সমললৈ যাওক

দেশ-বিদেশৰ সাধু/পথ প্ৰদৰ্শক

ৱিকিউৎসৰ পৰা

পথ প্ৰদৰ্শক
[ৰাছিয়াৰ সাধু]

 কণা গাধ এটা এদিন সন্ধিয়া বাট হেৰুৱাই এখন জাৰণিৰ মাজত সোমাল। এখোজ দুখোজকৈ আগবাঢ়ি বেচেৰাই কেইজোপামান গছৰ তলত থিয় হ'লগৈ। ইফালে সিফালে যাবলৈকে৷ তাৰ ভয় হ'ল।

 ভাগ্যে জানিবা, ফেঁচা এটা ওচৰ চাপিলহি, আৰু নিৰীহ গাধটোক বাট দেখুৱাই নিবলৈ গাত ললে।

 তোমালোকে জানাই ফেচাই ৰাতিও ভালদৰে চকুৰে দেখে। বননি, পুখুৰী, খাল, খলা বমা— সকলো দিনৰ দৰে ৰাতিও মনে। গতিকে ৰাতি নৌপুৱাওঁতেই ফেচাই গাধটোক নিৰাপদে তাৰ আচল বাটলৈ ঘূৰাই নিলে।

 অন্ধকাৰ ৰাতিও খালে-বামে নপৰাকৈ বাট দেখুৱাই অনাত ফেচাৰ শক্তিৰ ওপৰত গাধৰ বিশ্বাস জন্মিল। গাধই সেইদেখি ফেচাটোক দিনৰ ভাগটো তাৰ লগৰীয়া স্বৰূপে বাট দেখুৱাই নিবলৈ অনুৰোধ জনালে।

 ফেচাও ততালিকে মান্তি হ'ল। গাধৰ দৰে ডাঙৰ জন্তু এটাক চলাই লৈ ফুৰিবলৈ সুবিধা পাই ফেচাই বুকু ফিন্দাই গাধটোৰ পিঠিৰ ওপৰত তাক বাট দেখুৱাই নিলে।

 কিন্তু বেলি ওলোৱাৰ লগে লগে ফেচাৰ চকুৱে জলক তবক লগালে; ভালকৈ পোহৰ হোৱাৰ লগে লগে ফেচাই একো বস্তুকে নমনা হ'ল। কিন্তু নতুনকৈ লভা ক্ষমতাত সি নিজৰ অসমৰ্থতাৰ কথা প্ৰকাশ কৰিবলৈ টান পালে।

 “সাৱধান হবা।”—কিছুদূৰ গৈ ফেচাই চিঞৰি কলে। “বাওঁফালে খোজললে পুখুৰীত পৰিবা কিন্তু!”

 ফেচাৰ নিৰ্দেশ মতে গাধটো তৎক্ষণাৎ ঘূৰিল, লগে লগে গঁৰাৰ পৰা বাগৰি বেচেৰাই গৰখাৱৈঁত পৰি প্ৰাণ হেৰুৱালে।