সমললৈ যাওক

দেশ-বিদেশৰ সাধু/প্ৰজা নোহোৱা ৰজা

ৱিকিউৎসৰ পৰা

প্ৰজা নোহোৱা ৰজা
[পশ্চিম আফ্ৰিকাৰ সাধু]

 পৃথিবীৰ প্ৰথম অৱস্থাত সকলো জীৱ-জন্তু মিলা-প্ৰীতিৰে আছিল। তেওঁলোকৰ মাজত তেতিয়া ৰজা নাছিল; কোনো বিচাৰকো নাছিল দোষৰ বাবে শাস্তি পোৱাৰ ভয় নোহোৱাত কোনো কোনো জন্তুৱে লুকাই চুৰকৈ অন্যায় অধৰম কৰিছিল।

 অৱশেষত তেওঁলোকে অৰাজক অৱস্থাৰ ওৰ পেলাবলৈ দিহা কৰিলে। তাৰ নিমিত্তে ৰজা নিৰ্বাচন কৰিবলৈ ওলাল। ৰজা-বছা কাম কিন্তু তেনেই উজু নাছিল।

 প্ৰথমে সিংহৰে নাম প্ৰস্তাৱ কৰা হল। সিংহৰ নাম উঠা মাত্ৰকে কেইজনমানে চিঞৰ-বাখৰ লগাই জক্‌-জকাই উঠিল সিংহ খঙ্গাল আৰু হিংসাকুৰীয়া।

 “নাই নাই সিংহক ৰজা পাতিব নোৱাৰি,” নিবোকা হাতীয়ে গহীনাই মাত দিলে।

 “দেখাই শুনাই বাঘ কিন্তু ৰজাৰ যোগ্য।” শিয়ালে কথাষাৰ কবলৈহে পালে “ওহোঁ ওহোঁ' বুলি ভেঁড়া আৰু ছাগলীয়ে বেবনি ধৰিলে।

 “জ্ঞাতি-শত্ৰুক ৰজা পাতিব নোৱাৰি। বাঘ ৰজা হব লাগিলে ছাগলী-ভেড়াৰ বংশ অচিৰে ধ্বংস হব।”

 সকলোৱে একমত হৈ ৰজা নিৰ্ব্বাচন কৰা অসম্ভৱ হ'ল। তেওঁলোকে অন্য উপায় পাঙিলে। দুমাইল দূৰৈৰ বুঢ়া আঁহত এজোপাৰ তলত এচটা শিল আছে। সেই আঁহত জোপাত বন-দেৱতাই বাস কৰে বুলি সকলো জন্তুৰে বিশ্বাস। সেই ঠাইলৈকে তেওঁলোকে দৌৰৰ প্ৰতিযোগিতা চলাব। প্ৰথমে গৈ যেয়ে শিলচটাত বহিব পাৰিব, তেওঁকেই ৰজা পতা হব।

 প্ৰতিযোগিতাৰ দিন উপস্থিত হ'ল। সৰু ডাঙৰ, চুটি-চাপৰ, শকত-ক্ষীণ সকলো জন্তুয়েই দৌৰৰ প্ৰতিযোগিতাত যোগ দিলে। সঙ্কেত পৰাৰ লগে লগে সকলোৱে বিজুলী সঞ্চাৰে লৰিবলৈ আৰম্ভ কৰিলে। আন জন্তুৰ কথাই নেলাগে ঘোঁৰাকো শহাই চেৰ পেলাই ভালেখিনি আগবাঢ়িল। পিছৰ জন্তুটো এহেজাৰ হাত দূৰৈত থাকোতেই শহাই শিলচটাৰ কাষ পালেগৈ।

 উশাহটো সলাই শিলচটাত বহিবলৈ উপক্ৰম কৰিছেহে মাথোন, এনেতে কোনোবাই চিঞঁৰিলে—

 “খবৰ্ দাৰ শহা! সাবধান হবি কিন্তু! মই হে প্ৰথমে পাইছোঁহি।”

 শহাই ওপৰলৈ চকু তুলি চালে, গপত গা ফুলাই তেজপিয়া শিলৰ ওপৰত থমথমকৈ বহি আছে। তেজপিয়া বহুৰূপী; অৱস্থা বুজি শৰীৰৰ বৰণ সলাব পাৰে। সেইহেতু শহাৰ বৰণৰ লগত নিজৰ বৰণ মিলাই কোনেও নেদেখাকৈ তাৰ নেজত খামোচ মাৰি ধৰি আঁহতৰ তল ওলালহি। শহাই উশাহ সলাবলৈ জিৰাওতেই,সি তলকিব নোৱাৰাকৈ তেজপিয়াই তাৰ নেজ এৰি শিলত জপিয়াই উঠিল।

 এইদৰে তাক ঠগোৱাত শহাৰ বৰ খং উঠিল; তেজপিয়াৰ ওপৰত পোটক লবলৈ ভাবোতেই এটি এটিকৈ অন্য জন্তুবোৰ ওচৰ পালেহি। পূৰ্ব্বৰ প্ৰতিজ্ঞামতে সকলোৱে তেজপিয়াকে ৰজা পাতিবলৈ বাধ্য হল। তাৰ নিৰ্ব্বাচন কিন্তু কেঁৱে ভাল নেপালে। গতিকে নিৰ্ব্বাচন শেষ হোৱাৰ লগে লগে তেজপিয়াক অকলে তাতে এৰি সকলো জন্তু দিহাদিহি অন্য ঠাইলৈ আঁতৰি গল। নতুন ৰজাই কাৰোপৰা সন্মান নেপাই লাজত পৰ্ব্বত বগাই ওখ গছ এজোপাৰ খোৰোঙত আশ্ৰয় ললেগৈ। মাজ-নিশা এতিয়াও সি. বন্ধু-বান্ধৱক তাৰ ওচৰলৈ আহবান জনাই চিঞঁৰে। কোনেও আজিকোপতি কিন্তু তাৰ কাষ চপা নাই।

 “প্ৰজা নোহোৱাকৈ জানো ৰজা হব পাৰি? ”