নমস্কাৰ, উপদেশ, খেদ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

--Pratim (talk) 15:47, 4 May 2012 (UTC)

নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নমস্কাৰ, উপদেশ, খেদ
নমস্কাৰ

নমো কৃষ্ণদেৱ         পাপী বুলি কেৱ

মোকো মোৰ নোবোলয় |

পতিত-পাৱন         জানিয়া তোহ্মাত

আপুনি গৈলো বিক্ৰম ||১৯১

নমো হৰি-পদ-         পঙ্কজ যুগল

বিমল সুখ সাগৰ |

অনাদি অনন্ত         সন্ত সদাশিৱ

ভগৱন্ত ভৱ-হৰ ||১৯২

মোহ মায়া ৰাগ         মদ মল কাম

দম্ভ দ্বেষ আদি ভাৱ |

যি গুৰুজনত         ইসৱ নথাকে

প্ৰণামো তাহানে পাৱ ||১৯৩

জয় যদুপতি         গোপাল গোৱিন্দ

যাদৱ মাধৱ ৰাম |

ভকতৰ ধন         জীৱৰ জীৱন

কৰোহো পাৱে প্ৰণাম ||১৯৪

নমো নিত্যানন্দ         জগত-কাৰণ

বাসুদেৱ ভগৱন্ত |

নিত্য শুদ্ধ বুদ্ধ         কাম অনিৰুদ্ধ

পুৰুষ প্ৰভু অনন্ত ||১৯৫

ৰাম নিৰঞ্জন         দানৱ-গঞ্জন

ভকৰ-ৰঞ্জন দেৱ |

তুমিসি পৰম         গুৰু নাৰায়ণ

তুৱা পাৱে কৰো সেৱ ||১৯৬


উপদেশ

ৰাম-কৃষ্ণ-নাম         ধৰ্ম্ম অনুপাম

সদায় যিটো সুমৰে |

যত মহাপাপ         নাম অপৰাধ

সৱে মষিমূৰ কৰে ||১৯৭

ঘোৰ সংসাৰৰ         ঔষধ হৰিৰ

তেজিয়া নাম সম্প্ৰতি |

আৱৰ কমন         উপায়ে পণ্ডিতে

লভিবে আপুন গতি ||১৯৮

মোৰ ভক্তি-যুক্ত         যোগীৰো জানিবা

মোতেসে চিত্ত যাহাৰ |

জ্ঞান কৰ্ম্ম বিনে         কেৱল ভক্তিত

পাৱয় সংসাৰ-পাৰ ||১৯৯

কেৱল ভকতি         পুৰুষত তাৰে

সহায় কাকো নচাৱে |

জ্ঞানে কৰ্ম্মে তাৱে         তাৰিতে নপাৰে

ভকতি নপাৱে যাৱে ||২০০

দুষ্ট কলি-সৰ্পে         সৱাকো দংশিলে

হৰাইল চেতন জ্ঞান |

ইহাৰ ঔষধ         শুধা ৰাম-নাম

বিনে নাহি নাহি আন ||২০১

সকলে পুণ্যৰ         অবিনাশী ফল

হৰি-গুণ-নাম সাৰ |

হৰিক সন্তোষ         কৰাইবাৰ হেতু

নাম বিনে নাহি আৰ ||২০২

বেদে ৰামায়ণে         পুৰাণে ভাৰতে

আদি মধ্য অৱসানে |

হৰিকেসে মাত্ৰ         কহৱে নিশ্চয়

জানা তথ্য এহিমানে ||২০৩

সত্য অসত্যৰ         জড় চৈতন্যৰ

মাজত যিটো প্ৰকাশে |

তাকে বুলি মন         সেহি সিটো পাৱে

যিজনে যাক উপাসে ||২০৪

মায়া আদি কৰি         সমস্তে অসন্ত

জানিবা জড় নিশ্চয় |

হৰি মাত্ৰ সন্ত         চৈতন্য ঈশ্বৰ

পৰম তত্ত্ব নিৰ্ণয় ||২০৫

বাসুদেৱ বাসু-         দেৱ বাসুদেৱ

বুলিয়া যিটো সুমৰে |

