নাৰদ চৰিত্ৰ
নাৰদ চৰিত্ৰ।
শ্ৰীযুক্ত পবিত্ৰ নাৰায়ণ দেৱ অধিকাৰীৰ
শ্ৰীচৰণ কমলেচু।
( তেওঁ সহায়ৰ সদনাম মই কেতিয়াও )
ভুলিব নোৱাৰু।
ইতি
শ্ৰীপদ্মনাথ অধিকাৰী বামনা সত্ৰাধিকাৰী।
পাতনি।
শ্ৰীশ্ৰীকৃষ্ণ মহাপ্ৰভুৰ প্ৰসাদে ও গুৰু বৈষ্ণবৰ শ্ৰীচৰণাশীৰ্ব্বাদে আজি প্ৰায় ৫/৬ বছৰ যত্নেৰে সৈতে অলপ শুধৰণি কবি দশম স্কন্ধ ভাগৱতসাৰ কাঢ়ি আনি শ্ৰীযুক্ত সুন্দৰী সত্ৰৰ শ্ৰীযুক্ত পবিত্ৰ নাৰায়ণ দেৱ সত্ৰাধিকাৰীৰ ও হাগুৰীগাওঁ স্কুলৰ
হেড্ পণ্ডিত শ্ৰীযুক্ত সন্তোৰাম শৰ্ম্মা বাবু দুয়োজনাৰ অনুমোদিতত হিন্দু ধৰ্ম্মৰ উৎসাহ বঢ়াবৰ নিমিত্তে মই এই পুথি খনি অল্প বুদ্ধিৰে, অলপ শুদ্ধ কৰিলোঁ, জ্ঞানী মানুহে পঢ়িলে ইয়াৰ ভুল বিলাক দেখি হৰি কথা বুলি যেন নিন্দা নকৰে।ইতি
১৩১৩ সাল।
শুধৰণি
শ্ৰীপদ্মনাথ অধিকাৰী।
নারদ-চৰিত্ৰ।
শ্লোক।
যৎপাদ পঙ্কজৰ জোনৰ বৃন্দ বন্দ্যং যদেয়াগতঃ
পৰশিবঃ পৰমেশ্বৰোভূৎ
যা সৃষ্টি পালন লয়ং কুরুতে ত্ৰিমূৰ্ত্যা,
সাশাম্ভৰি বিজয়তে জগদেক মাতা॥
পদ।
জয় জয় জগত জনেক কৃষ্ণৰাম।
পাতকীয়ো তৰে যাৰ লৈলে গুণ নাম॥
মহাভাগৱত কথা কৃষ্ণৰ চৰিত।
শুনা সৰ্ব্বজন ইটো সাক্ষাতে অমৃত॥
পৰম ৰহস্য কথা দশম স্কন্ধৰ।
যিমতে বিষাদ মন ভৈলা নাৰদৰ॥
একদিনা গৈলা ঋষি উদ্ধৱৰ ঘৰ।
উদ্ধৱক দেখি হৰ্ষ ভৈলা নাৰদৰ॥
দেখিয়া উদ্ধৱে পাছে আৰ্থ বেৰ্থ কৰি।
বহিবাক দিলা আনি আসন সদৰি॥
যিবা আষণত ঋষি আছিলে বসিয়া।
পখালিলা আষণ উঠিব দেখিয়া॥
সেই স্থানে দিলা আনি গৰুৰ গোৱৰ।
দেখিয়া বিস্ময় মন ভৈলা নাৰদৰ॥
হেন দেখি নাৰদে গুণন্ত বাৰে বাৰ।
ব্ৰহ্মাৰ তনয় হৈয়া বিপত্তি আমাৰ॥
মোক দেখি উদ্ধবে নকৰে নমস্কাৰ।
সেই স্থানত দিলা আনি গৰুৰ গোবৰ॥
কৃষ্ণ পাৰিষদ বুলি শাপিব নোৱাৰু।
মাধবৰ আগে গৈয়া গোচৰক কৰোঁ॥
শাপিবাক নোৱাৰু কৃষ্ণক লাগে ডৰ।
এতেকেসে নসাপো কৃষ্ণৰ সমূহঁৰ।
এহি বুলি ঋষি ৰাজে কৰিলে গমন।
কৃষ্ণৰ আগত জাই হৈলা উপসন॥
নাৰদ বদতি প্ৰভু শুনা নাৰায়ণ।
তোমাৰ উদ্ধবে মোক দিলা অপমান॥
যিৱা আসনত মই আছিলোঁ বসিয়া।
তাক পখালিলা মোক উঠিব দেখিয়া॥
সিস্থানত দিলা আনি গৰুৰ গোৱৰ।
পাষণ্ড বুলিয়া মোক কৰে অনাদৰ॥
ব্ৰহ্মাৰ তনয় মোক জানে ত্ৰিজগতে।
চাৰি বেদ চৈধ্য শাস্ত্ৰ সবে কণ্ঠাগতে॥
ইঙ্গিতে ফুৰিতে পাৰোঁ ইতিনি ভুবন।
দেবঋষি বোলি মোক জানে সৰ্ব্বজন॥
তোমাৰ উদ্ধবে মোক দিলা অপমান।
কৰা প্ৰতিকাৰ প্ৰভূ দেৱ নাৰায়ণ॥
হেন শুনি নাৰায়ণে দিলন্ত উত্তৰ।
তোমাৰ সমান ঋষি নাহিকে অপৰ॥
যিকাৰণে উদ্ধৱে কৰিছে অপমান।
শীঘ্ৰ কৰি হৰিনাম লয়ো দৃব্য জ্ঞান॥
গৰ্দ্দবে বহয় যেনে চন্দনৰ ভাৰ।
সেহি পতণ্টৰ ঋষি হইল তোমাৰ॥
চাৰিবেদ সুমৰি ও নপাৱে আমাক।
হেন জানি নিশ্বয় ঋষি কলোঁ তোমাক॥
নাৰদ বদতি প্ৰভূ শুনিয়ো বচন।
অনাথৰ নাথ প্ৰভূ পশিলোঁ শৰণ॥
মাধঁব বদতি শুনা ব্ৰহ্মাৰ তনয়।
হৰি নাম মহামন্ত্ৰে সুখগতি পায়॥
গুৰুব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ।
গুৰুসে পৰম গতি ভকত জনৰ॥
সংসাৰ লাগবে জানা গুৰুসে কান্দাৰ।
আনে নকৰয় জানা ভৱনদী পাৰ॥
বোলে বিষ্ণু দাসে সবে এড়ি আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥
শ্লোক।
কৃষ্ণ ৰূপায়ং ৰূক্মীনি প্ৰাণ বল্লভে
বৃন্দাবন বিহাৰায়ং মাধবায়ং নমো নমঃ।
পদ।
নাৰদ বদতি-প্ৰভু শুনা নাৰায়ণ।
কালি প্ৰভাততে পাওঁ যাক দৰিষন॥
সেহি জন মোৰ গুৰু কহোঁ সত্যেঁ সত্যেঁ।
অঙ্গিকাৰ কৰি কলোঁ তোমাৰ আগতে॥
এহি বুলি নাৰদে গৃহক লাগি গৈলা।
পাছে নাৰায়ণে মনে গুনিবাক লৈলা॥
আথে ব্যেথে তেখনে উঠিল নাৰায়ণ।
চাণ্ডালৰ বেশ ধৰিলন্ত তেতিক্ষণ॥
মায়াঁ কৰি স্ৰজিলন্ত শুকৰৰ পাল।
কান্দে ডাঙ্গ বাৰি লই চলিলা চাণ্ডাল॥
হেঙ্গা হেঙ্গি কৰি হৰি ডাকন্ত সুকৰ।
কতো বেলি পালে জাই নাৰদৰ ঘৰ॥
নাৰদ জাগিয়া পাছে শুস্থ ভৈলা মন।
উঠি আসি দেখিল চাণ্ডাল একজন॥
আগত সুকৰ জাই পাছত চাণ্ডাল।
নাৰদে বোলন্ত মোৰ লিখিল কপাল॥
পূৰ্ব্ব জন্মে মই সদ কৰ্ম্ম নকৰিলোঁ।
সেকাৰণে গুৰু মই চাণ্ডালক পালোঁ॥
সংক্ষেপে কহিলোঁ বাহুল্যক পৰিহৰি।
লক্ষ মুখে কহিব নোৱাৰু ওৰ কৰি॥
বোলে বিষ্ণু দাসে সবে এড়ি আন কাম।
সমাজিক লোকে ডাকি বোলা ৰাম ৰাম॥
শ্লোক।
সিদ্ধ স্বৰুপং সিদ্ধাদ্যং সিদ্ধ বীজ সনাতনং।
প্ৰসীদ সিদ্ধিদং সান্তং সিদ্ধানাঞ্চ গুৰোগুৰুং॥
পদ।
নাৰদ বদতি শুনা ঐ বাপু চাণ্ডাল।
মোৰ কপালে যে তোমাক পাইলোঁ লাগ॥
