সমললৈ যাওক

তোমালৈ/প্রার্থনা : ১০ জানুৱাৰী ১৯৬৬

ৱিকিউৎসৰ পৰা

প্ৰাৰ্থনা : ১০ জানুৱাৰী ১৯৬৬
হম হম এন্ধাৰত
সিহঁতে পৰম্পৰলৈ ঘৃণা দলিয়াই দিছিল।
কেঁচা ক্ষতমুখৰপৰা ওলোৱা তেজৰ সোঁতত
সিহঁতৰ দুযোৰ চকু বুৰি গৈছিল।
আতংকৰ কুণ্ডুত থিয় দি
সিহঁতে পৰস্পৰক আতংকিত কৰিব খুজিছিল।
দুযোৰ চকুৰ জ্যোতি
ঘৃণাৰ কুণ্ডত লুটি-পুটি খাই
নুমাই গৈছিল।


হেজাৰ-বিজাৰ কণ্ঠত
আৰ্তনাদ, চিৎকাৰ আৰু গালি-শপনি।
মানবিক কণ্ঠস্বৰৰ ভগ্নাবশেষবোৰে
এন্ধাৰৰ সমুদ্ৰ সাঁতুৰি পাৰ হব ধৰিলে।
কাণপাতি শুনিলে সিহঁতে।
অৱশেষত গম পালে
একেইতো চিনাকি মাত সিহঁতৰ;
বেদনাৰ, আতংক, দেশপ্ৰেমৰ।
সিহঁত কেঁচুৱা কালত
একেইজনী মাকৰ পিয়াহ খাইছিল।
বতাহত ভাহিছে যে ভাইটোৰ মাত!
ৰণক্ষেত্ৰত আঁঠু কাঢ়ি প্ৰভাতৰ বাবে প্ৰাৰ্থনা জনালে সিহঁতে,
কিয়নো, ৰাতি পুৱালে
আচল শত্ৰুক চিনি পাব
আৰু পঢ়িব পাৰিব ভাইটোৰ মুখত লিখা
জীয়াই থকাৰ পাণ্ডুলিপি।