দেশ-বিদেশৰ সাধু/লৰিফুৰা ধান
লৰি ফুৰা ধান
[ইন্দোচীনৰ সাধু]
বহুদিনৰ আগৰ কথা। পৃথিবীৰ তেতিয়া জন্ম হৈছেহে মাথোন! পৃথিবীত বাস কৰা মানুহবোৰ আছিল শুৱনি, শান্ত-শিষ্ট। কাৰো মনত দুষ্টভাব সমূলঞ্চে নাছিলেই। সেই কালত পৰিশ্ৰম কৰিবৰ তেওঁলোকৰ প্ৰয়োজন নহৈছিলেই। কিয়নো সকলো বস্তু সহজে উৎপন্ন হৈছিল। গছৰ ফল-মূল ডাঙৰো আছিল, সোৱাদো বহুত। আপোনা-আপুনিয়েই গছ গজি গুটি ধৰিছিল। গছত ফলো লাগিছিল লমালমে।
চাউল! ধানৰ গোট ইমান ডাঙৰ আছিল যে এটা চাউলৰেই এসাজ গৈছিল। বঢ়িয়া কথা আছিল। ধান ৰুবও নেলাগিছিল, দাবও নেলাগিছিল। পকিলে আপোনা-আপুনি বাগৰি বাগৰি ভঁৰালত সোমাইছিলহি।
ধান চপোৱা সময়খিনি অতি বিতোপন। আঘোণ পুহ মাহত দেখিবা হাজাৰ হাজাৰ ধান বাটেদি বাগৰি বাগৰি আহিছে। কাৰো সহায় নোহোৱাকৈয়ে যাৰে ঘৰতে উদং ভঁৰাল আছে তাতে সোমাইছেহি।
এবছৰ কিন্তু ধানৰ গোট হ'ল প্ৰকাণ্ড, আগেয়ে ইমান ডাঙৰ ধানৰ গোট হোৱা নাছিল। সেই সময়ত এগৰাকী বুঢ়ীয়ে নিজৰ ছোৱালীজনীৰে সৈতে বঢ়িয়াকৈ খাই লৈ আছিল। ধানৰ গোটবোৰ ডাঙৰ দেখি বুঢ়ীয়ে জীয়েকক কলে, “এইবাৰ ধানৰ গোট ডাঙৰ হৈছে। আমাৰ ভঁৰালটো হল সৰু, এই ভঁৰালৰ দুৱাৰেদি ধান নোসোমাবই। গতিকে ভঁৰালটো ভাঙ্গি ডাঙৰকৈ সাজিব লাগিব।” যেনে ইচ্ছা তেনে কাম। বুঢ়ীয়ে ভঁৰালটো ভাঙ্গিলে।
কিন্তু ভঁৰালটো সাজোতে পলম হ'ল। ইতিমধ্যে পথাৰত ধান পকিল। ভঁৰালৰ চাং নৌপাতোতেই ধানবোৰ বাগৰি বাগৰি ঘৰ পালেহি। বুঢ়ীৰ জীয়েকে চিঞঁৰিলে—“অ' আই চোঁৱাহি, ধান আহি ঘৰ পালেহিয়েই; আমাৰ দেখোন ইফালে ভঁৰাল সঁজা নহ'লেই।” ছোৱালীৰ কথা শেষ নৌহওঁতেই হাজাৰ হাজাৰ ধানে লানি নিছিগাকৈ আহি ভঁৰালৰ মুখ পালেহি। বুঢ়ীয়ে খঙত অগ্নিশৰ্ম্মা হৈ আগবাঢ়ি অহা প্ৰথম ধানটোক বাঢ়নীৰে হেচুকি কলে, “ভঁৰালটো সজা নোহোৱালৈকে তহঁতেনো পথাৰত ৰব নোৱাৰিলিহঁকনে? এতিয়াইনো তহঁতক কোনে বিচাৰিছে? মিছাতে দিগদাৰ দিবলৈ আহিছহঁক।”
বুঢ়ীৰ কথা শেষ নহলেই, প্ৰত্যেকটো ধান চিৰাচিৰ দি ফাটি অকণি অকণি টুকুৰা হৈ পৰিল।
“বেচ্ কথা তেনেহলে, এতিয়াৰ পৰা আমি আৰু নিজে নিজে ভঁৰালত নোসোমাওঁহি; পথাৰতে পৰি থাকিম। আজিৰ পৰা তোমালোকে আমাক পূজা-পাতল দি পথাৰৰ পৰা চপাই আনিব লাগিব।” কথাষাৰ কৈয়ে ধানবোৰ পথাৰলৈ উভতি গ'ল।
সেইদিনাৰ পৰা আমাৰ দেশত ধানে আপোনা-আপুনি আহি ভঁৰাল সোমাবলৈ এৰিলে। গোটত হ'ল এধানমান। মানুহৰ কষ্টও বাঢ়িল। হাল বাব লাগিল; কঠিয়া সিঁচিব লাগিল, নিয়াৰিব লাগিল, দাব লাগিল। শেহান্তৰত ডাঙ্গৰি কঢ়িয়াই আনি মৰণা মাৰি ভঁৰালত সুমুৱাব লগা হ'ল। ধান দাই অনাৰ আগতে তামোল-পান আগবঢ়াই লখিমী চপোৱাৰ নিয়মো হ'ল। ভাবি চোঁৱাচোন, বুঢ়ী আৰু বুঢ়ীৰ জীয়েকে মানুহক কমখিনি আহুকালত পেলালেনে?