সিটো পুৰুষৰ         জানা যম ৰাজা

লিখন মাৰ্জ্জন কৰে ||২০৬

দিব্য সহস্ৰেক         নাম তিনিবাৰ

পড়ি যাৱে যত ফল |

একেবাৰ কৃষ্ণ-         নাম উচ্চাৰিলে

পাৱয় তাক সকল ||২০৭

যতেক অনৰ্থ         আছে সংসাৰত

তাতে তিনি বিধ সাৰ |

কাম ক্ৰোধ লোভ         আঔন-নাশন

জানি কৰা পৰিহাৰ ||২০৮

আত্মা-নাশ-হেতু         কাম ক্ৰোধ লোভ

নৰকৰ তিনি দ্বাৰ |

জানি আক তেজি         কেৱলে কৃষ্ণৰ

ভকতিৰ কৰা সাৰ ||২০৯

কাম ক্ৰোধ লোভ         তেজি যিটো জনে

ভজয় কৃষ্ণৰ পাৱে |

কৃষ্ণৰ কৃপাত         হোৱয় কৃতাৰ্থ

সুখে মুকুতিক পাৱে ||২১০

কৃষ্ণকেসে মাত্ৰ         ভজে যিটোজনে

অব্যভিচাৰী ভকতি |

তিনি গুণ অতি-         ক্ৰমি ব্ৰহ্ম-ৰূপ

পাৱে সিটো মহামতি ||২১১

তিনি-গুণময়         যত জ্ঞান কৰ্ম্ম

কেৱল বন্ধ-কাৰণ |

জানি তাম তেজি         একান্ত ভকতি

ভজিয়ো কৃষ্ণ চৰণ ||২১২

ৰজোগুণ তমো-         গুণ যত বৃত্তি

কেৱলে আসুৰী ভাৱ |

শুধ সত্ত্ব বৃত্তি         দেৱৰ সম্পত্তি

লৈয়া ভজা কৃষ্ণ পাৱ ||২১৩

মহন্তৰ সঙ্গে         হৰি-কথা-ৰসে

মনক জিনিয়া ভাই |

মায়াক তৰিয়া         হৰিক পাইবাৰ

উপায় আৱৰ নাই ||২১৪

হৰি-গুণ-নাম-         শ্ৰৱণ কীৰ্ত্তনে

ভজিয়ো হৰি চৰণ |

মনুষ্য হুইবাৰ         এহিমানে মাত্ৰ

জানা নিজ প্ৰয়োজন ||২১৫

যাহাৰ জিহ্বাত         থাকয় সততে

হৰিৰ নাম মঙ্গল |

সেহিসে মহন্ত         তাহাৰসে মাত্ৰ

সিজয় ধৰ্ম্ম সকল ||২১৬

সমস্তে শাস্ত্ৰৰ         তত্ত্বক জানিয়া

নেৰয় নাম মুখত |

সিটো মহাজনে         অপ্ৰয়াসে তৰে

সংসাৰ ঘোৰ-দুখত ||২১৭

ৰাম কৃষ্ণ ৰাম         কৃষ্ণ বোল ভাই

তেজিয়া লাজ আলাস |

শাস্ত্ৰ আচাৰ্য্যক         উপাসা কৰিয়া

বাসনা কৰা বিনাশ ||২১৮

হৰিৰ কীৰ্ত্তন         যিজনে নকৰে

তাত পৰে নাহি দুখী |

হৰি-গুণ-নাম         সন্তোষ-অমৃত

পিয়ে যিটো মহা সুখী ||২১৯

হৰিসে চৈতন্য         আত্মা জ্ঞানময়

আৱৰ সমস্তে জড় |

বেদ বেদান্তৰ         সমস্তে শাস্ত্ৰৰ

এহিসে বিচাৰ বৰ ||২২০

দেৱৰো দুৰ্ল্লভ         ঈশ্বৰ কৃষ্ণক

ভকতিসি কৰে বশ্য |

আগম নিগম         গীতা ভাগৱত

শাস্ত্ৰৰ এহি ৰহস্য ||২২১

যম কাল মায়া         মৃত্যুৱে বেড়িয়া

আছে বাঘজালি কৰি |

হেনয় জীৱক         কোনে তৰিবেক

বিনে কৃপাময় হৰি ||২২২

পাপ-সাগৰত         তল নিয়াইলেক

বলে কলি দুৰাচাৰ |

ৰাম-নাম বিনে         পাপ এৰাইবাৰ

