সমললৈ যাওক

দেশ-বিদেশৰ সাধু/সিয়ান শিয়াল

ৱিকিউৎসৰ পৰা
 

সিয়ান শিয়াল
[আফ্ৰিকাৰ সাধু]

 পুৰণি কালত প্ৰত্যেক জন্তুৰে খেতি-বাতি কৰিবলৈ একো- ডৰা মাটি আছিল; সকলো জন্তুৱে তেতিয়া মানুহৰ দৰে খেতি- বাতি কৰি পেট প্ৰৱৰ্ত্তাইছিল। এবছৰ একেবাৰে কেইবা মাহো বৰষুণ নোহোৱাত খাল-বিল নদ-নদী শুকাল। খেতিকৰা দূৰৈৰ কথা আনকি পানীৰ অভাৱত ভালেমান জীৱজন্তু মৰিল।

 সেই দুৰ্দ্দিনত সিংহই সকলো জন্তুকে গোট খুৱাই এখনি মেল চপালে।

 “অহা বছৰ খৰাং দিনলৈ পানীৰ কিবা এটা দিহা কৰা উচিত। পানীৰ অভাৱত বছৰে বছৰে জ্ঞাতি-কুটুম্বৰ বিনাশ চকুৰ আগতে কেনেকৈ চাই থাকিবা?” সিংহই আৰু ক'লে, “তাৰনো কি উপায় কৰিব পাৰি তাৰেহে আলোচনা কৰিবলৈ আপোনালোকক মতা হৈছে।”

 সকলোৱে ভালেমান পৰ গুণাগঁথা কৰি পানী সাঁচিবলৈ এটি পুখুৰীকে খন্দাৰ প্ৰস্তাৱ ললে। পিছদিনা পুৱাৰে পৰা পাল পাতি কাম আৰম্ভ কৰিলেই। শিয়ালৰ পাল পৰিল সৰ্ব্বশেষত। ধোদৰ পচলা শিয়ালে আন জন্তুবোৰে কামত লগা বহি বহি চালে; মাজে মাজে আৰ তাৰ কামত অ'ত ত'ত খুঁত ধৰিলে। কিন্তু যি দিনা তাৰ নিজৰ পাল পৰিল, সেইদিনা শিয়াল নাই; কৰবালৈ পলাই পত্ৰং দিলে। শিয়ালৰ ভাগৰ কামখিনি অগত্যা আন আন জন্তুবোৰেই সমাধা কৰি পুখুৰীটো খান্দি উলিয়ালে। পুখুৰী খন্দাৰ পিছতেই বৰষুণ হোৱাত পুখুৰীত পানী চপ্চপীয়া হল। জন্তুসমূহে নিয়ম বান্ধি দিলে যে পুখুৰী খন্দাত সহায় কৰোঁতা সকলেহে পুখুৰীৰ পানী খাব পাৰিব। জোপোহাৰ মাজত লুকাই থকা ধুৰ্ত্ত শিয়ালে সেই সিদ্ধান্ত শুনি আছিল। প্ৰতিদিন পুৱা কোনো জন্তু শুই নৌ-উঠোতেই সি মনে মনে পানী খোৱাৰ বুদ্ধি পাঙিলে। কিছুদিন কোনেও গম নোপোৱাকৈ শিয়ালে পুখুৰীৰ পানী খাই আছিল। লাহে লাহে কিন্তু তাৰ সাহ বাঢ়ি গল। এদিন সি পুখুৰীত নামি সাঁতোৰ এটাও মাৰিলে। তাতে পুখুৰীৰ পানী ঘোলা হল। পানী খাবলৈ আহি ঘোলা পানী দেখি আনবোৰ জন্তুৰ খং উঠিল।

 “পানী কোনে ঘেদালিছিল?” সিংহই তৰ্জ্জন গৰ্জ্জন কৰি সুধিলে।

 কিন্তু কোনে এই কাম কৰিলে কেৱে কব নোৱাৰিলে। কোনো কোনোৱে এই কাম ধূৰ্ত্ত শিয়ালেৰে বুলি অনুমান কৰিলে।

 “বাৰু, দোষীক মই বিচাৰি উলিয়াম,” কাছই কলে, “মোৰ চলংখনৰ ওপৰত ডাঠকৈ মৌৰ এঠা লেপি দিয়াহঁক। গোটেই ৰাতিটো পুখুৰীৰৰ পাৰত জোপ দি থাকি দগাবাজ শিয়ালক ধৰিবলৈ চেষ্টা কৰিম।”

 কাছৰ চলঙৰ ওপৰত মৌৰ এঠাৰ লেপ দিয়া হল। ডিঙি- ভৰি কোঁচ খুৱাই কাছই পুখুৰীৰ যুঁৱলিত খাপ লৈ ৰল। দূৰৈৰ পৰা কাছক সাক্ষাত এচটা শিল বুলিহে অনুমান হল।

 আন দিনাৰ দৰে শিয়ালে পুৱাতে উঠি পানী খাবলৈ আহিল। আঁতৰৰ পৰা শিলচটা দেখি মনে মনে ভালেই পালে—তাৰে ওপৰত উঠি পানী খাবলৈ সুবিধা হল। শিলৰ ওপৰত উঠি পানী খাবলৈ তললৈ মূৰ নমাওতেই ঠেং কেইটা যে শিলত এঠা লাগি ধৰিছে বপুৰাই গম পালে।

