দুৰ্গাবৰি গীতি ৰামায়ণ/সম্পাদকৰ কথা
সম্পাদকৰ মন্তব্য।
বৰ্ত্তমান পুথি খনিৰ নাম “দুৰ্গাবৰি”। দুৰ্গাবৰ নামে জনৈক কবিৰ লিখা এই নিমিত্তে ই এই নামেই সৰ্ব্ব সাধাৰণৰ ওচৰত পৰিচিত। অন্য পক্ষত ইয়াক গীতি-ৰামায়ণ হে বুলিব পাৰি। যিহেতু ইয়াৰ বৰ্ণিত বিষয়ৰ ৰচনা, ৰাগ আৰু পদত। এনেকুৱা কাব্য আমাৰ ভাষাত প্ৰায়ে বিৰল। কবি যে এজন অতি উচ্চ দৰৰ পণ্ডিত আৰু গীতাদিত বিশেষ পাৰ্গত আছিল পুথিৰ ৰচনাৰ পৰায়ে সেইটো আপুনি প্ৰকাশ পাইছে। এওঁৰ জীৱনী সম্বন্ধে বহু অনুসন্ধান কৰি আজিলৈ আমি এই খিনি মাথোঁন জানিব পাৰিছোঁ যে, কামৰূপ জিলাৰ হাজো মৌজাৰ কোনো এখনি সৰু গাঁওত কায়স্থ কুলত তেওঁৰ জন্ম হৈছিল। যিহক এই বিষয়ে বিশেষ তথ্য যাতে আমি আমাৰ পাঠকবৰ্গক দিব পাৰিম সেই চেষ্টাতে থাকিলোঁ। বাল্মিকী ৰামায়ণ সাত কাণ্ডত বিভক্ত। আদি, অযোধ্যা, অৰণ্য, কিষ্কিন্ধ্যা, সুন্দৰ, লঙ্কা আৰু উত্তৰাকাণ্ড। আদিকাণ্ডত ৰামৰ জন্ম, অযোধ্যাত ৰাজা, অৰণ্যত বনবাস, কিষ্কিন্ধ্যাত বালীবধ, সুন্দৰত সাগৰ বন্ধন, লঙ্কাত বাবন বধ আৰু সীতা উদ্ধাৰ, উত্তৰাত ৰামচন্দ্ৰৰ সীতা সৈতে অযোধ্যালৈ যাত্ৰা, পুনৰ ৰাজ্যভাৰ গ্ৰহণ, সীতাৰ পাতাল প্ৰবেশ ইত্যাদি ঘটনাৱলীৰ সমাবেশ। কিন্তু এই দুৰ্গাবৰি পুথিত হলে, অৰণ্য, কিষ্কিন্ধ্যা, সুন্দৰ আৰু লঙ্কাকাণ্ডৰ বাহিৰে অইন তিনি কাণ্ড নাই; বহু অনুসন্ধানতো বাকী কেই কাণ্ড আজিলৈ পোৱা নগল। কিন্তু অনুমানত ঠাৱৰ হয় সেই তিনিকাণ্ড ও মহাত্মা কবি কৰ্ত্তৃক ৰচিত হৈছিল। কাৰণ তেওঁৱে পুথিৰ আদি ৰচনাত লিখিছে :—
“জয় জয় ৰামচন্দ্ৰ জগতৰ পতি।
নমোহো লক্ষণ তান অনুজ সম্প্ৰতি॥
নমস্তে জগত গুৰু পতিত পাৱন।
জাৰ ক্ৰোধে সবংশতে মৰিলা ৰাৱণ॥
অজোধ্যা কাণ্ডৰ কথা ভৈলা সমাপতি।
অৰণ্য কাণ্ডৰ কথা শুনিয়ো সম্প্ৰতি।” ইত্যাদি
দুখৰ বিষয় যি গৈছে তাক আৰু পুনৰ পোৱাতো অসম্ভৱ। এনে দৰে, আমাৰ যে কিমানে ভাল ভাল বস্তু ক্ৰমাৎ লোপ পাই আহিব ধৰিছে তাৰ আৰু আজি কোনে হিচাপ লয়? এতিয়া মুঠতে কবলৈ গলে ‘দুৰ্গাবৰি’ যে এখনি আমাৰ ভাষাৰ অত্যুৎকষ্ট গীতিকাব্য তাক কোনোৱে নুই বুলিব নোৱাৰিব। পুথিৰ লিখা, ৰচনাৰ চাতুৰ্য্য, ঘটনাৱলীৰ অৱতাৰণা আৰু ভাৱানুযায়ী “ৰাগৰ” সংযোজন ৰচকৰ অদ্ভুত প্ৰতিভাৰ পৰিচায়ক। এই ৰচনালৈ সেই পুৰণি আৰু আজি এই নতুন দুয়োকালৰ ভিতৰত বহু পাৰ্থক্যৰ লক্ষণ দৃষ্ট হয়।