উপাই নাহিকে আৰ ||২২৩

হৰিত শৰণ         লৈয়া যিটোজনে

সদা ৰাম-নাম গাৱে |

হোক বা সকাম         নিষ্কাম তথাপি

কলিৰ দোষে নপাৱে ||২২৪

হৰি-গুণ-নাম         আনন্দ-সাগৰে

মজায়ো মন নিপুণ |

সুখে সংসাৰৰ         তাপ এৰাইবাহা

নছাৰিবা হৰি-গুণ ||২২৫

সদায়ে ভাবিয়ো         ৰাম নাৰায়ণ

আলাস কেনে কৰস |

মুখ মাঝে হৰি-         নামৰ নিৱাস

ভুলিয়া কেনে মৰস ||২২৬

গোপাল গোপাল         গোপাল গোপাল

গোপাল গোবিন্দ হৰি |

ৰাম কৃষ্ণ ৰাম         কৃষ্ণ ৰাম কৃষ্ণ

বুলিয়ো আনন্দ কৰি ||২২৭

শীঘিৰ কৰিয়া         বোলা ৰাম হৰি

বিলম্ব নকৰ ভাই |

কোননো নায়ক         যমৰ দায়ক

হৰিক সুহৃদ পাই ||২২৮

নমো নিৰঞ্জন         দানৱ-গঞ্জন

ভকত-ৰঞ্জন ৰাম |

গোপাল গোৱিন্দ         মুকুন্দ মুৰাৰি

বোলা ভাই অবিশ্ৰাম ||২২৯

হৰি-পদে ধৰ         অন্যায় নকৰ

দুৰ্জ্জন মন পামৰ |

সাক্ষী হুয়া হৰি         হিয়াৰ ভিতৰে

আছা দেৱ দণ্ডধৰ ||২৩০

সদা ৰাম কৃষ্ণ         হৰি বোল ভাই

তেজিয়া মনে কপট |

হৰিৰ তলপ         লৈয়া যম-দূতে

চাপিয়া আছে নিকট ||২৩১

ৰাম কৃষ্ণ ৰাম         হৰি বোলা ভাই

নামে নকৰিয়ো হেলা |

হৰিৰ নামৰ         মাজত সমস্তে

ভকতি-সুখৰ মেলা ||২৩২

ৰাম কৃষ্ণ হৰি         ৰাম কৃষ্ণ হৰি

ভাবিয়ো ভাৱক ভাই |

ৰাম কৃষ্ণ হৰি         গোপাল বুলিয়া

বঞ্চিয়ো যমৰ দায় ||২৩৩

ৰাম কৃষ্ণ হৰি         ৰাম কৃষ্ণ হৰি

ৰাম কৃষ্ণ হৰি ৰাম |

ৰাম কৃষ্ণ হৰি         বুলিয়া তেজিয়ো

ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||২৩৪

অজ্ঞান-আন্ধাৰে         পৰিয়া জীৱৰ

জ্ঞান-পথ ভৈল নাশ |

নাম-অঞ্জনীয়া         বিনে আনমতে

নপাৱে হৰিৰ পাশ ||২৩৫

ৰাম-কৃষ্ণ-নাম         অমৃত সাগৰে

যিটোজনে কৰে কেলি |

তৃণ সম কৰি         সিটো মহাজনে

মুকুতিকো থাৱে ঠেলি ||২৩৬

হৰি-পদ-মহা-         থালী ৰাম-নাম

অমৃতে আছে ভৰিয়া |

কপট ঢাকন         ভাঙ্গি আৱে ভাই

সন্তোষ হুয়োক পিয়া ||২৩৭

মহন্তসৱৰ         সঙ্গে ৰাম-নাম

লৈয়ো অঞ্জনীয়া কৰি |

কপট দুৱাৰ         চুৰিয়া হৃদয়

ভাণ্ডাৰে দেখিয়ো হৰি ||২৩৮

ৰাম কৃষ্ণ ৰাম         কৃষ্ণ ৰাম কৃষ্ণ

ৰাম কৃষ্ণ ৰাম হৰি |

আলাস তেজিয়া         ভজিয়ো হৰিক

জানি এক মন কৰি ||২৩৯

মহন্তৰ সঙ্গে         সদায় মুখত

নছাৰিবা ৰাম-বাণী |

তেৱেসে চঞ্চল         দুৰাচাৰ মন

