সমললৈ যাওক

দেশ-বিদেশৰ সাধু/কুকুৰৰ মানুহলৈ মৰম

ৱিকিউৎসৰ পৰা

কুকুৰৰ মানুহলৈ মৰম
[উত্তৰ পশ্চিম মহাসাগৰীয় অঞ্চলৰ সাধু]

 পুৰণিকালৰ পৰা কুকুৰ বুদ্ধিমান বুলি প্ৰখ্যাত। মানুহৰ প্ৰতি তাৰ অচলা ভক্তি, অসীম চেনেহ। তাৰ বুদ্ধি কৌশলেৰে কুকুৰে সদায় মানুহৰ বহুতো উপকাৰ সাধি আছে।

 অতীজতে মানুহৰ বৰ দুখ আছিল। তাৰ প্ৰথম কাৰণ,সেই সময়ত জুই মানুহৰ অধীনত নাছিল। জুই আছিল এটি ওখ পৰ্ব্বতৰ টিঙ্গত; তাকো আকৌ আগুৰি ৰাখিছিল তিনি গৰাকী পৰ্ব্বত কন্যাই। ছোৱালী কেইজনীয়ে কেনেবাকৈ মানুহে জুইক ভৈয়ামলৈ নমাই নিজৰ কামত লগাইগৈ বুলি ভয় কৰিছিল;কিয়নো তেতিয়া হলে পৃথিবীত মানুহ সকলোতকৈ শক্তিশালী হব।

 কুকুৰে কিন্তু মানুহৰ এই অসুবিধা দূৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে। এদিন সি ছোৱালী তিনিজনীৰ আলেখলেখ চাবলৈ পৰ্ব্বতত বগালে। গিৰিহঁত নোহোৱা কুকুৰ বুলি ছোৱালী কেইজনীয়ে তালৈ মন নকৰিলে। গোটেই দিন আৰু ৰাতিটো পাহাৰতে খপি কুকুৰটোৱে গম পালে যে ছোৱালী তিনিজনীয়ে ইজনীৰ পিছত সিজনীয়ে পালপাতি জুই পহৰা দি থাকে। জুইকুৰা আছে তাহাঁতৰ জুপুৰিটোৰ চোতালত। এগৰাকী জুপুৰিৰ ভিতৰ সোমালে দ্বিতীয় গৰাকীয়ে আহি জুইকুৰা আগুৰি ধৰেহি।

 কিন্তু দোকমোকালি যেতিয়া চেঁচা ফেৰফেৰীয়া বতাহ মাৰে, জুই আগুৰি থকা ছোৱালীজনীয়ে ঠক্ ঠককৈ কঁপি তেতিয়া জুপুৰিত সোমাবলৈ তৰা-নৰা-ছিঙ্গি লৰ দি জুপুৰিৰ দুৱাৰ মুখৰ পৰাই বায়েকক চিঞৰে, “বাইদেউ, বাইদেউ, তুমি ওলাই আহি জুই ৰখাহি, ম‍ই জাৰত কঁপিব লাগিছো।”

 কিন্তু বায়েকে ওলাওঁতে পলম কৰিলে। কুকুৰে বুজিলে জুই চুৰ কৰাৰ দোকমোকালিয়েই উপযুক্ত সময়। কিন্তু অকলে সি এই কাম কৰিব নোৱাৰিব। ছোৱালী কেইজনীয়ে নিশ্চয় তাৰ পিছে পিছে খেদা লব। এই কামত তাৰ আনৰ সহায়ৰ প্ৰয়োজন হব। কুকুৰটো পুনৰ পাহাৰৰ নামনিলৈ নামি গল। তাতে সকলে৷ জন্তুকে লৈ এখনি সভা আহ্বান কৰিলে। সি কি বুদ্ধি পাতিছে, তাক সকলোকে জনালে। অন্যবোৰ জন্তুয়ে কুকুৰক সহায় কৰিবলৈ সম্মত হল। ভৈয়ামলৈ জুইক নমাই আনিব পাৰিলে, বাকীবোৰ প্ৰাণীৰো সুবিধা। কিদৰে সহায় কৰিব লাগিব তাৰ দিহা-পৰামৰ্শ দি কুকুৰ আকৌ পৰ্ব্বতত উঠিল। এইবাৰো পৰ্ব্বত-কন্যা কেইগৰাকীয়ে খাবলৈ নোপোৱা কুকুৰ বুলি তাৰ উপস্থিতি গ্ৰাহ্যই নকৰিলে। কুকুৰটোৱে কুচিমুচি জুপুৰিৰ পিৰালিত লেটি লৈ মূৰ-ঠেং কোচাই আধাৰিৰ দৰে পৰি থাকিল। কুকুৰৰ নিৰ্দ্দেশমতে অন্যবোৰ জন্তুয়ে পাহাৰৰ তললৈ নম৷ বাটটোৰ দুয়োকাষে জোপোহাৰ মাজে মাজে লুকাই ৰল।

 আগৰ দিনৰ দৰে দোকমোকালিতে ফেৰফেৰীয়া বতাহ মৰাত জুইৰখীয়া ছোৱালীজনীয়ে লৰালৰিকৈ দুৱাৰমুখলৈ উঠি গৈ চিঞঁৰিলে, “বাইদেউ, বাইদেউ। উঠা, উঠা; এতিয়া তোমাৰ জুই ৰখা পাল।”

 বায়েক ওলাওঁতে পলম হল; কুকুৰে চকুৰ পচাৰতে ডগ্ মগীয়া জুইৰ অঙ্গঠাটো কামোৰ মাৰি লৈ তীৰবেগে পৰ্ব্বতৰ তললৈ নামিল। কি সৰ্ব্বনাশ হল বুজিব পাৰি, মুহূৰ্ত্ত নষ্ট নকৰি ছোৱালীজনীয়েও কুকুৰৰ পিছে পিছে শিশুপাল খেদা দিলে। কিছুদূৰ গৈ তাই কুকুৰৰ নেজডাল চোঁও নোচোঁও হলগৈ। ছোৱালীজনীৰ হাত লগাত কুকুৰে দুনাই বতাহৰ কোবত লৰ ধৰিলে। কুকুৰক চোকা কৰিবলৈ নেজ কাটি দিয়াৰ কাৰণ এইটোৱেই! ছোৱালীজনীয়ে কিন্তু তাৰ পিছ নেৰিলে; পুনৰ তাক ধৰোঁ ধৰোঁ হলগৈ। কুকুৰটোয়ে কিছুদূৰ গৈ হঠাতে জুইৰ অঙ্গঠাটো বাটৰ কাষত খাপ পিতি থকা ভালুকক দিলে।

 ভালুকে দীঘল জাপ দি দি তললৈ নামিল। কুকুৰক এৰি ছোৱালীজনীয়ে ভালুকক খেদা দিলে। ভালুকে গৈ কেৰ্ক্কেটুৱাক লগ পালে। কেৰ্ক্কেটুৱাই ভালুকৰ মুখৰ পৰা জুইৰ অঙ্গঠাটো লৈ গছৰ ডালে-পাতে বগাই ভৈয়ামলৈ নামিল। জুয়ে ৰপুৰাৰ গাৰ নোম পুৰি বখলাবখল কৰিলে। জুয়ে পোৰা কলা দাগ কেৰ্ক্কেটুৱাৰ গাত এতিয়াও আছে। ডগ্ মগীয়া অঙ্গঠাই তাৰ নেজডালো বেঁকা কৰি পিঠিৰ ওপৰলৈ ভিৰাই আনিলে। পোৰণিত তত্, নেপাই কেৰ্ক্কেটুৱাই অঙ্গঠাটো ভেকুলীৰ সমুখত পেলালে।

 ভেকুলীয়ে টপ্‌কৈ মুখত ভৰাই গছৰ গুৰিয়ে গুৰিয়ে জঁপিয়াই গল। ছোৱালীজনীয়ে গছৰ আঁৰে আঁৰে খেদি গৈ ভেকুলীৰ নেজত থাপ্ মাৰি ধৰিলে। উফাল মাৰি নেজডাল ছোৱালীৰ হাততে এৰি ভেকুলী পলাল। তেতিয়াৰ পৰা ভেকুলীৰ নেজ নাইকিয়া। ছোৱালীজনী সিমানতো কিন্তু ক্ষান্ত নহল; চেগ চাই আকৌ ভেকুলীক হেঁচা মাৰি ধৰিলেগৈ। ভেকুলীয়ে তৎভৎ নেপাই অঙ্গঠাটো গছৰ মাজলৈ উকুলিয়াই পেলালে। গছে সাউ‍ কৰে গিলি থলে।

 গছৰপৰা অঙ্গঠাটো কেনেকৈ বাজ কৰিব তাৰ একো উৱাদিহ নেপাই আমন-জিমনকৈ এখোজ দুখোজকৈ ছোৱালীজনী পৰ্ব্বতৰ টিঙ্গলৈ উভতি গল। জুইৰ আশা তাই এৰিলে।

 বুদ্ধিমান কুকুৰে সকলোবোৰ দেখি আছিল। সি লৰি গাঁৱলৈ গৈ জুইক অনাৰ বাতৰি দিলে। গছৰ শুকান ডাল ঘঁহনি খুৱাই কেনেকৈ গছৰ পৰা জুই উলিয়াব পাৰি, সেই বুদ্ধি সি মানুহক শিকালে। আদিম মানুহে কাঠে কাঠে মৰিয়াই জুই তোলাৰ বুদ্ধিটো কুকুৰৰ পৰাই পাইছিল। কুকুৰৰ বুদ্ধি আৰু মৰমৰ গুণতে মানুহে আজি জুইক নানা কামত খটুৱাব পাৰিছে।