰণ কৰিব, আৰু ভবিষ্যতে কেতিয়াব| হিন্দি ভাষাত অনুবাদ কৰি উলিয়ালে ই গোটেই ভাৰততে সমাদৰ পাব।

 আশা কৰোঁ পূৰ্ব্বৰ সংস্কৰণবিলাকৰ দৰে এই সংস্কৰণটিকো ৰাইজে মৰমৰ চকুৰে চাব। ইতি

শ্রীউমাকান্ত গোস্বামী
চিলং
২৪।১।৫০



 

পাতনি।

 ভাৰতীয় নাৰী প্ৰগতি-পথত যেনে সুন্দৰ ভাৱে আগ বাঢ়িছিল, বোধ কৰে৷ পৃথিবীৰ কোনো দেশতেই তেনে সুন্দৰ ভাৱে আগ বঢ়া নাই। বৈদিক যুগত ভাৰতৰ তিৰোতা-পুৰুষৰ সকলো বিষয়তে সমান অধিকাৰ আছিল। বেদ ৰচনাত অনেক বিদুষীয়ে পণ্ডিত সকলক সহায় কৰিছিল। তেওঁলোকক “ব্ৰহ্মবাদিনী” বুলিছিল। বেদত কাক্ষাৱতী, ঘোষা, বিশ্বৱাৰা, অপালা প্ৰভৃতি অনেক ব্ৰহ্মবাদিনী নাৰীৰ নাম পোৱা যায়। অনেক তিৰোতাই পুৰোহিতৰ কাম কৰিছিল; অনেকে আচাৰ্য্যাৰ আৰু অধ্যাপিকাৰ কাম কৰিছিল। তেওঁলোকৰ নৈতিক আদৰ্শ অতি উচ্চ আছিল। তেওঁলোকৰ দাম্পত্য প্ৰণয়ৰ লক্ষ্য আছিল স্বামী-স্ত্ৰী উভয়ে উভয়ৰ আত্মাক উন্নততৰ কৰা; আৰু সমাজৰ সেৱা কৰা। বৈদিক যুগত অনেক নাৰীয়ে অস্ত্ৰ-শস্ত্ৰ লৈ যুদ্ধও কৰিছিল।

 তাৰ পাচত উপনিষদৰ যুগ। এই যুগতো নাৰীৰ আদৰ্শ মোলান পৰা নাছিল। মৈত্ৰেয়ী, বাচক্লবী, গাৰ্গী, দেৱহুতি, অৰুন্ধতী, অনসূয়া প্ৰভৃতি উপনিষদৰ যুগৰ বিদুষী নাৰী। এওঁলোকৰ কেৱল যে, শাস্ত্ৰত জ্ঞান আৰু ধৰ্ম্মত মতি আছিল এনে নহয়। এওঁলোক আছিল আদৰ্শ পত্নী, আদৰ্শ মাতৃ; সমাজ আৰু দেশৰ একনিষ্ঠ সেৱিকা। এওঁলোকৰ চৰিত্ৰ আৰু দেশপ্ৰেমত মুগ্ধ হৈ মহামুনি বাল্মীকিয়ে এই অমৰ শ্লোক ৰচনা কৰিছিল—

'

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী'।

 ইয়াৰ পাচৰ যুগৰ নাম পৌৰাণিক যুগ। মদালচা, আত্ৰেয়ী, সুলভা প্ৰভৃতি বেদত অধিকাৰ থকা নাৰী সকল এই যুগৰ। বেদ আৰু বেদান্ত শাস্ত্ৰত এওঁলোকৰ গভীৰ জ্ঞান আছিল। এওঁলোকৰ ধৰ্ম্মৰ প্ৰতি অনুৰাগ, ঈশ্বৰৰ প্ৰতি ভক্তি আৰু কৰ্ত্তব্যৰ প্ৰতি শ্ৰদ্ধাৰ জগতত তুলনা নাই। এওঁলোকৰ বাহিৰেও সীতা, সাবিত্ৰী, গান্ধাৰী দময়ন্তী প্ৰভৃতি মহাসতী সকল এই যুগৰ।

