সমললৈ যাওক

তোমালৈ/মোৰ কবিতা

ৱিকিউৎসৰ পৰা

মোৰ কবিতা
ড্ৰয়িং-ৰুমত বহি জুখি জুখি কথা পাতি থকা,
বাহী পাহিটোকে লৈ ফুলদানীৰ ৰজনীগন্ধাৰ
নখেৰে চিকুটি থাকি চেতাৰৰ টুঙটাঙ শুনা :
দিয়ে মোক আমনিহে—বিষণ্ণতা বিফল সন্ধ্যাৰ


তাতকৈ গধূলিত জুহালৰ কাষৰত বহি
শুনিবলে' ভাল পাওঁ লাগবান্ধ-নোহোৱা কথাকে :
ভদায়ে কিমান মাটি ৰুলে আৰু জিলালৈ গৈ
টিঙপাত উলিয়ালে কি যাদুৰে গেলাৰ পিতাকে।


চখ যাৰ কবিতাৰ কফিনত মমি হ'বলৈ
চিনিপোৱা মুখ যাৰ ঢাক খায় ম’মৰ মুখাত
কেতিয়াবা হাটৰুৱা মানুহৰ জাকত পৰিলে,
তৰমুজমদ নাই তাৰ বাবে মোৰ কবিতাত।


লুইতপৰীয়া সৌ নদীৱাল ল'ৰাটোৰ স'ত
বাৰিষাৰ নাও মেলি লুইতকে কবিতা শুনাওঁ,
থৰকৰৰক মাকো অকস্মাতে থৰ লাগি যায়
তাঁতশাল শুৱনিলে' যেতিয়া কবিতা গাই যাওঁ।


বেৰত জাপানী ছবি, ৰেডিঅ'ত ৰবীন্দ্ৰসঙ্গীত,
আৰু কিছু পৰচৰ্চা — প্ৰাত্যহিক এই সীমাৰেখা
পাৰ হৈ যাওঁ মই ধাননিৰ আলিয়ে আলিয়ে
বৰ ভাল পাওঁ চাই কৃষকৰ কাঁচিখন বেঁকা।
ধূপৰ ধোৱাৰ স'তে আকাশলে' উৰা মাৰিলেও
খিৰিকীৰ পৰ্দাত আত্মা যাৰ ঠেক৷ খাই ফুৰে,
ফুলৰ আকাঙ্ক্ষা যাৰ ফুলদানীত নিতৌ লেৰেলে,
সুকীয়া পৃথিৱী মোৰ তাৰপৰা থাকে বহুদূৰে।


অননিবননি কোনো চাহনিৰ সেউজী গলিত
থিয় দি কবিতা গাওঁ পাতলাই নিৰিখৰ বোজা
মিনিৰ পিঠিৰপৰা। মিনিহঁতে সপোনত দেখে
বাংলোৰ দীপ খহি উজলায় লাইনৰ পঁজা।


মোৰ পৃথিৱীত নাই কলাৱতী নগ্নতাৰ ভিৰ,
কামনাৰে কুঁজী নাৰী নখ যাৰ তেজেৰে ৰাঙলী,
নাই ব্যৰ্থ হুমুনিয়াহ। আছে প্ৰেম বলিষ্ঠ বাহুৰ
ৰিহাত সংযম আৰু গাভৰুৰ চকুত বিজুলী।


ঘৰৰ পাটীত শুই কপালত গীতাখন থৈ
মৰিবৰ চখ যাব তাৰ বাবে পুতৌ ওপজে,
বৰ মন যায় মোৰ মৃত্যুৰ ফেঁটত ভৰি মেলি
ওথ পৰ্ব্বতৰ টিং বগাবলে' দৃপ্ত খোজে খোজে।


স্বৰ্গত ৰুচি নাই, যাওঁ মই ভাটিখানালৈ,
জুৱাৰী-মদাহী-বেশ্যা সিহঁতকে৷ মেলত গোটাই
মনৰ চিতাৰ ছাই উৰুৱাই গাওঁ আশাৱৰী :
আকাশত উৰা মাৰে জাকে জাকে ফিনিক্স চৰাই।