গুৰু বোলি মই পুণ্য মাণিলোঁ তোমাক।
হৰি নাম মহামন্ত্ৰ দিয়োক আমাক॥
চাণ্ডাল বদতি ঋষি শুনিয়ো বচন।
তোমাৰ আমাৰ যে কিসৰ সম্ভাষণ॥৫৬॥
কৰ্ণে নুশুনোঁ মই কাহাঁক বোলে হৰি।
নজানোঁ ইটো কথা শিকাওঁ কেনকৰি॥
জাতিত চাণ্ডাল চুইব নহয় জজ্ঞ।
কি মতে হৰিব কথা শিকা বোঁহোঁ তোক॥
নাৰদ বদতি মোক দিয়ো হৰি নাম।
হে! চাণ্ডাল বাপ মইক ৰহোঁ প্ৰণাম॥৮৪॥
কৃষ্ণ—আগত মই কৰিছোঁ অঙ্গিকাৰ।
কিমতে সত্য নষ্ট হইবেক আমাৰ॥
সত্য নষ্ট ভৈলে বংশ পৰে নৰ কত।
হৰিনাম ললে সব জাই বৈকুণ্ঠক॥
চাণ্ডাল বদতি মোত দোষ নাহি কয়।
তুমি পুন্যু শুনি আছোঁ ব্ৰহ্মাৰ তনয়॥
আমি পুন্যু চাণ্ডাল কুলত হীনজাতি।
সপ্ত জনমক লাগি ৰহিব কুক্ষাতি॥
জ্ঞাতি কুটুম্বেও তোক মোক হাসি বোঁক।
কিমতে হৰি কথা শিকাই বহোঁ তোক॥
মই শিক্ষা দিবোঁ তোক নাম মন্ত্ৰ যত।
পাছে শিক্ষা জপিবাহাঁ দক্ষিণ কৰ্ণত॥
চাণ্ডালে বোলন্ত ঋষি মোত দোষ নাই।
শীঘ্ৰ কৰি তুলসী আৰু জল আনা গৈ॥
হেন শুনি নাৰদে ফুৰন্ত জল চাই।
কৃষ্ণৰ মায়াত সাত সাগৰ শুকাই॥
সাতসমুদ্ৰত খুজি নপাইলোঁ জল।
তাক খেখি নাৰদৰ মনত বিকল॥
উলটি কহিলা আসি গুৰুৰ আগত।
জল আনিবাক গুৰু নপাৰিলোঁ তাত।
কোন দেৱে ভাণ্ডিচা চাণ্ডাল ৰূপ ধৰি।
আসিলা নাৰদ পাছে আৰ্থ বেৰ্থ কৰি॥
সাত সমুদ্ৰত খুজি নপালোঁ হোঁ জল।
তযু দোষ নাই গুৰু কৰ্ম্ম দোষ মোৰ॥
কৈত্য শুনি আছোঁ গুৰু সমুদ্ৰ শুকাঁই।
এবে কি কৰিবোঁ বাপ দিয়োক উপায়॥
চাণ্ডাল বদতি যে নাৰদ মহামুনি।
দক্ষিণ দিসত ৰাজহংস ৰায় শুনি॥
সেহি দিকে গৈয়া পুৰ্ণ্যু আনিয়োক জল।
তেবেশে তোমাৰ কাৰ্য্য সাধিবোঁ সকল॥
জল পালেঁ তোক মই দিবোঁ হৰি নাম।
এবে ঋষি তুমি নকৰি বা আন মন।
হেন শুনি ঋষি ৰাজে কৰিল গমন।
শুষণ কুণ্ডত গৈয়া ভৈলা উপসন॥
ৰঙাপৰি কুণ্ডত আচয় সৱে ভৰি।
তাক দেখি গুৰু মই আসিলো বাহুৰি॥
চাণ্ডাল বদতি শুনা ব্ৰহ্মাৰ তনয়।
চক্ষু মুদি আনা জল নকৰি বা ভয়॥
চক্ষু বান্ধি জলকযে, কুণ্ড ভৰি আন।
এবে ঋষি তুমি নকৰি বা আন মন॥
হেন শুনি ঋষি ৰাজে কৰিলা গমন।
শুষণ কুণ্ডত গৈয়া ভৈলা উপসৰ্ন॥
খেক্ খেক্ কৰিয়া ধাইলা অস্তিগণ।
তাক দেখি নাৰদৰ, ভয় ভৈলা মন॥
জন্ম লৈয়৷ নাৰদে কৃষ্ণৰ পাসে গৈলা।
পাছে দুই জন মাত্ৰ সম্ভাষণ ভৈলা॥
নাৰদে কহিলা পাছে হৰি নাম যত৷
চাণ্ডালৰ বেসে হবি জপিলা কৰ্ণত৷।
যেতিক্ষণে নাৰদৰ কৰ্ণত জপিলা।
নাৰদৰ বংশ সব বৈকুণ্ঠে চলিলা॥
প্রেতঙ্গ হৈছিল নাৰদৰ বংশ যত।
চতুর্ভূজ ৰূপে সব ৰৈলা বৈকুণ্ঠত॥
চাণ্ডাল বদতি ঋষি শুনিয়ো আতাই।
সেহি কুণ্ডে পুনৰ্ব্বাৰ জল আহা চাই॥
নমিল নাৰদে পাছে কৃষ্ণৰ চৰণ ৷
পাছে নাৰায়ণে তৈতে ভৈলা অন্তৰ্ধ্যান॥
সেহি কুণ্ডে গৈয়া নাৰদে আচন্ত চাই।
দেখে তাৰ বংশ সব বৈকুণ্ঠক জাই৷৷
দেখি নাৰদৰ পাছে হৰ্ষ ভৈলা মন।
গুৰুৰ পাসক লাগি কৰিলা গমন৷৷
ধৰ্ম্মতো নাহিকে শ্রেষ্ঠ বিনে হৰি নাম।
জানি কৃষ্ণ পাৱে ধৰি বোলা ৰাম ৰাম৷৷
শ্লোক।
নাহং তৃষ্ঠামি বৈকুণ্ঠ যোগীনায়ং।
হৃদয়ে নচ মৎভঞ্জং যত্ৰ গায়স্তিতত্ৰ তৃষ্ঠামি না নাৰদং॥
ঝুমুৰি।
| প্ৰাণ প্ৰভু গৈলা এৰি। | কান্দন্ত খোজত পৰি॥ |
| গুৰু নেদেখি পুনৰ। | মনোঁ দুঃখ কৰে বড়॥ |
| গুৰু নহয় চাণ্ডাল। | চক্ষুত বেঢ়িলে জান॥ |
| চাণ্ডালেসে মোৰ বাপ। | এৰোঁ কৈত তানে তাপ॥ |
| গুৰু বিনে হলোঁ নষ্ট। | এহি বুলি কৰে কষ্ট॥ |
| গুৰু নপাই বিচাৰি। | কান্দে মনো কষ্ট কৰি॥ |
| গুৰু চাই ফুৰে বনে। | গুৰু গেল কোন স্থানে॥ |
| গুৰুক নাপাওঁ আৰ | মনে কৰোঁ নমস্কাৰ॥ |
| দেখি কৃষ্ণে হাঁসিলন্ত। | থাট্টা কৰি সুধিলন্ত॥ |
| আজি দেখোঁ নাৰদৰ। | শৰীৰ অতি সুন্দৰ॥ |
| কৈত পালে এনে জ্ঞান। | বোলা স্থিৰ কৰি মন॥ |
| ঋষি বোলিল বচন। | পালোঁ চাণ্ডাল এজন। |
| গুৰু মাণি জ্ঞান লৈলোঁ। | গুৰু সেবিব নপালোঁ॥ |
| কোনে গেল মায়া কৰি। | গুৰু নপালোঁ বিচাৰি॥ |
| শুনিয়োক সৰ্ব্বজন। | নেৰিব৷ কৃষ্ণত মন॥ |
শ্লোক।
অশঞ্জ স্তস্কৰ সাধু কুৰুপা চেৎ পতিব্ৰতা।
বোগীচ দেৱতা ভঞ্জো বৃদ্ধা বেশ্যা তপস্বীনি॥
পদ।
কেশৱ বদতি ঋষি নকৰি বা ডৰ।
মই সে চাণ্ডাল গুৰু ভৈলোঁহো তোমাৰ॥
জিজ্ঞানিয়া চাহিলোঁ তোমাৰ শ্ৰদ্ধা মন।
সেই কাৰণে তোমাক দিলোঁ দৰিষণ॥
যি কাৰণে উদ্ধবে কৰিলা অপমান ৷
মোৰ প্ৰসাদে ইটো পাইলা দৃব্য জ্ঞান ৷৷
মোৰ বচনে তুমি নাৰদ মহা ঋষি ৷
উদ্ধবৰ পাসে তুমি যায়োক হৰিষি ৷৷
হেন শুনি নাৰদ হৰিষ ভৈলা মন ।
উদ্ধৱৰ পাসে পাছে কৰিলা গমন ৷৷
