দেশ-বিদেশৰ সাধু/ঋণ পৰিশোধ
ঋণ পৰিশোধ
[বৰ্ণিঅ' দ্বীপৰ সাধু]
তাহানি বৰ্ণিঅ' দ্বীপত এগৰাকী বিধৱা বুঢ়ী আছিল । বুঢ়ীৰ একেজনী ছোৱালী হৈছে নোলা ৷ দুয়ো সুখে-শান্তিৰে খাই লৈ আছিল। হঠাতে এদিন নোলাৰ মাক নৰিয়াত পৰিল; দিনৰ পিছত দিনে অসুখ টানেই হ'ল। নোলাই সকলো প্ৰকাৰে মাকক সেৱা-শুশ্রূষা কৰিবলৈ লাগিল। য'ত যি পায় বিচাৰি আনি ভালকৈ ৰান্ধি-বাঢ়ি মাকক দিয়েহি। মাকৰ কিন্তু কোনো বস্তু মুখত সোৱাদ নেলাগে; সোৱাদ নেলাগে; বুঢ়ীয়ে একোকেই মুখত নিদিয়ে।
নোলাই ইটো খাবানে, সিটো খাবানে বুলি মাকক চাৰি সন্ধ্যা সুধি থাকে। মাকৰ সেই একেষাৰ কথা, “ওহোঁ, একো নেখাওঁ ৷ মোৰ ওচৰলৈ একো নানিবি।”
এদিন কিন্তু বুঢ়ীয়ে জীয়েকক কলে, “শুকান মাগুৰ মাছ এটা পোৱাহেঁতেন! তাৰেহে এসাজ খাবৰ বৰ মন গৈছিল।”
মাগুৰ পোৱা বৰ টান; বিশেষকৈ শুকান মাগুৰ মাছ । নোলাই তথাপি গাৱঁৰ প্ৰতিঘৰ মানুহৰ তালৈ গৈ খবৰ ললে । কাৰো ঘৰত নাই ; আজি কেইবা বছৰো কোনেও মাগুৰ মাছ চকুৰে দেখাই নাই ৷ শেহত তাই মোমায়েকৰ ঘৰ ওলালগৈ ৷ নোলাৰ মোমায়েক জালোৱা । মোমায়েকৰ ছ-জনী ছোৱালী । তাহাতে নোলাক দেখিবই নোৱাৰে । দুপৰীয়া খোৱাৰ সময়ত নোলাক ওলোৱাহি দেখি তাহাঁতৰ পেটে পেটে খং উঠিছিল। মোমায়েকে সেইমাত্র দূৰৈৰ বিল এখনত মাছ মাৰি ঘৰ সোমাইছেহি ৷ খালৈত আন মাছৰ লগতে মাগুৰো এটা আহিছে ৷ নোলাৰ আনন্দৰ পাৰ নোহোৱা হ'ল ! মোমায়েকক নৰিয়া পৰা মাকৰ কাৰণে মাগুৰটো খুজিলে।
ছোৱালী কেইজনীয়ে নোলাৰ কথা শুনি জিক-জিকাই উঠিল। বাপেকক আগুৰি ধৰি ঠেন্ ঠেন্ মেন্ মেন্ কৰি উচুপি কলে, “ওহেঁ৷ পিতাই, তুমি মাগুৰটো হলে লোকক দিব নোৱাৰা। কতদিন আমি মাগুৰ খাবলৈ পোৱাই নাই !”
নোলাক ভাল নোপোৱাৰ এটা কাৰণ আছিল,—তাহাত আটাইকেইজনী নোলাতকৈ দেখিবলৈ অশুৱনী। গাৱঁৰ ধনী দুখীয়া প্রত্যেক ডেকা লৰাই নোলাক বিয়া কৰাবলৈ বিচাৰে, তাহাতক কিন্তু কোনেও ঘূৰিকে নেচায়। মাগুৰ মাছ খাবলৈ নেপালে, জেঠায়েক হয়টো মৰিব; সেই শোকতে নোলাও মৰিব পাৰে। সেয়ে হলে গাৱঁত তাহাঁতৰ প্ৰতিপত্তি বাঢ়িব ।
নিজৰ ছোৱালী কেইজনীক কন্দুৱাই নোলাৰ মাকলৈ মাছটো পঠিয়াবলৈ জালোৱাৰ সত নগল। নোলাই বেজাৰ মনেৰে ঘৰলৈ উভতিলে । শুকাই খীণাই দিনক দিনে মাকৰ অৱস্থা বেয়াৰ ফাললৈহে ঢাল ললে।
আকৌ এদিন মোমায়েকৰ জালত কেইবাটাও মাগুৰ লাগিল । ছোৱালী কেইজনীয়ে হালধি-মছলা সানি তাৰে আঞ্জা ৰান্ধিলে । মাগুৰ মাছৰ আঞ্জাৰ মল-মলীয়া গোন্ধ নোলাহঁতৰ ঘৰলৈকে গল। নোলাৰ মাকে বতাহতে তাৰ গোন্ধ লৈ কলে, “ই, কেনে মল-মলীয়া গোন্ধ! মোমায়েৰৰ ঘৰত নিশ্চয় মাগুৰ মাছৰ আঞ্জা ৰান্ধিছে। যা, যা, মোলৈ বেগতে কেইটামান চাউল সিজাগৈ। মোমায়েৰে আমাক মাগুৰ মাছ দিয়াটো হৈছে ; এতিয়া তাৰ গোন্ধকে লৈ দুগৰাহ ভাত খাওঁ।”
নোলাই লৰালৰিকৈ দুটামান জহা চাউলৰ ভাত ৰান্ধি দিলে । ভায়েকৰ ঘৰৰ পৰা অহা মাছৰ আঞ্জাৰ গোন্ধ লৈ বুঢ়ীয়ে তৃপ্তিৰে ভাতমুঠি খালে ৷ আচৰিত কথা, তাৰ পিছদিনাৰ পৰাই নোলাৰ মাকৰ গা ভাল হৈ আহিল, কেইদিনমানৰ ভিতৰতে 'আগৰদৰে বাজ-ভিতৰ কৰি ফুৰিব পৰা হ'ল ।
মোমায়েকৰ ছোৱালী কেইজনীয়ে তাকে দেখি নোলাক সুধিলে, “জেঠাইৰ দেখোন বৰ অসুখ হৈছিল । এতিয়া হঠাতে ভাল হ'ল কেনেকৈ ?”