হৈবে আসি একাজানি ||২৪০

বোল ৰাম হৰি         গোপাল গোৱিন্দ

মুকুন্দ যদু মুৰাৰী |

নিত্য নিৰঞ্জন         যাৰ এক নামে

ভৱ তৰিবাকে পাৰি ||২৪১

ৰাম কৃষ্ণ হৰি         বোল শুন ভাই

অন্যায় নকৰো মনে |

চৈধ্য সাক্ষী সমে         যমেৰ দেৱান

দেখিয়োক সৰ্ব্বক্ষণে ||২৪২

ভজিয়ো হৰিৰ         চৰণ-পঙ্কজে

তেজিয়ো অনত্ৰ কাম |

সমস্তে ধৰ্ম্মৰ         ফল-ৰূপ জানি

নেৰিবা হৰিৰ নাম ||২৪৩

পিয়ু পিয়ু ভাই         ভাৱকসকল

হৰি-নাম ৰস-সাৰ |

যাক পায়া মহা-         মহন্ত কৰয়

মুকুতিকো পৰিহাৰ ||২৪৪

শুনিয়ো সজ্জন         ভজা নাৰায়ণ

এৰিয়া বিষয়-ৰাগ |

হৰি নুসুমৰে         আনসে আচৰে

সেহিসে যমেৰ ভাগ ||২৪৫

গোপাল গোৱিন্দ         মুকুন্দ শ্ৰীৰাম

জয় সনাতন হৰি |

নিগম-নিগূঢ়         হৰিৰ নামক

লৈয়োক যতন কৰি ||২৪৬

কৰ কোন কাম         বোল ৰাম ৰাম

তেজিয়ো মুখে আলাস |

ভকতৰ সঙ্গে         হৰি গুণ গাই

বৈকুণ্ঠে কৰিয়ো বাস ||২৪৭

আন যত ধৰ্ম্ম         হৰিৰ নামৰ

ৰেণুকো নোহে সমান |

হেন হৰি-নাম         অমৃত-সাগৰে

সন্তোষে কৰিয়ো পান ||২৪৮

হৰিক আশ্ৰয়         জানিবা নিশ্চয়

সুখৰ মূল কাৰণ |

হৰিত বিমুখ         দুখৰ কাৰণ

জানিবা নিষ্ট বচন ||২৪৯

বিধিৰ কিঙ্কৰ         যতেক সাধন

তাক পাশ কৰি থৈয়ো |

বিধিৰ ঈশ্বৰ         হৰি-নাম-গুণ

তাহাতে শৰণ লৈয়ো ||২৫০

মুকুতসকলো         গাৱে ৰাম-নাম

ৰসত অধিক জানি |

মৃত্যুৰ মুখত         পৰি ৰাম-নাম

নলৈবেক কোন প্ৰাণী ||২৫১

ৰাম-নাম বিনে         মৃত্যু এৰাইবাৰ

আৱৰ উপাই নাই |

মৃত্যু তৰিবাৰ         ইচ্ছা আছে যাৰ

ফুৰা হৰি-গুণ গাই ||২৫২

শাস্ত্ৰ-গুৰু-উপ-         দেশে শিষ্যসৱে

ঈশ্বৰক নেদেখয় |

বুদ্ধিত সত্ত্বস্থ         কৰিয়া আপুন

আত্মাক দেখে নিশ্চয় ||২৫৩

শাস্ত্ৰ-গুৰু-উপ-         দেশ-ক্ৰম ৰাম

ব্যৱস্থা মাত্ৰ পালন |

কেৱলে শিষ্যৰ         শুধ বুদ্ধি মাত্ৰ

জ্ঞানৰ হোৱে কাৰণ ||২৫৪

গুৰু-উপদেশ         লব্ধ শিষ্যসৱে

উপদেশ সাৰ ধৰা |

যেৱে ঈশ্বৰক         পাইবা যত্ন কৰি

বুদ্ধিক সত্ত্বস্ত কৰা ||২৫৫

শাস্ত্ৰ-গুৰুসৱে         শিষ্যক কৃপায়ে

শুধ উপদেশ দিব |

শিষ্যসৱে শুধ-        ভাৱে নধৰিলে

তাৰাসৱে কি কৰিব ||২৫৬

যেৱে শিষ্যসৱে         মহা শুধভাৱে

উপদেশ আচৰয় |

শাস্ত্ৰ গুৰু আপু-         নাকো সিটো শিষ্যে

তিনিকো ৰক্ষা কৰয় ||২৫৭

