তোমালৈ/স্বয়ংবৰা
অৱয়ব
< তোমালৈ
- স্বয়ংবৰা
- মোৰ আমঠুৰ কোহে কোঁহে তাইৰ নাম লিখা।
- তাই-এ মনে মনে ধানৰ শিহত গাখীৰৰ কণ হৈ আহে,
- নেমুটেঙাৰ কোমল পাতত তাইৰে চেনেহৰ মসৃণতা,
- বৰদৈচিলা হৈ
- তায়ে প্ৰতি বহাগত ধুমুহা বোৱাই দি যায়।
- পৰশুৰাম কুণ্ডৰপৰা ধুবুৰীৰ বন্দৰলৈকে বিস্তাৰিত
- সৌমাৰ, কামৰূপ আৰু বিশাল পৰ্বত-ভূমিৰ
- ৰূপৱতী নায়িকা তাই।
- তাই বৰদা, নীলপৰ্বতবাসিনী।
- সুমথিবা, চাহনি, শালগছ,
- মাটিৰ তলৰ পেট্ৰলৰ পাইপলাইন,
- জুৰি, ডোঙ, ডেৰিক, নাম-ধৰা ভোৰতাল—
- সকলো তাইৰ পাদপ্ৰদীপ :
- আবিৰ্ভাৱৰ প্ৰতীক্ষাত দীপ্যমান।
- আকৌ তায়ে বৰঘৰ শুৱনি।
- তাঁতশালৰপৰা বেঙেনাবাবাৰীলৈকে খৰ-খেদা কৰি
- তত নাইকিয়া
- তাৰে পীৰ! পাৰি বহুৱাই
- নিতৌ আগ বঢ়াই দিয়ে
- খাৰ, টেঙা, মাটিমাহ আৰু আহুধানৰ ভাত।
- সেই কেঁচুৱাকালত মাৰ স্তনবৃন্ত দাঁতত কামুৰি ধৰি
- তাইক বিচাৰিছিলোঁ।
- লালকাল টোপনিৰপৰা জগাই
- যেতিয়া মাজনিশাৰ আকাশৰ সৈতে
- চিনাকি কৰাই দিছিল দেউতাই—
- এয়া ধ্ৰুৱনক্ষত্ৰ, কালপুৰুষ, সপ্তৰ্ষিমণ্ডল বুলি—
- তায়ে অৰুন্ধতী হৈ আৰু অৰুন্ধতী তাই হৈ
- অস্পষ্ট জলছবিৰ দৰে
- মোৰ কৈশোৰৰ স্বপ্নালু চকুত
- জিলিকি উঠিছিল।
- আকৌ যৌৱনত মাঘবিহুৰ দোকমোকালিত
- লুইতত গা ধুই উঠি
- জবাকুসুমসঙ্কাশ উদয়সূৰ্য্যক সেৱা জনাওঁতে
- মোৰ দেহোত্থিত প্ৰথম শিহৰণ
- তৰঙ্গিত, উদ্বেলিত হৈ
- মহাদিগন্তত তাইৰে ৰূপৰ সমুদ্ৰত মাৰ গৈছিল।
- আজন্ম মই উত্তাল, উত্ৰাৱল হৈ ঘূৰি ফুৰিছোঁ
- তাইৰ ভালপোৱা বিচাৰি।
- মোৰ কামনাই বৰণ সলাইছে বহুবাৰ!
- অৱশেহত ৰামধেনুৰ দৰে সাতৰঙৰ সাতবাহু মেলি
- প্ৰথম মিলনৰজনীৰ অপেক্ষাৰ আকুলতা লৈ
- সৌমাৰ, কামৰূপ আৰু পৰ্বতভূমিৰ বিশালতাক
- সাৱটি ধৰিছোঁ।
- কিন্তু মোৰ ঠেক বাহুৰ গণ্ডীৰপৰা
- পিছলি, সৰকি গৈছে তাই।
- সৌমাৰ, কামৰূপ আৰু পৰ্ব্বতভূমিৰ বিশালতা ও
- তাইৰ বাবে সঙ্কীৰ্ণ।
- সৰ্থেবাৰীৰ দৃঢ়বাহু কঁহাৰৰ ঘৰত,
- লুইতেদি ভটিয়াই ইলীহ্ মাছ ধৰা নাৱৰীয়াৰ মেলত
- পৰস্পৰৰ পিঠি খজুৱাই থকা
- বজৰুৱা সাহিত্যিকৰ আড্ডাত,
- ডেকাচাং, নামঘৰ, অলেখ নাম-নজনা গাঁও,
- আনকি মৰিশালিতো
- তাইৰ সন্ধান কৰিছিলোঁ।
- কিন্তু ক'তো তাইৰ ভু পোৱা নাই।
- মই যেন মহাকাশৰ কক্ষপথ থেদিফুৰা এক বাহু
- আৰু তাই মোৰ হেৰাই যোৱা
- বিয়াত্ৰিচে!
- সাউদৰ ঘৰত তেজীমল৷ হৈ তায়ে উপজিছিল।
- ঢেঁকীৰ খুন্দাত গুড়িগুড়ি হৈছিল
- তাইব হাত, ভৰি, হৃদয়,—
- গোটেই ছোৱালীজনী তাই।
- তথাপি আকৌ
- সেই চূৰ্ণবিচূৰ্ণ অস্থিমজ্জা আৰু
- ৰক্তাক্ত মেখেলা-চাদৰৰপৰা,
- অনিৰ্বাণ কণ্ঠস্বৰ আৰু চোতালৰ মাধুৰীফুলৰপৰা,
- তাই, তেজীমলা,
- পুনৰ্জন্ম পাই উঠি আহিছিল।
- তাই, তেজীমলা, উঠি আহিছিল
- মিঙিমহা বান্দুলাই অলেখ মানুহৰ শৱেৰে সজাই থৈ যোৱ!
- চিতাখনৰপৰা।
- নিৰাশাই মোক ছাটি ধৰিব নোৱাৰে,
- (ৰাহুৰ ভাগৰ নাই )।
- কিয়নো, তেজীমলা মৃত্যুহীনা,
- কাল নিৰবধি,
- পৃথ্বী বিপুলা।
- মোৰ অনুভৱক অৱশ কৰি যেতিয়া বলিয়ালিৰ টিংখং
- বাজি উঠিছিল,
- বান্দুলাৰ তেজকণিকাবোৰ হঠাতে সাৰ পাই
- আমাৰ ধমনীত এক অন্ধকাৰ
- আলোড়নৰ সৃষ্টি কৰিছিল,
- চুবুৰীয়া, মানুহ, ভাই... এইবোৰ শব্দ
- অভিধানত থকা বুলিও ক'বৰ সাহ পোৱা নাছিলোঁ,
- তেতিয়াও জানিছিলোঁ
- তাইৰ কণ্ঠস্বৰ ক'ৰবাত ফুল হৈ ফুলি আছে।
- মোৰ অনুভৱক অৱশ কৰি যেতিয়া বলিয়ালিৰ টিংখং
- যেতিয়া থঙাল মাহীমাকে
- আশ্ৰিতা অকণমাণিৰ আঁচলত জলন্ত এঙাৰ বান্ধি দিছিল,
- পগলাফাটেকৰপৰা সদ্যহতে ওলাই অহা
- কোবাল, উত্তাল উন্মত্ততাই
- ঘৰে ঘৰে গৈ ধানখেৰত পেট্ৰল সিঁচিছিল,
- তেতিয়া ঘৃণা, খং আৰু অভিমানৰ বাষ্পেৰে
- মোৰ চকুহাল অন্ধ হৈ গৈছিল।
- কিন্তু পিছদিনাই
- ভস্মীভূত গাঁও, নিৰাশ্ৰয় গঞা আৰু
- ট্ৰিগাৰ-বলিয়া এচাম ডেকাৰ সৈতে
- ময়ো বিস্মিত আৰু অভিভূত হৈ চালোঁ—
- নকৈ পতা গাঁওবোৰৰ প্ৰতিখন বাৰীচুকত
- তেজীমলা আকৌ লাউ, কোমোৰা, জলকীয়া হৈ গজিছে!
- বহুৰূপিণী তাই
- মোৰ সকলো কামনা-বাসনা, চিন্তাৰ কেন্দ্ৰবিন্দু।
- তাই মানৱতাৰ তুলসীতলত জ্বলি থকা
- মাটিৰ প্ৰদীপ।
- কল্পনাত তাইৰ দুই তুঙ্গ স্তনৰ মাজডোখৰৰ শীতলতাত
- মোৰ ভয়াৰ্ত, আনত মুখখন চেপি ধৰি
- প্ৰাৰ্থনা জনাওঁ :
- জ্বলাই থ, প্ৰিয়তমা, এই দীপ;
- আঁচলেৰে ঢাকি ধুমুহা বজ্ৰপাতৰপৰা
- বচাই ৰাখ্।
- দিনে দিনে তাই মোৰ চেতনাত
- আৰু ৰূপৱতী হ'ব ধৰিছে।
- কামৰূপ, সৌমাৰ আৰু পৰ্ব্বতভূমিৰ নিঃসঙ্গতা পাৰ হৈ
- পগলাদিয়া, মোমাইকটাগড় আৰু মধুপুৰ সত্ৰ এৰি আহি,
- শ্ৰীমন্ত শঙ্কৰৰ মহৎ পদযাত্ৰাৰ বাটে বাটে,
- তাই এতিয়া ভাৰতবৰ্ষৰ বিশালতা।
- সুদুৰ ৰাজধানীৰ পাচমহলাৰ বাৰাণ্ডাত বহি
- মৌচুমী মেঘৰ আগমনীত
- তাইৰ আৰণ্যক, নিবিড় চুলিৰ গোন্ধ, পাই আছোঁ !
- মোৰ হাতত থকা চাহৰ পিয়লাত
- তাইৰে ওঁঠৰ মদিৰতা,
- চুবুৰীয়াৰ চোতালত অৰ্কিডৰ নিঃশব্দ বর্ণালীত
- তাইৰ উপস্থিতিৰ কোমলতা ।
- মোৰ আকাঙ্ক্ষাৰ লৌহদলঙে লুইতমেখলা তাইৰ
- কঁকাল বেঢ়ি ধৰিছে।
- আৰু তাই
- ক্রেন, প্লেন, গেছ টার্বাইন, ডেৰিক,
- আকাশচাৰী হেলিকপ্টাৰ আৰু
- মৌচুমী বৰষুণৰ ডবাপিটা সমাৰোহৰ মাজত
- মোৰ ডিঙিত বৰমাল্য পিন্ধাবলৈ
- স্বয়ংবৰা ৷