তোমালৈ/প্রার্থনা : ১০ জানুৱাৰী ১৯৬৬
অৱয়ব
< তোমালৈ
- প্ৰাৰ্থনা : ১০ জানুৱাৰী ১৯৬৬
- হম হম এন্ধাৰত
- সিহঁতে পৰম্পৰলৈ ঘৃণা দলিয়াই দিছিল।
- কেঁচা ক্ষতমুখৰপৰা ওলোৱা তেজৰ সোঁতত
- সিহঁতৰ দুযোৰ চকু বুৰি গৈছিল।
- আতংকৰ কুণ্ডুত থিয় দি
- সিহঁতে পৰস্পৰক আতংকিত কৰিব খুজিছিল।
- দুযোৰ চকুৰ জ্যোতি
- ঘৃণাৰ কুণ্ডত লুটি-পুটি খাই
- নুমাই গৈছিল।
- হেজাৰ-বিজাৰ কণ্ঠত
- আৰ্তনাদ, চিৎকাৰ আৰু গালি-শপনি।
- মানবিক কণ্ঠস্বৰৰ ভগ্নাবশেষবোৰে
- এন্ধাৰৰ সমুদ্ৰ সাঁতুৰি পাৰ হব ধৰিলে।
- কাণপাতি শুনিলে সিহঁতে।
- অৱশেষত গম পালে
- একেইতো চিনাকি মাত সিহঁতৰ;
- বেদনাৰ, আতংক, দেশপ্ৰেমৰ।
- সিহঁত কেঁচুৱা কালত
- একেইজনী মাকৰ পিয়াহ খাইছিল।
- বতাহত ভাহিছে যে ভাইটোৰ মাত!
- ৰণক্ষেত্ৰত আঁঠু কাঢ়ি প্ৰভাতৰ বাবে প্ৰাৰ্থনা জনালে সিহঁতে,
- কিয়নো, ৰাতি পুৱালে
- আচল শত্ৰুক চিনি পাব
- আৰু পঢ়িব পাৰিব ভাইটোৰ মুখত লিখা
- জীয়াই থকাৰ পাণ্ডুলিপি।