হৃদয়-তম্ভত         কৃষ্ণ-চৰণত

প্ৰেম-জৰী দিয়া ছান্দা |

পৰম সুদৃঢ়         ৰাম-কৃষ্ণ-নাম

কৱচ গলত বান্ধা ||২৫৮

ৰাম-কৃষ্ণ-নাম         অভেদ কৱচ

সদায়ে যিটো পিন্ধয় |

তিনি গুণ-বৃত্তি         অস্ত্ৰৰ প্ৰহাৰে

তাক আৰ নিবিন্ধয় ||২৫৯

হিৰণ্যকশিপু         প্ৰহ্লাদ পুত্ৰক

নানান দুৰ্গতি দিল |

হৰি-নাম-মহা-         কৱচ-প্ৰভাৱে

তান নোম নলৰিল ||২৬০

একান্ত শৰণে         যিটো নাম লৱে

ফুৰা হৰি তাঙ্ক ৰাখি |

ইহাত যদ্যপি         সঞ্জাত নাযাবা

লৈয়ো প্ৰহ্লাদত সাক্ষী ||২৬১

জ্ঞানে বা অজ্ঞানে         মাধৱৰ নাম

যিজনে ফুৰে সুমৰি |

তাক মোৰ বুলি         হাতে অস্ত্ৰ তুলি

ৰাখিয়া ফুৰন্ত হৰি ||২৬২

গ্ৰাহ-গ্ৰস্ত হুয়া         গজেন্দ্ৰে শৰণ

লৈলা ত্ৰাহি হৰি বুলি |

তাহাঙ্ক তেখনে         ৰাখিলন্ত আসি

হাতে হৰি চক্ৰ তুলি ||২৬৩

কাল-গ্ৰাহে ধৰি         আহ্মাকো গিলয়

চেতন নাহিকে মনে |

ত্ৰাহি হৰি বুলি         পশিলো শৰণে

অভয় হৰি-চৰণে ||২৬৪

ভৃত্য-ভয়-হাৰী         অপৰ দেৱতা

নাহি হৰি সমসৰ |

প্ৰপন্নজনৰ         জানিবাহা হৰি

বজ্ৰৰ যেন পঞ্জৰ ||২৬৫

হৰিৰ সেৱাত         প্ৰয়াস নাহিকে

জানিবা নিশ্চয় কৰি |

নাম মাত্ৰ লৈলে         হোৱন্ত প্ৰসন্ন

কিনো কৃপাময় হৰি ||২৬৬

শুনিয়ো চতুৰ         মহন্তসকল

ফুৰা হৰি গুণ গাই |

দুৰ্ঘোৰ কলিত         হৰি-নাম বিনে

গতি আনমতে নাই ||২৬৭

ঘোৰ কলি-যুগে         যত ধৰ্ম্ম-কৰ্ম্ম

সৱে কৰিলেক দূৰ |

যিজনে কেৱলে         হৰি-নাম লৱে

পুৰুষ সিসি চতুৰ ||২৬৮

বিষয়-সম্বন্ধ         ইন্দ্ৰিয়ৰ সুখ

সমস্ত যোনিতে পাই |

পৰম দুৰ্ল্লভ         হৰিৰ ভকতি

মনুষ্যত পৰে নাই ||২৬৯

মনুষ্য জনম         লভিবাৰ ফল

হৰিৰ কীৰ্ত্তন মাত্ৰ |

হৰিৰ কীৰ্ত্তন         কৰি মহাসুখে

হোৱে ভকতিৰ পাত্ৰ ||২৭০

হৰি-গুণ-নাম-         শ্ৰৱন কীৰ্ত্তনে

কৰয় চিত্ত নিৰ্ম্মল |

হৰিৰ চৰণে         কেৱলে ভকতি

লভিবাহা সুমঙ্গল ||২৭১


খেদ

কাল-গ্ৰস্ত হুয়া         ভৈলো অচেতন

বয়স গোৱাইলো হেলে |

বান্ধৱ কৃষ্ণৰ         নামক নলৈলো

হৰি ভকতৰ মেলে ||২৭২

তুমি নিত্য নিৰ-         ঞ্জন নাৰায়ণ

আমিও অংশ তোমাৰ |

তযু সেৱা-চোৰ         পায়া মহামায়া

মুহিলে মন আমাৰ ||২৭৩

কিনো অপৰাধ         কৰি আছো আমি

মাধৱ বান্ধৱ প্ৰাণ |

নাম ধৰি ডাকো         হিয়াত থাকিয়া

কেনে নেদা সমিধান ||২৭৪