সমললৈ যাওক

ত্ৰিপদী

ৱিকিউৎসৰ পৰা
 

ত্ৰিপদী

 

শ্ৰীসূৰ্য্যকুমাৰ ভূঞা

 

 

ত্রিপদী

 
The three essays inserted in this book are:

 1. SAHITYAR MULKATHA. Speech delivered at a meeting of the Assamese Students' Literary Club, held at the Sudmersen Hall, Cotton College, Gauhati, on September 30, 1939.

 2. ASAMIYA SAHITYA ARU KRISHTI. Speech delivered as President of the Twenty-second Session of the Asam Sahitya Sabha, held at Shillong on November 8, 1953.

 3. SARAIGHAT NAI, KINTU SARAIGHAT ACHE. Speech delivered as President of the meeting held on February 25, 1956, under the auspices of the Lachit Mela of Jhanji, to honour the memory of the great general Lachit

Barphukan, the victor of Saraighat.
 

ত্ৰিপদী

 

প্ৰণেতা
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা

 

১৯৫৯

 

লয়াৰ্ছ বুক ষ্টল
গুৱাহাটী  : অসম

 
 

TRIPADI. Three essays on aspects of Assam's literature and culture. By Dr. Suryya Kumar Bhuyan, M.A., B.L. (Cal.), Ph.D. (Lond.), D.Lit. (Lond.), Vice-Chancellor, Gauhati University.

 

Pubished by Shri Bichitra Narayan Dutta Barooah, B.L., Proprietor,
Lawyer’s Book Stall, Panbazar, Gauhati, Assam.

 

প্ৰকাশক : শ্ৰীবিচিত্ৰনাৰায়ণ দত্ত বৰুৱা, বি-এল,
লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, অসম।

 

First edition, September 1959.

 

প্ৰথম তাঙ্গৰণ, চেপ্তেম্বৰ ১৯৫৯।

 

বেচ খনে দুটকা

 

All rights reserved by the author.

 

মুদ্ৰক : শ্ৰীকালীচৰণ পাল,
নবজীৱন প্ৰেছ, ৬৬ গ্ৰে ষ্ট্ৰীট, কলিকতা-৬।

 

Printed by Shri Kalicharan Pal, at the Nabajiban Press, 66, Grey Street, Calcutta-6; and published by Shri Bichitra Narayan Dutta Barooah, B.L., Lawyer’s Book Stall, Gauhati, Assam.

 

পাতনি

 গুৱাহাটীৰ এ-এচ্-এল্ ক্লাব, অসম সাহিত্য সভা, জাঁজীৰ লাচিত মেলা, এই তিনি অনুষ্ঠানৰ তিনি অধিবেশনত দিয়া বক্তৃতাৰ কথাখিনি একেলগ কৰি ত্ৰিপদী নাম দি কিতাপৰ আকাৰে উলিওৱা হ’ল। অসমীয়া সাহিত্য আৰু কৃষ্টিৰ অৱস্থা আৰু তাৰ উন্নতিৰ উপায়, এই বিষয়ে কিছু আভাস আৰু সঙ্কেত ত্ৰিপদীৰ তিনিটা প্ৰবন্ধত পোৱা যাব। আৰু কিছু কথা আছে যি কথা চিৰদিনেই লাগতিয়াল। অসমীয়া পাঠক-পাঠিকাসকলে ত্ৰিপদীৰ কথাখিনি পঢ়ি তাৰ বিষয়ে এবাব ভাবি চালে গ্ৰন্থকাৰৰ পৰিশ্ৰম সাৰ্থক হব।

গুৱাহাটী,
আগষ্ট ১৫, ১৯৫৯।
  শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।

সূচীপত্ৰ

 পিঠি
সাহিত্যৰ মূলকথা ...  
 এ-এচ-এল্ ক্লাব, গুৱাহাটী, ৩০ চেপ্টেম্বৰ ১৯৩৯।
অসমীয়া সাহিত্য আৰু কৃষ্টি ...  ২৫
 অসম সাহিত্য সভা, ২২শ অধিবেশন, ছিলং।
 ৮ নভেম্বৰ ১৯৫৩।
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে ...  ৬৩
 জাজী লাচিত মেলাৰ মূলসভা, ২৫ ফেব্ৰুৱাৰী ১৯৫৬।
পৰিশিষ্ট, “ত্ৰিপদী”ৰ তিনি প্ৰবন্ধৰ পৰিচয় ...  ৮৪

 

মোৰ নুমলীয়া জোঁৱাই
শ্ৰীমান্ ভূপেন্দ্ৰনাৰায়ণ চৌধাৰী বোপা
আৰু
মোৰ নুমলীয়া কন্যা
কল্যাণীয়া শ্ৰীমতী কমলী আইদেওৰ
হাতত
দেউতাকৰ স্নেহৰ উপহাৰ।


গুৱাহাটী,
১৫ আগষ্ট, ১৯৫৯
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
 

অসমীয়াৰ অৰিহণা

 কি উদ্দেশ্য সাধনৰ নিমিত্তে অসমীয়া জাতিয়ে এই ভূ-ভাৰম্ভত জন্ম গ্ৰহণ কৰিছে? অসমীয়া জাতিয়ে অন্যান্য জাতিৰ দৰে খাই-বৈ জীয়াই আছে অতীজৰেপৰা, তেওঁলোকৰ ভাগ্যচক্ৰও উঠা-নমা কৰিছে যুগে-যুগে, তথাপি অসমীয়া জাতিয়ে স্বতন্ত্ৰ ৰূপ ধৰি বৰ্ত্তি আহিছে আজিলৈকে। জগতৰ কি উপকাৰৰ নিমিত্তে অসমীয়া জাতিক ইমানখিনি পোহৰ, ইমানখিনি বতাহ, ইমানখিনি পানী, ইমানখিনি মাটি ভোগ কৰাব সুবিধা দিছে পৰমনিয়ন্তা স্বজনকৰ্ত্তাই?

 বিশ্বৰ সভ্যতালৈ ভাৰতৰ অৱদান হৈছে সত্যৰ সন্ধান আৰু পাৰ- মাৰ্থিক চিত্তাৰ উৎকৰ্ষ, মৈত্ৰীভাব আৰু অহিংসা; গ্ৰীচৰ অৱদান হৈছে ন্যায়ৰ প্ৰভুত্ব, আৰু শিৱ আৰু সুন্দৰৰ অনুশীলন; ৰোমৰ অৱদান হৈছে সাম্ৰাজ্য সংগঠনৰ পদ্ধতি; আৰবৰ অৱদান হৈছে সাম্যবাদ; ফ্ৰান্সৰ অৱদান হৈছে গণতন্ত্ৰ; ইংলণ্ডৰ অৱদান হৈছে উচ্চ আদৰ্শ আৰু পাৰ্থিৱতাৰ সামঞ্জস্য; আৰু আমেৰিকাৰ অৱদান হৈছে যান্ত্ৰিক উদ্যোগৰ সহায়েৰে দ্ৰব্য-সামগ্ৰীৰ উৎপন্ন বৃদ্ধি কৰি দেশৰ সৰ্ব্বাঙ্গীন উন্নতি সাধন।

 অসমীয়াই জগতৰ সভ্যতালৈ কি অৰিহণা আগবঢ়াব? অসমীয়াৰ জীৱন নিৰৰ্থক আৰু উদ্দেশ্যবিহীননে?

– ত্ৰিপদী, ‘অসমীয়া সাহিত্য আৰু কৃষ্টি' প্ৰবন্ধ।

ত্ৰিপদী


সাহিত্যৰ মূলকথা

অসমীয়া সাহিত্য আৰু ছাত্ৰৰ কৰ্ত্তব্যৰ বিষয়ে আজি দু- আষাৰমান কথা কবলৈ ওলাইছোঁ। ছাত্র মানে এইখিনিতে ছাত্ৰীকো বুজোৱা হৈছে। আজি কিছুদিনৰ পৰা ছাত্ৰসকলৰ মাজত দেশৰ উন্নতিমূলক সজকামৰ প্ৰতি ধাউতি হোৱাৰ প্ৰমাণ পাই সাহিত্য সম্বন্ধে গোটাচেৰেক কৰ্ত্তব্যৰ কথা উলুকিয়াই দিবলৈ উৎসাহ হৈছে। যোৱা ১৬ চেপ্তেম্বৰ তাৰিখে কটনিয়ান- সকলৰ উচ্চশিক্ষাৰ কাৰণে পুঁজি স্থাপনৰ আৱশ্যকতা আৰু উপায় আদিৰ বিষয়ে আলোচনা কবি এটি বক্তৃতা দিছিলো । সেই প্রস্তাৱত ছাত্ৰসকলৰ প্ৰৱল উৎসাহৰ চিন দেখা পাই ধাৰণা হৈছে যে ছাত্রসমাজৰ অন্তৰত কৰ্ম্মপ্ৰেৰণাৰ অভাৱ নাই, তেওঁ- লোকক ভাল আদৰ্শৰ পথত দিহা-পৰামৰ্শ দি আগবঢ়াই লৈ

গলে কটন কলেজৰ এহেজাৰ ছাত্ৰৰ প্ৰত্যেককে একোজন কৰ্ম্মী
ত্রিপদী

কৰিব পৰা যাব। এই এহেজাৰ ছাত্ৰৰপৰা দেশৰ কিমান মঙ্গলজনক কামৰ সূত্ৰপাত হব পাৰে তাক ভাবিলে স্তম্ভিত হব লাগিব ৷

 মানুহক কৰ্ত্তব্যৰ বিষয়ে উপদেশ দিবলৈ যোৱাটো ইমান শঙ্কাশূন্য নহয়, কাৰণ বিফলমনোবথ হোৱাৰ সম্ভাবনা সবহ । কিন্তু অসমীয়াৰ আজি জোৰ পুৰি হাত পালেহি । বয়সস্থ- সকলে তৰুণবৃন্দক কৰ্ত্তব্যৰ সঙ্কেত দিয়াটো উচিত ৷ আৰু মনত খুন্দিয়াই থকা কথা প্ৰকাশ নকৰিলে একপ্ৰকাৰে দেশৰ অনিষ্ট হয় বুলি কব পাৰি। সভায় সমিতিয়ে বা পঢ়োৱা শ্ৰেণীৰ বক্তৃতাত ছাত্ৰসকলক পুনঃ-পুনঃ কৈ আহিছোঁ যে, আমি ভাল কথা বহুত জানো, কিন্তু তাক কৰ্ম্মত ৰূপান্তৰ নকৰিলে সেই জ্ঞান অলাগতিয়াল হৈ পৰে। কোনো জাতিৰ উন্নতি সাধিবলৈ হলে প্রতিজনে জ্ঞান আৰু কৰ্ম্মৰ মাজত সোণৰ সাঁকো নিৰ্ম্মাণ কৰিব লাগিব । ' দেশৰ উন্নতি হওক' বুলি প্ৰস্তাৱ দাঙ্গি ধৰিলেই দেশখন ওপবলৈ নুঠে। সেই প্রস্তাৱক কাৰ্য্যকৰী ৰূপ দিবলৈ সকলোৱে কাচিপাৰি উঠিব লাগিব । এতিয়া ‘ওৱৰ্ড-হিয়িজম্' বা বাক্য-বীৰত্বৰ যুগ গল ; তাৰ পৰিবৰ্ত্তে ‘ওৱক্-হিয়িজ' বা কৰ্ম্ম-বীৰত্বৰ দিন আহিল ৷

 নকলেও হব যে কলেজৰ অধ্যাপকসকলৰ ভিতৰত মৌলিক গৱেষণা কৰিবলৈ বহুতৰ অনুৰাগ আৰু শক্তি আছে। কিন্তু কলেজৰ যাৱতীয় কাম কৰি বহুতে সাহিত্য-চৰ্চ্চা কৰিবলৈ সময় নাপায়। ইউৰোপৰ অধ্যাপকসকলৰ যাৱতীয় কাম অতি কম ৷

খেনো প্ৰফেচাৰে সপ্তাহত তিনি-চাৰি ঘণ্টাৰ বেচি বক্তৃতা
সাহিত্যৰ মূলকথা

নিদিয়ে। বাকী সময়ত তেওঁলোক মৌলিক গৱেষণাত লিপ্ত থাকে, তাৰ ফলত দেশবাসীৰ জ্ঞানব কলেবৰ বৃদ্ধি পায়। ইটালীৰ এজন প্ৰফেচাৰে কৈছিল যে বছেৰেকত তেওঁ দুকুৰি- বাবটাৰ বেচি বক্তৃতা দিয়াটো নিষেধ। মৌলিক গৱেষণা কৰিব পৰা অধ্যাপকসকলক যাৱতীয় কামৰপৰা কিছুপৰিমাণে ৰেহাই দিলে দেশৰ সাহিত্য আৰু কৃষ্টিৰ মঙ্গল সাধিত হব।

 আমাৰ ছাত্ৰসকল মৌলিক গৱেষণাৰ কাৰণে পূষ্ঠ নহলেও আন অশেষ প্রকাৰে তেওঁলোকে সাহিত্যসেৱা কৰিব পাৰে । পৰীক্ষাৰ কাৰণে তেওঁলোকে যিবোৰ কিতাপ পঢ়ে তাত অনেক ভাল কথা থাকে। তাৰ উপৰিও তেওঁলোকে এটা ডাঙ্গৰ পুথিভঁৰালৰ সুবিধা পায় । কেতিয়াবা ক'ৰবাত কোনো ভাল কথা পালে দেশবাসীৰ মাজত কেনেকৈ সেই ভাল কথাটো বিলাই দিব পাৰি এই ভাবৰ দ্বাৰা তেওঁলোক অনুপ্রাণিত হব লাগিব। বিদেশী কিতাপ আদিত পোৱা ভাল ভাল কথা অসমীয়া সাহিত্যৰ অঙ্গীভূত কৰিব পাৰিলে আমাৰ সাহিত্যব পৰিপুষ্টি সাধন হব ।

 ইউৰোপত দেখি আহিলোঁ প্রত্যেক নগৰতে দেশ-বিদেশৰ আপুৰুগীয়া বস্তু আনি মিউজিয়ন আদিত, নাইবা পার্ক আৰু চাবি-আলিৰ মূৰত গত লগাই থোৱা হৈছে। বোম আৰু প্যাৰী নগৰীত ইজিপ্তৰ বহুত পুৰণিকলীয়া স্তম্ভ ঠায়ে ঠায়ে সজাই থোৱা হৈছে। লণ্ডনৰ বৃটিছ মিউজিয়নত পৃথিবীৰ নোহোৱা বস্তু নাই । লণ্ডনৰ ইণ্ডিয়ান মিউজিয়মত আৰু ব্রাইটনৰ মিউজিয়মত নগাৱঁৰ পুৰণিগুদামত বোৱা বিহা

ত্রিপদী

মেখেলা, অসমীয়া কেক-মণি, এনে কি ধেনু-কাড়, খালৈ-জকাই পৰ্য্যন্ত সংৰক্ষিত হৈছে। তাহানি অসমৰ গৱৰ্ণৰ চাৰ্‌ জন্ হেৰী কাব চাহাৰক গুৱাহাটীৰ সমীপবর্তী খাবঘুলিত পোৱা গোটা- চেৰেক বৰ-সৰু শিলৰ হিলৈগুলী উপহাৰ দিছিলোঁ। এদিন বৃটিচ মিউজিয়মত এটি খোটালীত দিওঁতাৰ নামে সৈতে সেই গুলীবোৰ দেখি আচৰিত হলো। অসমীয়াই বৰ্ত্তমানে দেশ- বিদেশৰ পৰা বস্তু আহৰণ কৰিব নোৱাৰিছে, কাৰণ তেওঁলোকব বাজনৈতিক আৰু ব্যৱসায়ী প্রভাৱৰ অভাৱ ৷ কিন্তু হাততে পোৱা ভাল কথা আৰু আদৰ্শ বিদেশী গ্ৰন্থৰ পৰা আনি তেওঁ- লোকে নিজৰ জাতিৰ মাজত বিলাই দি নতুন উদ্দীপনা আৰু চিন্তাৰ সোঁত বোৱাৰ পাৰে ৷

 নিজ নিজ কৰ্ত্তব্য আৰু পঢ়াশুনা আওহেলা কৰি ছাত্ৰ- সকলে সাহিত্য চৰ্চাত লাগিব লাগে বুলি মই নকওঁ। তেওঁলোকে পাঠ্য কিতাপ বা আনুষঙ্গিক গ্রন্থাদিৰ ভিতৰতে দেশবাসীক বিলাব লগীয়া বহুত ভাল ভাল কথা পাব। সেই- বোৰ কথা অসমীয়াত লিখিবলৈ হলে বিষয়টো সম্পূর্ণকৈ খৰচি মাৰি আয়ত্ত কৰিব লাগিব, আৰু নিজৰ লিখাখিনিক শৃঙ্খলাবদ্ধকৈ সজাব লাগিব । শৃঙ্খলাবদ্ধ ৰচনাৰ অভ্যাস তেওঁ- লোকৰ পৰীক্ষা সম্পর্কীয় সকলো বিষয়তে সহায়কারী হব । সেইদেখি দেখা যায় সাহিত্য চর্চ্চা কৰা ছাত্রই কথা জুকিয়াই বচনা লিখা অভ্যাসৰ বলত কম পৰিশ্ৰমতে পৰীক্ষাত কৃতকাৰ্য্য হব পাৰে ৷

 এইখিনিতে একাষাৰ নিজৰ কথা কওঁ, উপস্থিত সমজুৱা সকলে যেন ক্ষমা কৰে। সৰুৰেপৰা মই যি পঢ়িছোঁ বা দেখিছোঁ প্রতি কথাতে অসমীয়া সাহিত্য, সভ্যতা আৰু অসমীয়াৰ উন্নতিৰ পোনে মোৰ আপোনা-আপুনি মনত পৰি যায় । ভাল কবিতা, নাটক বা গল্প আদি পঢ়িলে মনত খুন্দিয়াবলৈ ধৰে, “এই কবিতাটি বা আখ্যানটি অসমীয়ালৈ ভাঙ্গিলে বা অসমীয়া সাজত সজালে কেনে ভাল হয়!” কোনো বিষয়ৰ আলোচনা বা বুৰঞ্জী থকা কোনো ভাল বিদেশী গ্রন্থ পঢ়িলে মোৰ মনত খেলায়,—“আমাৰ দেশৰো সেই একে বিষয়ৰ এখন গ্রন্থ থাকিলে কেনে ভাল হলহেতেন!” ক'ৰবাত উদ্দীপনামূলক ঘটনা এটি পালে অসমৰ বুৰঞ্জীত তাৰ সদৃশ ঘটনা আছেনে নাই তাৰ কথা ভাবিবলৈ ধৰোঁ৷ ইংৰাজ কবি ম্যাথিও আর্নল্‌ডৰ “ছোৰাব এই্ ৰোষ্টম্‌” কবিতাটি পঢ়াওঁতে ছাত্ৰসকলক কৈছিলোঁ,—‘এই বোষ্টমে অকল ছোবাবকে বধ কৰা নাছিল, বোষ্টমে কামৰূপৰ ৰজা সঙ্কলকো হত্যা কৰিছিল।” গীবনে লিখা ৰোম সাম্ৰাজ্যৰ জীৱন-সন্ধ্যাৰ বুৰঞ্জীত পঢ়িছিলোঁ যে পণ্টাচ ৰাজ্যৰ ষষ্ঠ নিথবিডাটিচ নামে ৰজাৰ আজ্ঞাবে এদিনৰ ভিতৰতে চাৰিকুৰি হেজাৰ ৰোমান আৰু ইটালীয়ান মানুহ বধ কৰা হয় । মোৰ মনত পৰিল হাজোৰ সমীপবর্তী আলাবৈৰ যুদ্ধত একেদিনাখনৰ ভিতৰতে ৰজা ৰামসিংহৰ ৰাজপুত্ৰৰ হাতত দহ হেজাৰ অসমীয়া সৈন্যই প্ৰাণ হেৰুৱাৰ কথা। এই মহৎ ত্যাগৰ পৰিণাম স্বৰূপে দিনচেৰেকৰ পাচত অসমীয়া সেনাপতি লাচিত ফুকনে শৰাইঘাটৰ পানীযুদ্ধত ৰামসিংহক মূৰ তুলিব নোৱাৰাকৈ হৰুৱালে । ছাত্ৰসকলৰ আগত এই তুলনা দাঙি ধৰোঁতে তেওঁলোকৰ চকুত আৰু মুখত দেশগৌৰৱৰ [দীপ্তি বিৰিঙি দেখা দিছিল ।

 ইউৰোপত থাকোঁতে ইউৰোপীয় জাতিবৃন্দৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা দেখি প্রতিপদে অসমীয়াৰ অৱস্থালৈ মনত পৰিছিল। এই ৰিজনি ম‍ই সাহিত্যৰ বেশেৰে সজাৰ পৰা নাই, কিন্তু মোৰ ছাত্রবৃন্দ আৰু বন্ধু-বান্ধৱে ইয়াৰ সম্ভেদ পাইছে, সভায়-সমিতিয়ে বক্তৃতাদিতো কিছু কথা কৈছো। ছাত্ৰসকলক অনুৰোধ কৰো, দেশপ্ৰেমৰ চকুৰে যেন তেওঁলোকে বিদেশীৰ সাহিত্য আৰু সভ্যতা নিৰীক্ষণ কৰে। ভারতীয় বিশ্ববিদ্যালয় আদিত পছিমীয়া সাহিত্য, বুৰঞ্জী, দর্শন আদি অধ্যয়নৰ ব্যৱস্থাৰ মূলতো হৈছে এই উদ্দেশ্য, যাতে বিদেশৰ ভাল আদৰ্শ আৰু চিন্তাধাৰাৰ দ্বাৰা ভাৰতৰ অৱস্থা আৰু কৃষ্টি উন্নত আৰু সঞ্জীবিত হয়।

 বৰ্ত্তমান সময়ত কলেজৰ ছাত্ৰসকলে সাহিত্য-চৰ্চাত লগা দেখা যায়, তাৰ প্ৰমাণ অসমীয়া আলোচনীৰ পাতত দেখা গৈছে। কিন্তু তেওঁলোকে তেওঁলোকৰ সাহিত্যিক জীৱনৰ গুৰিতে সাহিত্যৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষণ আদিৰ বিষয়ে জনাটো নিতান্ত বাঞ্ছনীয়, যাতে তেওঁলোকৰ উদ্যম আৰু চেষ্টাৰ ফলত এটি অনুপ্রেৰণাপূর্ণ মৌলিক, উন্নতিশীল আৰু সমৃদ্ধিশালী অসমীয়া সাহিত্যব সৃষ্টি হব পাৰে। অসমীয়াৰ বিশ্বসাহিত্য আৰু বিশ্বসাহিত্যিক নাই বুলি বহুতৰ আক্ষেপ। বঙ্গালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বসাহিত্যিকৰ শাৰী পূৰাইছে ৷ অসমীয়াই বিশ্বসাহিত্য ৰচিবলৈ হলে দেশ এৰি বিদেশলৈ যাব নালাগে ।

অসমীয়াৰ সুখ-দুখ, আশা-নিরাশা আৰু ইঁহা-কন্দাৰ ছবি ফুটাই তুলিব পাৰিলেই সি বিশ্বসাহিত্যত ঠাই পাব । তাৰ কাৰণে নায়ক-নায়িকা ৰজা-ৰাণী, সেনাপতি-সেনানায়িকা, দেশনেতা- দেশনেত্রী হবৰ সকাম নাই । আমাৰ খাৰখোৱা হোজা অসমায়া মাটিৰাম মেধি আৰু মালতী আইদেওৰ সুখ-দুখপূর্ণ প্রণয়- কাহিনীতো বিশ্বসাহিত্যৰ বিপুল সম্বল আছে। ৰোমিও জুলিয়েট ইটালীৰ অন্তৰ্গত ভেবনা নগৰীৰ এজোৰা ডেকা- গাভৰু ৷ তেওঁলোকৰ সুখ-দুখৰ কাহিনী গোটেই জগতৰ সম্পত্তি, কারণ, জগতৰ আন আন ডেকা-গাভৰুৰো তেনে অৱস্থাত একেধৰণৰ মনোভাৱ, হা-হুমুনিয়া আৰু অদমনীয় বাসনা । অসমীয়া মাটিৰাম আৰু মালতীৰ প্রেম-কাহিনীও তেনেদৰে পৃথিবীৰ সম্পত্তি ।

 য'ত সুখ-দুখ হাঁহোন-কান্দোন আদি সার্বজনীন ভাবৰ সমাবেশ সেয়ে বিশ্বসাহিত্য। অসমীয়া নৰ-নাৰীৰ অন্তৰতো সেইবোৰ সাৰ্ব্বজনীন ভাবব ঘাত-প্রতিঘাত পূৰ্ণপয়োভৰে চলিব লাগিছে। দুখীয়াৰ দুখ বর্ণনা সাহিত্যৰ এটা প্ৰধান অঙ্গ। কিন্তু উকাকৈ হাড়-ছাল মাত্র দি বর্ণনা কৰিলে নহব। দুখ-দাৰিদ্ৰ্যৰ সৰুসুৰা দৈনন্দিন অভিব্যক্তি আৰু দুখীয়াৰ মনস্তত্ত্ব আদি ভালকৈ বিশ্লেষণ কৰি দেখুৱাব লাগিব, আৰু তাৰ কাৰণে ন-ন ঘটনা সৃষ্টি কৰিব লাগিব । প্রতাপী আৰু ক্ষমতান্তৰ তাড়নাত দুৰ্বল মানুহ পেপুৱা লগাৰ কথা পৃথিবীৰ সকলো ঠাইতে দেখা যায়, অসমতো বিবল নহয়। উৎপীড়িত মনোভাৱ নিখুঁতকৈ দেখুৱাব পাৰিলে সিও বিশ্বসাহিত্যৰ অঙ্গীভূত হব। আশাভঙ্গ কিমান দুখজনক তাক জীৱনত সকলোৱে অনুভৱ কৰিছে। তাকো পদে-পদে ফঁহিয়াই দেখুৱাব পাৰিলে বিশ্বসাহিত্যৰ সৃষ্টি হব। সাহিত্যত ধৰ্ম্ম আৰু নীতিৰ মৰ্য্যাদা ৰক্ষা কৰিব লাগিব ৷ কোনোবাই অধাৰ্ম্মিক আক অনীতিমূলক কাম কৰিলে তাৰ শাস্তি আৰু বিষময় পৰিণামৰ কথা সাহিত্যত দেখুৱাব লাগিব, নহলে পাঠক-পাঠিকাৰ মনত ধাৰণা হব যে অন্যায় অধৰ্ম্মৰ শাস্তি নাই। এনে ধাৰণাৰ প্ৰচাৰ হলে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি হব। সেইদৰে পুৰুষত্বৰ প্ৰশংসা, কাপুরুষালিৰ গৰিহণা, দেশপ্ৰেমৰ পূজা, বিশ্বাসঘাতকতাৰ নিন্দা, এইবোৰ ভাব ফুটাই তুলিব লাগিব। ভাল-বেয়াব খকাখুন্দা, কি-কৰোঁ-কি- নকৰোঁ হৈ দুঘৰৰ দোমোজাত পৰি অস্থিৰ হোৱা, এই অভিজ্ঞতা সকলো মানুহৰ জীৱনত ঘটিছে। মনৰ উগুল-থুগুল কিংকৰ্ত্তব্য- বিমূঢ় অৱস্থাৰ ছবি আঁকিব পাৰিলে সি অতি উচ্চ ধৰণৰ সাহিত্য হয়।

 মানুহৰ গাত চৰিত্ৰৰ প্ৰতি অঙ্গ জোখমাথৰ হলে কৃতী পুরুষ হব পাৰি; কোনো অঙ্গব অতিচাৰ হলে তাৰ পৰিণাম সাহিত্যত দেখুৱাব লাগে। এটি অঙ্গৰ অতিচাৰ হলে দুর্বলতা জন্মে, ছেক্‌ছ পিয়াৰৰ ট্ৰেজেড়িত এই ধৰণৰ দুৰ্বলতাৰ পৰিণাম ভালকৈ ফুটি ওলাইছে। এথেন্সবাসী টাইমন বৰ দানশীল আছিল। অৱশেষত মানুহৰ অকৃতজ্ঞতা দেখি তেওঁ সংসাৰত্যাগী হৈ হাবি- জজ্জ্বলত ঠাই ললেগৈ । হেমলেটৰ চৰিত্ৰত বিশ্লেষণশীলতাৰ প্রাদুর্ভাব, আৰু কাৰ্য্যতৎপৰতাৰ অভাৱ। মেকবেথে অদম্য অভিলাষৰ উত্তেজনাৰ প্ৰকোপত যাবে-তাৰে কথা বিশ্বাস কৰি

বলৈ ধৰিলে৷ ওথেলো অসীম সাহসিক বীৰ আছিল, কিন্তু স্বভাৱত তেওঁ বৰ সবল, আৰু বিবেচনা কৰি নাচাই আনৰ কথাত পতিয়ন গৈছিল। চক্রান্তকাৰী ইয়াগোরে ওথেলোব ভাৰ্য্যা ডেচ ডিমেনাৰ চৰিত্ৰত কলঙ্কলেপন করে, ওথেলোই আগ- পাচ নুগুণি ইয়াগোৰ কথাকে ধ্রুবসত্য বুলি পতিয়াই পত্নীৰ প্রাণবিয়োগ কৰে। বোমিও জুলিয়েটে প্রেমকে জীৱনব সৰসাৰ বুলি মানি সংসাৰৰ আনকথা কাতি কৰি থয়। এইবোৰ বিবিধ দুর্ববলতাৰ ফলস্বৰূপে হেমলেট্, মেকবেথ, ওথেলো আৰু ৰোমিও জুলিয়েট, এওঁলোকৰ কোনোজনে জীৱনৰ বাসনা সিদ্ধি কবিব নোৱাৰিলে, অৱশেষত তেওঁলোকৰ শত্ৰুৰ অস্ত্ৰত বা নিজৰ হাতে প্রাণ বিয়োগ হয় । স্থিতপ্রজ্ঞ চৰিত্ৰৰ সৃষ্টি কৰাই হৈছে ছেক্‌ট্‌পিয়াৰৰ নাটকাৱলীৰ এটি মুখ্য উদ্দেশ্য।

 কবি আৰু সাহিত্যিকৰ সৌন্দৰ্য্যবোধ থকাটো নিতান্ত বাঞ্ছনীয়। সৌন্দৰ্য অকল বমণীৰূপতে আৱদ্ধ নহয়। নৈ-বিল, গছ-লতা, ফুল-পাত, গিৰি-গুহা, ৰদ-মেঘ, জীৱ-জন্তু, তা-নক্ষত্র আদি সৃষ্টিৰ সকলো বস্তুৱেই সৌন্দৰ্যৰ ভঁৰাল । তাৰ বাহিৰে দয়া-ক্ষমা, সাহ-পিত আদি মনোৰাজ্যৰ ওখ ভাববোৰো সৌন্দৰ্য- পূর্ণ । যি সত্য সেয়ে সুন্দৰ । এগৰাকী তিৰোতা দুৱাৰদলিব কাষত আমনজিমনকৈ বহি আছে, তেওঁৰ মনৰ ভাবৰ বিষয়ে সাহিত্যিকে একো নাজানে, কিন্তু তেওঁ বহি থকাটো আৰু মুখত ফুটি ওলোৱা ভাবটো সত্য। এই ছবিটিয়েও সাহিত্যি- কৰ মনত বস সৃষ্টি কৰিব পাৰে। এটি নতুন ইংৰাজী কবিতাত পঢ়িছিলোঁ, ওচৰৰ তিনি মহলাৰ ওপৰত অৰ্গেনৰ মাত শুনি তলত আলিকাষত তিনিটি দুখীয়া লৰা-ছোৱালীয়ে সঙ্গীতৰ সুবে-সুৰে নাচিবলৈ ধৰিলে । এয়ে শেষ, ঘটনা আদি একো নাই। তিনিটি শিশুৱে যে সঙ্গীতৰ প্রভাব ব্যর্থ কৰিব পৰা নাই তাকে কবিতাটিয়ে ফুটাই তুলিছে। সেইবুলি চোৰ ডকাইতব বাস্তৱ-জীৱনৰ দুষ্ট ছবি, ব্যভিচাৰীৰ বিলাস-বিভ্ৰমৰ সাঙ্গোপাঙ্গ বিৱৰণ আদি সাহিত্যত ঠাই দিলে সমাজৰ মনোভাব তললৈ নমাৰ ভয়, আৰু বহু কথা সাধাৰণে জানিবলৈ পায় যিবোৰ কথা নজনাটোৱেই তেওঁলোকৰ পক্ষে মঙ্গল। পৰিমার্জিত ৰুচি অৱতাৰণা কৰাও সাহিত্যৰ উদ্দেশ্য হব লাগিব । কুৰুচি- পূৰ্ণ নগ্ন বাস্তৱক সাহিত্যত আসন দিলে সমাজৰ অধোগতি হোৱাৰ ভীষণ আশঙ্কা ৷

 আজিকালি যিবোৰ কবিতা প্ৰকাশিত হৈছে তাত প্ৰেমৰ ভাববোৰেই বেছি। অৱশ্যে এই ভাবক কবিতাৰপৰা বাদ দিব নোৱাৰি ৷ কিন্তু অইন প্ৰেম-কবিৰ ভাব কবিতাত নুসুমুৱাই নিজৰ অনুভূতিক ভাষা দিবলৈ চেষ্টা কৰিলে কবিতা ৰসাল, পোনপটীয়া, গতিকে আন্তৰিক আৰু হৃদয়গ্রাহী হব। মৌলিকতাবিহীন মামুলী প্ৰেমৰ কবিতা পঢ়ি কোনেও সোৱাদ নাপায় ।

 সাহিত্যত ধৰ্ম্মৰ বিজয়-পতাকা উত্তোলন কৰিব লাগিব। ধৰ্ম্মৰ অৰ্থে সাম্প্ৰদায়িক অনুষ্ঠানমূলক আচাৰ-পদ্ধতিক আমি বুজোৱা নাই। ধৰ্ম্মৰ অর্থে সৰ্ব্বধৰ্ম্ম, সর্ব্বদেশ, সর্বজাতি, সকাল সন্মত যি নীতি আমি তাকেহে বুজাইছো ৷ ধৰ্ম্মৰ অথন্তৰ বা ব্যতিক্রম হলে কবিৰ প্ৰাণ বঙ্গত জ্বলি উঠিব লাগিব । সেইবুলি অধাৰ্ম্মিকক ৰামটোঙোন শোধাবলৈ আমি উপদেশ দিয়া নাই ৷

 ধৰ্ম্মৰ গ্লানি দেখিলে ধাৰ্ম্মিক কবিৰ প্ৰাণত খঙ্গৰ প্ৰকোপত যিবোৰ ভাবৰ উদয় হয় তাকে সাহিত্যৰ সাজ দিব লাগে ৷ অধৰ্ম্মৰ অভ্যুদয় দেখিলে কবিব টিক্‌চি-বিক্‌চি খং উঠিব লাগিব, অর্থাৎ তেওঁ অগ্নিশৰ্ম্মা হব লাগিব । খং নহলে কবিতা নহয় ৷ সোপাসেবেলুৱা, চেতনাবিহীন, স্বাৰ্থপৰ মানুহে কবিতা লিখিব নোৱাৰে ৷ লেটিন কবি জুভেনালে কৈছে— “এংগাৰ মেইক্‌চ্ ভার্চু”, অর্থাৎ খঙ্গে কবিতা কৰে। অৱশ্যে এই খং প্রেমমূলক, হিংসামূলক নহয় । যেতিয়া সমাজত চৰিত্ৰহীনতা, কাপুৰুষালি আৰু নীচতাৰ আদৰ হয়, যেতিয়া ওখ মনোভাৱৰ অনাদব হয়, যেতিয়া ক্ষমতা আৰু অৰ্থক সকলোৱে পূজা কৰিবলৈ ধৰে, তেতিয়া কবিৰ প্ৰাণে জঁকি উঠি অপাত্ৰত অৰ্পণ কৰা আদৰ- পূজা সৎপাত্ৰত ন্যস্ত কৰিবলৈ দেশবাসীক শিকাব লাগিব । কবিব বাণীৰপৰা সকলোৱে বুজিব লাগিব যে কোৱাভাতুৰীয়া সন্মানৰ প্ৰভাৱ দুদিনীয়া আৰু বালিঘীয়া । অধৰ্ম্মক বেয়া বুলি আঁকি দেখুৱালে দেশবাসীৰ মাজত উচ্চ আদৰ্শৰ প্ৰচাৰ হব, তেতিয়া দেশৰ উন্নতি অনিবাৰ্য্য ।

 গ্ৰীক্ ভাষাত ‘ভেটিচ’ শব্দে দুটা অর্থ বুজায়, প্রথম – কবি ; আৰু দ্বিতীয় হৈছে ঈশ্বৰৰ প্ৰতিনিধি বা 'প্রফেট'। প্রফেটৰ কাম হৈছে ধৰ্ম্মৰ গ্লানি হলে সমাজৰ দোষ গুচাই সজ আদৰ্শৰ অৱতাৰণা কৰা, মানুহে ভাল পাবনে বেয়া পাব এই কথালৈ

প্রফেটৰ ভ্ৰূক্ষেপ নাই। দেশবাসীৰ স্বাৰ্থক বিসর্জ্জন দি নিজৰ ১২

ত্ৰিপদী

ঐহিক উন্নতি সাধন কৰা, জ্ঞান আৰু শক্তি-সামর্থ্য থকা সত্ত্বেও দেশৰ কোনো উপকাৰ নিচিন্তা, কোনো কথা নিজে অসত্য বুলি জানিও মানুহৰ মনত তাক সত্য বুলি প্ৰচাৰ কৰা, সন্মুখত মিত্ৰভাৱ দেখুৱাই অসাক্ষাতে দ্রোহ আচৰণ কৰা, লোকৰ দোষবোৰক প্রাধান্য দি জিলিকাই পোহৰলৈ অনা আৰু জানি শুনিও গুণবোৰক তললৈ হেচি থোৱা,–এইবোৰ দিনৌ দেখা প্ৰচেষ্টাক অধৰ্ম্ম বুলি ধৰিব পাৰি ৷

 ডেকা-গাভৰুৰ প্ৰেমৰ উঠন-পতনতো ধৰ্ম্ম-অধৰ্ম্মৰ লীলা দেখিবলৈ পোৱা যায়। নিজে ভাবিবপৰা শক্তি থকা বুজন মাটিৰামে মালতীক বাক্য দিলে, – “তুমি মোৰ চিৰসঙ্গিনী হবা।” মালতীয়ে মাটিৰামৰ কথাত বিশ্বাস কৰি অইন কাবো পোনে মূৰ নোদোৱাই মাটিৰামকে ভবিষ্যৎ স্বামী বুলি ভাবি ললে । মাটিবানে কিন্তু সত্য-অঙ্গীকাৰ দলিয়াই পেলাই ধনীৰ জীয়াবী পেশ্বৰীকহে বিয়া কৰিলে। মাটিৰামৰ এই বিশ্বাসঘাতকী কাৰ্য্যৰ পৰিণামত মালতীৰ জীৱন চিৰকাললৈ মাটি হৈ গল । মাটিৰামৰ এই অধৰ্ম্ম কাম কৰি আৰু সাহিত্যিকৰ কাৰণে ৰস সৃষ্টিৰ প্ৰথম শ্ৰেণীৰ উপাদান। ধৰ্ম্মৰ জয় আৰু অধৰ্ম্মৰ পৰাজয়, ইয়াক পোনপটীয়াকৈ দেখুৱাবলৈ গলে উচ্চধৰণৰ সাহিত্যৰ সৃষ্টি নহয়। এইখিনিতে আৰ্টৰ আৱশ্যক। গল্প, আখ্যান আদিব মাজেদি মনস্তত্ত্ব আদি বিশ্লেষণ কৰি আওপাকে কবি আৰু সাহিত্যিকে নিজৰ উদ্দেশ্য সিদ্ধি কৰিব লাগিব ।

 সমাজৰ ৰাজহুৱা বা ব্যক্তিগত দোষ দেখি কবিতা বা অন্য

প্ৰকাৰৰ সাহিত্যত তাক আঁকিবলৈ হলে সাহৰ প্রয়োজন, কাৰণ

সাহিত্যৰ মূলকথা

১৩

পোনপ্রথমেই সাহিত্যিকৰ এই বুলি আতঙ্ক সৃষ্টি হব,—“মই যদি দোষ আঙ্গুলিয়াই দিওঁ কি জানিবা ম‍ই সমাজৰ অপ্ৰিয় হৈ পৰোঁ, নাইবা মোক অমুকে বেয়া পায়, নাইবা মোৰ লিখাৰ ঘোব প্রতিবাদ হয়।” মই কওঁ যিজনে এনেধৰণৰ আতঙ্কৰ আক্রমণক ব্যর্থ কৰিব নোৱাৰে তেওঁ কবি বা সাহিত্যিক হবলৈ যোৱাটো বিড়ম্বনা । অধৰ্ম্মক প্রশ্রয় দি কলুষিত সমাজৰ মন যোগাই ৰচনা লিখিলে সি ধন-সোণ-ঐশ্বৰ্য্যেৰে ঘৰ ওপচাব পাৰে, কিন্তু সুবিধাবাদী ৰচনা কোনোকালে সাহিত্য বুলি পৰিগণিত হোৱা নাই। সাহিত্যিকে সমাজৰ দোষ গুচাই সজ আদৰ্শৰ পিনে চেতনা জগাবলৈ চেষ্টা কৰে; তেওঁ কোনো মানুহক ব্যক্তিগতভাৱে আক্ৰমণ কৰি তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ চেষ্টা কৰা উচিত নহয়, আৰু সেই দোষকো সকলো যুগ আৰু দেশতে দোষ বুলি মানিব লাগিব, অন্ততঃ সেই দোষৰ তাৎ- পৰ্যটো । ননায়ে ধনাইক ভোট দিওঁ বুলি নিদিলে, এনে সামান্য অপৰাধৰ বৰ্ণনাত কবিব কবিত্বশক্তি প্রয়োগ কৰিলে সি ক্ষন্তেকীয়া বা উপলুঙা ধৰণৰ কবিতা হব।

 চৰ্দাৰ বিক্ৰমনাৰায়ণ সিংহ এজন দেশনায়ক, এটি প্রধান সঙ্ঘৰ সমৰ্থন আৰু সহানুভূতিৰ সহায়েৰে তেওঁ অসাধাৰণ ক্ষমতা লাভ কৰিছে ৷ কিছুদিনৰ মূৰত তেওঁ বিপক্ষ সঙ্ঘৰপৰা টকা খাই সেই সঙ্ঘৰ দলভুক্ত হল । চৰ্দ্দাৰ বিক্ৰমনাৰায়ণ সিংহৰ মোট-সলনি আৰু বিশ্বাসঘাতকতাৰ কথা শুনি কবিৰ বং উঠা উচিত। ইংৰাজ কবি ব্রাউনিঙ্গে এনে ভাব থকা কবিতা

এটিত এই বুলি লিখিছে, – “এমুঠি ৰূপৰ কাৰণে তেওঁ আমাক
১৪
ত্রিপদী

এৰি থৈ গুচি গল।” বিক্ৰমনাৰায়ণ সিংহই ভাল পাবনে বেয়া পাব তাৰ বিষয়ে করিয়ে ভাবিব নালাগে, কাৰণ তেওঁৰ উদ্দেশ্য হৈছে বিশ্বাসঘাতকতাক নিন্দা করা, যাতে সমাজত তেনে কাম কৰিবলৈ আনো আগলৈ কুণ্ঠিত হয়। হিবুদ্ধিৰ ওভতনি সোঁতত হয়তো বিক্রমনাৰায়ণেও আগলৈ স্বীকাৰ কৰিব যে তেওঁৰ লোভ-প্রণোদিত মোট-সলনি অমার্জ্জনীয় আৰু গৰিহণাৰ যোগ্য ।

 একনিষ্ঠ দেশসেৱকক অঞ্জলি দিবলৈ কবিয়ে পাহৰিব নালাগে ; সেই দেশসেৱকজন শত্রুপক্ষৰ ভুল-বুজনিত ৰাইজৰ অপ্রিয়ভাজনো হব পাৰে ; সেইখিনি সময়ত কবিৰ পক্ষে সাহব প্রয়োজন হব; আতি-গুৰি মাৰি সকলো কথাৰ তলানলা লৈ যেতিয়া কবিয়ে ঠিৰাং কৰিব যে সেই দেশসেৱকজন নিস্বার্থ দেশপ্রেমিক, তেতিয়া তেওঁৰ গুণ কবিয়ে নিৰ্ভীকচিত্তে গোৱা উচিত। বহুযুগৰ পাচত বাইজে উপলব্ধি কৰিব যে সেই দেশ- সেৱীৰ বিষয়ে সমসাময়িক ৰাইজৰ মত ভুল, কবিৰ বাণীতহে সত্য নিহিত আছে ৷ কবিৰ পাঠকবৃন্দ অকল সমসাময়িকসকল নহয়, তেওঁৰ বাণী যুগ-যুগান্তৰ কাৰণে ৰচিত হয় । এইদৰে যুগান্তৰ বাণী যুগুত কৰিবলৈ হলে কবিৰ চিত্ত নিৰ্ভীক হব লাগিব । সাহিত্য শব্দৰ অৰ্থ অইনে আনপ্ৰকাৰে কব, আমি কওঁ সাহেই সাহিত্য ।

 প্রত্যেক সাহিত্যিক চিন্তাশীল আৰু সত্যগ্রাহী হব লাগিব । তেওঁৰ অভিজ্ঞতাৰ চকৰিত পৰা সকলো দৃশ্য আৰু ঘটনাব

ভিতৰুৱা তাৎপৰ্য উলিয়াবলৈ তেওঁ চেষ্টা কৰিব লাগিব । এই
১৫
সাহিত্যৰ মূলকথা

ধৰণৰ চেষ্টাৰ ফলত তেওঁৰ অন্তৰত নানান সত্যই ভুমুকি মাৰিব। তেওঁ নিজকে নগণ্য বুলি নাভাবি সেই উৰিফুৰা সত্যক খামোচ মাৰি ধৰি তাক যথাযোগ্য সাজ-পাৰ-অলঙ্কাৰ আদি পিন্ধাই সাহিত্যত ৰূপান্তৰিত কৰিব লাগিব। তাকে নকৰি তেওঁ যদি সেই উৰণীয়া সত্যক এৰি দিয়ে, তেওঁ কেতিয়াবা দেখি আচৰিত হব যে আন এজনে সেই সত্যকে মূৰ্ত্তিমান কৰি তাৰ চৌপাশে সাহিত্যৰ ৰস সৃষ্টি কৰিছে। চিন্তাশীল কবি, সাহিত্যিক আৰু দার্শনিকৰ বাহিৰেও সাধাৰণ মানুহৰ অন্তৰৰ নিভৃত কোণ স্পৰ্শ কৰি সত্যই ছো-মাৰি উৰি গুচি যায়, নাইবা তাত খন্তেকলৈ বা চিৰকাললৈ থিত লয়, সাধাৰণে তাক ভাষা দিব নোৱাৰে। যিজন সাহিত্যিকৰ বচনাত ৰসাল উপমাপূর্ণ ভাষাত আমি সেই সত্যবোৰ আঁকা দেখা পাওঁ সেইজন সাহিত্যিক আমাৰ প্ৰিয় হৈ উঠে। তাৰ লগে-লগে আমাৰ মনো ডাঠ হৈ পৰে, মনত বিশ্বাস হয় যে অতীত বা বৰ্ত্তমান কালত আমাৰ দৰে ভবা মানুহো আন আছে । গ্ৰীক সাহিত্যৰ এটি বিশেষ গুণ হৈছে যে সাধাৰণৰ মনত খেলোৱা উৰিফুৰা ভাববোৰ তাত প্ৰচুৰ পৰিমাণে লিপিবদ্ধ হৈ আছে, সেই সাহিত্য পাঠ কৰিলে আত্মবিশ্বাস দৃঢ়ীভূত হয়। সেইদেখি গ্ৰীক্ সাহিত্যৰ আজিলৈকে অখণ্ডনীয় প্রভাব ।

 এজন মানুহে অন্যায় অধৰ্ম্ম কৰি ধন গোটাইছে, সেই ধনৰ বলত তেওঁ জনসাধাৰণৰ পৰা অপ্রতিহত সন্মান লাভ কৰিছে । মানুহে কিন্তু জানে যে তেওঁৰ ধন আৰ্জ্জুোনৰ মূল উপায়

হৈছে অন্যায়পথ অনুসৰণ। সেই দৃশ্য বিৰল নহয় । এনেস্থলত
১৬
ত্রিপদী

কবিৰ অন্তৰত যি বিক্ষোভৰ সৃষ্টি হব তাক এনেদৰে ভাষা দিব পাৰি-

ধনপতি বুলি তুমি লভিছা সন্মান,
দেশব্যাপী শুনো মাথো তোমাবেহে গান,
আমি জানো তুমি ধন লভিছা কিমতে,
মিছা, প্ৰৱঞ্চনা আৰু ভণ্ডামিৰ সতে।
বহুজন আছে ধনী দেশ-বিদেশত
ঢালে ধন স্বজাতির উন্নতি কামত,
আৰ্জ্জুোনব মূলমন্ত্ৰ ন্যায়-নিৰূপিত, –
সেয়ে ধনী ধন যাৰ কলঙ্ক-বজ্জিত।

দৈব-দুৰ্ব্বিপাকত বা নিজৰ কৰ্ম্মফলত সংসাৰত সকলোৱে সমান সুখেৰে খাব-বব নোৱাৰে, কোনোৱে তিনিসন্ধ্যা দবনিপিতি খায়, কোনোৱে এসাজো ভালকৈ খাবলৈ নেপায়, সহায়-সাৰথি নোহোৱাৰ কাৰণে বহুতে সংসাৰত ভাত মোকলাব নোৱাৰে, খেনোৰ শৰীৰ দুৰ্বল, কোনোৰ পৰিশ্ৰম বৰষুণ, বান-পানী বা পানীৰ অভাৱত বিফল হৈছে,—এই দৃশ্য পৃথিবীৰ সর্ববত্র দেখা যায় ৷ সেই নিবাশ্রয় নিম্নজনৰ মনৰ ভাৱ কবিয়ে এইদৰে ফুটাব পাৰে-

ধনবান, তুমি খোৱা তিনি সাজি ভাত,
যোত্রহীন খাওঁ মই এমুঠি সন্ধ্যাত,
তোমাৰ অধিকা সাজ দিয়া যদি মোক
সুপ্রসন্ন হব দেশবাসী দেৱলোক ।

১৭
সাহিত্যৰ মূলকথা

শস্যময় দেশ মোৰ নদন-বদন,
বলৱন্ত নোহোঁ, মোৰ নাই ধন-জন,
অতিবৃষ্টি অনাবৃষ্টি শতুক প্রধান,
দিয়া অন্ন, নতু দিয়া অন্নৰ বিধান ।

অৱশ্যে ওপৰৰ এই কেইফাকি পদ উকা, বসহীন আৰু গদ্যগন্ধী । ইয়াত থকা কেন্দ্ৰভাৱ সমন্বিত ঠাল-ঠেঙুলি জোৰা দি কবিয়ে তাক ফুল-পাত-ফলেৰে সজাই জক্‌‍ক্‌ কৰি তুলিব লাগিব । এই ভাববোৰত যি আদর্শ নিহিত আছে তাৰ প্ৰচাৰ হলে দেশৰ কল্যাণ নহৈ নোৱাৰে । কোনো জাতিৰ মনোভাৱ উন্নত কৰিবলৈ সাহিত্যৰ যিমান শক্তি আন কাৰো তিমান নাই ৷ কিন্তু সেই উদ্দেশ্য সিদ্ধি কৰিবলৈ হলে সাহিত্য সাহিয়াল হব লাগিব ৷ ওপৰত সাহিত্যৰ সাধাৰণ লক্ষণৰ বিষয়ে কিছু কথা কোৱা হ'ল। এতিয়া ছাত্র-ছাত্রীসকলে সহজে সমাধা কৰিব পৰা গোটাচেৰেক প্ৰস্তাৱ আগবঢ়াম।—

 প্রথম। - ছাত্ৰসকলৰ উমৈহতীয়া যত্নত এখনি ভাল প্ৰবন্ধৰ কিতাপ উলিয়াব পাৰি। চৈধ্য-পোন্ধৰ দিনমানৰ মূৰত পূজাৰ বন্ধ আৰম্ভ হব। অনুৰোধ কৰোঁ যেন এই বন্ধত প্রতিজন ছাত্ৰই চাৰি-পাঁচ পিঠিৰ জোখাই এটি সক প্রবন্ধ লিখে। পাঠ্য আৰু আন কিতাপত পোৱা যেই-সেই মনে-খোৱা বিষয়কে তেওঁলোকে বাচি লব পাৰিব, মাত্ৰ মনত ৰাখিব লাগিব যে সেই প্রবন্ধ পঢ়ি অসমীয়া গাৱঁলীয়া সমাজে যেন শিক্ষা আৰু উদগণি

১৮
ত্রিপদী

পায়। ভাষা সৰল নিভাঁজ অসমীয়া হব লাগিব ; ত্রেকেটব ভিতৰত ইংৰাজী শব্দ সুমুৱালে সেই দৃশ্য হোজা পাঠকৰ পক্ষে ভয়াবহ হৈ উঠে। উচ্চশিক্ষাৰ সুবিধা নোপোৱা মানুহক শিক্ষা দিবৰ কাৰণে ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট সা সুবিধা আছে, আমাৰ দেশত কিন্তু নাই । অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে বৰ্ত্তমান সময়ত আমাৰ দেশস্থ সাধাৰণ প্ৰজাৰ মাজত শিক্ষাপ্রচাৰৰ উদ্যম চলিছে। দুখীয়া বায়ত খাজনাব টকাবে এই কলেজ চলিছে, আৰু ইয়াত এহেজাব ছাত্র-ছাত্রীয়ে শিক্ষা লাভ কৰিছে। এই সুবিধাক প্রতিপাল কৰোতা ৰায়তক আমি প্রতিদান স্বৰূপে কি দিছোঁ? টকা খৰছ নকৰা মানুহক আমি কৃপণ, বান্ধকানি, নাইবা কটকিন বোলোঁ, সেইদৰে আমাৰ জ্ঞান আমাতে ৰাখিলে, অর্থাৎ জন- সাধাৰণৰ মাজত তাক বিলাই নিদিলে, আমিও কৃপণৰ শাৰীত ঠাই পাম ৷ দেশত প্রাথমিক শিক্ষা বিস্তাৰৰ ব্যৱস্থা চলিছে, তাৰ লগে-লগে উপযোগী গ্রন্থ আদিৰ প্ৰচাৰ নহলে অচিৰে সেই শিক্ষাত মামৰে ধৰিব, অর্থাৎ প্রাথমিক শিক্ষা লাভ কৰিলে যি জ্ঞান-স্পৃহা হয়, সেই স্পৃহাক জীপ্‌ দি ৰাখিবৰ কাৰণে সৰল অসমীয়া কিতাপৰ নিতান্ত আৱশ্যক। ওখ ধৰণৰ সাহিত্য বচনাত বহুতে সম্প্রতি হাত দিব নোৱাৰিলেও সাধারণক শিক্ষা দিবৰ নিমিত্তে চাৰি-পাঁচ পিঠিব নিভাঁজ অসমীয়া ৰচনা প্রত্যেক ছাত্র-ছাত্রীয়ে লিখিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস । সংগৃহীত প্ৰবন্ধবোৰ উপযুক্ত মানুহৰ দ্বাৰা সম্পাদিত কৰি গ্ৰন্থৰ আকাৰে

ছপাই উলিওৱা হব ৷ এই গ্রন্থ বেচি পোৱা ধনেৰে কটনিয়ানৰ
১৯
সাহিত্যৰ মূলকথা

উচ্চশিক্ষাৰ পুঁজি টনকিয়াল কৰিব পৰা যাব । প্রত্যেক প্রবন্ধ লিখকে অনুমান কৰি লব লাগিব যে তেওঁৰ প্ৰবন্ধৰ কাল্পনিক পাঠক হব শ্ৰীযুত মাটিৰাম গাওঁবুঢ়া আৰু মৌলবী ইয়ু ছুফ আলি গাওঁবুঢ়া ৷ গতিকে প্ৰবন্ধৰ ভাষা এই দুজনৰ উপযোগী হব লাগিব ৷

 দ্বিতীয়।—অসমীয়া বিহুগীতবোৰ সংগ্ৰহ কৰাৰ দিন আহিল । আগেয়ে বিহুগীতক মানুহে ইমান ভাল চকুৰে নাচাইছিল, কিন্তু বর্তমানে দেশপ্রেম ভাৱৰ জাগৰণ হোৱাত সেইবোৰ গীতৰ প্ৰতি নগৰীয়া শিক্ষিত সমাজৰো মৰম সোমাইছে, আৰু সভায় - সমিতিয়ে সেইবোৰে স্থান পাইছে। বিহুগীত অসমীয়াৰ বুকুৰ তেজপৰা ওলোৱা বস্তু । তাৰ ভাষা অসমীয়াৰ প্ৰাণৰ ভাষা, কোনো সভাত তাব ভাব অসমীয়াৰ হাড়ে-মগজুৱে গঁথা । মেঘমল্লাব, বাগেশ্রী আদি উচ্চবৰ্ণৰ ওস্তাদী সুবৰ গান গালে সমজুৱাই শুনি বং পায়, কিন্তু বিহুগীত এফাকি গালে বা এপাক বিহুনাচ নাচিলে অসমীয়া সমজুৱাব মনপ্ৰাণ ৰঞ্জিত হৈ উঠে । দুখন কি তিনিখন বিহুগীত সংগ্ৰহৰ পুথি ছপা হৈ ওলাইছে ; কিন্তু আমাক লাগে সৰহকৈ বিহুনাম থকা পাঁচ-শ পিঠি মানব এখন কিতাপ, যাতে অসমীয়া ডেকা-গাভৰুৰ প্ৰেমৰস-পৰিপূৰ্ণ হিয়াৰ বিবিধ হেন্দোলনিৰ অস্পষ্ট ছবি তাত পাব পাৰি ৷ অসমীয়া কবিতাত জাতীয় প্রাণ আৰু জাতীয় বচনভঙ্গীৰ সাঁচ বহুৱাবলৈ এই বিহুগীতবোৰ বিশেষ কাৰ্যকৰী হব। গ্ৰন্থৰ ইংৰাজী আৰু অসনীয়া পাতনিত বিহুগীতৰ মাদকতা, তীব্রতা,

সৌন্দৰ্য আৰু তাত নিহিত থকা অসমীয়া জাতীয়ত্বৰ কথা
২০
ত্রিপদী

ফঁহিয়াই দেখুৱা হব। বিদেশী সকলেও আমাৰ লোকসাহিত্যব বিভূতি-সম্পদ দেখি স্তম্ভিত হব । আজি ডেৰবছৰমানৰ পূৰ্বেৰ শ্রীদেবেন্দ্র সত্যার্থীয়ে গোটাচেৰেক অসমীয়া বিহুগীতৰ ইংৰাজী অনুবাদ শান্তি-নিকেতনৰ পৰা ওলোৱা ‘বিশ্বভাৰতী' আলোচনীত প্ৰকাশ কৰিছিল। বিলাতত থাকোঁতে কেইজনমান ইংৰাজ বন্ধুক এই অনুবাদখিনি দেখুৱাইছিলোঁ ; তেওঁলোকে একেনতে স্বীকাৰ কৰিছিল যে সবল আৱেগপূর্ণ প্ৰেমৰ উচ্ছ্বাস হিচাবে সেই গীতবোৰ গ্ৰীক্ কবি এনেক্রিয়ন, আৰু ইংৰাজ কবি ছেলি আৰু কী-অৰ কবিতাতকৈ কোনো গুণে হীন নহয় ৷

 তৃতীয়।—অসমীয়াৰ মাজত প্ৰচলিত সকলো আইনাম আৰু বিয়ানাম সংগ্ৰহৰ প্রয়োজন হৈছে । এই নাম থকা দুখনি কি.. তিনিখনি সৰু-ডাঙৰ কিতাপ ওলাইছে, কিন্তু আমাক লাগে এখনি সুবৃহৎ সংগ্রহ, যাতে সকলো আইনাম বিয়ানাম তাত একেলগে পোৱা যায়। এইবোৰ নামৰ ভাষা সবল, সুন্দৰ আৰু মৰমলগা, আৰু তাৰপৰা অসমীয়া নাৰীৰ আশা-আকাঙ্ক্ষা, সবলতাসনা লাহ-বিলাহ, আৰু ঘৰুৱা জীৱনৰ সুস্পষ্ট আভাস পাব পাৰি ৷ আইনাম আৰু বিয়ানামৰ ভাব লব লাগিব আমাৰ কোনো এগৰাকী আইদেও ছাত্রীয়ে, কাৰণ এই নাম আমাৰ আইদেও আইমাতৃ আয়তীসকলৰ এহাশুধীয়া স্বতন্ত্র সম্পত্তি। স্ত্রী-শিক্ষাৰ উদ্দেশ্য হৈছে যাতে দেশৰ হিতকৰ কামত নাৰীয়ে পুৰুষে একেলগে যোগ দিব পাৰে। অসমীয়া সাহিত্যব উন্নতি কল্পে অনুষ্ঠিত এই উদ্যমত আমি আইদেওসকলক বাদ দিব

নোৱাৰোঁ ৷
২১
সাহিত্যৰ মূলকথা

 চতুর্থ।—অসমীয়া পটন্তৰ আৰু যোজনা আদি থকা এখন সুবৃহৎ সংগ্ৰহৰ নিতান্ত আৱশ্যক হৈছে। অসমীয়াৰ কৰ্ত্তব্যবুদ্ধি আৰু সহজ জ্ঞানৰ উৎকৰ্ষৰ পৰিচয় এই পটন্তৰবোৰৰ পৰা পোৱা যাব। স্বৰ্গীয় গোপালচন্দ্র দাসে সংগ্ৰহ কৰা এখন পটন্তৰৰ কিতাপ কিছুবছৰৰ পূৰ্বে প্ৰকাশিত হৈছিল। কটনিয়ান- সকলৰ চেষ্টাত তাতোকৈ সুবৃহৎ গ্রন্থ ওলাব ই ধুরূপ। এই পটন্তৰ বিশ্বজনীন সাহিত্য, কাৰণ মানৱপ্ৰকৃতি মূলতে পৃথিবীময় একে ধৰণৰ ; আৰু এই পটন্তৰত পৰিৱৰ্ত্তনশীল জগতৰ মনোভাৱৰ বা-বতাহ নালাগে ৷ অসমীয়াৰ সহজ বুদ্ধি যে অতি ওখখাপৰ এই কথাষাৰি অসমীয়া পটন্তৰবোৰৰ পৰা বুজিব পৰা যাব। এজন পণ্ডিতে কৈছে,—“দর্শন শাস্ত্ৰৰ অন্তর্গত কোনো এটি চিন্তাধাৰাৰ বিশদ আলোচনা আৰু অধ্যয়নতকৈ পটন্তৰ পাঠ বেচি উপকাৰী হোৱাৰ সম্ভাৱনা।” অলপতে “ইউনিভাৰ্চেল প্রভাবচ্‌” বা সর্বদেশব পটন্তৰ সংগ্ৰহ নামে এখনি ইংৰাজী গ্রন্থ বিলাতৰপৰা ওলাইছে, তাত গোটাচেৰেক অসমীয়া পটন্তৰও ঠাই পাইছে।

 এটা কি দুটা অসমীয়া পটন্তৰৰ উদাহৰণ দিওঁ। কোনো এক দেশৰ সৰহভাগ মানুহ যদি বিদ্রোহী হয়, তেওঁলোকক ধৰি আনি শাস্তি দিলে দেশত হুলস্থূল বাঢ়িবহে, শাম নাকাটে ; এনে ক্ষেত্ৰত অসমীয়া বুঢ়ামেঠা মানুহে কব,—“মূৰৰ এডালি- দুডালি চুলি পকিলে তাক উঘালিলে হুত লাগে, মূৰৰ গোটাই- খিনি চুলি যদি পকিল তাক উঘালিলে কন্টহে পাবলৈ আছে।”

মীৰজুমলা নবাবে অসম আক্ৰমণ কৰাত বহুত অসমীয়া মানুহে
২২
ত্রিপদী

মোগলৰ লগ লৈছিলগৈ । ভগনীয়া বজা জয়ধ্বজ সিংহই চৰাই- খোবোঙ্গৰপৰা গড়গাৱলৈ উভতি অহাৰ পাচত মোগলৰ লগধবা মানুহবোৰক ধবি শাস্তি দিবলৈ মন কৰিলে। গড়গঞা ৰজাশহুব নাওবৈচা ৰাজমন্ত্ৰী ফুকনে ওপৰৰ পটন্তৰ ফাকি মাতি স্বৰ্গদেৱক উক্ত প্রস্তাবৰপৰা ক্ষান্ত কৰিলে, তাৰ ফলত দেশত শান্তি স্থাপন হল ৷ আৰু এটি পটন্তৰ শুনা যায়,— “যাৰ বাপেক নাই মেলত সেই পুতেক হয় ফপৰীয়া”। ৰজাঘৰত প্ৰতাপী বা মুখচতুৰ 'আত্মীয়-স্বজন বা বন্ধু নাথাকিলে গুণৱন্তৰ গুণ ঢাক খাই থকাৰ আশঙ্কা । এই কথাৰ প্ৰমাণ সর্ববত্র দেখা পোৱা যায় ৷

 অসমীয়া পটন্তৰ আৰু যোজনাবোৰ বৈজ্ঞানিক আৰু তুলনামূলকভাৱে আলোচনা কৰি “অসমীয়া পটন্তৰৰ পৰা অসমীয়া জাতিৰ মনোগত ভাবব আভাস,” বা “ডি প্রভাবিয়েল্ ফিলছফি অব, ডি এছেমিজ, পিপোল”, এনে নামব এখনি সুবৃহৎ গ্রন্থ ৰচনা কৰিব পাৰি। আমি ডাঠি কব পাৰো যে ভালকৈ লিখিব পাৰিলে সেই গ্রন্থ ইউনিভাৰ্চিটিৰ ডক্তৰেইট্‌ ডিগ্ৰীৰ কাৰণে উপযুক্ত বুলি বিবেচিত হব।

 পঞ্চম। — অসমীয়া সাধুকথাবোৰ গোটাবৰ দিন পৰিছে, কাৰণ লাহে-লাহে সেই সাধুকথা আৰু তাৰ ভাষাৰ ঘৰুৱা ঠাচ- বোৰ লোপ পাবলৈ ধৰিছে। বৰ্ত্তমান সংগ্ৰহৰ কাৰণে সেইবোৰ সাধুকথা মানুহৰ মুখে শুনি লিখোঁতে কওঁতাজনৰ ভাষা ৰক্ষা কৰিব লাগিব, তাত আধুনিক ভাব আৰু ভাষাৰ ৰহণ সানিবলৈ গলে বিষম ভুল হব । আগৰ দিনত বুঢ়ী-আইহঁতে ৰাতি

চোতালত বহি সাধুকথা কৈ নাতিপুতিক শিক্ষা দিছিল। ২৩
সাহিত্যৰ মূলকথা 

আজিকালিৰ বহুত বুঢ়ীমাকে সাধুকথা এটিকে নাজানে, অৱশ্যে তেওঁলোকে অন্য বিষয়ে বেচি জানিব পাবে । আগৰ দিনত অসমীয়া বুঢ়ী-আইসকলৰপৰা নাতিপুতিয়ে যি সাৰ শিক্ষা পাইছিল, সেই শিক্ষাই তেওঁলোকক সংসাৰ-সংগ্ৰামত আজীৱন সহায় কৰিছিল। এই শিক্ষাত ধৰ্ম্ম-নীতি সকলো আছিল । অসমীয়া সাধুকথাবোৰ ভালকৈ দেশময় প্রচারিত হলে অসমীয়া বুঢ়ী আইৰ মুখে পোৱা শিক্ষা-পদ্ধতিক যুগমীয়া কৰিব পাৰি ৷

 ভাৰতৰ ভিন ভিন ঠাইত নিজ নিজ দেশৰ লোকসাহিত্য লিপিবদ্ধ কৰিবলৈ বিপুল আয়োজন চলিছে; অসমত এতিয়াও তেনে আয়োজনৰ অনুষ্ঠান হোৱা নাই, কাৰণ আমাৰ ধনৰ অভাৱ। এই লোকসাহিত্যব মূল্য কিমান তাক এটা দৃষ্টান্তৰে বুজাব পাৰি,উত্তৰ-লক্ষীমপুৰৰ সমীপবর্ত্তী এখন আওহতীয়া গাৱঁত থকা ভকতৰাম নামে এজন চহা মানুহৰ মুখৰপৰা বদনচন্দ্ৰ বৰফুকনৰ গীতটি টুকি লৈ তাক প্ৰকাশ কৰা হৈছিল । এই গীতটি বছৰচেৰেকৰ পূৰ্ব্বত এম-এ পৰীক্ষাৰ পাঠ্য আছিল, এতিয়া বি-এ পৰীক্ষাৰ পাঠ্য নিৰ্দ্ধাৰিত হৈছে। এজন পণ্ডিতে কৈছে—“কোনো এক জাতিৰ লোকসাহিত্য, অর্থাৎ সাধাৰণ মানুহৰ মুখে-মুখে শুনা নাম নালিতা, সাধুকথা আৰু পটন্তৰ আদি মোক পঢ়িবলৈ দিয়া, তাৰপৰা সেই জাতিৰ সভ্যতা ম‍ই নিৰূপণ কৰিব পাৰিম।”

 কলিকতা বিশ্ববিদ্যালয়ে দৰ্ম্মহাখোৱা কৰ্ম্মচাৰী নিযুক্ত কৰি বঙ্গালী লোকসাহিত্য সংগ্ৰহ কৰিছে। আমাৰ ছাত্ৰসকলৰ একাগ্র চেষ্টা হলে ধন নোহোৱাকৈয়ে আমি অসমীয়া লোক

সাহিত্য সংগ্ৰহ কৰিব পাৰোঁ । এনে হব পাৰে যে একে বিহুগীত, একে আইনাম, বা বিয়ানাম, পটন্তৰ বা সাধুকথাকে নানান ছাত্ৰৰপৰা পোৱা যাব, সেইবোৰত কিছু পৰিমাণে লব- চবো থাকিব । সম্পাদকে সেই সকলো পাঠ মিলাই চাব, আৰু সৰ্ববাঙ্গসুন্দৰ পাঠটো গ্ৰহণ কৰিব ৷ গ্ৰন্থ প্ৰকাশ কৰিবলৈ ধনৰ নাটনি নহব বুলি আমাৰ বিশ্বাস, কাৰণ শিক্ষা প্ৰচাৰৰ লগে- লগে অসমীয়া পাঠকশ্রেণী বাঢ়িছে, লগে-লগে পুথি প্রকাশকৰ সংখ্যাও বাঢ়িছে । ধনৰ অভাৱত কোনো ভাল কাম পৰি নাথাকে। মানুহে দৃষ্টান্ত দিয়ে ‘হাতী হলে মাউত ওলায়৷' পোনতে উপৰোক্ত প্রবন্ধ, বিহুগীত, আইনাম বিয়ানাম পটন্তৰ আৰু সাধুকথাবোৰ সংগ্ৰহ কৰা হওক, তাৰ পাচত তাব সম্পাদন কৰি ছপাবৰ কাৰণে যুগুত কৰা যাব । তেতিয়া প্রকাশৰ কাৰণে ধন উলিয়াবলৈ বহুত উপায় পোৱা যাব । ওপৰোক্ত গ্ৰন্থাৱলী বিক্ৰী কৰিও যথেষ্ট ধন পোৱা যাব বুলি আমাৰ বিশ্বাস ।

 ইংৰাজী ১৯৩৯ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে বহা গুৱাহাটী এ-এচ- এল ক্লাবৰ অধিবেশনত দিয়া 'অসমীয়া সাহিত্য আৰু ছাত্ৰৰ কৰ্ত্তব্য' শীৰ্ষক বক্তৃতাৰ সাৰাংশ ।



অসমীয়া সাহিত্য আৰু কৃষ্টি

শ্রদ্ধেয়া আই-মাতৃসকল আৰু মৰমৰ বন্ধুসকল, আপোনা- লোকে মোক ছিলং ৰাজধানীত বহা অসম সাহিত্য সভাৰ এই দ্বাবিংশ অধিবেশনৰ সভাপতি ৰূপে বৰণ কৰাৰ কাৰণে ম‍ই আপোনালোকক আন্তরিক ধন্যবাদ জনাইছোঁ। মোৰ বিবেচনাত এই সন্মান অতি গুৰু ভাৰ, কাৰণ এই সাহিত্য সভাৰ উদ্দেশ্য- সমূহত সাম্প্রতিকতাৰ গোন্ধ নাই, ইয়াত নাই জাতি-বৰ্ণৰ পার্থক্য, ইয়াত নাই ধনী-নিৰ্ধনীৰ প্ৰভেদ, ইয়াত নাই কূটনীতিৰ বা-বতাহ । এই সাহিত্য সভা হৈছে অসমীয়া জাতিৰ সাব- জনীন আৰু চিৰন্তন মনোবৃত্তি আৰু আকাঙ্ক্ষাৰ বিকাশ, উন্নতি আৰু পৰিণতিৰ সৰ্বপ্ৰধান মাৰ্গ আৰু সঙ্ঘ। ইয়াক মনো- পুতকৈ গঢ়ি তুলিব পাৰিলে অসমীয়াৰ গৌৰৱপূৰ্ণ কৃষ্টি আৰু বহুমুখী প্রতিভাৰ জেউতি জগতৰ আগত বিলাব পৰা যাব, আৰু

২৬
ত্রিপদী

তাৰ ফলত অসমীয়া জাতি আত্মসম্ভ্রমৰ পোহৰত উজ্জ্বল হৈ উঠিব । একপ্ৰকাৰে কবলৈ গলে অসমীয়াৰ উন্নতিৰ উপায় এই সভাতে নিহিত আছে, আৰু অসমীয়াৰ জীৱন-মৰণ নিৰ্ভৰ কৰিছে এই সাহিত্য সভাৰ কল্যাণ-অকল্যাণৰ ওপৰতেই । সেইদেখি এই অনুষ্ঠান অসমীয়াৰ কেন্দ্ৰীভূত চেনেহৰ বিশুদ্ধ সম্পত্তি, ইয়াক অসমীয়াই জীৱন গলেও বুকুৰ বান্ধোনৰ পৰা আঁতৰাই পেলাব নোৱাৰে। এনেহেন অনুষ্ঠানৰ উন্নতিকল্পে সময় আৰু সুবিধা অনুযায়ী কিবা অকণমান কৰিব পাৰিলে নিজৰ জীৱন চৰিত্ৰাৰ্থ হব বুলি ভাবোঁ, সেইদেখি আজিৰ সভাই এই সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত মই পুনৰ নতশিবে কৃতজ্ঞতা জনাইছোঁ ৷

 মাৰ্ঘেৰিটাত হোৱা ২১-তম অধিবেশনৰ পাচত যিসকল সাহিত্যসেবী আৰু সাহিত্যব হিতাকাঙ্ক্ষী পুরুষে আমাক চিব- কাললৈ এৰি থৈ গৈছে তেওঁলোকৰ কথা আমাৰ পোনপ্ৰথমে মনত পৰিছে। অসমৰ প্রধান মন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ৰাজনীতি ক্ষেত্ৰত বিচক্ষণতা দেখুউৱাৰ উপৰিও সাহিত্যৰ এজন নীব্ৰ সেৱক আছিল । আদৰ্শ মানৱ বুদ্ধদেৱ, যিশুখৃষ্ট আৰু হজৰত মহম্মদৰ জীৱনচৰিতে তেওঁৰ সাহিত্য- সেৱাৰ পৰিচয় দিছে । ৰাধাকান্ত সন্দিকৈ ডাঙ্গৰীয়াৰ অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ সকলোৰে জনাজাত । তেখেতৰ দানৰ সহায়েৰে নিৰ্ম্মিত চন্দ্ৰকান্ত সন্দিকৈ মন্দিৰত নিজ কৰ্ম্মচ’ৰা পাতিবলৈ সুবিধা পাই সাহিত্য সভাই ঠন ধৰি উঠিছিল । তেখেতৰ সহায়তে চন্দ্ৰকান্ত অভিধান সংকলিত হয়। তেখেতৰ সংকল্পৰ বাকীখিনি কাম সমাধা কৰিব পাৰিলে সাহিত্য সভাৰ খ্যাতি আৰু সমৃদ্ধি দুয়ো বাঢ়িবৰ আশা ৷ অধ্যাপক বাণীকান্ত কাকতিদেৱৰ লোকান্তৰত অসমীয়াই এজন একনিষ্ঠ সাহিত্য- সেৱক আৰু ভাষাবিদ পণ্ডিত হেৰুৱালে । অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে বৈজ্ঞানিক ভাৱে গ্ৰন্থ লিখি কাকতিদেৱে এই ভাষাক স্বতন্ত্র ভাষাৰূপে প্রতিষ্ঠিত কৰি গ'ল । কাকতিদেৱৰ সমালোচনা পদ্ধতি ভবিষ্যত লিখকসকলৰ কাৰণে আদর্শ হৈ থাকিব। অসমৰ ঐতিহাসিক উপাদানৰ প্ৰতি পোনপ্রথমে চকু মোকলাওঁতা চাব এডোৱাৰ্ড গেইটৰ মৃত্যুত অসমীয়াই এজন পৰম উপকাৰী বন্ধু হেৰুৱালে । অসমীয়া সাহিত্য আৰু শিক্ষা এই দুয়ো বিষয়তে অগ্রগামী উপেন্দ্রনাথ বৰুৱাদেৱৰ মৃত্যুত অসমৰ পূৰ্বৰ যুগৰ শেষ বন্তি নুমুৱাৰ নিচিনা হ'ল। এওঁলোকে কোন কোন ক্ষেত্ৰত কি কি কৰি গ'ল সেই বিষয়ে বিশদ আলোচনাৰ সূত্রপাত হলে ভবিষ্যৎ যুগৰ অসমীয়াৰ সাহিত্য-সেৱাৰ কাৰণে উদগনিৰ সম্বল হব ।

 ছিলং চহৰত সাহিত্য সভাৰ অধিবেশন বহা এয়ে প্রথম। ৰাজনীতিৰ কেন্দ্ৰ বুলি ছিলং চহৰে খ্যাতি লাভ কৰিছে, কাৰণ ই অসমৰ ৰাজধানী আৰু ইয়াতে বিধান সভাৰ অৱস্থিতি । কিন্তু ৰাজধানীত সাহিত্য-সেৱাৰ উদ্যোগ প্রতিষ্ঠা কৰাৰ বাটত কোনো প্রতিবন্ধক নাই, কাৰণ ইয়াতে৷ সাহিত্যৰ চিৰসম্ভাব অন্তৰৰ সুখ-দুখ, আশা-নিৰাশাৰ খলকনি অবৰ্ত্তমান নহয় । আগৰ দিনত অসমৰ ৰাজধানী গড়গাওঁ নগৰ সাহিত্য সাধনাৰ

কেন্দ্রভূমি আছিল। স্বৰ্গদেৱ, ডাঙ্গৰীয়া, ফুকন, বৰুৱা এই
২৮
ত্রিপদী

সকলৰ পৃষ্ঠপোষকতাত ভালেমান গ্রন্থকাৰে সুবৃহৎ উপাদেয় আৰু মূল্যবান গ্রন্থ লিখি থৈ গৈছে। ৰজা-ৰাজকোঁৱৰৰ পৃষ্ঠ- পোষকতাৰ দিন আজি উকলিছে, তাৰ পৰিবৰ্ত্তে সাহিত্যৰ উন্নতিৰ কাৰণে চৰকাৰৰ সহায় বিশেষ লাগতিয়াল হৈ পৰিছে। ৰাজনৈতিক মনোবৃত্তিৰ লগত সাহিত্য অনুৰাগৰ কোনো অলঙ্ঘনীয় বিৰোধ নাই, বৰং ৰাজনৈতিকৰ কৰ্ম্মপন্থাত সাহিত্যৰ চিৰন্তন আদৰ্শৰ ৰশ্মিপাত হলে প্রজাৰ মঙ্গল। ইংলণ্ডৰ প্ৰধান মন্ত্রী চাব উইনস্টন চার্চিলে অলপতে নোবেল প্রাইজ পোৱাৰ উদাহৰণৰ পৰা অসমৰ ৰাজনৈতিক নেতাসকলে এটি নতুন আদৰ্শৰ বাট নিশ্চয় দেখা পাইছে। বিবিধ কৰ্ম্মত পোন- পটীয়াকৈ লিপ্ত থকা পুৰুষে ৰচনা কৰা সাহিত্যত বাস্তৱতাৰ অৱদান পোৱা যায়। সেই সম্বল সংসাৰৰ ওচৰে-পাজৰে বিচৰণ কৰা ভাবুক কবি আৰু গ্ৰন্থকাৰৰ লিখনিত পোৱাটো টান। অইন নহলেও ছিলঙত থকা প্ৰতিজন ৰাজনৈতিক পুৰুষে নিজ নিজ জীৱনৰ সকলো কাহিনী সাহিত্যৰ সাজেৰে যদি লিপিবদ্ধ কৰে তাৰপৰা দেশবাসীৰ পৰম উপকাৰ সাধিত হব । ৰোম সম্রাট মার্কাছ অৰেলিয়াছৰ আত্মজীৱনচৰিত জগতৰ সাহিত্যৰ এখনি উদ্দীপনামূলক গ্রন্থ । আজি ওঠৰ-শ বছৰেও তাব সৌৰভত মোলান পৰা নাই । ভাবি চাওক, কুমাৰ ভাস্কৰবৰ্ম্মা, মোমাইতামুলী বৰবৰুৱা, পূর্ণানন্দ বুঢ়াগোহাঁই আৰু মণিৰাম দেৱান, এইসকলে এখন এখনকৈ আত্মজীৱনচৰিত লিখি থৈ যোৱা হলে আজি অসমীয়াই তাক কিমান হেপাহেৰে

পঢ়িলেহেঁতেন। আত্মজীৱনচৰিত লিখিবলৈ সংকল্প কৰোঁতা
২৯
অসমীয়া সাহিত্য আৰু কুষ্টি

জনে জীৱনৰ কাৰ্যাৱলীক এক নির্দিষ্ট উদ্দেশ্যৰ মালাৰে সংযুক্ত কৰিবলৈ বিচাৰে, আৰু যাউতি-যুগীয়া সমাদৰৰ কাৰণে সম্বল থৈ যাবলৈ চেষ্টা কৰে ।

 ছিলং আৰু তাৰ ওচৰৰ গাওঁসমূহৰ আদিম বাসিন্দা হৈছে আমাৰ ভাই-ভনী খাচী আৰু জয়ন্তাসকল ৷ তেওঁলোকৰ বাজ্য আৰু আমাৰ ৰাজ্য অতীজৰে পৰা লগালগি। বাণিজ্যৰ কাৰণেই হওক বা অন্যান্য সূত্রেই হওক, তেওঁলোকৰ লগত প্রাচীন কালৰে পৰা আমাৰ অহা-যোৱা চলি আহিছে। তেওঁ- লোকৰ বস্ত্ৰসম্ভাৰ ঘাইকৈ অসমীয়াই যোগান দি আহিছে। খৈৰামী আৰু জয়ন্তা ৰজাৰ দূত অসমলৈ গলে তেওঁলোকক যিদৰে আদৰ-অভ্যর্থনা কৰা হৈছিল তাৰ সাঙ্গোপাঙ্গ বিৱৰণ অসমীয়া বুৰঞ্জীৰ পাতত আজিলৈকে সংৰক্ষিত হৈছে। মোগলৰ সেনাপতি নবাব মীৰজুমলাই অসম আক্ৰমণ কৰি উভতি যোৱাৰ পাচত জয়ন্তীয়া ৰজা আৰু তেওঁৰ তলতীয়া নৰ্তঙ্গীয়া ৰজাই অসমৰ স্বৰ্গদেৱলৈ লিখি পঠিয়াইছিল—“আমি শুনিছোঁ মোগলে আহি তোমাৰ ৰাজ্য আক্ৰমণ কৰিলে, এই বার্তা তুমি আমালৈ নিদিলা কিয় ? জয়ন্তা আৰু গড়গাওঁ দুই নহয় । তোমাৰ দেশ নামাৰিছে যেন আমাৰ দেশহে মাৰিছে, আমাৰ মনত এনে দুখ লাগিছে ৷ আমাৰ দুজন মানুহ বঙ্গালৰ হাতত পৰা বুলি তুমি লিখিছা । দুজন কিয়, তোমাৰ কাৰণে দহ- বিছ হেজাৰ মানুহ পৰিলেও আমাৰ অসন্তোষ নাছিল । তোমাৰ দেশ বঙ্গালে মাৰিলে আমি কুশলে বহি আছিলো,

হুকুম নকৰিলোঁ দহ-বিছ হেজাব মানুহ আমাৰ নগ'ল, এই ৩০

ত্রিপদী

কথাতহে আমাৰ মনত অধিক দুখ লাগিছে, আৰু তোমাৰ আমাৰ প্ৰীতি নতুন নহয়, পূৰ্ব্বাৱধি চলি আহিছে।” এই চিঠি হৈছে প্ৰায় তিনি-শ বছৰৰ পূৰ্ব্বৰ কথা, কিন্তু অসমীয়া খাচী আক জয়ন্তীয়া ভাই-ভনী সকলোৰে অন্তৰত চিৰকাল প্রতি- ধ্বনিত হৈ থাকিব, – “জয়ন্তা আৰু গড়গাওঁ দুই নহয় । তোমাৰ আমাৰ প্ৰীতি নতুন নহয়, পূৰ্ব্বাৱধি চলি আহিছে।” এই খিলঞ্জীয়া প্রীতি যাতে উত্তৰোত্তৰ বৃদ্ধি পায় তাৰ কাৰণেহে আমি সকলো প্ৰকাৰে চেষ্টা কৰিব লাগিব ৷

 খাচী আৰু জয়ন্তীয়াসকলৰ বাহিৰেও অসমৰ অন্তৰ্গত আৰু ইয়াৰ দাঁতিকাষৰত থকা অন্যান্য আদিবাসীৰে সৈতে আমাৰ চিৰকলীয়া মিত্ৰ সম্বন্ধ । তেওঁলোকৰ প্ৰায় সকলোৱেই সুদুৰ অতীতৰ পৰা অসমত বাস কৰিছে, আৰ্যসকল পাচতহে আহিছে, সোমাইছে । দুয়োৰে ভিতৰত হোৱা আদান-প্রদানে পৰস্পৰৰ সামাজিক আৰু অর্থনৈতিক জীৱনত প্ৰভাৱ বিস্তাৰ কবি আহিছে। অসমীয়া ভাষাৰ শব্দ-সম্পদ, অসমীয়া সমাজ- নীতির উদাৰতা, অসমীয়া নৃত্য-গীতৰ বহুমুখী উৎস, এই সকলো ক্ষেত্ৰতে আদিমবাসীসকলৰ সৈতে সংসর্গৰ প্ৰভাৱ পৰিছে। যুদ্ধ-বিগ্রহ আদিত তেওঁলোকৰ ক্ষত্ৰশক্তি অসমীয়াৰ একান্ত লাগতিয়াল আছিল। তেওঁলোকক দেখা পালে আমি ‘মিতা' বা মিত্ৰ বুলি সম্বোধন কৰোঁ। তেওঁলোকৰ বহুত মানুহ অসমৰ হিন্দুসমাজত অন্তর্ভুক্ত হৈছে । তেওঁলোকৰ আলমত এটি বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈছে। এওঁলোক

আমাৰ বুকুৰ বান্ধৈ, গাৰ মঙ্গহ, এওঁলোকক এৰি আমি ৩১
অসমীয়া সাহিত্য আৰু কুষ্টি 

এখন্তেকে৷ তিষ্ঠিব নোৱাৰোঁ। কবলৈ গলে, অসমত নকৈ সোমোৱা জাতিবৃন্দ তেওঁলোকৰ তুলনাত আলহীৰ নিচিনা। চুকাফা বজাই পূর্বর-অসম জয় কৰি বৰাহী মৰাণ আদিৰ ৰজা- সকললৈ কৈ পঠিয়াইছিল, বোলে, – “আমি দেখাদেখি হওঁ সিবিলাক আহক । আমি উজনী ৰাজ্যৰ পৰা আহিছো ৷ সিবোৰ হৈছে স্থান-গিৰি, আমি আলহী । আমাক গাওঁ-ভূ ই খনৰো পৰিচয় কৰাব লাগে ।”

 এই স্থান-গিৰিসকলক অতীজৰে পৰা আমি আপোন কৰি লৈছোঁ, দুয়োৰে সংযোগ আৰু সংমিশ্ৰণত এটি অভিনৱ জাতি আৰু সভ্যতাৰ সৃষ্টি হৈছে, সেইদেখি আমি আগলৈকো তেওঁ- লোকক বুকুত সাবটি লব লাগিব, কাৰণ অসমৰ সকলো উন্নতি পৰস্পৰ মিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰিছে, এজনক এবি সিজনে প্ৰৱৰ্ত্তিবলৈ বিচাৰিলে দুয়োৰে শক্তি টুটি অহাৰ বিষম আশঙ্কা । বৰ্ত্তমান যুগৰ চালচলন আৰু বাক্য-তৰ্কত তেওঁলোক পৰিপক্ক নহব পাৰে, কিন্তু তেওঁলোকৰ সবল সহজ বুদ্ধি অতি চোকা, এই বুদ্ধিৰ সহায়েৰে কৃত্ৰিম আৰু আন্তৰিক ব্যৱহাৰৰ পাৰ্থক্য তেওঁলোকে অনায়াসে ধৰিব পাৰে । আন্তৰিক চেনেহৰ টোপোলা লৈ আমি তেওঁলোকৰ কাষ চাপিব লাগিব, তেনে হলে পৰস্পৰৰ মিত্ৰতা বান্ধোন আৰু কট্‌কটীয়া হব । জ্ঞান- বিজ্ঞানৰ উন্নতিৰ পৰিমাণে আমি আজিকালি সভ্যতা নিৰূপণ কৰো, সেই সভ্যতাৰ হিচাবত জনজাতিসকল অতি পিচপৰা- কেচুৱা । মুখত সবল হাঁহি, মৰমলগা মাতকথা, পমি যোৱা

ভঙ্গী নেদেখিলে কেচুৱা কেতিয়াও কোলালৈ নাহে । কেচুৱা ৩২

ত্রিপদী

জনজাতিসকলক আপোন কৰাৰ দায়িত্ব আমাৰ ওপৰতহে বেচিকৈ পৰিছে। আমাৰ মনেৰে আদিমবাসীসকলৰ হৃদয় জয় কৰাৰ উপায় উদ্ভাৱনৰ কামত অসম সাহিত্য সভাই বিশেষরূপে সাহায্য কৰিব পাৰে। ছিলঙ্গত বহা অধিবেশনে এই বিষয়ে বাট দেখুৱাব বুলি সকলোৱে আশা কৰিছে ।

 আৰ্য্য আৰু অনাৰ্য্যব সংসর্গ আৰু আদান-প্ৰদানত অসমীয়া কৃষ্টি আৰু সভ্যতা পৰিপুষ্ট হৈছে, আৰু ইয়াৰ পৰা ভাৰতীয় হিন্দুধৰ্ম্মৰ ওপৰতো চাব পৰিছে। বৈদিক আৰু পৌৰাণিক ধৰ্ম্মব তান্ত্রিক আৰু শাক্ত ঠাল-ঠেঙ্গুলি অসম বা পূর্ববঙ্গ এই অঞ্চলতে উৎপত্তি হোৱা বুলি খেনো পণ্ডিতে বিশ্বাস কৰে। কিন্তু বিস্ময়ৰ কথা হৈছে,— এমুঠি আৰ্যই এই অনাৰ্য্যবহুল দেশখণ্ডত নিজৰ মাত-কথা প্রভাৱ এনে বিস্তৃতভাৱে বিয়পাব পাবিলে কেনেকৈ? অনাৰ্যসকলৰ মাজত প্ৰচণ্ড প্রতাপী বজাবো আবিৰ্ভাৱ হৈছিল ; তেওঁলোক আদিতে আৰ্য্যমাৰ্গৰ বাহিৰে থাকিলেও পাচলৈ হিন্দুধৰ্ম্মৰ প্ৰতি আকৃষ্ট হৈ তাৰ পৃষ্ঠপোষক- তাৰ পদ অধিকাৰ কৰিছিল। আৰ্য্য আৰু অনাৰ্যৰ সংমিশ্রণ অসমত কেনেকৈ সৃষ্ট হৈছিল, কি কি বিষয়ত সেই সঙ্গমৰ সোঁত প্রবাহিত হৈছিল, এই সম্পর্কে বিশদ আলোচনা প্রয়োজন। জনজাতিসকলৰ বিৱৰণী পুথি এখন সংকলনৰ কাৰণে সাহিত্য সভাই এটা পুৰস্কাৰ ঘোষণা কৰাটো বৰ্ত্তমান সময়ব পৰিস্থিতিলৈ চাই বৰ সমীচীন হৈছে । অসমীয়া জাতিৰ কলেবৰ কেনেকৈ পৰিপুষ্ট হল এই বিষয়ে সাহিত্য সভাৰ

সপ্তম অধিৱেশনত স্বর্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙ্গৰীয়াই ৩৩

অসমীয়া সাহিত্য আৰু কৃষ্টি

কোৱা কথাখিনি চিৰকাল মনত ৰাখিব লগীয়া,— “নানা দেশৰ নানা জাতিৰ নানা পৰিয়ালৰ আৰ্য্য অনাৰ্য্য মানুহ অসমলৈ আহি অসমত দীর্ঘকাল বাস কৰি অসমীয়া হৈছিল । আৰু এইদৰেই পিচৰ কালডোখৰতো, আন কি আজিলৈকে অসমীয়া জাতিৰ বৰজালখন গোথা হৈ আহিব লাগিছে । কনৌজীয়া, হিন্দুস্থানী, পঞ্জাবী, বঙ্গালী, উড়িয়া, নেপালী, গুজৰাটী আদিৰ পোহ পৰি অসমীয়া জাতিৰ কলেবৰ দিনক্‌দিনে বৃদ্ধি হোৱাটো কোনে নাজানে ? কত বিজয়ী আহোম বংশব মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি, ডফলা, গাৰো লাহে লাহে হিন্দুধৰ্ম্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি কোচ, কেওট আদি জাতিৰ ভিতৰত সোমাই চিন-নাইকিয়া হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতিক হৃষ্ট-পুষ্ট বলিষ্ঠ কৰিছে, তাৰ সীমা-সংখ্যা নাই; এইদৰে মুছলমানৰ অসম আক্ৰমণৰ কালৰ পৰা অনেক বিদেশী মুছলমান আহি অসমত বাস কৰি অসমীয়া জাতিৰ সংখ্যা আৰু বল বৃদ্ধি কৰিব লাগিছে।” মহাপুৰুষ শঙ্কৰদেৱৰ উদ্ভাবিত আৰু প্ৰচাৰিত ভাগৱতী ধৰ্ম্মৰ মৃদু নিমন্ত্ৰণত জনজাতিসকল কেনেকৈ অসমীয়াৰ বুকুত চিৰকাললৈ লীন হৈ পৰিছে তাৰ কাহিনী অতি উদাৰতা- সম্পন্ন, শিক্ষাপ্ৰদ আৰু উদগনিমূলক ।

 পণ্ডিতসকলে শ্ৰীমন্ত শঙ্কৰকে কেন্দ্ৰ কৰি অসমীয়া সাহিত্যৰ কেবাটাও যুগ নিৰূপণ কৰিছে, আৰু সেই বিষয়ে যথেষ্ট গৱেষণাও চলিছে। তাৰ পুনৰুক্তি কবি অভিভাষণ দীঘলীয়া

কৰাৰ অভিপ্ৰায় আমাৰ নাই । ৰাজনৈতিক দৃষ্টিভঙ্গিৰে চালে ৩৪

ত্রিপদী

এই সাহিত্যক দুই যুগত ভগাব পাৰি ; প্রথম—স্বাধীনতা যুগৰ সাহিত্য ; আৰু দ্বিতীয়—পৰাধীনতা যুগৰ সাহিত্য। স্বাধীনতা যুগৰ সাহিত্যৰ কাল ঊনবিংশ শতাব্দিৰ আদিছোৱালৈকে ; আৰু পৰাধীনতা যুগৰ সাহিত্যৰ কাল অসমত বৃটিছ শাসনৰ ছ-কুৰি বছৰ ৷ ১৯৪৭ চনৰ পৰা স্বাধীনতা যুগব সাহিত্যৰ পুনৰ অৱতাৰণা হৈছে৷ স্বাধীনতা যুগৰ অসমীয়া সাহিত্যৰ লক্ষণ হৈছে বাধামুক্ত প্রবাহ, আৰু পৰাধীনতা যুগৰ সাহিত্যব বিকাশত অহোৰহ প্ৰতিবন্ধক ।

 স্বাধীনতা যুগৰ অসমীয়াৰ জাতীয়-আদৰ্শ কেশাৰিমান বাক্যত ভালকৈ ফুটি ওলাইছে,—

 মোগলক কৰভাব দিব লগীয়া হোৱাত স্বৰ্গদেৱ চক্রজ- সিংহই সিংহাসনত বহি গঞ্জি উঠিছিল,—“বঙ্গালৰ অধীন হৈ থকাতকৈ মৰণেহে যুগুত।”

 হাজোৰ সমীপবর্তী গাওঁবোৰত মোগলৰ সৈন্য বিয়পি পৰাত বীৰবৰ লাচিত বৰফুকনে আক্ষেপ কৰি কৈছিল,—“মই ফুকনব দিনতে দেশব এনে দশা হল ! মোৰ ৰজা ৰক্ষা হব কেনেকৈ ? মোব বাইজ ৰক্ষা হব কেনেকৈ ? পাচলৈকো বা ৰক্ষা হব কেনেকৈ ?”

 মোগলৰ অধীনত থকা বঙ্গদেশ আক্ৰমণ কৰি কবতোয়া নদীলৈকে বিস্তৃত হৈ থকা প্ৰাচীন কামৰূপ ৰাজ্যৰ পুৰণা সীমা উদ্ধাৰৰ মানসে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ প্ৰস্তাৱ সমৰ্থন কৰি ডাঙ্গৰীয়া- সকলে কৈছিল,— “কৰতীয়া-গঙ্গা সীমা কবি আমাৰেহে ৰাজ্য,

আমি মনকাণ নিদিবৰ দ্বাৰাইহে শত্ৰুৱে লৈছে। ৰজা হলে ৩৫

অসমীয়া সাহিত্য আৰু কষ্টি

তাৰ শত্ৰুক মাৰি আপোনাৰ সীমানা ৰাখি ৰাজ্য লৱনেসে যোগ্য। স্বৰ্গদেৱৰ পূৰ্ব্বে পুলিন ৰজাদেৱে তেজ-শক্তিৰ বলে বঙ্গামাটী চড়াই কৰতোয়া গঙ্গাত খাণ্ডা পখালি গৈছে।”

 স্বৰ্গদেৱ লক্ষ্মীসিংহ ৰজাৰ দিনত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই এবাৰ কৈছিল,— “ক্ষত্ৰিয়ৰ ধৰ্ম্ম, শৰীৰ থাকে মানে যুদ্ধ কৰিব। জয় লভিলে ৰাজ্যভোগ হয়, যুদ্ধত পৰিলে স্বৰ্গভোগ হয়। শৰীৰৰ লগত কাতর হলে পৰলোকলৈকো পাপ হয়, ইহলোকতো পৰাধীন হয়, লোকৰ আজ্ঞাত প্ৰৱৰ্ত্তি অনেক ভয় লাজ ক্লেশক পায়। মৃত্যু বাঞ্ছা কৰি থাকিব লগা হয়, অতি কুৎসিত দুখ।”

 স্বাধীনতাৰ মৰ্ম্মবাণী এইদৰে ভাৰতৰ কিমান জাতিয়ে বুজিব পাৰিছিল ? বুজিব পাৰিলেও কিমানে তাক কাৰ্য্যত পৰিণত কবিব পাৰিছিল ?

 স্বাধীনতাৰ বৰগছ অসমত পাতে-ফুলে জক্‌‍ক্‌ হৈ ফুলিছিল । সেইবুলি অসমীয়াই পাৰমার্থিক আৰু মানসিক অৱদানত পিচপৰা জাতি নাছিল। প্রাচীন এথেনছবাসী নাগৰিকসকলৰ দৰে অসমীয়াৰ মাজতো মেধাশক্তি আৰু শৌর্য-বীর্য্য দুয়োৰে বিচক্ষণ সমাবেশ ঘটিছিল। অসমৰ স্বাধীনতা দিনৰ সাহিত্যলৈ দৃষ্টিপাত কৰিলে আমি স্তম্ভিত নহৈ নোৱাৰোঁ ৷ এই সাহিত্য হিমালয় গিৰিৰ দৰে উচ্চ, পৰ্বতীয়া নৈৰ দৰে কোবাল, আৰু বনৰ চৰাইৰ মাতৰ দৰে সুৱদি । অসমত বিদগ্ধ পণ্ডিতসকলৰ আবির্ভাব হৈছিল। চীন পৰিব্ৰাজক হিউয়েন-চাঙে অসমলৈ আহি ইয়াৰ মানুহৰ বিদ্যাচর্চ্চা আৰু স্মৃতিশক্তিৰ প্ৰশংসা কৰি

থৈ গৈছিল। ৰজায়ো বিদ্যাচর্চ্চা কৰিবলৈ ভাল পাইছিল, আক ৩৬

ত্রিপদী

দূৰবিদেশৰ পণ্ডিত আৰু জ্ঞানী মানুহে অসমত আশ্রয় লাভ কৰিছিল । মহাৰাজ ৰত্নপালৰ দিনতো কামৰূপৰ ৰাজধানী নানান পণ্ডিত আৰু কৰিব দ্বাৰা অলঙ্কৃত হৈছিল । প্রাচীন ফলিবোৰৰ প্ৰশস্তিখণ্ডত বিবিধ কাব্যৰ ঝঙ্কাৰ শুনা যায় । এই কামৰূপত তন্ত্র, স্মৃতি আৰু ব্যাকৰণ এই তিনি শাস্ত্র নতুন ঠাঁচেৰে সংকলিত হয়। সবাতকৈ আনন্দৰ কথা যে মহাপৰাক্ৰমী যোদ্ধা বীৰ শুক্লধ্বজেও গীত-গোবিন্দ গ্ৰন্থৰ টীকা এখন প্রণয়ন কৰি থৈ গৈছে ৷

 অতীত কামৰূপত পাণ্ডিত্যৰ প্ৰাচুৰ্য্য থকা সত্ত্বেও অসমীয়া গ্ৰন্থ ৰচনাৰ প্ৰমাণ আমাৰ হাতত পৰা নাই ৷ সেই যুগত ভাব প্রকাশৰ ঘাই মাধ্যম আছিল সংস্কৃত ভাষা, তাৰ অধ্যয়ন আৰু আলোচনা ঘাইকৈ ব্রাহ্মণসকলৰ মাজতে আৱদ্ধ আছিল । নিজৰ ভাষাতো যে ৰচনা লিখিব পাৰি, আৰু সজ ভাৱ আৰু উপদেশ- মূলক আখ্যান যে সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে, এই ধাৰণা আহিল বৈষ্ণৱ ধৰ্ম্ম অভ্যুদয়ৰ লগে লগে । এই নতুন আদৰ্শক মহাৰাজ নৰনাৰায়ণে পৰিষ্কাৰকৈ ভাষাবদ্ধ কৰিছিল এই বুলি—

 “সম্প্রতিকে স্ত্রীয়ে শূদ্রে পঢ়িব যতনে ।
কিছু শেষ ভৈলে পঢ়িবেক বিপ্ৰগণে ৷৷
এহি মতে পণ্ডিতসৱক বুলিলন্ত।
তেবে কলি যুগে শাস্ত্ৰ লোপ নহৈবন্ত ৷৷
ভাল বুলি প্ৰশংসা কৰিলা সর্বজন ।
ভাগে ভাগে গ্রন্থ কৰিলেক নিবন্ধ ॥

৩৭
অসমীয়া সাহিত্য আৰু কৃষ্টি

 
"সেই গ্রন্থ নিয়া সবে ৰাজাক দেখাইলা ।
তাক চাই মহাৰাজা আনন্দক পাইলা |
পণ্ডিত সবক পাচে কবিলা সন্মান।
ধন বত্ন বস্ত্র অলঙ্কাৰ দিলা দান ৷
সমস্তক পঢ়াইলন্ত কবিয়া দণ্ডিত ৷
স্ত্রী শূদ্র আদি সবে ভৈলন্ত পণ্ডিত ॥”

মৌখিক প্ৰচাৰৰ বাহিৰেও দেশজ ভাষাত লিখা ৰচনাৰ সহায়েৰে জ্ঞান বিস্তাৰ কৰি সৰ্বসাধাৰণকে সদাচাৰী আৰু ভগবৎ-পৰায়ণ কৰিব লাগে, — এয়ে আছিল বৈষ্ণৱ ধৰ্মৰ আদর্শ । এই আদৰ্শৰ প্ৰেৰণাত অসম দেশত প্ৰাচীন ৰামায়ণ মহাভাৰত পুৰাণ উপপুৰাণ আদি সংস্কৃত গ্ৰন্থৰ উভৈনদী ভাঙ্গনি প্রস্তুত হল, আৰু তাব কোনো কোনো কাহিনীৰ আশ্ৰয় লৈ কবিসকলে নাট আৰু উপাখ্যান লিখিবলৈ ধৰিলে । গ্ৰন্থ ৰচনাৰ বাট মুকলি হৈছিল ঘাইকৈ দুটা কাৰণত,— কবি আৰু পণ্ডিতসকলক পোহপাল দিছিল ৰজা আৰু বিষয়াসকলে, আৰু কিছুমানে সত্ৰ-সভাৰ আশ্ৰয়ত থাকি গ্রন্থ ৰচনা কৰিছিল । আজিকালি মানুহে কোনো পণ্ডিতক কয়,— “অমুক বিষয়ে আপুনি এখন গ্রন্থ লিখিব লাগে।” কিন্তু লিখাৰ সজুলি মাল-মচলাৰ ব্যৱস্থা হলে কোনেও নিদিয়ে, আৰু গ্ৰন্থকাৰে পোহপাল গৈ পুথি ৰচনাত কেনেকৈ একাণপতীয়াকৈ লাগিব তাৰ বিষয়েও কোনেও চিন্তা নকৰে ৷ আগৰ দিনত কোনো পণ্ডিতক গ্রন্থ লিখিবলৈ দিয়াৰ লগে-লগে তেওঁৰ পোহপালব বন্দোবস্ত কৰা

হৈছিল। মহাৰাজ নৰনাৰায়ণে কবিবৰ ৰামসবস্বতীক মহাভাৰত ৩৮

ত্রিপদী

ভাঙ্গিবলৈ আদেশ কৰাৰ সময়ত কবিক মাটি-বৃত্তি দাস-দাসী উপহাৰ দি অন্ন আৰ্জ্জোনৰ পৰা চিন্তাৰহিত কৰি দিছিল, আৰু গৰুৰ গাড়ীবে দামে দামে পুস্তক কবিৰ ঘৰলৈ পঠিয়াই দিছিল।

 অসমৰ স্বৰ্গদেৱৰ চ'ৰাত বিদগ্ধ পণ্ডিতবৃন্দই শাস্ত্ৰ সাহিত্য আলোচনা কৰিছিল। তেওঁলোকৰ হতুৱাই ৰজা আৰু কুঁৱৰী- সকলে গ্রন্থ ৰচনা কৰাইছিল। দুষ্যন্ত আৰু শকুন্তলাৰ কাহিনীত প্রেমিকপ্রবৰ শিৱসিংহ মহাৰাজে নিজৰ প্ৰণয়-কাহিনীর প্রতি- বিশ্ব পোৱাত কবিৰাজ চক্ৰৱৰ্ত্তীৰ হতুৱাই কালিদাসৰ শকুন্তলা নাটকৰ আখ্যানভাগ অসমীয়া ভাষাত যুগুত কৰায় ৷ ৰাজেশ্বৰ- সিংহ মহাৰাজৰ পুত্ৰ চাৰুসিংহ যুৱৰাজ আৰু তেওঁৰ পত্নী প্রেমদা সুন্দৰীৰ দাম্পত্য জীৱন মধুময় কৰিবৰ নিমিত্তে কবিশেখৰ ভট্টাচাৰ্যই হৰিবংশ নামে এখনি আদিৰসাত্মক পদ্যগ্ৰন্থ ৰচনা কৰে। খেনো খেনো ৰজাই নিজে নাটক আৰু গীতপদ ৰচনা কৰিছিল। ডাঙ্গৰীয়া, ফুকন, বৰুৱা আদি বিষয়াসকলৰ চ'ৰাতো পণ্ডিত কাকতী আছিল, তেওঁলোকেও বহুবিধ গ্রন্থ বচনা কবি থৈ গৈছে ৷ ইয়াৰ বাহিৰেও সত্ৰসমূহৰ নাম-প্রসঙ্গ, নামঘৰৰ নৃত্য-গীত-ভাৱনাৰ জৰীয়তে অসমীয়াৰ মাজত প্ৰাচীন সংস্কৃত সাহিত্যৰ গোটেইখিনি উপাদেয় সম্পদ প্ৰচাৰিত হৈছিল সুশ্রাব্য পৰিমার্জিত অসমীয়া শব্দভঙ্গীৰ সহায়েৰে ৷ ইয়াৰ ফলত নিৰক্ষৰা আইসকলে হাত চাপৰি বাই গাবলৈ পাৰিছিল-

 “এ হৰি এ, কুন্তীৰ তনয় ৷
যুদ্ধ কৰি জিৰাইলন্ত বীৰ ধনঞ্জয় ৷”

৩৯

অসমীয়া সাহিত্য আৰু কৃষ্টি

“মাধৱৰ ৰঙ্গা দুয়ো চৰণে ধৰিয়া ।
হৰিনাম ৰস পিৰো আঁজলি ভৰিয়া ॥”

“কালীজল কলীয়া
নৰসিংহ ৰূপ ধৰি
কিকৈ হলা ভৱনদী পাৰ ।
সৰ্পে আছে বেৰিয়া,
হিৰণ্যক বৰ কৰি
গকুলত কৃষ্ণ অৱতাৰ ॥”

 এনে সবল সুরুচিপূর্ণ ভাষা অশিক্ষিতা আইসকলৰ মুখে আন ক'ৰবাত ওলায় নে ?

 এই যুগত, বামায়ণ মহাভাৰত পুৰাণ আদিব কথা আমাৰ দেশত ইমান ৰাষ্ট্ৰ হৈ পৰে যে সাধাৰণ অশিক্ষিত খেতিয়ক মানুহেও হিন্দু দেৱ-দেৱতাৰ মহিমা আৰু মহাকাব্য পুৰাণৰ কাহিনীবোৰ জানিবলৈ ধৰে । এনে বিস্তৃত জনশিক্ষা বোধ কৰোঁ ভাৰতব কোনো ৰাজ্যত হোৱা নাছিল। মাথোন ইউৰোপৰ বিগেইছেন্‌ছৰ যুগত এই সৰ্ববব্যাপী জনশিক্ষাৰ আভাস পোৱা যায়, যাৰ ফলত সামান্য ৰণুৱায়ো মহাবীৰ আলেকজেণ্ডাৰৰ কথা আলোচনা কৰিবলৈ সক্ষম হৈছিল। এই জনশিক্ষাই অসমৰ প্ৰজাক শুৰুচিপূৰ্ণ আৰু পৰিমাৰ্জ্জিত কবি থৈ গৈছে ৷ অসমত নামকীৰ্ত্তনৰ মহিমা শুনি আতঙ্কিত হৈ ৰাজপুতনাৰ পৰা অম্বৰাধিপতি ৰামসিংহলৈ তেওঁৰ মাক আৰু ঘৈণীয়েকে সতর্কবাণী লিখি পঠিয়াইছিল, – “আমি শুনিছোঁ সিদেশত নামকীর্তন অনেক প্ৰকাশ হৈ আছে। এনেদেশ

মাৰিলে তাৰ পৰিণাম কি হব তুমি জানা ৷ এই দেশ মাৰি
৪০
ত্ৰিপদী

মীৰমজুলাই কিমান দিন খাবলৈ পালে ? তেওঁ নিজৰ ঠায়ো উভতি নাপালেহি । গতিকে ইয়াকে দেখি যি ভাল পোৱা কৰিবা ।”

 অসমৰ বৈষ্ণৱ সাহিত্যত হৰিনামৰ মাহাত্ম্য আৰু তাৰ লগে লগে প্ৰৱল আধ্যাত্মিকতা আৰু সদাচাৰৰ প্ৰয়োজনীয়তাৰ বাণী ঘোষিত হৈছে । এই সাহিত্যৰ গদ্য অংশ বিশেষ চকুত লগা । ভক্তপ্ৰবৰ ভট্টদেৱৰ ‘কথা-গীতা' আৰু ‘কথা-ভাগৱত’ অসমীয়া গছা-সাহিত্যৰ আপুৰুগীয়া সম্পত্তি। সেই কালত এনে উচ্চ গ৷ ৰচনা ভাৰতৰ অতি কম ভাষাতহে পোৱা গৈছিল বুলি পণ্ডিতসকলৰ মত। বৈষ্ণৱ সন্তসকলৰ চৰিত্ৰ পুথিও বিশেষ আদৰৰ বস্তু । অসমৰ সকলো সন্ত-মহন্তৰ উৎপত্তি-কাহিনী লৈ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত দক্ষিণপাটৰ শিষ্য গোবিন্দদাস নামে এজন ভক্তই ‘সন্ত-সম্প্রদা' নামে এখন গ্রন্থ লিখিছিল। তাত থকা কথাখিনিৰ বৰ্ত্তমান যুগৰ ভাৱধাৰাৰ লগত আচৰিতৰূপে মিল। মহাপুৰুষ শঙ্কৰদেৱৰ জীৱন আলোচনা কৰোতে গোবিন্দদাসে লিখিছে, এতেকে

 “পাচে কুসুমৰ ভাৰ্য্যা সত্যসন্ধ্যা আইৰ গর্ভে শুভ তিথি শুভ দিনে শুভ লগ্নে শ্ৰীশঙ্কৰূপে হৰি অৱতাব হলা। যাতো সংসাৰী জীৱক হৰি ভক্তি প্ৰচাৰ কৰি মোক্ষ দিলা । দেবজ্ঞসৱে জাতকোষ্টি কৰিলা। গুপ্তনাম শ্রীগঙ্গাধ হৈলা, যাতো গর্ভধান সময়ত মহাদেৱ বহিবাৰ স্বপ্নত মাতৃত স্থান খুজিলা, এতেকে পিতৃ-মাতৃ গঙ্গাধৰ হেন বুলিলা, লোকত শঙ্কৰ

নাম প্রখ্যাত কৰিলা ৷ ভবিষ্যত পুৰাণত শঙ্কৰ বাসুদেৱ অংশ
৪১
অসমীয়া সাহিত্য আৰু কৃষ্টি

হেন শঙ্কৰে পাব্বতীতে কহিছে, আৰু সেই কালৰ লোকে ঠাই ঠাই ঈশ্বৰ শক্তি দেখিলা, তাক বংশাৱলীত বৰ্ণনা কৰিছে । ষাড়ক মৰ্দি লোকৰ ভয় দূৰ কৰিলা । চিহ্নযাত্ৰা কৰি লোকক ঈশ্বৰভাৱ দেখায়া হৰিত শৰণ কৰিলা । টেমনীয়া বান্ধি লোকৰ দুখ দূৰ কৰিলা । পণ্ডিতসৱকো বাদে জিনি গীতা ভাগবত শালগ্রাম শৰণ ভজন ভক্তি লোকত প্ৰচাৰ কৰিলা ৷ ভাগৱত শ্লোক ভাঙ্গি পদ-পয়াব নাট-গীত ভটিমা গুণমালা লীলামালা এরমাদি গ্রন্থসৱ কৰি লোকসৱক হৰিত দৃঢ়মতি কৰাইলা ৷

 “এতেকে তাক শূদ্র বুলি যি অমান কবে সি অৱশ্যে অধোগতি যাইব । শিশুপালে গোপৰ ছৱাল বুলি অসূয়া পৰক্ৰিয়া কৰি ৰাজসভাত অনেক নিন্দা বুলিলা, আপোনাৰ আয়ু-শ্ৰী নাশ কৰিলা । যেহেন শিলাত মুষ্টি হানিলে আপুনি দুখ পায়, তেমনে সন্তক নিন্দিলে আপুনি অধোগতি যায় ৷ “বুলিবা যদি ঈশ্বৰ হয় তেনে অনিত্য শৰীৰ কিয় ধৰা ? তাক কওঁ শুনা, ব্রহ্মাৰ কি বিভাগ আছে ? এতেকে কাৰ্য্যৰ নিমিত্তে শূকবাদি জন্মও ধৰে। তেবে কি ঈশ্বৰ নোহে ? শূদ্র- কুলে জাত হৈবাৰ অভিপ্ৰায় আছে। সত্যযুগে হৰিভক্তিৰ পথ কেৱলে ব্ৰাহ্মণে মাত্র বাখিলা । ই তিনি জাতিয়ে ৰাখিব নাপাৰিলে। ত্রেতাযুগত খেত্রিয় ব্রাহ্মণ দুয়ো বাখিলে। দ্বাপৰত ক্ষেত্রিয়ে বৈশ্যে ৰাখিলে। কলিযুগত ই তিনি জাতিয়ে হবি- ভক্তি ৰাখিতে নাপাৰিলে ৷ বেদব বশ্যকৰ্ম্মে বদ্ধ হৈল। শূদ্রসৱ

হৰিভক্তি-পাত্ৰ হৈল ৷ আকে দ্বাদশ স্কন্ধ শ্ৰীভাগৱতত কহিছে
৪২
ত্রিপদী

এতেকে শূদ্রকুলে অৱতৰি আচাৰ্য্য হুয়া হবিভক্তি প্রকাশ কবিলা, আৰু হবিভক্তিয়ে জাতি অজাতি নবাচে। ভক্তিমন্ত হলে বিপ্রতো কবি চণ্ডাল গৰিষ্ট হয় । সপ্তম স্বন্ধত প্রহলাদে নৃসিংহব আগে বুলিছা,—'ভক্তিমন্ত হলে অন্ত্যজো আচাৰ্য্যৰ যোগ্য হয়। মহাতপস্বী শৌনকাদি মুনিসৱে শুকক গুৰু মানি উচ্চাসন দিয়া মধ্য কৰি শ্ৰীভাগৱত শুনিলা। শ্রীগুরুদেৱে দেৱঋষি, ব্ৰহ্মঋষি, ৰাজঋষি সভাত থাকি তেওঁ আঙ্গুলি উদ্দেশি ঋষিসৱৰ আগে ভাগৱত কহিবে বুলিলা। ভৈলে সকল গুণৰ পাত্র হয় ।

 “শ্ৰীশঙ্কৰে৷ পূৰ্ণ সাক্ষাতে ঈশ্বৰ । নানি হৰি-গুণ৷ শ্ৰৱণ-কীৰ্ত্তন কৰা। এতেকে ভক্তি এতেকে তাঙ্ক পৰম গুরু ইদেশত পূৰ্বেৰ লোকসবে কাক হৰি বোলে হৰিকথাও নাজানিলে, অন্য দেৱ-দেৱীক ভজিল, কতোসৱে বৌধমতে প্ৰৱৰ্ত্তিল। আবে শঙ্কৰ অৱতাৰ বৰদ্ৰৱা বেহাৰত সত্ৰ কৰিলা, ভক্তি-ৰত্ন থাপিলা, সেই ভক্তি-ৰত্ন সন্তসৱে বেসাই সবেদেশ পৰিপূৰ্ণ কৰিলা ৷ হেনয় কৃপালু শঙ্কৰ মই কোটিবাৰ প্ৰণাম কৰো।”

 বংশীগোপালদেৱৰ বিষয়ে গোবিন্দদাসে কি কৈছে শুনক,—

 “পাচে গোপালে বিবাহ নকৰি ব্ৰহ্মচাৰী হৈল । একেসন্ধ্যা আতপ তণ্ডুল অন্ন ভুঞ্জিলা, নস মাংস উষুৱা বর্জ্জিলা, দেহত অভিমান এৰিলা, ভূমিত বস্ত্ৰ পাৰি শয়ন কৰিলা, দুয়ো বেলা স্বানিলা, বিষয়ক তুচ্চ হেন দেখিলা, সদায়ে অভিমান এৰিলা, সদায় হৰিনাম কীৰ্ত্তন কৰিলা, স্ত্রী নাচাহিলা, অসন্ত সনে আলাপ

নকৰিলা, মৌনে ৰহিলা, ব্রেথা বাক্য নুবুলিলা ।”
৪৩
অসমীয়া সাহিত্য আৰু কৃষ্টি

 দেৱগোপালৰ বিষয়ে গোবিন্দদাসে আৰু কৈছে,

 “ধোঁয়ালোৰ বেলৰ শাখাত এক ব্ৰাহ্মণে শ্ৰীশঙ্কৰৰ মূৰ্ত্তি মদন- গোপালক পাই দেৱগোপালক নিয়া দিলা। গোপালে পৰম হবিষে ঠাকুৰসমে একে আসনত থৈয়া সেৱা কৰিলা। সেইদিনা হন্তে দেৱ গোৱালৰ সম্পদ হৈলা, তথাপি তাত কিঞ্চিত প্রিয় নাছিল, যাতো সম্পদক মহন্তে আপদ হেন মানে, মূঢ় জনেহে আনন্দ মানে ৷ এমন সম্পদ পাই ঢকুৱা পাবি বসিলা, ভাল বস্ত্ৰ পরিধান নকৰে, মিষ্ট দ্রব্যকো ভোজন নকৰে, স্ত্রী-সুৱৰ্ণকো চকুৱে নাচাহে । ৰাত্ৰি ভৈলে দীঘে-প্রস্থে চতুর্থ হাতত মশৰিক তৰি নিদ্রা আসে বুলি মাটিত বসি মালা জাপ্য কবি থাকা। হেন দেৱ গোপাল সম সাধু পূৰ্ব্বেও নাছিল, পাচত লাগিও নহৈব্য ।”

 গোবিন্দদাসৰ 'সন্ত-সম্পদাৰ' পৰা দীঘলীয়া টোকা মাতি শুনুৱাত আপোনালোকে মোক ক্ষমা কৰিব। মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰা হৰিভক্তি প্ৰচাৰ, ভক্তিমন্ত হলে শূদ্ৰ আৰু চণ্ডালবো গৰিষ্ট আসন লাভ, ব্ৰহ্মচাৰী দেৱগোপালৰ কঠোৰ সাত্ত্বিক জীৱন,—ইয়াৰ মূলতত্ত্বই হৈছে অসমৰ বৈষ্যৱ ধৰ্ম্মৰ বাণী, সেই বাণীৰ অমৃতৰস অসমীয়াই আজলি ভৰি পিবলৈ ভাল পায়,–তেও তেওঁলোকৰ নামুৱায় ৷ জড়বাদী সংসাৰত “সৰ্বে গুণাঃ কাঞ্চনমাশ্রয়ন্তি,” অর্থাৎ ধন হলেহে মানুহ সর্বব গুণৱন্ত হয়, এই মন্ত্ৰ প্ৰচাৰিত হৈছে; অসমীয়াই কিন্তু কৈছিল, —“ভক্তি ভৈলে সকল গুণৰ পাত্ৰ হয়।” এই আদর্শক সাৰোগত কৰি মন৷ অসমীয়া জাতিৰ চিৰকল্যাণ অৱশ্যম্ভাবী,

তেওঁলোকৰ পৰিহানি কেতিয়াও সংঘটিত নহয় ।
৪৪
ত্রিপদী

স্বাধীনতা যুগৰ অসমীয়া সাহিত্যত এটি বিশিষ্ট অঙ্গব বিষয়ে এইখিনিতে অলপ উনুকিওৱা উচিত। বৈষ্ণৱ সাহিত্যত অসমীয়াৰ আধ্যাত্মিকতাৰ পূৰ্ণ বিকাশ হৈছে। কিন্তু জগতৰ ঘাত-প্রতিঘাতত বিকাশ হোৱা মনোবৃত্তি লিপিবদ্ধ হৈ আছে অসমৰ বিপুল ৰজাঘৰীয়া সাহিত্যত। যি কালত ভাৰতৰ অনেক ৰাজ্য পৰাধীন অৱস্থাত আছিল সি কালত অসমত স্বাধীনতাৰ বিজয় নিচান উৰিছিল। এই স্বাধীনতাক অটুট ৰাখিবৰ কাৰণে দেশৰ শাসনকাৰ্য্য সুচাৰুৰূপে পৰিচালনাৰ ব্যৱস্থা কৰিবলৈ অসমীয়া জাতি বাধ্য হৈছিল ; তাৰ হন্তে ইয়াত নানান বিষয়ৰ লাগতিয়াল গ্রন্থ লিখাৰ আৱশ্যক হৈছিল, তেনে আৱশ্যকতা পৰাধীন জাতিয়ে অনুভব নকৰে, কাৰণ পৰাধীনতাৰ যুগত শাসনৰ জটিল সমস্যাবোৰৰ সমাধান কৰে ভিনদেশী বিজেতাই, পৰাভূত জাতিৰ মানুহৰ পক্ষে সেই সমস্যাবোৰ “স্বায়নে কাণত পিন্ধে” এনে অগোচৰ বিশ্বৰ । অসমৰ ৰাজ- নৈতিক সমস্যাবোৰৰ সমিধান ইয়াৰ বিপুল বুৰঞ্জী সাহিত্যত চিৰকাললৈ লিপিবদ্ধ হৈ আছে । অকল ৰজা আৰু মন্ত্রীকে লৈ ৰাজকাহিনী গঠিত হব নোৱাৰে ৷ তাত দেশৰ অৱস্থা, প্ৰজাৰ মনোভাৱ, নানা সময়ত জাতীয় পৰিস্থিতি—এই সকলোবোৰ আভাস বুৰঞ্জী সাহিত্যত পোৱা যায় ৷ অসমৰ বুৰঞ্জী সাহিত্যই অসমৰ বাহিৰে ভাৰতৰ ইতিহাসতো পোহৰ পেলাব পাৰিছে । অসমৰ ওচৰত থকা কাছাৰ, জয়ন্তা আৰু ত্ৰিপুৰাৰ বিশ্বাসযোগ্য সমসাময়িক বুৰঞ্জী অকল অসমীয়াই মাথোন ৰক্ষা কৰিছে ।

 ৰাজ-ৰাজোৱানৰ কথা-বাৰ্ত্তা লেন-দেনৰ বাহিৰেও আগৰ
৪৫
অসমীয়া সাহিত্য আৰু কৃষ্টি

দিনৰ বুৰঞ্জী সাহিত্যই অসমীয়াৰ উচ্চ মনোবৃত্তিৰ আভাস দিছে। তাৰে গোটাচেৰেক দৃষ্টান্ত তলত দাঙ্গি ধৰিলোঁ ৷—

 ৰজা যদি আত্মসুখত নিমগ্ন হৈ থাকে তেন্তে তেওঁৰ ৰাজ্য অতি শীঘ্ৰে ধ্বংসৰ বাটলৈ আহে ৷ মোগল সম্রাট হুমায়ুন বাদশাহব অসংখ্য বিশ্বাসী কৰ্ম্মচাৰী আছিল, তথাপি তেওঁ নিজৰ দোষত ৰাজ্য এবি পলাতকভাৱে দেশ-দেশান্তৰে ফুৰি- বলৈ বাধ্য হৈছিল। ইয়াতে দুখ কৰি পাৰশ্যৰ বাদশাহে হুমায়ূনক গৰিহণা দি কৈছিল, – “এনে চাকৰ থাকোঁতেও দিল্লীৰ পৰা তই কিয় পলাই আহিলি ? দিল্লী হেন জেগাত তই তিনি পিবীৰ পাদশ্যা, তোৰ আগত তই মৰ বুলিলে অলপকৈ হলেও লাখ লোক মৰিলহেঁতেন তোৰ নিমিত্তে। আপোনাৰ সুখ- দুখৰ ইচ্ছা কৰিহে বাদশাহী কৰিলি। ৰাজ্যৰ সুখ-দুখৰ বিচাৰ নলৈছিলি । অলপ সূত্র হলতে লোকজনৰ মন বিগৰি গ'ল । এতেকে ই কথাটো যাৱত দিল্লী তাৱত থাকিল, মুছলমান কুলটো হাঁহিয়াত হল ।”

 এইদৰে, মীৰজুমলাই গড়গাওঁ পাওঁ পাওঁ হওঁতে অসমৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহই ৰাজধানী এৰি পৰ্বতলৈ পলাই যায় । বাটত পোহাৰীয়ে লগ পাই স্বৰ্গদেৱক এই বুলি বিকৰ্থনা কৰি ছিল,— “স্বৰ্গদেৱ, তুমি বং-আনন্দতহে মন দিলা ! এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধৰ চপৰা মাটি দিলাহেতেন তেন্তে তোমাৰ কিয় এনে অৱস্থা হব ?”

 স্বৰ্গদেৱ জয়ধ্বজ সিংহই জেশাহুৱেকৰ লগত গোপনে খোৱা-

বোৱা কৰাত ভনীয়েক আইকুঁৱৰীদেৱে স্বৰ্গদেৱক এই বুলি
৪৬
ত্রিপদী

বিকৰ্থনা কৰিছিল,—“পৃথিবীৰ ওপৰত স্বৰ্গদেৱ হৈছে, মোৰ বাই তোৰ জেশাহুৱেৰ, তেও যে এনে কৰ্ম্ম কৰ, লাজ-কাজ ধৰ্ম্ম- মৰ্য্যদা ক'ত থলি ?”

 অসমৰ কেবাজনা কোঁৱৰ কোচ ৰজা নৰনাৰায়ণৰ তাত ওলৰূপে বন্দী হৈ আছিল, তেওঁলোকৰ প্ৰত্যেকৰে যুৱত অৱস্থা, সংসাৰৰ নিম্নমমতে তেওঁলোকৰ এই বয়সত লৰা-তিকতাৰ সৈতে ঘৰ-গৃহস্থী কৰি খোৱাৰ সময় ৷ সেইদেখি চিলাৰায়ৰ পটেশ্বৰী- সকলে গিৰিয়েকক কলে – “অসম ৰজাৰ চাৰিটা কোঁৱৰ আনি বন্দী কৰি থৈছা ৷ ইহঁতো ৰূপে-গুণে যুবা অৱস্থা হৈছে। এতেকে ইহঁতক স্বদেশলৈ বিদায় দিয়ক।” পটেশ্বৰীসকলৰ অনুৰোধ মতে কিবা এটা চেলু উলিয়াই বন্দী কোঁৱৰ কেজনক অসমলৈ পঠিয়াই দিয়া হল ।

 শৰাইঘাটৰ যুদ্ধৰ দিনা সেনাপতি লাচিত ফুকন নবীয়া পৰাত উত্তৰ পাৰৰ এভাগ সৈন্যই যুদ্ধজয়ৰ আশা এবি বণথলী এৰি যাবলৈ উপক্ৰম কৰিছিল। এনে অৱস্থা দেখি নবা হাজৰিকা নামে সেনাপতি এজনে অশ্বক্রান্তত স্বৰ্গদেৱৰ শৰণ দি ৰাইজৰ ফালে চাই চিঞৰি কলে, – “ৰাজ্য অই, সুণীয়া কাঁহীত বিহ ঢালিব খুজিছ যদি ভাগ।” অসমীয়াৰ স্বাৰ্থত জলাঞ্জলি দি কোনোবাই দেশব অনিষ্ট সাধিবৰ উদ্যম কৰিলে অসমীয়াই যেন তেওঁক নৰা হাজৰিকাৰ কথাষাৰি সোৱঁৰাই দিয়ে, “ঐ, সুণীয়া কাহীত বিহ ঢালিব খুজিছ যদি ভাগ ।”

 উচ্চ মনোবৃত্তি আৰু ঐকান্তিক দেশপ্রেমৰ বতাহ-পোহৰ

নাপালে স্বাধীনতা-বৃক্ষ কেতিয়াও জীয়াই থাকিব নোৱাৰে ৷
৪৭
অসমীয়া সাহিত্য আৰু কষ্টি

সেই মনোবৃত্তি আৰু দেশপ্ৰেমৰ দৃষ্টান্ত অসমীয়াৰ অতীত কাহিনীত অগণন ভাৱে সিঁচৰতি হৈ পৰি আছে ৷

 বুৰঞ্জীৰ বাহিৰেও এইবোৰৰ বিষয়ে ৰজাঘৰৰ কাৰণে কিতাপ যুগুত হৈছিল,—ৰাজচ'ৰাৰ নিয়মাৱলী, বিষয়াসকলৰ মৰ্য্যাদাৰ তাৰতম্য, আহোমৰ নানা ফৈদৰ বিৱৰণ, ৰজাই বিয়া কৰা কন্যাৰ বংশৰ পৰিচয়, গড় আৰু দুৰ্গ নিৰ্ম্মাণৰ ব্যৱস্থা, ৰজাৰ নগৰ আৰু পুখুৰী দেৱালয় সজাৰ ব্যৱস্থা, ঘোৰাৰ প্ৰকাৰ আৰু চিকিৎসা, হস্তীৰ ব্যাধি আৰু চিকিৎসা, শেনৰ ব্যাধি আৰু চিকিৎসা, বজাৰ আগত দেখুউৱা খেল-ধেমালি। খামটি ভাষাত লিখা প্রাচীন দণ্ডবিধি এখন দুমাহমানৰ পূৰ্বেৰ আমাৰ দেখাব সৌভাগ্য ঘটিছিল। বানপানী, ভূঁইকঁপ, অগ্নিকাণ্ড, উই আদিৰ উপদ্ৰৱ আৰু মান-মৰাণৰ বিপ্লৱত যে আমাৰ কিমান গ্ৰন্থ লোপ পালে তাৰ ইয়ত্তা নাই ৷ তাৰ বাহিৰেও ইউৰোপৰ নানান গ্রন্থশালাত অসমীয়া পুথি ভালেমান সংৰক্ষিত হৈছে। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে বৃটিছ মিউজিয়মৰ পৰা 'ত্ৰিপুৰা বুৰঞ্জী’ পুথি আৰু ‘ধৰ্ম্মপুৰাণৰ ফটোষ্টেট্ কপি যুগুত কৰি আনিছে। এই মিউজিয়াতে বাৰস্কন্ধ ভাগৱতৰ এখন পুথি আছে । কোচবিহাৰ ৰাজভঁৰালতো ভালেমান অসমীয়া পুথি সংৰক্ষিত হৈছে। বিদেশী গ্রন্থালয়ত থকা পুথিবোৰ ক্ৰমান্বয়ে গোটাবৰ সময় হল ।

 এতিয়া যিবোৰ প্ৰাচীন গ্ৰন্থ পোৱা যায় তাৰ সম্ভেদ ললে সকলোৱে বুজিব পাৰিব যে বিষয়-বস্তুৰ উৎকৰ্ষ আৰু বহুমুখী

সৌষ্ঠৱত জগতৰ অতি কন সাহিত্যইহে অসমীয়া সাহিত্যক চে
৪৮
ত্রিপদী

পেলাব পাৰিব । অসমীয়াই যাতে এই কথাষাৰ হৃদয়ঙ্গম কৰিব পাবে, যাতে তাৰ ফলত অসমীয়াৰ আত্মসম্ভ্রম বৃদ্ধি হয় আৰু অসমীয়াৰ প্ৰতি অনা-অসমীয়াৰ শ্ৰদ্ধা সৃষ্টি হয় তাৰ কাৰণে সাহিত্য সভাই ঐকান্তিক চেষ্টা কৰাটো যুগুত ৷

 অসমীয়াৰ স্বাধীনতা যুগৰ অৱসান হোৱাত অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত মাধ-মাৰ পৰিল । সাহিত্যৰ পৃষ্ঠপোষক ৰজা কুঁৱৰী বিষয়াসকল অন্তর্দ্ধান হল । তেওঁলোকৰ ঠাইত আহিল বিদেশী শাসকবৃন্দ আৰু দলে-দলে বিদেশী কৰ্ম্মচাৰী- সকল । অসমীয়া ভাষা যেন কোনো ভাষাই নহয়, ই মাথোন বঙ্গালীব অপভ্রংশ, আদালত পঢ়াশালীত এই ভাষাক প্রচলিত কৰাৰ কোনো সকাম নাই,—এই ধৰণৰ বুজনি পোৱাত নতুন শাসকসকলে অসমীয়া ভাষাৰ মূলোচ্ছেদ কৰিবলৈ সাজু হল। তাৰ প্ৰতিবাদ কৰিছিল অসমত থকা আমেৰিকান মিছনেৰী- সকলে আৰু কেজনমান দেশপ্রেমিক অসমীয়াই । বহুবছৰ আন্দোলনৰ পাচত অসমীয়া ভাষা স্বতন্ত্র বুলি স্বীকৃত হল ।

 কিন্তু বিদেশীয়ে প্ৰৱৰ্ত্তন কৰা শিক্ষা-পদ্ধতি অনুসাৰে ভাৰতীয় ভাষা আৰু সাহিত্যত—তাৰ লগে লগে অসমীয়া ভাষা আৰু সাহিত্যত—কিবা যে মূল্যবান সম্ভাৰ আছে এইটো কোনেও স্বীকাৰ নকৰিলে । বিশ্ববিদ্যালয়ৰ পৰীক্ষাবোৰত ভাৰতীয় ভাষাই যৎসামান্য ভাবেহে ঠাই পাবলৈ ধৰিলে। এনেহে অনুমান হল যেন মানবৰ চৰম উৎকৰ্ষ হৈছে ইউৰোপীয় সাহিত্যত, আৰু প্ৰাচ্যৰ সাহিত্য-সম্পদ আলমাৰীৰ এটা থাকত আবদ্ধ

কৰিব পাৰি। ভাৰতীয় ভাষা আৰু সাহিত্যক মানুহে ইমান
৪৯
অসমীয়া সাহিত্য আৰু কৃষ্টি

তলখাপৰ বুলি ভাবিবলৈ ধৰিলে যে গ্রামিক অনুন্নত যেই সেই কথাকে ‘ভাৰ্ণেকুলাৰ’ আখ্যা দিয়া হল, যথা, “তুমি যিখন মিটিং পাতিলা, বা তুমি যিটো বক্তৃতা দিলা, বা তুমি যিটো ঘৰ সাজিলা, সি বৰ ভাৰ্ণেকুলাৰ হলহে।”

 কিন্তু এই আন্ধাৰ যুগত এজন মনীষীৰ আবির্ভাব হল, তেওঁ হৈছে চাৰ আশুতোষ মুখার্জ্জী। তেওঁ যত্ন কৰি দেশজ ভাষাকো বিশ্ববিদ্যালয়ৰ ওখ মহলালৈকে শৃঙ্খলাবদ্ধভাৱে অধ্যয়ন আৰু অধ্যাপনাৰ দিহা কৰিলে। সেই প্রচেষ্টাৰ সুফল অসমীয়া ভাষা আৰু সাহিত্যরো ভোগ কৰিবলৈ পালে, আৰু অসমীয়াৰ সাহিত্যিক চেতনা পুনৰ জাগ্ৰত হল ।

 ১৯৪৭ চনত ভাৰতৰ নতুন স্বাধীনতাৰ যুগ আৰম্ভ হৈছে। বিদেশীব প্রভুত্ব আঁতৰি যোৱাত ভাৰতীয়ই মুক্তকণ্ঠে মাত মাতিবলৈ ধৰিছে। ভাৰতৰ দেশজ সাহিত্যত যে ঐশ্বর্য-সম্পদ যথেষ্ট পৰিমাণে আছে সেই কথালৈ মানুহৰ মন আকৃষ্ট হৈছে । এই ভাষাত কি সমৃদ্ধি আছে তাক জানিবলৈ অন্য ভাষাভাষী পণ্ডিতৰ মাজত কৌতূহল সৃষ্টি হৈছে। অসমীয়া সাহিত্যৰ বিষয়ে তেওঁলোকে আগেয়ে অলপ ইঙ্গিতহে পাইছিল, তেওঁ- লোকে মাত্র জানিছিল যে অসমৰ গদ্য সাহিত্য অতি প্রাচীন, আৰু অসমীয়া বুৰঞ্জীবোৰ ভাৰতীয় সাহিত্যৰ বিশিষ্ট সম্পত্তি। এতিয়া অসমীয়া সাহিত্যৰ বিষয়ে ভালকৈ জানিবলৈ পণ্ডিত- সকলৰ বৰ ধাউতি হোৱা দেখা গৈছে ৷ যিসকলে মহাপুৰুষ শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰৱৰ্তিত ধৰ্ম্ম আৰু সাহিত্যৰ বিষয়ে

অলপ-অচৰপ জানিব পাৰিছে তেওঁলোকে আচৰিত হৈ কৈছে—
৫০
ত্রিপদী

“অসমত এনে এজন বহুমুখী প্রতিভাসম্পন্ন সন্তপুৰুষ আৰু সমাজ-সংস্কাৰক জন্মিছিল, তেওঁৰ বিষয়ে ভাৰতীয়ই একো নাজানে, এইটো বৰ দুখৰ কথা।” এইদৰে অসম বুৰঞ্জীৰ চকুত লগা ঘটনাৰ অলপ মাত্র আভাস পাই ভাৰতীয় পণ্ডিতসকলে অনুৰূপ মন্তব্য ব্যক্ত কৰিছে,— “অমুকৰ বিষয়ে বা অমুক ঘটনাব বিষয়ে আমাক আৰু কওক।” তেওঁলোকে শুনিছে,— ,—তাসমৰ ঘরে-ঘৰে বোৱনী শিপিনী, অসমীয়া তিৰুতাৰ কৰ্ম্মকুশলতা, আৰু অস্পৃশ্যতা মহাব্যাধিৰ মাৰাত্মক আক্ৰমণৰ পৰা অসমৰ প্রকাৰান্তৰে নিষ্কৃতি। অসমৰ বিষয়ে সকলো কথা জানিবলৈ ভারতীয়সকল আজি গ্রহণোন্মুখ হৈ আছে । এয়ে হৈছে অসনীয়াৰ পক্ষে সোণালি সুযোগ। বৈষ্ণৱ ধৰ্ম্মৰ বিস্তৃতিৰ যুগত যেনেকৈ উভৈনদী গ্রন্থ ওলোৱাত মানুহৰ মাজত উচ্চ আদর্শ প্ৰচাৰিত হৈছিল, এতিয়াও অসমীয়া কৃষ্টি সভ্যতা জাতীয় আক সামাজিক জীৱনৰ বিষয়ে অবিরত গ্রন্থ প্রকাশিত হলে অসমীয়াৰ কপালত ঘটা চিৰ অৱজ্ঞাৰ ঠাইত অপূৰ্ব সম্ভ্রম আৰু মৰ্য্যাদাই দেখা দিব, ই ধুৰুপ ।

 সুখৰ কথা যে ভাৰতীয় সাহিত্যৰ কাৰণে স্বাধীন চৰকাৰেও যথেষ্ট মনোযোগ দিবলৈ ধৰিছে। দুখীয়া সাহিত্যিকক বৃত্তি দি সহায় কৰাৰ ব্যৱস্থা ভাৰত গৱৰ্ণমেণ্টে হাতত লৈছে, সেই বৃত্তিৰ কাৰণে অসমৰ পৰা ৫৪ জন প্রার্থীয়ে আবেদন কৰিছে। তদুপৰি, বিহাৰ আৰু উত্তৰ-প্ৰদেশৰ গৱৰ্ণমেণ্টে সাহিত্যিকক সহায় কৰিবলৈ আগ বাঢ়িছে। পশ্চিম-বঙ্গৰ গৱৰ্ণমেণ্টে বছৰত

ওলোৱা সর্বোৎকৃষ্ট গ্ৰন্থৰ লিখকক পুৰস্কাৰ দিয়াৰ দিহা
৫১
অসমীয়া সাহিত্য আৰু কৃষ্টি

কৰিছে। প্রগতিশীল অসম চৰকাৰেও তদনুৰূপ ব্যৱস্থা অচিৰে হাতত লব বুলি সাহিত্য সভাই আশা কৰিছে ।

