দেশ-বিদেশৰ সাধু/জোন আৰু বেলিৰ মিলন
জোন আৰু বেলিৰ মিলন
[ চীন দেশৰ সাধুকথা ]
সত্য যুগৰ কাহিনী। চীন সম্রাট ইয়াওৱে এদিন ৰাজ্যৰ অৱস্থা চাই ৰাজধানীৰ বাটে বাটে ঘূৰি ফুৰোঁতে হঠাতে এজন মানুহ তেওঁৰ সমুখত থিয় হলহি। মানুহজনৰ বাওঁ হাতত এখন প্রকাণ্ড ধেনু আৰু সোঁহাতত এপাত জোঙ্গাল কাঁড়। ৰজাক সেৱা জনাই মানুহজনে কলে, “সৰ্গদেউ, মোৰ নাম চি-চিয়াং । পৃথিবীত মোৰ সমান নিপুণ কাঁড়ী নাই । তাৰ বাহিৰেও মই আৰু এটা আচৰিত কাম কৰিব পাৰোঁ। বতাহৰ লগত যি ঠাইলৈকে ইচ্ছা তালৈকে মই উৰি যাব পাৰে৷।”
চি-চিয়াং-অৰ কথাৰ প্ৰমাণ চাবলৈ সম্রাটে কলে, “ভাল কথা তেনেহলে, সমুখৰ ওখ পৰ্ববতটো যে দেখিছা, আকাশৰ গাত সৰু কলা ৰেখাৰ দৰে তাৰে টিঙ্গত সৌ দীঘল গছ জোপা থিয় হৈ আছে, সেই গছ কাঁড়েৰে শালিব পাৰিবানে ?”
সম্ৰাটৰ নিৰ্দেশৰ লগে লগে ধেনুৰ পৰা কাঁড় ওলাই সোঁ সোঁ শবদে পর্ব্বতৰ টিঙ্গৰ পিনে গ'ল। চি-চিয়াং নিজেও আকাশলৈ উৰিল—জানিবা আকাশত গড়ুণ্ড পখিহে উৰিছে। অলপ সময়ৰ পিছত চি-চিয়াঙ্গে শৰ যেতিয়া ওভোটাই আনিলে সেই কথা দেখি সম্রাট আৰু পাৰিষদবর্গ ই তবধ মানিলে । সম্রাটে সন্তোষ পাই তেওঁৰ নাম দিলে “চেন-ই”, অর্থাৎ ‘স্বৰ্গৰ কাড়ী”। তেওঁক ৰাজ্যৰ বৰ পদবীও যাচিলে। ফুলৰ মৌ খাই সম্ৰাটৰ কাষত বহি থকাই চেন-ইৰ ঘাই কাম হ'ল।
সময় যোৱাৰ লগে চেন-ইয়ে নিজৰ অদ্ভূত বীৰত্ব দেখুৱাই ৰাজ্যৰ সকলোকে আচৰিত কৰিলে । যুঁজত ধুমুহাৰ দেৱতাক হৰুৱালে; সেইবাৰ ধুমুহাৰ পৰা চীন দেশ ৰক্ষা পৰিল । ভয়ঙ্কৰ নটা ড্ৰেগনে যেতিয়া মুখৰ পৰা জুই উলিয়াই গোটেই দেশত জুই জ্বলাইছিলহি, চেন-ই-য়েই তেতিয়া তাহাতক খেদি পঠিয়ালে। আকৌ যেতিয়া বান পানীয়ে গোটেই দেশ উটুৱাই দিলেহি, তেতিয়াও চেন-ই-য়েই গৈ জলদেৱতাক যুদ্ধত ঘটুৱাই তেওঁৰে ভনীয়েক হেং হোক নিজৰ ঘৰলৈ লৈ আহিল। চীন সম্রাটে মহা সমাৰোহেৰে তেওঁলোক দুয়োৰো বিয়া পাতি দিলে । বিয়াৰ লগত কত যে ৰজাঘৰীয়া উপঢৌকন!
এদিন মাজ নিশা চকমক কৰে টোপনিৰ পৰা সাৰ পাই সম্রাট ইয়াওয়ে দেখিলে যে হীৰাৰ মালাৰ দৰে এটি কোমল পোহৰ পৃথিবীৰ এমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিছে। কথাটো জানিবলৈ সম্রাটে তৎক্ষণাৎ চেন-ইক পঠিয়ালে । চেন-ই-য়ে পৰ্ববতলৈ উৰি গৈ তাৰ অধিষ্ঠাত্ৰী দেৱী চীন-মূৰ প্রাসাদ পালেগৈ। তাতে গম পালে যে দেৱীৰ জীয়েকে সেই পোহৰ মালাৰ বাটেদি মাকক সাক্ষাৎ কৰিবলৈ আহিছিল৷ চেন-ইৰ পৰিচয় পাই দেৱীয়ে তেওঁক আদৰ সাদৰকৈ মাতি নি বহুৱাই এটি কাৰেং সাজি দিবলৈ অনুৰোধ জনালে । চেন-ইয়ে অতুলনীয় কাৰুকাৰ্য্য-খচিত এটা মনোমোহা অট্টালিকা সাজি দিলে। চেন-ইৰ কাৰ্য্যত সন্তুষ্ট হৈ দেৱীয়ে তেওঁক কি পুৰস্কাৰ লাগে বুলি সোধাত, চেন-ই-য়ে অমৃত—যাক পান কৰিলে মানুহ অমৰ হয়, তাক পাবৰ কাৰণে প্ৰাৰ্থনা জনালে। দেৱীয়ে চেন-ইৰ প্ৰাৰ্থনা পূৰণ কৰিলে, কিন্তু এক চৰ্ত্তত! এবছৰৰ আগেয়ে এই অমৃত পান কৰিলে কোনো ফল নহব। চেন-ইয়ে ঘৰলৈ উভতি অমৃতৰ কলহটো কোনেও নেদেখাকৈ ঘৰৰ চুকত লুকুৱাই থলে । ইয়াৰ পিছতে আন এটা দৈত্যই চীন ৰাজ্যত অত্যাচাৰ আৰম্ভ কৰাত চেন-ই তাৰ লগত যুঁজিবলৈ গ'ল৷
চাওঁতে চাওঁতে এবছৰ পাৰ হ'ল। চেন-ইৰ ঘৈণীয়েক হেংহোৱে এদিন মন কৰিলে যে ঘৰৰ কোণত এশাৰী পোহৰে জিল-মিলাব লাগিছে; লগতে গোটেই ঘৰটো ফুলৰ গোন্ধৰে উপচি পৰিছে ৷ আচৰিত হৈ হেংহোয়ে ওচৰলৈ গৈ দেখে যে এটি অমৃতৰ কলহ! আগ-গুৰি নভবা নিচিন্তাকৈ কলহ উদং কৰি অমৃত পিলে! নিমিষতে গোটেই শৰীৰ কমোৱা তুলাৰ দৰে পাতল বোধ হ'ল ; ইচ্ছা কৰিলেই যেন বতাহৰ লগত উৰামাৰিব পাৰে। এবছৰৰ অন্তত ঠিক সেই মুহূৰ্ত্ততে চেন-ই উভতি ঘৰ পালেহি৷ আহিয়েই অমৃতৰ কলহটোৰ বিচাৰ লগালে । অমৃত নেপাই হেংহোক প্ৰশ্নৰ উপৰি প্ৰশ্ন সুধিলে; যথোচিত উত্তৰ নেপাই অগ্নি-শৰ্ম্মা হ'ল। গতি বিষম বুজি হেং-হো খিৰিকিয়েদি উৰা মাৰি পলাল ৷ চেন-ইয়ে হাতত ধেনু-কাড় লৈ পিছে পিছে শিশুপাল খেদা দিলে। পূর্ণিমা ৰাতি ৷ চাৰিওপিনে ফৰিংফুটা জোনাক চেন-ইয়ে দেখিলে যে হেং-হো জোনৰ পিনে উৰিছে আৰু ক্ৰমান্বয়ে সৰু হৈ হৈ জোনৰ লগত মিলি যাবৰ উপক্ৰম কৰিছে। হেং-হোৰ চুলিটাৰ ধৰিবৰ কাৰণে চেন-ইয়ে আৰু বেগাই উৰিলে; হঠাতে এজাক ধুমুহা বতাহে বেচেৰাক মাটিলৈ ওভোতাই পঠিয়ালে। শুকান গছৰ পাতৰ দৰে চেন-ই পৃথিবীৰ কোলাত ঢলি পৰিল ।
হেং-হো উৰি উৰি জোনৰ দেশত উপস্থিত হ'লহি । প্রকাণ্ড দেশ; চাৰিও পিনে বৰফেৰে ঢাক খাই আছে। গছ-গছনি, ঘাঁহ-বনৰ চিন-চাব নাই ৷ কেৱল দুই চাৰি জোপা দালচেনিৰ গছে মূৰ তুলি আছে৷ ভাগৰত হেং-হো লাল কাল হৈছিল৷ দালচেনিৰ পাত আৰু নিয়ৰৰ পানীৰে ভোক-পিয়াহ গুচাই বেচেৰিয়ে টোপনিত মগ্ন হ'ল৷ টোপনিতেই হেং-হো জোনদেৱীলৈ ৰূপান্তৰিত হ'ল।
ইফালে ধুমুহা বতাহে পুনৰ চেন-ইক' উৰুৱাই নি নি পৰ্ববতৰ ওপৰত থকা দেৱতা সকলৰ কাষ পোৱালেগৈ। চেন-ই-ৰ তেতিয়াও খং শাম কটা নাই। তাকে দেখি দেৱৰাজে বুজনি দিলে—“হেং-হোয়ে তোমাক নোসোধাকৈ অমৃত পান কৰি অমৰ হোৱাত খং নকৰিবা। তেওঁ জোনৰ ৰাজ্যলৈ গৈ জোনদেৱী হ'লগৈ। তোমাৰ বুদ্ধি কৌশলৰ কাৰণেও নিশ্চয় বঁটা পাবা। তোমাক আমি পাতিম বেলিৰ দেৱতা। ইচ্ছা কৰিলেই তুমি হেং-হোৰ ওচৰলৈ গৈ তেওঁক লগ পাব পাৰিব৷৷ এটা কথা কিন্তু, হেং-হো তোমাৰ ওচৰলৈ হলে আহিব নোৱাৰিব।”
চেন-ই আনন্দ মনেৰে বেলিৰ ৰাজ্যলৈ গৈ বেলিৰ দেৱতা হলগৈ ৷ কিন্তু বেচেৰাই ঘৈণীয়েক হেং-হোৰ কথা পাহৰে কেনেকৈ ? এদিন পোহৰ ৰথত জোনৰ ৰাজ্যত হাজিৰ হলগৈ। গৈ দেখে যে বিশাল সেই জন-মানৱহীন বৰফৰ ৰাজ্যত পাত-পত্ৰ নোহাৱা এজোপা গছৰ তলত হেং-হো আমন-জিমনকৈ অকলে অকলে বহি আছে ৷ অকস্মাতে চেন-ইক সন্মুখত দেখি বেচেৰীয়ে ভয় খাই থিয় দিলে। চেন-ইয়ে কিন্তু হাঁহি ধেমালিৰে কথা-বাৰ্ত্তা কৈ তেওঁৰ ভয় ভাঙ্গিলে। হেং-হোক থাকিবলৈ চেন-ই-য়ে এটি ধুনীয়া কাৰেঙো সাজি দিলে। প্রতি মাহে এবাৰকৈ আহি হেং-হোক চাই যাবহি বুলিও প্রতিশ্রুতি দিলে। অকলশৰীয়া জীৱনৰ ওৰ পৰিল বুলি ভাবি হেং-হোৰ মুখত হাঁহি নধৰা হ'ল । সেই দিনাৰ পৰাই জোনে বেলিৰ পৰা পোহৰ পালে। বেলিৰ দেৱতা চেন-ই যেতিয়া জোন দেৱী হেং-হোৰ কাষলৈ যাত্ৰা কৰে, তেতিয়াই লাহে লাহে জোনৰ মুখ-খনি হাঁহিৰে ভৰপূৰ হয় ৷ তেওঁৰ সেই হাঁহিয়েই ৰূপালী পোহৰ হৈ পৃথিবীত সিঁচৰতি হৈ পৰে। পুনৰ বেলিয়ে ধীৰে ধীৰে যেতিয়া ঘূৰি নিজৰ দেশলৈ খোজ লয়, তেতিয়া জোনৰ ৰাংঢালি হাঁহি ম্লান হৈ মুখ-খনি “একেবাৰে এন্ধাৰ হৈ পৰে। এইদৰেই চেন-ই আৰু হেংহোৰ মিলন বিৰহ লৈয়ে পূর্ণিমা আৰু অমাৱস্থাৰ উৎপত্তি হৈছে।