আজি কালি আমি নিজেই নিজকে শিক্ষিত বুলি অনুমান কৰি “গঙ্গাটোপটোৰ” নিচিনা আপুনা আপুনি ওফন্দি ফুৰোঁ কিন্তু তাৰ পৰা লাভ কিটো! ক্ষাৰ নোহোৱা হিলৈ থকা নথকা দুয়ো সমান—আছে গৰু নবয় হাল, হোৱাত কৈ নোহোৱা এ ভাল।” যি বৃক্ষ ফলবান, যাৰ ফল ভক্ষণ কৰি মানুহে তৃপ্তি পায়, তাকেহে সকলে বিচাৰে আৰু নিজ বাৰিত বেৰিলৈ মাটি পানিদি প্ৰতিপাল কৰে। বিশ্ব বিদ্যালয়ৰ দীঘল দীঘল উপাধি, নামৰ শেষত লগাই লৈ, ৰজাঘৰীয়৷ চাকৰি যোগাৰ কৰি পেট পোহা ফিকিৰ পাতি শিক্ষা প্ৰাপ্ত বিষয়লৈ তেনে অমনোযোগী হোৱাই যে শিক্ষাৰ অকল উদ্দেশ্য—এনে ধাৰণা নিতান্ত গৰ্হিত আৰু ভূল। শিক্ষাৰ আচল উদ্দেশ্য হৈছে—তাৰ চৰ্চ্চা কৰা, অইনক জ্ঞান বিলোৱা, দেশৰ উপকাৰ সাধা, সৰ্ব্ব সাধাৰণক সহানুভূতিৰ চকুৰে চোৱা ইত্যাদি।
মানুহে, লগ-লগৰীয়াৰ উন্নতি দেখিয়ে, নিজৰ পূৰ্ব্ব গৌৰৱ কি বংশমৰ্য্যদা নাথাকিলেও গৌৰৱোন্নতি লাভলৈ মন মেলে আৰু উদ্যোগী সিংহৰ নিচিনা নিজ বাহুবলকে বল বিবেচনা কৰি জীৱন যুদ্ধত আগহৈ কৃতিত্বৰ পৰিচয় দিয়ে, অথচ আমি যে মহাত্মা কুল-সম্ভূত হৈও নীচ, কাপুৰুষৰ নিচিনা পূৰ্ব্ব-পিতৃ-পিতামহাদিৰ বহু আয়াস সঞ্চিত পূৰ্ব্ব মান-মৰ্য্যদাৰ গৌৰৱ, তেনে জলাঞ্জলী দি অদৃষ্টৰ ওপৰত দোষৰ বোঝাটো চপাই নিশ্চিন্ত মনে বহি শুই, পৰৰ মুখত নিজৰ নিন্দাবাদ শুনিও সেই প্ৰাচীন কালৰ কীৰ্ত্তিস্বৰূপ সুৰম্য দেৱ-দেৱীৰ সুগঠিত দৌল-মন্দিৰ, সুনিৰ্ম্মল জলাশয়, মহা মহা পণ্ডিত মণ্ডলীৰ গভীৰ গবেষণা পূৰ্ণ পৱিত্ৰ লিখনি-প্ৰসূত পৱিত্ৰ শাস্ত্ৰ, লগে লগে তেওঁ বিলাকৰ প্ৰাতঃস্মৰণীয় নাম, জগদ্বিখ্যাত পাশ্চাত্য—সু-নিপুণ চিত্ৰকৰ ‘গুইডো’ কো ছেৰ পেলাব পৰা “অসমীয়া, অশিক্ষিত চিত্ৰকৰৰ” অতি বিচিত্ৰ, অত্যুত্তম চিত্ৰ, এই এক নিৰ্ব্বুদ্ধিতাৰ দোষতে সময় সোঁতত উটাই দি পৰৰ মুখলৈ চাই নিজে মুখ মেলি আছোঁ, ই-কি আমাৰ পক্ষে ঘোৰ কলঙ্ক আৰু পৰিতাপৰ বিষয় নহয় নে? হায়! যিঠাইত এদিনা নৰক, ভগদত্ত, ভীষ্মক, বান, হিড়িম্ব প্ৰভৃতিৰ নিচিনা বীৰাৱলী, শ্ৰীশঙ্কৰ, মাধৱৰ নিচিনা ধৰ্ম্ম-সংস্কাৰক আৰু গ্ৰন্থকাৰ, অনন্ত কন্দলীৰ নায় কবি জন্মগ্ৰহণ কৰি আসাম কামৰূপৰ অপূৰ্ব্ব জেউতী দিগ্ দিগান্তত বিস্তাৰকৈ,বিজয়ধ্বজাত “প্ৰাগ্জ্যোতিষ্পুৰ” নাম অঙ্কিত কৰি জগতবাসীৰ চকুত চমকানি লগাবলৈ সমৰ্থ হৈছিল, সেই দেশৰে যে আজি এনে বিলাই বিপত্তি, সেই মহাত্মা-বংশ-জাত সন্তান বিলাকৰে যে আজি এনে নিতান্ত দীন-হীন বৰ্ব্বৰাৱস্থা দেখিলেনো কোন হৃদয়বান লোকৰ চকুলো নবব? যি অমৃতময় লিখনী-প্ৰসূত শাস্ত্ৰাদি অনন্তকাল উৰাই ঘূৰাই পঢ়িও হেপাহ পলুৱাব নোৱাৰি, মেলিলেই নতুন, পঢ়িলেই সোৱাদ, শুনিলেই কানত যেন অমৃত ঢালি দিয়ে, আজি আমাৰ দিনত, আমাৰ বিদ্যা-বুদ্ধি আৰু মহত্ত্বৰ প্ৰভাৱত এই বিলাক ক্ৰমেই লোপ পাই যাব ধৰিলে। পৰিমাৰ্জ্জিত আৰু ক্ৰমোন্নতিৰ লগত এনে সুৱলা ভাষা আৰু এনে শাস্ত্ৰৰ ইমানে যে অৱস্থা ঘটিল, —পঢ়া শুনা পিচৰ কথা, পোনতে মেলাৰ সলনি সামৰিবলৈকেহে বিশেষ উৎসুক হওঁ। মুঠকথা তেওঁ বিলাকৰ শিক্ষা আছিল সেই তাহানিৰ কাঠৰ ফলিৰ আৰু আজি আমাৰ শিক্ষা হৈছে বিশ্ব-বিদ্যালয়ৰ দীঘল দীঘল নেজ থকা! ধন্য আমাৰ সভ্যতা! ধন্য আমাৰ শিক্ষা!! আৰু ধন্য আমাৰ জন্ম!!! যাৰ জন্মৰ পৰা জাতি বংশৰ উন্নতি নহয়, তেনে অকৰ্ম্মণ্য সম্ভান ওপজোৱাতকৈ বৰং তাৰ জননী ‘আঠকুৰি’ হৈ থকায়ে শতগুণে শ্ৰেয়ঃ। শাস্ত্ৰতো কৈছে :—
“কোঽৰ্থঃ পুত্ৰেন জাতেন যো ন বিদ্বান্ ন ধাৰ্ম্মিকঃ।
কানেন চক্ষুষা কিংবা চক্ষুঃ পীড়ৈব কেবলম্॥”
আৰু কৈছে :—
“গুণীগণ গণনাৰম্ভে ন পটতি
কঠিনি সুসম্ভ্ৰমাৎ যস্য। তেনাম্বা যদি সুতিনী
বদ বন্ধ্যা কিদৃশী ভবতি॥
আৰু:—
“বৰমেকো গুণী পুত্ৰো ন চ মূৰ্খ শতৈৰপি।
একশ্চন্দ্ৰস্তমো হস্তি ন চ তাৰা গণৈৰ পি॥”
এক সুপুত্ৰেই শ্ৰেষ্ঠ, শত মূৰ্খ সন্তানতো কোনো ফল নাই, ওপৰি খোজে খোজে বিপদ আৰু পৰিতাপহে। যি নিজৰ পিতৃ পিতামহৰ নাম উজ্জ্বল কৰি জীৱন-পথত আগবাঢ়ে তাৰেই অভীষ্ট সিদ্ধি হয় আৰু সেই জনাই ধন্য পুৰুষ!