 সাহিত্যৰ উন্নতি সাধন দেশীয় প্রশাসনৰ এটি প্রথম খাপৰ আৱশ্যকীয় কৰ্ত্তব্য, কাৰণ সাহিত্যৰ জৰীয়তে মানুহৰ মন উন্নত কৰিব নোৱাৰিলে নাগৰিকৰ আশা-আকাঙ্ক্ষাও হয় তলখাপৰ, আৰু শাসনকাৰ্য্যৰ গতি-বিধিও হয় তেনেকুৱা । গণতন্ত্ৰৰ যুগত প্ৰজাৰ মঙ্গল নিৰ্ভৰ কৰিছে নাগৰিকৰ অভিমতৰ ওপৰত, নাগৰিকসকল নৈতিক আদর্শত উন্নত নহলে গণতন্ত্র ভেকো- ভাৱনাত পৰিণত হোৱা স্বাভাবিক। নাগৰিকে ভোটৰ সহায়েৰে সংসদৰ সদস্য নিৰ্ব্বাচিত কৰে, সদস্যসকলে মন্ত্ৰীসকলক ভর দি তেওঁলোকৰ দ্বাৰাই যাবতীয় শাসন-কাৰ্য চলায়। নাগৰিকসকলে গহীনভাৱে সকলো কথা ভাবি-চিন্তি যদি উপযুক্ত মানুহক সদস্য বাটি পঠিয়ায় তেনেহলে দেশৰ শাসনভাৰ উপযুক্ত মন্ত্ৰীৰ হাতত পৰিব । স্বায়ত্ব-শাসনৰ প্রথম খাপ হৈছে ভোট দান । এই প্রথম খাপতে যদি কেৰোণ লাগে তেনেহলে দেশৰ শাসন- কাৰ্য্য চলাবৰ কাৰণে উপযুক্ত শাসকৰ অভাৱ ঘটিব, আৰু নৈতিক বলত বলীয়ান নহলে অন্যায়াতে দেশ-শাসনৰ কথা চকুত পৰিলেও সদস্যসকলে মাত মাতিবলৈ সাহ নকৰিব । প্ৰজাৰ মঙ্গলেই হৈছে শাসনৰ একমাত্ৰ উদ্দেশ্য —এই আদৰ্শত স্থিৰচিত্ত হৈ থাকিবলৈ হলে মনত নৈতিক বলৰ প্ৰয়োজন । এই নৈতিক বলৰ প্ৰেৰণা দিব পাৰে অকল সাহিত্যই। নহলে, সংসদ-সদস্যেৰে উভৈনদী হলেও ৰাইজৰ মঙ্গল সাধন নোহোৱাকৈ

থাকিব পাৰে ৷ সেইদেখি গণতন্ত্ৰৰ যুগত সজ সাহিত্যৰ প্ৰচাৰ
৫২
ত্রিপদী

নিতান্ত আৱশ্যকীয়, যাতে সাধাৰণ নাগৰিক ভোটাৰৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ শাসকলৈকে সকলোৱে নৈতিক আদৰ্শৰ দ্বাৰা প্ৰণোদিত হৈ দেশ-শাসনৰ কাম পৰিচালনা কৰিব পাৰে । এই নৈতিক আদৰ্শৰ অভাৱ ঘটিলে, আমি হয়তো তর্কযুদ্ধৰ জয়- পৰাজয়ৰ লীলা সদায় চকুৰে দেখা পাই থাকিম, কিন্তু ৰাইজৰ অৱস্থা সেই কৌটিকলীয়া আন্ধাৰতে পৰি থাকিব ৷ স্তৰে-স্তৰে শাসকসকলৰ প্ৰকৃত কৰ্ত্তব্য নিৰূপণ কৰাটো গণতান্ত্রিক যুগৰ সাহিত্যৰ এটি প্রধান উদ্দেশ্য হোৱাটো বাঞ্ছনীয় । আদৰ্শত অৰাজকতা-আন্ধাৰ হলে জাতি লক্ষভ্রষ্ট হোৱাৰ আশঙ্কা । মহাজ্ঞানী চক্ৰেটিছৰ শিষ্য প্লেটোৰ ‘ৰিপাব্লিক'ৰ চানেকিৰে কোনোবাই এখন ভাল গ্রন্থ লিখিলে সেই পুথি গণতন্ত্ৰৰ বেদ বুলি পৰিগণিত হব ।

 সাহিত্যই হৈছে দেশত ঐক্যসাধনৰ প্ৰধান উপায় । প্রত্যেক জাতিৰে অতীজ সম্ভাৰ আছে, এই অতীজ সম্ভাব হৈছে জাতিৰ এজমালি সম্পত্তি। এই এজমালি সম্পত্তিৰ ভাগ-বিতৰণ যিমানেই ব্যাপক হয় তিমানেই জাতিব ভিন্‌-ভিন্‌ মানুহৰ মাজত একে মনোভাৱ সৃষ্টি হয়। অসমৰ গৃহস্থালি আৰু খেতি-বাতিত অতীজৰে পৰা ডাকৰ বচন মানুহে শিৰোধাৰ্য কৰি আহিছে। সকলো অসমীয়াই এই ‘ডাকৰ বচন বেদৰ বাণী' অপৰিহাৰ্য্যভাৱে মানি চলাত তেওঁলোকৰ জীৱনযাত্ৰাৰ পদ্ধতি একে আদর্শতে চলি আহিছে। সেইদৰে মহাপুৰুষ শঙ্কৰদেৱ আৰু তেওঁৰ পূৰ্বৱৰ্ত্তী আৰু পৰৱৰ্ত্তী আধ্যাত্মিক

কবিসকলৰ বাণী সকলো অসমীয়াই অধ্যয়ন আৰু আলোচনা
৫৩
অসমীয়া সাহিত্য আৰু কৃষ্টি

কৰাৰ ফলত তেওঁলোকৰ অন্তৰ একেডাল ডোলেৰে গোথা হৈ পৰিছে। আৰু সেইদৰে লাচিত ফুকনৰ বীৰত্ব, জয়মতীৰ স্বাৰ্থত্যাগ, মানৰ আক্ৰমণত দেশজুবি কান্দোন-হাহাকাৰৰ ঢৌ, এইবোৰ কথা সকলো অসমীয়াই সমস্বৰে সোঁৱৰাত তেওঁলোকৰ মাজত উমৈহতীয়া সুখ-দুখৰ অস্তিত্বৰ ভাৱ উপজিবলৈ ধৰে । বান-বাৰিষাৰ প্ৰকোপত ব্ৰহ্মপুত্ৰত ধল আহিলে আমি সকলো অসমীয়াই একে নিৰ্য্যাতন ভোগ কৰোঁ, ডাঙ্গৰ ভূমিকম্প হলে সকলো অসমীয়াৰে অৱস্থা পানীত-হাঁহ নচৰা হয়, জাতিৰ ঐক্যসাধনত এই দুৰ্য্যোগবিলাকে৷ বিশেষ কাৰ্য্যকৰী হৈ পৰে । ভাৰতৰ সমাজ-প্ৰণালীত ভেদভাৱৰ আধিক্যৰ কথা সকলোৱে উপলব্ধি কৰিছে, ৰাজনৈতিক ক্ষেত্ৰতো তাৰ ছাঁ নপৰাকৈ থকা নাই, তাৰ ফলত বেদপ্রধান ভাৰত ভেদপ্ৰধান ভাৰত হৈ পৰাৰ আশঙ্কা জন্মিছে। ভেদভাৱ নিৰাকৰণ কৰাৰ একমাত্ৰ উপায় হৈছে সাহিত্যৰ জৰীয়তে মানুহৰ মনত এক চেতনা আৰু এক মনোবৃত্তিৰ প্ৰবৰ্ত্তন কৰাটো ।

 মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ দিন ধৰি অসমীয়াৰ জ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে । অসমীয়া নেতাসকলৰ লগত অন্য প্ৰদেশৰ নেতাসকলৰ দেখা- সাক্ষাৎ আৰু ভাৱ-বিনিময়ৰ সুবিধা ঘটিছে ৷ ভাৰতৰ বিভিন্ন ঠাইত নানান সভা-সমিতিত যোগ দি অসমীয়াই নানান মানুহৰ লগত সংসর্গ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ফলত ভাৰতৰ অন্য প্ৰদেশৰ মানুহে অসমীয়াক চিনি পাইছে । তাৰ উপৰিও, যোৱা দুই মহাসমৰৰ ঘটনাৱলী অনুসৰণ কৰোঁতে অসমীয়াই দেশ-বিদেশৰ কথা জানিব পাৰিছে। অসমীয়া ছাত্ৰই শিক্ষাৰ কাৰণে ভাৰতৰ নানান ঠাইলৈ যাবলৈ ধৰিছে, আৰু ভালেমান ইউৰোপ আৰু আমেৰিকালৈকো গৈছে। ভাৰতে এটা বিশিষ্ট বৈদেশিক নীতি গঢ়ি তুলিব লগা হোৱাত ভাৰতীয়ই দেশ- বিদেশৰ কথা জানিবলৈ আৰু আলোচনা কৰিবলৈ বাধ্য হৈছে।

 এইটো স্বীকাৰ কৰিব লাগিব যে অসমীয়া সাংবাদিক আৰু গ্ৰন্থকাসকলে দেশবাসীৰ ক্ৰমান্বয়ে বাঢ়ি অহা প্ৰৱল জ্ঞান- স্পৃহা চৰিতাৰ্থ কৰিবলৈ নিজৰ সীমাৱদ্ধ সুবিধাৰ মাজতো যৎপৰোনাস্তি চেষ্টা কৰিছে। তাৰ লগে-লগে বহু ছপাখানা আৰু বহু প্ৰকাশ-ভৱন স্থাপিত হৈছে। নানা ঠাইত পুথি- ভ'বাল পতাৰ আয়োজন হোৱাত সেই জ্ঞানস্পৃহা সন্তুষ্ট কৰাৰ বাট আৰু সুগম হৈ পৰিছে। আগৰ দিনত ভাল অসমীয়া গদ্য লিখাত অতি অল্পসংখ্যক মানুহৰহে কৃতিত্ব আছিল। কিন্তু বৰ্ত্তমানে ভাল গছ৷ ৰচনা কৰা সাংবাদিক আৰু গ্ৰন্থকাৰ প্ৰচুৰ পৰিমাণে ওলাইছে। অসমীয়া মানুহৰ আশা-আকাঙ্ক্ষাৰ ছবি ফুটাই তোলাত কেজনমানে উপন্যাস আৰু চুটি-গল্প লিখাত প্ৰবৃত্ত হৈছে। প্ৰগতিশীল চিন্তাধাৰা ব্যক্ত কৰাত পূৰ্ব্বীয় কবিতাৰ সাজ অক্ষম বুলি ভাবি কোনো কবিয়ে নতুন ছন্দেৰে কবিতা লিখাত লাগিছে। ভাৱ আৰু ভাষাত যদি মৌলিকতা, ৰস আৰু হৃদয়গ্ৰাহী স্পন্দন থাকে তেনেহলে এই নতুন সাজৰ কবিতা পঢ়ি অভ্যাসৰ ফলত পাঠকসকলে তাতো আনন্দ আৰু সোৱাদ পাবলৈ ধৰিব। সাজৰ কোনো ধৰাবন্ধা নিয়ম নাই, কবিয়ে

বস সৃষ্টি কৰি সেই ৰসৰ মাদকতা পাঠকৰ চিত্তত ৰোপণ কৰিব ৫৫
অসমীয়া সাহিত্য আৰু কষ্টি

পাৰিলেই কবিৰ উদ্দেশ্যই সিদ্ধি লাভ কৰিব। নতুন যুগৰ ডেকাদলৰ মনোবৃত্তিলৈ চালে এনে অনুমান হয় যেন তেওঁ- লোকব চিত্তক বিচিত্র আদর্শবাদে আন্দোলিত কৰিছে, আৰু সত্য অন্বেষণৰ ফালে তেওঁলোকৰ মন উধাও হৈছে। এই সন্ধিক্ষণত সাহিত্যৰ চিৰপ্ৰভাৰ সহায় বিশেষ লাগতিয়াল হৈ পৰিছে ।

 কিন্তু অসমীয়া সাহিত্যৰ উন্নতিৰ বাটত প্ৰধান প্রতিবন্ধক হৈছে অসমীয়া পাঠক-পাঠিকাৰ সংখ্যা তেনেই তাকৰ। কোনোবাই খৰচ কৰি সাধাৰণৰ মনোৰঞ্জক কিতাপ ছপালে সেই কিতাপ বিক্ৰী কৰি লিখকে ছপা খৰচখিনি উলিয়াব পাৰে, আৰু হয়তো লিখকে দুপইচা লাভো কৰিব পাৰে । কিন্তু গবেষণাপূর্ণ উচ্চ ধৰণৰ কিতাপ বিক্ৰী কৰাটো অতি টান, তেনে ধৰণৰ কিতাপ উলিয়াবলৈ গ্ৰন্থকাৰ আৰু প্ৰকাশক দুয়ো সাতবাৰ ভাবিব লগাত পৰে। তাৰ ফলত অনেক মূল্যবান অসমীয়া কিতাপ হাতে-লিখা অৱস্থাত এনেয়ে পৰি আছে। অনেক কিতাপ সেই অৱস্থাত লোপ পাইছে। যাতে এই মূল্যবান গ্রন্থবোৰ প্ৰকাশ কৰিব পাৰি তাৰ কাৰণে সাহিত্য সভাৰ এটা শকত ধনৰ পুঁজি থকাটো বাঞ্ছনীয় ।

 ভাৰতৰ সংবিধান মতে পোন্ধৰ বছৰৰ মূৰত হিন্দী ভাষা ভাৰতৰ চৰকাৰী ভাষাৰূপে পৰিগণিত হব লাগিব। তাৰ কাৰণে হিন্দী ভাষা শিকোৱাৰ ব্যৱস্থা সকলো ঠাইতে কৰা হৈছে আৰু তাৰ অৰ্থে চৰকাৰৰ ঘৰৰ পৰাও অর্থ সাহায্য

দিয়া হৈছে। হিন্দী ভাষাৰ প্রচাৰৰ ফলত ভাৰতৰ বিভিন্ন ৫৬

ত্রিপদী

প্রাদেশিক ভাষাৰ প্রাধান্য টুটাব কোনো আশঙ্কা নাই বুলি আমি ভাবোঁ। হিন্দী ভাষাৰ প্ৰচাৰ চলি থাকক, সি আইন- সঙ্গত কাম । তাৰ লগে লগে অসমীয়া ভাষাৰ উন্নতিৰ অর্থেও আমি যথাসাধ্য চেষ্টা কবি থাকোঁ। যদি কোনোবাই কয়,— “হেৰা অসমীয়া, তুমি অসমীয়াত আৰু কিতাপ নিলিখিবা, হিন্দীতহে লিখিবা, কাৰণ তেনেহলে বহুত মানুহে তোমাৰ কিতাপ পঢ়িব।” বোধ কৰো অসমীয়া ভাষাক বিসর্জ্জন দিবলৈ কোনেও তেনেকৈ নিমন্ত্ৰণ নকৰিব। অসমীয়াই সকলো এৰিব পাৰে, কিন্তু অসমীয়াই অসমীয়া মতিকথা এৰিলে অসমীয়া হৈ থাকিব কিমান কাল ?

 সমজুৱাসকল, আৰু দুআষাৰমান কথা কৈয়েই মই আপোনা- লোকৰ পৰা মেলানি মাগিন । সাহিত্য সভাক টনকিয়াল কৰিব লাগে বুলি সকলোৱে বাঞ্ছা কৰিছে। এই কামৰ নিমিত্তে আমাৰ আৱশ্যক হৈছে নিঃস্বার্থ কৰ্ম্মীবৃন্দৰ । তেনে কৰ্ম্মী ওলালে ধনৰ অনাটন নহব, কাৰণ অগ্নিময় দেশপ্ৰেমৰ সংস্ৰৱত বজ্রকঠিন ধনাঢ্যৰ হৃদয়ো পমি-গলি লৱনুসদৃশ কোমল হৈ পৰে ৷ মানুহৰ মনোভাৱ দুই তৰপৰ, – নিজে খাই-বৈ সুখেৰে জীয়াই থকাকে প্রথম তৰপৰ মানুহে জীৱনৰ মুখ্য উদ্দেশ্য বুলি ভাবে। দ্বিতীয় তৰপে নিজৰ জীৱন-নিৰ্বাহৰ উপৰিও পৰৰ উপকাৰ সাধনৰ কাৰণে অহোৰাত্ৰি চিন্তা কৰি থাকে। এই দ্বিতীয় তৰপৰ মানুহৰ পৰাই দেশৰ মঙ্গল সাধিত হয়। খাই-বৈ থকাই জীৱনৰ একমাত্র উদ্দেশ্য নহয়। এই কথা কবি পণ্ডিত দার্শনিক শাস্ত্রজ্ঞ-

সকলে উৰ্দ্ধবাহু হৈ যুগযুগান্তৰে প্ৰচাৰ কৰি আহিছে ৷ বিশেষত
৫৭
অসমীয়া সাহিত্য আৰু কৃষ্টি

যি ভাৰতৰ প্ৰধান মন্ত্ৰ হৈছে পৰসেৱা, তাৰ এচুকত থিয় হৈ এই বিষয়ে সৰহকৈ কোৱাটো অনাৱশ্যক। মুঠতে কব পাৰি যে মনুষ্য জীৱন অতি দুৰ্লভ, ইয়াৰ ভিতৰতে পৰসেৱা নকৰিলে দেৱতাই দিয়া ফুল এপাহি যেন দলিয়াই পেলোৱা হয় ৷

 প্রত্যেক অসমীয়াই উপলব্ধি কৰা উচিত যে সাহিত্য সভাৰ উন্নতি সাধন কৰি আমি অসমীয়া একতা ডোলত বান্ধ খাই থাকিন, আমাৰ কৃষ্টি আৰু সভ্যতাৰ সমৃদ্ধি দেশবাসী আৰু পৰদেশবাসী সকলোৱে জানিব পাৰিব, আৰু সাহিত্য সাধনাৰ সহায়েৰে আমাৰ মনোভাৱ উচ্চ কৰিব পাৰিম, সেই উচ্চ মনোভাৱৰ সৌৰভ গোটেই জাতীয় জীৱনতে বিয়পি পৰিব । যিসকলে স্বার্থসিদ্ধিৰ অভিসন্ধিকে জীৱনৰ একমাত্ৰ কৰ্ম্মপন্থা বুলি ভাৱে তেওঁলোকক সমাজে চিনি পাবলৈ সৰহ পৰ নালাগে। এই স্থপবিত্র সাহিত্য সভা অনুষ্ঠানত তেনে স্বার্থান্বেষী মানুহৰ যেন হাট-বাট নহয়। তাৰ হন্তে সকলো সতর্ক সজাগ হৈ থকাটো উচিত । সাহিত্য সভাৰ নিয়ম-প্রণালী আঁচনি পৰিব কল্পনা সকলো বিশুদ্ধভাৱে ৰচিত হব পাৰে, কিন্তু নিঃস্বার্থ পুৰুষে ইয়াৰ দৈনন্দিন কাৰ্য্য পৰিচালনা নকৰিলে সেই ৰচনাৰ পাৰিপাট্য তুলাপাততে জাহ যাব। সেইদেখি আপোনালোকক অনুৰোধ কৰো যেন চহৰত ফুৰা চুৰিয়া কাপোৰ সলাই নিকা বস্ত্ৰ পৰিধান কৰি এই সাহিত্য সভাৰ কীৰ্ত্তনঘৰত প্রবেশ কৰে ।

 সাহিত্য সভাই কি কি কাম হাতত লোৱাটো উচিত তাৰ দীঘলীয়া তালিকা যুগুত কৰা অতি সহজ । কিন্তু কাম হাতত

লৈ তাক সম্পাদন কৰিব নোৱাৰিলে সাহিত্য সভা হাঁহিয়াতৰ
৫৮
ত্রিপদী

পাত্ৰ হোৱাটো স্বাভাৱিক। প্রাচীন অসমীয়া সাহিত্যৰ বৈজ্ঞা- নিক আলোচনা সম্বন্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে কাম হাতত লৈছে, আৰু কিছু কাম সম্পন্নও কৰিছে, আৰু গাইগুটীয়া হিচাবে অন্যান্য পণ্ডিতেও এই কামত আগ বাঢ়িছে ৷ নলবাৰী নিবাসী শ্রীযুত হৰিনাৰায়ণ দত্তবৰুৱাদেৱে ৰামায়ণ, মহাভাৰত, ভাগৱত আৰু অন্যান্য বৈষ্ণৱ সাহিত্য প্রকাশৰ বিৰাট চেষ্টাত লিপ্ত হৈ অসমীয়া জাতিক চিৰঋণী কৰিছে । এনে স্থলত অসম সাহিত্য সভাৰ ওপৰত পৰা ভাৰ বহু পৰিমাণে হুচল আৰু লঘু হৈ আছে ৷

 তথাপিও আমি কওঁ যে সাহিত্য সভাই সাহতে তলত লিখা কামখিনি হাতত লব পাৰে।—

 অসমীয়া ভাষাত প্ৰকাশিত সকলো আলোচনী আৰু বাতৰি কাকত গোটাই কোনো ঠাইত একেলগ কৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ বৰ্ত্তমান যুগত অসমীয়াৰ সাহিত্যিক প্রতিভা ঘাইকৈ সাময়িক কাকততে লুকাই-সোমাই আছে ।

 অসমীয়া ভাষাত প্ৰকাশিত প্রাচীন আৰু আধুনিক গ্ৰন্থৰ এখন সম্পূর্ণ তালিকা সাহিত্য সভাই যুগুত কৰি উলিওৱা উচিত । তেনে এটি চেষ্টা আগেয়ে কৰা হৈছিল বুলি আমি জানো।

 প্রাচীন গ্রন্থকাৰসকলৰ প্ৰায় প্ৰতিজনে স্বৰচিত গ্রন্থৰ আদিতে, মাজতে বা শেহৰ ফালে, নিজৰ পৰিচয় দি গৈছে। সেইবোৰ ভণিতা একেলগে গোটাব পাৰিলে তাৰ পৰা অসমীয়া সাহিত্যৰ ধাৰা বিশ্বাসযোগ্যভাৱে নিৰূপণ কৰাৰ বিশেষ

সম্বল হব ।
৫৯
অসমীয়া সাহিত্য আৰু কষ্টি

জীবিত গ্রন্থকাৰসকলৰ, আৰু পাৰিলে অতীতৰ গ্ৰন্থকাৰ- সকলৰো চমু বৃত্তান্ত থকা এখনি গ্রন্থ বা “হু-ইজ,-হু” সংকলন আৰু প্ৰকাশৰ ভাব সাহিত্য সভাই লব পাৰে ।

 ইয়াৰ বাহিৰেও, ফকৰা সংগ্রহ, পুৰণি গীত-মাত সংগ্রহ, জিকিব সংগ্রহ, সাধুকথা সংগ্রহ, পুথি সংগ্রহ, চন্দ্রকান্ত অভিধানৰ সংশোধনী আৰু পৰিবৰ্দ্ধনী সংকলন আৰু প্ৰকাশ, —এইবোৰ আৰু এনে ধৰণৰ অন্যান্য কাম সাহিত্য সভাৰ চলন্তি কামৰ ভিতৰতে ধৰিব পাৰি। পৰিকল্পনাৰ সংখ্যা ধন আৰু কৰ্ম্মী, আৰু সম্পাদনৰ সম্ভাৱনাৰ দ্বাৰা সীমাবদ্ধ হোৱা উচিত৷ পোনতে কিছু কাম হাতত লৈ সম্পূৰ্ণ কৰি পাচলৈ আন কাম হাতত লব পৰা যাব, তেনেহলে আমাৰ অভিজ্ঞতাও বাঢ়িব আৰু বাইজৰো বিশ্বাস অর্জ্জন কৰিব পানি । পৰিকল্পনাৰ প্ৰাচুৰ্যত কোনো গৌৰৱ নাই; গৌৰৱ আছে তাকবীয়াকৈ হলেও তাক নিখুতভাৱে সম্পাদন কৰি তোলাতহে। এশ জোপা বৰগছৰ পুলি ৰুই তাক অযত্নত মৰিবলৈ দিয়াতকৈ এজোপা বকুলৰ পুলি প্রতিপাল কৰি তাক জীয়াই ৰাখি ফলে-ফুলে জাতিষ্কাৰ কৰি তোলাটোহে বেচি কৃতিত্বৰ কথা ৷

 সাৱশেহত, এটা প্ৰশ্নৰ সমিধান বিচাৰি মই আপোনালোকৰ পৰা বিদায় লম। সাহিত্যসেবী অসমীয়া আৰু অসমীয়াৰ বন্ধু-সজ্জনেৰে আজিব সুধীসমাজ পৰিপূৰ্ণ হৈছে। সমাজৰ সম্মুখীন হৈ কথা কবলৈ পোৱাটো সৌভাগ্য বুলি ভাবিব পাৰি। সেইদেখি মই আপোনালোক সকলোকে এই এনে

৬০
ত্রিপদী

প্রশ্নৰ সমিধান দিবলৈ অনুৰোধ কৰোঁ,—অসমীয়া সাহিত্যৰ চূড়ান্ত উদ্দেশ্য কি ? কি উদ্দেশ্য সাধনৰ নিমিত্তে অসমীয়া জাতিয়ে এই ভূ-ভাবস্তুত জন্ম গ্রহণ কৰিছে ? অসমীয়া জাতিয়ে অন্যান্য জাতিৰ দৰে খাই-বৈ জীয়াই আছে অতীজৰে পৰা, তেওঁলোকৰ ভাগ্যচক্রও উঠা-নমা কৰিছে যুগে-যুগে, তথাপি অসমীয়া জাতিয়ে স্বতন্ত্ৰ ৰূপ ধৰি বৰ্ত্তি আহিছে আজিলৈকে । জগতৰ কি উপকাৰৰ নিমিত্তে অসমীয়া জাতিক ইমানখিনি পোহৰ, ইমানখিনি বতাহ, ইমানখিনি পানী, ইমানখিনি মাটি ভোগ কৰাৰ সুবিধা দিছে পবমনিয়ন্তা সৃজনকৰ্ত্তাই ? শদিয়াব পৰা ধুবুৰীলৈকে লুইতৰ পানী বৈ গৈছে অবারিত ভাবে, কি উদ্দেশ্যব সোঁত অসমীয়াৰ প্ৰতিপ্ৰাণে প্ৰবাহিত হৈছে ? তাৰ উত্তৰ বিচৰাৰ সময় আহিল। বিশ্বৰ সভ্যতালৈ ভাৰতৰ অৱদান হৈছে সত্যৰ সন্ধান আৰু পাৰমার্থিক চিন্তাৰ উৎকৰ্ষ, মৈত্রী- ভাৱ আৰু অহিংসা ; গ্ৰীছৰ অৱদান হৈছে ন্যায়ৰ প্ৰভুত্ব, আৰু শিৱ আৰু সুন্দৰৰ অনুশীলন ; ৰোমৰ অৱদান হৈছে সাম্ৰাজ্য সংগঠনৰ পদ্ধতি; আৰবৰ অৱদান হৈছে সাম্যবাদ ; ফ্রাঞ্চ অৱদান হৈছে গণতন্ত্র ; ইংলণ্ডৰ অৱদান হৈছে উচ্চ আদৰ্শ আৰু পার্থিবতাৰ সামঞ্জস্য ; আৰু আমেৰিকাৰ অৱদান হৈছে যান্ত্রিক উদ্যোগৰ সহায়েৰে দ্রব্য-সামগ্ৰীৰ উৎপন্ন বৃদ্ধি কৰি দেশৰ সর্বাঙ্গীন উন্নতি সাধন। অসমীয়াই জগতৰ সভ্যতালৈ কি অবিহণা আগ বঢ়াব ? অসমীয়াৰ জীৱন নিবন্ধক আৰু উদ্দেশ্য- বিহীন নে ?

 অসমীয়াই নিজৰ অৱদানৰ কণ্ঠহাৰ ৰচিব লাগিব সকলো
৬১
অসমীয়া সাহিত্য আৰু কৃষ্টি

বিষয়ৰ উৎকৰ্ষৰ পাৰিজাত পুষ্পেৰে ।আমাৰ উৎকৰ্ষ কিহত ?

