নাম-মহিমা, নাম, প্ৰশংসা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নাম-মহিমা, নাম, প্ৰশংসা
নাম-মহিমা

কৃষ্ণৰ পৰম         নিৰ্ম্মল চৰিত্ৰ

কথাৰ যৈত প্ৰকাশ |

গঙ্গা আদি কৰি         যত তীৰ্থ আছে

তৈতেসে কৰে নিৱাস ||৩২৭

শ্ৰীৰাম-নাম         ভকতজনৰ

মহাধন হীৰা বিত্ত |

সংসাৰ সাগৰে         তাৰ দুৰ্গ পাৰ

শ্ৰীৰাম-নামে নিশ্চিত ||৩২৮

শ্ৰীৰাম-নাম         মল-অৰণ্যৰ

বাড়ৱ অগনি সম |

শ্ৰীৰাম-নাম         মনয় উত্স-ৱ

ভদ্ৰতো ভদ্ৰ উত্তম ||৩২৯

নাৰায়ণ-নাম         নৰ সমস্তৰ

প্ৰসিদ্ধ চৌৰ বিশেষ |

অনেক জন্মৰ         সঞ্চিত পাতেক

শ্ৰৱণে হৰে নি:শেষ ||৩৩০

ৰাম শব্দৰ         ৰা পদ ভৈল

প্ৰচণ্ড বহ্নি-নিশ্চয় |

ম-বায়ু সমে         অধৰ্ম্ম-অৰণ্য

দহিয়া ভস্ম কৰয় ||৩৩১

কুকথা পাষণ্ড         সংবাদ বিবাদ

পৰ্ব্বত আতি নিঠুৰ |

ৰাম-কৃষ্ণ-নাম-         বজ্ৰক প্ৰহাৰি

কৰা তাম মষিমুৰ ||৩৩২

অপাৰ আনন্দ         ৰস ৰাম-নাম

মুখত থাকয় যাৰ |

মুকুতি-সুখকো         থৱে পাশ কৰি

আন সুখ কোন ছাৰ ||৩৩৩

যিটো মহাজনে         ঈশ্বৰ কৃষ্ণৰ

ভজয় পদ-কমল |

কুল উদ্ধাৰিল         আপুন তৰিল

তাৰেসে জন্ম সাফল ||৩৩৪

সুদৃঢ় বিশ্বাস         কৰি যিটোজনে

সদা ৰাম-নাম গাৱে |

তাক বাদ-দায়         দিয়া দুষ্ট কলি

দুৰতো দূৰ পলাৱে ||৩৩৫

অলপ অক্ষৰ         ৰাম-কৃষ্ণ-নাম

কোমলৰো সুকোমল |

ৰাম-কৃষ্ণ-নাম         সৱাৰো সুহৃদ

মঙ্গলৰো সুমঙ্গল ||৩৩৬

মুকুতসৱৰো         মনক টানিয়া

আনয় হৰিৰ গুণে |

এক-প্ৰাণ হুয়া         মহন্তসকলে

গাৱয় কহয় শুনে ||৩৩৭

হৰিৰ নামৰ         অনন্ত মহিমা

জানি মহাজনে গান্ত |

আপুন নামৰ         মহিমাক হৰি

আপুনি অন্ত নপান্ত ||৩৩৮

হৰিৰ নামৰ         অনন্ত প্ৰভাৱ

কোনে কহি পাৱে সীমা |

সংসাৰ বিনাশে         হৰিকো প্ৰকাশে

নামৰ মহামহিমা ||৩৩৯

হৰিৰ নাম         একোৱে বিঘিনি

নাহিকে জানা নিশ্চয় |

আন যত ধৰ্ম্ম         তাহাৰো বিঘিনি

নামেসে দূৰ কৰয় ||৩৪০

ৰাম-নাম মহা         প্ৰমত্ত সিংহৰ

ধ্বনি শুনি ঋণি ঋণি |

পাপময় মত্ত         মাতঙ্গ পলায়

মিলিল হেৰা বিঘিনি ||৩৪১

ৰাম-কৃষ্ণ-নাম         কীৰ্ত্তন বাড়ৱ-

অগনিৰ শিখা লাগি |

অসুৰ ৰাক্ষস         পাষণ্ড পিশাচ

পলায় দশো দিশে ভাগি ||৩৪২

জয় জগজীৱ         জগত-কাৰণ

জয়তি জগনিৱাস |

তোহ্মাৰ ভকতি-         ৰসে মুকুতিকো

কৰে বহু পৰিহাস ||৩৪৩

কৃষ্ণ-নাম ইটো         পৰম মঙ্গল

যাহাৰ থাকে বাক্যত |

সিটো পুৰুষৰ         ভস্ম হুয়া যায়

মহাপাপ কোটি শত ||৩৪৪

পৰম উজ্জল         হৰি-নাম-ৰত্ন

কণ্ঠত যিটো পিন্ধয় |

তাহাৰ পুৰুষ         যতেক আছয়

সৱাকো শোভা কৰয় ||৩৪৫

পৰম প্ৰশান্ত         নাৰায়ণ-পৰ

মুক্তৰো মাজে বিৰল |

এহিমানে মাত্ৰ         পুৰুষাৰ্থ-সাৰ

হৰিৰ সেৱাৰ বল ||৩৪৬

ধৰ্ম্মে পৃথিৱীৰ         আগত কহিলা

মহাভাগৱত-ধৰ্ম্ম |

মুকুতি-সুখৰ         কেৱল আশ্ৰয়

জানা মাধৱৰ কৰ্ম্ম ||৩৪৭

কৃষ্ণ-গুণ-নাম-         ধৰ্ম্মেসে পৰম

মঙ্গলৰো সুমঙ্গল |

কৃষ্ণৰ কীৰ্ত্তন-         ৰসেসে কেৱলে

মুকুতি সুখৰ ফল ||৩৪৮

যিহেতু কৃষ্ণৰ         কীৰ্ত্তন-ধৰ্ম্মত

নাহিকে পাত্ৰ নিয়ম |

কেৱলে কৃষ্ণৰ         কীৰ্ত্তনে কৰয়

সমস্তকে নৰোত্তম ||৩৪৯

অন্যত্ৰ সাধনে         কোনো বিচক্ষণ-

জনক মোক্ষ দিৱয় |

কৃষ্ণৰ জন্মৰ         কৰ্ম্মৰ কীৰ্ত্তনে

মুকুতিকো বিড়ম্বয় ||৩৫০

ৰাম হেনো ইটো         দুগুটি অক্ষৰ

বলৰ নাহিকে সীমা |

মুকুতি-সুখকো         কৰিলে অধীন

আছোক আন মহিমা ||৩৫১

যিটো ৰুদ্ৰদেৱে         পৰম লীলায়ে

জগতকে সংহৰন্ত |

ৰামৰ নামৰ         তেহু হুয়া বশ্য

দিনে-ৰাত্ৰি সুমৰন্ত ||৩৫২

নাৰদ-সনত-         কুমাৰ অনন্ত

শুক মুনি আদি কৰি |

মুকুতি-সুখক         ঠেলি ৰাম-নাম

সদায় ফুৰে সুমৰি ||৩৫৩

ইটো ৰাম-নামে         আপুনাৰ গুণে

ইশ্বৰকো কৰে বশ্য |

এতেকে জানিবা         ৰাম-নাম বিনে

শাস্ত্ৰৰো নাহি ৰহস্য ||৩৫৪

চৈতন্য-ঈশ্বৰ-         আদিত্য যাহাৰ

হিয়াত ভৈলা প্ৰকাশ |

কাল-মেঘ-প্ৰায়         অবিদ্যা-আন্ধাৰ

তাহাৰো হোৱে বিনাশ ||৩৫৫

