সমললৈ যাওক

দেশ-বিদেশৰ সাধু/মাটিৰ তলত সোণৰ মোহৰৰ কলহ

ৱিকিউৎসৰ পৰা

মাটিৰ তলত সোণৰ মোহৰৰ কলহ
[ৰাছিয়াৰ সাধু]

 এদিন পথাৰত হাল বাওতে এজন খেতিয়কৰ নাঙ্গলৰ মুখত লাগি কলহ এটা ওলাল। কলহৰ ভিতৰত সোণৰ মোহৰ! নাঙ্গল গৰু পথাৰতে এৰি খেতিয়কে কলহটো লৈ ঘৰলৈ ঢাপলি মেলিলে। ঘৈণীয়েকক দুৱাৰ মুখতে দেখি ক’লে,—“চাচোন চা, মোৰ হাতত কি? আজি আমাৰ বৰ ভাগ্য। খুন্দ খোৱাকৈ ভৰা একলহ সোণৰ মোহৰ! পিছে এতিয়া কলহটো লুকুৱাও ক'ত?”

 ঘৈণীয়েকে ভাবিচিন্তি গহীনাই উত্তৰ দিলে,—“ক’ত থবা আৰু? ঘৰৰ মজিয়াৰ তলতে পুতি থোৱা। তেতিয়া হলে ওচৰ চুবুৰীয়া কোনেও ভু নেপাব।”

 “এৰা, তই ঠিকেই কৈছ দে।” কথাষাৰ শলাগি গিৰিয়েকে কোৰখন লৈ মাজ মজিয়াত গাঁত খান্দিলে। গিৰিয়েকে কলহটে৷ পুতিবলৈ দিহা কৰোতেই ঘৈণীয়েকে লৰালৰিকৈ কাষত গাগৰীটো লৈ নৈ ঘাটলৈ পানী আনিবলৈ গ'ল। খেতিয়কৰ মনত তেতিয়াহে চাত্‌ কৰে খেলালে, ঘৈণীয়েকক কথাটো কৈ ভাল নকৰিলে!

 নৈৰ ঘাটত কথাটো এতিয়াই ৰাষ্ট্ৰ কৰি দিবগৈ। গতিকে গিৰিয়েকে ঘৈণীয়েক ঘাটৰ পৰা ঘূৰি অহাৰ পূৰ্ব্বেই কলহটো মজিয়াত নুপুতি বাৰীচুকত পুতি আহিল গৈ।

 খেতিয়কে আৰু এটা বুদ্ধি পাঙ্গিলে। ঘৈণীয়েকে আহি গাগৰীটো নমোৱা মাত্ৰেই ক'লে, “শুনিছনে, কালিলৈ গাৱঁৰ মূৰৰ হাবিখনলৈ মাছ মাৰিবলৈ যাম, ওলাবি।”

 “মাছ মাৰিবলৈ হাবিলৈ যাবা?” আচৰিত হৈ ঘৈণীয়েকে সুধিলে।

 “ও” খেতিয়কে ক’লে—“হাবিত মাছ ওলাইছে বুলি গাৱঁত কোৱা-মেলা কৰা শুনি আহিছোঁ।”

 পিছদিনা ৰাতি নৌপুৱাওতেই ঘৈণীয়েক পাটীত থাকোতেই খেতিয়ক ঘৰৰপৰা ওলাল। ঘৰৰ কাষৰে ডোবাটোৰ পৰা এখৰাহি কাৱৈ-মাগুৰ মাছ ধৰি হাবিলৈ গ'ল। গাৱঁৰ মূৰৰ দোকানখনৰ পৰা কেইটামান আখৈ-মুড়িৰ লাড়ু ও কিনিলে। মাছ খৰাহি হাবিৰ মাজত মেলি, আখৈ-মুড়িৰ টোপোলাটো লেটেকু গছ এজোপাত আঁৰি ঘৰলৈ উভতিলে। কেইখোজমান আহোঁতেই শহা পহু এটা দেখি তাকো ফৰ্ম্মুটিয়াই মাৰিলে। লগত নিয়া বৰশীৰ ডোলত শহাটো বান্ধি ওচৰত থকা বিলখনত পেলালে। এই কাম শেষ কৰি ঘৈণীয়েক শুই উঠাৰ পূৰ্ব্বেই খেতিয়ক ঘৰ সোমালহি।