 আমি অসমীয়াই বিভিন্ন জাতিক বুকুত সুমুৱাই লব পাৰিছোঁ, কাৰণ আমাৰ সমাজনীতি উদাৰ আৰু আমাৰ হৃদয় প্রশস্ত। প্ৰেম-অমৃতৰ নদীয়ে অসমীয়াৰ অন্তৰ প্লাবিত কৰিছে । অসমীয়াই ঘোষণা কৰিছে যে ভক্তিমন্ত পুৰুষহে প্রকৃত গুণৱন্ত, জন্ম আৰু ঐহিক ঐশ্বৰ্য্যৰ তাৰতম্য হৈছে আকস্মিক আৰু খন্তেকীয়া ৷

 অসমীয়াৰ পাণ্ডিত্যই দেশবিদেশৰ পণ্ডিতক মুগ্ধ কৰিছে, আৰু অসমীয়াৰ জ্ঞানস্পৃহা দেখি বিদেশীসকলো বিস্ময়ান্বিত হৈছে।

 কৰ্ম্মক্ষেত্ৰতো অসমীয়া আগৰণুৱা ৷ অসমীয়া গৃহস্থালি আৰু অসমীয়া গাওঁ-ভূইৰ দৰে চকুৰোৱা দৃশ্য, মুনিহ-তিৰুতাৰ বহুমুখী কাৰ্য্য-কুশলতা, আৰু অসমীয়াৰ দৰে মার্জিত গাৱঁলীয়া সামাজিক আৰু সমাজ পৃথিবীত ক'তো পাবলৈ নাই। ৰজাঘৰীয়া খেল-সংগঠনে অসমীয়াক চিৰকাললৈ একতাৰ ডোলেৰে বান্ধি থৈছে ৷ অসমীয়াৰ সমশক্তি ভুৱন-বিজয়ী বীৰসকলৰ আতঙ্কৰ বস্তু আছিল, যুদ্ধৰ কাৰণে অসমীয়াই গুৱাহাটীৰ উত্তৰে-দক্ষিণে দেৱৰো-দুর্গম বিশ্বকৰ্ম্মা নিৰ্ম্মিত হেন গড় সাজিব পাৰিছিল ।

 ভক্তি, জ্ঞান আৰু কৰ্ম্ম, এই তিনি মাৰ্গৰ এনে সুমধুৰ সংমিশ্রণ পৃথিবীত বিৰল। এই সংমিশ্রণেই হৈছে জগতৰ

সভ্যতালৈ অসমীয়াৰ অভিনৱ অৱদান ।
৬২
ত্রিপদী

 এই সংমিশ্ৰণৰ বাণী অসমীয়াই দেশ-দেশান্তৰে প্ৰচাৰ কৰক, আৰু সাহিত্য সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী এই বাণীৰ মন্ত্ৰৰ দ্বাৰা প্ৰণোদিত হওক । এয়ে হৈছে আজিৰ শুভলগ্নত মোৰ অন্তৰৰ একান্ত কামনা ।

 ১৯৫৩ চনৰ নভেম্বৰৰ ৮ তাৰিখে ছিলঙ্গত বহা অসম সাহিত্য সভাৰ ২২ শ অধিবেশনৰ সভাপতিৰ অভিভাষণ ।



শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

 জাঁজী লাচিত মেলাৰ কৰ্ম্মীবৃন্দ, আৰু ইয়াত গোটখোৱা আইসকল আৰু বন্ধুসকল,

 বৰ্ত্তমান ১৮৭৭ শকৰ ফাগুন মাহত পতা জাঁজী লাচিত মেলাৰ সভাপতিৰ আসনত মোক বহুৱাৰ কাৰণে আপোনা- লোকলৈ মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ ৷ এই নিমন্ত্ৰণৰ দ্বাৰা মোৰ এটি চিৰকলীয়া মনোবাঞ্ছা পূর্ণ হল, আজি জাঁজী অঞ্চলৰ এতেখিনি ৰাইজৰ দৰ্শন লাভ কৰিলো নিজ চকুৰে। ৰাইজক দেখা, ৰাইজৰ পদধূলি লোৱা সৌভাগ্যৰ কথা, আজি মোৰ জীৱনত সেই সৌভাগ্য ঘটিল। সেই নিমিত্তে আপোনা- লোকক পুনৰ কৰযোৰে কৃতজ্ঞতা জনালো ।

 আজি ভালেমান বছৰৰ পৰা এই অঞ্চলৰ ৰাইজে বছৰি

লাচিত মেলা উৎসৱ পাতি মহাবীৰ লাচিত বৰফুকন আৰু
৬৪
ত্রিপদী

তেওঁৰ লগৰ শৰাইঘটীয়া বীৰপুৰুষসকলৰ শৌর্য্য-বীর্য্য দেশপ্রেম আদিৰ কথা অসমীয়াক সোঁৱৰাই দি, আৰু শৰা‍ইঘটীয়াৰ আদর্শমতে দেশসেৱাৰ ব্ৰতত উদগনি আৰু উৎসাহ দি যি মহৎ কাম সাধিছে তার যথাযথ মূল্য, এতিয়া নহলেও, পাচে-পৰে সকলোৱে ভালকৈ বুজিব। এই বছৰেকীয়া অনুষ্ঠানৰ তুঁহ- জুইৰ পৰা লাচিতৰ দৰে বীৰ-বীৰঙ্গ সদ্যহতে নোলাব পাৰে। কিন্তু এই তুঁহজুইতে তেনে অগ্নিময় বীপুৰুষৰ আগমনীৰ সম্ভাৱনা লুকাই আছে । কেতিয়াবা, আৱশ্যকমতে, যথাসময়ত এই লাচিত মেলাত হোৱা আলোচনা আৰু অনুপ্রেৰণাৰ ফলত তেনে বীৰপুৰুষ ওলাব, এইটো মোৰ অকাট্য ধাৰণা আৰু বিশ্বাস। এই লাচিত মেলাক লাচিত বৰফুকনৰ মাতৃদেবী বুলি গণ্য কৰক, এই মাতৃৰ গৰ্ভৰ পৰা আকৌ লাচিতৰ জন্ম হব। সেইদিনা এই লাচিত মেলাৰ উপকাৰিতা সকলোৱে মানিব । আৰু ইয়াৰ উদ্যোক্তাসকলে যি দূৰদৰ্শী দেশপ্রেমৰে ইমান কষ্ট সহ্য কৰি বছৰি লাচিত মেলাৰ আয়োজন কৰিছে, তেওঁলোকৰ পৰিশ্ৰম তেতিয়া সার্থক হব। সেইদেখি এই লাচিত মেলা অনুষ্ঠানৰ সুদীর্ঘ জীৱন অন্তৰৰ পৰা কামনা কৰিছোঁ ৷

 এই জাঁজীত যে লাচিত মেলাৰ অধিবেশন পতা হয়, সেইটো বৰ উপযোগী হৈছে, কাৰণ, জাঁজী, চাৰিং, আৰু তাৰ ওচৰচুবুৰীয়া যিবোৰ গাওঁ সেই সকলো মিলি এই অঞ্চল আগৰ দিনৰেপৰা এডোখৰ মহান স্থপবিত্ৰ ঠাই। স্বাধীন অসমৰ

স্বৰ্গদেৱ, ডা-ডাঙ্গৰীয়া, ফুকন-বৰুৱা, কটকী-কাকতি, ব্রাহ্মণ
৬৫
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

দৈৱজ্ঞ, এইসকলে গৰকি যোৱা ঠাই এই জাঁজী অঞ্চল । ইয়াৰ ওচৰতে পুৰণা ৰাজধানী গড়গাওঁ আৰু ৰংপুৰ ৷ বজাঘৰীয়া বিষয়াসকলৰ লৰা-ছোৱালী, গৃহস্থী, খেতি-বাতি থকা ঘাইঘৰ এই জাঁজী অঞ্চলতে আছিল। তেওঁলোকৰ সতি- সন্ততি এতিয়াও বৰ্ত্তমান আছে। গতিকে, এই অঞ্চলৰ ৰাইজৰ গাত অসমীয়াৰ নিখুত মনোবৃত্তি, মাত-কথা, খাৱন- লোৱন, চলন-ফিৰণ, পিন্ধন-উৰণ, এই সকলোবোৰ আগৰদৰে এতিয়াও প্ৰৱৰ্ত্তি আছে। অৱশ্যে, এই বিপুল পৰিবৰ্ত্তনৰ যুগত ইয়াৰ পূৰ্বৰ জীৱন-ধাৰাৰ সলনি কিছু পৰিমাণে নঘটাকৈ থকা নাই। এনেহেন নিভাজ অসমীয়া বসতিৰ প্ৰজাবৃন্দৰ দৰ্শনত প্ৰাণৰ যি পৰিতৃপ্তি হয় তাক ভাষাৰে বৰ্ণাব নোৱাৰি ! জীৱনৰ বিয়লি বেলাত জাঁজীৰ ৰাইজক দৰ্শন পোৱাৰ সুযোগ দিয়াৰ নিমিত্তে আপোনালোকলৈ পুনৰ কৃতজ্ঞতা জনালোঁ ৷

 অভিভাষণ দীঘল কৰি আপোনালোকক আমনি দিবলৈ মোৰ অভিপ্ৰায় নাই ৷ কিন্তু আজিৰ এই সভাঘৰত ইমান ৰাইজ গোট খাইছে, তাৰ ভিতৰত চিন্তাশীল বুঢ়া-ঠেৰা মানুহ অনেক আছে, আৰু ইয়াত অক্লান্ত দেশপ্ৰেমৰ আহি লৈ কামত আগবঢ়া ডেকাদলো আছে, আৰু অসমীয়া মাত-কথাৰ ধৰণীস্বৰূপ আইমাতৃসকলো ইয়াত আছে। আমি ভাবোঁ যে দেশৰ কথা, বুৰঞ্জীৰ কথা, সাহিত্যৰ কথা আইসকলে বুজি নেপায়, কিন্তু এই ধাৰণা অতি ভুল। আইসকলে বুজিব পৰা ভাষাৰে আইসকলক কোনো কথা সুধিলে তেওঁলোকে কথাৰ মূল সত্যটো যিদৰে

অতি খৰকৈ ধৰিব পাৰে, তিমান সোনকালে পুথি-পাঁজিৰে
৬৬
ত্রিপদী

আবৃত আমি পণ্ডিত পুৰুষসকলে ধৰিব নোৱাৰোঁ। সেইদেখি সকলোকে উদ্দেশ্য কৰি মই এটি প্রশ্ন সোধো ।

 শৰাইঘাটৰ সামৰণিৰ পৰা আজি প্ৰায় তিনিশ বছৰ হল, মাথোন পোন্ধৰ বছৰহে কম।এতিয়ানো আমি ক'ত শৰাই- ঘাটৰ ৰণখান কবিবলৈ যাম ?এতিয়া সেই মোগল সম্রাট আওৰংজেৱ পাদশাহ নাই, বঙ্গৰ চুবেদাৰ নবাব ছায়িস্তা-খাও নাই, আৰু ৰাজপুতনাৰ অম্বৰৰ পৰা কোনো ৰামসিংহ বজাই অসম আক্ৰমণ কৰিবলৈ নাহে । এনে সময়ত, অসমীয়াই দা- তৰোৱাল, ঢাল-বাৰু, হিলৈ-বৰটোপ লৈ মোগলক কাটি-নাৰি লুইতত উটুৱাই দিয়াৰ কোনো কথাই নুঠে। এনেস্থলত ই পৰ্বতে সি পৰ্বতে ছুই মাটিৰ গড় বন্ধাৰ সকাম নাই, গড় বন্ধা শেষ নহলে মোমাইক কাটি হাতৰ হেংদান ৰাঙ্গলি কৰাৰো আৱশ্যক নাই । তেনেহলে লাচিতক আমাৰ লাগিছে কেলৈ ? শৰাইঘাটত লাচিতৰ তলে থকা সেই একলক্ষ সৈন্যৰেইবা আমাৰ প্রয়োজন কি ?

 শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। মোগলৰ আক্ৰমণ নাই, কিন্তু সঙ্ঘবদ্ধ হৈ সদৌ অসমীয়া দেশৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক । অসমৰ সমস্যাৰ অন্ত নাই, আৰু অন্ত নপৰে। বছৰি বানপানীৰ দুৰ্য্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি-মৰক, ভূঁইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন,

বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ
৬৭
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

কুপ্রবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্রশ্ন, বর্ণ-বৈষম্য দূৰীকৰণৰ প্ৰয়োজন, আৰু শাসনকাৰ্য্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙ্গি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি ৷ এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহলে অসমৰ অস্তিত্ব লৈ টনাটনি হব । লাচিত বৰফুকন মহাবীৰ আক তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্র দেশ- প্ৰেমেৰে সেইকালৰ সমস্যাৰ সমাধান কৰিছিল সেই মনোবৃত্তি আৰু একাগ্র দেশপ্রেম আমাৰ প্ৰতি মুহূর্ত্তে আৱশ্যক । অসমীয়াই যাতে এই ডাঙ্গৰ কথাটো হৃদয়ঙ্গম কৰিব পাৰে, যাতে অসমীয়াৰ প্ৰতি-প্ৰাণে শৰাইঘাটৰ আদর্শ কাৰ্য্যকৰী হৈ শিপা মেলিব পাৰে, সেইহে বছেৰেকীয়া লাচিত মেলাৰ উদ্দেশ্য। এই উদ্দেশ্য সিদ্ধি হলে লাচিত মেলাৰ উদ্দেশ্য সিদ্ধি হব। ‘লেফ্ট উই ফৰ্গে ট,' কি জানিবা আমি পাহৰোঁ, এই নামৰ সুপ্রসিদ্ধ ইংৰাজী কবিতা এটি আছে। শৰাইঘাটৰ আদর্শ কি জানিবা আমি পাহৰোঁ ! তাক নাপাহৰিবৰ নিমিত্তে এই বছেৰেকীয়া লাচিত মেলাৰ ব্যৱস্থা কৰি উদ্যোক্তাসকলে অসমীয়া জাতিৰ পৰম উপকাৰ সাধিছে। ৰাইজে তেওঁলোকক আশীর্বাদ দিয়ক যাতে লাচিত মেলাৰ উদ্দেশ্য সম্পূর্ণ সিদ্ধি হয়।

 মোগলে কলে,—“হেৰ অসমীয়া ! তহঁতে টকা হাতী কৰ দিম বুলি কৈছিলি, এতিয়া সম্পূর্ণ কৈ শোধাই দে, আৰু ইয়াৰ

লগতে চোলা-জামা পঠিয়ালো, তহঁতৰ ৰজাই আমাৰ উকীলৰ
৬৮
ত্ৰিপদী

আগতে পিন্ধি দেখুৱাওক।' অসমৰ স্বৰ্গদেৱ পাত্র-মন্ত্রীয়ে এই কথা শুনি গর্জ্জি উঠি কলে, 'বঙ্গালৰ অধীনত থকাতকৈ মৰি যোৱাহে ভাল।'

 গুৱাহাটী তেতিয়া মোগলৰ তলত, কলে, ‘মোক গুৱাহাটীখন লৈ দেহক।' ‘গুৱাহাটী লৈ দিম, কিন্তু এতিয়া তাৰ পৰ স্বৰ্গদেৱে পাত্র-মন্ত্রীক পাত্র-মন্ত্রীয়ে কলে,— হোৱা নাই । সৈন্য গোটাব লাগিব, তাক ভালৰূপে শিক্ষা দিব লাগিব, চাউলপাত, অস্ত্র-শস্ত্র, নাও-নাৱৰা ভালকৈ ভঁৰালত থব লাগিব, তেহে বঙ্গালক যুজিব পাৰিম।' এইদৰে যুদ্ধৰ সকলো আয়োজন হল ৷ অসমীয়াই মোগলক কাটি-মাৰি গুৱাহাটীৰ পৰা খেদিলে । গুৱাহাটী কামৰূপ পুনৰ অসমৰ হল। স্বৰ্গদেৱে ক'লে,— ‘মই এতিয়াহে সুখেৰে ভাত এগৰাহ খাব পাৰিম।

 অসমে গুৱাহাটী লোৱা বাৰ্ত্তা শুনি আওৰংজেব পাদশাহব চকুত টোপনি নহা হল । ৰাজপুত ৰজা ৰামসিংহক পঠিয়ালে অসমক মাৰিবৰ কাৰণে । ৰামসিংহই কটকী পঠাই কলে,— ‘ভাই লাচিত, আমাৰ লগত যুজ কৰিব পাৰিবা জানো ? এই এটোপোলা আফুগুটি পঠিয়ালো,— ইয়াত যিমান গুটি, আমাৰ সৈন্যৰ সংখ্যাও তিমান। লাচিতে উত্তৰ দিলে,—‘আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব। মই এচুঙা বালি পঠিয়ালোঁ৷ আমাৰ সৈন্যৰ এনয় লক্ষণ।’

 কথাৰ যুদ্ধেৰে বলে নোৱাৰি ৰামসিংহে কলে, — 'অসমৰ ৰজাটোৰে সৈতে এবাৰ নিজে হতাহতি যুজ কৰোঁ দিয়া।'

অসমৰ ৰজাই উত্তৰ দিলে, বোলে, – “মই ছত্রধাৰী স্বাধীন ৰজা,
৬৯
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

ৰামসিংহ হৈছে মোগলৰ ভৃত্য ছত্রহীন ৰজা । ম‍ই কেলৈ এনে শুদা মানুহৰ লগত যুঁজ কৰিম ?”

 ৰামসিংহই কলে,— 'মোক গুৱাহাটী এৰি দিয়া, তোমা- লোকক যি লাগে তাকে দিন। অসমীয়াই কলে,—“ৰামসিংহই গুৱাহাটী খুজিছে, আমি গুৱাহাটী এৰি কলৈ যাম ? গুৱাহাটী এবি দিলে, আমি গড়গাৱলৈ উভতি যাব লাগিব ৷ পাচলৈ আমি গড়গাৱোঁ এৰিব লাগিব । অৱশেষত, গড়গাওঁ এৰি নামৰূপলৈ যাব লাগিব । এতেকে আমি গুৱাহাটী এৰি দিব নোৱাৰোঁ ।

 এইদৰে মোগলী ফন্দিৰে নোৱাৰি ৰজা ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় লবলৈ চেষ্টা কৰিলে । মোগলৰ নাও উজাই আহি ক্ৰমে কামাখ্যাৰ আমবাজুৰি ঘাট পালেহি । লাচিতৰ তেতিয়া ভীষণ জ্বৰ । সেই জ্বৰৰ গাৰে নাও মেলি দিলে, বঙ্গালৰ নাৱৰ পোনে । নাৱত উঠি লাচিতে বজ্রনাদেৰে চিঞৰি ক'লে,—‘অসমীয়া ৰণুৱাসকল, ম‍ই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো পুতি থবা, নাইবা মোক বঙ্গালে ধৰি লৈ যাওক, তোমা- লোকে সুখেৰে ঘৰলৈ উভতি যোৱা।' লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। বঙ্গালৰ নাৱলৈ অসমীয়া নাও খেদি গল । তাৰ পাচত তয়াময়া কটা-কটি ৰণ। মানুহৰ শৱ লুইতৰ পানীত জাঁজিৰ দৰে উটি যাবলৈ ধৰিলে ।বঙ্গাল বিভঙ্গ হৈ পলাল ৷

 যাবৰ সময়ত ৰামসিংহই কৈ গল, — 'ধন্য ৰাজা, ধন্য মন্ত্রী,

ধন্য সেনাপতি, ধন্য সেনা ! অকল এজন মানুহে সকলো সৈন্য
৭০
ত্ৰিপদী

চলায়, ই কি আচৰিত! মই হেন ৰামসিংহ নিজে বুদ্ধৰ সেনাপতি হৈয়ো একোতে সুবিধা নাপাওঁ ! অসমৰ সন্মুখে যি আহিব তাক যেন হাড়ীয়ে বাঢ়নীৰে কোবায় !”

 এয়ে হল শৰাইঘাটৰ যুদ্ধ, আৰু লাচিত বৰফুকনৰ কীৰ্ত্তি । এই ৰণৰ গৌৰৱপূৰ্ণ মহিমামণ্ডিত পৰিণতিৰ কদলী ফল ভুকুতে পকা নাছিল ৷ ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃঙ্খলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্ত্তিতা, বিপদত ধৈর্য্য, সঙ্কটত নিৰ্ভীকতা, আমূলে দুর্নীতি দমন, দেশৰ মঙ্গল কাৰ্য্যত সম্পূর্ণ আত্মবিলোপ আৰু স্বার্থত্যাগ আৰু আত্মকন্দল- ৰূপী বিষবৃক্ষৰ গুৰিয়ে-শিপায়ে ঠালে ঠেঙ্গুলিয়ে উৎপাটন ।

 অকল যুদ্ধ-সামগ্ৰীয়ে যুদ্ধজয় সাধিব নোৱাৰে৷এনে বহু দৃষ্টান্ত পোৱা যায় যে যুদ্ধৰ সামগ্রী পর্ববত-পরিমাণে গোটখাই আছে, কিন্তু তাক চলাওঁতা মানুহৰ অভাবত যুদ্ধত পৰাজয়হে হল। যুদ্ধজয়ব কাৰণে আহিলা-পাতিৰ যিমান প্রয়োজন তাতোকৈ বেচি প্রয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বার্থহীন মনোবৃত্তি, কৰ্ম্মনিষ্ঠতা আৰু যুদ্ধজয়ৰ কাৰণে উত্ৰাৱল অথচ স্থিৰচিত্ত অভিলাষ। সেই বিষয়ে আগৰ দিনৰ অসমীয়াই নিজেই লিখি থৈ গৈছে, – 'জয়ধ্বজ বাজাদেৱৰ দিনত এনে আহিলা-পাতি বহুতো আছিল, তথাপি নাম হল ভগনীয়া বাজা । অস্ত্ৰ-শস্ত্ৰ আহিলা-পাতি সমস্তো জড়, স্বৰ্গদেৱৰ বন্দী-বেটাহে চেতন, সেয়ে চলালেহে চলে।”

 যুদ্ধজয়ৰ কাৰণে যি মনোবৃত্তিৰ আৱশ্যক তাক ইংৰাজীত

কয় টেম্‌পাৰ বা মেট্‌ল্‌। লাচিত বৰফুকনৰ অধীনত একলক্ষ
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে
৭১

সৈন্য আছিল । তাৰ অধিকাংশ সামৰিক, অর্থাৎ ৰণৰ কাৰ্য্যত পোনপটীয়াকৈ লিপ্ত । আৰু আনবিলাক আছিল ৰণৰ আলু- ষঙ্গিক যাৱতীয় কামত লিপ্ত। এই একলক্ষ সৈন্যৰ প্ৰাণ-মন যাতে কৰ্তব্যৰ পৰা একতিলো বিচলিত নহয় তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল! কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, বোলে, “যুদ্ধৰ কামত পাচহু হুহকিলে ম‍ই এই হেংদানেৰে দুডোখৰ কৰি কাটিম, পাচতহে স্বৰ্গদেৱক জনাম।” অসমৰ নিয়মমতে স্বর্গ- দেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্রচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্রীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰকুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা কলে,—“বৰ- ফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয় লাভ হব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। স্বৰ্গদেৱে বৰ- কুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে, বোলে, — ‘ফুকনৰ কথাই মোৰ কথা ।”

 যিসকলে ভাবে যে পূৰ্ব্বকালত অসমীয়া তিৰোতা অকল চোতালকুঁৱৰী আছিল, তেওঁলোকৰ ধাৰণা একেবাৰে অসত্য । আমাৰ আইসকলে দেশৰ সঙ্কটৰ সময়ত পৰামৰ্শ উপদেশ আদিবে ৰাজকাৰ্য্যত সহায় কৰিছিল, আৰু খেনোৱে হাতত হেংদান লৈ সন্মুখ সংগ্ৰামত নিজে গৈ যুঁজ কৰিছিল ! ধন্য

অসমীয়া আইসকল
৭২
ত্রিপদী

 লাচিতৰ এই ঘোষণাই হল শৰাইঘাটৰ যুদ্ধজয়ৰ মূলমন্ত্র। তেওঁৰ নিজব বঙহ-পৰিয়ালকো মৃত্যুদণ্ডৰ পৰা অব্যাহতি নিদিছিল । নিজৰ মোমায়েকক কটা কথাতে তাৰ প্রমাণ ।

 অগ্নি, সৰ্গ আৰু প্রলোভন, এই তিনি একেশ্ৰেণীৰ বিষাক্ত জীৱ। দপদপ্ কৰে জ্বলি থকা ডাঙ্গৰ জুইৰ পৰা খাণ্ডৱ দাহ হব পাৰে, এধানমান টিঙ্গিৰি জুইৰপৰাও ঘৰবাৰী গাওঁ-ভুই উচ্ছন্ন হব পাৰে । ফেঁটী সাপৰ খোঁটত মানুহ মৰে, তেনেকৈ ছয়-আঙ্গুলীয়া খন্টি সাপে কামুৰিলেও মানুহৰ প্ৰাণনাশ ঘটিব পাৰে। প্রলোভন সৰ্প এবাৰ যুদ্ধৰ শিবিৰত সোমালে, সেই প্রলোভন ব্যাপক হৈ যুদ্ধ জয়ৰ সম্ভাৱনা সমূলে ধ্বংস কৰিব, আৰু তাৰ পৰিণামত দেশৰ সৰ্বনাশ সংঘটিত হব। লাচিত বৰফুকনে এই প্রলোভনৰ স্বভাৱ দুপতীয়াতে নষ্ট কৰিছিল । মোগল সেনাপতি ৰামসিংহই অসমীয়া সৈনিক আৰু সেনা- নায়কক প্রলোভনেৰে বশ কৰিবলৈ দুৰ্জয় চেষ্টা কৰিছিল; কিন্তু তেওঁ কৃতকাৰ্য্য হব নোৱাৰিলে । ধন্য শৰাইঘটীয়া অসমীয়া !

 ৰাজপুতনাৰ ফালে এতিয়াও হাতেৰে সজা কাঠৰ চৰাইৰ নাচ দেখা পোৱা যায় ৷ টিপচী কাঠৰ চৰাইক চকুৰে মনিব নোৱাৰা অতি মিহিসূতাৰে ইফাল-সিফাল কৰি উৰুৱাই নানা বিধ নৃত্য দেখুৱাই দৰ্শকৰ মনত বিস্ময় জন্মায়। অসমীয়া কটকী ৰামচৰণ আৰু নিম ৰামসিংহৰ তালৈ যাওঁতে ৰাজপুত ৰজাই এনেধৰণৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। উদ্দেশ্য আছিল আমাৰ কটকীয়ে যেন সেই চৰাই এটি-দুটি খোজে। এবাৰ যদি

লোভ সামৰিব নোৱাৰি খোজাৰ প্ৰবৃত্তি জন্মাব পাৰে ৰামসিংহই
৭৩
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

সেই খোজনীয়া মনক প্রশ্রয় দি আৰু বেছি মূল্যবান বস্তু খোজাৰ পথত সেই কটকীক থিয় কৰাব পাৰিব । তাৰ পাচত মূল্যবান উপহাৰেৰে কটকীৰ মন ভুলাই তেওঁলোকৰ হতুৱাই যি ইচ্ছা তাকে কৰাব পাৰিব। ৰামসিংহৰ চ'ৰাত ৰং-দেখুৱা কাঠৰ চৰাইৰ পোনে অসম কটকী ৰামচৰণে ঘনে ঘনে চাইছিল । পাচে বামসিংহে কটকীৰ হেপাহ দেখি সুধিলে, বোলে, - ‘অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে, বামসিংহই দুটা চৰাই দিলে৷ লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। লগব কটকী নিনে গৰিহণা দি কলে, – “ছিঃ, এনে মানুহৰ লগত কোনে বিদেশলৈ যায় !”

 দুটি সামান্য কাঠৰ চৰাই৷ তালৈকে ৰামচৰণৰ লোভ লাগিল । এই লোভক ধ্বংস নকৰিলে সি গৈ সৈনিকৰ মন কলুষিত কৰাৰ আশঙ্কা। লাচিতে এই সামান্য প্রলোভনকো প্রশ্রয় নিদিছিল। ধন্য লাচিত !

 লাচিত বৰফুকনৰ লগত এজন বিচক্ষণ জ্যোতিষী আছিল, নাম চূড়ামণি দৈৱজ্ঞ। অসমৰ উকীল ভকতদাহক ৰামসিংহ বজাই কলে,—‘চূড়ামণিক যদি মোক আনি দিব পাৰা, তেওঁক মই মাঁহে ৪,০০০ টকা দৰ্ম্মহা দি ৰাখিম, আৰু তোমাক ১০,০০০ টকা পুৰস্কাৰ দিম।' এই প্রলোভনত পৰি ভকতদাহে চূড়ামণিক চুৰ কৰি নিবলৈ ৰাতি তেওঁৰ ঘৰৰ দুৱাৰমুখত থিয়া-থিয়ি

কৰিছিল। চূড়ামণিয়ে সকলো কথা লাচিতক গোচৰ দিয়াত
৭৪
ত্ৰিপদী

ভকতদাহক বান্ধি পানীত পেলাব খুজিছিল। এই কথাতে ভকতদাহ পলাল ।  শৰাইঘাটৰ ৰণৰ সময়ত লাচিতৰ টান নৰিয়া, তাকে শুনি সৈন্য ভাগিবৰ উপক্ৰম কৰিছিল, আৰু নাও ভৰা দি উজনী- মুৱাকৈ থৈছিল। এনেকৈ যুদ্ধ এৰি যোৱাৰ আয়োজন কৰা শুনিলে সৈন্যৰ যে মন ভাঙ্গিব তাক লাচিতে জানিছিল । সেই নাৱৰীয়াবোৰক লাচিতে উগ্রশাস্তি দিছিল, আৰু লগৰ পৰিচাৰক চাংমাই পানীতোলা ইহঁতকো শাস্তি দিছিল ৷ এনে অৱস্থাত নৰা হাজৰিকা নামে এজন সেনাপতিয়ে স্বৰ্গদেৱৰ শৰণ দি ৰাইজৰ উদ্দেশ্যে কৈছিল, – ‘ৰাইজ ঐ, সুণীয়া কাঁহিত বিহ ঢালিব খুজিছ যদি ভাগ।' কোনোবা অসমীয়াই দেশৰ মঙ্গলক নেওচা দি আত্মপৰিতুষ্টিৰ ষড়যন্ত্র কৰিলে, তেওঁৰ কাণত যেন প্রতিমুহূর্ত্তে প্রতিধ্বনিত হয়, ‘সুণীয়া কাঁহীত যদি বিহ ঢালিব খুজিছ, তেনেহলে এনে অকাৰ্য্য কৰ্।'

 সাধাৰণ অৱস্থাৰ ভাষা এক, সঙ্কট কালব ভাষা অন্যরূপ । শৰাইঘাটৰ সঙ্কটত লাচিতৰ ভাষা আবেগময়ী হৈছিল,— ‘চিলাৰ পৰ্ব্বতত চাৰি কড়াৰ মাটি কিনিছোঁ, মঞি নাযাওঁ, মৰাৰ কাল আছে। যদি মই যাওঁ ৰাজ্যতকৈ পাচতহে যাম । মোক স্বৰ্গদেৱে বঙ্গালক যুদ্ধৰ নিমিত্তে এইখন ঠাইৰ সকলো লোক মোৰ হাততে দি থৈছে । নুযুঁজি লবা-তিৰোতাৰ লগলৈ যামনেকি ?

