সমললৈ যাওক

তোমালৈ/ভালুকপুঙ

ৱিকিউৎসৰ পৰা

ভালুকপুঙ
টেবুলঘড়ীৰে জীৱন কিমান
জুখিবা আৰু!
তাতকৈ বাৰু, এবাছ বোজাই
আমি গৈ থাকো গীত গাই গাই
ঘন বননিৰ ধিয়ান ভাঙি :
ভালুকপুঙ!
বৰষুণ নাই, আজি জিলমিল
ৰ'দহে আছে!
মেলি দি ৰ'দত চুলি বননিয়ে
কাচোন কাচে ।
শেলুৱৈয়ে-ঢকা গছৰ বুকুৰ,
কপৌফুল—
বুটলিব। যদি
ব'লা যাওঁ আমি, ভালুকপুঙ!
ঔ টেঙাবোৰ সৰি সৰি পৰে
গছৰ পৰা,
শিলঘৰীয়াই খলকনি তুলি
বাগৰ মাৰে।
এবাছ আলহী আহি পাব বুলি
ৰঙমনে
শিলৰ চকীত আউজি বহিল
ভালুকপুঙ ।

.

পানী ছটিয়াই হাঁহি মাৰি দিয়ে
ভৰলী ভনী।
ভৰলী তেনেই খৰখেদা যেন
ছোৱালীজনী!
খং উঠে যদি
একোকে নমনি
পাৰৰ গছকো চুলি ধৰি তাই
নিয়ে উটুৱাই।


আজি খেলিমেলি এবাছ ধেমালি
বালি চাপৰিত ওপঙি ফুৰে,
খেনোৱে মিছাতে শিল দলিয়ায়,
খেনোৰে ৰঙেৰে বিহু-ঢোল বায়,
সিজা মাংসৰ গোন্ধ-মধুৰ
আজি অপৰূপ
ভালুকপুঙ্।


বালিভাত খাই আমি দলেবলে
জিৰণীয়া মৌ উভতি আহোঁ,
এৰা কলপাত গাখীৰৰ টিন্‌
তাতে থাকে।
কেলেণ্ডাৰৰ আৰু এটি পাত
সুলকি পৰে,
বালিৰ পাটীত ইচাট-বিচাট-
ভালুকপুঙ।


গম্ গম্ ৰাতি হঠাতে ওলাই
বনৰজাই
গোজৰণি মাৰি বতাহৰ গোন্ধ
থমকি শুঙে :
পানী খাই থকা শুকান জিভাত
চপ্-চপ্-চপ্ ....
শুনি সাৰ পায় ৰাতিৰ যখিনী
ভালুকপুঙ।


অৰণ্যখন ভালুকপুঙৰ
হেজাৰ চকুত জুই জ্বলে,
বালিভাত খায় নিশাচৰ যত
জন্তুদলে।
বাঘ, সাপৰ, ফেঁচাৰ বিকট
ঐক্যতান
শুনি শালনিৰ ডাঠ বুকুখনো
শিয়ঁৰি উঠে ৷
ডিঙিৰ ৰিঙিত হা হা হাঁহি ভৰা
ভঙুৱা ভকত অকাপাহাৰ !
হা হা কৰি হাঁহে পূৰ্ণসেৱাৰ
ঘাই বাইলুঙ ।
কেঁচা মঙহৰ গোন্ধ-বলিয়া
ৰাতিৰ জয়াল
ভালুকপুঙ ৷৷