নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য
নাগালেণ্ডৰ পৰ্যটন
আৰু অন্যান্য
তৰুণ লইং
NAGALANDOR PARJYATON ARU ANYANNYA : A book on travelling to Nagaland and the possibilities of tourism over there written by Tarun Loying Assistant Professor Department of Assamese, Jorhat College Published by Tarun Loying, Jorhat-785001 (Assam).
।। মূল্য : ৩০০.০০ টকা ।।
নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য
তৰুণ লইং
।। প্রথম প্রকাশ : আগষ্ট, ২০২০ চন ।।
।। অলংকৰণ : পৰাগ বৰুৱা ।।
।। লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।।
@Tarun Loying
ISBN : 978-93-5407-316-8
অৰ্পণ
যিগৰাকী শিক্ষাগুৰুৰ বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ
নাগালেণ্ডখনৰ প্ৰতি গভীৰ ভাবে আকৰ্ষিত হৈছিলো
সেইগৰাকী মহান শিক্ষাগুৰু শ্ৰদ্ধেয়
ড° ভীমকান্ত বৰুৱা (অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়) ছাৰৰ কৰকমলত
‘নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য’
শীৰ্ষক পুথিখনি অৰ্পণ কৰিলো।
পাতনি
ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তত থকা এখন অন্যতম ৰাজ্য হৈছে নাগালেণ্ড। সেউজীয়া পাহাৰীয়া উপত্যকা, হাবি-বন-ঘাঁহনি, জীপাল কৃষিভূমি, বিভিন্ন প্ৰকাৰৰ ঔষধি উদ্ভিদ তথা দৈয়াং, ধনশিৰি, ডিখু, মিলাক, টিজু, জুংকি আদি নদীৰে পৰিবেষ্টিত নাগালেণ্ড ৰাজ্যই ভাৰতবৰ্ষৰ উপৰি সমগ্ৰ বিশ্বৰ পৰ্যটন মানচিত্ৰত বিশেষভাৱে ঠাই পাবলৈ সক্ষম হৈছে। সাংস্কৃতিক দিশত অত্যন্ত চহকী নাগালেণ্ডৰ প্ৰতিটো জনজাতিয়ে স্বকীয় সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাত সচেতনতা অৱলম্বন কৰা দেখা যায়। ১৯৬৩ চনৰ পহিলা ডিচেম্বৰত নাগালেণ্ড ৰাজ্যই ভাৰতবৰ্ষৰ ষোড়শ (Sixteenth) ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। ষোল্ল হাজাৰ পাঁচশ ঊনাশী বৰ্গ কিল’মিটাৰ (১৬,৫৭৯) ভূমিৰে পৰিবেষ্টিত নাগালেণ্ডৰ উত্তৰ আৰু পশ্চিমে অসম, পুৱে ম্যানমাৰ আৰু অৰুণাচল প্ৰদেশ আৰু দক্ষিণে মণিপুৰ ৰাজ্যই আগুৰি আছে।
উনৈশ লাখতকৈ অধিক জনসংখ্যাৰে পৰিপূৰ্ণ নাগালেণ্ডত প্ৰধানকৈ ১৬ টা জনজাতিয়ে বসবাস কৰি আছে। এই ১৬ টা জনজাতি হৈছে – আংগামী, ৰেংমা, জেলিয়াং, কুকি, কছাৰী, চাখেচাং, পচুৰি, চাং, আও, কন্যাক, ফ’ম, খিয়ামন্যুংগাম, য়িমচুংগ্ৰু, চাংতাম, লোথা আৰু চুমি। নাগালেণ্ডৰ প্ৰতি বৰ্গ কিল’মিটাৰত জনসংখ্যাৰ ঘনত্ব হৈছে এশ বিশজন। নাগালেণ্ডৰ এঘাৰখন জিলা ক্ৰমে মন, লংলেং, মোকক্চাং, টুৱেনচাং, জুনহেবুট, কিফিৰে, ওখা, ফেক, কোহিমা, ডিমাপুৰ আৰু পেৰেনত মুঠ বাৱন্নটা উন্নয়ন খণ্ড আছে। উল্লেখযোগ্য যে নাগালেণ্ডত জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে (মাৰ্চ আৰু জুন মাহৰ বাদে) কেৱল উৎসৱৰ পয়োভৰ দেখিবলৈ পোৱা যায়। নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ ওচৰৰ ‘কিছামা নাগা হেৰিটেজ ভিলেজ’ত প্ৰতিবছৰে ডিচেম্বৰ মাহৰ এক তাৰিখৰ পৰা দহ তাৰিখলৈকে বিখ্যাত ‘আন্তৰাষ্ট্ৰীয় হৰ্ণবিল মহোৎসৱ’ অনুষ্ঠিত হয়। দুইঃ নগা টেঙা, নগা দা, নগা ঘা ইত্যাদি আৰু নিজা অভিজ্ঞতা
তথাকথিত সভ্য অসমীয়া সমাজখনে ভিন ভিন সময়ত ভিন ভিন জনজাতিক তুচ্ছ-তাচ্ছিল্য কৰা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে যিটো টেঙা খাব নোৱাৰি অতিকৈ টেঙা সেইটো হৈছে ‘নগা টেঙা’, যিডোখৰ ঘা নুশুকাই সেই ডোখৰক ‘নগা ঘা’, যিখন দা দাঙিব নোৱাৰি ‘নগা দা’ ইত্যাদি অবজ্ঞাৰ সুৰ অসমীয়া সমাজত নাগাসকলক লৈ কৰি অহা দেখা যায়। আনকি নাগা মানেই বৰ্বৰ, আসুৰিক প্ৰকৃতিৰ বুলি আধুনিক যুগৰ বিহু গীততো শিল্পীয়ে উল্লেখ কৰিছে— “..... জুনুকাৰ বাপেকটো, পাহাৰৰ নগাটো, দা লৈ কাটিব, কুঠাৰ লৈ কাটিব আহে”। বাস্তৱ ক্ষেত্ৰত নাগালেণ্ডত গৈ নিজে দেখিলো যে ছবিখন সম্পূৰ্ণ ওলোটা। উদাহৰণস্বৰূপে যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ মাধুৰ্য্যৰ সৈতে মন আৰু লঙ্ৱালৈ মটৰচাইকেল লৈ ফুৰিবলৈ যাওঁতে মানুহ এঘৰত মেগি আৰু সিজোৱা ডিমেৰে আমাক বিনামূলীয়াকৈ আপ্যায়ন কৰিলে; দিলীপ হাজৰিকা ছাৰ, ছাত্ৰ ভৰদ্বাজ শংকৰ বৰুৱাক লগত লৈ টুৱেনচাঙলৈ যাওঁতে চুংলিয়িম্টিত আমাক ল’কেল মুৰ্গী, শুকান গাহৰি মাংসৰে আপ্যায়ন কৰিলে; কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুবুল শইকীয়াক লৈ জুলেকলৈ যাওঁতে টুচে নামৰ মহিলা গৰাকীয়ে ভাত ৰান্ধি খুওৱাৰ উপৰি এপাচিমান লাইশাক দি পঠালে৷ এচাম অজীন পাতকীৰ বাবেই অসমৰ পৰা নাগালেণ্ড, মেঘালয়, মিজোৰাম চিৰদিনৰ বাবে আঁতৰি গ’ল আৰু ভৱিষ্যতেও হয়তো বহুতো জনগোষ্ঠীয়ে তথাকথিত সভ্য অসমীয়া সমাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাব। সেয়েহে অসমৰ পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰা বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই ‘মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ’ শীৰ্ষক গীতটিৰ শেষত কৈছিল—
“কিছু ল’ব লাগে, কিছু দিব লাগে, জীন যাবলৈ হ’লে
মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক’লে,
অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে
অজীন পাতকীসৱৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ........
