তোমালৈ/মোৰ কবিতা
অৱয়ব
< তোমালৈ
- মোৰ কবিতা
- ড্ৰয়িং-ৰুমত বহি জুখি জুখি কথা পাতি থকা,
- বাহী পাহিটোকে লৈ ফুলদানীৰ ৰজনীগন্ধাৰ
- নখেৰে চিকুটি থাকি চেতাৰৰ টুঙটাঙ শুনা :
- দিয়ে মোক আমনিহে—বিষণ্ণতা বিফল সন্ধ্যাৰ
- তাতকৈ গধূলিত জুহালৰ কাষৰত বহি
- শুনিবলে' ভাল পাওঁ লাগবান্ধ-নোহোৱা কথাকে :
- ভদায়ে কিমান মাটি ৰুলে আৰু জিলালৈ গৈ
- টিঙপাত উলিয়ালে কি যাদুৰে গেলাৰ পিতাকে।
- চখ যাৰ কবিতাৰ কফিনত মমি হ'বলৈ
- চিনিপোৱা মুখ যাৰ ঢাক খায় ম’মৰ মুখাত
- কেতিয়াবা হাটৰুৱা মানুহৰ জাকত পৰিলে,
- তৰমুজমদ নাই তাৰ বাবে মোৰ কবিতাত।
- লুইতপৰীয়া সৌ নদীৱাল ল'ৰাটোৰ স'ত
- বাৰিষাৰ নাও মেলি লুইতকে কবিতা শুনাওঁ,
- থৰকৰৰক মাকো অকস্মাতে থৰ লাগি যায়
- তাঁতশাল শুৱনিলে' যেতিয়া কবিতা গাই যাওঁ।
- বেৰত জাপানী ছবি, ৰেডিঅ'ত ৰবীন্দ্ৰসঙ্গীত,
- আৰু কিছু পৰচৰ্চা — প্ৰাত্যহিক এই সীমাৰেখা
- পাৰ হৈ যাওঁ মই ধাননিৰ আলিয়ে আলিয়ে
- বৰ ভাল পাওঁ চাই কৃষকৰ কাঁচিখন বেঁকা।
- ধূপৰ ধোৱাৰ স'তে আকাশলে' উৰা মাৰিলেও
- খিৰিকীৰ পৰ্দাত আত্মা যাৰ ঠেক৷ খাই ফুৰে,
- ফুলৰ আকাঙ্ক্ষা যাৰ ফুলদানীত নিতৌ লেৰেলে,
- সুকীয়া পৃথিৱী মোৰ তাৰপৰা থাকে বহুদূৰে।
- অননিবননি কোনো চাহনিৰ সেউজী গলিত
- থিয় দি কবিতা গাওঁ পাতলাই নিৰিখৰ বোজা
- মিনিৰ পিঠিৰপৰা। মিনিহঁতে সপোনত দেখে
- বাংলোৰ দীপ খহি উজলায় লাইনৰ পঁজা।
- মোৰ পৃথিৱীত নাই কলাৱতী নগ্নতাৰ ভিৰ,
- কামনাৰে কুঁজী নাৰী নখ যাৰ তেজেৰে ৰাঙলী,
- নাই ব্যৰ্থ হুমুনিয়াহ। আছে প্ৰেম বলিষ্ঠ বাহুৰ
- ৰিহাত সংযম আৰু গাভৰুৰ চকুত বিজুলী।
- ঘৰৰ পাটীত শুই কপালত গীতাখন থৈ
- মৰিবৰ চখ যাব তাৰ বাবে পুতৌ ওপজে,
- বৰ মন যায় মোৰ মৃত্যুৰ ফেঁটত ভৰি মেলি
- ওথ পৰ্ব্বতৰ টিং বগাবলে' দৃপ্ত খোজে খোজে।
- স্বৰ্গত ৰুচি নাই, যাওঁ মই ভাটিখানালৈ,
- জুৱাৰী-মদাহী-বেশ্যা সিহঁতকে৷ মেলত গোটাই
- মনৰ চিতাৰ ছাই উৰুৱাই গাওঁ আশাৱৰী :
- আকাশত উৰা মাৰে জাকে জাকে ফিনিক্স চৰাই।