 জা-জলপান খাই বেলি উঠাৰ লগে লগে দুয়ো মাছ মাৰিবলৈ ওলাল। হাবি সোমাওতে নৌসোমাওতেই কাৱৈ মাছ এটা ঘৈণীয়েকৰ চকুত পৰিল। আগবাঢ়ি যোৱাৰ লগে লগে আৰু কেইটিমান মাছ! ঘৈণীয়েকে খেপিয়াই খেপিয়াই মাছবোৰ ধৰি খালৈত ভৰালে।

 “চোৱাচোন” ঘৈণীয়েকে আচৰিত হৈ চিঞৰিলে;—“ভাল হাবিত মাছ ওলালহি।”

 অলপ গৈ দুয়ো লেটেকু গছৰ ওচৰ চাপিল। তাতে কৌপাতৰ টোপোলা দেখি নমাই চাই ঘৈণীয়েকে উত্ৰাৱল হৈ ক’লে, “চোৱা, চোৱা, কি আচৰিত কথাবোৰ! লেটেকু গছত এই লাড়ুৰ টোপোলাটো আহি ক'ৰ পৰা ওলালহি।”

 “যোৱা নিশা লাড়ুৰ বৰষুণ দিছিল! তাৰে কোনোবাই কিছুমান বুটলি নিলে, কিছুমান টোপোলাত বান্ধি পাহৰি এৰি থৈ গ'ল হবলা।”

 “লাড়ুৰ বৰষুণ?” বিশ্বাস কৰিবলৈ টান পাই ঘৈণীয়েকে ক'লে।

 দুয়ে৷ গৈ বিলৰ কাষ চাপিল।  “খন্তেক ৰবা,” খেতিয়কে নিৰ্দেশ দিলে। “কালি বিয়লি এইখিনিতে বৰশী পেলাই গৈছিলোঁ। চাওঁচোন, কিহবাই খুটিছে নে নাই।” ডোলত আজোৰ দিয়াৰ লগে লগে বৰশীত লাগি থকা শহাটো ওপৰলৈ উঠি আহিল।

 “চাওঁ, চাওঁ, কি লাগিছে?” বৰশীত শহা লগা দেখি বিস্ময়ত ঘৈণীয়েকৰ চকু স্থিৰ! “বিলত শহাপহু? ভাল নোহোৱা নোপোজা কথাখন হৈছে দেও! নিশ্চয় এইবোৰ কোনোবা দেও ভূতৰহে কাম। তোমাৰ ওপৰত প্ৰসন্ন হৈ এইদৰে সহায় কৰিছে।”

 ঘৰলৈ আহি মাছ-মঙ্গহেৰে বঢ়িয়াকৈ ৰান্ধি বাঢ়ি গিৰিয়েক ঘৈণীয়েক দুয়ো দুসন্ধ্যা খালে। কিছুদিন তেওঁলোকৰ সম্পত্তি লাভৰ কথা কোনোৱে নজনাকৈ গ'ল। কিন্তু এদিন হঠাৎ ৰজাঘৰৰ চৰিয়া আহি খেতিয়কৰ ঘৰত উপস্থিত! খেতিয়কে একলহ সোণৰ মোহৰ পাইছে বুলি ৰজাৰ কাণত পৰিছে। ৰজাই গিৰিয়েক ঘৈণীয়েক দুয়োকে বিচাৰৰ কাৰণে মাতি পঠিয়াইছে।

 দুয়ো ৰজাৰ চ'ৰাত উপস্থিত হ'ল। ৰজাই সুধিলে, – “শুনিছোঁ, পথাৰত সোণৰ মোহৰ একলহ পাই তোমাৰ ঘৰৰ মজিয়াত বোলে পুতি থৈছা? মালিক নোহোৱা বস্তুৰ অধিকাৰী ৰজা বুলি নেজানা জানো?”