তিনি : ‘নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য’ শীৰ্ষক পুথিখনিৰ বিষয়ে
‘নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য’ শীৰ্ষক পুথিখনিত নাগালেণ্ডৰ পৰ্যটন সম্পৰ্কীয় সকলো দিশ সামৰি আলোচনা কৰা হোৱা নাই। তাৰ বিপৰীতে পুথিখনত কেৱল নাগালেণ্ডৰ পৰ্যটনৰ মানচিত্ৰত ঠাই পোৱা উল্লেখযোগ্য ঠাইসমূহৰ বিষয়েহে চমুকৈ উল্লেখ কৰা আছে। অন্যান্য নামৰ দ্বিতীয় খণ্ডটোৰ অন্তৰ্গত অধ্যায়কেইটাত নাগালেণ্ড ভ্ৰমণ কৰা বিভিন্ন ঠাইসমূহৰ বিষয়ে ভ্ৰমণ কাহিনীমূলক অভিজ্ঞতা দাঙি ধৰা হৈছে। মটৰ চাইকেল আৰু চাৰিচকীয়া গাড়ী লৈ চালকৰ আসনত বহি নাগালেণ্ডৰ পৰ্যটন স্থলীসমূহত ভৰি দি যি মনোমোহা প্ৰাকৃতিক পৰিৱেশ দেখিছিলো তাৰেই মূৰ্ত প্ৰকাশ মোৰ এই ক্ষুদ্ৰ পুথিখনি। পুথিখনিত ৰৈ যোৱা ভুল-ত্ৰুটিবোৰ পাঠক সমাজে আঙুলিয়াই দিলে নথৈ কৃতাৰ্থ হ’ম আৰু নাগালেণ্ডৰ বিষয়ে ভৱিষ্যতে লিখি যাবলৈ উৎসাহ পাম।
বিশেষ কৃতজ্ঞতা
‘নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য শীৰ্ষক’ পুথিখনি লিখিবলৈ মোক অনুপ্ৰেৰণা যোগোৱা সহধৰ্মিনী পাৰুলতাক প্ৰথমেই শলাগ জ্ঞাপন কৰিছো। ঘৰৰ বেছিভাগ কাম সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেই সৰুকৈ হ’লেও পুথিখনি লিখি উলিয়াব পাৰিলো। ইয়াৰোপৰি মোৰ নাগালেণ্ডৰ বিভিন্ন ঠাই ফুৰিবলৈ যোৱাৰ সময়ছোৱাত ভ্ৰমণ সহযোগী হৈ যোৱা বন্ধু অৰুণ নৰহ, অনিমেষ ঘোষ, ধনঞ্জয় সিং, ৰঞ্জিত নৰহ, অজিত পায়েং, ছাত্ৰ মাধুৰ্য্য দাস, ভৰদ্বাজ শংকৰ বৰুৱা, বৰহাটৰ শিক্ষক দিলীপ হাজৰিকা ছাৰ সকলোলৈকে বিশেষভাৱে ধন্যবাদ জনালো। ‘মেগা প্ৰিণ্ট’ৰ স্বত্বাধিকাৰী পৰাগ বৰুৱাই পুথিখনি প্ৰকাশৰ দায়িত্ব লোৱাৰ বাবে তেওঁলৈকো মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলো।
| সূচীপত্ৰ। | ||
| ✦ | ডিমাপুৰ জিলাৰ পৰ্যটন | ১২-১৪ |
| ✦ | পেৰেন জিলাৰ পৰ্যটন | ১৫-১৬ |
| ✦ | কোহিমা জিলাৰ পৰ্যটন | ১৭-২৪ |
| ✦ | ফেক্ জিলাৰ পৰ্যটন | ২৫-২৭ |
| ✦ | জুনহেৱটু জিলাৰ পৰ্যটন | ২৮-২৯ |
| ✦ | ওখা জিলাৰ পৰ্যটন | ৩০-৩৩ |
| ✦ | কিফিৰে জিলাৰ পৰ্যটন | ৩৪-৩৬ |
| ✦ | টুৱেনচাঙ জিলাৰ পৰ্যটন | ৩৭ |
| ✦ | মোকক্চাং জিলাৰ পৰ্যটন | ৩৮-৪২ |
| ✦ | লংলেং আৰু মন জিলাৰ পৰ্যটন | ৪৩-৪৭ |
| ✦ | অন্যান্য | ৪৮ |
| ✦ | ভাৰত-ম্যানমাৰ সীমান্তৰ কন্যাক ৰজাৰ (Ankh) ঘৰত এবেলা | ৪৯-৬১ |
| ✦ | টুৱেনচাঙৰ নৱীন হোটেলত এৰাতি | ৬২-৭৮ |
| ✦ | মোকক্চাঙৰ ‘হুইচপাৰিং উইণ্ডচ্’ হোটেলত এৰাতি | ৭৯-৮৪ |
| ✦ | ‘হৰ্ণবিল ফেষ্টিভেল’ত এদিন | ৮৫-১০০ |
| ✦ | চুচুয়িম্লাং, জুনহেৱটু, লংখুম আৰু ট’ফেমা চাই আহিলো | ১০১-১১২ |
| ✦ | নাগালেণ্ডৰ দৈয়াং নদীবান্ধ, উঝুৰু, জুলেকে বেনৰৗও (মাউণ্ট পাওনা) চাই আহিলো | ১১৩-১২৮ |
| ✦ | Dzukou Valley দেখিলো | ১২৯-১৩৬ |
| ✦ | খনমা চাই আহিলো | ১৩৭-১৪৪ |
| ✦ | নাগালেণ্ডৰ পৰ্য্যটন সম্পৰ্কীয় কিছু তথ্য | ১৪৫-১৫৫ |
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।