ভালুক বানৰ         ৰাক্ষস তৰিল

ৰামত কৰিয়া সেৱ |

হেনয় পৰম         কৃপালু দেৱতা

ৰাম বিনে নাহি কেৱ ||৩৫৬

নিৰ্গুণ কৃষ্ণৰ         গুণক প্ৰকাশ

কৰিলা শ্ৰীশঙ্কৰে |

শ্ৰৱণ কীৰ্ত্তন         কৰি মহাসুখে

পাপীও সংসাৰ তৰে ||৩৫৭

পৰম ঈশ্বৰ         কৃষ্ণ দেৱতাৰ

গুণৰ নাহিকে অন্ত |

ইহাৰ তত্ত্বক         জানিবা কেৱলে

শঙ্কৰে মাত্ৰ জানন্ত ||৩৫৮


নাম

ৰাম নাম হৰি         গোপাল গোৱিন্দ

মুকুন্দ যদু মুৰাৰি |

ভকতৰ ধন         হৃদয়-ৰঞ্জন

ব্ৰজ-জন-অধিকাৰী ||৩৫৯

ৰাম অনন্ত         প্ৰভু-ভগৱন্ত

ভকত-ভয়-ভঞ্জন |

নিত্য নিৰঞ্জন         দানৱ-গঞ্জন

সজ্জন-জন-ৰঞ্জন ||৩৬০

ৰাম নাম ৰাম         নাম যদুপতি

ৰাঘৱ ৰঘু-নন্দন |

অনাদি অনন্ত         শিৱ সনাতন

অচ্যুত জগ-বন্দন ||৩৬১

দৈৱকী-নন্দন         ৰাম নাৰায়ণ

জগত-কাৰণ ৰাম |

সৰ্ব্ব-দেৱ-শিৰো         মণি নাৰায়ণ

সমস্তে সুখৰে ধাম ||৩৬২

নিৰাকাৰ নিৰা-         ময় নৰোত্তম

নাৰায়ণ নিৰঞ্জন |

মুকুন্দ মুৰাৰি         ভৱ-ভয়হাৰী

ভকত-জন-ৰঞ্জন ||৩৬৩

মাধৱৰ নাম         বত্স -প্ৰায় ভৈল

ভক্তে তাঙ্ক লৈয়া যান্ত |

বেদৰ ঈশ্বৰ         হৰি ধেনু যেন

তাৰ পাছে পাছে ধান্ত ||৩৬৪


প্ৰশংসা

তাৰাসৱে পূজ্য         তাৰাসৱে ধন্য

তাৰাসে সুহৃদ জন |

কলি-যুগে হৰি         আনকো বোলাৱে

আপুনো কৰে কীৰ্ত্তন ||৩৬৫

হৰিক বান্ধৱ         বুলিয়া যিজনে

কৰয় হৰি-কীৰ্ত্তন |

সমস্তে শাস্ত্ৰৰ         তত্ত্বক জানিলে

জানা সিসি মহাজনে ||৩৬৬

যেৱে হৰি-পদে         শৰণ পশিয়া

হৰি-নাম লৱে মুখে |

হৰিৰ প্ৰসাদ         পাৱয় সিজনে

মায়াকো তৰয় সুখে ||৩৬৭

ধন্য কলি-যুগ         ধন্য ৰাম-নাম

ধন্য ধন্য নৰ-কায়া |

ভাগ্যহীন জনো         জপি ৰাম-নাম

তৰয় দুস্তৰ মায়া ||৩৬৮

কলিৰ লোকৰ         ভাগ্যৰ মহিমা

কোনে কহি পাৱে পাৰ |

হৰি-গুণ-নাম         কলিৰ স্বধৰ্ম্ম

সমস্তে শাস্ত্ৰৰে সাৰ ||৩৬৯

হৰি-কথা-ৰস         নিৰ্ম্মল অমৃত

যিটোজনে পান কৰে |

সংসাৰ-মধ্যত         সিসিজনে মাত্ৰ

সাফল জীৱন ধৰে ||৩৭০