 “চাওঁ, চাওঁ, এৰি দে।” খঙ্গেৰে চিঞৰিলে।

 “ওহোঁ, সেইটি নহৈছে।” কাছই উত্তৰ দিলে। “তুমি মোৰ লগত আহিবই লাগিব।” কাছ লাহে লাহে আগুৱাই গ'ল।

 “মোক যাবলৈ দে,” আকৌ শিয়ালে কলে, “নহলে পিছ ঠেঙ্গেৰে বাৰুকৈয়ে লঠিয়াম।”

 “এহে সোণাই, যিমান পাৰা সিমান লঠিওৱা — লঠিওৱা।” কথাৰ লগে লগে কাছ আগবাঢ়িল। ইতিমধ্যে শিয়ালৰ চাৰিওটা ঠেং এৰুৱাব নোৱাৰাকৈ কাছৰ চলঙৰ ওপৰত এঠা লাগি ৰল।

 “ভালেৰে কৈছোঁ, মোক এৰি দে,” ফেউ ফেউ কৈ শিয়ালে চিঞৰিলে। “ম‍ই কৈছোঁ দেই, তোক কিন্তু কামুৰিম।

 “তোমাকনো সেইফেৰা কৰিবলৈ কোনে হাক দিছে।” নিৰ্ব্বিকাৰভাৱে কাছই উত্তৰ দিলে।

 চলঙত কামুৰিবলৈ যাওঁতেই দুই কোঁৱাৰিত এঠা লাগি শিয়ালে মুখ মেলিব নোৱাৰা হল। কাছ লাহে লাহে সিংহৰ গুহা পালেগৈ।

 শিয়ালক কি শাস্তি বিহিব তাৰে পৰামৰ্শ কৰিবলৈ। সকলেবোৰ জন্তুক মাতি পঠিওৱা হল।

 “শিয়ালক বধ কৰিবই লাগিব,” সকলোৱে একমত হৈ কলে।

 “আমি বাৰু তোক আজি ৰাতিটো জীয়াই থাকিবলৈ দিলো। তই যিভাৱে মৰণ বাঞ্ছা কৰ, সেইভাৱেই কালিলৈ তোক বধ কৰা হব,” সিংহই ৰায় দিলে।

 একেবাৰে সহায়হীন ভাব দেখুৱাই শিয়ালে মনে মনে থাকিল। কিন্তু পেটে পেটে কেনেকৈ সেইযাত্ৰাত ৰক্ষা পাব পাৰি তাৰে চিন্তা কৰিবলৈ ধৰিলে। পিছদিনা শিয়ালক বধ্যস্থানলৈ অনা হল। তাৰ মৰণ চাবলৈ বুঢ়া-ডেকা পো-পোৱালি সকলো জন্তু উপস্থিত হলহি।

 “বাৰু, কচোন, তইনো কিভাৱে মৰিবলৈ ইচ্ছা কৰ?” সিংহই সুধিলে ৷

 “কোনোবাই মোক নেগুৰত ধৰি পাক দি আকাশত ঘূৰাই গছৰ গুৰিত ঠেকেছি মাৰিলেই ভাল পাম,” শিয়ালে অতি নম্ৰভাৱে সমিধান দিলে ৷

 “বাৰু, সেয়ে হব তেন্তে,” সিংহই শলাগিলে ৷ “আমাৰ ভিতৰত ম'হেই বলী ; তেওঁকে এই কামৰ ভাৰ দিয়া হল ।”

 “আপোনাৰ দয়াৰ বাবে অশেষ ধন্যবাদ। মৃত্যু যেতিয়া ঠিকেই, ভালকৈ মৰিবলৈকে ইচ্ছা কৰে৷” এই বুলি শিয়ালে মূৰ দোঁৱালে। “পিছে, এটা কথা, জন্তুবোৰক মোৰ ওচৰৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিব লাগে। কিজানিবা গছৰ পৰা উফৰি গৈ, তেওঁলোকৰ গাতে খুন্দা মাৰো গৈ।”

 শিয়ালে উচিত কথাকে কৈছে বুলি সকলো জন্তু আঁতৰি দূৰৈত ৰলগৈ ৷

 সিয়ান শিয়ালে ৰাতি খাবলৈ যোগোৱা মঙ্গহৰ পৰা তেলখিনি আঁতৰাই নিজৰ নেজৰ মূৰত সানি লৈছিল। কথাটো কোনেও নেজানে। ম’হে শিয়ালৰ নেগুৰত ভালকৈ খামোচ মাৰি ধৰি গাৰ সকলো শক্তিৰে মূৰৰ ওপৰত পাক দি ঘূৰাবলৈ ধৰিলে । কিন্তু শিয়ালৰ পিচল নেজডাল ম'হে তাৰ দুই খুৰাৰ মাজত লৈ সুমুৱাই সহপৰ ঘূৰাব নোৱাৰিলে ; এপাক ঘূৰাওতেই সাউত- কৰে সুলকি পৰিল। চকুৰ পচাৰতে শিয়াল কোন পিনে গ’ল কোনেও তর্কিব নোৱাৰিলে ।  আঁতৰত থিয় দি ৰং চাই থকা জন্তুবোৰে কিনো ঘটনা ঘটিল প্রথম অৱস্থাত গম নেপালে। যেতিয়া চেতন হল, শিয়ালক তেতিয়া খেদি যোৱা মিছা।

 তেতিয়াৰ পৰা শিয়ালে দুনাই ভুলতো পুখুৰীৰ পাৰত ভৰি দিয়া নাই। কাছই কিন্তু পানীৰ যুঁৱলিত জুপুকা লাগি শিয়ালক ধৰিবলৈ এতিয়াও ছান্দি আছে।