সমললৈ যাওক

তোমালৈ/স্বয়ংবৰা

ৱিকিউৎসৰ পৰা

স্বয়ংবৰা
মোৰ আমঠুৰ কোহে কোঁহে তাইৰ নাম লিখা।
তাই-এ মনে মনে ধানৰ শিহত গাখীৰৰ কণ হৈ আহে,
নেমুটেঙাৰ কোমল পাতত তাইৰে চেনেহৰ মসৃণতা,
বৰদৈচিলা হৈ
তায়ে প্ৰতি বহাগত ধুমুহা বোৱাই দি যায়।


পৰশুৰাম কুণ্ডৰপৰা ধুবুৰীৰ বন্দৰলৈকে বিস্তাৰিত
সৌমাৰ, কামৰূপ আৰু বিশাল পৰ্বত-ভূমিৰ
ৰূপৱতী নায়িকা তাই।
তাই বৰদা, নীলপৰ্বতবাসিনী।
সুমথিবা, চাহনি, শালগছ,
মাটিৰ তলৰ পেট্ৰলৰ পাইপলাইন,
জুৰি, ডোঙ, ডেৰিক, নাম-ধৰা ভোৰতাল—
সকলো তাইৰ পাদপ্ৰদীপ :
আবিৰ্ভাৱৰ প্ৰতীক্ষাত দীপ্যমান।


আকৌ তায়ে বৰঘৰ শুৱনি।
তাঁতশালৰপৰা বেঙেনাবাবাৰীলৈকে খৰ-খেদা কৰি
তত নাইকিয়া
তাৰে পীৰ! পাৰি বহুৱাই
নিতৌ আগ বঢ়াই দিয়ে
খাৰ, টেঙা, মাটিমাহ আৰু আহুধানৰ ভাত।
সেই কেঁচুৱাকালত মাৰ স্তনবৃন্ত দাঁতত কামুৰি ধৰি
তাইক বিচাৰিছিলোঁ।
লালকাল টোপনিৰপৰা জগাই
যেতিয়া মাজনিশাৰ আকাশৰ সৈতে
চিনাকি কৰাই দিছিল দেউতাই—


এয়া ধ্ৰুৱনক্ষত্ৰ, কালপুৰুষ, সপ্তৰ্ষিমণ্ডল বুলি—
তায়ে অৰুন্ধতী হৈ আৰু অৰুন্ধতী তাই হৈ
অস্পষ্ট জলছবিৰ দৰে
মোৰ কৈশোৰৰ স্বপ্নালু চকুত
জিলিকি উঠিছিল।


আকৌ যৌৱনত মাঘবিহুৰ দোকমোকালিত
লুইতত গা ধুই উঠি
জবাকুসুমসঙ্কাশ উদয়সূৰ্য্যক সেৱা জনাওঁতে
মোৰ দেহোত্থিত প্ৰথম শিহৰণ
তৰঙ্গিত, উদ্বেলিত হৈ
মহাদিগন্তত তাইৰে ৰূপৰ সমুদ্ৰত মাৰ গৈছিল।


আজন্ম মই উত্তাল, উত্ৰাৱল হৈ ঘূৰি ফুৰিছোঁ
তাইৰ ভালপোৱা বিচাৰি।
মোৰ কামনাই বৰণ সলাইছে বহুবাৰ!
অৱশেহত ৰামধেনুৰ দৰে সাতৰঙৰ সাতবাহু মেলি
প্ৰথম মিলনৰজনীৰ অপেক্ষাৰ আকুলতা লৈ
সৌমাৰ, কামৰূপ আৰু পৰ্বতভূমিৰ বিশালতাক
সাৱটি ধৰিছোঁ।
কিন্তু মোৰ ঠেক বাহুৰ গণ্ডীৰপৰা
পিছলি, সৰকি গৈছে তাই।
সৌমাৰ, কামৰূপ আৰু পৰ্ব্বতভূমিৰ বিশালতা ও
তাইৰ বাবে সঙ্কীৰ্ণ।


সৰ্থেবাৰীৰ দৃঢ়বাহু কঁহাৰৰ ঘৰত,
লুইতেদি ভটিয়াই ইলীহ্ মাছ ধৰা নাৱৰীয়াৰ মেলত
পৰস্পৰৰ পিঠি খজুৱাই থকা
বজৰুৱা সাহিত্যিকৰ আড্ডাত,
ডেকাচাং, নামঘৰ, অলেখ নাম-নজনা গাঁও,
আনকি মৰিশালিতো
তাইৰ সন্ধান কৰিছিলোঁ।
কিন্তু ক'তো তাইৰ ভু পোৱা নাই।
মই যেন মহাকাশৰ কক্ষপথ থেদিফুৰা এক বাহু
আৰু তাই মোৰ হেৰাই যোৱা
বিয়াত্ৰিচে!


সাউদৰ ঘৰত তেজীমল৷ হৈ তায়ে উপজিছিল।
ঢেঁকীৰ খুন্দাত গুড়িগুড়ি হৈছিল
তাইব হাত, ভৰি, হৃদয়,—
গোটেই ছোৱালীজনী তাই।
তথাপি আকৌ
সেই চূৰ্ণবিচূৰ্ণ অস্থিমজ্জা আৰু
ৰক্তাক্ত মেখেলা-চাদৰৰপৰা,
অনিৰ্বাণ কণ্ঠস্বৰ আৰু চোতালৰ মাধুৰীফুলৰপৰা,
তাই, তেজীমলা,
পুনৰ্জন্ম পাই উঠি আহিছিল।
তাই, তেজীমলা, উঠি আহিছিল
মিঙিমহা বান্দুলাই অলেখ মানুহৰ শৱেৰে সজাই থৈ যোৱ!
চিতাখনৰপৰা।


নিৰাশাই মোক ছাটি ধৰিব নোৱাৰে,
(ৰাহুৰ ভাগৰ নাই )।
কিয়নো, তেজীমলা মৃত্যুহীনা,
কাল নিৰবধি,
পৃথ্বী বিপুলা।


মোৰ অনুভৱক অৱশ কৰি যেতিয়া বলিয়ালিৰ টিংখং
বাজি উঠিছিল,
বান্দুলাৰ তেজকণিকাবোৰ হঠাতে সাৰ পাই
আমাৰ ধমনীত এক অন্ধকাৰ
আলোড়নৰ সৃষ্টি কৰিছিল,
চুবুৰীয়া, মানুহ, ভাই... এইবোৰ শব্দ
অভিধানত থকা বুলিও ক'বৰ সাহ পোৱা নাছিলোঁ,
তেতিয়াও জানিছিলোঁ
তাইৰ কণ্ঠস্বৰ ক'ৰবাত ফুল হৈ ফুলি আছে।


যেতিয়া থঙাল মাহীমাকে
আশ্ৰিতা অকণমাণিৰ আঁচলত জলন্ত এঙাৰ বান্ধি দিছিল,
পগলাফাটেকৰপৰা সদ্যহতে ওলাই অহা
কোবাল, উত্তাল উন্মত্ততাই
ঘৰে ঘৰে গৈ ধানখেৰত পেট্ৰল সিঁচিছিল,
তেতিয়া ঘৃণা, খং আৰু অভিমানৰ বাষ্পেৰে
মোৰ চকুহাল অন্ধ হৈ গৈছিল।
কিন্তু পিছদিনাই
ভস্মীভূত গাঁও, নিৰাশ্ৰয় গঞা আৰু
ট্ৰিগাৰ-বলিয়া এচাম ডেকাৰ সৈতে
ময়ো বিস্মিত আৰু অভিভূত হৈ চালোঁ—
নকৈ পতা গাঁওবোৰৰ প্ৰতিখন বাৰীচুকত
তেজীমলা আকৌ লাউ, কোমোৰা, জলকীয়া হৈ গজিছে!


বহুৰূপিণী তাই
মোৰ সকলো কামনা-বাসনা, চিন্তাৰ কেন্দ্ৰবিন্দু।
তাই মানৱতাৰ তুলসীতলত জ্বলি থকা
মাটিৰ প্ৰদীপ।


কল্পনাত তাইৰ দুই তুঙ্গ স্তনৰ মাজডোখৰৰ শীতলতাত
মোৰ ভয়াৰ্ত, আনত মুখখন চেপি ধৰি
প্ৰাৰ্থনা জনাওঁ :
জ্বলাই থ, প্ৰিয়তমা, এই দীপ;
আঁচলেৰে ঢাকি ধুমুহা বজ্ৰপাতৰপৰা
বচাই ৰাখ্।


দিনে দিনে তাই মোৰ চেতনাত
আৰু ৰূপৱতী হ'ব ধৰিছে।
কামৰূপ, সৌমাৰ আৰু পৰ্ব্বতভূমিৰ নিঃসঙ্গতা পাৰ হৈ
পগলাদিয়া, মোমাইকটাগড় আৰু মধুপুৰ সত্ৰ এৰি আহি,
শ্ৰীমন্ত শঙ্কৰৰ মহৎ পদযাত্ৰাৰ বাটে বাটে,
তাই এতিয়া ভাৰতবৰ্ষৰ বিশালতা।
সুদুৰ ৰাজধানীৰ পাচমহলাৰ বাৰাণ্ডাত বহি
মৌচুমী মেঘৰ আগমনীত
তাইৰ আৰণ্যক, নিবিড় চুলিৰ গোন্ধ, পাই আছোঁ !
মোৰ হাতত থকা চাহৰ পিয়লাত
তাইৰে ওঁঠৰ মদিৰতা,
চুবুৰীয়াৰ চোতালত অৰ্কিডৰ নিঃশব্দ বর্ণালীত
তাইৰ উপস্থিতিৰ কোমলতা ।
মোৰ আকাঙ্ক্ষাৰ লৌহদলঙে লুইতমেখলা তাইৰ
কঁকাল বেঢ়ি ধৰিছে।
আৰু তাই


ক্রেন, প্লেন, গেছ টার্বাইন, ডেৰিক,
আকাশচাৰী হেলিকপ্টাৰ আৰু
মৌচুমী বৰষুণৰ ডবাপিটা সমাৰোহৰ মাজত
মোৰ ডিঙিত বৰমাল্য পিন্ধাবলৈ
স্বয়ংবৰা ৷