কুটুম্ব মানি উদ্ধবে কৰিলা সম্মান ৷
তোমাৰ সমান আতি মিত্ৰ নাহি আন ৷৷
তযু অপমান মই কৃষ্ণত কহিলোঁ ।
পাছে কৃষ্ণৰ পৰা দৃব্য জ্ঞান পাইলোঁ ৷৷
দেখোঁ মোৰ বংশ সব জাই বৈকুণ্ঠক ।
হেন শুনি উদ্ধৱৰ, ৰঙ্গ ভৈলা মন ৷৷
নাৰদক প্রণামি কৰিলা আলিঙ্গন ৷
নাৰদ বদতি মিত্র শুনিয়ো বচন ॥
আপোনি জিজ্ঞাসে প্রভু ভকতব মন ৷
তোমাৰ পাসে পথাই দিলা নাৰায়ণ ৷৷
ত্রিভূৱনে পুজে প্রভূ অৰুণ চৰণ ৷
হেন শুনি উদ্ধৱৰ ৰঙ্গ ভৈলা মন ৷৷
অনাথৰ নাথ প্ৰভূ পশিলো শৰণ।
কৃষ্ণত ভজিলে হোৱে সাৰ্থক জীৱন॥
নাৰদ বদতি মিত্ৰ জাওঁ কৃষ্ণ পাসে।
এহি বুলি নাৰদে কহে উদ্ধৱ পাসে॥
হেন শুনি উদ্ধৱৰ হৰিষিত মন।
কৃষ্ণৰ পাসক লাগি কৰিল গমন॥
নাৰদ উদ্ধৱ দুয়ো গৈলা কৃষ্ণ স্থান।
দুয়ো মিত্ৰে প্ৰণামিলা কৃষ্ণৰ চৰণ॥
মহাশ্ৰেষ্ঠ ভাৱে কৃষ্ণ দুহাঙ্ক দ্ৰৱিলা।
নাৰদক মহামন্ত্ৰ নাম শিক্ষা দিলা॥
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
নিৰন্তৰ নৰে ডাকি বোলা ৰাম ৰাম॥
[শুদ্ধ কৰা মানুহৰ চিনাকী]
আছিল মাধৱ, দেৱৰ ভাগীন
ঠাকুৰ ৰাম চৰণ।
তাহান বংশত, মই অধমক
দিলেক কৰি স্ৰজন
ভাল মতে ইটো, শাস্ত্ৰক নেদেখি
শুধৰাব নোৱৰিলোঁ।
মই মুঢ়মতি, একোকে নেজানোঁ
কষ্টত প্ৰাণ মজিলোঁ॥
পৰৰ ৰচিদ, কৰা শাস্ত্ৰ সব
নেপায় শুদ্ধ কৰিব।
বুলি কহে জ্ঞানী, যিটোশুদ্ধ কৰে
সিজনৰ পাপ হৱ॥
ইটো শাস্ত্ৰ চাই, দেখোঁ অশুদ্ধই
পদে পদে ভৰি আছে।
পঢ়ি বেয়া পালোঁ, দোষক নেচালোঁ,
মূৰ্খে শুধৰালোঁ পাছে॥
শুনা সাধূ নৰ, আত দোষ হৈছে
সিটো হবি সুমৰণে।
ঈশ্বৰৰ নাম, স্মৰণ কৰাত
নষ্ট হৌক তাৱক্ষণে॥
ইটো শাস্ত্ৰ মাজে, ঝুমুৰি আছিল
এটি দহ আখৰিয়া।
তাক কাটি মই, মূঢ়মতি দিলোঁ
কৰি আঠ আখৰিয়া॥
মাধৱ দেৱৰ, নিজ ভাগীনৰ
বংশে ভৈলা মোৰ জন্ম ।
বামনা সত্ৰত, জন্ম ভৈলা মোৰ,
নাম দিলা পদ্মনাথ ॥
মই অতি শিশু, মতি ঈশ্বৰক,
কৰি লোঁ হোঁ নমস্কাৰ ৷
শুনা সাধু নৰ, মই অনাথৰ
ক্ষমা কৰা দোষ মোৰ॥
কহে পদ্মনাথ, দান্তে তৃণ ধৰি
নধৰিবা দোষ মোৰ ৷
কৃষ্ণৰ চৰণ, চিন্তা সব নৰ
সব পাপ হৌক দুৰ॥
অখণ্ড মণ্ডলীকবিং ব্যাপ্ত যেন চৰাচৰং
তৎপদং দর্শিতং যেন তস্মৈ যেন চৰাচৰং।
সমাপ্ত ৷
১৩১৪ সন, বৈশাগ মাষ।