“তোমালোকে যে মাগুৰ মাছৰ জোল ৰান্ধিছিলা, তাৰে গোন্ধেই আইক ভাল কৰিলে। তাৰ গোন্ধ পায়ে আইৰ ভোক বাঢ়িল, সেইদিনাৰ পৰা দুবেলা দুমুঠি খাব পৰাও হ'ল ।”
কথাষাৰ শুনিয়েই ছয়োজনী বায়েক-ভনীয়েকে বাপেকৰ গুৰি পাই লগালেগৈ, “নোলাৰ মাকৰ পৰা আমি ধন উলিয়াবই লাগিব। আমাৰ মাগুৰ মাছৰ জোলৰ গোন্ধ লৈ বোলে বুঢ়ীয়ে গা ভাল পালে। আমাৰ মাছৰ গোন্ধৰটো মূল্য আছে।”
“হয়েতো ঠিক কৈছহঁক”— বাপেকে শলাগিলে ; “মই ইয়াৰ উচিত ব্যৱস্থা কৰিম।” জালোৱাই গৈ গাৱঁৰ মেলুৱৈসকলক ধৰি মেল চপালে। কিন্তু জালোৱাৰ হৈ মাতোতা কেঁও নোলাল ৷ অৱশেষত টংগেল নামৰ ডেকা এটাই জালোৱাৰ হৈ ৰাইজক বুজাবলৈ গাত ললে ৷
জালোৱাৰ আটাইকেইজনী ছোৱালীয়ে সাজি-পাৰি মেলতনো নোলাৰ মাকৰ কি দুর্দশা হয় চাবলৈ আহিল । মাকৰ লগত আহি নোলাও সভাৰ এচুকত বহিল । মোমায়েকৰ ছোৱালী কেইজনীয়ে কিন্তু দূৰৈৰ পৰাই তাইলৈ আঙুলিয়াই ফিচিঙা-ফিচিঙি কৰি আছিল ৷
সকলো মেলুৱৈ গোট খালে। জালোৱাই গোচৰ জনালে । তাৰ পিছত মাছৰ জোলৰ গোন্ধৰ বাবে আইনসঙ্গতভাৱে ধন দাবী কৰিব পাৰেনে সেইকথা বুজাবলৈ টংগেল থিয় হ'ল। টংগেলে প্রথমেই ডিঙিত অঁৰা ঢোলটোত চাপৰ মাৰি জালোৱা আৰু তেওঁৰ ছোৱালী কেইজনীৰ পিনে চাই সুধিলে, “ঢোলৰ চেওটো তোমালোকৰ ভাল লগা নাইনে ?”
“কিয় নেলাগিব ? বঢ়িয়া হৈছে” – আটাইকেইজনীয়ে হাঁহি হাঁহি উত্তৰ দিলে। “বেচ কথা তেনেহলে, তোমালোকৰ ভাল -- লগা ঢোলৰ এই চাপৰটোৱেই মলমলীয়া মাছৰ জোলৰ গোন্ধৰ মূল্য। নোলাৰ মাকে তোমালোকে পাবলগীয়াখিনি এই ঢোলৰ চাপৰৰেই পৰিশোধ কৰিলে,” – বুদ্ধিমান টংগেলে কলে ৷
তাৰ পিছত মেলুৱৈ সকললৈ চাই সুধিলে,—“এই কথাত আপোনালোকৰ কি মত ? সকলো সম্মত নহয় জানো?”
“হয়, হয়, ইয়াতকৈ আৰু কিবা সজ বিচাৰ হব পাৰেনে ?” সকলো মেলুৱৈয়ে টংগেলৰ কথাত সম্মতি জনালে।