 ভগবান মনুৱে স্ত্ৰী-স্বাধীনতাৰ প্ৰথম হেঙ্গাৰ বান্ধিলে। নাৰী স্বাধীন ভাৱে চলাৰ অযোগ্য, নাৰীৰ বেদপাঠত অধিকাৰ নাই, নাৰীয়ে পুৰুষৰ সমান অধিকাৰ পাব নোৱাৰে এইবোৰ আদেশ মনুৰ। ভগবান মনু আছিল সমাজপতি। সমাজৰ শৃঙ্খলা আনিবলৈ আৰু দুৰ্নীতি দমন কৰিবলৈ হয়তো এইবোৰ বিধিৰ আৱশ্যক হৈছিল। কিন্তু তেওঁ নাৰীৰ প্ৰতি সদয় আৰু সহানুভূতিশীল আছিল। যি ঠাইত নাৰীয়ে সম্মান পায়, তাতেহে দেৱতাসকল বিৰাজ কৰে; যি ঘৰত তিৰোতাৰ আদৰ নাই, সেই ঘৰৰ ধৰ্ম্ম-কৰ্ম্মৰ একো ফল নাই; যি ঘৰত তিৰোতাক দুখ দিয়া হয়, সেই ঘৰ পতন অনিবাৰ্য; যি ঘৰৰ তিৰোতাবোৰ সুখী, সেই ঘৰৰ উন্নতি ঠিৰাং; মাতৃ পিতৃতকৈয়ো অধিক পূজনীয়া— এইবোৰ উপদেশো ভগবান মনুৰ।

 তাৰ পাচৰ বৌদ্ধবুগত আমি দেখিবলৈ পাওঁ যে, মথুৰ হেঙ্গাৰ পাৰ হৈ নাৰীয়ে পুৰুষৰ সমান অধিকাৰ লাভ কৰিছিল। এই যুগৰ সোমা, সুপ্ৰিয়া, মালিনী আদি মহিলাই পাণ্ডিত্যত, সংঘমিত্ৰাই ধৰ্ম্ম প্ৰচাৰত, সতী সম্বুলাই পতি সেৱাত যি উচ্চ আদৰ্শ ৰাখি গৈছে, জগতত তাৰ তুলনা নাই। ভাৰতৰ অদ্বিতীয় পণ্ডিত শঙ্কৰাচাৰ্য্যই যেতিয়া মণ্ডন মিশ্ৰৰ লগত অদ্বৈতবাদৰ তৰ্ক কৰে, তেতিয়া তেওঁলোকৰ যুক্তিৰ বিচাৰ কৰিছিল এগৰাকী নাৰীয়ে। তেওঁৰ নাম উভয়ভাৰতী। তেওঁ পণ্ডিত মণ্ডন মিশ্ৰৰ বিদুষী ভাৰ্য্যা।  ওপৰত যি সকল নাৰীৰ নাম উল্লেখ কৰা হল, তেওঁলোক অতি মহান। সেইবোৰ চিত্ৰৰ পট তৈয়াৰ কৰিবলৈ চিত্ৰকৰ নিপুণ হব লাগে। আমাৰ দৰে অসাথন লিখকৰ হাতত সেইবোৰ চিত্ৰৰ সৌন্দৰ্য ফুটি নোলাব। কিন্তু জোনে জগত পোহৰ কৰে যদিও ঘৰ পোহৰ কৰিবলৈ চাকি লগায়। এই ভাৱেৰে আধুনিক যুগৰ একাৱন্ন গৰাকী নাৰী চৰিত্ৰ অঙ্কন চেষ্টা কৰা হৈছে। আমাৰ অপটুতাৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ মহিমা ফুটি নোলাব পাৰে; কিন্তু তেওঁলোক যে, বীৰ-নাৰী তাত অকণো সন্দেহ নাই। এইবোৰ চিত্ৰই এই কথাও প্ৰমাণ কৰিব যে, ভাৰতৰ নাৰী-প্ৰগতিৰ সোঁত ক্ষীণ হলেও এতিয়াও তাৰ গতি বন্ধ হোৱা নাই।

 বৰ্ত্তমান ভাৰতৰ শিক্ষিতৰ সংখ্যা দহ-বাৰ জন। শিক্ষিতা তিৰোতাৰ সংখ্যা তাৰ পাঁচ ভাগৰ এভাগ; অৰ্থাৎ শতকৰা দুই বা তিনি গৰাকী। কিন্তু ভাবিলে আচৰিত হব নালাগে নে যে, ইমান কম শিক্ষিতা তিৰোতাৰ মাজৰ পৰাও সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিতৰ দৰে জগতে জনা শক্তিশালী নাৰীৰ উদ্ভৱ হৈছে।

 কুৰি শতিকাৰ নাৰী প্ৰগতিয়ে আমাৰ দেশৰ নাৰীৰ আদৰ্শত ঘূণ লগাইছে বুলি কিছুমান মানুহে কব খোজে। তেওঁলোকে কয়—ভাৰতীয় নাৰীয়ে পছিমীয়া নাৰী আদৰ্শৰ অন্ধ অনুকৰণ কৰিছে। পছিমীয়া নাৰী জাগৰণৰ প্ৰধান লক্ষ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ লাভ কৰা। কিন্তু আবহমান কালৰ পৰা ভাৰতৰ নাৰী আদৰ্শৰ প্ৰধান লক্ষ্য আছিল পবিত্ৰ জীৱন আৰু সাধু চৰিত্ৰ অৰ্জন কৰা, নীতি-ধৰ্ম্ম আৰু কৰ্ত্তব্যত ৰত থকা আৰু সমাজ আৰু দেশৰ সেৱা কৰা। নাৰীৰ সেৱা আৰু সহানুভূতিয়ে ভাৰতৰ সামাজিক জীৱন ৰসাল আৰু ঘৰুৱা জীৱন মধুময় কৰি ৰাখিছে। ভাৰতৰ ধৰ্ম্ম আৰু সংস্কৃতিত তেওঁলোকৰ দান অপাৰ। প্ৰগতিকামী সকলে সেই গৌৰৱময়ী আদৰ্শ মনত ৰাখি আগবঢ়া উচিত।  ভাৰতৰ নাৰীয়ে ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰো লাভ কৰক আৰু লগতে দয়া, ক্ষমা, ধৈর্য্য, সেৱা, সহানুভূতি, স্বাৰ্থত্যাগ প্রভৃতি নাৰী সৌন্দৰ্যৰ মহৎ বিভূতিবিলাক ঘটি লৈ ৰাষ্ট্ৰ, সমাজ আৰু সংসাৰৰ শান্তিৰ আৰু উন্নতিৰ বিধান কৰক— এয়েই ভাৰতবাসীলোকৰ কাম্য ।

বিনীত
শ্রীকাশী নাথ বর্ম্মণ

 

তৃতীয় সংস্কৰণত লিখকৰ কথা।

 নাৰী-ৰত্ন প্ৰথম আৰু দ্বিতীয় সংস্কৰণ দহ-বাৰ বছৰ আগতে হৈ গল। তাত কিছু কথা ভুলকৈ প্ৰকাশ হৈছিল আৰু তাৰ ভাষাও কটুৰ আছিল । এইবাৰ সেই ভুলবোৰ সংশোধন কৰা হৈছে আৰু ভাষাও সহজ-সৰল আৰু নিভাঁজ কৰিবলৈ যত্ন কৰা হৈছে । এইবাৰ কিতাপখন নতুনকৈ লিখা যেন হল ।

 তদুপৰি এইবাৰ সোতৰটা নতুন চৰিত্ৰ সংযোগ কৰা হৈছে ৷ গতিকে কিতাপৰ আকাৰ ভালেমান বাঢ়িল। যুদ্ধৰ অভাৱনীয় পৰিস্থিতিয়ে আজি ইমান বছৰ কিতাপ খনৰ প্ৰকাশ স্থগিত কৰি ৰাখিছিল। অৱশ্যে এতিয়াও সেই পৰিস্থিতিৰ একো হীন-ডেঢ়ি ঘটা নাই। তথাপি বন্ধু-বান্ধৱৰ অনুৰোধত কিতাপখন প্ৰকাশ কৰা হল।

 আগৰ কেইবাৰতকৈ এইবাৰ কিতাপৰ চৰিত্ৰ সজোৱাৰো পৰিবৰ্ত্তন কৰা হৈছে। যিমান পৰা যায়, এইবাৰ সময়ৰ ক্ৰম ৰাখি চৰিত্ৰবোৰ সজোৱা হৈছে। এইবাৰ কিতাপখন দুটা ভাগত ভাগ কৰি প্ৰথম ভাগত অসমৰ বীৰ-নাৰী সকলৰ আৰু দ্বিতীয় ভাগত অসমৰ বাহিৰৰ বীৰ-নাৰী সকলৰ জীৱনী দিয়া হৈছে।

 নাৰী-ৰত্ন সংকলন কৰাত বহুতৰ পৰা বহু প্ৰকাৰে সহায় পোৱা হৈছে ৷ কিতাপৰ ভিতৰৰ Foot Noteত তাৰ উল্লেখ আছে । ইয়াত সমূহীয়াকৈ সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতাৰ শৰাই আগ বঢ়ালোঁ।

 মোৰ আপোন ককাইৰ দৰে সকলো কথাৰ বুজ লোৱা শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত তাৰানাথ গগৈ বি, এ, বি, টি দেৱে কিতাপখনিৰ প্ৰকাশ সম্পর্কে নানা সদুপদেশ দি উপকৃত কৰিছে। তেখেতলৈ যোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 পাঠক সকলহে কিতাপৰ প্ৰকৃত পৰীক্ষক। যদি মোৰ কিতাপে পাঠক সকলৰ সমাদৰ পায় আৰু তেওঁলোক কিঞ্চিৎ পৰিমাণেও লাভবান হয়, তেন্তে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। সামৰণিত মোৰ ভুল-ভ্ৰান্তিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা কৰি সংশোধনৰ বাবে ভুলবোৰ আঙুলিয়াই দেখুৱাবলৈ প্ৰাৰ্থনা জনাই এইবাৰলৈ সামৰণি মাৰিলোঁ।

 অসমৰ শিক্ষা বিভাগৰ ডাইৰেক্তৰ শ্ৰদ্ধাস্পদ শ্রীযুক্ত উমাকান্ত গোস্বামী এম, এ দেৱে দয়া কৰি কিতাপখনৰ ভূমিকা লিখি দিয়াত কিতাপখনৰ সৌষ্ঠৱ নিশ্চয় বাঢ়িছে। তেখেতৰ সেই মৰমৰ বান্ধে মোক চিৰকাল বন্দী কৰি ৰাখিব ।

বিনীত
শ্রীকাশী নাথ বর্ম্মণ

 

সূচীপত্ৰ।
প্ৰথম ভাগ।

১। সাধনী ...  ...  ...  
২। মূলা-গাভৰু ...  ...  ...  
৩। ৰাণী চাওচিং ...  ...  ...  ১২
৪। নংবল্কা গাভৰু ...  ...  ...  ১৬
৫। জয়মতী কুঁৱৰী ...  ...  ...  ১৯
৬। ৰাণী ফুলেশ্বৰী ...  ...  ...  ২৩
৭। মদাম্বিকা কুঁৱৰী ...  ...  ...  ৩৩
৮। ৰাণী সৰ্ব্বেশ্বৰী ...  ...  ...  ৩৬
৯। ৰাধা-ৰুক্মিণী ...  ...  ...  ৩৭
১০। কুৰঙ্গ নয়নী ...  ...  ...  ৪৩
১১। ৰাণী অভয়েশ্বৰী ...  ...  ...  ৪৭
১২। পদ্মাৱতী দেৱী ফুকননী    ...  ...  ৬৩
১৩। ডাক্তৰ লক্ষ্মীপ্ৰভা বৰা  ...  ...  ৬৭
১৪। প্ৰতিভা দেৱী ...  ...  ...  ৭৬
১৫। নাৰায়ণী সন্দিকৈ ...  ...  ...  ৭৮
১৬। কনকলতা আইদেউ ...  ...  ...  ৮৩



দ্বিতীয় ভাগ ৷

১। সংযুক্তা ...  ...  ...  ৮৯
২। কৰ্ম্মদেৱী (১) ...  ...  ...  ৯৫
৩। চুলতানা ৰিজিয়া ...  ...  ...  ৯৮
৪। পদ্মিনী ...  ...  ...  ১০১
৫। অৰিসিংহৰ পত্নী ...  ...  ...  ১০৫
৬। কৰ্ম্মদেৱী (২) ...  ...  ...  ১০৯
৭। মীৰাবাঈ ...  ...  ...  ১১৩
৮। তাৰাবাঈ ...  ...  ...  ১২০
৯। ধাত্রী পান্না ...  ...  ...  ১২৩
১০। ৰাণী দুৰ্গাৱতী ...  ...  ...  ১২৬
১১। কৰ্ম্মদেৱী (৩)
কমলাৱতী আৰু কৰ্ণাৱতী ...  ...  ...  ১২৮
১২। চাঁদবিবি ...  ...  ...  ১৩২
১৩। সাবিত্রী বাঈ ...  ...  ...  ১৩৬
১৪। নুৰজাহান ...  ...  ...  ১৪০
১৫। বেইগুৰজাৰ জীয়াৰী ...  ...  ...  ১৪৯
১৬। জাহান-আৰা ...  ...  ...  ১৫২
১৭। প্ৰভাৱতী ...  ...  ...  ১৫৮
১৮। জাহান-জেৱ-বাণু বা জানীবেগম ...  ...  ...  ১৬০
১৯। কৃষ্ণকুমাৰী ...  ...  ...  ১৭৩
২০। ৰাণী ভবানী ...  ...  ...  ১৭৭
২১। অহল্যা বাঈ ...  ...  ...  ১৮১
২২। লক্ষ্মীবাঈ ...  ...  ...  ১৯১
২৩। চাঁদ কুমাৰী ...  ...  ...  ২০১
২৪। ৰাণী ৰাসমণি ...  ...  ...  ২০৪
২৫। মহাৰাণী স্বর্ণময়ী ...  ...  ...  ২০৮
২৬। কুদচিয়া বেগম ...  ...  ...  ২১৩
২৭। নবাব চিকন্দৰ বেগম ...  ...  ...  ২১৫
২৮। নবাব চুলতান চাহজাহান বেগম ...  ...  ...  ২২১
২৯। নবাব চুলতানা বেগম ...  ...  ...  ২২২
৩০। ৰাজাবাঈ ...  ...  ...  ২২৬
৩১। ৰমাবাঈ ...  ...  ...  ২২৮
৩২। কুমাৰী তৰু দত্ত ...  ...  ...  ২৩২
৩৩। মহাৰাণী চেটু লক্ষ্মীবাঈ ...  ...  ...  ২৩৫
৩৪। সতী কস্তুৰু-বা ...  ...  ...  ২৩৯
৩৫। সৰোজিনী নাইডু ...  ...  ...  ২৫২