সংসাৰত ত্ৰিকালজ্ঞ কোনো নাই—আচল শাস্ত্ৰ জ্ঞানীয়ে এই নামৰ উপযুক্ত। যেহেতু শাস্ত্ৰে মনৰ সকলো সংশয় ছেদ কৰে; যাৰ এই জ্ঞান নাই সি চকু থাকোতেও অন্ধ। প্ৰাচীন পুথি, প্ৰাচীন কাৰু কাৰ্য্য, আৰু প্ৰাচীন দেৱ-দেৱীৰ মন্দিৰাদিয়ে দেশী আৰু জাতীয় উন্নতি-অৱনতি সূচক বিজয়স্তম্ভ আৰু এয়ে পূৰ্ব্ব পুৰুষাদিৰ নাম। ইয়াৰ পৰায়ে জগতে জানে, যে সেই দেশ কি সেই জাতিৰ পূৰ্ব্ব পুৰুষ বিলাক কিমান উন্নতশীল আছিল। বৰ্ত্তমানে সম্পাদিত এই পুথিখনিও এই হিচাপৰ ভিতৰৰে এখন পুথিৰ লিখা তাৰিখ অনুযায়ী ইয়াৰ বয়স তিনিশ। এতেকে ইয়াৰ পৰা এইটো প্ৰমাণ হৈছে যে এই তিনিশ বছৰ আগেয়ে আমি অসমীয়া কিমান শিক্ষিত আছিলোঁ। পুথিৰ লিখা সুন্দৰ—ফট্ ফটিয়া। ই আৰু এই এটা আমাৰ অভাৱৰ প্ৰমাণ কৰিছে যে, আমাৰ পূৰ্ব্ব পুৰুষ বিলাক অঞ্চল পদৰচনাত পাৰ্গত নাছিল—গীত-বাদ্যতো বিশেষ পটু আছিল।
দুখৰ বিষয় যি বিদ্যা সময়ত ইমানে উন্নতি লাভ কৰিছিল— সময়ৰ সোঁতত-আমাৰ দোষত, আজি তাৰ নাম মাত্ৰয়ে নাই বুলিলেও অত্যুক্তি নহয়। এনেকি তাক অইন ভাষাৰ ৰূপান্তৰ বুলিহে অইনে প্ৰতিপন্ন কৰিব খোজে।
পুথিৰ ৰচিত গীত বিলাক ৰাগে সৈতে গালে এনে সুন্দৰ শুনি যে কৰুণ ৰসপূৰ্ণ বিলাকত আপুনা আপুনি চকুলো ঝৰিব ধৰে। “লঙ্কাধিপতি ৰাৱণে যেতিয়া ছলনা কৰি তপস্বী বেশে সীতাক হৰি ললে, সেই সময়—সীতাৰ বিলাপ জনিত ক্ৰন্দনৰ গীত,” “ৰামচন্দ্ৰ মৃগয়াৰ পৰা ওভতি আহি “কুটিৰত” সীতাক নেদেখি বিলাপ”— প্ৰাণ মন বিদাৰক।
মিছা সাক্ষী দিয়া হেতু চন্দ্ৰ, সূৰ্য্য, তুলসী, ফল্গুনদী, কুশ আৰু কল গছৰ প্ৰতি সীতাৰ শাপ, স্বামী ৰামচন্দ্ৰৰ মন তুষ্টি কাৰণে ভাৰ্য্যা সীতাৰ অৰণ্যতে অযোধ্যাৰ অঙ্গনা, উপদেশ মূলক আৰু অতি প্ৰশংসনীয়। কবিৰ প্ৰাকৃতিক বৰ্ণনাও সুন্দৰ আৰু হৃদয়গ্ৰাহী :—
“ডণ্ডুকা৷ অৰণ্যে দেবি অযোধ্যা স্ৰজিলা।
নানা জাতি তৰু ফল ফুল সবে ভৈলা॥
মালতি মাধই পাৰিজাত জে পলাশ।
প্ৰফুল্ল ফুলিতে আচে মলয়াৰ বাস॥
ইত্যাদি”
ৰূপবৰ্ণনাও বিচিত্ৰ :—
নয়নে অঞ্জন দিব্য কুন্দল উপম।
সৰ্ব্বাঙ্গ সুন্দৰ মুগ্ধ চন্দ্ৰমাৰ সম॥
অধৰ ৰাতুল মুখ চন্দ্ৰমাৰ পান্তি।
হৃদয় জলিয়া আচে সোৱৰ্ণৰ কান্তি॥
ইত্যাদি”—
নাধৱ লাইব্ৰেৰী, কামৰূপ। ১৮৩৭ শক ২৭শে মাঘ। |
সম্পাদক। |
⸻
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )