দেশ-বিদেশৰ সাধু/চোৰক মোৰ পালে
চোৰক মোৰে পালে
[পশ্চিম আফ্ৰিকাৰ সাধু]
এটা পৰিশ্ৰমী কেৰ্ক্কেটুৱাই বহু যত্নেৰে খেতি কৰিছিল। গছ বগোৱাত পাৰ্গত কাৰণে পথাৰৰ পৰা অহা-যোৱা কৰিবলৈ তাঁৰ সুকীয়া আলিবাটৰ প্ৰয়োজন নহৈছিল। যেতিয়াই যেনি মন যায় সেইপিনেই ডাল-পাত বগাই পথাৰলৈ আহিছিল।
এদিন চিকাৰ বিচাৰি ফুৰোতে মকৰা এটাই কেৰ্ক্কেটুৱাৰ নদন-বদন পথাৰখন দেখিলে। পকা ধানৰ পথাৰখন দেখি মকৰাৰ মহা উল্লাস। ইফালে সিফালে চাইচিতি পথাৰলৈ ওলোৱা-সোমোৱা কোনো বাট নেদেখিলে। হৰিষ মনে ঘৰলৈ ঘূৰি আহি মকৰাই পো-পৰিয়াল, জ্ঞাতি-কুটুম্বৰ আগত ধুনীয়া পথাৰখনৰ কথা কলেহি। পিছদিনা মকৰা পৰিয়াল খেতি চাবলৈ আহিল আৰু আটাইখনে লগলাগি পথাৰলৈ অহা-যোৱা কৰা আলি এটা বান্ধিলে। আলি বন্ধা শেষ হোৱাত, ধূৰ্ত্ত মকৰাই মাজে মাজে খোলাকটি পেলাই থলে। তেহে খেতি কৰাৰ সময়ত মকৰাৰ পো-পোৱালিয়ে উমলিবলৈ আহি সেইবোৰ তাত পেলাইছে বুলি লোকে ভাবিব। লৰা-তিৰোতাৰ সৈতে লগলাগি মকৰাই অলপ অলপকৈ পকা ধান কাটি দাই নি আছে। কেৰ্ক্কেটুৱাই ধান পকিছেনে নাই চাবলৈ আহি দেখে যে কোনোবাই চুৰ কৰি ধান দাই আধাখনীয়া কৰিলেই। চোৰ ধৰিবলৈ কেৰ্ক্কেটুৱাই খাপ পিতিলে। কাটি থোৱা ধান কঢ়িয়াবলৈ মকৰা কেইদিনমানৰ পিছত পুনৰ ওলালহি। পৰৰ শস্য কিয় দাইছে বুলি সি মকৰাক সুধিলে। মকৰায়ো৷ তৎক্ষণাত কেৰ্ক্কেটুৱাক সেই একে প্ৰশ্নকে কৰিলে।
“কি কোৱাহে, এইয়া মোৰ নিজৰ খেতি” কেৰ্ক্কেটুৱাই ডাঠি কলে।
“অ' আই, ভাল দিন ডকাইতটো ওলালহি। এইয়া মোৰ ধান নহয় বুলি কোনে কব?” মকৰাই ৰৌজাল-বৌজাল কৈ উত্তৰ দিলে।
“মই কোৰ মাৰিলো, ৰুলো, নিৰালো—এতিয়া তোমাৰ খেতি হল?” কেৰ্ক্কেটুৱাই কলে।
“সেয়ে যদি সঁচা হয়, তেন্তে তোমাৰ পথাৰলৈ আহ-যাহ কৰা বাটনো কোনটো?” মকৰাই প্ৰশ্ন কৰিলে।
“মোক আকৌ বাট এটা লাগিছে কেলৈ? মই গছে-ডালে যেনিয়েই যি ফালে মন যায়, সেই পিনেই বগাই আহোঁ।”
কেৰ্ক্কেটুৱাৰ কথাত মুখ ভেঙুচালি কৰি মকৰাই মাত দিলে। “এনে গছত গৰু উঠা, হোলোঙ্গাৰে কাণ খজুৱা কথা কাৰ আগত কবলৈ আহিছা?” নিজৰ বুলি দাবী কৰি কেৰ্ক্কেটুৱাৰ পথাৰৰ ধান মকৰাই জ্ঞাতি-কুটুম্বৰে সৈতে লগলাগি গাৰ বলেৰে দাই লৈ গল। কেৰ্ক্কেটুৱাই আদালতত গোচৰ দিলে। আদালতে উপযুক্ত প্ৰমাণ পাই মকৰাৰ সপক্ষেই ৰায় দিলে। পথাৰলৈ ওলোৱা-সোমোৱা বাট নাই যাৰ, সি আকৌ নিজৰ পথাৰ বুলি কেনেকৈ দাবী কৰিব পাৰে? এয়ে আদালত যুক্তি।
সকলো ধান কাটি-মাৰি তোমত ভৰাই মকৰাই পৰিয়াল-বৰ্গৰে সৈতে ওচৰৰ হাটলৈ বেচিবলৈ নিলে। মাজ বাটতে বতাহ বৰষুণে পালে। ধানৰ তোম কান্ধৰ পৰা নমাই মাজ বাটতে এৰি আটাইখনে লৰালৰিকৈ ওচৰ-পাঁজৰত আশ্ৰয় ললেগৈ। বৰষুণ এৰাৰ লগে লগে ধানৰ ওচৰলৈ আহিল।
ইতিমধ্যে কাউৰী এজনীয়ে তোমৰ ওপৰত পাখি মেলি পৰি আছে। মকৰাই কাউৰীৰ কাষ চাপি ধানৰ তোম কেইটা পহৰা দিয়াৰ কাৰণে ধন্যবাদ জনালে।
“তোমাৰ ধান? মগজুৰ বিকাৰ হৈছেনেকি?” চকু ঘোপাকৈ ধৰি কাউৰীয়ে কৰ্ক্কশ স্বৰত কা-কা কৰিলে। “ৰাজ আলিত মালিক নোহোৱাকৈ বস্তু এৰি থৈ যোৱা কথা ক'ত শুনিছা? মোৰ কামৰ সময়ত আমনি কৰিবলৈ নাহিবা। ঠোঁটেৰে ঘূঁকি মূৰৰ ঘিউ বাজ নৌ কৰোঁতেই ভালে ভালে মোৰ গুৰিৰ পৰা আঁতৰ হোৱা।” কথা শেষ হোৱাৰ লগে লগে পাখি জোকাৰি কাউৰীয়ে নিজৰ বাঁহলৈ ধানৰ তোম কেইট৷ কঢ়িয়াই নিলে। মকৰাই লৰা-তিৰোতাৰে সৈতে কন্দনামুৱা হৈ শুদা হাতে ঘৰলৈ উভতিব লগা হল।
ইয়াকে বোলে “চোৰক মোৰে পোৱা।”