 “স্বৰ্গদেউ, কথাটো সঁচা নহয়।” খেতিয়কে ভয়ে ভয়ে উত্তৰ দিলে।

 “তোমাৰ দেখোন ঘৈণীয়েৰাই কথাটো সঁচা বুলিয়েই ওচৰ চুবুৰীয়াৰ আগত ৰটি ফুৰিছে?”

 “মোৰ তিৰোতাজনীৰ মিছা কথা কোৱা আৰু বঢ়াই কোৱাৰ অভ্যাস আছে। বহু চেষ্টা কৰিও তাইৰ এই দোষ এৰুৱাব পৰা নাই। তাইৰ এই স্বভাৱৰ পৰা আমাৰ বহু কষ্ট খাবলৈ আছে স্বৰ্গদেউ!”

 গিৰিয়েকে মিছলীয়া বুলি কবলৈ পালেহে মাথোন! ঘৈণীয়েকে খঙতে টিক্‌টি বিক্‌চি উঠি ক'লে “স্বৰ্গদেউ, তেওঁহে মিছা মাতিছে। আপুনি যি শুনিছে সি তেনেই সঁচা। ধনৰ কলহ আমাৰ ঘৰৰ মজিয়াত পুতি থোৱা আছে।”

 “কোন দিনানে৷ পুতিছিলাহ’ক—মনত আছেনে?” ৰজাই হাঁহি মাৰি সুধিলে।

 “কেলৈ নেথাকিব স্বৰ্গদেউ! আমি হাবিত মাছ মাৰিবলৈ যোৱাৰ আগদিনা। সেইদিনা ৰাতিয়েই আখৈ-মুড়িৰ লাড়ু বৰষিছিল নহয়!” ৰজাক পতিয়ন যোৱাবলৈ তাই আকৌ ক’লে—“আমি সেইদিনা এখৰাহি মাছ ধৰিছিলোঁ! আহোঁতে তেওঁ আকৌ বিলত বৰশীৰে শহা এটাও ধৰিলে।”

 “এই তিৰোতাজনীৰ এটা কথাও বিশ্বাস কৰিব নোৱাৰি।” ৰজাই খঙত ক'লে। “এই জধামূৰ্খজনীক মোৰ আগৰপৰা আঁতৰাই নিয়াহ’ক। হাবিত মাছ, গছত লাড়ু, বিলত শহাপহু! মোক এই নাভূত-নাশ্ৰুত কথাবোৰ শুনাবলৈ তাইৰো বৰ সাহ দেখিছোঁ।"

 ঘৈণীয়েকৰ সৈতে খেতিয়কক ৰজাই ওভোতাই খেদাই পঠিয়ালে। তেওঁলোক যোৱাৰ পাছত আকৌ ৰজাই মনে মনে ভাবিলে—“কিজানিবা মজিয়াখন খান্দিলে সোণৰ মোহৰৰ কলহ ওলায়ে।” বিষয়াসকলক খেতিয়কৰ মজিয়া খান্দিবলৈ আদেশ দিয়া হ'ল। গোটেই ঘৰৰ মজিয়া খান্দিকুৰি কিছুমান ভগা খোলাকটিৰ বাহিৰে তেওঁলোকে একো নাপালে। মিছাতে বিষয়াসকল লাজ লঘূতহে পৰিল। তেওঁলোকে ঘূৰি আহি ৰজাক জনালে,—“স্বৰ্গদেউ, সেইজনী গাৱঁৰ কথকী চলাহী তিৰোতা; তাইৰ কথাত, একো সঁজাত নাই। আমাক মিছাতে লটিঘটি কৰোৱাৰ বাবে তাইক শাস্তি বিহিব লাগে।”

 ৰজাই অৱশ্যে শাস্তি দিবলৈ মান্তি নহ'ল। বিষয়াসকল যোৱাৰ লগে লগে খেতিয়কে নিজৰ বুদ্ধিক প্ৰশংসা কৰি হাঁহিলে। সোণৰ মোহৰৰ কলহনো ক'ত লুকুৱালে সেই কথা পুনৰ ঘৈণীয়েকে সোধা স্বত্বেও নজনালে। ভবিষ্যতলৈ ঘৈণীয়েকৰ আগত কোনো বিশ্বাসৰ কথাকে নেমেলা হল।