 শৰাইঘটীয়া সেনাপতি এজনাৰ নাম আছিল কোৱামৃদ্ধা

হাজৰিকা। নাচোনৰ সহায়েৰে তেওঁ মোগলৰ হাতত বন্দীৰ
৭৬
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰিছিল। মোগলে কোৱামৃদ্ধাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কলে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱাদ্ধাৰ নাও । হাজৰিকাই কলে,— 'মই নাচিম । ঢোল-মৃদঙ্গ, খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা ।' এনেতে নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগলবোৰ চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱা- বলৈ। নাচোনৰ চেও দেখি বঙ্গাল সৈন্য মচ্গুল হল । এই ছেগতে কোৱাৰ নাওখন মূৰ ভিৰাই সাউত কৰে আঁতৰি গল । মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোতেই অসমীয়া নাও গৈ নিজৰ ঠাই পালেগৈ । অসমৰ নৃত্য-কলাই যুদ্ধৰ সঙ্কটতো পৰিত্ৰাণৰ বাট মুকলি কৰি দিছিল ।


 তাৰ পাচত অসমৰ সন্ত-মহন্ত বৈষ্ণৱসকলৰ কথা । বহুতে আমাৰ এই মহাপ্ৰাণ বৈষ্ণৱ ধৰ্ম্মক মণ্ডমহীয়া, তুলসীপতীয়া, আশীবর্বদীয়া এইবোৰ আখ্যা দিয়ে, ই যেন নিৰ্জ্জীৱ, ইয়াত যেন একো শক্তি সামর্থ্য নাই ৷ কিন্তু তিনি-শ বছৰৰ পূৰ্বে অসমত গো-ব্রাহ্মণ সাধু-বৈষ্ণৱসকলে সুখে-শান্তিয়ে কাল কটাইছিল। আওৰংজেৱ পাদশ্যাহৰ শাসন-পদ্ধতিৰ ভ্ৰান্তিমূলক নীতিৰ কবলত পৰি হিন্দু অনুষ্ঠানবৰ্গৰ মৰো-জীওঁ অৱস্থা হৈছিল। এনে সময়ত অসমখন ভাৰতীয় হিন্দুৰ চকুত এখন আদৰণীয় সুপবিত্ৰ দেশ হৈ পৰিছিল । এনেহেন কালিকা লগা দেশক আক্রমণ কৰি তাৰ প্ৰজাসকলক কষ্ট দিলে নিজৰহে অনিষ্ট হব পাৰে,

সেইদেখি ৰামসিংহ ৰজাৰ মাকে আৰু ৰজাৰ কুঁৱৰীয়ে ৰাম
৭৬
ত্রিপদী

সিংহলৈ এই সতর্কবাণী লিখি পঠিয়ালে, – ‘শুনিছোঁ সি দেশত নামধৰ্ম্ম নামকীর্ত্তন সততে প্ৰৱৰ্ত্তিছে, আৰু গো-ব্রাহ্মণ বৈষ্ণৱ কুশলে আছে । এইসকলক তললৈ দিলে কি হয়, তাক জানে। তাক মাৰি মাজুম-খাঁ কতকাল বঞ্চিল, ইঠাই নেপালেহি ! আকচাই ফিৰি আহিলহে যোগ্য । আকে চাই যেখান কৰে।'

 এই নামধৰ্ম্মই হৈছে অসমীয়াৰ ৰক্ষাৰ কবচ, টেলিচমেন। এই নামধৰ্ম্ম বিলোপ হলে অসমীয়াৰ জাতীয় প্ৰাণৰো বিলোপ হব। অসমীয়া সাৱধান !

 তাৰ পাচত গুৱাহাটীৰ সন্মুখত থকা কামাখ্যা গোসাঁনীৰ পীঠ কামাখ্যা মন্দিৰ। তাৰ কাষৰতে উত্তৰে শৰাইঘাটৰ ৰণস্থলী। আহোম ডা-ডাঙ্গৰীয়া সেনাপতি সকলোৱে গোসানীক তুতি কৰি বৰ মাগিলে, – 'মাও, বঙ্গালখিনিক খাই দিয়া।” জাগ্রত কামাখ্যা গোসানীয়ে সেৱকৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷ আক্ৰমণকাৰী বঙ্গাল বিভঙ্গে পলাল । এই কামাখ্যা পীঠো অসমীয়াৰ চিৰন্তন সম্পদ, ভাৰতৰ হিন্দুপ্ৰাণৰ লগত অসমৰ সংযোগৰ সেতু। ইয়াকো লোপ হবলৈ নিদিব । যিসকলে শত্ৰু হৈ অসম সোমায় তেওঁলোকৰ পৰা ৰক্ষা পাবলৈ কামাখ্যা মাওৰ আশীৰ্বাদ যুগে-যুগে প্রয়োজন ।

 শৰাইঘাটৰ কাৰ্য্যপন্থা আৰু এটি কথাত অতুলনীয় আছিল। সৈন্যবাহিনীৰ কেবাটাও অঙ্গ, হাতী-ঘোৰা, নাও-নাৱৰা, অস্ত্ৰ- শস্ত্র, চাউল-যোগনীয়া, ইত্যাদি । ইয়াৰ প্ৰত্যেকে আনবোৰেৰে সৈতে একেলগ হৈ এক উদ্দেশ্যত কাম কৰিব নোৱাৰিলে,

তাৰপৰা বিষম বেমেজালি আৰু অনিষ্ট হয় ।
৭৭
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

 বণুৱাই যথাসময়ত চাউল-কানি পাব লাগিব, প্রয়োজন কালত নাও অস্ত্ৰ-শস্ত্ৰ নহলে যুদ্ধ কাৰ্য্য কোঙ্গা হয়। সেইদেখি আতন বুঢ়াগোহাঁই ডাঙৰীয়াই কৈছিল,–“মানুহ চবা-নাৱত উঠিব। আগৰ বৈচা, মাজৰ বৈচা, পাচৰ বৈচাৰে তিনিৰো একেবাৰে চাব পাৰিলে দেখিবলৈও ভাল, বাওঁতায়ো উৎসাহ পায়, নাৱো চলে, কঢ়াবীয়ে দি চল পায় । আগৰ, মাজৰ, পাচৰ, তিনিৰো তিনি চাব যদি হল কঢ়াৰীয়ো দি চল নাপায়, নাৱো নচলে, দেখোঁতায়ো ভাল নেদেখে ৷ এনেরূপে প্রমাণ কৰি স্বৰ্গদেৱে যদি কাৰ্য্যত মন দিব পাৰে, তেবে শত্ৰুক মাৰি পূর্বব সীমনাত ৰাজ্য ৰাখিব পাৰে ৷

 ৰাজ্যৰ শাসনকাৰ্য্যক আমি সদায় নাও বা জাহাজৰ লগত তুলনা কৰো, ‘ছিপ অব ষ্টেইট্' । যিসকল এই শাসনৰ গুৰিয়াল, তেওঁলোকে আতন বুঢ়াগোহাঁই ডাঙৰীয়াই কোৱাৰ দৰে, শাসনব বিভিন্ন বিভাগৰ কাৰ্যাৱলীক একেটা উদ্দেশ্যৰ ডোলেৰে বান্ধিব নোৱাৰিলে দেশত বিভ্রাট ঘটিব, আৰু ৰাইজৰ দুখ- কষ্টৰ ওৰ নপৰিব।

 শাসনকাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ হলে দুটা প্ৰবৃত্তিৰ আৱশ্যক, এক হৈছে ক্ষিপ্র সিদ্ধান্ত আৰু তাৰ কাৰ্য্যত পৰিণতি সাধন ; আনটো হৈছে, সিদ্ধান্ত লোৱাৰ পূৰ্বেৰ তাৰ আগ-পাচ, ভাল-বেয়া, দুয়োপক্ষৰে সুস্থিৰ বিবেচনা। এটিৰ পৰিমাণ অধিক হলে, আনটো অলপীয়া হলে, তাৰ পৰা পয়মাল ঘটে। নাভাবি-নিচিন্তি কৰা কামৰ পৰিণাম সততে বেয়া হয়, আৰু

ভাবোতে যদি হেমাহি কৰা যায়, তাৰপৰাও পৰিণাম বেয়া
৭৮
ত্রিপদী

হব। এই দুই প্রকৃতিৰ ভিতৰত! সাম্যভাৱ ৰক্ষা কৰাটোৱেই হৈছে উত্তমপন্থা ৷

 শৰাইঘাটৰ যুদ্ধত এই দুই প্ৰবৃত্তিৰ সুন্দৰ সামঞ্জস্য ঘটিছিল ৷ ক্ষত্ৰশক্তিৰ প্ৰতিমা আছিল স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ আৰু লাচিত বৰফুকন, আৰু গভীৰ চিন্তা আৰু সংযমৰ মূৰ্ত্তি আছিল মহামন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়া। এই দুই শক্তিৰ সমাবেশৰ কাৰণেই অসমীয়াই শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল, আক সেই জয়ৰ দ্বাৰা অসমীয়াৰ কাৰণে মহান আদর্শ এটা যুগ- যুগান্তৰৰ কাৰণে সোণৰ সঁফুৰাত ভৰাই থৈ যাব পাৰিছিল ।

 সম্ভ্রমবিহীন ভাষাৰে মোগলে পেচকচ্ খোজাত স্বৰ্গদেৱে আদেশ দিলে, বোলে, 'মোগলক তুৰন্তে ধৰিব লাগে।' ইফালে যুদ্ধৰ আয়োজন বিশেষ একো নাই। দেশ উজাৰ কৰি নীরজুমলা এইমাত্র উভতি গৈছে। সেই ভঙ্গাদেশ বাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হবলৈ দিন লাগিব ৷ সেই- দেখি বুঢ়াগোহাঁই ডাঙ্গৰীয়াই আগপাচ সকলো কথা স্বৰ্গদেৱক বুজাই কলে । তিনি বছব আয়োজনৰ পাচত অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে ।

 আলাবৈৰ ৰণত দহহেজাৰ অসমীয়া সৈন্য একেদিনে নিহত হোৱাত লাচিত বৰফুকনে মন মাৰি বহি আছে,—‘মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ দহহাজাৰ হেৰুৱালোঁ। এইকথা স্বৰ্গদেৱলৈ জনাই পঠাওঁ।' বুঢ়া- গোহাঁই ডাঙ্গৰীয়াই লাচিতক হাক দি কলে, 'বাৰীৰ ভিতৰৰ

পুখুৰী সিচোতেও আঠোটা-দহোটা মানুহক শিঙ্গিয়ে বিন্ধে।
৭৯
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

এইটো ৰণহে হৈছে ৷ এইজানি দুই-চাৰিলোক কিয় নপৰিব ? এই কথা ৰাজালৈ জনাবলৈ ভাল নহয় ।' সুবিবেচনাৰে কাৰ্য- পন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্য্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল, এতিয়াও আৱশ্যক আছে, আৰু আগলৈকো আৱশ্যক হব। সেইদেখিহে পূর্ববতে আমি কৈছোঁ,—শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে ।

 নিলগত থকা ওপৰখাপৰ শাসনকৰ্ত্তাৰ উদ্দেশ্য, আৰু তেওঁৰ অধীনস্থ অধিনায়কৰ অভিমত, এই দুয়োৰে মাজত প্ৰায়েই সংঘ দেখা যায়। স্থানীয় সকলো কথা গমি-পিতি চাই তলৰজনা বিষয়াই ভাবে যে এনে কাৰ্য-পন্থাহে বৰ্ত্তমান ক্ষেত্ৰত শ্ৰেয় । দূৰৈত থকা ওপৰৰজনে অৱস্থাৰ কথা ভালকৈ নাজানি, বা আনৰ কথা শুনি কয় যে অন্য প্ৰকাৰে কাম কৰাহে উচিত । তলৰজনে ওপৰৰজনৰ কথা মানিবলৈ বাধ্য হোৱাত নিজৰ ইচ্ছাৰ বিৰুদ্ধে আৰু নিয়মানুবর্তিতাৰ মৰ্য্যাদা ৰক্ষাৰ কাৰণে, যথানির্দিষ্ট কাম কৰে। তাৰ পৰিণাম বব শোচনীয় হয় ।

 এনে পৰিস্থিতি এটা হৈছিল আলাবৈৰ যুদ্ধত ৷ স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই আনৰ কথা শুনি আজ্ঞা কৰিলে বোলে, ‘আগিয়াঠুৰীৰ কোষৰত থকা বঙ্গাল সৈন্যক ততালিকে ধৰিব লাগে।' গুৱাহাটীৰ ডাঙ্গৰীয়া আৰু ফুকনসকলে কলে, বোলে, —'এতিয়া ধৰিব নোৱাৰি। বঙ্গাল একেঠাই হৈ সাৱধানে আছে, আচল-আবল ঠাই ধৰিবলৈ উপায় নাই। কেঁচা বৰলক

জোকালে গা সাৰিবলৈ টান হব।' স্বৰ্গদেৱে শৰাইঘটীয়াৰ কথা
৮০
ত্রিপদী

নপতিয়াই খং কৰি বোলে, ‘বঙ্গালে কাটে বুলি তেহেঁতে আগ নাবাঢ়ে, ম‍ই কাটিলেও কটা যায়। যিবোৰে যুজিব নোৱাবে সিবোৰৰ মূৰ কাটি দিয়াহক, মই যুজ কৰা মানুহ পাম।' এই বুলি হাড়ীব বাঢ়নি, বেটীৰ মেখেলা গুৱাহাটীৰ ফুকনবোৰলৈ পঠিয়াই দিলে। পাচে স্বৰ্গদেৱৰ আজ্ঞা মানি অসমৰ সৈন্যই আলাবৈত বঙ্গালৰ সৈন্যক ধৰিলেগৈ। সেই যুদ্ধত একেদিনাখনৰ ভিতৰতে অসমৰ দহ হেজাৰ মানুহ পৰিল। শৰাইঘণ্টীয়া সেনাপতিৰ উপদেশ উলঙ্ঘা কৰি গড়গঞা আদেশ প্ৰৱল হোৱাত অসমৰ এনে আগে- পাচে নোহোৱা দুর্গতি ঘটিল।

 তাৰ পাচত চাওক, ওচৰ-চুবুৰীয়াৰ জাতিবৃন্দই অসমীয়াৰ প্রতি কিরূপে সহানুভূতি দেখৱাইছিল, আৰু কিৰূপে তেওঁ- লোকক সহায় কৰিছিল। জয়ন্তীয়া ৰজা, নৰ্ত্তঙ্গীয়া ৰজা, কোচবেহাৰৰ ৰজা, এওঁলোকে সেই সময়ত অসম ৰজালৈ দিয়া পত্ৰৰ মৰ্ম্ম এই,—‘মোগলে তোমাৰ দেশ মৰা যেনে আমাৰ দেশ মৰাও তেনে। এতিয়া আমি সকলো একেলগ হৈ যাতে প্রতিশোধ লব পাৰোঁ তালৈহে যত্ন কৰা উচিত।' লাচিত ফুকনৰ লগত অজস্র দাঁতিয়াল সৈন্য আছিল। তেওঁলোকৰ সাহ-পিত দেখি মোগলৰ সেনাপতি ৰামসিংহ স্তম্ভিত হৈছিল ।

 শৰাইঘাটৰ যুদ্ধত অসমীয়া জাতিয়ে একতাবদ্ধ হৈ নিজৰ অন্তর্নিহিত গুণবিলাক যিদৰে উজ্জ্বলভাৱে দেখুৱাই থৈ গল, অন্য যুগৰ কাহিনীত তেনে প্রমাণ আমাৰ হাতলৈ অহা নাই।

অসমীয়াৰ গাত উচ্চ গুণসমূহ নিশ্চয় আছে, কিন্তু উপযুক্ত
৮১
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

নায়কৰ অভাবত কেতিয়াবা সেই গুণবোৰ তল পৰে, তেতিয়া নীচ প্রবৃত্তিবোৰে হৃদয় অন্ধকাৰ কৰি থয়, আৰু তাৰপৰা দেশৰ অনিষ্ট সাধন হয় । কিন্তু লাচিত বৰফুকনৰ ব্যক্তিত্বৰ বিশেষত্ব এই যে চাৰিবছৰ ধৰি তেওঁ সদৌ অসমীয়া জাতিকে উৎকৰ্ষৰ অতি উচ্চ গিবিশৃঙ্কত তুলি থব পাৰিছিল, আৰু এক মুহূৰ্ত্তৰ কাৰণেও তেওঁ সেই শৃঙ্গৰ পৰা অসমীয়াক নামিবলৈ দিয়া নাছিল। সেইদেখিহে ভাৰত-বিজয়ী পৰাক্ৰমী মোগলৰ হাত- পৰা অসমীয়াই গুৱাহাটী কামৰূপ উদ্ধাৰ কৰিব পাৰিছিল, আৰু দুনাই হোৱা মোগল আক্ৰমণৰ পৰা নিজৰ ৰাজ্য ৰক্ষা কৰিব পাৰিছিল। এই চিৰসমুজ্জ্বল শুভ্র-তুষাৰ-মণ্ডিত গিৰি- শৃঙ্গৰ ছবি অসমীয়াৰ চিত্ৰত যেন চিকাল অঙ্কিত হৈ থাকে এয়ে কামনা ৷

 গুৱাহাটীৰ উত্তৰে চিলা পৰ্ব্বত আৰু লঠিয়া পর্বত, তাৰ পশ্চিমে আগিয়াধুৰী পৰ্ব্বত, তাৰ পশ্চিমে, লুইতৰ পাৰৰ পৰা হাজো পৰ্য্যন্ত গাওঁ ভূই মুকলি পথাৰ। এই খণ্ডৰ মাজত বামসিংহব সৈন্যই তামিঘবা বান্ধি যুদ্ধৰ কাৰণে তৈয়াৰ হৈ আছিল । পৰ্ব্বতৰ ওপৰত উঠি ৰামসিংহৰ সৈন্য-শিবিৰৰ ফালে সকলোৱে চাই বুজিলে, অসংখ্য সৈন্য আহিছে অসমক ধ্বংস কৰিবলৈ। লাচিতে নিজেও চালে,—সেই একে দৃশ্য ! এই দৃশ্য দেখি ফুকনে চকুলো টুকিবলৈ ধৰিলে, বোলে, ‘ম‍ই ফুকনৰ দিনত এনে দশা হল ! মোৰ ৰজা ৰক্ষা হব কেনেকৈ, ৰাইজ ৰক্ষা হব কেনেকৈ ? পাচলৈ বা বক্ষা হব কেনেকৈ ?' ইয়াৰ

অলপ পাচত মন স্থিৰ কৰি সুস্থ হৈ সৈন্যৰ পালি ফুৰি ফুকন
৮২
ত্রিপদী

নিজৰ বাহৰ সোমালহি । পাচে যুদ্ধ কৰিবলৈ সকলোকো আজ্ঞা কৰিলে ।

 লাচিতৰ মুখৰ এই অমূল্য বচনফাঁকি একেবাৰে আধুনিক ধৰণৰ। আচৰিত কথা এই যে তিনি-শ বছৰৰ পূৰ্বেৰ অসমৰ সেনাপতি লাচিত বৰফুকনে নেছনেলিজম্ বা জাতীয়তাবাদৰ এনে সুন্দৰ বিশ্লেষণ কৰিব পাৰিছিল। লাচিতৰ চিন্তাধাৰাক বৰ্ত্তমান যুগৰ ভাষাৰে এনেকৈ ৰূপ দিব পাবি,—‘মোৰ বৰ্ত্তমান কৰ্ত্তব্য হৈছে বিদেশীৰ আক্ৰমণ ব্যর্থ কবি মই দেশৰ স্বাধীনতা অটুটকৈ ৰাখিব লাগিব; ৰাজ্য পৰিচালনাত যাতে স্থিতা আৰু শৃঙ্খলা আনিব পাৰোঁ, যাতে দেশৰ প্রজাবৃন্দই অশান্তি আৰু বিপদৰ হাত সাৰিব পাৰে, আৰু যাতে পো-নাতি দিনলৈকে এই শৃঙ্খলা আৰু শান্তি বিৰাজ কৰিব পাবে।' বৰ্ত্তমান যুগৰ ৰাজনৈতিক পুৰুষসকলে যিবোৰ কথা কয়, আৰু দেশৰ উন্নতিৰ অৰ্থে যিবোৰ কাম হাতত লয়, সিবোৰৰ মূলমন্ত্র গুপ্তমণিৰূপে লুকাই আছে লাচিতৰ এই অমৰ বাণীত । অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও লাচিতৰ এই বচনফাঁকি যেন কেতিয়াও নাপাহৰে, – 'মোৰ বজা বক্ষা হব কেনেকৈ ? ৰাইজ ৰক্ষা হব কেনেকৈ ? পাচলৈ বা বক্ষা হব কেনেকৈ ?

 লাচিত আৰু নাই, কিন্তু তেওঁৰ আদৰ্শ আৰু বাণী আজিও জ্বলন্ত জাগ্ৰত হৈ জিলিকি আছে ৷ শৰাইঘাটৰ সঙ্কট আমাৰ সন্মুখত নাই, কিন্তু আমাৰ আগত বিবিধ সানমিহলি সঙ্কট নিত্য

বিৰাজমান । শৰাইঘটীয়া দেশপ্রেমেৰে সেইবোৰ সমস্যাৰ
৮৩
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

মীমাংসা কৰিব লাগিব । দেশৰ কামত উদ্যমহীনতা, স্বার্থসিদ্ধি, আৰু প্রলোভনৰ চেকা পৰিলে কাঠৰ সেই ক্ষুদ্র টিপচী চৰাই দুটিয়ে বিয়াগন পক্ষীৰ ৰূপ ধৰি আমাৰ লাওখোল৷ খুটিয়াই খুলি-খুলি খাব ৷


 ১৯৬৬ চনৰ ফেব্ৰুৱাৰীৰ ২৫ তাৰিখে বহা জাঁজীৰ লাচিত মেলাৰ মূলসভাৰ অধিবেশনৰ সভাপতিৰ অভিভাষণ ৷

ইতি “ত্রিপদী” সমাপ্ত ।

পৰিশিষ্ট

“ত্রিপদী”ৰ তিনি প্ৰবন্ধৰ পৰিচয় ।

সাহিত্যৰ মূলকথা। ১৯৩৯ চনৰ ৩০ চেপ্টেম্বৰ তাৰিখে, গুৱাহাটী কটন কলেজৰ চুডমার্চেন হলত বহা, অসমীয়া ছাত্ৰৰ সাহিত্য-অনুশীলনী সভাৰ ( এ-এচ্-এল্ ক্লাব ) অধিবেশনত, অসমীয়া সাহিত্য আৰু ছাত্ৰৰ কৰ্ত্তব্যৰ বিষয়ে দিয়া বক্তৃতাব সাৰাংশ। এই প্রবন্ধ পোনপ্ৰথমে ২৬-শ বছৰৰ ৮ম আৰু ৯ম সংখ্যা “বাহী”ত প্ৰকাশিত হৈছিল। ১৯৩৯ চনত প্ৰগতি সমিতিয়ে প্রকাশিত কৰা “চিন্তাধাৰা” নামৰ প্রবন্ধ সংগ্রহ, শ্রীতীৰ্থনাথ শৰ্ম্মা সংকলিত “প্রবেশিকা কথা-চানেকি” আক গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা ১৯৫৮ চনত প্ৰকাশিত “প্ৰবন্ধা- ৱলীত” এই প্রবন্ধ সন্নিৱিষ্ট হৈছে ।

 অসমীয়া সাহিত্য আৰু কৃষ্টি। ১৯৫৩ চনৰ ৮ নভেম্বৰ তারিখে ছিলঙ্গত বহা, অসম সাহিত্য সভাৰ ২২-শ অধিবেশন সভাপতিৰূপে দিয়া অভিভাষণ । ১৯৫৭ চনত সাহিত্য সভাই প্রকাশিত কৰা “ভাষণাৱলী” গ্রন্থৰ দ্বিতীয় ভাগত এই প্রবন্ধ সন্নিৱিষ্ট হৈছে। এই বক্তৃতাৰ ইংৰাজী সাৰাংশ অধিবেশনৰ সময়ত ছপোৱা হৈছিল, আৰু ইয়াক ১৯৫৬ চনত প্ৰকাশিত লিখকৰ “স্টাডিজ্ ইন্‌ ডি লিটাৰেচাৰ অব, আসাম” গ্রন্থত

অন্তৰ্ভুক্ত কৰা হৈছে।
৮৫
পৰিশিষ্ট

শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। ১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰী, ১৮৭৭ শকৰ ১২ ফাল্গুন তাৰিখে জাঁজীত বহা লাচিত মেলাৰ মূলসভাৰ অধিবেশনত সভাপতিৰূপে দিয়া অভিভাষণ ৷ ইয়াৰ কিছু অংশ ডাক্তৰ ভূপেন্দ্ৰকুমাৰ হাজৰিকা সম্পাদিত আলোচনী “গতি”ৰ প্ৰথম প্ৰকাশ, ১৯৫৭ চন, শৰত সংখ্যাত প্ৰকাশিত হৈছিল। এই প্ৰৱন্ধৰ অন্তর্ভুক্ত সুবচন- সংলগ্ন ঘটনাৱলী ভালকৈ জানিবলৈ হলে, সেনাপতি লাচিত বৰফুকন আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বিষয়ে

লিখকৰ দুখনি ইংৰাজী গ্রন্থ পঢ়িলে সহায় হব ।

Books by Dr. Suryya Kumar Bhuyan, M.A., B.L. (Cal.),
PH.D. (Lond.), D.LIT. (Lond.), Vice-Chancellor,
Gauhati University:

Published by
LAWYER'S BOOK STALL
Panbazar, Gauhati, Assam.

 ENGLISH:

STUDIES IN THE LITERATURE OF ASSAM. The author brings out in this book the volume and variety, and the reciprocal influences of the various offshoots of the literature of Assam. With a Foreword by Shri Sri Prakasa, now Governor of Bombay, formerly Governor of Assam and of Madras, 1956. Rs. 6.

ATAN BURAGOHAIN AND HIS TIMES. Or, a History of Assam, from the invasion of Nawab Mir Jumla in 1662-63, to the termination of Assam-Mogul conflicts in 1682, centering round the career of the great statesman- warrior Atan Buragohain Rajmantri Dangaria, Prime Minister of Assam from 1662 to 1679. 1957. Rs. 12  ASSAMESE :

JAIMATI UPAKHYAN. A longer narrative poem. 1954. Re. 1.

ANUNDORAM BOROOAH. A biography of the eminent Sans- kritist. 1956. Rs. 3.

JONAKI. Life-sketches of sixteen eminent men. Illustrated. 1956. Rs. 3.

BURANJIR VANI. Sixteen essays on different aspects of Assam History. 1956. Rs. 3.

MIR JUMLAR ASSAM AKRAMAN. An account of the Mogul invasion of Assam in 1662-63. 1956. Rs. 3.

KONWAR BIDROH. Revolt of Assam princes during the reign of King Lakshmi Singha, 1769-80. 1956. Rs. 1-8.

GOPAL KRISHNA GOKHALE. A short biography of the great Indian patriot and statesman. 1956. Rs. 1-8.

TRIPADI. Three essays on aspects of Assam's literature and culture. 1956. Rs. 2.

N.B.— Other books by Dr. Bhuyan are also stocked by us
for sale. For the complete Handlist of Dr. Bhuyan's
works, please write to—


BICHITRA NARAYAN DUTTA BAROOAH, B.L.,
Proprietor, Lawyer's Book Stall,
PANBAZAR, GAUHATI, ASSAM.

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )